মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান (প্রশ্নোত্তৰ) Class 12 Education Chapter 7

বিষয়  শিক্ষা 2nd Year
পাঠৰ নাম মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান
শ্ৰেণী  দ্বাদশ শ্ৰেণী
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠৰ নং অধ্যায় 7
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Class XII

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্য উল্লেখ কৰা ।
উ : মানসিক স্বাস্থ্যৰ দুটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হৈছে
(১) এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।
(২) এওঁলােক শাৰীৰিকভাৱে সবল প্রকৃতিৰ।

প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যাৱলী বুলিলে তুমি কি বুজা?
উ : সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্রক্রিয়া তথা সামাজিক জীৱন প্রক্রিয়াৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল’ব লগা উপায়, কৌশল আৰু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্রদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যৰ মূল লক্ষ্য।

প্রঃ মানসিক স্বাস্থ্য বুলিলে কি বুজা? শিক্ষার্থী মানসিক স্বাস্থ্য ৰক্ষা কৰাত বিদ্যালয়ৰ ভূমিকা সম্পর্কে আলােচনা কৰা। (F-2017/20)
উঃমানসিক স্বাস্থ্য হৈছে কোনাে বেমাৰ আজাৰৰ পৰা‌ মানসিকভাৱে মুক্ত হৈ থকা এটা বিশেষ আৱস্থা। মানসিক স্বাস্থ্যৰ দ্বাৰা এগৰাকী ব্যক্তিৰ বেমাৰ অথবা আঘাতহীন মানসিক অৱস্থাৰ কথাকে বুজোৱা হয়। আনহাতে, জীৱনত বিভিন্ন পৰিৱেশ, কার্যকলাপৰ মুখামুখি হােৱাৰ সময়ত মানসিকভাৱে স্বাস্থ্যৱান লােক এজনে কোনাে অস্বাভাৱিকতা প্রদর্শন নকৰে। এনে লােকসকল ব্যক্তিত্ব সমাযােজনৰ কোনাে গুৰুতৰ সমস্যাৰ দ্বাৰা আক্রান্ত নহয়। শিক্ষার্থীৰ মানসিক স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ে তলত দিয়া ভূমিকাসমূহ পালন কৰিব লাগে—
(১) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰা।
(২) বিদ্যালয়ে মানৱ শিশুক মনােদৈহিক শক্তি সামর্থ আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা।
(৩) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰা।
(৪) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামর্থৰ বিকাশত সহায় কৰা।
(৫) সকলাে লােককে আৱেগিকভাৱে শক্তিশালী কৰি তােলাত সহায় আগবঢ়োৱা।

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ এটা সামাজিক ব্যক্তিৰ এটা সামাজিক গুণ উল্লেখ কৰা।
উঃ সুস্থ সামাজিক সমাযােজন।

প্র : “মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণা” যুক্তি দর্শোৱা।
উঃ মানুহৰ জীৱন-যাপন প্রণালী, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি মানসিক স্বাস্থ্যবিজ্ঞানক মানসিক অশান্তিসমূহৰ দূৰীকৰণত আবদ্ধ নাৰাখি ইয়াৰ পৰিসৰ বিভিন্ন দিশলৈ বিস্তাৰিত কৰা প্রয়ােজন কিয়নাে মানুহৰ মানসিক অৱস্থা মানুহভেদে বেলেগ বেলেগ। সেয়েহে মানুহৰ মানসিক স্বাস্থ্য ৰক্ষাৰ নতুন নতুন কৌশল উদ্ভাৱন কৰা, মানসিক ৰােগ নিৰাময় আৰু প্ৰতিৰােধ কৰা, মানসিক স্বাস্থ্যবিজ্ঞানৰ দৰকাৰী দিশসমূহ ত গৱেষণা কৰা আদি বিষয়ে মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত হৈছে। মানুহৰ মানসিক স্বাস্থ্য মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল আৰু মন সদায় ধাৰণাৰ বশৱৰ্তী। মানুহৰ মন আৰু ধাৰণাৰ কোনাে নির্দিষ্ট সীমাৰেখা নাই। গতিকে মানুহভেদে মানসিক স্বাস্থ্য বেলেগ বেলেগ হয়। সেয়েহে মানসিক স্বাস্থ্য এক আপেক্ষিক ধাৰণাহে বুলি কোৱা হয়।

