Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » দহন আৰু শিখা Class 8 – বিজ্ঞান পাঠ ৬ প্ৰশ্ন উত্তৰ

দহন আৰু শিখা Class 8 – বিজ্ঞান পাঠ ৬ প্ৰশ্ন উত্তৰ

দহন আৰু শিখা
বিষয়  বিজ্ঞান Class 8
পাঠৰ নামদহন আৰু শিখা প্ৰশ্ন উত্তৰ
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংপাঠ 6
পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

দহন আৰু শিখা Class 8

অনুশীলনীৰ প্ৰশ্নোত্তৰ


প্ৰশ্ন ১: দহন সংঘটিত হ’বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্রস্তুত কৰা।

উত্তৰ: দহন সংঘটিত হ’বৰ বাবে আৱশ্যকীয় চৰ্তবোৰ হ’ল—

Winter Sale
  1. দাহ্য পদাৰ্থ: দহন হ’বলৈ দাহ্য পদাৰ্থৰ প্ৰয়োজন।
  2. অক্সিজেন: দহন প্ৰক্ৰিয়াত অক্সিজেনৰ প্ৰয়োজন।
  3. জ্বলনাংক: দাহ্য পদাৰ্থটোৱে তাৰ জ্বলনাংক পাব লাগিব।

প্ৰশ্ন ২: খালী ঠাই পূৰ কৰা।

(ক) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ প্ৰদূষণ ঘটায়।
(খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ’ল কেৰাচিন
(গ) দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ জ্বলনাংকলৈ নিশ্চয়কৈ তপতাব লাগে।
(ঘ) তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্রণ কৰিব নোৱাৰি।


প্ৰশ্ন ৩: যানবাহনত চি. এন. জি.ৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে? ব্যাখ্যা কৰা।

উত্তৰ: চি. এন. জি. (Compressed Natural Gas) হৈছে এক পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনত পেট্ৰল বা ডিজেলতকৈ কম প্ৰদূষক গেছ (যেনে: কার্বন-ডাই-অক্সাইড) উৎপন্ন হয়। গতিকে, যানবাহনত চি. এন. জি. ব্যৱহাৰ কৰিলে বায়ু প্ৰদূষণ বহু পৰিমাণে কমে।


প্ৰশ্ন ৪: ইন্ধন হিচাপে এল. পি. জি. আৰু কাঠ তুলনা কৰা।

এল. পি. জি. (LPG)কাঠ (খৰি)
1. দহনত কোনো অৱশিষ্ট নাথাকে।1. দহনত ছাইৰ দৰে অৱশিষ্ট থাকে।
2. সহজে জ্বলি উঠে।2. সহজে জ্বলি নুঠে।
3. জ্বলনাংক কম।3. জ্বলনাংক বেছি।
4. ধোঁৱা কম উৎপন্ন হয়।4. ধোঁৱা বেছি উৎপন্ন হয়।
5. চিলিণ্ডাৰত সংকুচিত কৰি কঢ়িয়াব পাৰি।5. পৰিমাণত বেছি, কঢ়িয়াবলৈ জটিল।

প্ৰশ্ন ৫: কাৰণ দর্শোৱা।

(ক) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্রণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।
উত্তৰ: পানী বিদ্যুতৰ সুপৰিবাহী। বৈদ্যুতিক আহিলা জড়িত জুইক পানীৰে নিয়ন্ত্ৰণ কৰিলে বিদ্যুত পৰিবাহী হৈ মানুহৰ বিপদ ঘটাব পাৰে।

(খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল. পি. জি. অধিক ভাল।
উত্তৰ: এল. পি. জি.ৰ দহনত ধোঁৱা কম উৎপন্ন হয়, অৱশিষ্ট নাথাকে আৰু তাপ বেছি উৎপন্ন হয়। আনহাতে, কাঠৰ দহনত ধোঁৱা বেছি উৎপন্ন হয় আৰু অৱশিষ্ট (ছাই) থাকে।

(গ) কাগজ এখনত নিজেই সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজ সহজে নালাগে।
উত্তৰ: কাগজৰ জ্বলনাংক কম, গতিকে সহজে জুই লাগে। এলুমিনিয়াম পাইপে তাপ শোষণ কৰে, যাৰ ফলত কাগজৰ জ্বলনাংক বাঢ়ে আৰু জুই সহজে নালাগে।


প্ৰশ্ন ৬: মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা।

উত্তৰ:
মমবাতি শিখাৰ তিনিটা মণ্ডল থাকে:

class 8 Science Chapter 6
  1. অভ্যন্তৰীণ মণ্ডল: ইয়াত অক্সিজেনৰ অভাৱ থাকে আৰু ই ক’লা ৰঙৰ হয়।
  2. মধ্য মণ্ডল: ইয়াত অক্সিজেনৰ পৰিমাণ কম থাকে আৰু ই হালধীয়া ৰঙৰ হয়।
  3. বহিঃমণ্ডল: ইয়াত অক্সিজেনৰ পৰিমাণ বেছি থাকে আৰু ই নীলা ৰঙৰ হয়।

প্ৰশ্ন ৭: ইন্ধনৰ কেলৰি মান প্রকাশ কৰা এককটোৰ নাম লিখা।

উত্তৰ: ইন্ধনৰ কেলৰি মান প্রকাশ কৰা এককটোৰ নাম কিল’জুল/কিল’গ্ৰাম (KJ/kg)


প্ৰশ্ন ৮: কার্বন-ডাই-অক্সাইডে কেনেকৈ জুই নিয়ন্ত্রণ কৰিব পাৰে? ব্যাখ্যা কৰা।

উত্তৰ: কার্বন-ডাই-অক্সাইড (CO₂) গেছ অক্সিজেনতকৈ গধুৰ। ই জুইক ঢাকি ধৰে আৰু অক্সিজেনৰ সংযোগ বিচ্ছিন্ন কৰে। অক্সিজেন অবিহনে জুই নজ্বলে, গতিকে কার্বন-ডাই-অক্সাইডে জুই নিয়ন্ত্ৰণ কৰিব পাৰে।


প্ৰশ্ন ৯: কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। ব্যাখ্যা কৰা।

উত্তৰ: কেঁচা পাতত পানীৰ পৰিমাণ বেছি থাকে, যাৰ ফলত ইয়াৰ জ্বলনাংক বেছি হয়। আনহাতে, শুকান পাতত পানীৰ পৰিমাণ কম থাকে, যাৰ ফলত ইয়াৰ জ্বলনাংক কম হয় আৰু সহজে জুই লাগে।


প্ৰশ্ন ১০: সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? ব্যাখ্যা কৰা।

উত্তৰ: সোণাৰীয়ে শিখাৰ বহিঃমণ্ডল (নীলা মণ্ডল) ব্যৱহাৰ কৰে, কাৰণ এই মণ্ডলৰ উত্তাপ সর্বাধিক (প্ৰায় 800°C)।


প্ৰশ্ন ১১: কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূর্ণভাৱে পোৰা হ’ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ 180,000 KJ পোৱা গ’ল। ইন্ধনটোৰ কেলৰি মান গণনা কৰা।

উত্তৰ:
ইন্ধনৰ কেলৰি মান = উৎপন্ন তাপ / ইন্ধনৰ ভৰ
= 180,000 KJ / 4.5 kg
= 40,000 KJ/kg


প্ৰশ্ন ১২: মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক’ব পাৰি নে? আলোচনা কৰা।

উত্তৰ: মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক’ব নোৱাৰি। ই এক ৰাসায়নিক বিক্ৰিয়া, য’ত লো অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মামৰ সৃষ্টি কৰে। ইয়াত তাপ আৰু পোহৰ উৎপন্ন নহয়।


প্ৰশ্ন ১৩: আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য’ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ’ব?

উত্তৰ: ৰমেশৰ পানীখিনি সোনকালে তপত হ’ব, কাৰণ শিখাৰ বহিঃমণ্ডলৰ উত্তাপ সর্বাধিক।


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam