কাৰ্বন আৰু তাৰ যৌগ {সমাধান} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

কাৰ্বন আৰু তাৰ যৌগ
বিষয়  সাধাৰন বিজ্ঞান
মাধ্যম অসমীয়া
পাঠৰ নাম কাৰ্বন আৰু তাৰ যৌগ
শ্ৰেণী  দশম (X)
অধ্যায়  অধ্যায় ৪
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

কাৰ্বন আৰু তাৰ যৌগ দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

প্রঃ ১। কার্বন-ডাই-অক্সাইড (CO2)ৰ ইলেকট্রন বিন্দু গঠন কি হ’ব?
উ : কার্বন-ডাই-অক্সাইডৰ ইলেকট্রন বিন্দু গঠন হ’ল-
Carbon dioxide electron point
প্রঃ ২। আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন আঁকা। (ইংগিত-আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে)।

electron-point-of-a-sulphur-molecule
প্র : ৩। পেন্টেনৰ বাবে কেইটা গঠন সমযােগী আঁকিব পাৰিবা?
উ : পেন্টেনৰ তিনিটা সমযােগী—
Three-of-pentanes-counterparts

প্রঃ ৪। কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন-যৌগ পাওঁ? 
উ : কেটিনেছন আৰু সমযযাগিতা।

প্রঃ ৫। চাইক্লপেন্টেনৰ সংকেত আৰু ইলেকট্রনীয় বিন্দু গঠন লিখা।

 Cyclopentane-Signals

প্র : ৬। তলৰ যৌগবােৰৰ গঠন আঁকি দেখুওৱা।
(i) ইথানয়িক এছিড
(ii) ব্রম’পেন্টেন।
(iii) বিউটান’ন F-18
(iv) হেক্সানেল
ব্রম’পেন্টেনৰ সমযােগী সম্ভৱনে?
 Ethanic-Acid

bromopentane

প্রঃ ৭। তলৰ যৌগবােৰৰ নাম লিখা

উ : (i) ব্রমইথেন (ii) মিথানেল (iii) হেক্সাইন

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

প্র : ৮। ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া? (H.S.L.C.-18)
উঃ ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰোঁতে ইথানলত এটা অক্সিজেন যােগ হয়। সেইবাবে ইয়াক জাৰণ বিক্রিয়া বােলে।

প্রঃ ৯। লােহা জোৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়?
উঃ ইথাইন আৰু অক্সিজেন দহন কৰিলে যথেষ্ট পৰিমাণে তাপ আৰু পােহৰ উদ্ভৱ হয়। এই তাপত লােহা জোৰা দিয়াত সুবিধা হয়। কিন্তু বায়ুৰ পৰিৱেশত ইথাইন দহন কৰিলে বায়ুত থকা আন আন গেছৰ লগতে নাইট্রজেনৰ দহন হৈ নাইট্রজেন অক্সাইড উৎপন্ন হ’ব আৰু যথেষ্ট তাপৰ উদ্ভৱ নহ’ব।

প্রঃ ১০। পৰীক্ষাৰ সহায়ত এলকহল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্রভেদ কিদৰে দেখুৱাব পাৰি? (H.S.L.C15)
উঃ দুটা পৰীক্ষানলীত বাইকার্বনেটৰ দ্ৰৱ লৈ এটাত এলকহল আৰু আনটোত কার্বক্সিলিক এছিডৰ দ্ৰৱৰ লগত মিহলােৱা হ’ল। এতিয়া যিটোত বুৰবুৰণি উৎপন্ন হ’ব সেই দ্ৰৱটো কার্বক্সিলিক এছিড হ’ব আৰু আনটো এলকহল। আকৌ এই দুয়ােটা দ্ৰৱত নীল লিটমাছ কাগজ পৃথকে পৃথকে দিওঁ তেন্তে কার্বক্সিলিক এছিডত দিয়াৰ লগে লগে নীলা লিটমাছ ৰঙা হ’ব কিয়নাে এছিড়ে নীলা লিটমাছৰ ৰং ৰঙা কৰে। কিন্তু এলকহল দ্ৰাৱত লিটমাছৰ ৰঙৰ পৰিৱৰ্তন নহয়।

প্র : ১১। জাৰক দ্ৰৱ্য কি?
উ : কোনাে পদার্থক জাৰিত কৰিবলৈ যিবােৰ পদার্থই নিজৰ পৰা অক্সিজেন মুক্ত কৰি বিক্রিয়াত সহায় কৰে সেইবােৰ পদার্থক জাৰক দ্রব্য বােলা হয়।

প্রঃ ১২। অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক’ব পাৰিবানে ?
উ : অপমার্জক ব্যৱহাৰ কৰি পানীৰ কঠিনতা ধৰা টান।

লগতে পঢ়ক:   ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ [প্ৰশ্ন উত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 1

প্রঃ ১৩। কাপােৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। সাধাৰণতে চাবােন ঘঁহি কাপােৰখন শিল এচলাত থুকুচে বা ভৰিৰে গছকে, ব্ৰাছ কৰে, নাইবা কাপােৰ ধােৱা যন্ত্ৰত ভৰাই জোকাৰি দিয়ে। কাপােৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?
উঃ কাপােত লাগি থকা মলিবােৰ চাবােনে তৰপে তৰপে আঁতৰাই। এই তৰপৰােৰ আঁতৰাবলৈ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয় কাপােৰত প্ৰশ্নত দিয়াৰ দৰে পদ্ধতি অৱলম্বন কৰিলে তেল আৰু মলিৰ মাজত থকা বান্ধনি দুর্বল হৈ পৰে আৰু মলি সহজে আঁতৰে।প্রঃ ১৪। ইথেন (C2H6) অণু এটাত-
(a) 6 টা সহযােজী বান্ধনি আছে।
(b) 7 টা সহযােজী বান্ধনি আছে।
(c) ৪ টা সহযােজী বান্ধনি আছে।

(d) 9 টা সহযােজী বান্ধনি আছে।
উ : (b) 7 টা সহযােজী বান্ধনি আছে।

প্রঃ ১৫। চাৰিটা কার্বনৰ যৌগ বিউটান’নত থকা কার্যকৰী মূলক হ’ল—
(a) কার্বক্সিলিক এছিড (b) এলডিহাইড (c) কিটন (d) এলকহল
উ : (c) কিটন।
প্র: ১৬। ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) কলা পৰে কিয়নাে
(a) খাদ্য ভালদৰে নিসিজিলে।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।
(c) ইন্ধনটো সিক্ত।
(d) ইন্ধনটো সম্পূর্ণকৈ দহন নহয়।
উ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

প্রঃ ১৭। প্র’পেনৰ অণু এটাত (H.S.L.C.-15)
(a) 10 সহযােজী বান্ধনি থাকে।
(b) 9 সহযােজী বান্ধনি থাকে
(c) 8 সহযােজী বান্ধনি থাকে
(d) 11 সহযােজী বান্ধনি থাকে
উঃ (a) 10 সহযােজী বান্ধনি থাকে।
প্র : ১৮। CH3CIৰ উদাহৰণ লৈ সহযােজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা।

প্রঃ ১৯। তলত দিয়া বিলাকৰ ইলেকট্রন বিন্দু গঠন লিখা—
(a) ইথানয়িক এছিড (b) H2S (c) প্রপাননি। (d) F2

 Seba class 10 science 4

প্র: সমগণীয় শ্রেণী কাক বােলে? উদাহৰণ দি বুজাই লিখা (H.S.L.C.-16)
উঃ একেটা আণৱিক সংকেতৰ দ্বাৰা প্ৰকাশ কৰিব পৰা একে ৰাসায়নিক ধর্ম বিশিষ্ট জৈব যৌগবােৰৰ শ্ৰেণীক সমগণীয় শ্রেণী বুলি কোৱা হয়!
উদাহৰণ—এলকেন শ্রেণীৰ কেইটামান যৌগ, যেনে- মিথেন (CH4), ইথেন (C2H6), প্র’পেন (C3H8), বিউটেন (C4H10), পেন্টেন (C5H12), হেক্সেন (C6H14)

প্রঃ ২১। ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এছিডৰ পার্থক্য লিখা।
উঃ ইথানল আৰু ইথানয়িক এছিডৰ মাজত পার্থক্য হৈছে— ইথানলে লিটমাছ দ্ৰৱৰ ওপৰত কোনাে ধৰণৰ প্ৰভাৱ নেপেলাই। আনহাতে, ইথানয়িক এছিড়ে লিটমাছ দ্ৰৱ ৰঙা কৰে।
ইথানল সুগন্ধযুক্ত। আনহাতে ইথানয়িক এছিডৰ ভিনেগাৰৰ দৰে গােন্ধ।

প্রঃ ২২। পানীত চাবােন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?
উ : পানীত চাবােন দিলে মাইছেল সৃষ্টি হয়। চাবেনৰ অণুবােৰ ৰাসায়নিকভাৱে পৃথক বা স্বকীয় বৈশিষ্ট্যপূর্ণ দুটা অংশৰে তৈয়াৰী, এটা জলাকর্ষী মূৰ যিয়ে পানীত দ্ৰৱণীয় আৰু আনটো জলবিকর্ষী যিয়ে হাইড্রকার্বনত দ্রবণীয়। জলপৃষ্ঠ থকা অৱস্থাত চাবােনৰ জলবিকর্ষী পুচ্ছ পানীত দ্ৰৱীভূত নহয় আৰু ধ্ৰুৱীয় মেৰটো পানীত মূৰ কৰি সজ্জিত হয়। চাবােন যিহেতু ইথানলত দ্রবীভূত হয় গতিকে ই তাত মাইছেল সৃষ্টি কৰিব নােৱাৰে।

লগতে পঢ়ক:   জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? [প্ৰশ্ন উত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮

প্রঃ ২৩। প্রায় সকলাে ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ। ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয় ?
উঃ কার্বন আৰু কার্বনৰ যৌগবােৰ দহন কৰিলে CO,আৰু যথেষ্ট পৰিমাণে তাপ উৎপন্ন হয়। তাপ উৎপন্ন হােৱা বাবে এইবােৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

প্রঃ ২৪। কঠিন পানীত চাবােন ব্যৱহাৰ কৰিলে গেদ কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।
উঃ চাবােনে কঠিন পানীত ফেনৰ সৃষ্টি কৰিব নােৱাৰে। কঠিন পানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ দ্ৰৱণীয় লৱন থাকে। এই লৱণে কঠিন পানীত থকা কার্বক্সিলিক এছিড মুলকৰ লগত বিক্রিয়া কৰি অদ্রবণীয় বা অধঃক্ষেপ সৃষ্টি কৰে। ইয়াকে গেদ বােলে।

প্র : ২৫। নীলা আৰু ৰঙা লিটমাছ কাগজেৰে চাবােন পৰীক্ষা কৰিলে কি দেখিবা?
উঃ চাবােন পানীত দ্ৰৱীভূত কৰিলে এবিধ তীব্র ক্ষাৰকৰ সৃষ্টি হয়। সেই কাৰণে চাবােনৰ দ্ৰৱণে ৰঙা লিটমাছক নীলা।

প্রঃ ২৬। হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়ােগ লিখা।
উঃ নিকেলৰ দৰে অনুঘটক আৰু তাপৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ’কার্বনৰ লগত হাইড্রজেন যােগ হৈ সংপৃক্ত হাইড্ৰ’কার্বন উৎপন্ন হােৱা প্রক্রিয়াক হাইড্ৰ’জেনেচন বােলে। হাইড্রজেনেচনৰ ঔদ্যোগিক ব্যৱহাৰ ইয়াক শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত কনস্পতি ঘি তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় ।

প্রঃ ২৭ | তলৰ কোনবিলাকৰ হাইড্র’কানে যােগাত্মক বিক্রিয়া দেখুৱায় ? (HS.L.C.-l6)
C2H5, C3H8, C2H6, C2H2 আৰু CH4
উ : C2H5 আৰু C2H2

কাৰ্বন আৰু তাৰ যৌগ

প্র : ২৮। মাখন আৰু খােৱা তেলৰ মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বর্ণনা কৰা।
উঃ ব্ৰমাইন পানী ব্যৱহাৰ কৰি ৰন্ধন তেল আৰু মাখনৰ। মাজৰ পার্থক্য উলিয়াব পাৰি। খােৱা তেলে ব্ৰমাইন পানীৰ ৰং ৰঙা কবে।
আনহাতে, মাখনে ব্ৰ’মাইন পানীৰ লগত কোনাে ধৰণৰ বিক্রিয়া নকৰে।

প্র : ২৯। চাবােনব মলি আঁতৰােৱাৰ প্রক্রিয়া ব্যাখ্যা কৰা।
উঃ বেছিভাগ মলি তেলীয় গুণবিশিষ্ট। চাবােনৰ অণুবােৰ হৈছে দীঘল শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটেছিয়াম লৱণ। চাবােনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়। আনহাতে, কার্বন শৃংখল তেলত অদ্ৰৱণীয়। পানীত চাবােন দিলে পানীৰ মাজত এই অণুবােৰ একক দিশত সজ্জিত হয় আৰু হাইড্রজেন অংশ পানীৰ বাহিৰ পৃষ্ঠফালে মূৰ কৰি থাকে। এই অবস্থা সৃষ্টি হ’বলৈ অণুবােৰ এনেভাৱে পুঞ্জীভূত হয় যে জলঘৃণী পুচ্ছ পুজটোৰ ভিতৰৰ মূৰ কৰি ধ্ৰুবীয় মেৰু পুঞ্জটোৰ বাহিৰত থাকে। তেলীয়া মলিবােৰ মাইছেলৰ কেন্দ্ৰত জমা হয় গতিকে চাবনে ফেন কনাপুঞ্জৰ সহায়ত মলি আঁতৰাব পাৰে।

দশম শ্ৰেণীৰ বিজ্ঞান কাৰ্বন আৰু তাৰ যৌগ

প্র : ৩০। কেটিনেছন কাক বােলে?
উঃ যি ধৰ্মৰ বাবে কার্বনে নিজৰ মাজত C–C বান্ধনিৰ সহায়ত অতি দীঘল শৃংখল গঠন কৰিব পাৰে, তাক কেটিনেছন বােলে।

প্রঃ ৩১। এলকিন আৰু এলকাইনবােৰ কিয় ৰাসায়নিভাৱে অধিক সক্রিয় হয় ?
উঃ এলকিন আৰু এলকাইনবােৰৰ কাৰ্বন পৰমাণুবােৰৰ মাজত বহু বান্ধনি থাকে, সেইবাবে এইবোেৰ ৰাসায়নিকভাৱে অধিক সক্রিয়।

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (প্রশ্নোত্তৰ) দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬

প্রঃ ৩২। সহযােজী যৌগৰ দুটা ধর্ম লিখা।
উঃ (ক) সহযােজী যৌগবােৰৰ গলনাংক আৰু উতলাংক অতি কম।
(খ) সহযােজী যৌগবােৰ বিদ্যুতৰ কু-পৰিবাহী।

প্রঃ ৩৩। কার্যকৰী মূলকবােৰ কি? দুটা উদাহৰণ দিয়া।
উঃ হাইড্ৰ’কার্বন শৃংখল এটাত হাইড্রজেন পৰমাণু প্রতিস্থাপিত কৰা এলকহল মূলকৰ দৰে পৰমাণু বা পৰমাণু সমষ্টিটোৱেই হ’ল কাৰ্যকৰী মূলক। যেনে—কিটন।

প্র : অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্রয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা (H.S.L.C-16)
উঃ অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এছিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰুদন ঘটি ইথিন উৎপন্ন হয়। সমীকৰণটো হৈছে-
CH3 CH2OH → CH2=CH2+H20
প্রঃ ৩৫ | তলত দিয়া কোনবােৰ একে সমগণীয় শ্রেণীৰ অন্তর্গত? (HSLC-18)

C3H8, C4H8, C4H6, C3H6

উ: C3H8আৰু C3H6 যৌগ দুটা একে সমগণীয় শ্ৰেণীৰ অন্তৰ্গত।

প্রঃ ৩৬। এটা প্রতিস্থাপন বিক্রিয়াৰ উদাহৰণ ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত দিয়া। (H.S.L.C-18)
উঃ সূৰ্যৰ পােহৰত মিথেনে ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰি মিথেন উৎপন্ন কৰে। ই হ’ল প্ৰতিষ্ঠাপন ব্রিক্রিয়া।
বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ—

CH4 + Cl2→ CH3Cl+HCl (সূৰ্য্যৰ পােহৰত)

প্রঃ ৩৮। ইথানলক ইথানয়িক এছিডলৈ ৰূপান্তৰ কৰাটো কি বিক্রিয়া আৰু কিয়?

উ : ইথানলৰ পৰা ইথানয়িক এছিডলৈ পৰিৱৰ্তন হােৱা এটা জাৰণ বিক্রিয়া, কাৰণ অক্সিজেন ইথানলৰ লগত বিক্রিয়া
কৰি ইথানয়িক এচিড গঠন কৰে-

প্র : ৩৯। ইথানলৰ দুটাকৈ ভৌতিক ধৰ্ম আৰু ব্যৱহাৰ লিখা।
উঃ ইথানলৰ দুটা ভৌতিক ধর্ম হল—
(ক) সাধাৰণ উষ্ণতাত ই এবিধ বৰণহীন তৰল।
(খ) দাহ্য আৰু নীলা শিখাৰ সৈতে দহন হয়। ইথানলৰ দুটা ব্যৱহাৰ হৈছে—
(ক) এলকহলীয় পানীয়ত মুখ্য উপাদান হিচাপে ব্যৱহৃত হয়।
(খ) ৰং, আতৰ আদিত দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়।

প্রঃ ৪০। হাইড্রাকার্বনবােৰ কি?
উঃ কার্বন আৰু হাইড্রজেন থকা যৌগ এটাক হাইড্ৰ’কার্বন। বােলে।

প্র : দুটা এলকেনৰ নাম লিখা।
উ : এলকেন হ’ল মিথেন আৰু ইথেন।

প্রঃ ৪২। কাক বােলে লিখা।
(ক) এলিফেটিক যৌগ (গ) এৰ’মেটিক যৌগ।
উ : (ক) এলিফেটিক যৌগ : হাইড্র’কার্বনবােৰৰ শৃংখলডালৰ দুয়ােটা মূৰ উন্মুক্ত থাকিলে, সেই হাইড্ৰ’কার্বনবােৰক এলিফেটিক যৌগ বােলে।।
(গ) এৰ’মেটিক যৌগ : যিবােৰ হাইড্ৰ’কার্বনত ওচৰা-ওচৰি কার্বন পৰমাণুৰ মাজত ক্রমাগতভাৱে একবান্ধনি আৰু দ্বি- বান্ধনি থাকে তেনেৰােৰ চক্ৰীয় হাইড্ৰ’কার্বনক এমেটিক যোগ বােলে।

প্রঃ ৪৩। বেনজিনৰ সংকেত কি? ইয়াৰ গঠন দেখুওৱা।

বেনজিনৰ সংকেত – C6H6

Structure of benzine

প্র : ৪৪। ভিনেগাৰ কি ?
উঃ এছিটিক এছিডৰ 5-8% জলীয় দ্ৰৱণক ভিনেগাৰ বােলে।

Class 10 Science Chapter 4 In Assamese দশম শ্ৰেণীৰ বিজ্ঞান কাৰ্বন আৰু তাৰ যৌগ

Here we have updated detailed Assam Seba Board 10th Class General Science Chapter 4 (কাৰ্বন আৰু তাৰ যৌগ) question And Answer of Assamese Book. Class 10 Science Answer Guide, Assam Text Book Class 10th Assamese Medium Questions and Answers, Chapter Wise Notes PDF, Model Question Papers, Study Material To help the students to understand the concepts behind each question in a simple and detailed manner.

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top