মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Class 12 – ষষ্ঠ অধ্যায় অর্থনীতি বিজ্ঞান

মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান | Class 12 Economics Chapter 6 Assamese Medium | মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Question Answer

বিষয় অৰ্থনীতি বিজ্ঞান দ্বাদশ শ্ৰেণীৰ
পাঠৰ নামমুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ6
অধ্যায়ষষ্ঠ অধ্যায়
শ্ৰেণী দ্বাদশ শ্ৰেণী অর্থনীতি বিজ্ঞান
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Class 12

(ক) অতি চমু প্রশ্ন উত্তৰ : (মূল্যাংক- ১).

১। যদি আমদানি ফলন, M = 50+ 0.4y তেন্তে প্রান্তিক আমদানিৰ প্ৰৱণতা কিমান?
উত্তৰ : প্রান্তিক আমদানিৰ প্ৰবণতা হ’ল 0.4

২। মুক্ত অর্থনীতিৰ সংজ্ঞা দিয়া।
উত্তৰ : যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ সৈতে সংযোগ স্থাপিত হয়, সেই আর্থিক ব্যৱস্থাই হ’ল মুক্ত অর্থনীতি।

৩। শুদ্ধ বা অশুদ্ধ লিখাঃ
সৰ্বমুঠ ঘৰুৱা উৎপাদন (GDP) ৰ অংশ হিচাপে মুঠ বৈদেশিক বাণিজ্য হ’লে অর্থনীতি এখনৰ মুক্ততাৰ সৰ্বসাধাৰণ জোখ।
উত্তৰঃ শুদ্ধ।

8। 2006-07 ভাৰতৰ বৈদেশিক বাণিজ্য, মুঠ ঘৰুৱা উৎপাদনৰ 34.9% আছিল, আৰু 1985-86 চনত আছিল 20.9% উক্ত কথাষাৰৰ ভিত্তিত, কোনটো বছৰত ভাৰতৰ অর্থনীতি আটাইতকৈ মুক্ত আছিল।
উত্তৰ: 2006-07 চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ পৰিমাণ (মুঠ ঘৰুৱা উৎপাদনৰ) 1985-86 চনতকৈ বেছি আছিল। গতিকে 2006-07 চনত ভাৰতৰ অৰ্থনীতি তুলনামূলকভাৱে অধিক মুকলি আছিল।

৫।শুদ্ধ বা অশুদ্ধ লিখা :
আন্তঃৰাষ্ট্ৰীয় স্তৰত কেন্দ্ৰীয় কৰ্তৃত্বৰ দ্বাৰা প্ৰৱৰ্তিত একক মুদ্ৰা বিৰাজ কৰে। উত্তৰঃ অশুদ্ধ।

৬। লেনদেনৰ উদ্ধৃত (BOP) কি?
উত্তৰঃ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ লগত বিশ্বৰ আনবোৰ দেশৰ আৰ্থিক লেন-দেন পুঙ্খানুপুঙ্খ খতিয়ানকে আন্তর্জাতিক বাণিজ্যৰ লেন-দেন পৰিশোধৰ সমতা বোলা হয়।

৭। লেনদেনৰ উদ্ধৃতৰ দুটা মুখ্য হিচাপ কি?
উত্তৰঃ বৈদেশিক লেনদেনৰ বিবৃতিৰ মূল হিচাপ দুটা হ’ল চলিত হিচাপ আৰু মূলধনী হিচাপ।

৮। এখন দেশৰ একে সময়তে বাণিজ্য ঘাটি আৰু ৰাহি চলিত হিচাপ থাকিব পাৰে নে?
উত্তৰঃ এখন দেশৰ বৈদেশিক বাণিজ্যত ঘাটিৰ বিপৰীতে একেলগে চলিত হিচাপত ৰাহিৰ সৃষ্টি হ’ব পাৰে।

৯। অদৃশ্যমান বাণিজ্য কি?
উত্তৰঃ অদৃশ্যমান স্পৰ্শ অযোগ্য আৰু হস্তান্তৰ অযোগ্য সামগ্রী (যেনে সেৱাকাৰ্য) লেনদেন হ’ল অদৃশ্যমান বাণিজ্য।

১০। হস্তান্তৰযোগ্য ব্যয় কি?
উত্তৰ : এখন দেশৰ বাসিন্দাসকলে যিবোৰ আয় মুক্তভাৱে লাভ কৰে আৰু যাৰ বিনিময়ত বর্তমান আৰু ভৱিষ্যতেও কোনো মূল্য প্রদান কৰিব নালাগে তেনেবোৰ প্ৰাপ্তিক হস্তান্তৰ পৰিশোধ বোলে। যেনে- উপহাৰ, দান।

১১। বৈদেশিক বিনিময় বজাৰ কি?
উত্তৰ : বৈদেশিক মুদ্ৰাৰ ক্ৰয় আৰু বিক্ৰয়ৰ আনুষ্ঠানিক ব্যৱস্থাক বৈদেশিক মুদ্ৰাৰ বজাৰ বোলা হয়।

১২। বৈদেশিক বিনিময় বজাৰৰ এটা মুখ্য অংশ গ্রহণকাৰীৰ নাম লিখা।
উত্তৰ : বাণিজ্যিক বেংক।

১৩। বৈদেশিক বিনিময় হাৰৰ সংজ্ঞা দিয়া।
উত্তৰ : দুখন দেশৰ মুদ্ৰা যিটো হাৰত বিনিময় কৰা হয় তাক বৈদেশিক বিনিময় হাৰ বোলা হয়। এই হাৰত এখন দেশৰ ৰপ্তানি আৰু আমদানিৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

১৪। “টকা-ডলাৰৰ বিনিময় হাৰ হ’ল 45 টকা।” — উক্ত উক্তিটোৱে কি সূচায়?
উত্তৰ : এক টকা আৰু এটা ডলাৰৰ বিনিময় হাৰ 45 মানে হ’ল এক ডলাৰ ক্ৰয়ৰ বাবে প্রয়োজন হোৱা ব্যয় হ’ল 45 টকা।

১৫। ক্রয় ক্ষমতাৰ চৰ্ত্ত (Purchasing Power Parity) কি?
উত্তৰঃ ক্রয় ক্ষমতাৰ সমতাই প্রকৃত বিনিময় হাৰ একৰ সমান হোৱাটো বুজায়। দুখন দেশত বস্তুবোৰ যেতিয়া একেই মুদ্ৰাত জোখা হয়, তেতিয়া এইবোৰৰ ব্যয় দুয়োখন দেশতে একে হয়।

১৬। প্রকৃত বিনিময় হাৰ কি?
উত্তৰ : প্রকৃত বিনিময় হাৰ হ’ল বৈদেশিক মূল্যবোৰ আৰু ঘৰুৱা মূল্যবোৰৰ অনুপাত, যাক একে মুদ্ৰাৰ দ্বাৰা জোখা হয়।

১৭। Y = C+I+G+ NX – এই সমীকৰণৰ ‘NX’ কি সূচায়?
উত্তৰ : Y = C +I+G+ Nx – সমীকৰণটোত Nx এ নিগুট বা প্রকৃত ৰপ্তানিক বুজাইছে। প্রকৃত ৰপ্তানি যোগাত্মক হ’লে বাণিজ্য ৰাহি আৰু প্ৰকৃত ৰপ্তানি ঋণাত্মক হ’লে বাণিজ্য ঘাটি বুজাব।

Class 12 Economics Chapter 6 Question Answer Assamese Medium

১৮। শুদ্ধ বা অশুদ্ধ লিখা :
ধনাত্মক NXয়ে বাণিজ্যিক ৰাহিক সূচায়।
উত্তৰঃ শুদ্ধ।

১৯। শুদ্ধ উত্তৰটো লিখাঃ
পেগ্দ বিনিময় হাৰত, যেতিয়া ঘৰুৱা মুদ্ৰাৰ মূল্য হ্রাস হয়, ইয়াক অফিচিয়েল ক্রীড়াত কোৱা (অৱমূল্যায়ন/পুনঃমূল্যায়ন/অৱক্ষয়)।
উত্তৰ: অবমূল্যায়ন।

২০। আন্তৰাষ্ট্ৰীয় বিনিময় তত্বটোৰ নাম লিখা, য’ত এইটো কোৱা হয় যে, বিভিন্ন দেশত সাদৃশ্যযুক্ত সামগ্ৰীৰ দৰ একে।।
উত্তৰঃ ক্রয় ক্ষমতাৰ চৰ্ত তত্ত্ব। (Purchasing Power Parity Theory)

২১। দ্বৈত মৌদ্রিক বিনিময় হাৰ কি?
উত্তৰঃ কোনো এখন দেশৰ মুদ্ৰাৰ লগত অন্য এখন দেশৰ মুদ্ৰাৰ বিনিময়ৰহাৰক মৌদ্রিক বিনিময় হাৰ বোলে, যেনে ১ ডলাৰ = ৫০ টকা।

২২। বৈদেশিক মুদ্ৰাৰ যোগানৰ দুটা উৎস উল্লেখ কৰা।
উত্তৰ : ৰপ্তানীকৃত দ্রব্য, বৈদেশীক পৰ্য্যতকৰ ভ্ৰমণ।

২৩। তলত উল্লেখ কৰা শব্দ দুটাৰ অৰ্থনৈতিক ধাৰণা সম্পূৰ্ণকৈ লিখা— NEER, REER
উত্তৰ : সাধাৰণ বিনিয়োগৰ হাৰ (NEER)
প্ৰকৃত বিনিয়োগৰ হাৰ (REER)

২৪। সত্য নে অসত্য লিখা :
যদি প্রকৃত বিনিময়ৰ হাৰ একৰ সমান হয়, তেন্তে মুদ্ৰাবোৰ ক্ৰয় ক্ষমতাত সমতাৰ উপনীত হয়। উত্তৰঃ সত্য।

২৫। বৈদেশিক লেনদেনৰ বিবৃতিৰ ভাৰসমতা মানে কি?
উত্তৰঃ ই হ’ল যত দেনা আৰু পাওনাৰ মান সমান, অথবা য’ত ৰাহি বা ঘাটি নহয়।

২৬। বৈদেশিক লেনদেনৰ বিবৃতিৰ তৃতীয় উপাদানটো কি?
উত্তৰঃ তৃতীয় উপাদানটো হ’ল – স্বনিৰূপিত আৰু অৰ্ন্তভুক্ত বিষয়সমূহ।

মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Class 12

(খ) চমু প্রশ্ন উত্তৰ II প্ৰকাৰৰ : (মূল্যাংক – ৩)

১। মুক্ত অর্থনীতিৰ পৰিপ্ৰেক্ষিতত উৎপাদন বজাৰ যোগসূত্র (linkage), বিত্তীয় বজাৰ যোগসূত্ৰ আৰু উপাদান বজাৰ যোগসূত্ৰৰ অৰ্থ লিখা।
উত্তৰ : আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ফলত ভোক্তাসকলে আৰু প্ৰতিষ্ঠানবোৰে বিভিন্ন ধৰণৰ ঘৰুৱা আৰু বৈদেশিক সামগ্ৰীৰ মাজত পছন্দ কৰাৰ সুযোগ পায়। ই হ’ল বজাৰ সংযোগ। বিনিয়োগকাৰীসকলে ঘৰুৱা আৰু বৈদেশিক পৰিসম্পত্তিৰ মাজত পছন্দ কৰাৰ সুযোগ পায়,
ইয়ে বিত্তীয় বজাৰ সংযোগৰ সৃষ্টি কৰে। প্রতিষ্ঠানবোৰে নিজৰ পছন্দ অনুসৰি উৎপাদন প্রতিষ্ঠান কত স্থাপন কৰিব আৰু শ্ৰমিকসকলে ক’ত কাম কৰিব সেইটো ঠিক কৰিব পাৰে। এয়া হ’ল উৎপাদনৰ উপাদানৰ বজাৰ সংযোগ।

২। ‘পেগছ’ (pegged) বিনিময় হাৰ ব্যৱস্থা কি?
উত্তৰ: শিথিল বিনিময় হাৰ পদ্ধতি হ’ল বিনিময় হাৰটো এটা নিৰ্দিষ্ট স্তৰত শিথিল কৰা হয়। এই হাৰ মুদ্ৰা কৰ্তৃপক্ষবোৰে তদাৰক কৰে। এই মূল্যত বিনিময় হাৰ এটা নীতি চলকহে, কাৰণ ই পৰিৱৰ্তনো হ’ব পাৰে৷ যেতিয়া শিথিল বিনিময় হাৰ পদ্ধতিত সামাজিক কাৰ্যৰ দ্বাৰা বিনিময় হাৰ বৃদ্ধি কৰা হয়, তাক মুদ্ৰাৰ অৱমূল্যায়ন বুলি কোৱা হয়। শিথিল বিনিময় হাৰ ব্যৱস্থাত চৰকাৰে মুদ্ৰাৰ অৱমূল্যায়ন আৰু মুদ্ৰাৰ ঊৰ্ধ্বায়নৰ সহায় লৈ বিনিময় হাৰৰ পৰিৱৰ্তন কৰিব পাৰে।

লগতে পঢ়ক:   চৰকাৰ : কাৰ্যাৱলী আৰু পৰিসৰ Class 12 (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

৩। মুদ্ৰাৰ অৱমূল্যায়ন কি ?
উত্তৰ : বিদেশী মুদ্ৰাৰ ঘৰুৱা মুদ্ৰামূল্য বৃদ্ধিপালে মুদ্ৰাৰ অৱমূল্যায়ন ঘটা বুলি কোৱা হয়। উদাহৰণস্বৰূপে ১ আমেৰিকান ডলাৰৰ বাবে অধিক ভাৰতীয় টকা দিব লগা হ’লে টকাৰ অৱমূল্যায়ন বা মূল্য হ্রাস ঘটা বুলি কোৱা হয়।

8 ৷ সোণ মান কি ?
উত্তৰ: প্রায় 1870 চনৰ পৰা 1914 চনলৈ স্বর্ণমান ব্যৱস্থা বিৰাজ কৰিছিল। এই পদ্ধতিটো হ’ল স্থিৰ বিনিময় হাৰ পদ্ধতিৰ এটা শ্রেষ্ঠ আৰ্হি। সকলোবোৰ মুদ্ৰাক সোণৰ মানত প্ৰকাশ কৰা হৈছিল। এই ব্যৱস্থাত প্ৰত্যেকখন অংশগ্ৰহণকাৰী দেশে ইয়াৰ মুদ্ৰাক এটা স্থিৰ মূল্যত সোণলৈ মুক্তভাৱে ৰূপান্তৰিত কৰিব বুলি নিশ্চয়তা প্ৰদান কৰিছিল। প্রত্যেক মুদ্ৰাক আন যিকোনো মুদ্ৰালৈ এটা স্থিৰ মূল্যত পৰিৱৰ্তন কৰা সম্ভৱ হৈ উঠিছিল। বিনিময় হাৰবোৰ সোণৰ মানত থকা ইয়াৰ মূল্যৰ দ্বাৰা নিৰ্ধাৰণ হৈছিল। মুক্ত বাণিজ্যই লেনদেনৰ ঘাটি আৰু ৰাহি স্বয়ংক্রিয়ভাৱে আঁতৰ কৰিছিল। বিনিময় হাৰৰ স্থিৰতা ৰক্ষা হৈছিল। দুই বিশ্ব মহাসমৰৰ অন্তবর্তী কালছোৱাত আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত অস্থিৰতা আৰু অনিশ্চয়তাই দেখা দিয়ে। কাৰণ স্বর্ণমানত থকা দেশসমূহে স্বর্ণমানৰ নিয়মাৱলী ভংগ কৰিবলগীয়া হ’ল। স্বর্ণমানৰ নিয়মাবলী ভংগ কৰিবলৈ যাওঁতে মুদ্রাস্ফীতি বা অৱস্ফীতি আদৰি ল’বলগীয়া হ’ল।

৫। ‘মেনেজ ফ্লেটিঙ’ – বিনিময় হাৰ ব্যৱস্থা কি?
উত্তৰঃ 1971 চনৰ পৰা প্ৰায়বোৰ দেশত পৰিচালিত ভাসমান বিনিময় হাৰ পদ্ধতিৰ প্ৰচলন হৈছে। এইটো হৈছে স্থিৰ বিনিময় হাৰ পদ্ধতি আৰু পৰিৱৰ্তনশীল বিনিময় হাৰ পদ্ধতিৰ সংমিশ্রণ। এই ব্যৱস্থাক লেতেৰা ভাসমান বুলিও কোৱা হয়। এই পদ্ধতিত এখন দেশৰ মুদ্ৰাক বৈদেশিক বিনিময় বজাৰত ভাহিবলৈ দিয়া হয় আৰু বজাৰ শক্তি অনুসৰি বিনিময় হাৰ নিৰ্ণয় কৰা হয়। এই ব্যৱস্থাই সম্পূৰ্ণৰূপে চৰকাৰী হস্তক্ষেপ নথকাটো নুবুজায়। প্রয়োজন অনুসৰি বিনিময় হাৰৰ উত্থান-পতন ৰোধ কৰিবলৈ মৌদ্ৰিক কৰ্তৃপক্ষই হস্তক্ষেপ কৰে। তেওঁলোকে বৈদেশিক মুদ্ৰাৰ ক্রয়-বিক্ৰয়ৰ ওপৰত হস্তক্ষেপ কৰি বিনিময় হাৰৰ গতিশীলতাক সুস্থ কৰিবলৈ চেষ্টা চলায়। সেয়েহে চৰকাৰী সংৰক্ষণ লেনদেনবোৰ শূন্যৰ সমান নহয়।

Class 12 Economics Chapter 6 Question Answer Assamese Medium

৬। ‘বাৰণ্ট উড’ ব্যৱস্থা বর্ণনা কৰা।
উত্তৰঃ ‘ব্ৰিটোন উড্‌চ’ পদ্ধতি হ’ল স্থিৰ বিনিময় হাৰ পদ্ধতি যদিও ই পৰিৱৰ্তনো হ’ব পাৰে। এই পদ্ধতিৰ মূল কথাখিনি হ’ল—
(i) বিভিন্ন দেশৰ মুদ্ৰাবোৰ আমেৰিকান ডলাৰৰ লগত সম্পর্কিত।
(ii) দুটা প্রচলিত মুদ্ৰাৰ মাজত সোণ চূড়ান্ত সমতাৰ একক হিচাপে গণ্য কৰা হয়।
(iii) আমেৰিকান ডলাৰক স্থিৰ মূল্যত স্বর্ণমূল্য প্ৰদান কৰা হয়।
(iv) ডলাৰ সাপেক্ষে এখন দেশৰ মুদ্ৰাৰ মূল্যই স্বর্ণসাপেক্ষে সেই মুদ্ৰাৰ মূল্য সূচায়।
(v) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি সাপেক্ষে এখন দেশৰ মুদ্ৰাৰ সমতা মূল্য পৰিৱৰ্তন সম্ভৱ হয়।
1971 চনত আমেৰিকাই ইয়াৰ মুদ্ৰাক পোনতে ভাসমান হিচাপে স্বীকৃতি দিবলৈ বাধ্য হৈছিল আৰু স্থিৰ বিনিময় হাৰ ব্যৱস্থাক সম্পূৰ্ণৰূপে ত্যাগ কৰিছিল। ইয়ে ‘ব্ৰিটোন উড্‌চ’ পদ্ধতি ধ্বংস কৰাত অৰিহণা যোগাইছিল।

৭। ধৰা, 1 US ডলাৰ কিনিবলৈ 45 টকা লোৱা হয়। যদি ভাৰতত কফি একাপৰ দৰ 10 টকা হয় আৰু US ত 0.5$ হয়, প্রকৃত বিনিময় হাৰ কিমান?
উত্তৰঃ প্রকৃত বিনিময় হাৰ =ePf/P

য’ত
e= মৌদ্রিক বিনিময় হাৰ
P= দেশৰ মূল্যস্তৰ
Pf = বিদেশৰ মূল্যস্তৰ
দিয়া আছে 45 টকা = 1 ডলাৰ
প্রকৃত বিনিময় হাৰ = 45 ×0.5/10=2.25

গতিকে আমেৰিকাত এক একক ক্ৰয়ৰ বাবে ভাৰতত 2.25 একক দ্ৰব্যৰ প্ৰয়োজন হ’ব।

৮। যদি এখন মুক্ত অর্থনীতিত, প্রান্তিক উপভোগ প্রবণতা (c) ০.৮ হয় আৰু প্রান্তিক আমদানি প্রবণতা (m) 0.2 হয়, তেন্তে আয় গুণকৰ আকাৰ উলিওৱা।
উত্তৰঃ দিয়া আছে. c = 0.8, m = 0.2
মুক্ত অর্থনীতিৰ গুণক =1 /1-c+m = 1/1-0.8+0.2 = 1/0.4
= 2.5

৯। ক্রয় ক্ষমতাৰ চৰ্ত্ত (Purchasing Power Parity) কি?
উত্তৰঃ ক্রয় ক্ষমতাৰ সমতাই প্রকৃত বিনিময় হাৰ একৰ সমান হোৱাটো বুজায়। দুখন দেশত বস্তুবোৰ যেতিয়া একেই মুদ্ৰাত জোখা হয়, তেতিয়া এইবোৰৰ ব্যয় দুয়োখন দেশতে একে হয়।

১০। হস্তান্তৰযোগ্য ব্যয় কি?
উত্তৰ : এখন দেশৰ বাসিন্দাসকলে যিবোৰ আয় মুক্তভাৱে লাভ কৰে আৰু যাৰ বিনিময়ত বৰ্তমান আৰু ভৱিষ্যতেও কোনো মূল্য প্রদান কৰিব নালাগে তেনেবোৰ প্ৰাপ্তিক হস্তান্তৰ পৰিশোধ বোলে৷ যেনে— উপহাৰ, দান।

১১। পৰিচালিত ভাসমান বিনিময় হাৰ ব্যৱস্থাই কি বুজায় ব্যাখ্যা কৰা।
উত্তৰঃ এই বিনিময় হাৰ মুক্তভাবে বজাৰ, শক্তিসমূহ যেনে চাহিদা আৰু যোগানে নিৰ্দ্ধাৰণ কৰে। এই পদ্ধতিত বিনিময় বজাৰত বিনিময় হাৰ মুক্তভাবে নিৰ্দ্ধাৰিত হ’বলৈ অনুমতি দিয়ে। ইয়াত সকলো সময়তে বিনিময় হাৰ পৰিবৰ্তন হ’ব পাৰে।

১২। শুদ্ধ ৰপ্তানি কি? বাণিজ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি?
উত্তৰঃ শুদ্ধ ৰপ্তানি হৈছে বিদেশী বজাৰত দ্ৰব্য আৰু সেৱা বিক্ৰী কৰি পোৱা বিদেশী মুদ্রা দেশীয় মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰে। বাণিজ্যৰ ক্ষেত্ৰত এখন দেশৰ ৰপ্তানিকাৰী সকলেই হৈছে প্রধান বিদেশী মুদ্রা যোগান ধৰোঁতা ।

১৩। এখন অৰ্থনীতিৰ উন্নয়নৰ বাবে বাণিজ্য-ঘাটি কেতিয়া অপকাৰী নহয়?
উত্তৰঃ লেনদেনৰ সমতাৰ স্বনিৰূপিত লেনদেন হয় আর্থিক বিবেচনাৰ ওপৰত। যেনে লাভৰ ওপৰত৷ যেতিয়া স্বনিৰূপিত বিষয়ৰ লেনদেনৰ বাবে অন্তঃগমনতকৈ সৰ্বমুঠ বর্হিঃগমন অধিক হয় তেতিয়া বাণিজ্য ঘাটিয়ে দেখা দিয়ে আৰু ই অপকাৰী নহয় ।

১৪। বৈদেশিক লেনদেনৰ বিবৃতিৰ ‘লাইনৰ ওপৰৰ’ আৰু ‘লাইনৰ তলৰ’ বিষয়বোৰ কি?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় আর্থিক লেন-দেনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সৰ্বাধিক লাভ, সুদূৰ যোগেদি হোৱা আয় আদিকে স্বয়ংক্রিয় বিষয় বোলে। এনে ধৰণৰ লেন-দেনবোৰ দেশ এখনৰ লেন- দেনৰ সমতা অৱস্থাৰ ওপৰত নিৰ্ভৰশীল নহয়। এনেবোৰ বিষয়ক ‘লাইনৰ ওপৰৰ’ বিষয় বোলে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় আৰ্থিক নীতি অনুসৰি চৰকাৰ আৰু কেন্দ্ৰীয় বেংকে সংৰক্ষিত লেনদেনৰ পৰিমাণ হিচাপ কৰি উলিয়ায়। এনেকুৱা লেনদেনক প্রণোদিত লেনদেন বোলে। ইয়াৰ জৰিয়তে চলিত হিচাপৰ ৰাহি মূলধনী হিচাপৰ ঘাটিতে নোহোৱা কৰিব পাৰি। এনেবোৰ বিষয়ক ‘লাইনৰ তলৰ’ বিষয় বোলে।

মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Class 12

(গ) চমু প্রশ্ন উত্তৰ I প্ৰকাৰৰ : (মূল্যাংক-৪)

১। এখন মুক্ত অর্থনীতি আৰু বন্ধ অৰ্থনীতিৰ পাৰ্থক্য লিখা।
উত্তৰঃ যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক অর্থনীতিৰ সৈতে কোনো সম্পর্ক নাথাকে, সেই আর্থিক ব্যৱস্থাটোৱেই হ’ল বন্ধ অর্থনীতি। এনে আর্থিক ব্যৱস্থা বহির্বাণিজ্যহীনতা অৱস্থা বুলি কোৱা হয়। আনহাতে, যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ সৈতে সংযোগ স্থাপিত হয়, সেই আর্থিক ব্যৱস্থাই হ’ব মুক্ত আর্থিক ব্যৱস্থা। ই হ’ল আন্তর্জাতিক বাণিজ্যযুক্ত আৰ্থিক ব্যৱস্থা।

বন্ধ অৰ্থনীতিত দেশৰ ভিতৰতেই একেবিধ মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। কিন্তু মুক্ত অর্থনীতিত বৈদেশিক বাণিজ্য আছে বাবে বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন হয়।
বন্ধ অৰ্থনীতিত আক্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বেংক আদিৰ প্ৰয়োজন নাথাকে কিন্তু মুক্ত অর্থনীতিত বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধি আদিয়ে প্রভাৱ বিস্তাৰ কৰে।

২। লেন-দেনৰ উদ্বৃত্তৰ মুখ্য হিচাপ দুটাৰ ব্যাখ্যা কৰা।
উত্তৰঃ বৈদেশিক লেনদেনৰ বিবৃতিৰ দুটা হিচাপ থাকে—(i) চলিত হিচাপ আৰু (ii) মূলধনৰ হিচাপ।
(i) চলিত হিচাপঃ চলিত হিচাপত দ্ৰব্য আৰু সেৱাৰ মাধ্যমত হোৱা সকলো ধৰণৰ আমদানি আৰু ৰপ্তানিৰ লগতে হস্তান্তৰ পৰিশোধ বা হস্তান্তৰ প্ৰদানসমূহক অন্তৰ্ভুক্ত কৰা হয়। দ্ৰব্যৰ ভিতৰত চাউল, ঘেঁহুৰ দৰে দৃশ্যমান দ্ৰব্যৰ আমদানি-ৰপ্তানি অন্তর্ভুক্ত হয়। অদৃশ্যমান সেৱাই উৎপাদনৰ উপাদানৰ আয় আৰু অনা-উপাদানৰ আয়ক অন্তর্ভুক্ত কৰে। আকৌ এখন দেশৰ বাসিন্দা আৰু অবাসিন্দাসকলৰ মাজত হোৱা হস্তান্তৰ পৰিশোধক অন্তর্ভুক্ত কৰা হয়। হস্তান্তৰ পৰিশোধ চৰকাৰী বা বেচৰকাৰী হ’ব পাৰে। চৰকাৰী হস্তান্তৰ পৰিশোধ যেনে বিদেশী চৰকাৰে দিয়া দান, নগদ টকাৰ সাহায্য, UN বা WHOৰ পৰা পোৱা বৰঙণি আদি। সেইদৰে উপহাৰ, দান আদি বেচৰকাৰী হস্তান্তৰ প্ৰদান।

লগতে পঢ়ক:   সমষ্টিবাদী অর্থবিজ্ঞানৰ আৰম্ভণি Class 12 | Chapter 1 | অর্থবিজ্ঞান প্ৰথম অধ্যায়

(ii) মূলধনী হিচাপঃ হ্রসকালীন আৰু দীর্ঘকালীন ঋণ আৰু ব্যক্তিগত আৰু চৰকাৰী বিনিয়োগৰ ৰূপত বিত্তীয় সম্পত্তিৰ লেনদেনেৰে মূলধনী হিচাপ গঠিত হয়। ইয়াৰ লগতে চৰকাৰী ৰিজাৰ্ভ এচেটৰ হিচাপো মূলধন হিচাপৰ অন্তৰ্ভুক্ত হয়। গতিকে মূলধনী হিচাপত সকলো ধৰণৰ সম্পত্তিৰ আন্তর্জাতিক ক্রয়-বিক্রয় অন্তর্ভুক্ত হয়। ই ঋণ আৰু বিনিয়োগৰ আন্তর্জাতিক প্রবাহ দেখুৱায় আৰু দেশখনৰ বিদেশী সম্পত্তি আৰু দেনাৰ পৰিৱৰ্তনক উপস্থাপন কৰে।

৩। লেনদেনৰ উদ্বৃত্তৰ স্বতন্ত্র লেনদেন আৰু অন্তর্ভুক্ত লেনদেনৰ পাৰ্থক্য লিখা।
উত্তৰ : এখন দেশৰ বৈদেশিক লেনদেনৰ বিবৃতি বা পৰিশোধৰ সমতাৰ অৱস্থাৰ লগত কোনো সম্পর্ক নোহোৱাকৈ যেতিয়া দেশখনে আন্তর্জাতিক অর্থনৈতিক লেনদেন সম্পন্ন কৰে, তেনেবোৰ লেনদেনক স্বতন্ত্র লেনদেন বা লাইনৰ ওপৰত লেনদেন বুলি কোৱা হয়। উদাহৰণ— কেৱল লাভ অৰ্জনৰ উদ্দেশ্যে কৰা লেনদেন। যদি এখন দেশৰ বৈদেশিক বাণিজ্যৰ স্বতন্ত্র প্রাপ্তিবোৰ ইয়াৰ স্বতন্ত্ৰ প্ৰদানতকৈ অধিক (কম) হয়, তেন্তে ইয়াক পৰিশোধৰ সমতা (BOP)ৰ ৰাহি (ঘাটি) বুলি কোৱা হয়।

আনহাতে ব্যৱস্থাপক লেনদেনবোৰ স্বতন্ত্র বিষয়সমূহৰ বা লেনদেনবোৰৰ প্ৰকৃত ফলাফলৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। দেশ এখনৰ আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ বিবৃতিৰ পৰিণতি হিচাপে ব্যৱস্থাপক লেনদেনবোৰ সম্পাদিত হয়। ধৰা হ’ল ভাৰতৰ লেনদেন বিবৃতি বা পৰিশোধৰ সমতাই 500 নিযুত ডলাৰ ঘাটি দেখুৱাইছে। তেতিয়া ভাৰতে সেই পৰিমাণ ঋণ হিচাপে বিচাৰিব লাগিব। এই পৰিমাণৰ ঋণ কিন্তু স্বতন্ত্র লেনদেনবোৰৰ ফলত সৃষ্টি হোৱা ঘাটিৰ কাৰণেহে উৎপত্তি হৈছে। গতিকে ই হ’ল ব্যৱস্থাপক লেনদেন। গতিকে বৈদেশিক লেনদেনৰ ঘাটি হৈছে নে ৰাহি হৈছে সেয়া ব্যৱস্থাপক লেনদেনৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি। এই ব্যৱস্থাপক লেনদেনবোৰে ঘাটি বা ৰাহি দূৰ কৰি লেনদেনৰ বিবৃতিক সমতালৈ আনে।

৪। পৰিবৰ্তনীয় বিনিময় হাৰ নিৰ্দ্ধাৰণত কল্পনা/ফটকাৰ ভূমিকা বর্ণনা কৰা৷
উত্তৰ: বিনিময় হাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ হস্তক্ষেপৰ পৰিৱৰ্তে বিনিময় মুদ্ৰাৰ চাহিদা আৰু যোগানৰ পৰিৱৰ্তনৰ ভিত্তিত মুক্তভাৱে বিনিময় হাৰ নিৰ্ধাৰণ কৰিলে তাক পৰিৱৰ্তনশীল বিনিময় হাৰ বোলা হয়।

সুবিধা:
(ক) পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাই বিনিময় হাৰৰ প্ৰয়োজনীয় সংশোধন ঘটোৱাৰ সুবিধা প্ৰদান কৰে।
(খ) পৰিৱৰ্তনশীল বিনিময় হাৰ গ্ৰহণ কৰিলে এখন দেশে ইয়াৰ আভ্যন্তৰীণ কাম-কাজ নিয়ন্ত্ৰণৰ বাবে স্বতন্ত্ৰ মুদ্ৰানীতি কাৰ্যকৰী কৰাটো সম্ভৱপৰ কৰি তোলে।
(গ) পৰিৱৰ্তনশীল বিনিময় হাৰে এখন দেশৰ বৈদেশিক বাণিজ্যৰ লেন-দেনৰ ভাৰসমতা স্বয়ংক্রিয়াভাৱে নিৰ্ধাৰিত হোৱাত সহায় কৰে।

Class 12 Economics Chapter 6 Question Answer Assamese Medium

৫। বিনিময় হাৰ নিৰ্দ্ধাৰণত সুদৰ হাৰৰ ভূমিকা ব্যাখ্যা কৰা ৷
উত্তৰঃ হুস্বকালত বৈদেশিক বিনিময় হাৰ নিৰ্ধাৰণত আন এটা গুৰুত্বপূৰ্ণ উপাদান হ’ল সুদৰ হাৰৰ পাৰ্থক্য। অর্থাৎ দুখন দেশৰ মাজত থকা সুদৰ হাৰৰ পাৰ্থক্য। বেংকবোৰ, বহুজাতিক কর্পোৰেছনবোৰ আৰু সম্পত্তিশালী ব্যক্তিসকলৰ মালিকানাত বৃহৎ পৰিমাণৰ পুঁজি থাকে আৰু এই পুঁজিসমূহ সর্বোচ্চ সুদৰ অনুসন্ধানত বিশ্বৰ চাৰিওফালে প্রবাহিত হয়।

মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান
মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান

চিত্ৰত বৈদেশিক বিনিময়ৰ যোগান ৰেখা সোঁফালে গতি কৰাৰ ফলত বিনিময় হাৰ পূৰ্বৰ $1 = Rs 50 ৰ ঠাইত $1 = Rs 40 হৈছে। গতিকে আমেৰিকাৰ তুলনাত ভাৰতত আপেক্ষিকভাৱে এক উচ্চ সুদৰ হাৰ থকা কাৰণে ডলাৰৰ মূল্য হ্রাস পাইছে।

৬। এখন অৰ্থনীতিৰ প্ৰগতিত বাণিজ্য ঘাটি অনিষ্টকাৰক নেকি?
উত্তৰ : এখন অৰ্থনীতিৰ বিকাশত বাধাগ্রস্ত হোৱাৰ সম্ভাৱনা থাকে তেতিয়া, যেতিয়া বাণিজ্য ঘাটিয়ে কম পৰিমাণৰ বাজেট ঘাটি প্রতিফলিত কৰে। অৰ্থনীতি এখনে যেতিয়া বাজেট ঘাটি আৰু বাণিজ্য ঘাটি দুয়োটাৰে একেলগে সন্মুখীন হয় তেতিয়া ইয়াক দ্বৈত ঘাটিৰ সন্মুখীন হোৱা বুলি কোৱা হয় ৷ ঘাটিয়ে বৃহৎ পৰিমাণৰ চৰকাৰী আৰু বেচৰকাৰী ভোগ প্রতিফলিত কৰে। এনে ক্ষেত্ৰত ঋণ পৰিশোধ কৰিবলৈ সক্ষম হোৱাৰ জোখাৰে প্ৰয়োজনীয় পৰিমাণৰ উন্নয়ন সাধন কৰিবলৈ দেশৰ মূলধন মজুতৰ পৰিমাণো দ্ৰুতহাৰত বৃদ্ধি নহয়। বাণিজ্যৰ ঘাটিয়ে যদি বিনিয়োগ বৃদ্ধিক প্রতিফলিত কৰে তেন্তেই বিশেষ ক্ষতিকাৰক নহয়। বর্ধিত বিনিয়োগে শীঘ্ৰে মূলধন মজুত বৃদ্ধি কৰিব আৰু ভৱিষ্যতে উৎপাদন বৃদ্ধি পাব। গতিকে বাণিজ্যিক ঘাটি আৰু বাজেট ঘাটি লগ লাগি সৃষ্টি কৰা ঘাটিয়ে ব্যক্তিগত বা চৰকাৰী ভোগ বৃদ্ধি কৰি অৰ্থনীতিত সঞ্চয়ৰ পৰিমাণ কমাই মূলধন গঠনত বাধাৰ সৃষ্টি কৰিব। এনেদৰে বাণিজ্য ঘাটি দেশৰ অর্থনৈতিক বিকাশত বাধাৰ সৃষ্টি কৰিব।

৭। মুদ্ৰাৰ বহির্মূল্য হ্রাস বা মুদ্ৰাৰ বৰ্হিমূল্য বৃদ্ধিৰ পাৰ্থক্য লিখা।
উত্তৰঃ এটা মুদ্ৰাৰ মূল্য হ্রাসে মুদ্ৰাটোৰ বৰ্হিঃমূল্য হ্রাস পোৱাটো বুজায় ৷ যেতিয়া এক একক ঘৰুৱা মুদ্ৰাই বিদেশী মুদ্রা কম পৰিমাণে বিনিময় কৰে তেতিয়াই ঘৰুৱা মুদ্ৰাই মূল্য হ্রাস পোৱা বুলি কোৱা হয় ৷ আনহাতে, মুদ্ৰাৰ মূল্য বৃদ্ধি হৈছে মুদ্ৰাৰ বৰ্হিঃমূল্য বৃদ্ধি হোৱা। ইয়াৰ অৰ্থ হৈছে ‘টকা’ৰ (ভাৰতীয় মান) মূল্য বৃদ্ধি পোৱা। অর্থাৎ মুদ্ৰাৰ মূল্য বৃদ্ধিয়ে ভাৰতীয় টকাৰ ক্রয় ক্ষমতা বৃদ্ধি পোৱাটোক সূচায়।

৮। বিনিময়ৰ হাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত আয়ৰ তাৎপৰ্য্য ব্যাখ্যা কৰা।
উত্তৰঃ আয়ৰ পৰিবৰ্তনেও বিনিময় হাৰ প্ৰভাৱিত কৰে। কাৰণ যেতিয়া আয় বৃদ্ধি পায় উপভোক্তাসকলে আমদানি দ্ৰব্যৰ বাবে অধিক ব্যয় কৰে। গতিকে বিদেশী বিনিময় মুদ্ৰাৰ চাহিদা ৰেখাডাল সোঁফালে পৰিৱৰ্তন হয়। এই ক্ষেত্ৰত ঘৰুৱা মুদ্ৰাৰ মূল্য হ্রাস পায়। যদি বিদেশতো আয় বৃদ্ধি হয় তেন্তে ঘৰুৱা দ্ৰব্যৰ চাহিদা বৃদ্ধি পাব, গতিকে বিদেশী বিনিময় মুদ্ৰাৰ যোগান ৰেখাডাল সোঁহাতে পৰিৱৰ্তন হ’ব। অর্থাৎ, বিদেশী বিনিময় মুদ্ৰাৰ যোগান বৃদ্ধি পাব।

সাধাৰণতে, অন্য সকলো অপৰিবৰ্ত্তিত থাকিলে যদি এখন দেশৰ ৰপ্তানিতকৈ আমদানি অধিক হাৰত বৃদ্ধি পায়, দেশখনৰ মুদ্ৰাৰ মূল্য হ্ৰাস পাব কাৰণ বিদেশী মুদ্ৰাৰ চাহিদা ৰেখাডাল যোগান ৰেখাতকৈ ক্ষীপ্ৰতাৰে পৰিবৰ্তন হ’ব।

৯। পৰিৱৰ্তনশীল বিনিময় হাৰ আৰু পৰিচালিত ভাসমান বিনিময় হাৰৰ ক্ষেত্ৰত কেন্দ্রীয় বেংকৰ ভূমিকা কি চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ পৰিৱৰ্তনীয়(ভাসমান) বিনিময় হাৰ ব্যৱস্থাটো স্থিৰ বিনিময় হাৰতকৈ শ্রেষ্ঠ, তথাপি বিনিময় হাৰৰ পৰিমিত পৰিবৰ্তনৰ হেতু কেন্দ্ৰীয় বেংকৰ হস্তক্ষেপ গ্ৰহণ কৰা হৈছিল। এই ব্যৱস্থাত বিনিময় হাৰৰ হ্ৰস্বকালীন পৰিৱৰ্ত্তন নহ’বৰ বাবে কেন্দ্ৰীয় বেংকে বিদেশী মুদ্রা ক্রয়- বিক্ৰয় কৰিছিল। এই ব্যৱস্থাত বিনিময় হাৰৰ মাজত এটা বুজাপৰা থাকে। এই ব্যৱস্থাত সেয়েহে এখন দেশৰ নিজা মুদ্ৰাৰ সমতা মূল্যৰ ওপৰত গুৰুত্ব দি বিনিময় হাৰ উঠা-নমা৷ কৰাৰ অনুমতি দিয়ে। কেন্দ্রীয় বেংকে শৃংখলা বজাই ৰাখিবলৈ ইয়াত উৰ্দ্ধতম আৰু নিম্নতম বিনিময় হাৰ নিৰ্দ্ধাৰণৰ সীমা বান্ধি দিয়ে।

১০। এখন মুক্ত অর্থনীতিত ভাৰসাম্য আয় নিৰ্ধাৰণৰ ক্ষেত্ৰত আমদানি আৰু ৰপ্তানিৰ ভূমিকা ব্যাখ্যা কৰা৷
উত্তৰঃ দেশৰ আমদানিকাৰীসকলে বিদেশী দ্ৰব্য আৰু সেৱা ক্ৰয় কৰে। গতিকে মূল্য পৰিশোধৰ বাবে বৈদেশিক মুদ্ৰাৰ প্ৰয়োজন হয়। বিদেশী মুদ্ৰাৰ চাহিদা প্ৰধানকৈ দ্ৰব্য আমদানিৰ বাবেই হয়। আনহাতে, এখন দেশৰ ৰপ্তানিকাৰী সকলেই হৈছে প্ৰধান বিদেশী মুদ্রা যোগান ধৰোঁতা। এওঁলোকে বিদেশী বজাৰত দ্ৰব্য আৰু সেৱা বিক্ৰী কৰি পোৱা বিদেশী মুদ্ৰা দেশীয় মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰে।

১১। তলৰ ধাৰণাবোৰ ব্যাখ্যা কৰাঃ
(ক) প্রকৃত বিনিময়ৰ হাৰ
উত্তৰঃ যি হাৰত এখন দেশৰ মুদ্ৰাক অন্য দেশৰ মুদ্ৰালৈ ৰূপান্তৰ কৰা হয় তাকে প্রকৃত বিনিময় হাৰ বোলে ৷ ইয়াত তাৎক্ষণিক হাৰত বৈদেশিক বিনিময় মুদ্ৰা যোগান ধৰিব পাৰি।

(খ) মৌদ্রিক সক্রিয় বিনিময় হাৰ
উত্তৰঃ ই হ’ল দৰ প্ৰভাৱ পৰিত্যাগ নকৰাকৈ অন্যান্য মুদ্ৰাৰ তুলনাত এটা মুদ্ৰাৰ আপেক্ষিক গড় ক্ষমতাৰ পৰিমাপ।

(গ) প্রকৃত সক্রিয় বিনিময় হাৰ
উত্তৰঃ ই হ’ল দৰ পৰিৱৰ্তনৰ প্ৰভাৱ নোহোৱা কৰিবলৈ গ্ৰহণ কৰা স্থিৰ দৰ ভিত্তিক বিনিময় হাৰ।

লগতে পঢ়ক:   জাতীয় আয় গণনা Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

১২। উন্নয়নশীল অর্থনীতিৰ প্ৰসঙ্গত বৈদেশিক লেনদেনৰ বিবৃতিৰ ধাৰণাটোৰ ব্যাখ্যা কৰা।
উত্তৰঃ এক নিৰ্দিষ্ট সময়ত এখন দেশৰ অন্যান্য দেশৰ সৈতে অর্থনৈতিক লেন-দেনৰ ধাৰাবাহিক হিচাপক সেই দেশৰ বৈদেশিক লেনদেনৰ বিবৃত্তি বোলে। এই হিচাপৰ পৰাই দেশ এখনৰ বাণিজ্যৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় স্থিতি বুজিব পাৰি। আন্তঃৰাষ্ট্ৰীয় লেনদেন উদ্ভৱ হোৱাৰ কাৰণ হৈছে – দ্ৰব্যৰ প্ৰৱাহ, সেৱাৰ প্ৰৱাহ আৰু সম্পদৰ প্ৰৱাহ। স্বাভাৱিকতে এই প্ৰৱাহসমূহৰ বাবেই অর্থনৈতিক লেন-দেনত আয় নাইবা ব্যয়ৰ উৎপত্তি হয়। কিন্তু কেতিয়াবা কোনো পৰিশোধ নকৰাকৈও দ্ৰব্যৰ প্ৰৱাহ ঘটিব পাৰে যেনে বিদেশৰ পৰা পোৱা উপহাৰ। লেন- দেনৰ বিবৃত্তিত অন্তৰ্ভুক্ত হোৱা আর্থিক বিনিময় দুখন দেশৰ ব্যক্তিৰ মাজতও হ’ব পাৰে। এনে বিনিময়ৰ বাবে হস্তান্তৰ মূল্য দিব লাগে। লেন-দেনৰ বিবৃত্তি এটা প্ৰৱাহৰ ধাৰণা। আটাইবোৰ আর্থিক প্রবাহ একোটা বিত্তীয় বছৰৰ এক নিৰ্দিষ্ট সময়ত কৰাটো বুজোৱা হয়।

মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান Class 12

(ঘ) দীঘলীয়া প্রশ্ন উত্তৰ : (মূল্যাংক-৬)

১। পৰিবৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত কিদৰে বিনিময় হাৰ নিৰ্দ্ধাৰণ কৰা হয়, ব্যাখ্যা কৰা।
উত্তৰ : বৈদেশিক বিনিময় বজাৰত যোগান আৰু চাহিদাৰ শক্তিয়ে পৰিৱৰ্তনশীল বিনিময় হাৰ নিৰ্ধাৰণ কৰে। এই ব্যৱস্থাত এখন দেশৰ বিনিময় হাৰ সেই মুদ্ৰাৰ চাহিদা আৰু যোগানৰ ওপৰত নিৰ্ভৰ কৰে। যদি বৈদেশিক মুদ্ৰাৰ চাহিদা বৃদ্ধি হয়, ইয়াৰ বজাৰ দৰ বৃদ্ধি হ’ব আৰু বৈদেশিক মুদ্ৰাৰ চাহিদা হ্রাস পালে, ইয়াৰ মূল্যও হ্রাস পাব। বৈদেশিক মুদ্ৰাৰ চাহিদা নিৰ্ভৰ কৰে পৃথিৱীৰ অন্য ঠাইত ইয়াৰ বিনিয়োগ, আন দেশসমুহলৈ দান আৰু বৰঙণি, আন্তর্জাতিক ঋণৰ দেনা, অন্য দেশৰ প্ৰত্যক্ষ ক্ৰয় আদিৰ ওপৰত। আকৌ বৈদেশিক মুদ্ৰাৰ যোগান নিৰ্ভৰ কৰে ঘৰুৱা বজাৰত অনা- বাসিন্দাসকলৰ লাভৰ উদ্দেশ্যে কৰা ক্রয়, বৈদেশিক প্রত্যক্ষ বিনিয়োগ, দেশখনৰ ৰপ্তানিৰ পৰিমাণ আদিৰ ওপৰত।

পৰিবৰ্তনীয় বিনিময় হাৰ
পৰিবৰ্তনীয় বিনিময় হাৰ

ভাৰসাম্য বিনিময় হাৰ নিৰ্ধাৰণ হ’ব য’ত বিনিময় হাৰৰ বাবে চাহিদা আৰু যোগান পৰস্পৰ সমান হয়। চিত্ৰত E বিন্দুত চাহিদা আৰু যোগান পৰস্পৰ সমান যত OR হ’ব ভাৰসাম্য বিনিময় হাৰ। যদি বিনিময় হাৰ OR, লৈ বৃদ্ধি হয়, বৈদেশিক মুদ্ৰাৰ যোগান ON, ইয়াৰ চাহিদা OP তকৈ PN পৰিমাণত বেছি হ’ব। গতিকে বিনিময় হাৰ হ্ৰাস হৈ পুনৰ OR হ’ব। আকৌ যদি বিনিময় হাৰ OR,
লৈ হ্রাস হয়, তেন্তে বৈদেশিক মুদ্ৰাৰ চাহিদা ON, যোগান OP তকৈ PN পৰিমাণে অধিক হ’ব। বিনিময় হাৰ পুনৰ বৃদ্ধি হৈ OR ত স্থিৰ হ’ব। এনেদৰে পৰিৱৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্ধাৰিত হ’ব।

২। পৰিবৰ্তনীয় বিনিময় হাৰ ব্যৱস্থাত বিনিময় হাৰ নিৰ্দ্ধাৰণকাৰী উপাদানসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ বৈদেশিক বিনিময়ৰ চাহিদা আৰু যোগান নিৰ্ধাৰণকাৰী সকলো কাৰকে বিনিময় হাৰ প্ৰভাৱিত কৰে। সেইবোৰ হ’ল—
(ক) লাভৰ চিন্তন : লাভৰ চিন্তনে বৈদেশিক বিনিময় হাৰক প্ৰভাৱিত কৰে। বৈদেশিক মুদ্ৰাৰ মূল্য বৃদ্ধি হ’লে ইয়াৰ ফলত হ’ব পৰা সম্ভাৱ্য লাভৰ বাবেও মানুহে এই মুদ্ৰাৰ প্ৰতি চাহিদা বৃদ্ধি কৰে। ফলত বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তন হয়।

(খ) সুদৰ হাৰঃ হ্রস্বকালত বিনিময় হাৰৰ পৰিৱৰ্তন নিৰ্ধাৰণ কৰা আন এটা উপাদান হ’ল সুন্দৰ হাৰৰ পাৰ্থক্য। বেংক, বহুজাতিক প্রতিষ্ঠান, সম্পত্তিশালী ব্যক্তিসকলৰ মালিকানাত বৃহৎ পৰিমাণৰ পুঁজি থাকে আৰু এই পুঁজিবোৰ সৰ্বোচ্চ সুদৰ হাৰৰ সন্ধানত বিশ্বৰ বিভিন্ন দেশলৈ প্রবাহিত হয় আৰু ফলত বৈদেশিক বিনিময় হাৰৰ পৰিৱৰ্তন হয়।

(গ) আয় : আয় বৃদ্ধি পালে উপভোগ ব্যয়ো বৃদ্ধি পায়। গতিকে আমদানিকৃত দ্ৰব্যৰ ওপৰত কৰা ব্যয়ো স্বাভাৱিকতে বৃদ্ধি পায়। আমদানি বৃদ্ধি পালে বৈদেশিক বিনিময়ৰ চাহিদা ৰেখাই সোঁফালে গতি কৰে। এনে অৱস্থাত ঘৰুৱা মুদ্ৰাৰ বহির্মূল্য হ্রাস পায়। যদি একেলগে বিদেশতো আয় বৃদ্ধি পায় ঘৰুৱা ৰপ্তানি বৃদ্ধি পাব। বৈদেশিক বিনিময়ৰ যোগান ৰেখাড়ালে সোঁফালে গতি কৰিব। ফলস্বৰূপে ঘৰুৱা মুদ্ৰাৰ মূল্য হ্রাস পাবও পাৰে নাপাবও পাৰে।

সাধাৰণতে আন সকলো বিষয় অপৰিৱৰ্তিত থাকে বুলি ধৰি ল’লে, এখন দেশ যাৰ সামগ্ৰিক চাহিদা বিশ্বৰ আন আন দেশতকৈ দ্ৰুত হাৰত বৃদ্ধি হয় তেনে দেশৰ মুদ্ৰাৰ বহির্মূল্য হ্রাস পায় কাৰণ এনে দেশৰ আমদানিৰ পৰিমাণ ৰপ্তানিৰ পৰিমাণতকৈ অধিক হাৰত বৃদ্ধি পায়।

Class 12 Economics Chapter 6 Question Answer Assamese Medium

৩। বৈদেশিক বাণিজ্যৰ পৰিপ্ৰেক্ষিতত, স্থিৰ বিনিময় হাৰ আৰু পৰিবৰ্ত্তনীয় বিনিময় হাৰৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ : এখন দেশে মুদ্ৰাৰ বৈদেশিক বিনিময় হাৰ চৰকাৰীভাবে এটা নিৰ্দিষ্ট হাৰত নিৰ্ধাৰণ কৰি তাক যথেষ্ট সময়ৰ বাবে অপৰিবৰ্তিত ৰাখিলে তেনে হাৰক স্থিৰ বিনিময় হাৰ বোলা হয়। বিনিময় হাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ হস্তক্ষেপৰ পৰিৱৰ্তে বিনিময় মুদ্ৰাৰ চাহিদা আৰু যোগানৰ পৰিৱৰ্তনৰ ভিত্তিত মুক্তভাবে বিনিময় হাৰ নিৰ্ধাৰণ কৰিলে তাক পৰিৱৰ্তনশীল বিনিময় হাৰ বোলা হয়।

৪। বৈদেশিক বিনিময় বজাৰত, বিদেশী মুদ্ৰাৰ ভাৰসাম্য দৰ কিদৰে নিৰ্দ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা।
উত্তৰ : পৰিৱৰ্তনশীল বিনিময় হাৰ ব্যৱস্থাত বৈদেশিক মুদ্ৰাৰ দুই ধৰণৰ পৰিৱৰ্তন হ’ব পাৰে
(i) মুদ্ৰাৰ বহির্মূল্য হ্ৰাস আৰু (ii) মুদ্ৰাৰ বহির্মূল্য বৃদ্ধি। বৈদেশিক মুদ্ৰাৰ বহির্মূল্য হ্রাস হোৱা অৱস্থাটোক মুদ্ৰাৰ সংকোচন বুলি কোৱা হয়।

মুক্ত অর্থনীতিত সমষ্টিবাদী অর্থনীতি বিজ্ঞান

চিত্ৰত DD ৰেখাই বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু SS ৰেখাই সেই মুদ্ৰাৰ যোগান বুজাইছে। DD ৰেখাডাল বাওঁফালৰ পৰা সোঁপিনে নামি আহিছে। ইয়াৰ কাৰণ হ’ল বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ দাম বৃদ্ধি হ’লৈ বিদেশত উৎপাদিত সামগ্রী ক্রয় কৰোতে অধিক পৰিমাণৰ দেশীয় মুদ্ৰা খৰচ কৰিব লাগিব। গতিকে আমদানি কমি মুদ্ৰাৰ চাহিদাও কমি যাব। মুদ্ৰাৰ যোগান বৃদ্ধি হ’ব লাগিলে দেশৰ
ভিতৰত উৎপাদিত সামগ্ৰীৰ বৈদেশিক চাহিদাৰ স্থিতিস্থাপকতা একতকৈ অধিক হ’ব লাগিব। ৰপ্তানিৰ জৰিয়তে অৰ্জন কৰা বৈদেশিক মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হ’ব। চিত্ৰত ‘E’ বিন্দুত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ চাহিদা আৰু যোগান সমান হৈছে। গতিকে E ভাৰসাম্য বিন্দুত Or হ’ল ভাৰসাম্য বিনিময় হাৰ। মুদ্ৰাৰ চাহিদা বৃদ্ধি হোৱাত নতুন চাহিদা ৰেখা D’D’ হ’ল। অপৰিৱৰ্তিত যোগানৰ বাবে D’D’ য়ে E’ বিন্দুত কটাকটি কৰে। নতুন ভাৰসাম্য বিনিময় হাৰ r’ হ’ব। সেইদৰে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ চাহিদা হ্রাস পালে, যোগান অপৰিৱৰ্তিত অৱস্থাত নতুন ভাৰসাম্য বিন্দু E” হ’ব আৰু ভাৰসাম্য বিনিময় হাৰ r” হব। এনেদৰে বৈদেশিক মুদ্ৰাৰ মূল্য হ্রাস-বৃদ্ধিৰ মূলতে হ’ল মুদ্ৰাৰ চাহিদাৰ পৰিৱৰ্তন। ফলত
ভাৰসাম্য অৱস্থাৰো পৰিৱৰ্তন ঘটে।

প্ৰশ্ন: মুক্ত অর্থনীতিৰ সংজ্ঞা দিয়া।

উত্তৰ : যি আর্থিক ব্যৱস্থাত আন্তর্জাতিক আর্থিক ব্যৱস্থাৰ সৈতে সংযোগ স্থাপিত হয়, সেই আর্থিক ব্যৱস্থাই হ’ল মুক্ত অর্থনীতি।

প্ৰশ্ন: লেনদেনৰ উদ্ধৃত (BOP) কি?

উত্তৰঃ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন দেশৰ লগত বিশ্বৰ আনবোৰ দেশৰ আৰ্থিক লেন-দেন পুঙ্খানুপুঙ্খ খতিয়ানকে আন্তর্জাতিক বাণিজ্যৰ লেন-দেন পৰিশোধৰ সমতা বোলা হয়।

প্ৰশ্ন: অদৃশ্যমান বাণিজ্য কি?

উত্তৰঃ অদৃশ্যমান স্পৰ্শ অযোগ্য আৰু হস্তান্তৰ অযোগ্য সামগ্রী (যেনে সেৱাকাৰ্য) লেনদেন হ’ল অদৃশ্যমান বাণিজ্য।

প্ৰশ্ন: হস্তান্তৰযোগ্য ব্যয় কি?

উত্তৰ : এখন দেশৰ বাসিন্দাসকলে যিবোৰ আয় মুক্তভাৱে লাভ কৰে আৰু যাৰ বিনিময়ত বর্তমান আৰু ভৱিষ্যতেও কোনো মূল্য প্রদান কৰিব নালাগে তেনেবোৰ প্ৰাপ্তিক হস্তান্তৰ পৰিশোধ বোলে। যেনে- উপহাৰ, দান।

প্ৰশ্ন: বৈদেশিক বিনিময় বজাৰ কি?

উত্তৰ : বৈদেশিক মুদ্ৰাৰ ক্ৰয় আৰু বিক্ৰয়ৰ আনুষ্ঠানিক ব্যৱস্থাক বৈদেশিক মুদ্ৰাৰ বজাৰ বোলা হয়।

প্ৰশ্ন: বৈদেশিক বিনিময় হাৰৰ সংজ্ঞা দিয়া।

উত্তৰ : দুখন দেশৰ মুদ্ৰা যিটো হাৰত বিনিময় কৰা হয় তাক বৈদেশিক বিনিময় হাৰ বোলা হয়। এই হাৰত এখন দেশৰ ৰপ্তানি আৰু আমদানিৰ মূল্য নিৰ্ধাৰণ কৰা হয়।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5