প্রঃ মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজত থকা সম্পর্ক ব্যাখ্যা কৰা।
উঃ মানসিক স্বাস্থ্য মনৰ লগত জড়িত। মানসিক স্বাস্থ্যৰ নীতিসমূহ মূলত এটা ভাল জীৱন যাপনৰ বাবে শাৰীৰিকভাৱে যােগ্য কৰি ৰখাৰ কাৰণে প্রয়ােজনীয় নীতি নিয়ম মনি চলা আৰু অনুশাসন বজাই ৰখাৰ প্ৰক্ৰিয়াৰ লগত জড়িত। মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ নিবিড় সম্বন্ধ আছে। কিয়নাে শাৰীৰিক সুস্থতাৰ ওপৰত ব্যক্তিৰ মানসিক সুস্থতা বহুখিনি নির্ভৰ কৰে। আনহাতে, দার্শনিক এৰিষ্টটলৰ মতে সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হ’ব পাৰে। যদিহে এজন ব্যক্তি শাৰীৰিকভাৱে দুর্বল হয় তেতিয়াহ’লে তেওঁ মানসিকভাৱেও দুর্বল হৈ পৰে। মুঠতে আমি ক’ব পাৰাে যে মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্য ইটোৰ লগত সিটোৰ নিবিড় সম্পর্ক আছে।

লগতে পঢ়ক:   Class 12 Assamese Question Answer – দ্বাদশ শ্ৰেণীৰ (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া মাধ্যমৰ বাবে।

Class 12 Education Chapter 7 Assamese

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : মনােৰােগৰ চিকিৎসা মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রতিকাৰমূলক কার্য।

প্রঃ মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰােধমূলক কার্যাৱলী সম্পর্কে আলােচনা কৰা। F-13
নাইবা
মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰতিৰােধমূলক কার্য কি?
উঃ: মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানসিক স্বাস্থ্যবিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবােৰ, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযােজনৰ সমস্যাসমূহৰ বিষয়ে বুজি পােৱাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা। উপযুক্ত পুষ্টিসাধন, কিশােৰ-কিশােৰীসকলৰ বাবে পূর্বৱর্তী শিক্ষাৰ ব্যৱস্থা কৰা, আৱেগিক আৰু সামাজিক প্রয়ােজনীয়তা বিকাশ ঘটোৱা, বৃত্তীয় সমাযােজন আদি মানসিক বিকাৰ প্রতিৰোধৰ কিছুমান উপায় উদ্ভাৱন কৰা। উপযুক্তভাৱে জীৱন নির্বাহৰ পদ্ধতিৰ বিষয়ে প্রশিক্ষণ প্রদানাে এই প্ৰতিৰােধৰ অন্তৰ্গত।

প্রঃ এজন মানসিকভাৱে স্বাস্থ্যবান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য বর্ণনা কৰা। (F-2012/14)
উ: মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিৰ চাৰিটা বৈশিষ্ট্য হল—
(১) মানসিকভাৱে স্বাস্থ্যবান ব্যক্তিসকলে সমাযোজন প্রক্রিয়াত কোনাে সমস্যাৰ সন্মুখীন নহয়।
(২) এই ব্যক্তিসকল মানসিক ৰােগ, অশান্তি আদিৰ পৰা মুক্ত থাকে।
(৩) শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ হয়।
(৪) এওঁলােক অতি শক্তিশালী প্রনােদনমূলক শক্তিৰ অধিকাৰী হয়।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্ৰঃ পৰামৰ্শ দান মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্য।

প্র: মানসিক স্বাস্থ্য আমাৰ প্ৰয়ােজনীয়তাসমূহৰ উপযুক্ত পৰিতৃপ্তিৰ ওপৰত নিৰ্ভৰ কৰে’ বুজাই লিখা।
উঃমানুহ হৈছে এক প্রতিক্রিয়াশীল জীৱ। প্রতিজন লােকৰে নিজস্বভাৱে কেতবােৰ দেহ মানসিক প্রয়ােজন থাকে। জৈৱিক বিবেচনাৰে মানুহক জীৱশ্রেষ্ঠ‌ বুলি গণ্য কৰা হয়।মানুহ দেহমানসিক প্রয়ােজনবােৰ হৈছে সূক্ষ্ম,বহুমুখী আৰু অধিক জটিলতাপূর্ণ। মৌলিক প্রয়ােজনবােৰ পূৰণৰ উপৰিও বৌদ্ধিক, আবেগিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক আদি প্রয়ােজন পূৰণ হৈ উঠিব লাগে। এইকথাৰ পৰা স্পষ্ট হৈ উঠে যে ব্যক্তিৰ মানসিক স্বাস্থ্য তেওঁৰ বিবিধ প্রয়ােজনসমূহ পূৰণৰ ওপৰত নিৰ্ভৰ কৰে।

মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান Class XII

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ শিশুৰ মানসিক স্বাস্থ্য সমস্যাবােৰ ৰােধ কৰিবৰ বাবে পৰিয়ালত গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ উল্লেখ কৰা। (F-2013)
উঃ শিশুৰ মানসিক স্বাস্থ্যৰ সমস্যাবোৰ ৰােধ কৰিবৰ বাবে পৰিয়ালত গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহ হল—
(১) শিশুক উপযুক্তভাৱে মৰম আৰু ভালপােৱা প্ৰদান কৰিব লাগে।
(২) শিশুক সততে সমালােচনা কৰিব নালাগে বা আনৰ লগত তুলনা কৰিব নালাগে।
(৩) শিশুৰ ভৱিষ্যৎ সম্পর্কে অত্যধিক উদ্বিগ্ন হ’ব নালাগে।
(৪) গৃহ পৰিৱেশ সদায় গণতান্ত্রিক বিধৰ হ’ব লাগে।
(৫) শিশুৰ যুক্তিসংগত প্রয়ােজনসমূহ যথাসম্ভৱ পূৰণ কৰিব লাগে।
(৬) শিশুৰ মনত আত্মবিশ্বাসৰ ভাৱ গঢ়ি তুলিব লাগে।

প্রঃ মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা গুৰুত্বপূর্ণ কাৰ্যৰ বিষয়ে লিখা। (F-2012)
উ: মানসিক স্বাস্থ্যবিজ্ঞানৰ তিনিটা কার্য হ’ল
(১) প্রতিবােধমূলক কার্য: মানসিক অসুস্থতা আৰু ব্যক্তিৰ বিকাৰ সমাযােজন সম্পর্কীয় সমস্যাসমূহৰ প্ৰতিৰােধ কৰাই হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কাৰ্য।
(২) প্ৰতিকাৰমূলক কার্য: মানসিক বিকাৰ, ৰােগসমূহৰ পৰা‌ হাত সৰাৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা লােৱাও হৈছে মানসিক স্বাস্থ্যবিজ্ঞানৰ কার্য।
(৩) সংৰক্ষণমূলক কার্য: ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্যৰ সংৰক্ষণ বিশেষভাৱে গুৰুত্বপূর্ণ। এই মানসিক স্বাস্থ্যবিজ্ঞানৰ আন এক কার্য হৈছে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি সংৰক্ষণৰ বাবে ল’ব লগা উপায়, কৌশল আৰু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ উদ্ভাৱন কৰা আৰু প্রক্রিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান আদিৰ উদ্ভাৱন কৰা।

লগতে পঢ়ক:   শিক্ষণ Class 12 Education শিক্ষা (প্রশ্নোত্তৰ) অধ্যায় 4

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ শিক্ষা আৰু মানসিক স্বাস্থ্যবিজ্ঞান সম্পর্ক দেখুওৱা দুটা দিশ উল্লেখ কৰা?
উ : শিক্ষা আৰু মানসিক স্বাস্থ্যবিজ্ঞানৰ দুটা সম্পর্ক হ’ল-
(১) শিক্ষাই সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে।
(২) শিক্ষাই ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তিৰ সামৰ্থৰ বিকাশত সহায় কৰে।

প্ৰঃ এজন মানসিকভাৱে সুস্থ ব্যক্তিকো মানসিকস্বাস্থ্যবিজ্ঞানৰ প্ৰয়ােজন হয়’-কাৰণ দৰ্শোৱা। (F-2016)
উঃ সকলাে ব্যক্তিৰ বাবে মানসিক স্বাস্থ্যবিজ্ঞানৰ বিশেষ প্রয়ােজন আছে। সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনাে মানুহেই শান্তিপূর্ণ আৰু সুখী-জীৱন যাপন কৰিব নােৱাৰে। গতিকে মানসিক স্বাস্থ্য বিজ্ঞানত, গুৰুত্ব উপলব্ধি কৰাৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান আমাৰ সকলােৰে বাবে প্রয়ােজন। সাধাৰণতে তলত দিয়া কাৰণসমূহৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞান অতি প্রয়ােজনীয় হৈ পৰিছে।
(১) নিজকে মানসিকভাৱে স্বাস্থ্যৱান কৰি ৰখাত কৌশলসমূহ জনাত সহায় কৰে।
(২) মানসিকভাৱে স্বাস্থ্যৱান লােকসকলৰ বৈশিষ্ট্যাৱলীৰ বিষয়ে জনাত সহায় কৰে।
(৩) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।
(৪) মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ উপায় মানসিক স্বাস্থ্য বিজ্ঞানে দাঙি ধৰে। সমান্তৰালভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে আমাক তলত দিয়া কথাবােৰ উপলব্ধি কৰাত সহায় কৰে-
(১) মানসিক ৰােগসমূহ কম বেছি পৰিমাণে বংশানুক্রমিকভাৱে হস্তান্তৰিত হয়।
(২) মানসিক ৰোগ কেতিয়াও জীৱনৰ’ কোনাে বেয়া কামৰ ফল হিচাপে উদ্ভৱ নহয়।
(৩) উপযুক্ত চিকিৎসাৰ সহায়ত মানসিক ৰােগসমূহ নিৰাময় কৰিব পাৰি।
(৪) মানসিক ৰােগসমূহে মানুহক অস্বাভাৱিকভাৱে আচৰণ কৰিবলৈ বাধ্য কৰায়।
(৫) মানসিক ৰােগসমূহৰ চিকিৎসা সম্ভৱ।
(৬) পূর্ব-লক্ষণ হিচাপে এনে ৰােগৰ সৃষ্টি নহয়।

প্রঃ মানসিকভাৱে স্বাস্থ্যৱান লােক এজনৰ থাকিবলগীয়া চাৰিটা বৈশিষ্ট্য আলােচনা কৰা।
উ : মানসিকভাৱে স্বাস্থ্যৱান লােকসকলৰ থাকিবলগীয়া‌ বিশেষ কিছুমান বৈশিষ্ট্য আছে। তাৰে বৈশিষ্ট্য চাৰিটা হৈছে —
(১) এওঁলােক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী আৰু মানসিক ৰােগমুক্ত।
(২) এওঁলােক শাৰীৰিকভাৱে সবল প্রকৃতিৰ;
(৩) এওঁলােকৰবিশেষ কোনাে সমাযোজনৰ সমস্যা নাই;
(৪) এওঁলােক অতি শক্তিশালী প্ৰনােদনমূলক শক্তিৰ অধিকাৰী।।

HS 2nd Year Education Chapter 7 Question Answer In Assamese

খালী ঠাই পূর্ণ কৰা:
প্রঃ মানসিক স্বাস্থ্য বিজ্ঞান হৈছে ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষা প্রক্রিয়া।
প্রঃ Hygiene শব্দটো গ্রীক শব্দ hygiene শব্দৰ পৰা আহিছে।
প্র: এখন সুন্দৰ আৰু সমতাপূর্ণ সমাজৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰয়ােজনীয়তা আছে।
প্রঃ আমাৰ শাৰীৰিক যােগ্যতা সাধাৰণতে মানসিক যােগ্যতাৰ ওপৰত নিৰ্ভৰশীল।

প্রঃ বিশ্বস্বাস্থ্য সংস্থা মতে স্বাস্থ্য কি?
উ : স্বাস্থ্য হৈছে এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ দৈহিক, মানসিক আৰু সামাজিক সমৃদ্ধিৰ বিশেষ অৱস্থা আৰু ই কেতিয়াও একমাত্র ৰোগ বা দুর্বলৰ অনুপস্থিতি নহয়।

প্রঃ বিদ্যালয়ত মানসিক স্বাস্থ্য সমস্যাৰোধ কৰিবৰ বাবে বিদ্যালয়ে গ্রহণ কৰিব পৰা এটা ব্যৱস্থা উল্লেখ কৰা। (F-2012)
উ : সুস্থ মানসিক স্বাস্থ্যৰ মুল্য উপলব্ধিত সহায় কৰিব লাগে।

প্রঃ মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া। (F-2012)
উঃ বিভিন্ন সময়ত মানসিক স্বাস্থ্যবিজ্ঞান সম্পর্কে বহু মনােবিজ্ঞানীয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰ ভিতৰত, ক্রো আৰু ক্ৰোৰ মতে, মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলাে ক্ষেত্রকে সামৰি লয়। হেফিল্ডৰ মতে, মানসিক স্বাস্থ্য-বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।

লগতে পঢ়ক:   স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা দ্বাদশ শ্ৰেণী

প্রঃ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সমস্যা প্রতিৰােধৰ বাবে বিদ্যালয় এখনে ল’ব পৰা চাৰিটা ব্যৱস্থা লিখা।
উ : ছাত্র-ছাত্রীৰ মানসিক স্বাস্থ্য সমস্যা প্রতিবােধৰ বাবে বিদ্যালয়ে ল’ব পৰা চাৰিটা ব্যৱস্থা হ’ল-
(১) সমাজ সংস্কাৰ: সমাজত থকা কু-প্রথাবোৰ দূৰ কৰি বিদ্যালয়ে সমাজসংস্কাৰৰ ক্ষেত্ৰত পথ-প্রদর্শক হ’ব পাৰে।
(২) শিক্ষক আৰু অভিভাৱকৰ সম্পর্কঃ সুস্থ মানসিক স্বাস্থ্যৰ বাবে বিদ্যালয়সমূহত শিক্ষক আৰু অভিভাৱকৰ মাজত আলােচনাসভা আয়ােজন কৰিব লাগে। এই আলোচনাই ছাত্র- ছাত্রীৰ মানসিক সমস্যাসমূহ সমাধান কৰিব পাৰে।
(৩) শিক্ষক আৰু শিক্ষার্থীৰ সম্পর্ক: বিদ্যালয়ৰ ভিতৰত সামাজিক সুস্থ বাতাবৰণৰ বাবে শিক্ষক আৰু শিক্ষর্থীৰ মাজত ঘনিষ্ঠ সম্পর্ক থাকিব লাগে। এই সম্পর্কই ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সমস্যা কৰে।
(৪) শিক্ষণ ব্যৱস্থাঃ প্রচলিত শিক্ষণ ব্যৱস্থা সংস্কাৰ কৰিলেহে ছাত্র-ছাত্রীৰ মানসিক স্বাস্থ্য সমস্যা দূৰ হ’ব। ইয়াৰ বাবে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিলেহে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য ৰক্ষা হ’ব।

প্র: মানসিক স্বাস্থ্য বিজ্ঞানৰ তিনিটা দিশ আছে- প্রতিৰোধমূলক, প্রতিকাৰমূলক আৰু সংৰক্ষণমূলক। (F-16/14)
প্র : মানসিক স্বাস্থ্যৰ সমস্যা ৰােধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা।F-14
উঃ মানসিক স্বাস্থ্য সমস্যা ৰােধ কৰিবৰ বাবে বিদ্যালয়ে গ্ৰহণ কৰিব পৰা দুটা ব্যৱস্থা হ’ল–

(১) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰা।
(2) শান্তিপূর্ণ জীৱন যাপনৰ বাবে সকলাে প্ৰকাৰৰ মূল্যবােধৰ মূল্য উপলব্ধিত সহায় আগবাঢ়োৱা।

প্রঃ মানসিক স্বাস্থ্যৰ ধাৰণাটো লিখা। (F- 2013/14)
উঃ এগৰাকী লােকৰ নিৰােগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। আনহাতে এগৰাকী ব্যক্তিৰ বেমাৰ আজাৰহীন বা আঘাটহীন মানসিক অৱস্থাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। মানসিকভাৱে স্বাস্থ্যৱান লােক এজনে স্বাভাৱিক প্ৰদৰ্শন কৰিব পাৰে। তদুপৰি মানসিকভাৱে স্বাস্থ্যৱান লােক এজনে সহজে পৰিৱেশৰ লগত সমাযােজন কৰিব পাৰে।

প্রঃ মানসিক স্বাস্থ্যৰ সংজ্ঞা দিয়া। 

উঃ বিভিন্ন সময়ত মানসিক স্বাস্থ্যবিজ্ঞান সম্পর্কে বহু মনােবিজ্ঞানীয়ে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। তাৰ ভিতৰত, ক্রো আৰু ক্ৰোৰ মতে, মানসিক স্বাস্থ্যবিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলাে ক্ষেত্রকে সামৰি লয়। হেফিল্ডৰ মতে, মানসিক স্বাস্থ্য-বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।

প্রঃ বিশ্বস্বাস্থ্য সংস্থা মতে স্বাস্থ্য কি?

উ : স্বাস্থ্য হৈছে এগৰাকী ব্যক্তিৰ সম্পূৰ্ণ দৈহিক, মানসিক আৰু সামাজিক সমৃদ্ধিৰ বিশেষ অৱস্থা আৰু ই কেতিয়াও একমাত্র ৰোগ বা দুর্বলৰ অনুপস্থিতি নহয়।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5