পাতনি – অর্থনীতিৰ বাবে পৰিসংখ্যা একাদশ শ্ৰেণী প্ৰশ্ন উত্তৰ

বিষয় একাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞান
পাঠৰ নামপাতনি
শ্ৰেণী একাদশ শ্ৰেণী
গােটক – অংশ (অর্থনীতিৰ বাবে পৰিসংখ্যা)
পাঠৰ নংপ্রথম অধ্যায়
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

পাতনি – অর্থনীতিৰ বাবে পৰিসংখ্যা

ক. অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)

১। উপভােক্তা বুলিলে কি বুজা ?
উত্তৰঃ যিজন ব্যক্তিয়ে নিজৰ চাহিদা পূৰণ কৰিবৰ বাবে কোনাে বস্তু ক্রয় কৰে তেওঁকেই উপভােক্তা বুলি কোৱা হয়।

২। আধুনিক অর্থনীতি শাস্ত্ৰৰ এজন প্ৰতিষ্ঠাপক অর্থনীতিবিদৰ নাম লিখা।
উত্তৰঃ আলফ্রেড মাৰ্ছল।

৩। বিক্রেতা বুলিলে কি বুজা?
উত্তৰঃ এজন ব্যক্তি বা প্রতিষ্ঠানে লাভ অর্জন কৰিবৰ বাবে কোনাে সামগ্রী বিক্ৰী কৰিলে তেওঁকেই ‘বিক্রেতা বােলে।

৪। উৎপাদক মানে কি?
উত্তৰঃ যিজন ব্যক্তিয়ে কোনাে সামগ্রী বা সেৱা উৎপাদন কৰে, তেওঁক ‘উৎপাদক’ বুলি কোৱা হয়।

৫। অর্থনৈতিক কার্য বুলিলে কি বুজা?
উত্তৰঃ যি কার্য অর্থনৈতিক লাভ অর্জনৰ কাৰণে সম্পাদন কৰা হয়, তাকে অর্থনৈতিক কার্য বােলে।

৬। সেৱাকাৰী বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া এজন ব্যক্তিয়ে ধনৰ বিনিময়ত আনৰ বাবে কোনাে সেৱামূলক কার্য সম্পাদন কৰে, তেতিয়া তেওঁক সেৱাকাৰী বুলি কোৱা হয়।

৭। উৎপাদন মানে কি?
উত্তৰঃ কোনাে এটা বস্তুৰ উপযােগিতাৰ সৃষ্টি কৰাকে উৎপাদন বােলে।

৮। সেৱাধাৰী বুলি কাক কোৱা হয় ?
উত্তৰঃ যেতিয়া কোনাে ব্যক্তিয়ে কোনাে এটা কামত নিয়ােজিত হৈ আনৰ বাবে কাম কৰি দিয়ে আৰু তাৰ বাবে মজুৰি বা বেতন লাভ কৰে, তেতিয়া তেওঁক
‘সেৱাধাৰী বুলি কোৱা হয়।

৯। নাটনি বুলিলে কি বুজা ?
উত্তৰঃ ভােক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যােগনকে নাটনি’ বুলি কোৱা হয়।

১০। সকলাে সমস্যাৰ মূল কি?
উত্তৰ : নাটনি বা দুর্লভতা হৈছে সকলাে সমস্যাৰ মূল।

১১। উপভােগ মানে কি?
উত্তৰঃ উপভােক্তাই তেওঁলােকৰ নানান প্রয়ােজন পূৰণ কৰিবলৈ সামগ্রী ক্রয় কৰা কাৰ্যই হ’ল উপভােগ।

১২। বিতৰণ মানে কি?
উত্তৰঃ ৰাষ্ট্ৰীয় আয়ক উৎপাদনৰ চাৰিটা উপাদানৰ মাজত ক্রমে মজুৰি, লাভ, খাজনা আৰু সুদৰূপে ভগাই দিয়া কাৰ্যক ‘ বিতৰণ’ বােলে।

১৩। তথ্য বুলিলে কি বুজা ?
উত্তৰঃ সংখ্যাভিত্তিক অর্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়।

১৪। অর্থবিজ্ঞানত নীতি বুলিলে কি বুজা?
উত্তৰ : অর্থনৈতিক সমস্যাসমূহ সমাধান কৰাত সহায়ক হােৱা উপায়সমূহক অর্থবিজ্ঞানত নীতি’ বুলি কোৱা হয়।

১৫৷ তলৰ বাক্যবােৰ শুদ্ধ নে অশুদ্ধ লিখা ?
(ক) পৰিসংখ্যা বিজ্ঞানে কেৱল পৰিমাণবাচক তথ্যহে বিচাৰ কৰে।
উত্তৰ : শুদ্ধ।
(খ) পৰিসংখ্যা বিজ্ঞানে অর্থনৈতিক সমস্যাসমূহ সমাধান কৰে।
উত্তৰ : অশুদ্ধ।
(গ) তথ্য অবিহনে অর্থবিজ্ঞানত পৰিসংখ্যা বিজ্ঞানৰ কোনাে প্রয়ােজন নাই।
উত্তৰঃ শুদ্ধ।

১৬। তলত দিয়াবােৰৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱাঃ
(ক) আধুনিক অর্থবিজ্ঞানৰ পিতৃস্বৰূপ হ’লঃ মাৰ্ছল/ চেমুৱেলছ/আদাম স্মিথ/ ৰবিন্স।

উত্তৰ : আদাম স্মিথ।

(খ) ‘An Enquiry into the Nature and Causesd of Wealth of Nations’ পুথিখনৰ ৰচকজন হ’লঃ মাছাল/ আদাম/ স্মিথ/ ৰবিন্স।
উত্তৰ : আদাম স্মিথ।
(গ) তলৰ কোনটো অর্থবিজ্ঞানৰ অন্তর্ভূক্তঃ সূৰ্যৰ ৰশ্মি/ নদীৰ পানী/ ল’ৰা-ছােৱালীৰ প্ৰতিমাকৰ শুশ্রুষা/ নুনমাটি তেল শােধনাগাৰ।
উত্তৰঃ নুনমাটি তেল শােধনাগাৰ।
(ঘ) তলৰ কোনটো অর্থবিজ্ঞানৰ পৰিসৰৰ ভিতৰুৱা নহয়ঃ মদাহীৰ মদ খােৱা/ হাস্পাতালত বেমাৰীক শুশ্রুষা কৰা/ সন্তানৰ প্রতি মাকে লােৱা যত্ন।
উত্তৰঃ সন্তানৰ প্রতি মাকে লােৱা যত্ন।

১৭৷ অর্থবিজ্ঞানক কোনে ‘ সম্পদৰ উৎপাদন আৰু বিতৰণৰ প্ৰায়ােগিক বিজ্ঞান বুলি কৈছে।
উত্তৰঃ আদাম স্মিথ।

১৮। অনাঅর্থনৈতিক কার্যৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ মাকে সন্তানৰ প্রতি লােৱা যত্ন।

১৯। কোন গৰাকী অর্থনীতিবিদে তেখেতৰ সংজ্ঞাত বস্তুগত কল্যাণৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল ?
উত্তৰঃ আলফ্রেড মাছাল।

২০। অধ্যাপক ৰবিন্সে দিয়া অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।
উত্তৰ : অধ্যাপক ৰবিন্সে আগবঢ়োৱা অর্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল “অর্থবিজ্ঞান হৈছে এনে এক বিজ্ঞান যি বিকল্প ব্যৱহাৰ থকা সীমিত উপকৰণৰ লগত সীমাহীন অভাৱৰ প্ৰয়ােজনৰ সম্পর্ক হিচাপে মানৱ আচৰণৰ বিষয়ে অধ্যয়ন কৰে।”

পাতনি Class 11

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। গুণবাচক তথ্যৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ গুণবাচক তথ্যৰ দুটা উদাহৰণ হ’লঃ
(ক) এজন ব্যক্তিক পুৰষ বা মহিলা হিচাপে পৃথক কৰা।
(খ) এজন ব্যক্তি সুস্থ সবল বা বেমাৰী হিচাপে বর্ণনা কৰা।

২। নাটনি আৰু নির্বাচন সমস্যাৰ মাজত সম্পর্ক আলােচনা কৰা।
উত্তৰঃ নাটনি’ বুলিলে ভােক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যােগানক বুজায়। নাটনিৰ বাবে এজন ক্রেতাই বিচৰা মতে সামগ্রী ক্রয় কৰিব নােৱাৰে। সম্পদৰ নাটনিৰ কাৰণে ভােক্তাই বিভিন্ন সামগ্ৰীৰ উপযােগিতাৰ ভিত্তিত ভাগ কৰি তাৰ ভিতৰৰ বেছি। প্রয়ােজনীয় সামগ্রীবােৰ ক্ৰয়ৰ বাবে নির্বাচন কৰে।

৩। পৰিসংখ্যা বিজ্ঞানৰ সংজ্ঞা দিয়া।
উত্তৰঃ পৰিসংখ্যাবিদ চেলিগমেনৰ মতে, “পৰিসংখ্যা বিজ্ঞান হ’ল সেই বিজ্ঞান যি কোনাে অনুসন্ধানৰ পৰিসৰৰ ওপৰত আলােকপাত কৰাৰ বাবে সংখ্যামূলক তথ্য সংগ্রহ, শ্রেণীকৰণ, উপস্থাপন, তুলনা আৰু ব্যাখ্যা কৰাৰ প্ৰণালী অধ্যয়ন কৰে।

৪। পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য উল্লেখকৰা।
উত্তৰ পৰিসংখ্যা বিজ্ঞানৰ দুটা বৈশিষ্ট্য হলঃ
(ক) ইয়াক সংখ্যাৰে নিৰূপণ কৰা হয় আৰু
(খ) পৰিসংখ্যা বিজ্ঞান বিভিন্ন ঘটনাৰ সমষ্টি।

৫। ৰবিন্সৰ অর্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি?
উত্তৰঃ অর্থনীতিবিদ ৰবিন্সে আগবঢ়োৱা অর্থবিজ্ঞানৰ সংজ্ঞাটোত প্ৰকাশ পােৱা মৌলিক ধাৰণা কেইটা হ’লঃ (ক) মানুহৰ অভাৱ অসীম, (খ) অভাৱ মােচনৰ উপায় সীমিত আৰু (গ) সীমিত সম্পদ বিকল্প ব্যৱহাৰযােগ্য।

৬। তিনিটা আর্থিক কার্যাৱলী উল্লেখ কৰা।
উত্তৰঃ তিনিটা আর্থিক কার্যাৱলী হ’ল : (ক) উৎপাদন (খ) উপভােগ আৰু (গ) বিনিয়ােগ।

৭। উদাহৰণৰ সহায়ত দ্রব্য আৰু সেৱাৰ পার্থক্য দেখুওৱা।
উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা আৰু স্পর্শ কৰিব পৰা বস্তু বা সামগ্রীক দ্রব্য বােলে। যেনেঃ ৰেলগাড়ী।
যিবােৰৰ দ্বাৰা মানুহৰ অভাৱ পূৰণ হয় কিন্তু হাতেৰে স্পর্শকৰিব নােৱাৰি তাকে সেৱা বুলি কোৱা হয়। যেনেঃ চিকিৎসা সেৱা।

৮। পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰঃ পৰিসংখ্যা বিজ্ঞানৰ দুটা ব্যৱহাৰ হ’লঃ
(ক) পৰিসংখ্যা বিজ্ঞানে অর্থনৈতিক নীতি নির্ধাৰণ কৰাত সহায় কৰে।
(খ) পৰিসংখ্যা বিজ্ঞানে বিভিন্ন ঘটনাৰ মাজৰ সম্পর্ক স্থাপন কৰাত সহায় কৰে।

