বংশগতি আৰু ক্ৰমবিকাশ {গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯

বংশগতি আৰু ক্ৰমবিকাশ
বিষয় (Subject)  বিজ্ঞান
মাধ্যম অসমীয়া
পাঠৰ নাম বংশগতি আৰু ক্ৰমবিকাশ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ৯
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

বংশগতি আৰু ক্ৰমবিকাশ দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

১। যদি অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা কোনাে এটা প্রজাতিৰ জনসংখ্যাৰ “A” চাৰিত্রিক বৈশিষ্ট্য পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্রিক বৈশিষ্ট্যৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্রিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল?
উ : “B” চাৰিত্রিক বৈশিষ্ট্যযুক্ত প্রজাতিটোৰ আগতীয়াকৈ উৎপত্তি হৈছিল বুলি ধৰিব পাৰি। কিয়নাে B চাৰিত্রিক বৈশিষ্ট্য 60%

২। এটা প্রজাতিত সৃষ্টি হােৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বৰ্তাই ৰাখে ?
উ : এটা প্রজাতিত ভিন্ন ভিন্ন প্ৰকাৰণ হয় যদিও সকলো প্রকাৰণ জীয়াই থাকে। প্রকৃতিত সৃষ্টি হােৱা জীৱবিলাকৰ বৈসাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি জীরবিলাকে বিভিন্ন পদ্ধতি গ্রহণ কৰে। যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবােৰৰ ওপৰেৰে গৰম বতাহ প্রবাহিত হলেও সিহঁত জীয়াই থাকিবলৈ সক্ষম। আনহাতে, যিবিলাক বেক্টেৰিয়াই এনেদৰে প্ৰকাৰণ নহয় সেইবিলাকৰ উষ্ণতা বৃদ্ধিত মৃত্যু হয়।

৩। মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্রমিকভাবে প্রবাহিত চৰিত্ৰবিলাকৰ কোনটো প্রভাবী আৰু কোনটো অপ্ৰভাৱী তাক কেনেকৈ নির্ণয় কৰিছিল?
উঃ মেণ্ডেলে পৈতৃিক জনুৰ বাবে বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ মটৰ মাহৰ গছ নির্বাচন কৰি লৈছিল। পিছত মেণ্ডেলে গছবােৰৰ ওপৰত সংকৰণ পৰীক্ষা চলাইছিল। পৰীক্ষাত তেওঁ প্রথম অপত্য জনুত (F1) কেৱল ওখ গছ (প্রভাৱী) আৰু দ্বিতীয় অপত্য জনুত (F2) তেওঁ ওখ আৰু চাপৰ দুয়াে ধৰণৰ গছ পাইছিল। ইয়াত চাপৰ গুণটো প্রকাশ নােহােৱাৰ বাবে অপ্ৰভাৱী কোৱা হয়। দ্বিতীয় অপত্য জনুত পােৱা অনুপাত আছিল 3:11 তলৰ চিত্ৰত দেখুওৱা হ’ল।
class 10 science lesson 9
প্রথম অপত্য জনুত (F1) ওখ আৰু চাপৰ দুয়ােধৰণৰ চাৰিত্রিক বৈশিষ্ট্য থাকিলেহে দ্বিতীয় অপত্য জনুত ওখ আৰু চাপৰ দুয়োধৰণৰ গছ পােৰা সম্ভৱ। গতিকে প্রথম অপত্য জনুত (F) ওখ চাৰিত্রিক বৈশিষ্ট্যটো প্রভাৱী আৰু চাপৰ চাৰিত্রিক বৈশিষ্ট্যটো অপ্ৰভাৱী হয়।

৪। মেণ্ডেলে তেখেতৰ পৰীক্ষাৰ যােগেদি বংশানুক্রমিকভাৱে প্রবাহিত চৰিত্ৰবিলাক স্বতন্ত্রভাৱে প্রবাহিত হয় বুলি কেনেকৈ নির্ণয় কৰিছিল ?
উঃ মেণ্ডেলে এজোপা বিশুদ্ধ ওখ আৰু এজোপা চাপৰ মটমাহ গছৰ মাজত সংকৰণ ঘটাইছিল। পৰীক্ষাত তেওঁ F1, জনুত অকল ওখ মটৰমাহ উদ্ভিদ পাইছিল। আকৌ, মেণ্ডেলে ওখ মটৰমাহ আৰু চাপৰ মটৰমাহ উদ্ভিদৰ লগত সংকৰণ ঘটোৱাৰ পিছত F2, জনুত ওখ আৰু চাপৰ গছ পাইছিল। ইয়াৰ অনুপাত 3:1 পাইছিল। এই পৰীক্ষাৰ পৰা দেখা যায় যে বিশেষ লক্ষণ বা বৈশিষ্ট্যবােৰ বংশনুক্রমিক সূত্রে স্বতন্ত্রভাৱে প্রবাহিত হয়।

৫। “A” গ্রুপৰ তেজৰ মানুহ এজনে “O” গ্রুপ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছােৱালীৰ তেজৰ গ্রুপ “O”। এই তথ্যৰ পৰা গ্রুপৰ কোনটো প্ৰভাৱী তাক ঠাৱৰ কৰিব পাৰিবনে? যদি পাৰা কেনেকৈ আৰু যদি নােৱাৰা কিয় নােৱাৰা?
উঃ ‘A’ প্ৰভাৱী নে ‘O’ প্রভাৱী তাৰ যথেষ্ট তথ্য দিয়া হােৱা নাই। আনহাতে সকলাে সন্তানৰ তেজৰ গ্রুপৰ বিষয়ে আমি নাজানাে।

৫। মানুহৰ লিঙ্গ কেনেকৈ নিৰ্ধাৰিত হয়? প্রয়ােজনীয় সৈতে ব্যাখ্যা কৰা।
উঃ মানুহৰ লিঙ্গ নির্ধাৰণৰ ক্ষেত্ৰত মানুহৰ 23 নং ক্রম’জমযােৰ দায়ী। পুৰুষৰ লিঙ্গ নির্ণয়কাৰী ক্রম’জমযােৰ হ’ল XY আৰু মহিলাৰ XX । প্রজননৰ সময়ত জনন কোষ গঠন কৰােতে পুৰুষৰ শুক্রাণুত X আৰু Y ক্রম’জম বেলেগে বেলেগে চালিত হয়। আকৌ মহিলাৰ ডিম্বাণুত X আৰু X ক্রম’জম সৃষ্টি হয়। প্রজননৰ সময়ত পুৰুষৰ শুক্রাণু গৈ মহিলাৰ ডিম্বাণুৰ লগত মিলিত হওঁতে যদি পুৰুষৰ X ক্রম’জমে মহিলাৰ X ক্রম’জমৰ লগত মিলিত হয় তেন্তে XX যােজন কোষ সৃষ্টি হয়। আকৌ পুৰুষৰ Y ক্রম’জম যদি মহিলাৰ X ক্রম’জম লগত মিলিত হয় তেন্তে XY যােজন কোষ সৃষ্টি হয়। XX মােজন কোষ বিকশিত হলে ছােৱালী সন্তান আৰু XY যােজন কোষ বিকশিত হলে ল’ৰা সন্তান জন্ম হয়। এনেদৰেই মানুহৰ ক্ষেত্ৰত লিঙ্গ নির্ধাৰিত হয়।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯

৭। কি কি প্রকাৰে কোনাে এটা জীৱৰ নিৰ্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্যতাৰ জনসংখ্যা ক্রমাগতভাৱে বাঢ়ি যায়?
উ : কোনাে এটা জীৱৰ নিৰ্দিষ্ট চাৰিত্রিক বৈশিষ্ট্য এটা তাৰ জনসংখ্যা বাঢ়ি যােৱাৰ বিভিন্ন প্রকাৰ হ’ল—
(ক) প্রাকৃতিক নির্বাচনঃ যেতিয়া এটা প্রকৰণে তাৰ বিশেষ বৈশিষ্ট্যই প্রজাতি এটা ভৱিষ্যতলৈ বাচি থকাত সহায় কৰে।
(খ) জিনীয় প্রভাৱ : যেতিয়া কোনাে এটা জিনে এটা বিশেষ প্রজাতিত প্ৰভাৱ বিস্তাৰক হয়।
(গ) প্রকৃতিত খাদ্য উভৈনদী হলে কোনাে নির্দিষ্ট চৰিত্ৰৰ জীৱৰ জনসংখ্যা বৃদ্ধি হয়।

লগতে পঢ়ক:   বিদ্যুৎ দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১২

৮ | জীৱ জীৱন কালত আর্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে?
উঃ জীৱই জীৱন কালত আর্জিত চৰিত্ৰবিলাক সাধাৰণতে সাংগঠনিক আৰু আচৰণগত হয় যিবােৰ পৰিৱেশ, ৰােগ, ব্যৱহাৰ বা অনুশীলনজনিত কাৰণত হয়। দৈহিক কলাত প্রস্ফুটিত হােৱা চাৰিত্রিক বৈশিষ্ট্যবোেৰ জননকোষৰ ডি এন এলৈ গতি নকৰে। এনে চাৰিত্রিক বৈশিষ্ট্যবােৰ জীৱৰ মৃত্যুৰ লগে লগে নষ্ট হয়। সেইবাবে আর্জিত চৰিত্ৰবােৰ যেনে বুদ্ধিমত্তা পিছৰ প্ৰজন্মলৈ প্রবাহিত নহয়।

৯। বংশগতি বিজ্ঞানৰ দিশৰ পৰা জীৱিত বাঘৰ সংখ্যা ক্রমে হ্রাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাৱা ?
উঃ  বাঘৰ সংখ্যা হ্রাস হােৱাৰ কাৰণ হ’ল এনে প্রজাতিৰ কিছু সংখ্যক জীৱৰ মাজত ক্রমাগতভাৱে ঘটি থকা প্রজনন প্রক্রিয়াৰ বাবে চৰিত্ৰসমূহৰ গুণগত মানৰ হ্রাস হয়। ফলত পৰিৱেশৰ লগত খাপ খাই ইহঁতে জীয়াই থকাৰ ক্ষমতা হেৰুৱায়। তদুপৰি জীৱবিধ জীয়াই থাকি বংশবৃদ্ধি কৰি থাকিবলৈ প্রয়ােজন হােৱা প্ৰকাৰণৰ অভাৱ ঘটে। কম সংখ্যক বাঘ চিকাৰীৰ পৰা বাচি থকাটো এটা চিন্তাৰ বিষয়।

১০। এটা নতুন প্রজাতিৰ উৎপত্তিৰ কাৰণ কি কি উপাদানে অৰিহনা যােগায়?
উঃ নতুন প্রজাতি এটা সৃষ্টিত অৰিহনা যােগােৱা উপাদানবোৰ হল-
হ’ল– (ক) প্রাকৃতিক নির্বাচন (খ) জিনীয় পথচ্যুত (গ) পাৰিপাৰ্শ্বিক পৰিৱৰ্তন (ঘ) ভিন্নতা।

১১। স্বপৰাগযােগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগােলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ’ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নােৱাৰে কিয় নােৱাৰে?
উঃ কাৰক হ’ব নােৱাৰে। কাৰণ, এই প্রক্রিয়াত এটা জীৱই আন এটা জীৱৰ ওপৰত প্ৰজননৰ বাবে নিৰ্ভৰশীল নহয়। উদাহৰণ হিচাপে স্ব-পৰাগযােগ ঘটা মটৰমাহৰ ক্ষেত্ৰত ভৌগােলিক পৃথকীকৰণে প্ৰভাৱ নেপেলায়।

১২। অযৌন প্রক্রিয়াৰে বংশবিস্তাৰ কৰা জীৱৰ মাজত প্রজাতিকৰণৰ বাবে ভৌগােলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্রধান কাৰক হ’ব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নােৱাৰে কিয় নােৱাৰে।
উঃ নােৱাৰে। অযৌন প্রজননকাৰী জীৱৰ মাজত জিনৰ পুনৰবিন্যাস নহয়। সেইবাবে সিহঁতৰ মাজত প্ৰকাৰণ হ’লে সেইবােৰ সকলাে পিছৰ জীৱবােৰৰ মাজত বিস্তাৰিত হৈ পৰে। ভৌগােলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত যৌন প্রজননকাৰী জীৱৰহে প্ৰজাতিকৰণ হ’ব পাৰে। অযৌন প্রজননকাৰী জীৱৰ ক্ষেত্ৰত নহয়।

 ১৩। দুটা প্রজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হােৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।
উঃ আমি ভেঁকুলী, মানুহৰ হাত, চৰাইৰ ডেউকাৰ গঠনৰ মাজত মিল থকা দেখা পাওঁ। পৰিৱেশৰ লগত নিজক খাপ খুৱাই ৰখাৰ বাবে এইবােৰৰ বিশেষ বিশেষ পৰিৱর্তন হয়। এই সমসংস্থ অংগবােৰে ইয়াকে প্রমাণ কৰে যে এই প্রজাতিবােৰৰ পূৰ্বপুৰুষসকল একে আছিল আৰু কেৱল জৈৱ ৰূপান্তৰৰ বাবেহে ইহঁতৰ ৰূপান্তৰ ঘটিছে।

প্রঃ ১৪। সমসংস্থ আৰু সমবৃত্তিক অংগ কাক বোলে? উদাহৰণ দিয়া।
উঃ সমসংস্থ অংগঃ যিবােৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্রায় একেই কিন্তু কার্যৰ ফালৰ পৰা বেলেগ তেনেবােৰ অংগকে সমসংস্থ অংগ বােলে। উদাহৰণ চৰাইৰ ডেউকা, ভেকুলীৰ আগ ঠেং।

সমবৃত্তি অংগঃ যিবােৰ অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্তু কার্যৰ ফালৰ পৰা প্ৰায় একেই তেনেবিলাক অংগকে সমবৃত্তি অংগ বােলে। উদাহৰণ-পখিলাৰ পাখি, বাদুলিৰ ডেউকা।

১৫। পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি ক’ব পাৰিনে? কিয় পাৰি বা কিয় নােৱাৰি?
উঃ পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা সমসংস্থ অংগ বুলি কব পৰা নাযায়। এইবােৰ সমবৃত্তি অংগহে। কাৰণ, পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাৰ কাৰ্য একে হলেও ইহঁতৰ গঠন বেলেগ বেলেগ। যেনে- বাদুলিৰ ডেউকা হাড়ে গঠিত কিন্তু পখিলাৰ পাখি হাড়েৰে গঠিত নহয়।

বংশগতি আৰু ক্ৰমবিকাশ class 10

১৫। জীৱাশ্মসমূহ কি?  বিৱর্তনৰ সম্পর্কে জীৱাশ্মসমূহে কি কয়?
উঃ ভূপৃষ্ঠৰ গভীৰ শিলাস্তৰত সােমাই থকা জীৱদেহৰ অবশিষ্ট বা জীৱবােৰে এৰি থৈ যােৱা সাচক জীৱাশ্ম বােলে।

জীৱাশ্মবােৰে বিৱর্তনৰ স্বাক্ষৰ বহন কৰে। জীৱাশ্মবােৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন যুগত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক ঠাৱৰ কৰিব পাৰি আৰু জীৱৰ ক্রমবিকাশ অতি সহজে অনুমান কৰিব পাৰি। জীৱাশ্মৰ বয়স ডেচিং পদ্ধতিৰে নিৰূপণ কৰি পােৱা তথ্যই বিৱৰ্তনৰ সাক্ষ্য দাঙি ধৰে।

 ১৭। বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তর্ভুক্ত কিয় ?
উঃ মানুহৰ আকাৰ, আকৃতি, বৰণ আৰু অৱয়ব ভিন্ন হলেও ইহঁতক একেটা প্রজাতিত অন্তর্ভূক্ত কৰা হয় কিয়নাে সকলাে মানুহে যৌন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰে আৰু সকলাে মানুহৰ জিনীয় সংগঠন একে।

১৮। বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাজীৰ ভিতৰত কোন প্রজাতিৰ জীৱৰ দেহৰ গঠন বিৱর্তনৰ দিশত অতি উচ্চ স্তৰৰ হয় ? আৰু কিয় হয়?
উঃ বিৱর্তনৰ দিশত বেক্টেৰিয়াৰ গঠন ‘অতি উচ্চ স্তৰৰ। বেক্টেৰিয়াৰ গঠন সৰল হ’লেও ইহঁতে অতি উষ্ণতা অথবা অতি ঠাণ্ডা বা বৰফৰে আবৃত অঞ্চল আদিতাে জীয়াই থাকিব পাৰে।

লগতে পঢ়ক:   মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন [প্ৰশ্নউত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 5

১৯। মেণ্ডেলৰ পৰীক্ষামতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুণীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ’ল। উৎপাদিত গছবােৰৰ ফুল হ’ল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ’ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটমাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি বর্ণনা কৰিব পৰা হ’ব?
(a) TTWW (b) TTww (c) TtWW (d) TtWw
উঃ (c) TtWW

২০। সমসংস্থ অংগৰ এটা উদাহৰণ হল-
(a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং
(b) আমাৰ দাঁত আৰু হাতীৰ দাঁত
(c) আলু আৰু ঘাঁহৰ শিপা
(d) ওপৰৰ আটাইকেইটা।
উঃ (d) ওপৰৰ আটাইকেইটা।

২১। বিৱর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত-

(a) এজন চীনা স্কুলীয়া ছাত্র (b) এটা চিম্পাজী (c) এটা মকৰা (d) এটা বেক্টেৰিয়া
উঃ (a) এজন চীনা স্কুলীয়া ছাত্র।

২২। এটা অধ্যয়নৰ পৰা দেখা গ’ল যে পাতল বৰণৰ চকুৰ ল’ৰা-ছােৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণাে পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতলৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিবানে? যদি পাৰি কিয় আৰু যদি নােৱাৰি কিয়?
উঃ পাতল ৰঙৰ চকুৰ পিতৃ-মাতৃৰ শিশুৰ চকুৰ ৰঙ পাতল হ’লেও ইয়াক প্ৰভাৱী নে অপ্ৰভাৱী তাক ঠাৱৰ কৰা নাযায়। যিহেতু মাক দেউতাক আৰু শিশু সকলােৰে চকুৰ ৰং পাতল, গতিকে এই ক্ষেত্ৰত চাৰিত্রিক বৈশিষ্ট্য প্রতিফলিত হ’ব আৰু পৰাহত ক্রম’জম লগ লাগে । এই ক্ষেত্ৰত মাক-দেউতাক বিশুদ্ধ লক্ষণযুক্ত হােৱাৰ লগতে শিশুও বিশুদ্ধ লক্ষণযুক্ত হয়। যদি পাতল ৰঙৰ চকু প্ৰভাৱী হয় তেন্তে কিছুমান শিশুৰ চকুৰ ৰং বেলেগ হ’ব পাৰে।

২৩। বিৱৰ্তন আৰু শ্রেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযােগ হৈ আছে?
উঃ বিৱৰ্তন হৈছে জীৱৰ প্ৰাকৃতিক নির্বাচন তথা জিনীয় পৰিৱৰ্তন আদিৰ ফলত বহুকেইটা প্ৰজন্মৰ মাজেদি পাৰ হৈ যােৱা জীৱ এটাৰ চাৰিত্ৰিক পৰিৱৰ্তন। শ্রেণীবিভাজন মূলত জীৱৰ মৌলিক চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কৰা কিছুমান ভাগ। যিবিলাক জীৱৰ চাৰিত্রিক বৈশিষ্ট্য প্রায় একেধৰণৰ, তেনেবােৰ জীৱৰ পূৰ্বপুৰুষ একে বুলি ঠাৱৰ কৰা যায়।

২৪। উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।
উঃ যিবিলাক অংগৰ উৎপত্তি আৰু গঠন প্রায় একে, কিন্তু কাৰ্যৰ ফালৰপৰা ভিন্ন তেনেবােৰ অংগক সমসংস্থ অংগ বােলে। যেনে- ভেকুলীৰ আগ ঠেং, চৰাইৰ ডেউকা, বাদুলিৰ ডেউকা, বান্দৰৰ আগ ঠেং মানুহৰ হাত আদি।

যিবােৰ অংগৰ উৎপত্তি আৰু গঠন বেলেগ হলেও সেইবােৰে একে কার্য সমাধা কৰে সেইবােৰ অংগক সমবৃত্তি অংগ বােলে। যেনে– চৰাইৰ ডেউকা, পখিলাৰ পাখি আদি।

২৫। কুকুৰৰ ৰঙবিলাকৰ প্ৰভাৱী চৰিত্ৰ বিচাৰি উলিওৱাৰ প্রতি লক্ষ্য ৰাখি এটা প্ৰকল্পৰ পৰিকল্পনা কৰা।
উঃ এটা ৰঙা মতা কুকুৰ আৰু এটা বগা মাইকী কুকুৰৰ মাজত মিলন ঘটাবলৈ দিয়া হ’ল। এতিয়া পােৱালীবােৰৰ ৰং মন কৰা হ’ল। যদি পােৱালী ৰঙা ৰঙৰ হয় তেন্তে বগা ৰং সাপেক্ষে ৰঙা ৰং প্ৰভাৱী হব।

২৬। বিবর্তন প্রক্রিয়াত জীৱাশ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা
উঃ গেছীয় শিলাভৰৰ মাজত জীৱাশ্ম পােৱা যায়। জীৱাশ্মবােৰে কোনাে এক নির্দিষ্ট অতীতৰ সাক্ষ্য বহন কৰে। জীৱাশ্মবোেৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিভিন্ন যুগত যে জীৱৰ পৰিৱৰ্তন হৈছে তাক জানিব পাৰি আৰু জীৱৰ ক্রমঃবিকাশ অতি সহজে অনুমান কৰিব পাৰি। ডেচিং পদ্ধতিৰে জীৱাশ্মৰ বয়স নিৰূপণ কৰিব পাৰি।

২৭। কি স্বাক্ষৰৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি?
উঃ পৃথিৱীত জীৱৰ জন্ম সৰল অজৈব অণুৰ পৰাই আৰম্ভ হৈ পিছৰ জীৱনত প্রয়ােজনীয় জৈব অণুলৈ ৰূপান্তৰিত হৈছিল। ৰাসায়নিক সংশ্লেষণৰ ফলত আদিম যুগত জীব সৃষ্টি হৈছিল। এমনিয়া, মিথেন আৰু হাইড্রজেন ছালফাইড পানীত 100°C উষ্ণতাত তাৰ মাজেৰে পােহৰৰ ৰশ্মি পাৰ হৈ যাবলৈ দিয়াত মিথেন প্রায় 15% কার্বনৰ সৰল অণু এমিন এছিডলৈ ৰূপান্তৰিত হয় আৰু প্ৰটিন অণু গঠন কৰে। ইয়াৰ পৰা প্ৰমাণ কৰিব পাৰি যে, জীৱৰ উৎপত্তি অজৈব অণুৰ পৰাই হৈছিল। এইদৰে শকৰা, প্ৰটিন নিউক্লিক এছিড আদি জৈবযৌগৰ সংমিশ্রণ আদি ভাইৰাচৰ নিচিনা নিউক্লিয় প্রটিন কণিকাৰ সৃষ্টি হয়।

২৮। অযৌন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ দ্বাৰা বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবর্তনত কেনেদৰে প্ৰভাৱ পেলায়?
উঃ প্ৰকাৰণ অযৌন প্রজননতকৈ যৌন প্রজননত বেছি পৰিলক্ষিত হয়। অযৌন প্রজননতকৈ যৌন প্রজননত বেছি বিকাশসহ ভিন্নতা সৃষ্টি হয় । এনে প্ৰজননত অপত্য জনুন সৃষ্টি কৰিব পৰা দুটা জীৱৰ প্ৰয়ােজন হয়। এই অপত্য জনুই পিতৃ-মাতৃৰ চাৰিত্রিক বৈশিষ্ট্য লাভ কৰে। অযৌন প্রজননত মাত্ৰ এটা জীৱইহে অংশগ্রহণ কৰে। ইয়াত যি প্ৰকাৰণৰ সৃষ্টি হয় সেয়া ডি, এন, এ.ৰ। প্রতিলিপিকৰণৰ ফলতহে হয়। ই বিৱৰ্তনত তলত দিয়া ধৰণে প্ৰভাৱ পেলায়
(ক) পৰিৱেশৰ সৈতে জীবক খাপ খুৱাই ৰখাত সহায় কৰে।
(খ) প্রজাতিবিধৰ জীয়াই থকাৰ সম্ভাৱনা বৃদ্ধি কৰে।

লগতে পঢ়ক:   জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? [প্ৰশ্ন উত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮

বংশগতি আৰু ক্ৰমবিকাশ class 10

২৯। কেনেকৈ পিতৃ পুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্য জনুলৈ হস্তান্তৰ কৰে?
উঃ মানুহৰ সকলােবােৰ ক্ৰম’জ’ম যােৰ লাগি নাথাকে। ইয়াৰ প্ৰায়বােৰ ক্ৰম’জ’মেই মাতৃ আৰু পিতৃ দেহৰ পৰা অহা। মানুহৰ ক্ষেত্ৰত তেনেকুৱা 22 যােৰ ক্ৰমজম থাকে। যাৰে আধা মাতৃ আৰু আধা পিতৃ দেহৰ পৰা অহা। এইবােৰৰ ভিতৰত এযােৰ যৌন ক্ৰমজম থাকে যিয়ে সম্পূর্ণ যােৰ গঠন নকৰে। মিলনৰ সময়ত শুক্রাণু আৰু ডিম্বাণুৰ মিলনত অপত্য কোষৰ সৃষ্টি হয়। ইয়াত পিতৃ আৰু মাতৃ দেহৰ পৰা 23 যােৰকৈ ক্ৰমজম আহে।

৩০। কোনাে এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তােলে? এই উক্তিৰ সৈতে একমতনে? যদি হয় কিয় আৰু যদি নহয় কিয়?
উঃ প্ৰকাৰণৰ দ্বাৰা জীৱই ইয়াৰ পাশ্বৱর্তী পৰিৱেশৰ লগত নিজকে খাপ খুৱাই চলিব পাৰে। উদাহৰণস্বৰূপে, যিবােৰ বেক্টেৰিয়াই প্ৰকৰণৰ জৰিয়তে তাপ প্ৰতিৰােধী ক্ষমতা সৃষ্টি কৰে সেইবােৰে অতি বেছি তাপতো ই জীয়াই থাকিব পাৰে। গতিকে, জীৱই জীয়াই থাকিবলৈ হ’লে ভিন্নতাই যথেষ্ট সহায় কৰে।

৩১। বংশগতি কাক বােলে? বংশগতিৰ পিতৃ বুলি কাক জনা যায়?
উঃ যি প্রক্রিয়াৰ দ্বাৰা পিতৃ-মাতৃৰ চাৰিত্রিক বৈশিষ্ট্য অপৰিৱর্তিতভাৱে পৰৱৰ্তী জনুলৈ সঞ্চালন হয় তার্ক বংশগতি বােলে। বংশগতিৰ পিতৃ বুলি গ্রেগ’ৰ জোহান মেণ্ডেলক কোৱা হয়।

