অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা – (Elective) দশম শ্ৰেণীৰ ভূগোল

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Class 10 | Class 10 Geography Chapter 3 Question Answer in Assamese | ভূগোল class 10 chapter 3 | দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায় | Class 10 Elective Geography Chapter 3 Question Answer in Assamese

দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায় (পৰিৱেশ ভূগােল) আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সমুহ ইয়াত উপলব্ধ ।

দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়
শ্ৰেণী  দশম শ্ৰেণী
পাঠ (Chapter) 3 (অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা)
সমাধান পাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয়   ভূগােল
মাধ্যম অসমীয়া
পাঠ্যক্ৰম
NCERT

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Class 10

অতি চমু প্রশ্নৰ উত্তৰঃ

১। সমধর্মী অঞ্চল নির্বাচিত উপাদানবােৰ কিহৰ ভিত্তিত চিনাক্ত কৰা হয়?
উত্তৰঃ সাদৃশ্যৰ ভিত্তিত।

২। নগৰ, বজাৰ আদিক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলক কি অঞ্চল বুলি কোৱা হয়?

উত্তৰঃ ক্রিয়াত্মক অঞ্চল।

৩। মহাদেশসমূহৰ ভিতৰত কোনখন মহাদেশ সর্ববৃহৎ ?
উত্তৰঃ এছিয়া মহাদেশ।

৪। এছিয়া মহাদেশৰ যিকোনাে তিনিটা মালভূমিৰ নাম লিখা।
উত্তৰঃ পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি আৰু মংগােলীয় মালভূমি।

৫। আফ্রিকা মহাদেশৰ দুটা ঘন বসতিপূর্ণ অঞ্চলৰ নাম লিখা।
উত্তৰঃ গিনি উপকূল আৰু নীলনদীৰ নিম্নাংশ

৬। মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ ?
উত্তৰঃ প্রশান্ত মহাসাগৰ।

৭। নিৰক্ষীয় অঞ্চলত বছৰি গড় উত্তাপৰ পৰিমাণ কিমান?
উত্তৰঃ ২৯° চেলচিয়াছ।

৮। ইউৰােপ মহাদেশৰ যিকোনাে দুখন নদীৰ নাম লিখা।
উত্তৰঃ ৰাইন আৰু ছেইন।

৯। উত্তৰ আমেৰিকাৰ যিকোনাে দুখন নদীৰ নাম লিখা।
উত্তৰঃ মিছৌৰি আৰু মিছিছিপি।

১০। নিৰক্ষীয় অঞ্চলত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ কিমান ?
উত্তৰঃ ২০০ চেন্টিমিটাৰ।

১১। মৌচুমী অঞ্চলত কি উদ্ভিদৰ প্রাধান্য বেছি?
উত্তৰঃ পর্ণপাতী উদ্ভিদ।

১২। মৌচুমী অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি কি?
উত্তৰ ঃ কৃষি।

১৩। ক্রান্তীয় অঞ্চলৰ ঘাঁহনি কি বুলি জনাজাত ?
উত্তৰঃ ছাভানা বুলি জনাজাত।

দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়

১৪। দক্ষিণ আফ্রিকাৰ পূব উপকূলীয় অঞ্চল কি খেতিৰ বাবে বিখ্যাত?
উত্তৰঃ কুঁহিয়াৰ খেতিৰ বাবে।

১৫। শীতল সৰলবর্গীয় অৰণ্য অঞ্চলৰ কোমল কাঠৰ অৰণ্য ভূমিক কি বােলে ?
উত্তৰঃ টাইগা (Taiga) বােলে।

১৬। বৰফেৰে আবৃত উত্তৰ আৰু দক্ষিণ মেৰুৰ কাষৰীয়া অঞ্চলটোক কি বােলা হয় ?
উত্তৰঃ মেৰু অঞ্চল।

১৭৷ উত্তৰ মেৰুৰ প্রাকৃতিক অঞ্চলটো কি অঞ্চল বুলি জনাজাত ?
উত্তৰঃ তুন্দ্রা অঞ্চল বুলি জনাজাত।

১৮। এস্কিমােসকলে বাস কৰা বৰফৰ দ্বাৰা নির্মিত ঘৰৰ নাম কি?
উত্তৰঃ ইগলু (lg loo)।

১৯। ছিলৰ ছালেৰে সজা তম্বুক কি বােলা হয়?
উত্তৰঃ টিউপিক।

২০। কুকুৰে টনা গাড়ীখনৰ নাম কি?
উত্তৰঃ শ্লেজ গাড়ী।

২১। পৃথিৱীৰ উচ্চতম শৃংগটোৰ নাম কি?
উত্তৰঃ হিমালয় পর্বত শ্ৰেণীৰ অন্তৰ্গত এভাৰেষ্ট শৃংগ।

২২। পৃথিৱীৰ ভিতৰত সর্ববৃহৎ মহানগৰীখনৰ নাম কি?
উত্তৰঃ জাপানৰ ৰাজধানী মহানগৰী টকিঅ’।

২৩। পৃথিৱীৰ দীর্ঘতম নদীখনৰ নাম কি?
উত্তৰঃ নীল নদী।

২৪। বিশ্বৰ বৃহত্তম দেশখনৰ নাম কি?
উত্তৰঃ ৰাছিয়া।

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Question Answer

সংক্ষেপে উত্তৰ দিয়াঃ

১। ভূগােলবিদ এ জে হার্বটজনে দিয়া প্রাকৃতিক অঞ্চলৰ সংজ্ঞাটো কি?
উত্তৰঃ সংজ্ঞাটো হৈছে— পৃথিৱীৰ যি অংশত একে ধৰণৰ প্রাকৃতিক প্রণালীসমূহ প্ৰভাৱ অনুভূত হয়। আৰু তাৰ ফলত মানুহৰ কার্যাৱলীও সেইমতে গঢ় লয়, সেই অংশই হৈছে একোটা প্রাকৃতিক অঞ্চল।

২। ছেলভা (Selva) কি?

উত্তৰঃ নিৰক্ষীয় প্রাকৃতিক অঞ্চলৰ অন্তৰ্গত আমাজান আৰু কংগাে অৱবাহিকাৰ বিস্তীর্ণ অঞ্চল ডাঠ অৰণ্যৰে পৰিপূর্ণ। আমাজান নদীৰ অৱবাহিকাত থকা এনে ডাঠ অৰণ্যক ছেলভা বুলি কোৱা হয়।

৩। ছাভানা (Savannah) কি?
উত্তৰঃ ক্রান্তীয় তৃণভূমি অঞ্চলৰ অন্তৰ্গত কোনাে কোনাে ঠাইত তিনি মিটাৰ ওখ ঘাঁহ জাতীয় উদ্ভিদ পােৱা যায়। ক্রান্তীয় অঞ্চলৰ এনে বিস্তৃত ঘাঁহনিক ছাভানা বােলে।

৪। এস্কিমোেসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰা নাওৰ নাম কি?
উত্তৰঃ এস্কিমােসকলে জন্তুৰ ছালেৰে তৈয়াৰ কৰা নাও দুখনৰ নাম হৈছে ‘কায়াক’ আৰু ‘উমিয়াক।

৫। ওচেনিয়া মহাদেশৰ অৱস্থিতিৰ বিষয়ে লিখা।
উত্তৰঃ ওচেনিয়া মহাদেশ: এছিয়া মহাদেশৰ দক্ষিণে পৃথিৱীৰ দক্ষিণ গােলার্ধত অৱস্থিত। মহাদেশখন উত্তৰে 0৹ নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮°দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূর্ব দ্রাঘিমাংশৰ পৰা পূবে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত। ওচেনিয়া মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৯ নিযুত কিলােমিটাৰ। মহাদেশখনৰ উত্তৰে আছে দক্ষিণ পূব এছিয়াৰ এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচ দ্বীপসমূহৰ লগতে প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পূর্ব দিশত আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিম দিশত ভাৰত মহাসাগৰ আছে।

৬৷ উত্তৰ-আমেৰিকাৰ ভূ-প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে কি কি ?
উত্তৰঃ উত্তৰ আমেৰিকাক ভূ-প্রকৃতিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত কৰিব পাৰি ।
(ক) ৰকি পার্বত্য অঞ্চল।
(খ) বিশাল উচ্চ সমভূমি অঞ্চল।

(গ) আপেলেছিয়ান উচ্চভূমি অঞ্চল আৰু
(ঘ) উপকূলীয় সমতল ভূমি অঞ্চল।

৭। ক্রান্তীয় তৃণভূমি অঞ্চলৰ যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ক্রান্তীয় তৃণভূমি অঞ্চল পশুপালনৰ বাবে অধিক উপযােগী আৰু এই অঞ্চলৰ বাণিজ্যিক ভিত্তিত গৰু, ঘোঁৰা, মহ, ভেড়া আৰু ছাগলী পালন কৰে। এই অঞ্চলৰ বাসিন্দাসকলৰ প্রধান বৃত্তি হৈছে পশুপালন, চিকাৰ কৰা আৰু কম পৰিমাণে কৃষিকার্য। কৃষিকাৰ্যৰ উপযুক্ত সা-সুবিধা নথকা বাবে এই অঞ্চলৰ জনবসতি সেৰেঙা।

৮। দক্ষিণ আমেৰিকা মহাদেশৰ জলবায়ুৰ বিষয়ে এটি চমু টোকা লিখা। 
উত্তৰঃ ভূ-প্রকৃতিৰ দৰে দক্ষিণ মহাদেশৰ জলবায়ুও বৈচিত্রময়। ইয়াত নৈৰক্ষিক উষ্ণ আৰু আর্দ্র জলবায়ুৰ পৰা আৰম্ভ কৰি, ক্রান্তীয় জলবায়ু. ভূমধ্য সাগৰীয় জলবায়ু, শুষ্ক মৰু জলবায়ু, দক্ষিণাংশত নাতিশীতােষ্ণ তথা শীতল জলবায়ু, এণ্ডিজ পর্বতমালাৰ উচ্চাংশত শীতল জলবায়ু আদি প্রায় সকলো প্ৰকাৰৰ জলবায়ু এই মহাদেশত বিৰাজ কৰে। নৈৰক্ষিক আৰু ক্রান্তীয় জলবায়ুৰ বাবে মহাদেশখনৰ প্রায় ৪০ শতাংশই অৰণ্যাবৃত।

Also Read: পৰিৱেশ ভূগােল Class 10

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Class 10

পাঠভিত্তিক ৰচনাধর্মী প্রশ্ন
১। অঞ্চল বুলিলে কি বুজা? ভূগােল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োৱা ?
উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগােল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্র অংশ বা ঠাই। ভূগােল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে। ভূগােলবিদসকলে নির্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধার্থে ভাগ কৰে। ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবােৰৰ ক্রিয়াত্মক সম্পর্কৰ ভিত্তিত এই অঞ্চলবােৰ ভাগ কৰা হয়।

লগতে পঢ়ক:   ভূ-আকৃতিক প্রক্রিয়া – দশম শ্ৰেণীৰ ভূগোল প্রথম অধ্যায়

আঞ্চলিক ভূগােলে পৃথিৱীৰ একোটা অঞ্চল, ঠাই বা দেশ-মহাদেশৰ সামগ্রিক ভৌগােলিক চিত্ৰখন প্রতিফলিত কৰে। আঞ্চলিক ভূগােল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্রাকৃতিক, সামাজিক, অর্থনৈতিক তথা যাতায়াত, পৰিবহণ আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে। পৃথিৱীৰ প্রতিটো অঞ্চলৰে বা প্রতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে। ভিন্ন প্রাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হােৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশাে ভিন্ন হয়।

সামাজিক পটভূমি, ৰীতি-নীতি, ভাব-ভাষা, পােছাক-পৰিচ্ছদ, খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতাে পৰিৱেশ ভেদে পার্থক্য থাকে। সেয়ে পৃথিৱীৰ ভৌগােলিক বৈচিত্র্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ’লে ভূগোেল অধ্যয়নত অঞ্চলৰ প্রয়ােজনীয়তা আছে। কেইবাটাও অঞ্চল একেলগে অধ্যয়ন কৰিলে অঞ্চলবােৰৰ মাজত আঞ্চলিক উন্নয়নৰ বুজ ল’ব পাৰি।

২। প্রাকৃতিক অঞ্চল বুলিলে কি বুজা? সমগ্র পৃথিৱীক কিমানটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি? ছবি আঁকি দেখুওৱা।
উত্তৰঃ প্রাকৃতিক অঞ্চল বুলিলে পৃথিৱীৰ উপৰিভাগৰ যিবােৰ অংশৰ ভূ-অৱয়ব, জলবায়ু, প্রাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ হয়, সেইবােৰক একেলগে প্রাকৃতিক অঞ্চল বােলা হয়। অর্থাৎ পৃথিৱীৰ যি অংশত একে ধৰণৰ প্রাকৃতিক প্রণালীসমূহৰ প্ৰভাৱ অনুভূত হয় আৰু তাৰ ফলত মানুহৰ কার্যাৱলীও সেইমতে গঢ় লয়, সেই অংশবােৰ হ’ল একোটা প্রাকৃতিক অঞ্চল। জলবায়ু আৰু প্রাকৃতিক উদ্ভিদৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্র পৃথিৱীক এঘাৰটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি। সেইবােৰ হৈছ—
(১)নিৰক্ষীয় অঞ্চল,

(২)মৌচুমী অঞ্চল,
(৩)ক্রান্তীয় তৃণভূমি অঞ্চল,
(৪)ক্রান্তীয় উষ্ণ মরু অঞ্চল,
(৫)ভূমধ্য সাগৰীয় অঞ্চল,
(৬)মধ্য অক্ষাংশীয় মৰু অঞ্চল,
(৭)মধ্য অক্ষাংশীয় নাতিশীতােষ্ণ অঞ্চল,
(৮)মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল,
(৯)শীতল সৰলবর্গীয় অৰণ্য অঞ্চল,
(১০) শীতল মেৰু অঞ্চল,
(১১) উচ্চ পার্বত্য অঞ্চল।

Class 10 Elective Geography Chapter 3 Question Answer in Assamese

৩। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত বাস কৰা মানুহৰ জীৱন প্ৰণালীৰ এটি বর্ণনা দিয়া?
উত্তৰঃ পৃথিৱীৰ বিভিন্ন প্রাকৃতিক অঞ্চলত বসবাস কৰা মানুহৰ জীৱন প্রণালীৰ বিষয়ে তলত আলােচনা কৰা হল—
১) নিৰক্ষীয় অঞ্চলত অতিপাত গৰম আৰু বৰষুণ হােৱাৰ বাবে এই অঞ্চলৰ প্রাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ বিশেষ উপযােগী নহয়। এনে অঞ্চলত মানুহৰ জীৱন নির্বাহ অতি কষ্টকৰ আৰু জনবসতি তেনেই পাতল। এই অঞ্চলৰ লােকসকলে চিকাৰ কৰি, মাছ ধৰি আৰু অৰণ্যৰ পৰা খাদ্য সংগ্রহ কৰি জীৱন নির্বাহ কৰে। কোনাে কোনাে ঠাইত ঝুম খেতিৰ জৰিয়তে আলু জাতীয় শস্য আৰু কল উৎপাদন কৰে।

(২) মৌচুমী অঞ্চলত জনসাধাৰণৰ প্ৰধান বৃত্তি হৈছে কৃষি। নদী-উপত্যকাবােৰৰ কৃষিভূমি সাৰুৱা হােৱা বাবে কৃষি উৎপাদন যথেষ্ট বেছি আৰু এই অঞ্চল শস্য উৎপাদনৰ বাবে অধিক উপযােগী। এই অঞ্চলত ধান, ঘেঁহু, কুঁহিয়াৰ, কপাহ, মৰাপাট, তৈলবীজ আদিৰ খেতি কৰা হয়। কৃষি তথা বিজ্ঞান-প্রযুক্তিৰ বিকাশৰ লগে লগে এই অঞ্চলৰ অর্থনৈতিক উন্নতি হােৱা দেখা গৈছে।

(৩) ক্রান্তীয় তৃণভূমি অঞ্চল পশুপালনৰ বাবে অধিক উপযােগী আৰু এই অঞ্চলৰ লােকসকলে বাণিজ্যিক ভিত্তিত গৰু, ঘোঁৰা, ম’হ, ভেঁড়া আৰু ছাগলী পালন কৰে। এই অঞ্চলৰ বাসিন্দাসকলৰ প্রধান বৃত্তি হৈছে পশুপালন, চিকাৰ কৰা আৰু কম পৰিমাণে কৃষিকার্য। কৃষিকাৰ্যৰ উপযুক্ত সা-সুবিধা নথকা বাবে এই অঞ্চলৰ জনবসতি সেৰেঙা।

(৪) ক্রান্তীয় উষ্ণ মৰু অঞ্চলৰ বাসিন্দাসকলে প্ৰকৃতিৰ পৰা খাদ্য সংগ্রহ কৰে আৰু বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি জীৱন-নির্বাহ কৰে। কোনাে কোনাে অঞ্চলত লােকসকলে পশুপালন কৰিও জীৱন- নির্বাহ কৰে।

(৫) ভূমধ্য সাগৰীয় অঞ্চলৰ লােকসকলৰ জীৱিকাৰ প্রধান উৎস হৈছে কৃষি। এই অঞ্চলত শীতকালীন বৰষুণ আৰু জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে বিভিন্ন প্রকাৰৰ শস্য উৎপাদন হয়। এই অঞ্চলত প্ৰচুৰ পৰিমাণে ফল-মূল উৎপাদন হয় আৰু ফল-মূলৰ ওপৰত ভিত্তি কৰি বহুতাে উদ্যোগ গঢ় লৈ উঠিছে। এই অঞ্চলটো অর্থনৈতিক দিশত আগবঢ়া বাবে জনবসতি ঘন হােৱা দেখা যায়।

(৬) মধ্য অক্ষাংশীয় মৰু অঞ্চলটো ওখ পর্বতেৰে পৰিৱেষ্টিত। ইয়াত বৃষ্টিপাতৰ পৰিমাণ অতি কম আৰু ঋতুগত তথা দৈনিক উষ্ণতাৰ পৰিসৰ অতিশয় বেছি। এই অঞ্চলত শীতকালত কিছু পৰিমাণে তুষাৰপাতা হয়।

(৭) মধ্যঅক্ষাংশীয় নাতিশীতােষ্ণ লােকসকলে প্ৰধানকৈ কৃষিকাৰ্যৰ জৰিয়তে জীৱন-নির্বাহ কৰে। এই অঞ্চলত গহন খেতি আৰু বিস্তৃত খেতি কৰা হয়। অঞ্চলটোত কৃষিকাৰ্যৰ লগতে বাণিজ্যিক ভিত্তিত পশুপালননা কৰা হয়। অঞ্চলটো ঘন জনবসতিপূর্ণ।

(৮) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলৰ অধিবাসীসকলে প্রধানকৈ পশুপালনৰ জৰিয়তে জীৱন-নির্বাহ কৰে। এই অঞ্চলৰ লােকসকলৰ অধিকাংশ অঘৰী আদিবাসী। সম্প্রতি এই অঞ্চলত বিস্তৃতভাৱে কৃষি উৎপাদন কৰা হয় আৰু পশুপালনৰ ওপৰত ভিত্তি কৰি দুগ্ধ শিল্প গঢ়াৰ লগতে ভেঁড়াৰ নােমৰ পৰা ঊণ উৎপাদন কৰা হয়। এই অঞ্চলত জনবসতি বৰ সেৰেঙা।

(৯) শীতল সৰলবর্গীয় অঞ্চলত লােকসকলে জন্তু চিকাৰ আৰু অৰণ্যৰ কাঠ সংগ্রহ কৰিয়েই জীৱন নির্বাহ কৰে। সম্প্রতি এই অঞ্চলত কিছু পৰিমাণে খনিজ দ্রব্য আৱিষ্কাৰ হােৱা বাবে বহুতাে শিল্পকেন্দ্র গঢ়ি উঠিছে আৰু লােকসকলে কম-বেছি পৰিমাণে কৃষিকাৰ্যৰ লগতে ভেড়া পালন কৰিবলৈ লৈছে।

(১০)শীতল মেৰু অঞ্চলত লােকসকলৰ জীৱন নির্বাহ পদ্ধতি অতি কষ্টকৰ। এই অঞ্চলৰ লােকসকলে অঘৰী জীৱন-যাপন কৰে আৰু অঞ্চলটো অতি শীতল হােৱা বাবে জনবসতি অতি সেৰেঙা।।

(১১)উচ্চ পার্বত্য অঞ্চলৰ লােকসকলৰ জীৱন ধাৰণ প্রণালী অতি কষ্টকৰ। এই অঞ্চলৰ মানুহৰ প্রধান বৃত্তি হৈছে কাঠৰ ব্যৱসায় আৰু পশুপালন। পার্বত্য অঞ্চলৰ বাসিন্দাসকলে ঝুম পদ্ধতিৰে কৃষিকার্য কৰে। পার্বত্য অঞ্চলৰ জনবসতি অতিকৈ পাতল।

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

৪। পৃথিৱীৰ মহাদেশ কেইখন আৰু কি কি? প্রতিখন মহাদেশৰে এটি চমু পৰিচয় দাঙি ধৰা?
উত্তৰঃ পৃথিৱীৰ মহাদেশ সাতখন। সেইবােৰ হৈছে—
(১)এছিয়া মহাদেশ
(২)আফ্রিকা মহাদেশ
(৩)ইউৰােপ মহাদেশ
(৪)উত্তৰ আমেৰিকা মহাদেশ
(৫)দক্ষিণ আমেৰিকা মহাদেশ
(৬)ওছেনিয়া মহাদেশ।

(৭)এন্টার্কটিকা মহাদেশ

তলত প্রতিখন মহাদেশৰ চমু পৰিচয় দিয়া হল-
(১) এছিয়া মহাদেশঃ উত্তৰ গােলার্ধত অৱস্থিত। মহাদেশখন দক্ষিণে ১ উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭৮° উত্তৰ অক্ষাংশলৈ আৰু পূবে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। এছিয়া মহাদেশখন উত্তৰ-দক্ষিণাকৈ প্রায় ৮৪০০ কিলােমিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ৯৬০০ কিলােমিটাৰ বিস্তৃত। মহাদেশখনৰ উপকূলৰ দৈর্ঘ্য প্রায় ৫৮,০০০ কিলােমিটাৰ।

এছিয়া মহাদেশৰ উত্তৰে আছে উত্তৰ মহাসাগৰ, পূর্ব দিশত আছে বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ, দক্ষিণ দিশত আছে ভাৰত মহাসাগৰ আৰু পশ্চিম দিশত আছে লােহিত সাগৰ, ছুৱেজ খাল, ভূমধ্য সাগৰ, ককেছাছ পর্বত, কাস্পিয়ান সাগৰ, ইউৰাল নদী আৰু ইউৰাল পর্বতমালা ।

(2) আফ্রিকা মহাদেশঃ উত্তৰে ৩৭° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৩৪° দক্ষিণ অক্ষাংশ আৰু পূবে ৫১° পূর্ব দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৭° পশ্চিম দ্রাঘিমাংশৰ মাজত আফ্রিকা মহাদেশ অৱস্থিত। আফ্রিকা মহাদেশৰ উত্তৰে আছে ভূমধ্য সাগৰ, দক্ষিণে মহাসাগৰ, পূব দিশত আছে ভাৰত মহাসাগৰ আৰু পশ্চিম দিশত আছে আটলান্টিক মহাসাগৰ। মহাদেশখনৰ উপকূলৰেখা প্রায় ৩০ হাজাৰ কিলােমিটাৰ দীঘল আৰু মহাদেশখনৰ অধিকাংশই বৃহৎ মালভূমি।

(৩) ইউৰােপ মহাদেশঃ এই মহাদেশ উত্তৰ গােলার্ধত অৱস্থিত। মহাদেশখন দক্ষিণে ৩৬° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৭১° উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ১০° পশ্চিম দ্রাঘিমাংশৰ পৰা পূবে ৬৫” পূর্ব প্রাঘিমাংশলৈ বিস্তৃত। মহাদেশখনৰ মাটিকালি ১০.৯ নিযুত বর্গ কিলােমিটাৰ। ইউৰােপ মহাদেশৰ পূব দিশত আছে এছিয়া মহাদেশ, পশ্চিমে আটলান্টিক মহাসাগৰ, উত্তৰে মহাসাগৰ আৰু দক্ষিণে ভূমধ্যসাগৰ, কাস্পিয়ান সাগৰ আৰু কৃষ্ণ সাগৰ আছে। মহাদেশখনৰ মূল ভূ-খণ্ডৰ উপকূলৰ দৈর্ঘ্য ৩৮ হাজাৰ কিলােমিটাৰ।

৪) উত্তৰ আমেৰিকা মহাদেশঃ উত্তৰ গােলার্ধত অৱস্থিত আৰু ইয়াৰ মুঠ মাটিকালি ২৪.৩ নিযুত বর্গকিলােমিটাৰ। মহাদেশখন দক্ষিণে ৭° উত্তৰ অক্ষাংশৰ পৰা উত্তৰে ৮৩° উত্তৰ অক্ষাংশলৈ আৰু পূবে ৫০° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ১৬৮° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। মহাদেশখন পূর্ব-পশ্চিমাকৈ ৪৯০০ কিলােমিটাৰ আৰু উত্তৰ-দক্ষিণাকৈ ৯৬০০ কিলােমিটাৰ দীঘল। মহাদেশখনৰ উত্তৰে উত্তৰ মহাসাগৰ, দক্ষিণে দক্ষিণ আমেৰিকা, মেক্সিকো উপসাগৰ আৰু প্রশান্ত মহাসাগৰ, পূবে আটলান্টিক মহাসাগৰ আৰু পশ্চিমে আছে বেৰিং সাগৰ, বেৰিং প্রণালী আৰু প্রশান্ত মহাসাগৰ।

লগতে পঢ়ক:   ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল – ষষ্ঠ অধ্যায় দশম শ্ৰেণীৰ

Class 10 Elective Geography Chapter 3 Question Answer in Assamese

(৫) দক্ষিণ আমেৰিকা মহাদেশঃ উত্তৰে ১২° উত্তৰ অক্ষাংশৰ পৰা দক্ষিণে ৫৫° দক্ষিণ অক্ষাংশ আৰু পূবে ৩৫° পশ্চিম দ্রাঘিমাংশৰ পৰা পশ্চিমে ৮১° পশ্চিম দ্রাঘিমাংশৰ মাজত অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশ অতি বহল আৰু দক্ষিণ অংশ বৰ ঠেক। মহাদেশখনৰ মুঠ মাটিকালি ১৮ নিযুত বর্গ কিলােমিটাৰ মহাদেশখন উত্তৰ-দক্ষিণাকৈ প্রায় ৭৫০০ কিলােমিটাৰ আৰু পূর্ব-পশ্চিমাকৈ প্রায় ৫১০০ কিলােমিটাৰ দীঘল। মহাদেশখনৰ উত্তৰে আছে উত্তৰ আমেৰিকা, কেৰিবিয়ান সাগৰ আৰু আটলান্টিক মহাসাগৰ; দক্ষিণে আছে দক্ষিণ মহাসাগৰ, পশ্চিমে প্রশান্ত মহাসাগৰ আৰু পূবে আছে আটলান্টিক মহাসাগৰ।

(৬) ওচেনিয়া মহাদেশঃ এছিয়া মহাদেশৰ দক্ষিণে পৃথিৱীৰ দক্ষিণ গােলার্ধত অৱস্থিত। মহাদেশখন উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮৹ দক্ষিণ অক্ষাংশলৈ আৰু পশ্চিমে ১১৩° পূর্ব দ্রাঘিমাংশৰ পৰা পূবে প্রায় ১৮০° দ্রাঘিমাংশলৈ বিস্তৃত। ওচেনিয়া মহাদেশখনৰ মুঠ মাটিকালি প্রায় ৯ নিযুত কিলােমিটাৰ। মহাদেশখনৰ উত্তৰে আছে দক্ষিণ-পূর্ব এছিয়াৰ জাভা-সুমাত্রা-ছেলেবিচ দ্বীপসমূহৰ লগতে প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ আৰু এন্টার্কটিকা, পূব দিশত আছে প্রশান্ত মহাসাগৰ আৰু পশ্চিম দিশত ভাৰত মহাসাগৰ আছে।

৭) এন্টার্কটিকা মহাদেশঃ পৃথিৱীৰ আটাইতকৈ শীতলতম মহাদেশখন হ’ল এন্টার্কটিকা। এই মহাদেশখনক ২ কিলােমিটাৰৰ পৰা ৮ কিলােমিটাৰ ডাঠ বৰফৰ চামনিয়ে চিৰদিন আৱৰি ধৰি আছে। এইখন মহাদেশক মানুহে নিঃশব্দৰ দেশ বা বিভীষকাময় দেশ, অজান ৰাজ্য আদি আখ্যা দি আহিছে। মহাদেশখন জনমানৱশূন্য। ইয়াৰ তাপমাত্রা ০° চেলচিয়াছৰাে তলত। দৃষ্টিৰে ঢুকি পােৱালৈকে তাত কেৱল বৰফ। জাৰ-জহ মাত্র দুটা ঋতু। জহৰ ছমাহ দিন আৰু জাৰৰ ছমাহ ৰাতি হৈ থাকে। উত্তৰ গােলার্ধত জাৰকালি হলে দক্ষিণ গােলার্ধত জহকাল হয়। শেলুৱৈ আৰু ভেঁকুৰ জাতীয় উদ্ভিদৰ বাহিৰে অন্য উদ্ভিদৰ সন্ধান পাবলৈ নাই। প্ৰাণীৰ ভিতৰত বহুতাে প্রজাতিৰ চৰাই দেখিবলৈ পােৱা যায়। পৰিভ্ৰমী চৰাইৰ বাহিৰে সাধাৰণতে দেখা পােৱা চৰাইকেইবিধ হ’ল—কুবা,
পেট্রেল, পেংগুইন আদি। তিমি মাছ, চিল, ব্রি’ল, মিছা মাছ এনে ধৰণৰ মাছ এই দেশত যথেষ্ট পৰিমাণে পােৱা যায়। বহুতাে বিজ্ঞানী আৰু নাৱিকে এই মহাদেশত গৱেষণাৰ বাবে যাতায়াত কৰে।

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা

৫। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? এই মহাদেশখনৰ ভূ-প্রকৃতিৰ বিষয়ে চমুকৈ লিখা ?
উত্তৰঃ পৃথিৱীৰ বৃহত্তম মহাদেশখন হৈছে এছিয়া মহাদেশ। মহাদেশখনৰ মাটিকালি ৪৪.৪ নিযুত বর্গকিলােমিটাৰ। মহাদেশখনে পৃথিৱীৰ স্থলভাগৰ প্রায় ৩০ শতাংশ আৱৰি আছে। এছিয়া মহাদেশখন সুউচ্চ পর্বতশ্রেণী, মালভূমি, নদী উপত্যকা, নিম্নভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদিয়ে আৱৰি আছে। মহাদেশখনৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে ভৰা। মহাদেশখনৰ পশ্চিম সীমাত উত্তৰ- দক্ষিণাকৈ থকা ইউৰাল পর্বতমালা, আৰাৱলী পর্বতমালা। আদি বিশেষ উল্লেখযােগ্য।

মহাদেশখনৰ প্ৰধান মালভূমিসমূহ হৈছে— তিব্বত মালভূমি, পৃথিৱীৰ উচ্চতম পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি, মংগােলীয় মালভূমি, ইৰান মালভূমি, দাক্ষিণাত্য মালভূমি। এছিয়াৰ সমভূমিসমূহ হৈছে- সিন্ধু নদীৰ সমভূমি, গংগা আৰু ব্ৰহ্মপুত্র নদীৰ সমভূমি অঞ্চল, ওব, ইয়েনিছি আৰু লেনা নদীৰ সমভূমি অঞ্চল, আমুৰ, হােৱাংহাে, ইয়াং চিকিয়াং আৰু মেকং নদীৰ সমভূমি অঞ্চল আৰু মহানদী, গােদাবৰী কৃষ্ণা, কাবেৰী, মেনাম, ইৰাৱতী, মেকং আদি নৈৰ সমভূমি অঞ্চল। এছিয়া মহাদেশৰ প্রধান দ্বীপসমূহ হৈছে— জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্রা, বর্ণিও, ছিলিবিছ, আন্দামান নিকোবৰ, শ্রীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন আদি। এছিয়া মহাদেশত ভিন্ন প্রকাৰৰ জলবায়ু অনুভূত হয়। মহাদেশখনত বিৰাজ কৰা জলবায়ুৰ প্ৰকাৰসমূহ হৈছে— নৈৰক্ষিক জলবায়ু, ক্রান্তীয় মৌচুমী জলবায়ু, ক্রান্তীয় মৰু জলবায়ু, নাতিশীতােষ্ণ জলবায়ু আৰু মেৰুদেশীয় জলবায়ু। এনেদৰে এছিয়া মহাদেশত ভূ প্রকৃতিৰ ভিন্নতা পৰিলক্ষিত হয়।

Class 10 Elective Geography Chapter 3 Question Answer in Assamese

৬। আঞ্চলিক ভূগােল কাক বােলে, সংজ্ঞা দি বুজাই লিখা ?
উত্তৰঃ ভূগােলৰ যিটো শাখাত এটা সমৰূপী অঞ্চলৰ বিবিধ প্রাকৃতিক বা মানৱসৃষ্ট উপাদানৰ চৰিত্ৰবােৰৰ অধ্যয়ন কৰা হয়, তাকেই আঞ্চলিক ভূগােল বােলা হয়। কিছুমান সমৰূপী চৰিত্ৰৰ সহায়ত ভূগােলত অঞ্চল নিৰূপণ কৰা হয়। উত্তাপ, বৃষ্টিপাত, উদ্ভিদ, মানুহৰ কৃষি, বাণিজ্য আদিৰ একৰূপতাৰ ভিত্তিত একোটা অঞ্চল নির্ধাৰণ কৰা হয়। আঞ্চলিক ভূগােলত তেনে একোটা অঞ্চলৰ উদ্ভিদ, বৃষ্টিপাত, উত্তাপ, কৃষি, জনসংখ্যা আদিৰ বিস্তৃত আলােচনা কৰা হয়। এই আলােচনাত উপাদানসমূহৰ ক্রিয়া, পাৰস্পৰিক প্ৰভাৱৰ ওপৰত কৰা অধ্যয়নে ঠাই পায়। উদাহৰণস্বৰূপে, কোনাে এটা অঞ্চলৰ জনবসতিৰ পৰিমাণৰ কথা কওঁতে অঞ্চলটোত তেনে পৰিমাণৰ জনঘনত্বৰ প্রাকৃতিক কাৰণে আলােচিত হয়।

৭। ধৰাপৃষ্ঠত কেইটা আৰু কি কি ভৌগােলিক অঞ্চল পােৱা যায় ?
উত্তৰঃ ধৰাপৃষ্ঠত প্রধানতঃ ১২টা ভৌগােলিক অঞ্চল পােৱা যায়, সেইকেইটা হ’ল—
(১) নিৰক্ষীয় উষ্ণ আর্দ্র অঞ্চল
(২) মৌচুমী অঞ্চল।
(3) ছাভানা বা ছুদানীয় অঞ্চল।
(৪) উষ্ণ মৰু অঞ্চল
(৫ )নাতিশীতােষ্ণ মৰু অঞ্চল
(৬) ভূমধ্যসাগৰীয় অঞ্চল
(৭) নাতিশীতােষ্ণ আর্দ্র অঞ্চল
(৮) আর্দ্র পূর্ব উপকূলীয় বা লৰেন্সীয় বা মাঞ্চৰীয় অঞ্চল।
(৯) অর্ধ-শুষ্ক নাতিশীতােষ্ণ বা তৃণভূমি অঞ্চল
(১০)নাতিশীতােষ্ণ সামুদ্রিক অঞ্চল
(১১)সৰলবর্গীয় অৰণ্য অঞ্চল বা অধােৱীয় অঞ্চল আৰু
(১২)তুন্দ্রা অঞ্চল।
এইবােৰৰ উপৰি ধৰাপৃষ্ঠত সিঁচৰতি হৈ থকা পর্বতসমূহেৰে পার্বত্য অঞ্চল গঠিত হৈছে।

অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা Class 10 Question Answer

৮। ভাৰতবৰ্ষ কোনটো অঞ্চলৰ অন্তৰ্গত? উক্ত অঞ্চলৰ বিষয়ে এটি টোকা যুগুত কৰা?
উত্তৰঃ ভাৰতবর্ষ মৌচুমী অঞ্চলৰ অন্তৰ্গত।
মৌচুমী অঞ্চল: মহাদেশবােৰৰ পূর্ব অংশৰ ১০ৰ পৰা ৪০° উত্তৰ আৰু দক্ষিণ অক্ষাংশত অৱস্থিত ভাৰতবৰ্ষ, বাংলাদেশ, দক্ষিণ-পূর্ব এছিয়া, দক্ষিণ চীন, ইণ্ডোনেছিয়া, উত্তৰ অষ্ট্রেলিয়া, উত্তৰ- পূর্ব আফ্রিকাৰ অংশবিশেষ, আফ্রিকাৰ গিনি উপকূল আৰু মেক্সিকো উপকূল মৌচুমী অঞ্চলৰ অন্তর্গত। মৌচুমী জলবায়ুত গ্রীষ্মকালত গড় উত্তাপ অধিক। ২৭° ছেণ্টিগ্রেডৰ পৰা ৩২° ছেণ্টিগ্রেডলৈ। গৰমকালি বৃষ্টিপাতাে অধিক।

এই জলবায়ুৰ অন্তৰ্গত কিছুমান ঠাইত জুলাই মাহৰ পৰা ধাৰাসাৰ বৰষুণ দিয়ে। ২০০ চেণ্টিমিটাৰ অধিক বৰষুণ হােৱা ঠাইত চিৰসেউজীয়া গছৰ অৰণ্য দেখা যায়। মধ্যমীয়া বৃষ্টিপাতৰ ঠাইবােৰত পর্ণপাতী গছৰ সৰু-বৰ হাবি দেখা যায়। ১০০ চেন্টিমিটাৰৰ কম বৰষুণ ঠাইত জোপােহা গছ আৰু ঘাঁহ গজে। মৌচুমী অঞ্চলৰ হাবিত মাটিত চৰি ফুৰা ডাঙৰ ডাঙৰ তৃণভােজী আৰু মাংসাহাৰী জন্তু পােৱা যায়। মৌচুমী জলবায়ু কৃষিকার্য আৰু মানুহৰ বসতিৰ বাবে উপযুক্ত।

একোটা ঋতুতে বৰষুণ আৰু উত্তাপ দুয়ােটাই অধিক হােৱা বাবে শস্য উৎপাদন কৰিবলৈ সহজ। আকৌ, ইয়াত শীতকাল শুকান তথা আৰামদায়ক আৰু গভীৰ অৰণ্যও পােৱা নাযায় বাবে মৌচুমী অঞ্চলত জনবসতি ঘন। ধৰাপৃষ্ঠৰ মুঠ জনসংখ্যাৰ ৫ ভাগৰ দুই ভাগ লােক অকল মৌচুমী অঞ্চলতে বাস কৰে। মানুহৰ প্ৰধান বৃত্তি কৃষি। প্রধান শস্য ধান, মাহ, চাহ, মৰাপাট, কপাহ, সৰিয়হ, কুঁহিয়াৰ আদি।

৯। সমধর্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ সংজ্ঞা দিয়া আৰু ইয়াৰ যিকোনাে দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উঃ সমধর্মী অঞ্চলঃ সমধর্মী অঞ্চল নির্বাচিত। উপাদানবােৰৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে প্রাকৃতিক অঞ্চল। প্রাকৃতিক অঞ্চল মাটি, জলবায়ু, উদ্ভিদ আদি প্রাকৃতিক উপাদানৰ সাদৃশ্যৰ ওপৰ নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়। যেনে— মৌচুমী অঞ্চল। এই অঞ্চলৰ অন্তর্গত জলবায়ু, মাটি আৰু উদ্ভিদৰ ক্ষেত্ৰত যথেষ্ট সাদৃশ্য আছে।

ক্রিয়াত্মক অঞ্চলঃ এনে অঞ্চল উপাদানবােৰৰ মাজৰ ক্রিয়াত্মক সম্পর্কৰ ওপৰ ভিত্তি কৰি নিৰূপণ কৰা হয়। সাধাৰণতে নগৰ বা বজাৰকেন্দ্রিক কেন্দ্ৰ কৰি ক্রিয়াত্মক অঞ্চল চিনাক্ত কৰা হয়। প্রতিখন নগৰ বা বজাৰকেন্দ্ৰৰে একোটা নিজস্ব অঞ্চল থাকে, যাৰ ক্রিয়াকলাপ মুখ্যত সংশ্লিষ্ট নগৰখনক কেনদ্র কৰি পৰিচালিত হয়। এক কথাত ক’বলৈ গ’লে একোখন নগৰৰ কেউফালে থকা এলেকাবােৰ নগৰখনৰ লগত এনেদৰে বন্ধ খাই থাকে যে নগৰখনক বাদ দি এলেকাবােৰ চলিব নােৱাৰে। সেইদৰে সংলগ্ন এলেকাবােৰক বাদ দিও নগৰখন বর্তি থাকিব নােৱাৰে।

লগতে পঢ়ক:   আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল – চতুর্থ অধ্যায় (Elective) দশম শ্ৰেণীৰ ভূগোল

Class 10 Geography Assamese Medium

১০। অঞ্চলৰ সীমা নির্ধাৰণ সম্পর্কে এটি টোকা। লিখা।
উত্তৰঃ আঞ্চলিক ভূগােলত একোটা অঞ্চলৰ পৰিসীমা নির্ধাৰণ কৰাটো এটা অত্যন্ত গুরুত্বপূর্ণ কাম। বিভিন্ন উপাদানৰ বিতৰণৰ ভিত্তিত একোটা অঞ্চলৰ পৰিসীমা নির্ধাৰণ কৰা হয়। অৱশ্যে ভৌগােলিক উপাদানসমূহৰ বিতৰণ হঠাতে পৰিৱর্তিত নহয়। অর্থাৎ এডাল ৰেখাৰে একোটা অঞ্চলৰ পৰিসীমা বিচাৰ কৰিব নােৱাৰি। দুটা অঞ্চলৰ মাজত একোটা প্রান্তীয় অঞ্চল থাকে।

Class 10 Geography Chapter 3 Question Answer

উদাহৰণস্বৰূপে, মৌচুমী অঞ্চলৰ সীমা নির্ধাৰণ ‘ কৰোঁতে মৌচুমীয় উদ্ভিদ শস্য, বৃষ্টিপাত আদি নথকা চুবুৰীয়া অঞ্চল উলিয়াব লাগে। একেদৰে নিৰক্ষীয় চৰিত্ৰ নথকা অঞ্চল এটাও উলিয়ালে মৌচুমী অঞ্চলৰ সীমাত লাগি থকা আন এটা প্রান্তীয় অঞ্চল উলিয়াব পাৰি।

দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়

অতিৰিক্ত প্রশ্নোত্তৰ :

১। প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিৱীৰ আঞ্চলিক ভূগােল সম্পৰ্কীয় জ্ঞান লাভ কৰিব পাৰি? চমুকৈ লিখা।
উত্তৰঃ ভূ-পৃষ্ঠৰ যিবােৰ অঞ্চলৰ ভূ-অৱয়ব, প্রাকৃতিক উদ্ভিদ, জলবায়ু আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ সেইবােৰ অঞ্চলকে প্রাকৃতিক অঞ্চল বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগকে প্রাকৃতিক অঞ্চলত বিভাজন কৰাৰ ভিত্তি হ’ল ভৌগােলিক সাদৃশ্য। জলবায়ু, মাটি, উদ্ভিদ আদিৰ সাদৃশ্যৰ ভিত্তিত পৃথিৱীৰ বিভিন্ন স্থানক একোটা গােটত ভাগ কৰিব পাৰি। প্রাকৃতিক অঞ্চল অধ্যয়নৰ এক অন্যতম গুৰুত্বপূর্ণ সুবিধা হ’ল যে ইয়াৰ জৰিয়তে আঞ্চলিক ভূগােল বুজাত সহজ হয়।  এতেকে প্রাকৃতিক অঞ্চলৰ দৃষ্টিকোণৰ পৰা পর্যবেক্ষণ কৰিলে আঞ্চলিক ভূগােল অধিক সহজ হয়।

২। পৃথিৱীৰ সর্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? এই মহাদেশৰ জনসংখ্যা আৰু অর্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ এছিয়া পৃথিৱীৰ সবাতােকৈ অধিক জনবসতিপূর্ণ মহাদেশ। পৃথিৱীৰ মুঠ জনসংখ্যাৰ পাঁচ ভাগৰ তিনিভাগ এই মহাদেশত বাস কৰে। ইয়াৰ জনসংখ্যা ৪০১ কোটি (২০০৯ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি)। জলবায়ুৰ ভিন্নতা, সাগৰৰ পৰা দূৰত্ব, স্থলভাগ আদিৰ ভিন্নতাৰ বাবে এই মহাদেশখনত জনসংখ্যাৰ বিতৰণ অসমান। চীন হৈছে এই মহাদেশখনৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশ। তাৰ পিছতেই জনসংখ্যাৰ ক্ষে এই আছে ভাৰতৰ স্থান। এছিয়া মহাদেশখন প্রাকৃতিক সম্পদেৰেও ভৰপূৰ। এই দেশৰ অর্থনৈতিক কার্যবােৰ সাধাৰণতে কৃষি, অৰণ্য আৰু খনিজ সম্পদৰ ওপৰত নিৰ্ভৰশীল। এই মহাদেশত উৎপাদিত প্রধান কৃষিজাত সামগ্রী যেনে- ধান, মাহ, সৰিয়হ, চাহপাত, ঘেঁহু, ধপাত আৰু ৰবৰ গােটেই পৃথিৱী বিখ্যাত। খনিজাত সামগ্রী যেনে- পেট্রলিয়াম, কয়লা আৰু ইয়াৰ পৰা উৎপাদিত আন আন সামগ্ৰীৰ বাবে এছিয়া মহাদেশ আন মহাদেশতকৈ আগবঢ়া।

৩। পৃথিৱীৰ প্রধান পর্বতশ্রেণীৰ নাম লিখা ?
উত্তৰঃ পৃথিৱীৰ প্রধান পর্বতশ্রেণীবােৰ হ’ল—
(ক) এছিয়াৰ মধ্য পর্বতশ্রেণী

(খ)ইউৰােপৰ আল্পছ পর্বতশ্রেণী
(গ)উত্তৰ আমেৰিকাৰ ৰক পর্বতশ্রেণী
(ঘ)দক্ষিণ আমেৰিকাৰ এণ্ডিজ পর্বতশ্রেণী।

ভূগোল class 10 chapter 3

চমুটোকা লিখাঃ

(ক) নিৰক্ষীয় প্রাকৃতিক অঞ্চল
উত্তৰঃ নিৰক্ষীয় প্রাকৃতিক অঞ্চল বিষুৱৰ দুইকাষে ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষাংশৰ মাজত অৱস্থিত। এই অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র। নিৰক্ষীয় প্রাকৃতিক অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাৱে পৰে, সেয়ে অঞ্চলটোত দিন-ৰাতি আৰু গ্রীষ্ম- শীত কালত উত্তাপৰ তাৰতম্য নিচেই কম হয়। এই অঞ্চলত বছৰি গড় উত্তাপৰ পৰিমাণ ২৭° চেলছিয়াছ। নিৰক্ষীয় প্রাকৃতিক অঞ্চলত অতিমাত্ৰা বৰষুণ হয় আৰু ইয়াত বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ চেণ্টিমিটাৰ। সমগ্র নিৰক্ষীয় প্রাকৃতিক অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্যৰে ভৰা আৰু তাত নানাবিধ লতাৰ লগতে সৰু সৰু জোপােহা বন দেখা যায়।

এই অঞ্চলটোত গােটেই বছৰজুৰি অতিপাত গৰম থাকে আৰু বৃষ্টিপাতৰ পৰিমাণ অধিক হােৱাৰ বাবে ইয়াৰ প্রাকৃতিক পৰিৱেশ মানুহৰ বসবাসৰ উপযােগী নহয়। নিৰক্ষীয় প্রাকৃতিক অঞ্চলৰ অন্তর্গত ঠাইসমূহ হৈছে দক্ষিণ আমেৰিকাৰ আমাজান নদীৰ অৱবাহিকা, আফ্রিকাৰ কংগাে নদীৰ অৱবাহিকা, পশ্চিম আফ্রিকাৰ গিনি উপকূল, দক্ষিণ-পূর্ব এছিয়াৰ মালয়েছিয়া উপদ্বীপ আৰু ইণ্ডোনেছিয়াৰ লগতে ফিলিপাইন দ্বীপপুঞ্জ।

(খ) তুন্দ্রা অঞ্চল
উত্তৰঃ মেৰুদেশীয় তুন্দ্রা অঞ্চলটো উত্তৰ গােলার্ধৰ অন্তর্গত সুমেৰু বৃত্তৰ উত্তৰে অৱস্থিত। তুন্দ্রা অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হৈছে অতিপাত ঠাণ্ডা জলবায়ু। এই অঞ্চলৰ গ্ৰীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া। গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০৭-১০° চেলছিয়াছৰ ভিতৰত থাকে আৰু শীতকালৰ উষ্ণতা ১৮° চেলচিয়াছলৈ হ্রাস পায়। তুন্দ্রা অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু অঞ্চলটো অধিকাংশ সময় বৰফেৰে আবৃত হৈ থাকে।

তুন্দ্রা অঞ্চলৰ অন্তৰ্গত ঠাইসমূহ হৈছে গ্রীনলেণ্ড, উত্তৰ গােলার্ধৰ এছিয়া, ইউৰােপ আৰু উত্তৰ আমেৰিকাৰ মেৰুৰ কাষৰীয়া অঞ্চল আৰু দক্ষিণ গােলার্ধৰ এন্টার্কটিকা আৰু ছাইবেৰিয়াৰ বিস্তীর্ণ এলেকা। তুন্দ্রা অঞ্চলত অতিপাত শীতল। জলবায়ুৰ বাবে জীৱিকা নির্বাহ অতি কষ্টকৰ আৰু ইয়াৰ অধিবাসীসকলে অঘৰী জীৱন-যাপন কৰে। এই অঞ্চলৰ লােকসকলে জীৱ-জন্তু চিকাৰ আৰু সাগৰৰ পৰা মাছ সংগ্রহ কৰি জীৱন-যাপন কৰে। শীতকালত ইয়াৰ লােকসকলে বৰফৰ দ্বাৰা নির্মিত ইগলু নামৰ ঘৰত বাস কৰে।

সম্প্রতি কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদি উন্নত দেশসমূহৰ স’তে এই অঞ্চলৰ লােকসকলৰ যােগাযােগ হােৱাত তেওঁলােকৰ জীৱন প্ৰণালীৰ কিছু পৰিৱৰ্তন হৈছে। আলাস্কাত পেট্রলিয়াম আৰু সােণ, লাব্রাডােৰত লাে আৰু ছাইবেৰিয়াত। নিকেল আৱিষ্কাৰ হােৱাত তুন্দ্রা অঞ্চলত বহুতাে স্থায়ী বসতি গঢ়ি উঠিছে। তুন্দ্রা অঞ্চলৰ লােকসকলৰ যাতায়াত প্রধান আহিলা হৈছে।কুকুৰে টনা শ্লেজ গাড়ী। সম্প্রতি উত্তৰ পােলাধৰ তুন্দ্রা অঞ্চলটো অর্থনৈতিক দিশত অতি গুৰুত্বপূর্ণ বিবেচিত হৈছে।

ভূগোল class 10 chapter 3

(গ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল
উত্তৰঃ শীতল সৰলবর্গীয় অৰণ্য অঞ্চল উত্তৰ গােলার্ধৰ ৫০°-৭০° অক্ষাংশৰ মাজত বিস্তৃত। এই অঞ্চলৰ উত্তৰে তুন্দ্রা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। শীতল সৰলবর্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা হােৱাৰ লগতে গ্রীষ্মকালত উত্তাপ গড়ে ১৫ চেলছিয়াছলৈ বৃদ্ধি পায়। এই অঞ্চলত শীতকালত উষ্ণতা হ্রাস পােৱাৰ ফলত বৰফ পৰে। অঞ্চলটোত শীতকালতকৈ গ্রীষ্মকাল চুটি হয় আৰু গ্রীষ্মকালত কিছু পৰিমাণে ৰষুণ হয়।

শীতল আৰু শুকান জলবায়ুৰ বাবে এই অৰণ্য অঞ্চল চিৰসেউজীয়া সৰলবর্গীয় গছ-গছনিৰে ভৰা। এই অঞ্চল ইউৰােপৰ স্কেণ্ডিনেভিয়াৰ পৰা পূবে প্রশান্ত উপকূল আৰু উত্তৰ আমেৰিকাৰ আলাস্কাৰ পৰা পূবে আটলান্টিক উপকূললৈকে বিস্তৃত। ইউৰােপ, এছিয়া মহাদেশ আৰু উত্তৰ আমেৰিকাৰ এক বিস্তীর্ণ অঞ্চল এই সৰলবর্গীয় অৰণ্য অঞ্চলৰ অন্তৰ্গত। এই অঞ্চলটো কৃষিকাৰ্যৰ বাবে অনুপযােগী। ইয়াৰ বাসিন্দাসকলে জন্তু চিকাৰ আৰু অৰণ্যৰ পৰা কাঠ সংগ্রহ কৰিয়েই জীৱিকা নির্বাহ কৰে।

ইউৰােপৰ নৰৱে, ফিনলেণ্ড, ছুইডেন আদি দেশ কাঠৰ মণ্ড আৰু তাৰ পৰা কাগজ তৈয়াৰ কৰি সম্প্রতি অর্থনৈতিক দিশত কিছু অগ্ৰসৰ হৈছে। বর্তমান এনে অঞ্চলত নানা প্রকাৰৰ খনিজ দ্রব্য আৱিষ্কাৰ হােৱাত তাত বহুতাে শিল্প-উদ্যোগ গঢ়ি উঠিছে। আৰু অর্থনৈতিকভাৱে যথেষ্ট আগবাঢ়িছে। শীতল সৰলবর্গীয় অৰণ্য অঞ্চল বসবাসৰ অনুপযােগী বাবে তাত জনবসতি অতি সেৰেঙা

(ঘ) মধ্য অক্ষাংশীয় মৰু অঞ্চল
উত্তৰঃ এই অঞ্চলটো ওখ পর্বতেৰে পৰিবেষ্টিত। ইয়াৰ বৃষ্টিপাতৰ পৰিমাণ অতি কম আৰু ঋতুত তথা দৈনিক উষ্ণতাৰ পৰিসৰ অতিশয় বেছি। এই অঞ্চলৰ শীতকালত কিছু পৰিমাণে তুষাৰপাতাে হয়।

(ঙ) এন্টার্কটিকা মহাদেশ
উত্তৰঃ এই মহাদেশখন বৰফাবৃত কাৰণে ইয়াত জনবসতি নাই। গছ-গছনিও তেনেই সেৰেঙা। এই মহাদেশত সাধাৰণতে ছীল, বল্গা হৰিণ, বগা ভালুক আদি পােৱা যায়।

সমধর্মী অঞ্চল নির্বাচিত উপাদানবােৰ কিহৰ ভিত্তিত চিনাক্ত কৰা হয়?

উত্তৰঃ সাদৃশ্যৰ ভিত্তিত।

নিৰক্ষীয় অঞ্চলত বছৰি গড় উত্তাপৰ পৰিমাণ কিমান?

উত্তৰঃ ২৯° চেলচিয়াছ।

মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ আটাইতকৈ ডাঙৰ ?

উত্তৰঃ প্রশান্ত মহাসাগৰ।

আফ্রিকা মহাদেশৰ দুটা ঘন বসতিপূর্ণ অঞ্চলৰ নাম লিখা।

উত্তৰঃ গিনি উপকূল আৰু নীলনদীৰ নিম্নাংশ

এছিয়া মহাদেশৰ যিকোনাে তিনিটা মালভূমিৰ নাম লিখা।

উত্তৰঃ পামিৰ মালভূমি, ছাইবেৰিয়া মালভূমি আৰু মংগােলীয় মালভূমি।

মহাদেশসমূহৰ ভিতৰত কোনখন মহাদেশ সর্ববৃহৎ ?

উত্তৰঃ এছিয়া মহাদেশ।

নগৰ, বজাৰ আদিক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলক কি অঞ্চল বুলি কোৱা হয়?

উত্তৰঃ ক্রিয়াত্মক অঞ্চল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top