WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » বৈচিত্র্যময় অসম দশম শ্ৰেণী » মিচিংসকলৰ Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী মিচিং সকল

মিচিংসকলৰ Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী মিচিং সকল

মিচিংসকলৰ Class 10
বিষয় অসমীয়া
কিতাপখনৰ নামবৈচিত্র্যময় অসম
পাঠৰ নামমিচিংসকল
শ্ৰেণী দশম (X)
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

মিচিংসকলৰ Class 10

প্রঃ ১। মিচিং জনজাতিৰ বিষয়ে এটা চমু টোকা লিখা। নাইবা
মিচিংসকলৰ তিনিবিধ সাজপাৰৰ নাম লিখা।
উ : মিচিংসকল বা মিৰিসকল হৈছে অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগােষ্ঠী। ভাৰতবৰ্ষৰ সংবিধানত মিচিংসকলক অসমৰ অনুসূচীত ভৈয়াম জনজাতি হিচাপে ‘মিৰি নামেৰে চিহ্নিত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰি সমাজৰ এক শ্ৰেণীৰ মিবু বা পুৰােহিতৰ ক্ষেত্ৰতহে কৰে। তেওঁলােকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে যাৰ অৰ্থ মানুহ বা মানৱ। অৰুণাচলৰ “আবৰ পাহাৰৰপৰা সূচল জীৱিকাৰ সন্ধানত তেওঁলােকে অসমৰ সমতললৈ নামি আহিছিল কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বলস্বৰূপ যদিও তাৰ উপৰিও মাহ, সৰিয়হ, বিবিধ আলু, আদা, কচু, জলকীয়া আদিৰ খেতিও তেওঁলােকে কৰে। গাঁওবােৰত শান্তি সম্প্রীতি বজাই ৰাখিবৰ বাবে তেওঁলােকৰ এজন গাঁওবুঢ়া থাকে। কোনােৱে অপৰাধ কৰিলে কৗবাং বা মেল পাতি তেওঁ দোষীৰ বিচাৰ কৰে। পুৰুষসকলে পৰম্পৰাগত মিলু গালুগ, গনৰ উগন টঙালি দুমৌৰ আদি সাজপাৰ পৰিধান কৰে। মহিলাসকলে ৰিহা- মেখেলা, ৰিবি-গাচেং আদি সাজপাৰ পৰিধান কৰে। মিচিং তিৰােতাই তাঁতশালত সৰগ ৰচনা কৰিব পাৰে। তেওঁলােকৰ দঞি-পল হৈছে মূলধন। জন্মৰপৰা মৃত্যুলৈক জীৱনটোক দঞি-পল বা সূর্য-চন্দ্ৰই পৰিচালনা কৰে বুলি তেওঁলােকে বিশ্বাস কৰে। কুকুৰাক বিপদৰ ৰক্ষা কবচ বুলি তেওঁলােকে মানে। তেওঁলােকৰ জাতীয় উৎসৱ হ’ল “আলি-আঃয়ে লিগাঙ” তাৰ উপৰি তিনিটা বিহুও পালন কৰে। ভাষা সাহিত্যৰ বিকাশতাে তেওঁলােক আগবঢ়া।

প্র : ২। আলি-আঃয়ে লিগাঙ কি?
উঃ আলি-আঃয়ে লিগাঙ হৈছে মিচিংসকলৰ এটা জাতীয় উৎসৱ। আলি মানে মাটিৰ তলত হােৱা বীজ, আঃয়ে হ’ল গা- গছৰ ওপৰত হােৱা ফল বা গুটি আৰু গাং মানে হ’ল ৰােপণ কাৰ্যৰ শুভাৰম্ভ। অর্থাৎ বীজ-গুটি ৰােৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটোত এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। এই দিনটোৰ হিচাপ ৰাখিয়েই বীজ ৰােপণৰ শুভাৰম্ভ কৰে। পুৰাং আপিন বা টোপােলা ভাতৰ লগত দিনচান, চান অর্থাৎ শুকান মাছ, মঙহ আৰু আপঙেই মিচিংসকলৰ চিৰাচৰিত প্রধান খাদ্য। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় দ্রব্য।

🎯 HSLC / HS 2026 Preparation?

Regular mock tests keep you ahead of others. 🏆 Check your rank • 📊 Track performance • 📚 Full question bank

নিয়মিত মক টেষ্টে আপোনাক আগুৱাই ৰাখিব। পিছ পৰি নাথাকিব।

📲 Install AssamWeb App Now
⭐ 5.0 Rated by Assam Students

বৈচিত্র্যময় অসম দশম শ্ৰেণী মিচিং সকল

প্রঃ ৩। মিচিংসকলৰ ধৰ্ম পন্থাৰ বিষয়ে লিখা।
উঃ মিচংসকলে মহাপুৰুষীয়া, শৈৱ, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা ৰাতি সেৱা ধর্ম পন্থা অৱলম্বন কৰে যদিও স্বধর্ম হিচাপে “দঞি-পল-ই” মিচৎিসকলৰ মূলধর্ম। লােকবিশ্বাসত বিশ্বাসী তেওঁলােকে কুকুৰাকে সততেই বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে মানে। ধর্মীয় উৎসৱ দবুৰ পূজা তাৎপর্যপূর্ণ। বিভিন্ন দেৱতাৰ সন্তুষ্টার্থে দবুৰত পূজা আগবঢ়োৱা হয়। দঞি-পল বা সূর্য চন্দ্রই জীৱনটোক পৰিচালনা কৰে বুলি মিচিংসকলে বিশ্বাস কৰে।

প্রঃ ৪। ভৃগুমনি কাগয়ুঙে ৰচনা কৰা দুখন কাব্য গ্রন্থৰ নাম লিখা।
উ : ভৃগুমনি কাগয়ুঙে ৰচনা কৰা দুখন কাব্য গ্রন্থৰ নাম হ’ল—(১) কবিতা কলি (২) অনাহুত।

প্র : ৫। যাদৱ পায়েঙে ৰােৱা কাঠনিখনৰ বিষয়ে লিখা।
উ : পৰিৱেশবিদ যাদৱ পায়ােঙে ৰােৱা কাঠনিখন মাজুলী জিলাৰ ঔনা বা অৰুণা চাপৰিৰ দাঁতিত অৱস্থিত। বর্তমান ১৩৬০ একৰ অর্থাৎ ৪০৫০ বিঘা মাটিত মােলাই কাঠনি বিয়পি আছে। ইয়াত মূল্যৱান ৰঙা চন্দন, বগা চন্দন, হলখ, চিচু, গমাৰী, তিতাচপা, পমা আদি মূল্যৱান গছ আছে। চাৰিটা টেকীয়াপতীয়া বাঘ মােলাই কাঠনিৰ প্রধান আকর্ষণ। তাৰােপৰি ইয়াত আছে হাতী, হৰিণা, মহ, গৰু, গাহৰি, হাঁহ- কুকুৰা, শগুণ, কাম চৰাই আদি।

প্র : ৬। কোন চনত যাদৱ পায়েঙে পদ্মশ্রী উপাধি পায়।
উ : ২০১৫ চনত যাদৱ পায়েঙে পদ্মশ্রী উপাধি পায়।

🎯 HSLC / HS 2026 Preparation?

Regular mock tests keep you ahead of others. 🏆 Check your rank • 📊 Track performance • 📚 Full question bank

নিয়মিত মক টেষ্টে আপোনাক আগুৱাই ৰাখিব। পিছ পৰি নাথাকিব।

📲 Install AssamWeb App Now
⭐ 5.0 Rated by Assam Students

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam