Home » বৈচিত্রময় অসম Class 9 » আহোমসকল Class 9 – প্ৰশ্নৰ উত্তৰ (দ্রুতপাঠ) বৈচিত্রময় অসম

আহোমসকল Class 9 – প্ৰশ্নৰ উত্তৰ (দ্রুতপাঠ) বৈচিত্রময় অসম

আহোমসকল Class 9 – (দ্রুতপাঠ) বৈচিত্রময় অসম

আহোমসকল

বিষয় অসমীয়া
কিতাপখনৰ নামবৈচিত্রময় অসম Class 9 (দ্রুতপাঠ)
পাঠৰ নামআহোমসকল
উপলব্ধসকলো প্ৰশ্নৰ উত্তৰ
শ্ৰেণীনৱম শ্ৰেণী
অধ্যায় 1
পাঠ্যক্ৰম ছেবা (SEBA)

আহোমসকল Class 9

প্রশ্নঃ আহােমসকল মূলত কি জাতিৰ লােক?
উত্তৰ : টাই জাতিৰ লােক।

Winter Sale

প্রশ্ন : আহােমসকলৰ আদি বাসস্থান ক’ত আছিল ?
উত্তৰ : এওঁলােকৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চল। বৰ্তমানৰ ইউনান প্রদেশৰ মুংমাও ৰাজ্যত।

প্রশ্ন : আহােমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : তেৰ শতিকাত।

প্রশ্ন : টাইসকল কাৰ নেতৃত্বত অসমলৈ আহিছিল আৰু কেতিয়াৰ পৰা তেওঁলােক আহােম হিচাবে অভিহিত হয়?
উত্তৰ : টাইসকল চুকাফাৰ নেতৃত্বত অসমলৈ আহিছিল। চুকাফাৰ নেতৃত্বত অসমত ৰাজ্য স্থাপন কৰাৰ পিছৰ পৰা তেওঁলােক আহােম হিচাবে পৰিচিত হয়।

প্রশ্ন : আহােমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল আৰু তেওঁলােকৰ ৰাজ্যৰ পৰিসীমা কিমানলৈকে আছিল?
উত্তৰ : আহােমসকলে অসমত ৬০০ বছৰৰাে অধিক কাল ৰাজত্ব কৰিছিল। প্রথমতে তেওঁলােকে পূর্ব অসমত বা সৌমাৰত ৰাজত্ব কৰিছিল যদিও পিছলৈ ই পশ্চিমে মানহলৈ বিস্তাৰিত হয়।

প্রশ্নঃ আহােমসকলৰ মূল ভাষা কি আছিল আৰু কেতিয়াৰ পৰা তেওঁলােকে অসমীয়া ভাষা গ্রহণ কৰে?
উত্তৰ : আহােমসকলৰ মূল ভাষা আছিল টাই বা শ্যান। ৰাজ্য বিস্তাৰৰ লগে লগে কালক্ৰমত জনসংখ্যাও বৃদ্ধি পােৱাত এওঁলােকে অসমীয়া ভাষা গ্রহণ কৰে। তথাপিও তেওঁলােকে পূজা ৰা ৰীতি-নীতি সম্বন্ধীয় কাম-কাজ টাই ভাষাতে কৰে।

প্রশ্ন : টাই ভাষা কোৱা মানুহ ক’ত ক’ত দেখা পােৱা যায় ?
উত্তৰঃ টাই ভাষা কোৱা মানুহ উত্তৰ-পূৱ ভাৰতৰ অসমৰ পৰা আৰম্ভ কৰি ম্যানমাৰ, দক্ষিন চীন, থাইলেণ্ড, লাওচ, কম্বােদিয়া আৰু ভিয়েটনামত দেখা পােৱা যায়।

প্রশ্ন : বর্তমান আহােমসকলৰ জনসংখ্যা কিমান?
উত্তৰ : ২৫ লাখ।

প্রশ্ন : অসমৰ কোন কোন ঠাই ত মূখ্যত আহােমসকল বসবাস কৰে?
উত্তৰ : চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যােৰহাট, গােলাঘাট, লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু গুৱাহাটীত।

আহোমসকল Class 9

প্রশ্ন : আহােমসকলৰ জীৱিকাৰ বিষয়ে লিখা?
উত্তৰ : মূখ্যত পূর্বত তেওঁলােকৰ জীৱিকা শালি ধানৰ খেতি আৰু গৰু-গাহৰি, হাঁহকুকুৰা আদি পালনেই আছিল। লগতে পুৰুষসকলে গছ মুগা আৰু মহিলাসকলে এৰি মুগা, পাট পলু আদিও পুহিছিল। তাৰােপৰি বসতিস্থলত শাকনিবাৰী, তামােল বাৰী আদি পতাও আহােমসকলৰ জীৱিকাৰ এক বিশেষ বৈশিষ্ট্য। বর্তমান সময়ত মাটি থকাসকল চাহ খেতিৰ প্রতিও আকৃষ্ট হােৱা দেখা যায়।

প্রশ্ন : পূৰ্বতে আহােমসকলে কেনেকুৱা ঘৰত বসবাস কৰিছিল?
উত্তৰ : চাং ঘৰত।

প্রশ্ন : আহােমসকলৰ ঘৰৰ বিৱৰণ দিয়া?
উত্তৰ : আহােমসকলৰ থকা ঘৰ দুটা বৰঘৰ আৰু চৰাঘৰ। বৰঘৰৰ মুধৰ কোঠাত এটা ৰান্ধনীশাল থাকে। পিছৰ কোঠাটো খােৱা ঘৰ হিচাবে ব্যৱহাৰ কৰে। বাকী থকা কোঠাবােৰ জীয়ৰীসকলৰ শােৱা কোঠা। চৰা ঘৰ আলহি-অতিথি বহা আৰু শােৱা কোঠা হিচাবে ব্যৱহৃত হয়। তাৰােপৰি ভঁড়ালঘৰ, গােহালি ঘৰ, কুকুৰা গৰাল, হাঁহ-ছাগলী গৰাল আৰু গাহৰি গৰাল আদি থকা দেখা যায়।

প্রশ্ন : আহােমসকলৰ মূখ্য আহাৰ কি?
উত্তৰ : ভাত ।

প্রশ্ন : আহােমসকলৰ প্রধান পানীয় কি?
উত্তৰ : লাও বা সাজ।

Read Also: নৱম শ্ৰেণীৰ অসমীয়া

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam