WhatsApp WhatsApp Channel NEW
Join Now →
Play Store Android App FREE
Get Now →
Home » একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান » বজাৰৰ ভাৰসাম্য Class 11 অর্থবিজ্ঞান (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

বজাৰৰ ভাৰসাম্য Class 11 অর্থবিজ্ঞান (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

বিষয় একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নামবজাৰৰ ভাৰসাম্য
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – অংশ (ব্যষ্টিবাদী অর্থবিজ্ঞান।)
পাঠৰ নংপঞ্চম অধ্যায়।
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বজাৰৰ ভাৰসাম্য Class 11

ক, অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক -১)

১। সন্তুলন (ভাৰসাম্য) মানে কি?
উত্তৰ: দুটা বিপৰীত শক্তি বা চলকে যেতিয়া কোনাে এটা নির্দিষ্ট বিন্দুত লগ লাগে বা সমান হয়, তেনে অৱস্থাকে ‘সন্তুলন’(ভাৰসাম্য) বুলি কোৱা হয়।

৩। দাম স্থিতিস্থাপকতা কি?
উত্তৰঃ যেতিয়া বজাৰত বস্তু এটাৰ চাহিদা বা যােগান হ্রাস-বৃদ্ধি হয়, তেতিয়া বস্তুটোৰ দামৰ ওপৰত প্ৰভাৱ পৰে। এনেদৰে দামৰ ওপৰত পেলােৱা প্ৰভাৱৰ ফলক ‘দৰ। স্থিতিস্থাপকতা’ বুলি কোৱা হয়।

৪। দামৰ ভেটি কি ?
উত্তৰঃ যেতিয়া এটা নির্দিষ্ট দ্রব্য বা সেৱাৰ দামৰ ওপৰত চৰকাৰে একোটা সর্বনিম্ন সীমা বান্ধি দিয়ে, সেই সীমাকেই দামৰ ভেটি বুলি কোৱা হয়।

৫। শ্ৰমৰ প্রান্তিক ৰাজহ কি ?
উত্তৰঃ শ্ৰমিকৰ প্রান্তিক ৰাজহ = প্রান্তিক আয়× শ্ৰমিকৰ প্রান্তিক উৎপাদন।

৭। শুদ্ধনে অশুদ্ধ লিখা ?

(ক) ভাৰসাম্য দামৰ ওপৰত দামৰ ভেটি আৰােপ কৰে বজাৰে।
উত্তৰঃ অশুদ্ধ।
(খ) সন্তুলনত কোনাে ব্যৱসায়িক প্রতিষ্ঠানে স্বাভাৱিক লাভ অর্জন কৰিব নােৱাৰে।
উত্তৰঃ অশুদ্ধ।
(গ) ভাৰসাম্য দাম হ’ল ব্যৱসায়িক প্রতিষ্ঠানৰ নূন্যতম গড় ব্যয়ৰ সমান।
উত্তৰ : শুদ্ধ।

৮। শুদ্ধ অংশটো বাছি উলিওৱাঃ
সন্তুলন দামৰ তলত দামৰ মুধাবৰণ আৰােপ কৰিলে –(অতিৰিক্ত চাহিদা/অতিৰিক্ত যােগান)ৰ সৃষ্টি হয়।
উত্তৰ অতিৰিক্ত যােগান।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। চাদিহা বিধি অনুসৰি বজাৰ ভাৰসাম্য স্বীকাৰ্যটো উল্লেখ কৰা।
. উত্তৰঃ চাহিদা বিধি অনুসৰি বজাৰ ভাৰসাম্য স্বীকাৰ্যটো হল –
(ক) উপভােক্তাৰ আয় স্থিৰ থাকিব লাগিব।
(খ) সামগ্ৰীৰ দাম একে থাকিব লাগিব।
(গ) উপভােক্তাৰ ৰুচি, অভিৰুচি আদিৰ পৰিৱৰ্তন হ’ব নালাগিব।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ (প্রত্যেকটোৰ মূল্যাংক -৪)

১। পূর্ণ প্রতিযােগিতামূলক বজাৰৰ গাঁথনিৰ চৰ্তবােৰ উল্লেখ কৰা।
উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰৰ গাঁথনিৰ প্রধান চৰ্তবােৰ হ’লঃ
(ক) অসংখ্য ক্রেতা আৰু বিক্রেতা : পূর্ণ প্রতিযােগিতামূলক বজাৰত ক্রেতাৰ সংখ্যা অসংখ্য হয়। অসংখ্য ক্রেতাৰ অৱস্থিতিয়ে এজন ক্রেতাৰ চাহিদাৰ পৰিমাণ মুঠ বজাৰ চাহিদাৰ পৰিমাণৰ তুলনাত অতি নগন্য। আনহাতে, বিক্রেতাৰ ক্ষেত্ৰতাে অসংখ্য বিক্রেতা থাকে বাবে প্রত্যেকজন বিক্রেতাই এটা সামান্য অংশহে বজাৰ যােগানলৈ আগবঢ়ায়।

(খ) সমগুণবিশিষ্ট সামগ্রীঃ বিক্রেতাই বিক্ৰী কৰিব খােজা সামগ্ৰীটো সমগুণবিশিষ্ট। অর্থাৎ সামগ্ৰীটো আকাৰ, ৰং, গুণ আদি সকলাে ফালৰ পৰা একে।

(গ) মুক্ত প্রৱেশ আৰু প্রস্থানঃ প্রতিটো প্রতিষ্ঠানে উদ্যোগত মুক্তভাৱে প্ৰৱেশ আৰু প্রস্থান কৰিব পাৰে। এনে উদ্যোগ প্রতিষ্ঠানে কোনাে ধৰণৰ বাধা-নিষেধ নােহােৱাকৈ বজাৰত নামিব পাৰে। ফলত দীর্ঘকালত এনে উদ্যোগ প্রতিষ্ঠানসমূহে অস্বাভাৱিক লাভ বা লােকচানৰ সন্মুখীন হােৱা দেখা নাযায়।

৩। শ্ৰমিকৰ বজাৰ যােগান ৰেখাডাল কেনেদৰে নিৰ্দ্ধাৰণ কৰিব পাৰি বুজাই লিখা।
উত্তৰ : মানুহে এক নির্দিষ্ট মজুৰি হাৰত যােগান ধৰিবলগীয়া শ্ৰমৰ পৰিমাণ নির্ণয় কৰে। সিহঁতৰ যােগানৰ সিদ্ধান্ত প্রধানতঃ আয় আৰু জিৰণিৰ মাজৰ এটা পছন্দ। এহাতে মানুহে জিৰণিৰ আনন্দ লয় আৰু কর্ম বিৰক্তিকৰ বুলি বিবেচনা কৰে। কিন্তু সিহঁতে আয় সংগ্ৰহৰ ওপৰত গুৰুত্ব দি কাম কৰিবলগীয়া হয়। গতিকে জিৰণিৰ আনন্দ আৰু কৰ্মৰ বাবে অতিৰিক্ত সময় খৰচ কৰাৰ মাজত বিপৰীতমুখী সম্পর্ক আছে। ইয়াতে উল্লেখ্য যে মজুৰিৰ হাৰ বৃদ্ধিৰ দুটা ফল আছে। যেনে

(ক) মজুৰিৰ হাৰ বৃদ্ধিৰ ফলত জিৰণিৰ সুযােগ ব্যয় বৃদ্ধি হ’ব যাৰ বাবে জিৰণি আগতকৈ ব্যয় বহুল হৈ পৰিব। সেয়ে মানুহে আগতকৈ অধিক সময় কাম কৰিব বিচাৰিব।
(খ) মজুৰি হাৰ বৃদ্ধি হলে মানুহৰ ক্রয় ক্ষমতা বাঢ়িব। সেয়ে তেওঁলােকে অৱসৰ বিনােদনত বেছি সময় খৰচ কৰিবলৈ বিচাৰিব।

গতিকে এটা নির্দিষ্ট বিন্দুলৈ মজুৰি হাৰ বৃদ্ধিৰ ফলত শ্ৰমৰ যােগান বৃদ্ধি হ’ব। কিন্তু এটা নির্দিষ্ট বিন্দুৰ পিছত মজুৰি হাৰ বৃদ্ধিয়ে শ্ৰমৰ যােগানৰ হ্রাস ঘটাব। সেয়ে শ্ৰমৰ যােগান ৰেখা সদায় উদ্ধগামী আৰু পিছত পিছফালে ভাঁজ খােৱা আকৃতিৰ হয়।

