ইন্টাৰনেটৰ তিতা মিঠা Class 10 ( প্ৰশ্ন উত্তৰ ) দশম শ্ৰেণী

ইন্টাৰনেটৰ তিতা মিঠা
বিষয়  অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম ইন্টাৰনেটৰ তিতা মিঠা
শ্ৰেণী  দশম শ্ৰেণী
অধ্যায়  অধ্যায় 9
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

ইন্টাৰনেটৰ তিতা মিঠা Class 10

১)WWW ৰ সম্পূৰ্ণ ৰূপটো কি ?
ক) ৱেব পেজ (web page)
খ) ৱৰ্ল্ড ৱাইড ৱেব (world wide web)
গ) ৱেবচাইট (website)
ঘ) হ’ম পেজ (Home Page)
উত্তৰ: খ) ৱৰ্ল্ড ৱাইড ৱেব (world wide web)

২)কুঁৱলীয়ে প্ৰথমটো ই-মেইল কালৈ পঠিয়াইছিল ?
ক) পললৈ
খ) শ্বেৰণলৈ
গ) নিয়ৰলৈ
ঘ) শ্বাবানা বাইদেউলৈ
উত্তৰ: খ) শ্বেৰণলৈ

৩) কুঁৱলীৰ কম্পিউটাৰটো কি উপায়ে ভাইৰাছমুক্ত কৰা হ’ল?
ক) এন্টিভাইৰাচ চফটৱেৰ অন্তৰ্ভুক্ত কৰি
খ) ইন্টাৰনেট সংযোগ কৰি
গ) বন্ধু-বান্ধৱীলৈ ই-মেইল পঠিয়াই
ঘ) ভিডিঅ’ কলিং কৰি
উত্তৰ: ক) এন্টিভাইৰাচ চফটৱেৰ অন্তৰ্ভুক্ত কৰি

৪)তলৰ কোনটো কথা ইন্টাৰনেটৰ কু-প্ৰভাৱৰ ফলত হয় ?
ক) বিভিন্ন বিষয়ৰ বিভিন্ন তথ্য নিমিষতে আহৰণ কৰা
খ) ই-মেইলৰ যোগেদি বিভিন্ন তথ্য আৰু ঘটনাৰ চাক্ষুস বৰ্ণনা লাভ কৰা
গ) ৱাটছ এপ, ফেচবুক ইত্যাদিৰ যোগেদি ভিত্তিহীন উৰা-বাতৰি প্ৰচাৰ কৰা
ঘ) ঘৰতে থাকি যান-বাহনৰ টিকট কাটা
উত্তৰ: গ) ৱাটছ এপ, ফেচবুক ইত্যাদিৰ যোগেদি ভিত্তিহীন উৰা-বাতৰি প্ৰচাৰ কৰা

৫)‘ কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী ব্যৱস্থাটোক ________ বোলে ‘ ।
তলৰ শব্দবোৰৰ মাজৰ পৰা শুদ্ধ শব্দটো প্ৰয়োগ কৰি ওপৰৰ বাক্যটো সম্পূৰ্ণ কৰা ।
ক) কম্পিউটাৰ
খ) ৱেবচাইট
গ) ব্ৰাউজাৰ
ঘ) ইন্টাৰনেট
উত্তৰ: ঘ) ইন্টাৰনেট

ইন্টাৰনেটৰ তিতা মিঠা class 10

প্রঃ ১। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ নামৰ গল্পটিৰ লেখিকা গৰাকীৰ নাম কি?
উ : ইণ্টাৰনেটৰ তিতা-মিঠা’ নামৰ গল্পটিৰ লেখিকা গৰাকীৰ নাম হৈছে ডº প্রণয়ী দত্ত। তেখেত গুৱাহাটী। বিশ্ববিদ্যালয়ৰ ইলেকট্রনিক এণ্ড কমিনিকেশ্বন টেকনলজী বিভাগৰ মুৰব্বী অধ্যাপিকা।

প্রঃ ২। দেউতাকে কুৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?
উঃ কুঁৱলীৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেই আশালৈ দেউতাকে তাইক ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ উপহাৰ দিছিল।

প্রঃ ৩। ইন্টাৰনেট কি?
উঃ ইণ্টাৰনেট বা নেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা।

প্রঃ ৪। ইণ্টাৰনেট বুলিলে কি বুজা? চমুকৈ লিখা।
উঃ ‘Inter-connection of Networks’ Internet শব্দৰ সৃষ্টি হৈছে। ই কম্পিউটাৰ নেটৱৰ্কৰে এটা নেটৱৰ্ক। এখন নেট ব’ৰ্ডত যদিহে হাজাৰ হাজাৰ কম্পিউটাৰ। থাকে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্রকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই হৈছে ইন্টাৰনেট।

লগতে পঢ়ক:   অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) দশম শ্ৰেণী

প্রঃ ৫। কুঁৱলীয়ে প্রথমে কালৈ ই-মেইল কৰিছিল?
উঃ মস্কোত থকা কুঁৱলীৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ তাই প্রথম ই-মেইলটো কৰিছিল।

প্রঃ ৬। পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যােৱাৰ সিদ্ধান্ত লৈছিল?
উঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাবলৈ সিদ্ধান্ত লৈছিল।

প্রঃ ৭। নিয়ৰ কোন?
উ : নিয়ৰ কুঁৱলীৰ ভায়েক।

প্রঃ ৮। ভাইৰাছ কি?
উঃ কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবােৰ বিকল কৰা প্ৰগ্ৰেমটোৱেই হৈছে ভাইৰাছ।

প্রঃ ১। Virusৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Virus ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital Information Resources Under Seize.

প্রঃ ১০ | WWW বা ৱেব কি?
উঃ পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্য পাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব।

প্রঃ ১১।ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হােৱা কেইটামান শব্দ উল্লেখ কৰা।
উঃ ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হােৱা কেইটামান শব্দ হৈছে—ৱেবপেজ, ৱেবচাইট, হোমপেজ, ব্রাউজাৰ আদি।।

প্রঃ ১২। কুঁৱলীয়ে ই-মেইলৰ জৰিয়তে বান্ধবীসকলৰ পৰা কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে?
উঃ ই-মেইলৰ জৰিয়তে কুঁৱলীয়ে বিদেশত থকা বন্ধুবৰ্গৰ পৰা ঘৰতে বহি তেলােকৰ দেশৰ বিভিন্ন দৃশ্য উপভােগ কৰিলে। ই-মেইলে কুঁৱলীক ভিডিঅ’ কলিং উপভোেগত অনুপ্ৰেৰণা যােগালে। ইয়াৰ বাহিৰেও তাই ইণ্টাৰনেটৰ বিভিন্ন ৱেবচাইটসমূহৰ দ্বাৰা বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে জ্ঞান লােৱাৰ কৌশল আহৰণ কৰিলে।

ইন্টাৰনেটৰ তিতা মিঠা Class 10

প্রঃ ১৩। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?
উঃ ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্রায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰ প্ৰগ্ৰেম। এই প্রগ্রেমে নিজে নিজে কম্পিউটাৰ ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে কম্পিউটাৰটোত সংযুক্ত হৈ তাত থকা সুস্থ প্রগ্রেম বা ফাইলসমূহ নষ্ট কৰি পেলায়। একোটা কম্পিউটাৰত ভাইৰাছ সােমালে কম্পিউটাৰত মজুত থকা তথ্যসমূহ আংশিক বা সম্পূর্ণকৈ নষ্ট কৰি পেলায় ফলত কম্পিউটাৰটোৱে কাম নকৰা হয় বা বিকল হৈ পাৰে।