৯। পৰিসংখ্যা বিজ্ঞানৰ আহিলা বুলিলে কি বুজা?
উত্তৰঃ পৰিসংখ্যা বিজ্ঞানৰ আহিলা বুলিলে সেইবােৰ পদ্ধতিক বুজায় যাৰ যােগেদি তথ্য সংগ্রহ কৰি সেইবােৰৰ পৰা তুলনা, বিশ্লেষণ, ব্যাখ্যা আদিৰ দ্বাৰা তত্ত্ব নির্ণয় কৰা হয়।

১০। পৰিসংখ্যা বিজ্ঞানৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰঃ পৰিসংখ্যা বিজ্ঞানৰ দুটা সীমাবদ্ধতা হলঃ
(ক) পৰিসংখ্যা বিজ্ঞানে অকল সাংখ্যিক ঘটনাবােৰহে অধ্যয়ন কৰিব পাৰে। সংখ্যাৰে প্ৰকাশ কৰিব নােৱাৰা বিষয় বা তথ্যবোেৰ পৰিসংখ্যাৰ দ্বাৰা অধ্যয়ন কৰিব নােৱাৰি।
(খ) পৰিসংখ্যা বিজ্ঞানৰ ঘটনা বিলাক বিভিন্ন কাৰণৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। ইয়াৰ প্ৰত্যেকটো কাৰণৰ প্ৰভাৱ বেলেগে বেলেগে অধ্যয়ন কৰাটো সম্ভৱ নহয়।

পাতনি – অর্থনীতিৰ বাবে পৰিসংখ্যা

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ(প্রত্যেকটোৰ মূল্যাংক -৪)

১। জীৱনৰ দৈনন্দিন কার্যাৱলীত অন্তর্ভূক্ত কাৰ্যৰ এখন তালিকা প্রস্তুত কৰা। এইবােৰ অর্থনৈতিক কার্য হয় নে?
উত্তৰ : জীৱনৰ দৈনন্দিন কার্যাৱলীত অন্তর্ভূক্ত কার্যবােৰ হ’লঃ
(ক) লাভ অর্জনৰ উদ্দেশ্যে সামগ্রী বিক্ৰী কৰা।
(খ) কোনাে কামত নিযুক্ত হৈ আনৰ বাবে কাম কৰা।
(গ) পণ্য সামগ্রী উৎপাদন কৰা।
(ঘ) ধনৰ বিনিময়ত আনৰ বাবে কোনাে সেৱামূলক কার্য সম্পাদন কৰা।
এই সকলােবােৰ কাৰ্যই অর্থনৈতিক কার্য – কাৰণ এই সকলােবাৰ কার্য মুদ্রামূলক লাভ অর্জনৰ উদ্দেশ্যে কৰা হয়।

প্ৰঃ অর্থবিজ্ঞানত নীতি বুলিলে কি বুজা?

উত্তৰ : অর্থনৈতিক সমস্যাসমূহ সমাধান কৰাত সহায়ক হােৱা উপায়সমূহক অর্থবিজ্ঞানত নীতি’ বুলি কোৱা হয়।

প্ৰঃ অধ্যাপক ৰবিন্সে দিয়া অর্থবিজ্ঞানৰ সংজ্ঞাটো লিখা।

উত্তৰ : অধ্যাপক ৰবিন্সে আগবঢ়োৱা অর্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল “অর্থবিজ্ঞান হৈছে এনে এক বিজ্ঞান যি বিকল্প ব্যৱহাৰ থকা সীমিত উপকৰণৰ লগত সীমাহীন অভাৱৰ প্ৰয়ােজনৰ সম্পর্ক হিচাপে মানৱ আচৰণৰ বিষয়ে অধ্যয়ন কৰে।”

প্ৰঃ নাটনি বুলিলে কি বুজা ?

উত্তৰঃ ভােক্তাই বিচৰা সামগ্ৰীৰ তুলনাত কম সামগ্ৰীৰ যােগনকে নাটনি’ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top