Home » দশম শ্ৰেণীৰ বিজ্ঞান » পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ – SEBA Class 10 Science Chapter 10 question Answer in Assamese

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ – SEBA Class 10 Science Chapter 10 question Answer in Assamese

SEBA Class 10 Science Chapter 10 question Answer in Assamese | পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | Chapter 10 | Class 10 Science Solution Assam | SEBA Class 10 Science Answer

দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ১০ নং অধ্যায় “পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ”ৰ সকলো পাঠভিত্তিক আৰু অনুশীলনীৰ প্ৰশ্নোত্তৰ, তলত পুনৰবাৰ সুন্দৰকৈ সজাই আগবঢ়ালো।

পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ

পাঠভিত্তিক প্ৰশ্নোত্তৰ

Winter Sale

পৃষ্ঠা নং – ১৬৮ (Page 168 in book)

প্ৰশ্নাৱলী (Questions)

প্ৰশ্ন ১: অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া।
উত্তৰ: মুখ্য অক্ষৰ সমান্তৰালভাৱে আহি অৱতল দাপোণত আপতিত হোৱা পোহৰ ৰশ্মিবোৰ, প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো নিৰ্দিষ্ট বিন্দুত মিলিত হয়, সেই বিন্দুটোকে অৱতল দাপোণৰ মুখ্য ফ’কাছ বোলা হয়।

প্ৰশ্ন ২: গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান?
উত্তৰ:
আমি জানো যে, ফ’কাছ দৈৰ্ঘ্য (f) = ভাঁজ ব্যাসাৰ্ধ (R) / 2
দিয়া আছে, R = 20 cm
গতিকে, f = 20 cm / 2 = 10 cm
দাপোণখনৰ ফ’কাছ দৈৰ্ঘ্য হ’ব 10 cm।

প্ৰশ্ন ৩: এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।
উত্তৰ: অৱতল দাপোণ। যেতিয়া লক্ষ্যবস্তু দাপোণৰ মেৰু (P) আৰু মুখ্য ফ’কাছ (F)ৰ মাজত ৰখা হয়, তেতিয়া অৱতল দাপোণে থিয় আৰু বিবৰ্ধিত অসৎ প্ৰতিবিম্ব গঠন কৰে।

প্ৰশ্ন ৪: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয়?
উত্তৰ: গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয় কাৰণ:

  1. ই সদায় থিয় আৰু সৰু প্ৰতিবিম্ব গঠন কৰে।
  2. ইয়াৰ দৃষ্টিক্ষেত্ৰ (field of view) বহল, যাৰ ফলত চালকে পিছফালৰ এক বৃহৎ অঞ্চল দেখিবলৈ পায়।

পৃষ্ঠা নং – 171

প্ৰশ্নাৱলী (Questions)

প্ৰশ্ন ১: 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।
উত্তৰ: দিয়া আছে, ভাঁজ ব্যাসাৰ্ধ (R) = +32 cm (উত্তল দাপোণৰ বাবে R ধনাত্মক)
ফ’কাছ দৈৰ্ঘ্য (f) = R / 2
= 32 / 2
= 16 cm
গতিকে, ফ’কাছ দৈৰ্ঘ্য হ’ব +16 cm।

প্ৰশ্ন ২: অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি?
উত্তৰ:
দিয়া আছে, বিবৰ্ধন (m) = -3 (সৎ প্ৰতিবিম্বৰ বাবে বিবৰ্ধন ঋণাত্মক)
লক্ষ্যবস্তুৰ দূৰত্ব (u) = -10 cm
আমি জানো যে, m = -v/u
বা, -3 = -v / (-10)
বা, -3 = v / 10
বা, v = -30 cm
গতিকে, প্ৰতিবিম্বটো দাপোণৰ সন্মুখত 30 cm দূৰত্বত গঠন হ’ব।


পৃষ্ঠা নং – 176

প্ৰশ্নাৱলী (Questions)