প্রঃ ১৪। ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে’—কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত লিখা।
উঃ ইন্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে বুলি কোৱা কথাষাৰৰ বক্তা হৈছে কুঁৱলীৰ শ্বাবানা নামৰ এগৰাকী বাইদেউ।

প্রত্যেক বস্তুৰ ভাল আৰু বেয়া এই দুয়ােটা দিশ থকাৰ দৰে ইণ্টাৰনেট ব্যৱহাৰৰ সুবিধা আৰু অসুবিধা দুটা দিশ আছে। তলত সেইবােৰ পাঠৰ আলমত চমুকৈ উল্লেখ কৰা

সুবিধাঃ ইণ্টাৰনেট পৃথিৱীৰ মানৱ সভ্যতাৰ দ্রুত উন্নতিৰ এক উল্লেখযােগ্য মাধ্যম। ইণ্টাৰনেটৰ যােগেদি এজনে ঘৰতে বহি দেশ-বিদেশত থকা বন্ধু বান্ধবৰ লগত ভাৱৰ বিনিময় কৰাৰ সমানে দৃশ্যও উপভােগ কৰিব পাৰে। গীতমাত, সাহিত্য, বিজ্ঞান, ন-পুৰণি সকলােবােৰ তথ্য নিমিষতে ইন্টানেটৰ বিভিন্ন ৱেবচাইট সমুহৰ জৰিয়তে পাব পাৰি। ইয়াৰ যােগেদি বিশ্বব্রহ্মগুৰ পুঞ্জীভূত হৈ থকা সকলাে তথ্য আৰু খবৰ সহজে পাব পাৰি। আধুনিক বিশ্বত ইণ্টাৰনেটে বস্তুৰ ক্রয়-বিক্রয় মাধ্যম ৰূপেও কাম কৰে। ইণ্টাৰনেটে সুগম কৰা নানা ছ’চিয়েল মিডিয়া উদাহৰণস্বৰূপে ফেচবুক, ৱাটছএপ ইনস্টাগ্রাম আদিৰ দ্বাৰা মানুহৰ বন্ধু-বান্ধৱৰ সংখ্যাও দ্রুত গতিত বৃদ্ধি পাইছে। পৃথিৱীৰ কোনাে ঠাইত ঘটা কোনাে এটা ঘটনা বা তাৰ প্রতিক্রিয়া নিমিষতে বন্ধু বান্ধৱৰ পৰা পাব পাৰি। সেইদৰে নিজৰ বন্ধু বান্ধবলৈ খবৰ বাতৰি পঠিয়াব পাৰি। বিজ্ঞানৰ নতুন নতুন আবিষ্কাৰৰ সবিশেষ তথ্য ক্ষন্তেকৰ ভিতৰতে ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে সহজে গ্রহণ কৰি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে।

লগতে পঢ়ক:   কানাইৰ চাতুৰী Class 10 দশম শ্রেণী প্ৰশ্নৰ উত্তৰ

অসুবিধাঃ ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে মানুহৰ মন-মগজুৰ ওপৰত প্ৰভাৱ পেলাই মানুহক অকামিলা কৰি তােলে। বিশেষকৈ ছাত্র-ছাত্ৰীয়ে ইণ্টাৰনেট তথা ছ’চিয়েল মিডিয়াৰ ৰঙীন জগতত নিজকে এনেদৰে ব্যস্ত কৰি পেলাই যে তেওঁলােকে নিজৰ কৰ্তব্যকেই পাহৰি যায়। পঢ়া-শুনাৰ প্রতি আগ্রহ কমি যায় আৰু ডাঙৰৰ উপদেশকে আওকান কৰিবলৈ লয়। চৌপাশৰ পৰিৱেশলৈ তেওঁলােকে কোনাে ক্ষেপ নকৰা হয়। তেওঁলােকৰ বাহিৰা কিতাপ, আলােচনী, বাতৰি কাকতৰ লগত সম্বন্ধ নােহােৱা হয়। সামাজিক অনুষ্ঠান, উৎসৱ, বিয়া আদি অনুষ্ঠানবােৰেও তেওঁলােকক আমনিহে কৰে। ছ’চিয়েল মিডিয়াত প্রচাৰিত কিছুমান উৰা বাতৰি সমাজত ক্ষতিৰ কাৰণ হয় । অজানিতে এনেবোৰ খবৰৰ প্রচাৰৰ ভূমিকা লৈ কেতিয়াবা কেতিয়াবা নিজকে আৰু বন্ধু- বান্ধবকে বিপদত পেলায়।

