প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (প্রশ্নোত্তৰ) দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
বিষয় (Subject)  বিজ্ঞান
মাধ্যম অসমীয়া
পাঠৰ নাম প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা
শ্ৰেণী  দশম (X)
অধ্যায় অধ্যায় 16
পাঠ্যক্ৰম ছেবা (SEBA)

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬

প্রাকৃতিক সম্পদৰ ব্যৱস্থাপনা

প্র : পৰিৱেশ হিতৈষী হ’বলৈ তােমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?
উঃ পৰিৱেশ হিতৈষী হবলৈ তলত দিয়া অভ্যাস গঢ়ি তুলিব লাগে।
(ক) য’তে ত’তে আৱৰ্জনা পেলাব নালাগে।
(খ) ব্যৱহাৰ নকৰা অৱস্থাত বিজুলী বাতি, পাংখা আদি বন্ধ কৰিব লাগে।
(গ) খাদ্য অপচয় কৰিব নালাগে।
(ঘ) প্লাষ্টিকৰ মােনা ব্যৱহাৰ কৰিব নালাগে ইত্যাদি।

প্র : ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰা সুবিধা কি হ’ব পাৰে?
উঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বৃহৎ সংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পাৰে। এইদৰে আহৰণ কৰা সম্পদে ঔদ্যোগিক আৰু অর্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ কৰিব পাৰে। ক্ষন্তেকীয়া সম্পদ আহৰণে অধিক লাভালাভ দিব পাৰে।

প্রঃ  সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীর্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পার্থক্য কৰিবা?
উঃ ক্ষন্তেকীয়া উদ্দেশ্যেৰে আহৰণ কৰা সম্পদে বর্তমান প্ৰজন্মক লাভান্বিত কৰে যদিও পৰৱর্তী প্রজন্মৰ বাবে প্রয়ােজনীয় সম্পদৰ নাটনি কৰে।
আনহাতে, দীর্ঘম্যাদী ব্যৱহাৰে বৰ্তমানৰ প্ৰজন্মৰ প্রয়ােজনীয়তা পুৰণ কৰাৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ বাবেও সম্পদ সংৰক্ষণৰ ব্যৱস্থা ৰাখে।

প্র :  বন আৰু বন্যপ্রাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে?
উঃ বন আৰু বন্যপ্রাণীৰ সংৰক্ষণে তলত দিয়া ধৰণে সহায় কৰে—
(ক) বন আৰু বন্য প্রাণীয়েই হৈছে জৈৱ বিচিত্রতা, জৈৱ- বৈচিত্র্য অটুত ৰাখি পৰিস্থিতি তন্ত্ৰৰ ভাৰসাম্যত্য ৰক্ষা কৰে।
(খ) বৰষুণ বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক কৰি ৰখাত সহায় কৰে।
(গ) মানুহ আৰু আন প্ৰাণীৰ খাদ্য আৰু আশ্রয়স্থল যােগানত সহায়ক হয়।
(ঘ) বিয়ােজনৰ পিছত ভূমিত পুষ্টি যােগানৰ ক্ষেত্ৰত সহায় কৰে।
(ঙ) ৰাষ্ট্ৰীয় অর্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাত সহায় কৰে।

প্র : বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
উঃ বনাঞ্চল সংৰক্ষণ অকল চৰকাৰৰে দায়িত্ব নহয়। জনসাধাৰণৰ সহযােগ অবিহনে বনাঞ্চল সংৰক্ষণ সম্ভৱ নহয়। বহুতাে জনগােষ্ঠীয় লােকৰ জীৱন বনাঞ্চলতে প্রধানকৈ নিৰ্ভৰশীল। সেয়ে তেনে লােকৰ আর্থ-সামাজিক তথা সাংস্কৃতিক দিশ বৰ্তাই ৰাখিবলৈ বনাঞ্চলক সুৰক্ষিত কৰিবই লাগিব। বনাঞ্চল সংৰক্ষণৰ বাবে প্রথমে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। বনাঞ্চল যে পাৰিপাৰ্শ্বিক পৰিৱেশ সন্তুলন কৰি ৰখাত অপৰিহাৰ্য সেয়া প্রত্যেকজন লােকে অনুধাৱন কৰি বনাঞ্চল ধ্বংস ৰােধ কৰি গছ পুলি ৰােপণ কৰিব লাগিব। গছ-গছনি অবিহনে বন্যপ্রাণীৰ জীৱনলৈ ভয়ানক সংকট নামি আহিব। বনাঞ্চল সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে বা এন, জি, অ’ৰ বোৰে ক্ৰমে শােভাযাত্রা, চাইকেল ৰেলি, বাটৰ নাট আদিৰ দ্বাৰা সৰ্বসাধাৰণক প্রকৃতি সুৰক্ষাৰ বার্তা দিব পাৰে।

লগতে পঢ়ক:   বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩

প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা

প্রঃ তােমালােকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবােৰ বিচাৰি উলিওৱা।
উ : পুখুৰী, সৰু সৰু খাল-বিল খান্দি, পানীৰ সংৰক্ষক নির্মাণ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰা হয়।

প্রঃ পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবােৰৰ মাজত তুলনা কৰা।
উঃ পাহাৰীয়া অঞ্চলত নদীবােৰত বান্ধ দি পাইপৰ সহায়েৰে পানী সমতল অঞ্চললৈ নিয়া হয়। এইবােৰ অঞ্চলত পানী সংৰক্ষক বনাই বৰষুণৰ পানী সঞ্চয় কৰে। সমতল অঞ্চলত বৰষুণৰ পানী নদী, কৃত্রিম হ্রদ, নিজৰা আদিৰ পৰা পানী ব্যৱহাৰ কৰে।

প্রঃ তােমালােকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা। সকলাে মানুহ বাস কৰা সেই অঞ্চলত পানী প্ৰচুৰ পৰিমাণে পায়নে?

উঃ আমাৰ অঞ্চলত থকা পানীৰ উৎসৱােৰ হ’ল — বিল, নদ-নদী, পুখুৰী, দমকল, জান জুৰি অদি। ইয়াৰােপৰি চৰকাৰী পানী যােগান বিভাগেও সময়ে সময়ে পানী যােগান ধৰে। খৰালি কালত পানীৰ কিছু পৰিমাণে নাটনি হয় । সেই সময়ত সকলো মানুহে প্ৰচুৰ পৰিমাণে প্রয়োজনীয় পানী নাপায়।

প্রঃ ১০। পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰামৰ্শ আগবঢ়াবা?
উঃ পৰামৰ্শবােৰ হৈছে
(ক) পুৰণি বাল্ব ঠাহত CFL ব্যবহাৰ কৰা।
(খ) প্রয়ােজনত গেছ বা বৈদ্যুতিক শক্তিৰ বিপৰীতে সৌৰ শক্তি ব্যৱহাৰ কৰা।।
(গ) প্লাষ্টিকৰ সামগ্রী পুনৰাবৰ্তন কৰি পুনৰ ব্যৱহাৰ কৰা।
(ঘ) পুনৰ ব্যৱহাৰযোগ্য আচবাব ব্যবহাৰ ।

প্রঃ ১১। পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তােমালােকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিবৰ্তন পৰামৰ্শৰ দিবা।
উঃ পৰামৰ্শবােৰ হৈছে–

(ক) বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব।
(খ) পানী আৰু বিদ্যুতৰ অপচয় ৰােধ কৰাৰ ক্ষেত্ৰত ব্যবস্থা গ্রহণ।
(গ) সৌৰ শক্তিৰ ব্যৱহাৰ।
(ঘ) বিদ্যালয় চৌহদত বৃক্ষ ৰােপণ।

Class 10 Science Chapter 16 Question answer in Assamese

প্রঃ ১২। এই অধ্যায়নত আমি দেখিলো বন আৰু বন্যপ্রাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে। এইবােৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদ ব্যবস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল’ব পাৰি কতৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ ভাবা ?
উঃ বনাঞ্চল আৰু বন্যপ্রাণীৰ চাৰিটা অংশীদাৰ হ’ল- স্থানীয় লােক, বনবিভাগ, ঔদ্যোগপতি আৰু বন্যপ্রাণী আৰু প্রকৃতিক সচেতন লােক। যিসকল লােক বনাঞ্চলৰ পতি কাষৰীয়া অঞ্চলত বাস কৰে সেইসকল লােকে বন্য আইন মানি চলা উচিত। এইলােকসকলে সেই অঞ্চলৰ হাবিত থকা জীৱ- জন্তুৰ আচৰণ আৰু অৱলম্বন, গছ-গছনিৰ অৱস্থানৰ বিষয়ে জ্ঞাত। গতিকে এইসকল লােকক বনাঞ্চল সুৰক্ষাৰ দায়িত্ব অর্পন কৰিলে এই সম্পদবোৰ সুৰক্ষিত হৈ থাকিব।

লগতে পঢ়ক:   Swadesh Adhyayan Class 12 – (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) স্বদেশ অধ্যয়ন দ্বাদশ শ্ৰেণীৰ

প্রঃ ১৩। তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনার দায়িত্ব লবা-
(ক) বন আৰু বন্যপ্রাণী (খ) জল সম্পদ গ) কয়লা আৰু পেট্রলিয়াম
উ : (ক) বন আৰু কন্যপ্রাণী :
(১) জৈৱবৈচিত্র্য সংৰক্ষণৰ ওপৰত মই গুৰুত্ব প্রদান কৰিম।
(২) অন্যায়ভাৱে গছ-গছনি কটা বন্ধ কৰাৰ ব্যৱস্থা ল’ম।
(৩) বন্য আৰু বন্য প্রাণীক সুৰক্ষা কৰিম।

(খ) জল সম্পদ :
(১) ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিম।
(২) কেৱল খােৱাৰ উপযােগী পানীহে ব্যৱহাৰ কৰিম।
(৩) জল সম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা আনিম আৰু জল প্ৰদূষণৰ ভয়াবহতা মানুহৰ মাজত প্ৰচাৰ কৰিম।

গ) কয়লা আৰু পেট্রলিয়াম :
(১) বিদ্যুৎ ৰাহি কৰিবলৈ CFL ব্যৱহাৰ কৰিম।
(২) অপ্রয়ােজনীয় বৈদ্যুতিক সামগ্রী ব্যৱহাৰ নকৰোঁ।
(৩) কলয়া আৰু পেট্রলিয়ামৰ সলনি সৌৰ শক্তি আৰু বায়ু শক্তি ব্যৱহাৰ কৰিম। যানবাহনত CNG ব্যৱহাৰ কৰিম।

প্রঃ আমি বনাঞ্চল আৰু বন্য প্রাণীসমূহ কিয় সংৰক্ষণ কৰি লাগে?
উঃ বনাঞ্চল হ’ল জৈৱ বৈচিত্ৰতাৰ মিলন ভূমি। নানান জীৱ-জন্তুৰ বাসস্থান হৈছে বনাঞ্চল। বনাঞ্চল সংৰক্ষণৰ মূল লক্ষ্য হৈছে, জৈৱ বৈচিত্ৰতা ৰক্ষা কৰা। কাৰণ জৈৱ বৈচিত্ৰতা ধ্বংসই পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতাত বিঘিনি ঘটাই জীৱই জীয়াই থকাৰ বাবে অনকূল পৰিৱেশৰ সৃষ্টি কৰে। বানপানী আৰু মাটিৰ খনন ৰােধ কৰিবলৈ আমি বনাঞ্চল সংৰক্ষণ কৰিব লাগে। ইয়াৰােপৰি ভৱিষ্যত প্রজন্মৰ বাবে এইবােৰ সংৰক্ষণ কৰাটো আমাৰ অতি প্রয়ােজনীয়। বনাঞ্চল ধবংসৰ ফলত নানান প্রজাতিৰ জীৱ-জন্তু লুপ্ত প্রায় হৈ আহিছে। গতিকে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বনাঞ্চল আৰু ইয়াৰ জীৱ-জন্তু সংৰক্ষণ কৰিব লাগে।

প্র : ১৫। চীপকো আন্দোলনৰ লাভবােৰ উল্লেখ কৰা।
উঃ চীপকো আন্দোলনৰ লাভবােৰ হ’ল-
(ক) স্থানীয় মানুহে বনজ দ্রব্যৰ পৰা উৎপন্ন বস্ত্র প্রচুৰ পৰিমাণে পায়।
(খ) বন্যজন্তু আৰু প্রকৃতি সুৰক্ষিত হয়।
(গ) জলজ সম্পদ, ভূমিজ সম্পদ আৰু বায়বীয় সম্পদৰ গুণগত মান উন্নত হৈছে।

প্রঃ ১৬।  প্রাকৃতিক সম্পদ কি?
উঃ যিবােৰ সম্পদ প্ৰকৃতিৰ বুকুত পােৱা যায় বা যিবােৰ সম্পদ প্রকৃতিয়ে যােগান ধৰে, সেইবােৰক প্রাকৃতিক সম্পদ বােলে। যেনে- খনিজ সম্পদ, বনজ সম্পদ, জলজ সম্পদ, সামুদ্রিক সম্পদ, ভূমিজ সম্পদ।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬

প্রঃ ১৭। সেউজ গৃহ কি ?
উঃ বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক সেউজ গৃহ বােলা হয়। এই গেছবােৰ হৈছে CO2,CH4 নাইট্রাছ অক্সাইড আৰু ক্ল’ৰ’ ফ্লৰ কাৰ্বন।

লগতে পঢ়ক:   আমাৰ পৰিবেশ দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৫ (প্রশ্নোত্তৰ)

প্রঃ ১৮। আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যবস্থাপনা কৰা উচিত- আলােচনা কৰা।
উঃ আমি ব্যৱহাৰ কৰা প্রায় সকলােবােৰ বস্তু যেনে- ঘৰুৱা আচ-বাব, খাদ্য বস্তু, কাপােৰ, পুতলা, যান- বাহন আদিত ব্যৱহৃত হােৱা সকলাে বস্তু আমি পৃথিৱীত উপলব্ধ সম্পদসমূহৰ পৰাই আহৰণ কৰো। আমি আমাৰ সম্পদৰাজি ব্যৱস্থাপনা কৰিব লাগে কিয়নাে সকলাে সম্পদ অসীম নহয়। মানুহৰ জনস্বাস্থ্যৰ উন্নতিৰ কাৰণে জনসংখ্যা বৃদ্ধি হৈ সম্পদবােৰৰ চাহিদা বৃদ্ধি পাইছে। সেই কাৰণে প্রাকৃতিক সম্পদসমূহ অপৰিকল্পিতভাৱে ব্যৱহাৰ নকৰি মানৱ জাতিৰ বর্তমান তথা ভৱিষ্যত প্রয়োজন পূৰণৰ বাৰে ইয়াৰ ব্যৱস্থাপনা কৰিব লাগে। লগতে সমতুল মানৱ জাতিৰ বিকাশ নিশ্চিত কৰিব লাগে। আমাৰ যাতে সম্পদ অপচয় নহয় তাৰ বাবে বিশেষ দৃষ্টি ৰখা দৰকাৰ। উদাহৰণস্বৰূপে ধাতুৰ খনন ধাতু মল নিগত হৈ পৰিৱেশ প্ৰদূষিত হয় গতিকে সম্পদৰ পৰিকল্পিত ব্যৱস্থাৰ বাবে আবর্জনাৰ নিৰাপদ নিষ্কাষণৰ প্রয়ােজন।

প্রঃ১৯। পৰিবেশৰক্ষাৰ ক্ষেত্ৰত হাসকৰণ, পুনঃচক্ৰীয়কৰণ পূনঃব্যৱহাৰৰ গুৰুত্ব কি লিখা।
উঃ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হাসকৰণ, পুনঃচক্রীয়কা আৰু পূনঃব্যৱহাৰৰ যথেষ্ট গুৰুত্ব আছে।

পূনঃচক্ৰীয়কৰণ (Recycle): পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত পুনঃচক্ৰীয়কৰণ প্রক্রিয়া অতি গুৰুত্বপূর্ণ। এবাৰ ব্যৱহাৰ হৈ যােৱাৰ পিছত সামগ্রীবােৰ পেলাই নিদি
পুনঃচক্ৰীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা পুনব্যৱহাৰ কৰিব পাৰি। এই প্রক্রিয়াত প্রথমে জীব নিন্মিকৰণ আৰু জীৱ অনিন্মিকৰণ পদার্থবােৰ পৃথক কৰি লােৱা হয়। তাৰে জীৱ অনিন্মিকৰণ পদার্থৰ যিবােৰ উপযােগী যেনে- প্লাষ্টিক, কাচ আৰু ধাতবীয় বস্তু আদি পুনঃচক্ৰীয়কৰণৰ দ্বাৰা নতুন সামগ্রীলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াৰােপৰি কাগজৰ পুনঃচক্ৰীয়কৰণৰ দ্বাৰা পৰিৱেত সূপভাৱ পৰে।

পূনর্ব্যৱহাৰ (Reuse):  পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত পুনঃচক্রীয় কৰণতকৈ পুনর্ব্যৱহাৰ বেছি উপযােগী। পুনঃচক্রীয় প্ৰক্ৰিয়াত শক্তিৰ অপচয় হয়। কিন্তু পুনর্ব্যৱহাৰত কোনাে ধৰণৰ শক্তিৰ অপচয় নহয় । এবাৰ ব্যৱহৃত লেফাফাবােৰ পেলাই নিদি পুনর্ব্যৱহাৰ কৰিব পাৰি। জাম, জেলিৰ বটলবােৰ ব্যৱহাৰৰ পিছত পেলাই নিদি পাকঘৰত অন্য সামগ্ৰী ৰখাত ব্যৱহাৰ কৰিব পাৰি।

We hope that SEBA Assam Board Class 10 Science Chapter 16 Question answer in Assamese PDF Free Download of Assamese Book Class 10 Science Solutions Answers Guide, Chapter Wise Notes Pdf, Model Question Papers, Study Material will help students can prepare all the concepts covered in the syllabus.

If you face any issues concerning SEBA Assam Board Class 10 Science Chapter 16 Question answer in Assamese, you can ask in the comment section below, we will surely help you out.

1 thought on “প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (প্রশ্নোত্তৰ) দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top