স্বাধীনতা দিবস উপলক্ষে বক্তব্য অসমীয়া 2022 – সকলো বাবে

যদি আপুনি শিক্ষানুষ্ঠান বিদ্যালয় মহাবিদ্যালয় (শিক্ষক বা ছাত্ৰ ছাত্ৰী) বা অন্য যি কোনো অনুষ্ঠানত স্বাধীনতা দিৱস উপলক্ষে বক্তব্য (ভাষণ) প্ৰদান কৰিব বিচাৰে তেন্তে তলত উল্লেখ কৰা বক্তব্য টোয়ে আপোনাক সহায় কৰিব।

স্বাধীনতা দিবস উপলক্ষে বক্তব্য অসমীয়া

সুপ্ৰভাত মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, সন্মানীয় শিক্ষাগুৰু সকল, লগতে এই শুভ ক্ষণত উপস্থিত থকা ৰাইজ আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আজি ভাৰতৰ বাবে এক বিশেষ গৌৰৱময় লগতে উদযাপনৰ দিন। কিয়নো আজি আমি আমাৰ দেশৰ ৭৫ সংখ্যক স্বাধীনতাৰ বৰ্ষ উদযাপন কৰিছো। আজি আমি সকলোৱে বিদ্যালয়ত সমবেত হৈ এই উদযাপনত অংশগ্ৰহণ কৰিছো। আজি দেশৰ প্ৰতিটো কোণ আৰু প্ৰতিজন ব্যক্তিয়ে নিশ্চিতভাৱে ভাৰত মাতৃ স্বাধীনতা দিৱস উদযাপন কৰি আছে। প্ৰতিখন বিদ্যালয়ে নিজৰ চৌহদত সাংস্কৃতিক কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰিছে। সকলোৱে অতি উৎসাহেৰে এই দিৱস উদযাপন কৰাৰ আঁৰৰ কাৰণ হ’ল দেশ আৰু মাতৃভূমিৰ প্ৰতি থকা মৰম আৰু ভালপোৱা।

আমি এই শুভ ক্ষণত স্মৰণ কৰিব লাগিব সেই বিশেষ সংগ্ৰামী বীৰ সকলক, যিয়ে আমাক আজি এই ভাৰত মাতৃক স্বাধীন কৰি আমাক জীয়াই থকা সুযোগ দি গৈছে। আমি এদিনতে এই স্বাধীনতা পোৱা নাই। ইয়াক পোৱাৰ আঁৰত এটা দীঘলীয়া সংগ্ৰাম আছে, য’ত কিমান সংগ্রামীয়ে নিজৰ জীৱন ত্যাগ কৰিছে । যিখন পৃথিৱীত আমি আজি জীয়াই আছো আৰু শান্তিৰ জীৱন যাপন কৰিছো, তাৰ আঁৰত আছে আমাৰ বহুতো মহান ব্যক্তিৰ ত্যাগ আৰু বলিষ্ঠ প্ৰদক্ষেপ।

ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে তেওঁলোকে ভুগিছিল বহু অত্যাচাৰ, যন্ত্ৰণা লগতে দিছিল নিজৰ প্ৰাণ। কিমান যন্ত্ৰণাদায়ক আৰু বিপদজনক সংগ্ৰামৰ ফলত স্বাধীনতা সেই উপহাৰ স্বাধীনতা সংগ্ৰামী সকলে আমাক দিছে, গতিকে এই অগ্ৰগতি দেশৰ দিশে লৈ আমাৰ আগন্তুক প্ৰজন্মক এখন শক্তিশালী দেশ প্ৰদান কৰাটো আমাৰ চূড়ান্ত কৰ্তব্য।

শেষত মই পুনৰ স্বাধীনতা সংগ্ৰামী সকলক সুঁৱৰি মোৰ ভাষণ সামৰিছোঁ।
ভাৰত মাতা কি জয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top