ইন্টাৰনেটৰ তিতা মিঠা Class 10

প্রঃ ১৫। ইণ্টাৰনেটৰ তিতা-মিঠা গল্পটোৰ নামাকৰণৰ সার্থকতা বিচাৰ কৰা।
উঃ ডº প্রণয়ী দত্তৰ দ্বাৰা ৰচিত ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটোৰ নামাকৰণ সঠিকভাৱেই হৈছে বুলি ক’ব পাৰি। গল্পকাৰে গল্পটিত এগৰাকী স্কুলীয়া ছাত্রী কুঁৱলীৰ চৰিত্ৰটিৰ মাজেদি প্রথমে ইণ্টাৰনেটৰ সংজ্ঞাসহ ইয়াৰ লগত জড়িত বিষয়সমূহ অতি সহজে বুজাবলৈ যত্ন কৰিছে। পৃথিৱীৰ সমস্ত  জ্ঞানৰ ভাণ্ডাৰৰূপে আধুনিক জগতত পৰিচিত ইণ্টাৰনেটৰ প্রয়ােজনীয়তা মানৱ সভ্যতাৰ উন্নয়নৰ এক উল্লেখযােগ্য মাধ্যম। বর্তমান পৃথিৱীত মানৱ জীৱনৰ অবিচ্ছেদ্য অংগহৈ পৰা ইণ্টাৰনেটৰ কেৱল ভাল দিশসমুহ মানুহক দেখুওৱাতে আবদ্ধ নাৰাখি গল্পকাৰে ইয়াৰ বেয়া দিশবােৰৰ সুন্দৰকৈ উপস্থাপন। কৰিছে। কুঁৱলীক সুদূৰ মস্কোত থকা তাইৰ বান্ধবী শ্বেৰণ আৰু শ্বেৰণৰ বন্ধু-বান্ধবীৰ লগত চিনাকি হৈ ভাৱৰ আদান প্রদান সুযােগ দিয়ে ইন্টাৰনেটে। এই ইণ্টাৰনেটেই কুঁৱলীক ভিডিঅ’ কলিংৰ সােৱাদ দিয়ে। ঘৰতে বহি কুৱলীয়ে দেশ-বিদেশৰ বিভিন্ন দৃশ্য উপভােগ কৰে। মুঠৰ ওপৰত জ্ঞান-বিজ্ঞান, গীত-মাত, ন-পুৰণি বােলছবি, খেলা-ধূলা আদিৰ উৰ্বৰ ভূমিত কুঁৱলীয়ে ঘৰতে বহি ঘূৰিবলৈ সক্ষম হয়। কুঁৱলীয়ে দেউতাকৰ বাবে দক্ষিণ ভাৰতৰফালে ফুৰিবলৈ যােৱাৰ টিকেট আদি সংগ্ৰহৰ অসুবিধাসমূহ তাই ঘৰতে বহি ই-মেইলৰ জৰিয়তে সহজেই কৰি পেলাইছিল। ইমানবােৰ ইতিবাচক দিশ থকা। ইন্টাৰনেটৰ নেতিবাচক দিশসমূহক সুন্দৰভাৱে উপস্থাপন কৰি মানৱ সমাজৰ বিশৃংখলতাৰ কাৰক হিচাপে গল্পকাৰে ইণ্টাৰনেটক চিহ্নিত কৰিছে। প্রত্যেক বস্তুৰ ভাল আৰু বেয়া। দিশ থকাৰ দৰে ইণ্টাৰনেটো এই দোষৰ পৰা মুক্ত নহয় বুলি লিখকে অকপটে স্বীকাৰ কৰিছে। অৱশ্যে সকলাে নিৰ্ভৰ কৰে। ব্যৱহাৰকাৰীৰ ওপৰত গল্পকাৰৰ মতে ইন্টাৰনেটৰ অনিয়ন্ত্রিত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ মন মগজুৰ ওপৰত প্ৰভাৱ পেলায়। কেনেকৈ কুঁৱলীৰ এগৰাকী বান্ধবীৰ ভায়েক এজন মেধাবী ছাত্র পলে ইণ্টাৰনেটৰ গেম খেলি ছমহীয়া পৰীক্ষাত কেইবাটাও বিষত বেয়া কৰিলে তাক দেখুৱাই ইণ্টাৰনেটক ছাত্র-ছাত্রীৰ শৈক্ষিক জীৱনৰ অগ্ৰগতিত বাধা বুলিও গল্পকাৰে সুন্দৰভাৱে প্রকাশ কৰিছে। ইয়াৰ বাহিৰেও ইণ্টাৰনেট তথা ছ’চিয়েল মিডিয়াই ছাত্ৰ-ছাত্ৰীক আপােনজনৰ পৰা আঁতৰাই অকলশৰীয়া জীৱনৰ প্রতি আকৃষ্ট কৰে। বয়ােজ্যষ্ঠজনৰ প্রতি সামান্য সৌজন্যবােধ দেখুৱাবলৈ অনিহা, ৰাস্তাই-ঘাটে অন্য মনস্ক হােৱা আদি সুস্থ সামাজিক পৰম্পৰা ভংগত ইণ্টাৰনেটৰ ভূমিকাক গল্পকাৰে দোষাৰােপ নকৰাকৈ থকা নাই। ছ’চিয়েল মিডিয়াত প্রচাৰিত উৰা বাতৰিয়ে কেতিয়াবা কেতিয়াবা সমাজৰ বিশেষ ক্ষতি কৰাৰ কথাও গল্পটিত উল্লেখ কৰিছে। মুঠৰ ওপৰত লিখিকাই ইণ্টাৰনেটৰ তিতা-মিঠা নামৰ গল্পটিত ইণ্টাৰনেটৰ ব্যৱহাৰৰ ভাল-বেয়া, সুবিধা- অসুবিধা, ইতিবাচক নেতিবাচক আদি সকলােবােৰ দিশ সমানে চিত্রিত কৰিছে। এই সকলােবােৰ দিশ চালি-জাৰি চালে গল্পটি। নামাকৰণত কোনাে আসোঁৱাহ দেখা নাযায়।

লগতে পঢ়ক:   দৃশ্যান্তৰ কবিতা – (প্রশ্নোত্তৰ) Class 10 Assamese Lesson 5 Question Answer

অর্থ লিখা ?
অনাবিল-নির্মল, আভা-পােহৰ, উৰাবাতৰি-গুজব, কদাচিত- কেতিয়াবা, তড়িৎ-বিজুলী, প্রসঙ্গ-উপযুক্ত, ক্ষতি-নষ্ট, পুঞ্জীভূত-গােটখাই থকা।।

প্রঃ WWW বা ৱেব কি?

উঃ পৃথিৱীত সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন তথ্য পাতিসমূহৰ ভাণ্ডাৰেই হৈছে ৱেব।

প্রঃ Virusৰ সম্পূৰ্ণ ৰূপ কি?

উঃ Virus ৰ সম্পূৰ্ণ ৰূপ হৈছে Vital Information Resources Under Seize.

1 thought on “ইন্টাৰনেটৰ তিতা মিঠা Class 10 ( প্ৰশ্ন উত্তৰ ) দশম শ্ৰেণী”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top