৩২। জিনক বংশগতি চৰিত্ৰৰ বাহক বুলি কোৱা হয়। ব্যাখ্যা কৰা।
উঃ ডি, এন, এ.ৰ একোটা অনু দুডাল পৰস্পৰে পাক খাই থকা নিউক্লিঅটাইডৰ শিকলিৰে গঠিত। ডি. এন. এ. ক্ৰমজমত থাকে বাবে জিনাে ক্রম’জ’মত থাকে। জননকোষ গঠনৰ সময়ত ক্রম’জ’মবােৰে জিনবােৰ জননকোষলৈ কঢ়িয়াই লৈ যায়। পিছত জননকোষৰ নিযেচনৰ সময়ত পিতৃ-মাতৃৰ জিনবােৰ ক্ৰম’জ’মৰ দ্বাৰা অপত্য জনুলৈ স্থানান্তৰিত হয়। জিনে পিতৃ-মাতৃৰ চৰিত্ৰ পৰৱৰ্তী প্রজন্মলৈ জন্মসূত্রে কঢ়িয়াই নিয়ে। সেইবাবে ক্রম’জ’মক জিনৰ বংশগতি চৰিত্ৰৰ বাহক বুলি কোৱা হয়।

৩৩। সংকৰণ পৰীক্ষা কাক বােলে ?
উঃ একে প্রজাতিৰ বিপৰীতধর্মী বিশিষ্ট কিন্তু বিশুদ্ধ গুণ থকা জীৱৰ মাজত কৰা সংগম পৰীক্ষাক সংকৰণ পৰীক্ষা বােলে।

৩৪। মানব দেহত কিমানযােৰ ক্ৰম’জ’ম থাকে?
উ: 23 যােৰ।

৩৫। মেণ্ডেলে মটৰ মাহৰ গছক সংকৰণ পৰীক্ষাৰ বাবে বাছি লােৱাৰ কাৰণ কি ?
উঃ মেণ্ডেলে মটৰ মাহৰ গছ বাছি লােৱাৰ কাৰণসমূহ
(ক) মটমাহৰ জীৱন কাল চুটি।
(খ) মটমাহে স্ব-পৰাগযােগ কৰিব পাৰে।
(গ) মটমাহৰ ফুলবােৰ আকাৰত ডাঙৰ।

৩৬। মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী?
উঃ মেণ্ডেলৰ পৰীক্ষাত বাৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ ওখ লক্ষণটো প্ৰভাৱী।

৩৭। যিবােৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন কৰে, সেইবােৰ হ’ল-
(a) সমসংস্থ, (b) সমবৃত্তি (c) নিকটৱর্তী (d) অবশেষাংগ
উঃ (b) সমবৃত্তি।

FAQs of class 10 science chapter 9 question answer in assamese

বংশগতি কাক বােলে?

উঃ যি প্রক্রিয়াৰ দ্বাৰা পিতৃ-মাতৃৰ চাৰিত্রিক বৈশিষ্ট্য অপৰিৱর্তিতভাৱে পৰৱৰ্তী জনুলৈ সঞ্চালন হয় তার্ক বংশগতি বােলে।

বংশগতিৰ পিতৃ বুলি কাক জনা যায়?

উঃ বংশগতিৰ পিতৃ বুলি গ্রেগ’ৰ জোহান মেণ্ডেলক কোৱা হয়।

মানব দেহত কিমানযােৰ ক্ৰম’জ’ম থাকে?

উ: 23 যােৰ।

জীৱাশ্মসমূহ কি?  বিৱর্তনৰ সম্পর্কে জীৱাশ্মসমূহে কি কয়?

উঃ ভূপৃষ্ঠৰ গভীৰ শিলাস্তৰত সােমাই থকা জীৱদেহৰ অবশিষ্ট বা জীৱবােৰে এৰি থৈ যােৱা সাচক জীৱাশ্ম বােলে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top