প্ৰশ্ন ১: পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেঁকা হ’ব? কিয়?
উত্তৰ: পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ’ব।
কাৰণ: পোহৰ যেতিয়া লঘুতৰ মাধ্যম (বায়ু)ৰ পৰা ঘনতৰ মাধ্যমলৈ (পানী) যায়, তেতিয়া ইয়াৰ গতি কমি যায় আৰু ই উলম্বৰ ফালে বেঁকা হয়।

প্ৰশ্ন ২: পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ’ব? শূন্যত পোহৰৰ দ্ৰুতি 3 x 10⁸ m প্ৰতি ছেকেণ্ড।
উত্তৰ:
দিয়া আছে, প্ৰতিসৰণাংক (n) = 1.5
শূন্যত পোহৰৰ দ্ৰুতি (c) = 3 x 10⁸ m/s
আমি জানো যে, n = c / v (য’ত v হ’ল কাঁচত পোহৰৰ দ্ৰুতি)
গতিকে, v = c / n
= (3 x 10⁸ m/s) / 1.5
= 2 x 10⁸ m/s
কাঁচত পোহৰৰ দ্ৰুতি হ’ব 2 x 10⁸ m/s।

প্ৰশ্ন ৩: তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।
উত্তৰ:

  • সৰ্বোচ্চ আলোকী ঘনত্ব: হীৰা (প্ৰতিসৰণাংক 2.42)
  • আটাইতকৈ কম আলোকী ঘনত্ব: বায়ু (প্ৰতিসৰণাংক 1.0003)

প্ৰশ্ন ৪: তোমাক কেৰাচিন, টাৰপেন্টাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।
উত্তৰ: পানী।
কাৰণ: যি মাধ্যমৰ প্ৰতিসৰণাংক আটাইতকৈ কম, সেই মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হয়। তালিকা অনুসৰি, পানীৰ প্ৰতিসৰণাংক (1.33) কেৰাচিন (1.44) আৰু টাৰপেন্টাইন (1.47) তকৈ কম।

প্ৰশ্ন ৫: হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অৰ্থ কি?
উত্তৰ: এই উক্তিটোৰ অৰ্থ হ’ল যে শূন্যত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 2.42। অৰ্থাৎ, হীৰাত পোহৰৰ গতি শূন্যতকৈ 2.42 গুণ কম।


পৃষ্ঠা নং – 184

প্ৰশ্নাৱলী (Questions)

প্ৰশ্ন ১: লেন্‌ছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।
উত্তৰ: 1 মিটাৰ ফ’কাছ দৈৰ্ঘ্যৰ লেন্‌ছ এখনৰ ক্ষমতাক 1 ডায়’প্টাৰ (D) বোলা হয়।

প্ৰশ্ন ২: উত্তল লেন্‌ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত ক’ত ৰখা হৈছিল ? ইয়াৰ ক্ষমতা নির্ণয় কৰা। 
উত্তৰ: লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা 50 cm দূৰত্বত ৰখা হৈছিল।
কাৰণ: যেতিয়া উত্তল লেন্‌ছত প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেতিয়া লক্ষ্যবস্তুটো 2F দূৰত্বত ৰখা হয় আৰু প্ৰতিবিম্বটোও আনফালে 2F দূৰত্বত গঠন হয়। যিহেতু প্ৰতিবিম্বৰ দূৰত্ব (v) = 50 cm, গতিকে লক্ষ্যবস্তুৰ দূৰত্বও (u) 50 cm হ’ব।

ইয়াৰ ক্ষমতা:

class 10 science lesson 10

প্ৰশ্ন ৩: 2 m ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।
উত্তৰ: দিয়া আছে, ফ’কাছ দৈৰ্ঘ্য (f) = -2 m (অৱতল লেন্‌ছৰ বাবে f ঋণাত্মক)
ক্ষমতা (P) = 1/f
= 1 / (-2)
= -0.5 D
লেন্‌ছখনৰ ক্ষমতা হ’ব -0.5 ডায়’প্টাৰ।

অনুশীলনী

পৃষ্ঠা নং – 185

প্ৰশ্ন ১: তলত দিয়া কোনটো পদাৰ্থ লেন্‌ছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি?
(d) মৃত্তিকা (clay)

প্ৰশ্ন ২: অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব?
(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

প্ৰশ্ন ৩: লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব?
(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত।

প্ৰশ্ন ৪: এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেন্‌ছ প্ৰত্যেকৰে ফ’কাছ দৈৰ্ঘ্য -15 cm। দাপোণ আৰু লেন্‌ছৰ প্ৰকৃতি কেনেকুৱা হ’ব পাৰে?
(a) দুয়োখন অৱতল।

প্ৰশ্ন ৫: দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে?
(d) হয় সমতল নতুবা উত্তল।

প্ৰশ্ন ৬: অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্‌ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?
(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছ। (কাৰণ কম ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্‌ছে অধিক বিবৰ্ধন দিয়ে)।

প্ৰশ্ন ৭: 15 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছোঁ। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্ৰ আঁকা।
উত্তৰ:

  • লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ: 0 cm ৰ পৰা 15 cm ৰ ভিতৰত (অৰ্থাৎ মেৰু আৰু ফ’কাছৰ মাজত)।
  • প্ৰতিবিম্বৰ প্ৰকৃতি: অসৎ আৰু থিয়।
  • প্ৰতিবিম্বৰ আকাৰ: লক্ষ্যবস্তুতকৈ ডাঙৰ (বিবৰ্ধিত)।
  • ৰশ্মিচিত্ৰ:

প্ৰশ্ন ৮: তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা —
(a) গাড়ীৰ হেডলাইট: অৱতল দাপোণ।
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ: উত্তল দাপোণ।
(c) সৌৰ ভাঁতী: অৱতল দাপোণ।

প্ৰশ্ন ৯: উত্তল লেন্‌ছ এখনৰ অৰ্ধাংশ ক’লা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেন্‌ছনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিপन्न কৰা। তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা।
উত্তৰ: হয়, লেন্‌ছখনে সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব।
কাৰণ: লক্ষ্যবস্তুৰ প্ৰতিটো বিন্দুৰ পৰা অহা অসংখ্য ৰশ্মি লেন্‌ছৰ মাজেৰে প্ৰতিসৰিত হয়। অৰ্ধাংশ ঢাকি দিলেও, বাকী অৰ্ধাংশৰ মাজেৰে অহা ৰশ্মিবোৰেও প্ৰতিবিম্ব গঠন কৰিব। কিন্তু, যিহেতু কম সংখ্যক ৰশ্মিয়েহে প্ৰতিবিম্ব গঠন কৰিব, সেয়েহে প্ৰতিবিম্বটোৰ উজ্জ্বলতা কমি যাব।

প্ৰশ্ন ১০: 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাছ দৈৰ্ঘ্যৰ অভিসাৰী লেন্‌ছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
উত্তৰ: দিয়া আছে, লক্ষ্যবস্তুৰ আকাৰ, h = +5 cm
ফ’কাছ দৈৰ্ঘ্য, f = +10 cm (অভিসাৰী বা উত্তল লেন্‌ছৰ বাবে f ধনাত্মক)
লক্ষ্যবস্তুৰ দূৰত্ব, u = -25 cm

এতিয়া বিবৰ্ধনৰ সূত্ৰ ব্যৱহাৰ কৰি,

class 10 science lesson 10 l
  • অৱস্থান: +16.7 cm (লেন্‌ছৰ আনফালে)
  • আকাৰ: -3.3 cm (ওলোটা আৰু সংকুচিত)
  • প্ৰকৃতি: সৎ আৰু ওলোটা
  • ৰশ্মিচিত্ৰ:
class 10 science lesson 10 4

প্ৰশ্ন ১১: 15 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্‌ছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেন্‌ছৰ পৰা কিমান দূৰত্বত আছে? ৰশ্মিচিত্ৰ আঁকা।
সমাধান:দিয়া আছে, ফ’কাছ দৈৰ্ঘ্য, f = -15 cm (অৱতল লেন্‌ছৰ বাবে f ঋণাত্মক) প্ৰতিবিম্বৰ দূৰত্ব, v = -10 cm (অৱতল লেন্‌ছে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে, যিটো লক্ষ্যবস্তুৰ ফালেই থাকে)

লেন্‌ছৰ সূত্ৰ ব্যৱহাৰ কৰি,


ৰশ্মিচিত্ৰ: (শিক্ষাৰ্থীয়ে লক্ষ্যবস্তু 2F₁ ত ৰাখি ৰশ্মিচিত্ৰ আঁকিব, য’ত প্ৰতিবিম্ব 2F₂ ত গঠন হয়)।

প্ৰশ্ন ১২: 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্বত বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
উত্তৰ: দিয়া আছে, ফ’কাছ দৈৰ্ঘ্য, f = 15 cm
লক্ষ্যবস্তুৰ দূৰত্ব, u = -10 cm

class 10 science lesson 10 9
  • অৱস্থান: +6 cm (দাপোণৰ পিছফালে)
  • প্ৰকৃতি: অসৎ আৰু থিয়।

প্ৰশ্ন ১৩: সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি?
উত্তৰ: ইয়াৰ অৰ্থ হ’ল যে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান (m=1) আৰু প্ৰতিবিম্বটো অসৎ আৰু থিয় (+ চিহ্নই বুজায়)।

প্ৰশ্ন ১৪: 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।
উত্তৰ:

class 10 science lesson 10 7

প্রতিবিম্ব দাপােণৰ পিছফালে দাপােণৰ পৰা 8.57cm দূৰত গঠিত হ’ব। ই অসৎ আৰু থিয় হ’ব।
এতিয়া,

class 10 science lesson 10 7

প্রতিবিম্বৰ আকাৰ = 2.2cm

  • অৱস্থান: +8.57 cm (দাপোণৰ পিছফালে)
  • প্ৰকৃতি: অসৎ আৰু থিয়
  • আকাৰ: +2.2 cm (সংকুচিত)

প্ৰশ্ন ১৫: 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
উত্তৰ:

ইয়াত,
h=7cm
u = 27cm
f = – 18cm
h’ =?
v=?
আমি জানাে যে,

class 10 science lesson 10 7

দাপােণৰ সন্মুখত 54cm দূৰত পর্দাখন ৰাখিব লাগিব।

আকৌ,

প্রতিবিম্ব সৎ, আৰু ওলোটা, লক্ষ্যবস্তুতকৈ ডাঙৰ। প্রতিবিম্বৰ আকৃতি = -14 চেঃমিঃ

  • পৰ্দাৰ অৱস্থান: -54 cm (দাপোণৰ সন্মুখত)
  • আকাৰ: -14 cm (বিবৰ্ধিত)
  • প্ৰকৃতি: সৎ আৰু ওলোটা।

প্ৰশ্ন ১৬: -2.0 D ক্ষমতাৰ লেন্‌ছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান? লেন্‌ছখনৰ প্ৰকৃতি কেনেকুৱা?
উত্তৰ:

ইয়াত, লেন্‌ছ খনৰ ক্ষমতা

প্রকৃতি  অৱতল লেন্স যিহেতু ফ’কাছ দৈর্ঘ্য ঋণাত্মক

  • ফ’কাছ দৈৰ্ঘ্য: -0.50 m
  • প্ৰকৃতি: অৱতল লেন্‌ছ।

প্ৰশ্ন ১৭: ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্‌ছৰ ক্ষমতা +1.5D। লেন্‌ছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা। এই লেন্‌ছখন অভিসাৰী নে অপসাৰী?
উত্তৰ:

ইয়াত, লেখনৰ ক্ষমতা (P) = + 1.5D
আমি জানাে যে,

যিহেতু ক্ষমতা ধনাত্মক, গতিকে লেখন অভিসাৰী

  • ফ’কাছ দৈৰ্ঘ্য: +0.67 m
  • প্ৰকৃতি: অভিসাৰী (উত্তল) লেন্‌ছ।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.