WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » নৱম শ্ৰেণীৰ অসমীয়া » Class 9 Assamese (মর্মান্তিক) Question Answer

Class 9 Assamese (মর্মান্তিক) Question Answer

Class 9 Assamese chapter 6 Question Answer

SEBA Solutions for Class 9 Assamese Chapter  – (মর্মান্তিক) Question And Answer are provided here to help students study and prepare for their board exams.

মর্মান্তিক কবিতা
ClassIX
SubjectAssamese
BoardSEBA
Chapter/ lesson06 (মর্মান্তিক)
MediumAssamese
CategoryQuestion And Answer

মর্মান্তিক

ড° নিৰ্মলপ্ৰভা বৰদলৈৰ

পাঠভিত্তিক প্রশ্নোত্তৰ
প্রশ্ন ১। অতি চমু উত্তৰ দিয়া 

(ক) মর্মান্তিক’ কবিতাটিত কেনে ভাৱ প্ৰকাশ পাইছে?
উত্তৰঃ অসমীয়া সাধাৰণ গ্রাম্য কৃষিজীৱী জীৱনৰ বিষাদ-বেদনা বোধৰ এক হৃদয় বিদাৰক ভাব।

(খ) মর্মান্তিক’ কবিতাটি কাৰ ৰচনা ?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা।

(গ) ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৯১ চনত দুধনৈ অধিবেশনত।

প্রশ্ন ২। মর্মান্তিক কবিতাটিৰ মূলভাৱ লিখ।
উত্তৰঃ ‘মর্মান্তিক’কবিতাটি কবি ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে গাঁৱলীয়া জীৱনৰ পটভূমিত, কৃষি জীৱনৰ আধাৰত বিদায় বেদনাবােধৰ এখনি হৃদয়বিদাৰক চিত্র অংকন কৰিছে। বেলি লহিওৱাৰ পৰত অর্থাৎ সন্ধিয়া সময়ত আঘােণৰ সােণালী পথাৰত ধান কাটি
থকা কৃষকজনে পথাৰৰ কাম সামৰি মূৰত জাপিটো আৰু কান্ধত জিৰিক জিৰিক্‌ মাত, ওলােৱা মেটমৰা দুটা ডাঙৰিৰ ভাৰ লৈ পথাৰৰ পৰা বিদায় লৈ সৰু আলিটোৰে ঘৰলৈ গুচি যায়গৈ। কৃষকজন গুচি যােৱাৰ লগে লগেই যেন তেওঁৰ পাছে পাচে গুচি যায়। আঘােণৰ সােণবৰণীয়া ৰ’দ, খেৰৰ চুবুৰি, বাঁহ-বননিৰ কেঁচা আলিটো আৰু পথাৰত গান গাই থকা চৰাইজাক; অর্থাৎ কৃষকজন যােৱাৰ সময়তেই আঘােণৰ ৰ’দ আঁতৰি সন্ধিয়া নামে; সন্ধিয়াৰ এন্ধাৰত খেৰৰ চুবুৰি, বাঁহ-বননি, কেঁচা আলিবাটবােৰ নেদেখা হৈ পৰে। পথাৰত নানা ধৰণে কলাই থকা চৰাইজাকো নিজৰ বাহলৈ উৰি গুচি যায়। কবিয়ে এই দৃশ্যক এক কৰুণ তথা বেদনাদায়ক বিদায় বুলি অনুভৱ কৰিছে; কিয়নাে কৃষকজন হয়তাে পুনৰ আঘােণৰ সােণবৰণীয়া পথাৰলৈ ঘূৰি নাহিবও পাৰে, তেতিয়া তেওঁৰ পাছে পাছে যােৱা বাকীবােৰৰ উভতি নাহিব নেকি বুলি তেওঁ অন্তত এক কৰুণ বেদনা অনুভৱ কৰিছে।

প্রশ্ন ৩। তাৎপর্য ব্যাখ্যা কৰা
কোনে জানে
তেওঁ আৰু
এই জন্মত
উভতি আহিবনে নাহে?
উত্তৰঃ ‘মর্মান্তিক’ কবিতাটিত পথাৰৰ আলিয়েদি কান্ধত মেটমৰা ধানৰ ডাঙৰি লৈ জিৰিক জিৰিক শব্দ কৰি কৃষকজন আঁতৰি যােৱাৰ লগে লগেই কবিতাৰ কাহিনীৰ অৱসান ঘটা নাই। তেওঁৰ পাছে পাছে আঘােণৰ সােণােৱালী ৰ’দ, খেৰৰ চুবুৰিটো, বাঁহ-বননিৰ কেঁচা আলিটো আৰু গান গােৱা চৰাইজাক লাহে লাহে আঁতৰি গৈছে। একেলগে ইমানবােৰ বস্তু আৰু প্রাণী আঁতৰি যােৱা কথাটোৱে স্বাভাৱিকতেই আমাক মনত আঘাত কৰে। কাৰণ জীৱনৰ প্রাচুর্য যেতিয়া বেলি লহিওৱাৰ পৰত জিৰিক জিৰিক মাতেৰে অর্থাৎ বিশেষ ভঙ্গিমাতে অস্থায়ী কেঁচা আলিয়েদি আতৰি যায়— তেতিয়া আৰু মানুহৰ জীৱনত খলকনি তােলাৰ আনন্দ নাথাকে। গতিকে কবিৰ শংকা অমূলক নহয়। সেয়ে তেওঁ কৈছে, “কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে।” এনে সংশয় আৰু বিচ্ছিন্নতাবােধৰ গভীৰ বেদনাই কবিতাটি কাৰুণ্যৰে পৰিপূৰ্ণ কৰি তুলিছে। কবিতাটিত কৃষক গৰাকী হৈছে এটা যুগৰ প্ৰতীক—— অর্থাৎ ‘তেওঁ শব্দই কেৱল এগৰাকী বিশেষ কৃষকক নুবুজাই সমগ্র কৃষি যুগটোকে বুজাইছে। কৃষি যুগৰ অৱসানৰ লগে, লগেই এটা নতুন শিল্প যুগৰ আগমন ঘটিব আৰু কেঁচা আলিবাট, খেৰৰ চুবুৰি বাঁহ-বননিৰ অবসান ঘটিব। কৃষি যুগ পুনৰ উভতি আহিবনে নাহে – এই প্রশ্ন কবিৰ মনত জাগিছে।

শব্দার্থ আৰু টোকা 

মর্মান্তিক → গভীৰ বেদনাদায়ক; মর্মস্পর্শী।
বকিয়া →কৰা আলি; পথাৰৰ পানী ৰখাৰ লগতে মানুহ যাব পৰাকৈ বন্ধা সৰু আলি।
মেটমৰা → বহু বস্তু ঠাহ খাই থকা; বৰ গধুৰ; ভাৰ কৰি ল’লে মেট মেট শব্দ
লহিওৱা→ লাহে লাহে অস্ত যাবলৈ ধৰা।

প্রশ্ন ৮। কৃষকজন যােৱাৰ পিছত তেওঁৰ পাছে পাছে আৰু কি কি গ’লগৈ বুলি কবিয়ে কৈছে?
উত্তৰঃ বেলি লহিওৱাৰ পৰত’অর্থাৎ সন্ধিয়া সময়ত পথাৰৰ কাম সামৰি কৃষকজন গুচি যােৱাৰ লগে লগে ‘আঘােণৰ সােণবৰণীয়া ৰ’দ, খেৰৰ চুবুৰিটো, বাঁহ-বননিৰ কেঁচা, আলিটো আৰু গানগােৱা চৰাইজাক’গ’লগৈ বুলি কৈছে। অর্থাৎ সেই সময়ত এন্ধাৰ নামি অহাত আঘােণৰ সােণবৰণীয়া ৰ’দ নােহােৱা হ’ল। পথাৰত কলৰৱ ধ্বনি কৰি থকা চৰাইজাকো। নিজ বাহলৈ গুচি গ’ল, খেৰৰ চুবুৰিটো, বাঁহ বননি, পথাৰৰ কেঁচা আলিবাটবােৰ এন্ধাৰৰ বুকুত হেৰাই গ’ল।

Also Read: Class 9 Assamese chapter 5 (মােৰ দেশ) 

প্রশ্ন ৯। অতি চুম উত্তৰ দিয়া ।

(ক) ড° নিৰ্মলপ্ৰভা বৰদলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত কি আসনৰ অধ্যাপিকা আছিল?
উত্তৰঃ জৱাহৰলাল নেহৰু আসনৰ

(খ) ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ?
উত্তৰঃ সুদীর্ঘ দিন আৰু ঋতু কাব্যগ্রন্থৰ বাবে।

(গ) অসম সাহিত্য সভাৰ কোন অধিবেশনত ড° নিৰ্মলপ্ৰভা বৰদলৈয়ে সভানেত্রিত্ব কৰিছিল?
উত্তৰঃদুধনৈ (১৯৯১) অধিৱেশনত।

(ঘ) ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্রথম কবিতা পুথি কি আছিল?
উত্তৰঃ বন ফৰিঙৰ ৰং।

(ঙ) ড’ নির্মলপ্ৰভা বৰদলৈৰ আন এখন গীতৰ পুথিৰ নাম লিখা।
উত্তৰঃ সুৰীয়া মাত।

(চ) “তেওঁক মই যােৱাগৈ দেখিছিলাে”।-কবিয়ে কাক যােৱাগৈ দেখিছিল ?
উত্তৰঃ কৃষজনক।

(ছ) কৃষকজনে যাওঁতে কি লৈ গৈছিল?
উত্তৰঃমূৰত জাপি, কান্ধত মেটমৰা দুটা ডাঙৰি।

(জ) কবিয়ে মর্মান্তিক’কবিতাটিত তেওঁ বুলি কাৰ কথা কৈছে?
উত্তৰ:কৃষকজনৰ কথা।

(ঝ) মর্মান্তিক কবিতাটিৰ কৰিজনৰ নাম কি?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈ।

(ঞ) ‘সােণৰৰণীয়া আই’ কি বিষয়ৰ পুথি?
উত্তৰঃ গীতৰ পুথি।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam