কয়লা আৰু পেট্রলিয়াম | |
বিষয় | বিজ্ঞান Class 8 |
পাঠৰ নাম | কয়লা আৰু পেট্রলিয়াম প্ৰশ্ন উত্তৰ |
শ্ৰেণী | অষ্টম শ্ৰেণী |
পাঠৰ নং | পাঠ ৫ |
পাঠ্যক্ৰম | SCERT |
কয়লা আৰু পেট্ৰলিয়াম Class 8
অনুশীলনীৰ প্ৰশ্নোত্তৰ
প্ৰশ্ন ১: চি. এন. জি. আৰু এল. পি. জি.ক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি?
উত্তৰ: চি. এন. জি. (Compressed Natural Gas) আৰু এল. পি. জি. (Liquefied Petroleum Gas)ক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ হ’ল—
- পৰিষ্কাৰ ইন্ধন: ইয়াৰ দহনত ধোঁৱা আৰু অৱশিষ্ট নাথাকে।
- পৰিৱেশ বান্ধৱ: ই পৰিৱেশ প্ৰদূষণ কমায়।
- উচ্চ কেলৰি মান: ইয়াৰ দহনত বেছি পৰিমাণৰ তাপ উৎপন্ন হয়।
- সুবিধাজনক সংৰক্ষণ: ইয়াক উচ্চ চাপত সংকুচিত কৰি চিলিণ্ডাৰত সংৰক্ষণ কৰিব পাৰি।
প্ৰশ্ন ২: ৰাস্তা বনাওতে ওপৰৰ তপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি?
উত্তৰ: ৰাস্তা বনাওতে ওপৰৰ তপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম বিটুমিন।
প্ৰশ্ন ৩: মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল? এই প্ৰক্ৰিয়াটোৰ নাম কি?
উত্তৰ: মৃত গছ-গছনি ভূ-গৰ্ভত উচ্চ চাপ আৰু উচ্চ উষ্ণতাত জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা কয়লালৈ ৰূপান্তৰিত হয়। এই প্ৰক্ৰিয়াটোক অংগাৰীকৰণ বা কার্বনাইজেচন বোলে।
প্ৰশ্ন ৪: খালী ঠাই পূৰ কৰা।
(ক) কয়লা, পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছ হৈছে জীৱাশ্ম ইন্ধন।
(খ) পেট্ৰলিয়ামৰ উপাদানসমূহৰ পৃথকীকৰণ প্ৰক্ৰিয়াটোক শোধন বোলে।
(গ) আটাইতকৈ কম প্ৰদূষিত কৰা যানবাহনৰ ইন্ধনটো হ’ল চি. এন. জি.।
প্ৰশ্ন ৫: তলত দিয়া উক্তিসমূহত শুদ্ধ (শু)/অশুদ্ধ (অ) চিহ্নিত কৰা।
(ক) পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্রস্তুত কৰিব পাৰি।
উত্তৰ: অ
(খ) পেট্ৰ’লতকৈ চি. এন. জি. বেছি প্ৰদূষক ইন্ধন।
উত্তৰ: অ
(গ) ক’ক হৈছে কার্বনৰ প্রায় বিশুদ্ধ ৰূপ।
উত্তৰ: শু
(ঘ) আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ।
উত্তৰ: শু
(ঙ) জীৱাশ্ম ইন্ধনসমূহ অনিঃশেষীয় প্রাকৃতিক সম্পদ।
উত্তৰ: অ
প্ৰশ্ন ৬: জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্রাকৃতিক সম্পদ? ব্যাখ্যা কৰা।
উত্তৰ: জীৱাশ্ম ইন্ধনসমূহ নিঃশেষীয় প্রাকৃতিক সম্পদ, কাৰণ ইয়াৰ উৎস সীমিত আৰু ইয়াৰ গঠনত বহু নিযুত বছৰ লাগে। মানুহে ইয়াক দ্ৰুত গতিত ব্যৱহাৰ কৰি আছে, যাৰ ফলত ইয়াৰ ভাণ্ডাৰ কমি আহিছে।
প্ৰশ্ন ৭: ক’কৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বর্ণনা কৰা।
উত্তৰ:
- বৈশিষ্ট্য: ক’ক হৈছে এটা কঠিন, ছিদ্ৰযুক্ত আৰু কলাবৰণীয়া পদাৰ্থ। ই কার্বনৰ প্রায় বিশুদ্ধ ৰূপ।
- ব্যৱহাৰ: ক’ক তীখা উৎপাদন আৰু ধাতু নিষ্কাশনত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।
প্ৰশ্ন ৮: কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল? ব্যাখ্যা কৰা।
উত্তৰ: পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল জৈৱ ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা। নিযুত নিযুত বছৰ আগতে জীৱ-জন্তু আৰু উদ্ভিদৰ দেহ ভূ-গৰ্ভত পোত খাই উচ্চ চাপ আৰু উচ্চ উষ্ণতাত পেট্ৰলিয়ামলৈ ৰূপান্তৰিত হয়।
প্ৰশ্ন ৯: পেট্ৰলিয়াম শোধনত উৎপাদন হোৱা দ্ৰব্যসমূহৰ নাম লিখা।
উত্তৰ: পেট্ৰলিয়াম শোধনত উৎপাদন হোৱা দ্ৰব্যসমূহ হ’ল—
- পেট্ৰলিয়াম গেছ
- পেট্ৰল
- ডিজেল
- কেৰাচিন
- পিচ্ছলকাৰী তেল
- খনিজ মম
প্ৰশ্ন ১০: পেট্ৰ’ৰাসায়নিক পদাৰ্থ কাক বোলে? পেট্ৰলিয়ামক কি নামেৰে জনা যায়?
উত্তৰ: পেট্ৰলিয়াম আৰু প্রাকৃতিক গেছৰ পৰা উৎপাদন কৰা পদাৰ্থসমূহক পেট্ৰ’ৰাসায়নিক পদাৰ্থ বোলে। পেট্ৰলিয়ামক ক’লা সোণ বুলি জনা যায়।
প্ৰশ্ন ১১: চি. এন. জি. মানে কি বুজা? ইয়াৰ ব্যৱহাৰ লিখা।
উত্তৰ: চি. এন. জি. (Compressed Natural Gas) হৈছে উচ্চ চাপত সংকুচিত কৰা প্রাকৃতিক গেছ। ইয়াক যানবাহন চলোৱা আৰু বিদ্যুৎ উৎপাদনত ব্যৱহাৰ কৰা হয়।
প্ৰশ্ন ১২: এল. পি. জি. কি? ইয়াক কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰ: এল. পি. জি. (Liquefied Petroleum Gas) হৈছে তৰলীকৃত পেট্ৰলিয়াম গেছ। ইয়াক ৰন্ধন গেছ হিচাপে ব্যৱহাৰ কৰা হয়।
প্ৰশ্ন ১৩: PCRA মানে কি? ইয়াৰ কাম কি?
উত্তৰ: PCRA (Petroleum Conservation Research Association) হৈছে পেট্ৰলিয়াম সংৰক্ষণ আৰু গৱেষণা সংস্থা। ইয়াৰ কাম হ’ল পেট্ৰলিয়ামৰ সদব্যৱহাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা।
প্ৰশ্ন ১৪: PCRA য়ে দিয়া সকীয়নিবোৰ কি কি?
উত্তৰ: PCRA য়ে দিয়া সকীয়নিবোৰ হ’ল—
- গাড়ী একে গতিত চলোৱা।
- ট্ৰেফিক লাইটত গাড়ীৰ ইঞ্জিন বন্ধ কৰা।
- গাড়ীৰ টায়াৰৰ বায়ুৰ চাপ নিয়মীয়াকৈ পৰীক্ষা কৰা।
- গাড়ীৰ নিয়মীয়া মেৰামতি কৰা।