বড়োসকল Class 10 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) বৈচিত্র্যময় অসম দশম শ্ৰেণী (X)

বড়োসকল Class 10
বিষয়  অসমীয়া
কিতাপখনৰ নাম বৈচিত্র্যময় অসম
পাঠৰ নাম বড়োসকল
শ্ৰেণী  দশম (X)
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

বড়োসকল Class 10

প্র : ১। বড়ােভাষা কি ভাষাগােষ্ঠীৰ অন্তর্ভুক্ত?
উঃ বড়ােভাষা হৈছে চীনা তীব্বত বর্মীয় ঠালৰ ভাষা। বড়াে ভাষা শদিয়াৰ পৰা পূব বংগলৈ আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ প্ৰসাৰিত আৰু প্রচলিত হােৱা এটা বহুল ভাষা।

প্রঃ ২। বড়ােভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ?
উ : ১৯৬৩ চনত বড়াে ভাষাই প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল।

৩। বড়ােসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ (১) গংগাচৰণ কছাৰীৰ বড়াে ফিছা ও আইন (১৯১৫) এই খন বড়ােভাষাৰ প্রথম গ্রন্থ। (২) চিত্তৰঞ্জন মােছাহাৰী দেৱৰ ফৈমাল মিজিংক।(১৯৭০)

প্রঃ ৪। বড়ােসকলৰ পৰম্পৰাগত সাজপাৰ ব্যৱহাৰ কৰা কেইটিমান চানেকিৰ নাম উল্লেখ কৰা।
উঃ দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৗখ্ৰে॥ব, থাইগিৰ বিবাৰ হাজৌ আগৰ আদি।

প্রঃ ৫। কোন চনত বড়াে ভাষাই ৰাজ্য ভাষা হিচাপে স্বীকৃতি লাভ কৰে?
উঃ ১৯৮৪ চনত বড়াে ভাষাই ৰাজ্য ভাষা হিচাপে স্বীকৃতি পায়।

প্রঃ ৬। বড়ােসকলৰ পুৰণি ধৰ্ম আৰু শ্রেষ্ঠ দেৱতাজনৰ নাম কি?
উ : বড়ােসকলৰ অতি পুৰণি ধর্মটো হৈছে বাথৌ ধর্ম। বড়ােসকলে মাটি (হা) বায়ু (বাৰ) পানী (দৈ) আকাশ (আথ্রাং) আৰু সূর্য (সান) এই পঞ্চতত্বৰ সৃষ্টিকর্তাজনক ঈশ্বৰ হিচাপে মানি লয়। ইয়াকে বাথৌ বুলি কোৱা হয়।

প্র : ৭। বড়ােসকলৰ ধর্মীয় উৎসৱটোৰ নাম লিখা।
উঃ বড়ােসকলৰ ধর্মীয় উৎসৱটোৰ নাম হ’ল— খেৰাই।

প্র : ৮। বড়ােসকলৰ প্ৰধান গীতসমূহক কেইটা ভাগত ভাগ কৰিব পাৰি?
উঃ বড়ােসকলৰ প্ৰধান গীতসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি—(১) প্রার্থনা গীত (আৰজ মেথায়) (২) লােকগীত (খুগা মেথায়) (৩) আধুনিক গীত (গৌদান মেথায়)।

প্রঃ ৯। বড়াে চুক্তিৰ বিষয়ে কি জানা লিখা।
উঃ প্রাক্তন প্রধানমন্ত্রী পি. ভি. নৰসিংহ ৰাওৰ নেতৃত্বত ভাৰত চৰকাৰ, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী শাৰদ পাৱাৰৰ সহযােগত নিখিল বড়াে ছাত্ৰ সন্থা (এবছু) বড়াে গণ সংগ্রাম সমিতি (বি. পি. এ. চি) আৰু অসমৰ সেই সময়ৰ মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াদেৱৰ মাজত হােৱা আলােচনা মর্মে ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰিত বড়ােলেণ্ড স্বায়ত্বশাসিত পৰিষদ গঠন হয়। ইয়াৰ পিছত বড়ােসকলৰ ভাষা, সংস্কৃতি, শিক্ষা আৰু অর্থনৈতিক দিশৰ উন্নতিৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বড়াে লিবাৰেশ্বন টাইগাৰৰ মাজত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰিত বড়ােলেণ্ড টেৰিটৰিয়েল এৰিয়াচ ডিষ্টিক নামেৰে এখন নতুন চুক্তি সম্পাদিত হয়। এই চুক্তিমতে বি. টি. চি (বড়ােলেণ্ড) এলেকাত মুঠ ৩০৭৯ খন গাঁও সামৰি কোকৰাঝাৰ, চিৰাং, বাকসা আৰু ওদালগুৰি এই চাৰিখন জিলা গঠন কৰা হয়।

লগতে পঢ়ক:   অসমৰ কুটীৰ শিল্প – ৰচনা (অসমীয়া ) সকলো শ্ৰেণীৰ বাবে

বড়োসকল Class 10 Question Answer

চমুটোকাঃ

(ক) বিনেশ্বৰ ব্ৰহ্মঃ শ্বহীদ বিনেশ্বৰ ব্ৰহ্মৰ ১৯৪৯ চনৰ ২৮ ফেব্ৰুৱাৰিত কোকৰাঝাৰৰ ভাৰমাৰী গাঁৱত জন্ম হয়। তেওঁ ১৯৭২ চনত যােৰহাটৰ অসম কৃষি মহাবিদ্যালয়ৰ পৰা কৃষিৰ স্নাতক ডিগ্রী লাভ কৰে। তেওঁ “হিন্দুস্তান সাৰ নিগমৰ সাৰ সম্প্ৰসাৰণ আৰু কৃষি গৱেষণা বিভাগত চাকৰি জীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ খাদ্য নিগম (FCI) বিভাগত Quality Control ৰ Deputy Manager ৰূপে গুৱাহাটীত নিযুক্তি পায়। তেওঁ একেধাৰে এগৰাকী বুদ্ধিমত্তা, সুচিন্তক,
সমাজসেৱক, সাহিত্যিক আছিল। তেওঁ ইংৰাজী, বঙালী,নেপালীকে ধৰি ৮টা ভাষা সলসলীয়াকৈ ক’ব পাৰিছিল।

তেওঁৰ ৰচিত গ্রন্থ—- আই নি মাদৈ (কবিতা) বৰদৈসিখলা (কবিতা) আংনি গামি ভাতাৰমাৰি (প্ৰৱন্ধ সংকলন) তেওঁ দুটা কার্যকালৰ বাবে বড়াে সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰে। ২০০০ চনৰ ১৯ আগষ্টত গুৱাহাটীৰ নিজ বাসভৱনত অচিন আততায়ীৰ হাতত গুলিবিদ্ধ হৈ তেওঁৰ মৃত্যু হয়।

(খ) ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীঃ ১৯২৬ চনত ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰীৰ গােসাইগাঁওৰ বামুনকুৰা গাঁৱত জন্ম হয়। তেওঁৰ চেষ্টাতেই বড়াে নৃত্যই ৰাষ্ট্ৰীয় পর্যায়লৈ যাবলৈ সক্ষম হয়। ১৯৫৫ চনত দিল্লীত “অল ইণ্ডিয়া ৰেডিঅ’ৰ মুকলি প্রদর্শনী অনুষ্ঠানত তেওঁ বিবাহ গীত পৰিৱেশন কৰে ১৯৫৭ চনৰ ২৬ জানুৱাৰিত তেওঁ দিল্লীত গণতন্ত্রদিৱসত এটি সাংস্কৃতিক দল লৈ অংশ গ্রহণ কৰে। ২৭ জানুৱাৰিত অনুষ্ঠিত হােৱা বড়াে কৃষ্টি দলে বাগুৰুমবা নৃত্য পৰিৱেশন কৰি ভাৰতৰ ভিতৰত প্রথম স্থান পায়। ১৯৯২ চনত এছিয়া মেলা ১৩ ত অংশ লৈ বড়াে নাছিনা নৃত্য প্রদর্শনেৰে দৰ্শকৰ ভূয়সী প্রশংসা লাভ কৰে। ১৯৮২ চনত তেওঁ সংগীত নাটক একাডেমী” বঁটা লাভ কৰে। ১৯৯৮ চনৰ ১৬ মেত তেওঁৰ মৃত্যু হয়।

বড়োসকল Class 10

(গ) ড° শােভা ব্রহ্মীঃ ড° শােভা ব্রহ্মা ভাৰতৰ এজন প্রখ্যাত ভাস্কর্যবিদ আৰু অসমৰ কলা জগতৰ এজন পথ প্রদর্শক ৰূপে পৰিচিত। ১৯২৯ চনৰ ১৮ অক্টোবৰত গােসাইগাঁৱৰ ভূমকা নামৰ ঠাইত তেওঁৰ জন্ম হয়। তেওঁ সৰুৰে পৰাই এজন চিত্রশিল্পী আৰু ভাস্কর্য শিল্পী হােৱাৰ সপােন দেখিছিল। ১৯৫৭ চনত তেওঁ ৰবীন্দ্র নাথ ঠাকুৰে স্থাপন কৰা শান্তি নিকেতনৰ পৰা শিল্প বিষয়ত স্নাতক ডিগ্রীলৈ অসমলৈ আহে। তেওঁ তাৰিণী চৰণ হাই স্কুলত শিক্ষকতা আৰম্ভ কৰে। অসমত চাৰুকলা মহাবিদ্যালয় প্রতিষ্ঠা কৰা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগােষ্ঠীৰ কৃষ্টি কলা, জন জীৱন অধ্যয়ন কৰি এটা সুকীয়া শিল্পধাৰাৰ সৃষ্টি কৰাই আছিল তেওঁৰ সৃষ্টিশীল জীৱনৰ লক্ষ্য। ১৯৬৪ চনত তেওঁ বৰ্তমানৰ চৰকাৰী চাৰুকাৰু কলা মহাবিদ্যালয়ত অধ্যক্ষৰূপে নিযুক্ত হয়। এইখন মহাবিদ্যালয় চৰকাৰীকৰণ কৰাৰ পৰা কলেজ পর্যায়লৈ নিবলৈ তেওঁ অশেষ চেষ্টা কৰে। তেওঁৰ প্ৰতিখন ছবিয়ে একোখন কিতাপৰ দৰে আছিল। তেওঁৰ চিত্ৰ ভাস্কৰ্যৰ দ্বাৰা জাতি-ভাষা বর্ণ নির্বিশেষে সকলােকে মিলি দেশমাতৃক উদ্ধাৰ কৰাৰ অনুপ্ৰেৰণা দিছিল। তেওঁৰ চিত্ৰ আৰু ভাস্কর্যসমূহ প্ৰথমবাৰ গুৱাহাটী জিলা
পুথিভঁৰালত প্রদর্শিত হয়। তেওঁৰ চিত্ৰই স্বদেশৰ লগতে বিদেশৰ শিল্পপ্রেমীৰ মন জয় কৰিছে। তেওঁ সাহিত্য চর্চাতাে মনােনিৱেশ কৰিছিল। তেওঁৰ প্রকাশিত গ্রন্থ হৈছে— শিল্পকলাৰ নৱ প্ৰজন্ম, ভাৰতীয় চিত্র কলা গৗদান উজি, লিউ-নার্ডো-দ্যা ভিন্সি আদি। তেওঁ লাভ কৰা বঁটা হ’ল– অসম শিল্পী পেঞ্চন বঁটা, অসম চৰকাৰৰ সাস্কৃতিক পেঞ্চন বঁটা, কমল কুমাৰী বৰুৱা ফাউণ্ডেচন বঁটা, অসম ৰাজ্যিক বিষ্ণুৰাভা বঁটা, সৎভাবনা বঁটা আদি। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু
কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা দি-লিট-উপাধি লাভ কৰিছিল। ২০১২ চনত তেওঁৰ মৃত্যু হয়।

লগতে পঢ়ক:   মটক সকল Class 10 – বৈচিত্র্যময় অসম দশম শ্ৰেণী (X)

(ঘ) উপেন্দ্র নাথ বহ্মঃ ১৯৫৬ চনৰ ১৩ মার্চ ত কোকৰাঝাৰৰ বৰজাৰি গাঁৱত উপেন্দ্র নাথ ব্ৰহ্মৰ জন্ম হয়। তেওঁ ১৯৮৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এচ.চি পৰীক্ষাত উত্তীর্ণ হয়। তেওঁ বড়ােসকলৰ শৈক্ষিক, সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সজাগতা আনিবলৈ অহৰহ চেষ্টা কৰিছিল। তেওঁৰ প্ৰচেষ্টাত ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰিত বড়াে চুক্তি (Boro Accord) সাক্ষৰিত হয়। তেওঁ The Bodoland Times নামৰ বাতৰি কাকতখনৰ সম্পাদক আছিল। তেওঁ প্ৰৱন্ধৰাজিও লিখিছিল। বিজ্ঞান সম্পকে লিখা তেওঁৰ প্ৰৱন্ধবােৰ অতি উচ্চস্তৰৰ আছিল। বড়াে সমাজলৈ আগবঢ়োৱা অভূতপূর্ব বৰঙনিৰ বাবে তেওঁক
বড়ােফা (বড়াে সকলৰ পিতৃ) বুলি কোৱা হয়। ১৯৯০ চনৰ ১ মেত তেওঁৰ মৃত্যু হয়।

প্রঃ বড়ো ভাষা কি ভাষা গোষ্ঠীর অন্তর্ভুক্ত?

উঃ বড়ােভাষা হৈছে চীনা তীব্বত বর্মীয় ঠালৰ ভাষা। বড়াে ভাষা শদিয়াৰ পৰা পূব বংগলৈ আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ প্ৰসাৰিত আৰু প্রচলিত হােৱা এটা বহুল ভাষা।

প্রঃ বড়ােভাষা কেতিয়া প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল ?

উ : ১৯৬৩ চনত বড়াে ভাষাই প্রাথমিক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি লাভ কৰিছিল।

প্রঃ বড়ােসকলৰ বিষয়ে লিখা দুখন গ্ৰন্থৰ নাম লিখা।

উঃ (১) গংগাচৰণ কছাৰীৰ বড়াে ফিছা ও আইন (১৯১৫) এই খন বড়ােভাষাৰ প্রথম গ্রন্থ। (২) চিত্তৰঞ্জন মােছাহাৰী দেৱৰ ফৈমাল মিজিংক।(১৯৭০)

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5