বজাৰ ভাৰসাম্য

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)

১। পূর্ণ প্রতিযােগিতামূলক বজাৰত মজুৰি কিদৰে নিৰ্দ্ধাৰণকৰা হয় ? চিত্ৰৰ সহায়ত বুজাই লিখা।
উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰত মজুৰি নিৰ্দ্ধাৰণত শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ যােগানে প্রধান ভূমিকা গ্রহণ কৰে। শ্রম আহৰণ কৰাৰ সময়ত এখন প্রতিষ্ঠানে সেই বিন্দুলৈ শ্ৰম নিয়ােগ কৰিব যত মজুৰি আৰু শ্ৰমৰ প্রান্তিক আয়মূলক উৎপাদন সমান হয়। ক্রমহ্রাসমান প্রান্তিক উৎপাদন বিধি প্রযােজ্য হলে প্রতিষ্ঠানে সদায় মজুৰি আৰু শ্ৰমৰ প্রান্তিক উৎপাদনৰ মূল্য সমান হােৱা অৱস্থাত উৎপাদন কৰাটোৱে এয়া বুজায় যে শ্ৰমৰ চাহিদাৰেখা নিম্নগামী।

আনহাতে মজুৰি আৰু শ্ৰমৰ যােগানৰ মাজত এটা নির্দিষ্ট বিন্দুলৈ প্রত্যক্ষ সম্পর্ক থাকে আৰু পিছত পৰােক্ষ সম্পর্ক হয়। সেয়ে শ্ৰমৰ যােগান ৰেখাডাল এটা সময়লৈ উৰ্দ্ধগামী হয় আৰু পিছত ভাজ খােৱা আকৃতিৰ হয়। পূর্ণ প্রতিযােগিতামূলক বজাৰত মজুৰিৰ হাৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত শ্ৰমৰ চাহিদা আৰু শ্ৰমৰ ভাৰসাম্যতাৰ প্রয়ােজন। আমি ইয়াক তলত দিয়া চিত্ৰৰ সহায়ত এনেদৰে বুজাই দিব পাৰি —

class 11 economics chapter 5

চিত্রত D, শ্ৰমৰ চাহিদা ৰেখা আৰু S শ্ৰমৰ যােগান ৰেখা। দুয়ােডাল ৰেখাই E বিন্দুত ভাৰসাম্যতা লাভ কৰিছে। ফলত OW মজুৰি নিৰ্দ্ধাৰণ হৈছে।

২। পূর্ণ প্রতিযােগিতামূলক বজাৰ এখনত মুক্ত প্রৱেশ আৰু প্ৰস্থানৰ কাৰণে ভাৰসাম্য দাম আৰু নিম্নতম গড় ব্যয় সমান হয়। চিত্ৰৰ সহায়ত বর্ণনা কৰা।
উত্তৰ : পূর্ণ প্রতিযােগিতামূলক বজাৰত উৎপাদন প্রতিষ্ঠানৰ মুক্ত প্ৰৱেশ আৰু প্রস্থান আছে বাবে প্রতিষ্ঠানবােৰে দীর্ঘকালত কেৱল স্বাভাৱিক লাভহে অর্জন
কৰিব পাৰে। অর্থাৎ প্রতিষ্ঠানটোৰ ভাৰসাম্য দাম এনে এক অৱস্থাত নির্ধাৰণ হয় য’ত দাম = নিম্নতম গড় ব্যয়। উক্ত তত্ত্বটো তলত দিয়া ধৰণে চিত্ৰৰ সহায়ত দাঙি ধৰিব পাৰি —

class 11 economics chapter 5

চিত্ৰত E বিদ্যুত প্রতিষ্ঠানটোৱে ভাৰসাম্য অৱস্থা লাভ কৰিছে। এই ভাৰসাম্য অৱস্থাত ভাৰসাম্য দাম OP, গড় ব্যয় EQ ৰ সমান হৈছে। সেয়ে প্রতিষ্ঠানটোৱে কেৱল স্বাভাৱিক লাভহে অর্জন কৰিছে।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam