নোকোৱাৰ পৰিণাম উত্তৰ (Class 7) অসমীয়া সপ্তম শ্ৰেণীৰ পাঠ 6

নোকোৱাৰ পৰিণাম উত্তৰ Questions Answers |নোকোৱাৰ পৰিণাম | Class 7 Assamese Lesson 6 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ

নোকোৱাৰ পৰিণাম উত্তৰ
বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
পাঠৰ নামনোকোৱাৰ পৰিণাম
শ্ৰেণী VII
অধ্যায় অধ্যায় 6
পাঠ্যক্ৰমNCERT

নোকোৱাৰ পৰিণাম উত্তৰ

২। নাটিকাখনৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্রেণীত উপস্থাপন কৰা।
উঃ- (তোমালোকে নিজে নিজে কৰিবা।)

৩। উত্তৰ দিয়া :-
(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল?
উঃ— বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰীসকলক গৰম বন্ধ উপলক্ষে অনুষ্ঠিত হোৱা সভাত শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ হুনমিলি, শৈলহঁতে বকুলফুল বুটলিছিল।

(খ) “চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!” কথাষাৰি কোনে কাক কৈছিল?
উঃ— “চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!” এই কথাষাৰি মালতীয়ে শৈলবালা আৰু হুনমিলিক উদ্দেশ্যি কৈছিল।

(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?
উঃ— সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত “তেজৰে কমলাপতি” নামৰ বৰগীতটো গাইছিল।

(ঘ) নাচি থাকোঁতে কোন মূৰ্চ্ছা গৈছিল?
উঃ— নাচি থাকোঁতে শৈলবালা মূৰ্চ্ছা গৈছিল।

(ঙ) শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?
উঃ— শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী।

(চ) “সময়ৰ টিকনিডাল হেনো আগফালে উৰে” – এই বাক্যশাৰী কোনে, কি প্ৰসংগত কৈছিল?
উঃ— এই বাক্যশাৰী হুনমিলিয়ে কৈছিল।
হুনমিলি, মালতী আৰু শৈলবালাই বিদ্যালয়ত গৰমৰ বন্ধ উপলক্ষ্যে অনুষ্ঠিত হ’বলগীয়া প্রীতিমেলত শিক্ষক-শিক্ষয়িত্ৰীসকলক শ্রদ্ধা আৰু সম্ভাষণ জনাবলৈ বৰপুখুৰীৰ পাৰত থকা বকুলজোপালৈ ফুল বুটলিবলৈ গৈছিল। তিনিও বান্ধৱীয়ে কথা পাতি পাতি ফুল বুটলি থাকোঁতে সময় কেনেকৈ পাৰ হৈছে গমেই পোৱা নাছিল। সিহঁতে কথাৰ মহলা মাৰি থাকোঁতেই ন’ বাজিবৰ হৈছিল। তেনে’ প্ৰসংগত হুনমিলিয়ে উক্ত কথাষাৰ কৈছিল।

নোকোৱাৰ পৰিণাম উত্তৰ

৪। প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
‘কু-সংস্কাৰ আৰু লোক নিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। সময়ত ই হয়গৈ সর্বনাশৰ মূল।’
উঃ— উক্ত কথাফাকি আমাৰ পাঠত থকা “নোকোৱাৰ পৰিণাম” নাটিকখনৰ পৰা উদ্ধৃত কৰা হৈছে। ইয়াৰদ্বাৰা ইয়াকেই বুজাবলৈ খোজা
হৈছে যে অন্ধ বিশ্বাসৰ ফলত বহুতো লোকে বেমাৰ-আজাৰ লুকুৱাই ৰাখে। পাছলৈ এই ৰোগ গোঁজেই গঁজালিৰ দৰে দুৰাৰোগ্য ৰোগত পৰিণত হয় আৰু ইয়াৰ ফল সদায় বিষময় হয়। অর্থাৎ বহুতো লোকে কু-সংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত নিজৰ সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। বেমাৰ লুকুৱাই ৰখাৰ ফলত ৰোগৰ পৰিসৰ বৃদ্ধি পায় আৰু পাছলৈ চিকিৎসাৰ সময় পাৰ হৈ যায়। অন্ধবিশ্বাসৰ বাবে এতিয়াও বহুতো লোকে আধুনিক চিকিৎসা ব্যৱস্থাৰ কাষ নাচাপে আৰু ইয়াৰ বাবে বহু লোক মৃত্যুমুখত পৰে। সেয়েহে যিকোনো ৰোগ হ’লে লুকঢাক নকৰাকৈ চিকিৎসকৰ পৰামৰ্শ লব লাগে। অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ ভয়ত মানুহে বেমাৰ লুকুৱাই থোৱাৰ ফলত মৃত্যুমুখত পৰে আৰু অমূল্য জীৱন হেৰুৱাবলগীয়া হয়।

৫। মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওতে প্রধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল?
উঃ— মালতীয়ে শৈলবালাক চেণ্ডেল শুঙাবলৈ উদ্যত হওঁতে প্রধান শিক্ষয়িত্রী ফুলমতী কুৰ্মীয়ে বাধা দিছিল। কাৰণ চেণ্ডেল শুঙাই বেমাৰ ভাল কৰাটো এক কুসংস্কাৰ আৰু অন্ধবিশ্বাস বুলি তেখেতে জানিছিল। তদুপৰি চেণ্ডেল এপাতত বহুতো বীজাণু লাগি থাকে, যি শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। সেয়ে প্রধান শিক্ষয়িত্ৰীয়ে মালতীক চেণ্ডেল মুখত শুঙাবলৈ বাধা দিছিল।

৬। দলত আলোচনা কৰি লিখা।
উপযুক্ত সময়ত বেমাৰৰ চিকিৎসা নকৰিলে পৰিণাম কি হ’ব পাৰে?
উঃ— উপযুক্ত সময়ত চিকিৎসা নকৰিলে তাৰ পৰিণাম ভয়াবহ হ’ব পাৰে। সাধাৰণত যিকোনো ৰোগৰ উপসর্গ দেহত দেখা দিলে ততালিকে চিকিৎসকৰ ওচৰলৈ যাব লাগে। সময়ৰ কাম সময়ত নকৰিলে তাৰ ফল সদায় বিষময় হয়। উপযুক্ত সময়ত চিকিৎসা নকৰিলে পাছলৈ সেই ৰোগ দুৰাৰোগ্য হৈ পৰে আৰু তেতিয়া চিকিৎসা কৰাৰ সময় নাথাকে। ফলত সেই ৰোগ সর্বনাশৰ মূল হয়। কিছুমান লোকে অজ্ঞতা, অন্ধবিশ্বাস, কুসংস্কাৰ আৰু লোকনিন্দাৰ কাৰণে সময়মতে ৰোগৰ চিকিৎসা নকৰে, ফলত তাৰ ভয়াবহ পৰিণাম ভোগ কৰে। সেয়েহে বেমাৰ হ’লে সময়মতে চিকিৎসা কৰাব লাগে।

নোকোৱাৰ পৰিণাম Class 7

৭। তলৰ সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা।
মাৰা, ভায়েৰ, ভনীয়েৰা, খুড়ীয়েকক।
উঃ— তলত সম্বন্ধবাচক শব্দকেইটা ভাঙি দেখুওৱা হ’ল—
মাৰা → মা – ৰা
ভায়েৰ → ভাই – এৰ
ভনীয়েৰা → ভনী – এৰা
খুড়ীয়েকক → খুড়ী – এক – ক

৮। বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নির্দিষ্টতাবাচক প্রত্যয়বোৰ মিলোৱা।
উঃ- বাওঁফালে দিয়া শব্দবোৰৰ লগত সোঁফালে থকা নির্দিষ্টতাবাচক প্রত্যয়বোৰ মিলোৱা হ’ল—

পাণখিলা
বহীখন
ল’ৰাটো
ছোৱালীজনী
মহিলাগৰাকী

৯। ‘চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!’ এই বাক্যটিত থকা “জীপাল” শব্দটো জীপ শব্দৰ লগত “আল” প্রত্যয় যোগ হৈ “জীপাল” শব্দ গঠিত হৈছে। তেনেদৰে তলৰ শব্দকেইটা গঠন কৰা।
উঃ—

ৰসআলৰসাল
ভয়ভয়াল
উমউমাল
খংখঙাল

Class 7 Assamese Lesson 6 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। মালতী, শৈলবালা আৰু হুনমিলি কোন শ্ৰেণীৰ ছাত্ৰী ?
উঃ- মালতী, শৈলবালা আৰু হুনমিলি সপ্তম শ্ৰেণীৰ ছাত্ৰী।

২। মালতীহতঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম কি?
উঃ- মালতীহতঁৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম ফুলমতী কুর্মী

৩। হুনমিলিহঁতে বকুল ফুলবোৰ বুটলি কি কৰিছিল?
উঃ- হুনমিলিহঁতে বকুলফুলবোৰ বুটলি সেই ফুলৰ মালা গাঁঠি গ্ৰীষ্মবন্ধৰ বাবে অনুষ্ঠিত হোৱা সভাত শিক্ষক আৰু শিক্ষয়িত্ৰীসকলক শ্রদ্ধা আৰু সম্ভাষণ জনাইছিল।

৪। প্রধান শিক্ষয়িত্রীয়ে ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ বন্ধৰ কালছোৱাৰ কিদৰে সদব্যৱহাৰ কৰিবলৈ উপদেশ দিছিল?
উঃ- প্রধান শিক্ষয়িত্রীয়ে ছাত্ৰ-ছাত্ৰীসকলক গৰম বন্ধৰ কালছোৱাত ঘৰুৱা কাম-বনত মাক-দেউতাকক সহায় কৰিবলৈ কৈছিল, স্থানীয় পুথিভঁৰাললৈ গৈ দুই-এখন বাহিৰা কিতাপ পঢ়ি মনৰ দুৱাৰ অধিক মুকলি কৰিবলৈ উপদেশ দিছিল।

৫। “মনৰ দুৱাৰ মুকলি” কথাষাৰে কি বুজাইছে?
উঃ- “মনৰ দুৱাৰ মুকলি” কথাষাৰে জ্ঞানৰ পৰিধি বৃদ্ধিৰ কথা বুজাইছে।
বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ফুলমতী কুৰ্মীয়ে ছাত্র ছাত্ৰীসকলক গৰমৰ বন্ধত পুথিভঁৰাললৈ গৈ কিতাপ পঢ়াৰ উপদেশ দিছিল। বাহিৰা কিতাপ পঢ়িলে জ্ঞান বৃদ্ধি পায় আৰু মন সতেজ হয়।

৬। “দোকমোকালি” শব্দটোৱে কোনখিনি সময়ক বুজাইছে?
উঃ- দোকমোকালি” শব্দটোৱে ৰাতিপুৱাৰ সূর্যোদয়ৰ সময়খিনিৰ কথা বুজাইছে।

নোকোৱাৰ পৰিণাম Class 7

৭। গ্রীষ্মবন্ধ উপলক্ষে বিদ্যালয়ৰ ক’ত প্ৰীতিমেলৰ আয়োজন কৰা হৈছিল?
উঃ- গ্রীষ্মবন্ধ উপলক্ষে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত প্ৰীতিমেলৰ আয়োজন কৰা হৈছিল।

৮। প্রীতিমেলত নৃত্য আলেখ্যখনি কোনে পৰিবেশন কৰিছিল?
উঃ- প্রীতিমেলত নৃত্য আলেখ্যখনি শ্রীমতী হুনমিলি আৰু তেওঁৰ সতীৰ্থসকলে পৰিবেশন কৰিছিল।

৯। ড. পেণ্ডৱে শৈলবালাই কি ৰোগত ভুগি থকা বুলি কৈছিল?
উঃ- ড. পেণ্ডৱে শৈলবালাই মৃগীৰোগত ভুগি থকা বুলি কৈছিল।

১০। মাক-দেউতাকে শৈলবালাৰ বেমাৰৰ চিকিৎসা কিয় কৰোৱা নাছিল?
উঃ- ছোৱালীজনীক আনে বেমাৰী বুলি হাঁহিব পাৰে বুলি সংকোচ কৰি মাক-দেউতাকে তাইৰ চিকিৎসা কৰোৱা নাছিল।

(ক) হুনমিলি, শৈলহঁতে কিয় বকুল ফুল বুটলিছিল?

উঃ— বিদ্যালয়ৰ শিক্ষক, শিক্ষয়িত্ৰীসকলক গৰম বন্ধ উপলক্ষে অনুষ্ঠিত হোৱা সভাত শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ হুনমিলি, শৈলহঁতে বকুলফুল বুটলিছিল।

(খ) “চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!” কথাষাৰি কোনে কাক কৈছিল?

উঃ— “চোৱাচোন! ফুলবোৰ কিমান সতেজ আৰু জীপাল!” এই কথাষাৰি মালতীয়ে শৈলবালা আৰু হুনমিলিক উদ্দেশ্যি কৈছিল।

(গ) সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল?

উঃ— সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত “তেজৰে কমলাপতি” নামৰ বৰগীতটো গাইছিল।

(ঘ) নাচি থাকোঁতে কোন মূৰ্চ্ছা গৈছিল?

উঃ— নাচি থাকোঁতে শৈলবালা মূৰ্চ্ছা গৈছিল।

(ঙ) শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি?

উঃ— শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী।

💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam