Home » একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান » জাতীয়তাবাদ Class 11 Political Science Chapter 17 Assamese Medium

জাতীয়তাবাদ Class 11 Political Science Chapter 17 Assamese Medium

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামজাতীয়তাবাদ
শ্ৰেণী একাদশ শ্ৰেণী
গােটখ – শাখা
পাঠৰ নংঅধ্যায় – ৭
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

জাতীয়তাবাদ Class 11

ক, অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -১)

১। জাতি শব্দৰ ইংৰাজী প্রতিশব্দ Nation শব্দটো কোন ভাষাৰ কি শব্দৰ পৰা আহিছে?
উত্তৰ : লেটিন ভাষাৰ Natio শব্দৰ পৰা Na-tion শব্দটো আহিছে।

২। Natio শব্দৰ অর্থ কি?
উত্তৰ : জন্ম।

Winter Sale

৩ জাতি হ’ল স্বাধীন অথবা স্বাধীনতাৰ প্ৰয়াসী ৰাজনৈতিকভাৱে সংগঠিত জনসমাজ।’ – কথাষাৰ কোনে কৈছিল?
উত্তৰ : লর্ড ব্রাইচে।

৪। জাতীয়তা সৃষ্টিৰ আটাইতকৈ গুৰুত্বপূর্ণ উপাদানটো কি?
উত্তৰ : আত্মিক ঐক্য।

৫। জাতি গঠনকৰিবলৈ তেজৰ সম্পর্ক অপৰিহার্য হয়নে?
উত্তৰ: নহয়।

৬। জাতি হ’ল ভাষাগত ঐক্য, ভৌগােলিক সান্নিধ্য, সম অর্থনৈতিক জীৱনৰ বন্ধন আৰু সাংস্কৃতিক ঐক্যৰ ভিত্তিত সংগঠিত ইতিহাস বিবর্তিত স্থায়ী সমাজ বা সম্প্রদায়।’ – উক্তিটো কাৰ ?
উত্তৰ: ষ্টেলিনৰ।।

৭। ইহুদিসকল এটা জাতি হয়নে?
উত্তৰ: হয়।

৮। জাতি আৰু ৰাষ্ট্র এক নে?
উত্তৰ : নহয়।

৯। জাতিৰ সার্বভৌমত্ব থাকে নে?
উত্তৰ : নাথাকে।

১০। জাতীয়তাৰ উপাদান কুলগত ঐক্য অথবা ভাষাগত ঐক্য নহয়, ইয়াৰ প্রধান উপাদান মানসিক অনুভূতি – কথাষাৰ কোনে কৈছিল?
উত্তৰ : পেংলাৰে।

১১। জাতি আৰু জাতীয়তা একে নে?
উত্তৰ : নহয়।

১২। জাতীয়তাৰ এটা অধিকাৰ উঙ্কোখ কৰা।
উত্তৰ: বৰ্তি থকাৰ অধিকাৰ।

১৩। জাতীয়তাৰ অধিকাৰ মানে কি?
উত্তৰ : আত্ম নিয়ন্ত্ৰণৰ অধিকাৰক জাতীয়তাৰ অধিকাৰ বুলি ক’ব পাৰি।।

১৪। এক নির্দিষ্ট ভৌগােলিক এলেকা জাতিৰ বৈশিষ্ট্য হয় নে?
উত্তৰ: হয়।

Class 11 Political Science Chapter 17 Assamese Medium

খ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

১। বহুত্ববাদ কি?
উত্তৰ : বহুত্ববাদ বুলিলে সাধাৰণতে এখন ৰাষ্ট্ৰত বিভিন্ন জাতি, ভাষা, সংস্কৃতি, বর্ণ, ধর্ম আদিৰ লােকৰ মাজত থকা বহু আদর্শ, বিশ্বাস বা সংস্কৃতিক বুজায়। বহুত্ববাদ বিশ্ব ভাতৃত্ববােধৰ অন্তৰায়।। বর্তমান।যােগাযােগ মাধ্যম যথেষ্ট উন্নত হৈছে আৰু বিশ্বখন। এক গােলকীয় গাওঁত পৰিণত হৈছে। এনে পৰিস্তিতিত বহুত্ববাদ এক অপ্রাসঙ্গিক ধাৰণা। বিশ্বভাতৃত্ববােধ গঢ়ি তুলিবলৈ বহুত্ববাদ বর্জন কৰা উচিত।

২। জাতীয় আত্মনিয়ন্ত্রণ বুলিলে কি বুজা?
উত্তৰঃ একো একোটা জাতিয়ে যেতিয়া নিজস্ব স্বকীয় বৈশিষ্ট্য বজাই ৰাখি নিজৰ ৰাজনৈতিক ভৱিষ্যত নিজে নিয়ন্ত্রণ কৰাৰ অধিকাৰ বিচাৰে, তাকেই ‘জাতীয় নিয়ন্ত্রণ’বুলি ক’ব পাৰি। প্রথম বিশ্ব যুদ্ধৰ পিছৰ পৰা বিশ্বত জাতীয় আত্ম নিয়ন্ত্ৰণৰ দাবী শক্তিশালী হৈ উঠে।

৩। জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান উল্লেখ কৰা।
উত্তৰ: জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান হলঃ (ক) উমৈহতীয়া ধৰ্ম আৰু (খ) উমৈহতীয়া ভাষা।

জাতীয়তাবাদ একাদশ শ্ৰেণী

গ. চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। জাতি আৰু জাতীয়তাৰ মাজত থকা চাৰিটা পার্থক্য উল্লেখ কৰা।
উত্তৰ : বহু সময়ত জাতি আৰু জাতীয়তাবাদ ধাৰণা দুটা একে অৰ্থত ব্যৱহাৰ কৰা হয় যদিও দুয়ােৰে মাজত সুক্ষ্ম পার্থক্য আছে। যেনে (ক) জাতিয়ে এটা ৰাজনৈতিক সংগঠনক বুজায়। আনহাতে জাতীয়তাৰ লগত ৰাজনৈতিক সংগঠন জড়িত নহয়।
(খ) জাতি জাতীয়তাৰ পৰৱর্তী স্তৰ। জাতীয়তা সৃষ্টিৰ পিছতহে জাতি গঠন হয়।

(গ) জাতিৰ নিজস্ব ভৌগােলিক পৰিসীমা থাকে। কিন্তু জাতীয়তাৰ নির্দিষ্ট ভৌগােলিক পৰিসীমানাথাকে।
(ঘ) কোনাে ৰাষ্ট্র নােৱাকৈয়াে জাতি থাকিব পাবে। কিন্তু ৰাষ্ট্ৰ নােহােৱাকৈ জাতীয়তা থাকিব নােৱাৰে।

২। জাতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ: জাতিৰ কিছুমান বৈশিষ্ট্য আছে। সেয়া হ’ল –
(ক) জাতি এটাৰ নির্দিষ্ট ভৌগােলিক পৰিসীমা। থাকে।
(খ) জাতিৰ ৰাজনৈতিক চেতনা থাকে।
(গ) জাতি এখনৰ চৰকাৰ থাকে। সেই চৰকাৰ স্বাধীন বা পৰাধীনাে হ’ব পাৰে।
(ঘ) জাতি এটা উমৈহতীয়া বিশ্বাস, আদৰ্শ আৰু আশা-আকাংখাৰে বান্ধ খাই থাকে।

৩। জাতি আৰু ৰাষ্ট্রৰ মাজত থকা পার্থক্য উল্লেখ কৰা।
উত্তৰ : জাতি আৰু ৰাষ্ট্ৰ বহু সময়ত একার্থক বুলি ভবা হয় যদিও দুয়ােটাৰ মাজত কিছু পার্থক্য আছে। যেনে—
(ক) জাতি গঠন হ’বলৈ নির্দিষ্ট ভৌগােলিক এলেকা অপৰিহাৰ্য নহয়। কিন্তু ৰাষ্ট্র গঠন হ’বলৈ নির্দিষ্ট ভৌগােলিক এলেকা থকাটো অপরিহার্য।
(খ) জাতিৰ ধাৰণা সামাজিক আৰু মনস্তাত্বিক। আনহাতে ৰাষ্ট্ৰ হৈছে বিধিগত সৃষ্টি । ইয়াৰ এক স্বকীয় অস্তিত্ব আছে।
(গ) জাতিৰ বাবে সার্বভৌমত্ব অপৰিহাৰ্য নহয়। কিন্তু ৰাষ্ট্র এখনৰ বাবে সার্বভৌমত্ব অপৰিহার্য।
(ঘ) জাতিৰ কোনাে সংগঠিত ক্ষমতা নাথাকে। ই বিশ্বৰ বিভিন্ন ঠাইত বিস্তৃত হৈ থাকিব পাৰে। কিন্তু ৰাষ্ট্ৰৰ নিজস্ব ক্ষমতা থাকে আৰু ইয়াৰ ইচ্ছ, ক্ষমতা, আকাংখা চৰকাৰৰ কার্যকলাপৰ মাজেদি প্রকাশ পায়।
(ঙ) জাতি গঠনৰ বাবে একে বিশ্বাস বা একে আদৰ্শৰ লােকসকলৰ মাজত একাত্মবােধ সৃষ্টিৰ প্রয়ােজন। কিন্তু একাত্মবােধ অবিহনেও ৰাষ্ট্র গঠন হ’ব পাৰে।

৪। জাতীয়তাবাদৰ কিবা সীমাবদ্ধতা আছে নে ? উল্লেখ কৰা।
উত্তৰ : জাতীয়তাবাদৰ কিছু সীমাবদ্ধতা আছে। যেনে।
(ক) চৰম বা সংকীর্ণ জাতীয়তাবাদে বিভিন্ন জাতিৰ মাজত ঈর্ষা আৰু বিৰােধৰ সৃষ্টি কৰি অশান্তি সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে চৰম জাতীয়তাবাদে ইংলণ্ড আৰু ফ্রান্সৰ মাজত একেৰাহে কেইবা শতাব্দী ধৰি বিৰােধৰ সৃষ্টি কৰিছিল।

(খ) জাতীয়তাবাদ উগ্র হলে মানৱীয় গুণ, সংস্কৃতি আৰু সভ্যতা বিকাশত প্রতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।
(গ) শাসক শ্রেণীয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে জাতীয়তাবাদৰ আলম লৈ যুদ্ধৰ বাবে জনসাধাৰণকপ্ৰৰােচিত কৰিব পাৰে। উদাহৰণ স্বৰূপে হিটলাৰে উগ্র জাতীয়তাবাদৰ আলম লৈ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত কৰিছিল।
(ঘ) উগ্র জাতীয়তাবাদে বিশ্বশান্তি আৰু ভাতৃত্ববােধ প্রতিষ্ঠাত বাধা দিব পাৰে।

জাতীয়তাবাদ Class 11 Question Answer

ঘ, ৰচনাধর্মী প্রশ্নোত্তৰ : (প্রত্যেকটোৰ মূল্যাংক -৬)

১। জাতি বা জাতীয়তাবাদ গঠনৰ উপাদানসমূহ আলােচনা কৰা।
উত্তৰ : জাতি আৰু জাতীয়তাবাদ একে অর্থত ব্যৱহাৰ হােৱা দেখা যায়। ইয়াৰ কাৰণ এই দুয়ােটা ধাৰণাৰ মূল শব্দ একেটাই – Natio । দ্বিতীয়তে দুয়ােটাৰে বহু উপাদান একেই। তুলত জাতি বা জাতীয়তাবাদৰ উৎপত্তিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা হ’ল।

(১) বংশগত ঐক্য : বংশগত ঐক্যই জাতি বা জাতীয়তা সৃষ্টিত অৰিহণা যােগায়।একেবংশােদ্ভৱ লােকৰ মাজত সহজেই আত্মীয়তা গঢ়ি উঠে। অৱশ্যে এইটো অনিবার্য উপাদান নহয়। উদাহৰণ স্বৰূপে হিটলাৰে জার্মানসকলক আর্য জাতিৰ বংশােদ্ভৱ বুলি প্ৰচাৰ কৰি নিজৰ জাতিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ জার্মানসকলক অনা-জার্মানসকলৰ বিৰুদ্ধে উচটাই দিছিল।

(২) ভাষাগত ঐক্য : ভাষাগত ঐক্য জাতি গঠনৰ অন্যতম উপাদান। একে ভাষা-ভাষী লােকৰ মাজত সহজেই জাতীয় চেতনা ভাৱৰ উন্মেষ হােৱা দেখা যায়। অৱশ্যে বিভিন্ন ভাষা-ভাষী লােকৰ মাজতো জাতীয়তাবাদৰ সৃষ্টি হ’ব পাৰে। উদাহৰণ স্বৰূপে
চুইজাৰলেণ্ডত তিনিটা ৰাষ্ট্ৰীয় ভাষা থকা সত্বেও তাত জাতি গঠন হােৱাত অসুবিধা হােৱা নাই।

(৩) ভৌগােলিক সান্নিধ্য : একে ভূখণ্ডত বহু দিন একেলগে বসবাস কৰি থাকিলেও জাতি গঠনত সহায়ক হয়। বিশ্বৰ প্রধান প্রধান জাতি ভৌগােলিক সান্নিধ্যৰ ভিত্তিতেই গঢ়ি উঠিছে।

(৪) উমৈহতীয়া ধর্ম : ধর্ময়ে জাতি গঠনত এক উল্লেখযােগ্য ভূমিকা গ্রহণ কৰে। ভাৰতত স্বাধীনতা আন্দোলনৰ সময়ত ইছলাম ধৰ্মীলােকসকলেও ধৰ্মৰ ভিত্তিত জাতীয়তাবাদ গঢ়ি তুলিছিল। সেইদৰে ধৰ্মৰ ভিত্তিত পাকিস্থান ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল।

(৫) অর্থনৈতিক স্বার্থঃ অর্থনৈতিক স্বার্থৰ বন্ধন জাতি গঠনৰ একপ্রয়ােজনীয় উপাদান। অর্থনৈতিক স্বার্থইজাতীয় চেতনা সঞ্চাৰিত কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰে।

(৬) ঐতিহাসিক পটভূমি : অতীত ইতিহাসৰ গৌৰৱময় স্মৃতি ৰােমন্থনেও জনসাধাৰণক একত্রিত কৰি জাতীয়তা সৃষ্টিৰ ক্ষেত্ৰত অৱদান আগবঢ়ায়। উদাহৰণ স্বৰূপেইংৰাজসকলকভাৰতৰ পৰা খেদিবলৈ আৰম্ভ কৰা আন্দোলনৰ সময়ত ভাৰতৰ হিন্দু সকলে অতীত ভাৰতৰ ঐতিহ্যৰ স্মৃতি ৰোমন্থন কৰি জাতীয়তাবাদ গঢ়ি তুলিছিল।

(৭) উমৈহতীয়া সংস্কৃতি : উমৈহতীয়া সংস্কৃতিয়েও জাতি গঠনত বিশেষ ভূমিকা গ্রহণ কৰে। একে সংস্কৃতি গ্রহণ কৰা লােকসকলৰ মাজত স্বাভাৱিকতেই সমিল- মিলভাৱৰ সৃষ্টি হৈ জাতীয়তাবাদৰ উন্মেষ ঘটায় । স্বাধীনতা বিপ্লৱৰ সময়ত ভাৰতৰ উমৈহতীয়া সংস্কৃতিয়ে ভাৰতীয় জাতীয়তাবাদৰ জন্ম দিছিল।

(৮) ৰাজনৈতিক আদর্শ : ৰাজনৈতিক আদর্শয়াে জাতি বা জাতীয়তাবাদ গঢ় দিয়াত ইন্ধন যােগায়। বিশ্বৰ বহুতাে জাতি ৰাজনৈতিক আদৰ্শৰ ভিত্তিত গঢ়ি উঠিছে। উদাহৰণ স্বৰপে গণতান্ত্রিক আদৰ্শত এক্যবদ্ধ হৈফৰাচী জাতি গঢ় লৈ উঠিছে। সেইদৰে ৰাছিয়াৰ বিপ্লৱ, চীনৰ কমিউনিষ্ট বিপ্লৱ আদিৰ ফলত বিভিন্ন গােটৰ মানুহক একেগােট কৰি নির্দিষ্ট জাতিত পৰিণত কৰিছে।

 

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam