জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? [প্ৰশ্ন উত্তৰ] দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮  পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
বিষয়   বিজ্ঞান
মাধ্যম অসমীয়া
পাঠৰ নাম জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?
শ্ৰেণী  দশম (X)
অধ্যায়  অধ্যায় ৮
পাঠ্যক্ৰম ছেবা (SEBA)

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে? দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮

প্রঃ। প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক  কি? 
উ:  উপ্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যকতা—
(ক) পিতৃ-মাতৃৰ পৰা সন্তান-সন্ততিলৈ চাৰিত্রিক বৈশিষ্ট্য বহন কৰা।
(খ) পিতৃ-মাতৃৰ নিচিনা বৈশিষ্টৰ অধিকাৰী সন্তান-সন্ততিৰ উৎপত্তি কৰা।
(গ) DNA প্রতিলিপিকৰণৰ ফলত পিছৰ জনুত কিছু ভিন্নতা অনা।

প্রঃ ২। কি প্রজননত জিনীয় পদার্থৰ বিনিময় ঘটে ?
উ: যৌন প্রজননত।

প্রঃ ৩। প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়ােজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?
উঃ কোনাে এটা পৰিস্থিতিতন্ত্ৰত প্ৰজাতিৰ সংখ্যা বৃদ্ধি হ্রাস হ’ব পাৰে। কাৰণ, যেতিয়া পাৰিপাৰ্শিকৰ অৱস্থা যেনে- তাপৰ পৰিৱর্তন, পানীৰ স্তৰৰ পৰিৱৰ্তন হয় তেতিয়া এনে পৰিস্থিতিত সৃষ্টি হােৱা নতুন জীৱবোেৰ আগৰবােৰতকৈ অলপ বেলেগ হয় অর্থাৎ প্রজাতিৰ ভিন্নতা আহে। প্ৰজাতিৰ ভিন্নতা নাথাকিলে এনেকুৱা পৰিস্থিতিত কিছুমান জীৱ যদিও বর্তি থাকে কিন্তু পিছলৈ সিহঁতেও জীয়াই থকাৰ বাবে সংগ্রাম কৰিবলগীয়া হয়। এই বর্তি থকা জীৱসমূহে পৰিস্থিতিৰ লগত সংগতি ৰাখি নতুন জীৱৰ উৎপত্তিত অৰিহণা যােগায়। আনহাতে এক ব্যক্তিৰ তাৰ জীৱনকালত পৰিবেশ পৰিৱৰ্তনৰ বিশেষ প্রভাৱ নপৰে। সেইবাবে, প্ৰজাতিৰ কাৰণে ভিন্নতা প্রয়ােজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়।

প্রঃ ৪। দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি ?
উঃ দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত থকা প্রভেদসমূহ

দ্বিবিভাজন  বহু বিভাজন
(ক) দ্বিবিভাজনত এটা জীৱৰ পৰা দুটা নতুন জীৱৰ সৃষ্টি হয় বহু বিভাজনত এটা জীৱৰ পৰা বহুতাে জীৱৰ সৃষ্টি হয়।
(খ) দ্বিবিভাজনৰ কোষকেন্দ্র বিভাজিত হৈ দুটা কোষকেন্দ্র সৃষ্টি কৰে আৰু প্ৰতিটো কোষেই পৃথক হােৱাৰ পিছত দুটা জীৱলৈ ৰূপান্তৰিত হয় বহুবিভাজনৰ ক্ষেত্ৰত কোষন্দ্ৰেটো বিভাজিত হৈ বহুসংখ্যক অপত্য কোষকেন্দ্র সৃষ্টি কৰে আৰু বহুসংখ্যক অপত্য জীৱৰ সৃষ্টি হয় আৰু আটাইবোেৰে মাতৃকোষৰ ভিতৰত অৱস্থান গ্রহণ কৰে।

Class 10 Science Chapter 7 Question Answer in Assamese

প্র : ৫। যদি কোনাে জীৱই ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভান্বিত হ’ব?

উ : ৰেণুবিলাকৰ আৱৰণ যথেষ্ট ডাঠ আৰু এইবােৰে পৰৱর্তী কোনাে উপযুক্ত আধাৰত থিতাপি লৈ নতুন জীৱন লাভ নকৰালৈকে ভিতৰৰ পদার্থখিনি সজীৱ হৈ থাকে। ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ বহুলভাৱে হয়। পৰিৱেশ প্রতিকূলতাৰ বাবে কিছু ৰেণু নষ্ট হলেও প্ৰজাতিৰ আবাদী কম নহয়।

প্রঃ ৬। এড্রিনেলিন হৰম’নৰ কাৰ্য্য সমূহ লিখা।
উ : এড্রিনেলিন পােনপটীয়াকৈ তেজত নিঃসন কৰে আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। এই হৰম’নবিধে নির্দিষ্ট কার্যকৰী লক্ষ্য অংগ বা নির্দিষ্ট কোষকলাত ক্রিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্রও অন্তর্ভুক্ত। ইয়াৰ ফলত আমাৰ হদ যন্ত্ৰৰ ধপ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যােগান বৃদ্ধি হয়।

প্রঃ ৭। উচ্চ খাপৰ জীৱই কিয় পুনৰজীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নােৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে?
উঃ উচ্চখাপৰ জীৱই নতুন জীৱৰ জন্ম দিব নােৱাৰে কাৰণ-

১) এইবােৰ জীৱৰ প্রজনন প্রক্রিয়া জটিল। (২) এই জীৱবােৰৰ বিশেষ অংগবােৰ বিশেষ বিশেষ কামৰ বাবে নির্দিষ্ট। (৩) জটিল জীৱবােৰৰ দেহত শ্রম বিভাজন হয়।

লগতে পঢ়ক:   কাৰ্বন আৰু তাৰ যৌগ {সমাধান} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 4

প্রঃ ৮। বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়ােগ কৰা হয় ?
উঃ কিছুমান উদ্ভিদৰ বংশ বিস্তাৰ আংগিক প্রজননেৰে হয়। কিয়নাে এইবােৰ উদ্ভিদৰ যৌন প্রজনন সক্রিয় নহয়। বীজৰ পৰা সৃষ্টি হােৱা উদ্ভিদ বিলাকতকৈ আংগিক বিস্তাৰণৰ যােগেদি সৃষ্টি হােৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল আৰু ফল হয়। এই পদ্ধতিৰে কল, কমলা, মাটিকঠাল আদিৰ দৰে গুটি নধৰা উদ্ভিদৰ বংশ বিস্তাৰ হয়। সৌন্দর্যবর্ধক উদ্ভিদৰ উৎপত্তিৰ ক্ষেত্ৰত আংগিক বিস্তাৰণ সুবিধাজনক।

প্র: ৯। উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলা-কৰ্ষণৰ কৌশল লিখা।
উ : কলা-কর্ষণ পদ্ধতিত, নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্রথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ কলা বা কোষ এৰুৱা হয়। আৰু পাছত সেই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্রিম মাধ্যমত ৰাখি থয়। এই মাধ্যমটোত কোষ বিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি এটা দিয়াত বহুবােৰ কোষ একলগ হৈ কলা গঠন কৰে। পৰৱৰ্তী পৰ্যায়ত এই কলাখিনি অন্য এটা মাধ্যম য’ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্রয়ােজনীয় সঞ্জীৱনী পদার্থ থাকে, তালৈ স্থানান্তৰ কৰি নতুনকৈ পূর্ণাংগ উদ্ভিদৰ সৃষ্টি কৰা যায়। এয়াই হ’ল উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলাকৰ্ষণৰ কৌশল।

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮

প্র : ১০। প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাপে DNA প্রতিলিপিকৰণ কিয় প্রয়ােজন?
উঃ DNA ক বংশগতিৰ মূল বাহক। সেয়েহে জনন কোষৰ গঠনৰ সময়ত দুয়ােটা অপত্য কোষতেই DNA ৰ প্ৰয়ােজন হয়। DNA কোনাে ৰাসায়নিক ক্রিয়াৰ দ্বাৰা নহয় আৰু প্ৰতিলিপিই ইয়াৰ সৃষ্টি একমাত্র উপায়। প্রতিলিপি গঠনৰ জৰিয়তে অপত্য জনন কোষত DNA এটাৰ বহু নকলৰ সৃষ্টি হয় যি প্রজনন ক্রিয়াত অংশ লয়। সেয়েহে প্ৰজননৰ ক্ষেত্ৰত DNAৰ প্ৰলিপিকৰণ প্রয়ােজন।

প্রঃ ১১। নিষেচন আৰু পৰাগযােগৰ পার্থক্য কেনে ধৰণৰ?
উঃ পৰাগযােগ আৰু নিষেচনৰ মাজত পার্থক্য হল—

নিষেচন পৰাগযােগ
(ক) পৰাগযােগ গর্ভমুণ্ডৰ পৃষ্ঠভাগত সংঘটিত হয়। নিষেচন ডিম্বাশয়ত সংঘটিত হয়।
(খ) পৰাগযােগত কোষৰ মিলন ঘটে নিষেচনত কোষৰ মিলন নঘটে।
(গ) পৰাগযােগ নিষেচন প্রক্রিয়াৰ পাছত হয়  নিষেচন যােজন কোষ গঠনৰ পাছতহে হয়।

প্রঃ ১২। শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?

উঃ শুক্রাণুৰ গতি পথত সহায় কৰা আৰু শুক্রাণু পুষ্টিৰ যােগান ধৰাই শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ কাম।

প্রঃ ১৩। কৈশােৰ কালত ছােৱালীৰ দেহত কেনেধৰণৰ পৰিৱর্তন দেখা যায় ?
উঃ কৈশােৰ কালত ছােৱালীৰ দেহত হোৱা পৰিৱর্তনসমূহ-
(ক) স্তনযুগলৰ আকাৰ বৃদ্ধি হয়।
(খ) ঋতুচক্র আৰম্ভ হয়।
(গ) কাষলতি আৰু যৌনাংগৰ কাষত চুলি গজে আৰু এই অংগ কলা বৰণৰ হয়।
(ঘ) মুখৰ ছাল তেলেতিয়া হয় আৰু শালমইনা উঠে।

প্রঃ ১৪। মাতৃদেহত ভ্রণকোষে কেনেকৈ পুষ্টি লাভ কৰে?
উঃ গৰ্ভাৱস্থাত মাতৃদেহত ভ্রণটো গর্ভাশয়ৰ আচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰ দ্বাৰা বান্ধ থাই থাকে। ইয়াক প্লেচেণ্টা বােলে। এই প্লেচেস্টাটো কাহী সদৃশ আৰু গর্ভাশয়ৰ বেৰত পােত খাই থাকে। গর্ভাশয়ৰ আচ্ছাদনৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুকজ আৰু অক্সিজেন ভ্রণটোলৈ সৰবৰাহ হৈ থাকে। মাতৃদেহৰ তেজৰ যােগেদি ভ্রণটোৱে পুষ্টি লাভ কৰে।

প্রঃ ১৫। যদি মহিলা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে, তেতিয়া ই যৌন ৰােগ সঞ্চাৰণ প্ৰতিৰােধী হ’বনে?
উঃ যদি মহিলা এগৰাকীয়ে কপাৰ-টি ব্যৱহাৰ কৰে তেন্তে ই যৌন ৰােগ প্ৰতিৰােধী নহ’ব কিয়নাে ক’পাৰ টি গর্ভাশয়তহে স্থাপন কৰা হয়।

লগতে পঢ়ক:   পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০

প্রঃ ১৬। অযৌন প্রজননৰ মুকুলােদগম সংঘটিত হয়-
(ক) এমিবাত। (খ) ইষ্ট (গ) প্লাজমডিয়ামত (ঘ) লেইমেনিয়াত
উঃ (খ) ইষ্ট।

প্রঃ ১৭। তলৰ কোনটো মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয় ?
(ক) ডিম্বাশয়। (খ) জৰায়ু (গ) শুক্ৰবাহী নলী (ঘ) ফেলােপিয়ান নলী।
উ : (গ) শুক্ৰবাহী নলী।

প্র : ১৮। পৰাগধানীত পােৱা হয়—
(ক) বেটুপাত (খ) ডিম্বক (ঘ) পৰাগৰেণু
উ : (ঘ) পৰাগৰেণু।

প্রঃ ১৯। এমিবাৰ ক্ষেত্ৰত কি প্রক্রিয়াৰ দ্বাৰা প্ৰজনন সংঘটিত হয় ?
উ : দ্বিখণ্ডন প্রক্রিয়াৰে।

প্রঃ ২০। অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?
উঃ যৌন প্রজনন প্রক্রিয়া হৈছে– দুটা বেলেগ বেলেগ জীৱৰ DNA ৰ একত্ৰীকৰণ। এই পৰিঘটনাৰ ফলত অপত্যজীৱৰ বিভিন্নতাই দেখা দিয়াৰ সম্ভাৱনা। এই বিভিন্নতাই পৰিৱেশৰ লগত সাধাৰণতে খাপ খুৱাই জীৱক জীয়াই ৰাখে আৰু ক্ৰমবিকাশৰ সহায়ক হয়। এই প্ৰজননৰ ক্ষেত্ৰত প্ৰতিটো প্রজন্মতেই প্রায় বিচ্ছিন্নতা আহে। আনহাতে অযৌন প্রজননত যিহেতু দুটা জীৱ জড়িত নহয় সেয়েহে DNA একত্ৰীকৰণ সম্ভৱ নহয় আৰু বিভিন্নতা দেখা দিয়াৰ সম্ভাৱনা প্রায় নাথাকে। সেয়েহে ক্রমবিকাশত সহায়ক নহয়।

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

প্র : ২১। মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে?
উঃ মানুহৰ শুক্রাশয়ৰ কাম – শুক্রাণু উৎপাদন ৰা আৰু টেষ্ট’ষ্টেৰণ নামৰ পুৰুষ হ’ৰমন ক্ষৰণ কৰা।

প্র : ২২। ঋতুস্ৰাৱ কিয় হয়?
উ : ডিম্বাশয়ে প্রত্যেক মাহতে এটাকৈ ডিম্বকোষ উৎপন্ন কৰে। ডিম্বকোষ নিযেচিত্র নহ’লে ডিম্বকোষটো ভাঙি তেজ আৰু শ্লেষ্ম হিচাপে যােনি পথেদি বাহিৰ হয়। ইয়াকে ঋতুস্ৰাৱ বােলে। এই প্রক্রিয়াটো চক্রাকাৰে প্রত্যেক মাহতে 2ৰ পৰা ৪ দিন পর্যন্ত চলি থাকে।

প্র : ২৩। দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।

class 10 science in assamese ch 8
প্রঃ ২৪। বিভিন্ন পদ্ধতি গর্ভনিৰােধ পদ্ধতিসমূহ কি কি?
উঃ গর্ভনিৰােধ পদ্ধতিসমূহ হ’ল-
(ক) নিৰােধ পদ্ধতি (খ) ক’পাৰ টি (গ) বন্ধ্যাকৰণ পদ্ধতি আদি।

প্রঃ ২৫। এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্রকাৰৰ অযৌন প্রজনন প্রক্রিয়াৰ কৌশলসমূহ কেনেধৰণৰ?
উঃ এককোষী জীৱৰ প্রজনন সাধাৰণতে যৌন প্রজনন নহয়। এই জীৱৰ অযৌন প্রজনন প্রক্রিয়াসমূহ হ’ল- দ্বিবিভাজন, বহু বিভাজন, মুকুলােদ্গম পুনৰ জীৱন ইত্যাদি। বহুকোষী জীৱৰ প্ৰজননৰ প্রক্রিয়াসমূহ হ’ল– মুকুলােদ্গম, পুনৰ জীৱন, আংগিক বিস্তাৰণ আৰু ৰেণুৰ দ্বাৰা।

প্র : ২৬। প্রজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি ৰক্ষাত কেনেকৈ সহায় কৰে?
উঃ প্রজনন প্রক্রিয়াই জন্ম হাৰ আৰু মৃত্যুৰ হাৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰে। ই এটা প্রজাতি বিলুপ্ত হােৱাত বাধা দি প্রজাতিৰ আৱাদীৰ ভিন্নতাৰ উত্তৰণ আদি কৰি কোনাে প্রজাতিৰ আৱাদীৰ স্থিতি ৰক্ষা কৰাত সহায় কৰে।

প্র : ২৭। গর্ভনিৰােধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?
উঃ জন্ম নিয়ন্ত্ৰণৰ কৃত্রিম পদ্ধতি হল বন্ধ্যাকৰণ। যি মহিলা গর্ভবতী বা সন্তান জন্ম দিব নােখােজে সেইসকল মহিলাৰ ক্ষেত্ৰত গর্ভনিৰােধ পদ্ধতি প্রয়ােগ কৰা হয়। পুৰুষৰ ক্ষেত্ৰতাে এই পদ্ধতি প্রযােজ্য।

প্র : ২৮। মানৱদেহৰ কোন অংশত ডিম্বৰ নিষেচন হয়?
উ : ডিম্বলী বা ফেলপিয়ান টিউব।

প্র : ২৯ | খাদ্য সঞ্চয় কৰা বীজৰ অংশটোৰ নাম লিখা।
উ : বীজপত্র।

প্রঃ ৩০। ভাইৰাছৰ দ্বাৰা হােৱা দুবিধ ৰােগৰ নাম লিখা।
উ : এইডছ আৰু ওৱার্ট।

প্রঃ ৩১। বেক্টেৰিয়াৰ দ্বাৰা হােৱা দুটা যৌন ৰােগৰ নাম লিখা।
উ : গণৰিয়া আৰু চিফিলিচ।।

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা (প্রশ্নোত্তৰ) দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৬

প্রঃ ৩২। যৌন আৰু অযৌন প্রজননৰ তিনিটাকৈ বৈশিষ্ট্য লিখা।
উ: যৌন আৰু অযৌন প্রজননৰ তিনিটা বৈশিষ্ট্য হল-

যৌন প্রজননৰ তিনিটা বৈশিষ্ট্য হল
(ক) এই প্রজননত পুৰুষ আৰু স্ত্রী দুবিধ প্রাণী জড়িত হয়।
(খ) নিষেচন প্রক্রিয়াৰ দ্বাৰা স্ত্রী আৰু পুং জনন কোষৰ মিলন হৈ যােজন কোষৰ সৃষ্টি কৰে।
(গ) নতুনকৈ সৃষ্টি হােৱা প্ৰাণীবােৰ জিনীয়ভাৱে বেলেগ বেলেগ হয়।

অযৌন প্রজননৰ তিনিটা বৈশিষ্ট্য হল
(ক) এই প্রজনন সৰল আৰু দৈহিক কোষ বিভাজনৰ দ্বাৰা সম্পন্ন হয়।
(ক) এই প্রজনন দ্রুত গতিত সম্পন্ন হয়।
(গ) একে সময়তে বহুতাে অপত্য প্ৰাণীৰ সৃষ্টি কৰিব পাৰে।

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?

প্রঃ ৩৩। দুবিধ স্ত্রী জনন আৰু দুবিধ পুং জনন হ’মনৰ নাম লিখা।
উঃ দুবিধ স্ত্রী জনন হৰমনৰ নাম হল থলী উদ্দীপক হ’ৰমন আৰু লুটিনাইজিং হ’ৰমন।

প্রঃ ৩৪। দুবিধ পুং জনন হৰমনৰ নাম লিখা।
উঃ প্রজেষ্টেৰন আৰু ৰিলাক্সিন।

প্র : ৩৫। এড্রিনেলিন হ’ৰমনৰ কাম কি?
উঃ মানুহ যেতিয়া উত্তেজিত বা ব্যার্থ হৈ পৰে তেতিয়া এই হ’ৰমনে দেহত সমতা স্থাপনত সহায় কৰে।

প্রঃ ৩৬। সর্পিল শেলাইত কেনেধৰণৰ প্ৰজনন হয় ?
উঃ  বিভাজন পদ্ধতিৰে প্ৰজনন হয়।

প্রঃ হাইদ্রাৰ মুকুলােদ্গম পদ্ধতি বর্ণনা ।
উঃ হাইড্রাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলােদ্গম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে। হাইড্রাৰ এনে প্রক্রিয়াত মুকুলবিলাক দেহৰ কোনাে এক নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰাে কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাউদ্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্রাৰ পৰা এৰাই আহি নতুন এটা হাইড্ৰাৰ উৎপত্তি কৰে।

প্রঃ ৩৮। সপুষ্পক উদ্ভিদত কেনেদৰে ফল সৃষ্টি হয় ?
উ : উদ্ভিদৰ নিষেচনৰ পিছৰ পৰ্যায়ত, ডিম্বকটোৰ যােজন কোষটো একেলেঠাৰীয়ে কেইবাবাৰাে বিভাজন ঘটি ভ্ৰণৰ সৃষ্টি কৰে। ইয়াৰ লগে লগে ডিম্বকৰ চাৰিওকাষে এখন ডাঠ আৱৰণৰ সৃষ্টি হৈ পৰৱৰ্তী কালত বীজলৈ ৰূপান্তিৰত হয়। সেইদৰে সপুষ্পক উদ্ভিদত সমান্তৰালকৈ গর্ভাশয়টোও খৰতকীয়াকৈ বৃদ্ধি আৰু বিকাশ ঘটি ফললৈ পৰিবর্তিত হয়।

প্রঃ অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?
উঃ যৌন প্রজননৰ সুবিধাসমূহ হ’ল-
(i) নতুনকৈ সৃষ্টি হােৱা প্রাণীবােৰ দেখাত মাক- দেউতাকতকৈ বেলেগ । যিটো অযৌন প্রজননত নহয়।
(i) চাৰিত্রিক বৈশিষ্ট্যৰ প্ৰকাৰণ ঘটে।
(iii) ই বিবর্তন প্রক্রিয়াত সহায় কৰে। অযৌন প্রজননে সহায় নকৰে।
(iv) নতুন প্রজাতিৰ উৎপত্তিৰ ক্ষেত্ৰত যৌন প্রজননে সহায় কৰে। অযৌন প্রজননত নতুন জীৱৰ উৎপত্তি নহয়।

Class 10 Science chapter 8 question answer in Assamese

Here we have updated detailed Assam Seba Board 10th Class General Science Chapter 7 (দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৮ জীৱই কেনেকৈ বংশবিস্তাৰ কৰে?) question And Answer of Assamese Book.

প্রঃ কি প্রজননত জিনীয় পদার্থৰ বিনিময় ঘটে ?

উ: যৌন প্রজননত।

প্রঃ ৩৪। দুবিধ পুং জনন হৰমনৰ নাম লিখা।

উঃ প্রজেষ্টেৰন আৰু ৰিলাক্সিন।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top