WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » বৈচিত্র্যময় অসম দশম শ্ৰেণী » দেউৰীসকল Class 10 – দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল

দেউৰীসকল Class 10 – দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল

দেউৰীসকল Class 10
বিষয় অসমীয়া
কিতাপখনৰ নামবৈচিত্র্যময় অসম
পাঠৰ নামদেউৰীসকল
শ্ৰেণী দশম (X)
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

দেউৰীসকল Class 10

প্রঃ ১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল ?
উঃ দেউৰীসকলৰ আদি বাসস্থান আছিল-শদিয়া।

২। দেউৰীসকল সামাজিকভাৱে কেইটা খেলত বিভক্ত আৰু কি কি?
উঃ দেউৰীসকল সামাজিকভাৱে চাৰিটা খেলত বিভক্ত
(১) ডিিবঙীয়া (২) টেঙাপনীয়া (৩) বৰগঞা আৰু (৪) পাটৰগঞা।
ডিবাংনদীৰ পাৰত বাস কৰাসকল— ডিবঙীয়া
টেঙানদীৰ পাৰত বাস কৰাসকল—টেঙাপনীয়া
বৰনদীৰ পাৰত বাস কৰাসকল— বৰগঞা
পাত শদিয়াত থকাসকলক —পাটৰগঞা।

প্রঃ ৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোন কেইখন জিলাত বাস কৰিবলৈ লৈছিল? বর্তমান অসমৰ কেইখন জিলাত তেওঁলােকে বসবাস কৰি আছে?
উঃ শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকলে শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্রং নদীৰ পাৰত বাস কৰি পিছত অসমৰ বিভিন্ন ঠাইলৈ সম্প্রসাৰণ ঘটে। দেউৰীসকলে বর্তমান অসমৰ ৮ খন জিলাত বসবাস কৰি আছে।

প্রঃ ৪। দেউৰীসকলে নিজকে কি বুলি চিনাকি দিয়ে?
উঃ দেউৰীসকলে নিজকে ‘জিম’চঁণায়া’ বুলি চিনাকি দিয়ে।

দশম শ্ৰেণীৰ বৈচিত্র্যময় অসম দেউৰীসকল

প্রঃ ৫। দেউৰীভাষা তিব্বতবর্মী ভাষাগােষ্ঠীৰ কোনটো ভাষাৰ পৰিয়ালত অন্তর্ভুক্ত? কোন চনত দেউৰীভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে?

উঃ দেউৰীভাষা মূলতঃ চীনা-তিব্বতী ভাষাগােষ্ঠীৰ তিব্বত বর্মীয় ভাষা পৰিয়ালৰ বড়ােভাষাৰ অন্তৰ্গত। ২০০৫ চনৰ ২৮ জানুৱাৰিত দেউৰীভাষাক অসম
চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্রদান কৰে।

প্রঃ ৬। দেউৰীসকলে পালন কৰা চাৰিটা জাতীয় উৎসৱৰ নাম লিখা।
উ : দেউৰীসকলে পালন কৰা চাৰিটা জাতীয় উৎসৱৰ নাম হ’ল—(১) বিবা বিচু গিবা মেচ্ছু (২) চিগাদাগাবাে বিচু (৩) বিচু দাবেবা মেচ্ছু (৪) মিচু দেৰুবা মেছু

প্রঃ ৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?
উঃ দেউৰীসকল “কুন্দি” ধৰ্মৰ বিশ্বাসী। কুন্দিমামা হ’ল— তেওঁলােকৰ উপাস্য দেৱতা। কুন্দি মানে পৰম পুৰুষ পৰমেশ্বৰ আৰু মামা মানে প্রকৃতিক বুজাইছে। এই কুন্দিমামাই বিশ্বব্রহ্মাণ্ডৰ সৃষ্টিকর্তা বুলি তেওঁলােকে বিশ্বাস কৰে।

প্র : ৮। অসম ভৈয়ামৰ অনগ্ৰসৰ জনগােষ্ঠীৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত অনুষ্ঠিত হয়?
উঃ ১৯৩৩ চনৰ ১৭ এপ্রিলত নগাঁৱৰ ৰহাত অসম ভৈয়ামৰ অনগ্ৰসৰ জনগােষ্ঠীৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়।

প্রঃ ৯। কাৰ নেতৃত্বত ভৈয়াম জনজাতীৰ বাবে অসম বিধানসভাৰ আসন সংৰক্ষণ হয় ?
উঃ ১৯৩৫ চনত ভীমবৰ দেউৰীৰ নেতৃত্বত অসম বিধানসভাৰ মুঠ ১০৮ খন আসনৰ ৪ খন আসন অনগ্রসৰ ভৈয়ামৰ জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়।

প্রঃ ১০। ৰাধাকান্ত দেউৰীৰ ৰচিত এখন পুথিৰ নাম লিখা।
উঃ ৰাধাকান্ত দেউৰীৰ ৰচিত এখন পুথিৰ নাম হ’ল—দেউৰী শব্দ ভাণ্ডাৰ।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam