গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10 | বুৰঞ্জী সপ্তম অধ্যায় | Class 10 Elective History Chapter 7 Assamese Medium | Class 10 Elective History | দশম শ্ৰেণীৰ বুৰঞ্জী (ঐচ্ছিক) | ইতিহাস সপ্তম অধ্যায়
বিষয় | বুৰঞ্জী (ঐচ্ছিক) |
কিতাপৰ নাম | দশম শ্ৰেণীৰ বুৰঞ্জী |
পাঠৰ নাম | গোষ্ঠী নিৰপেক্ষ আন্দোলন |
শ্ৰেণী | দশম |
বিষয়ৰ ধৰণ | (ঐচ্ছিক) Elective History |
অধ্যায় | সপ্তম অধ্যায় |
পাঠ্যক্ৰম | ছেবা (SEBA) |
গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10
১। অতি চমু উত্তৰ দিয়া :
ক) ওৱৰশ্ব’ সন্ধি সংগঠন কোন চনত গঢ়ি উঠিছিল?
উত্তৰ : ১৯৫৫ চনত।
খ) কোন চনত ৰাছিয়াই আনবিক বোমা পৰীক্ষা কৰিছিল?
উত্তৰঃ ১৯৪৫ চনত।
গ) কোন চনত চীনত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল?
উত্তৰ : ১৯৪৯ চনত।
ঘ) কিউবাত কমিউনিষ্ট শাসন প্ৰৱৰ্তন।
উত্তৰ : ১৯৬০ চনত।
গোষ্ঠী নিৰপেক্ষ আন্দোলন
২। চমু টোকা লিখা :
ক) শীতল যুদ্ধৰ সূচনা : প্রথম বিশ্বযুদ্ধৰ অন্তত ইংলেণ্ডৰ শক্তি আৰু প্ৰতিপত্তি কমি আহে। আনহাতে কমিউনিষ্ট ৰাছিয়াই বিশ্বত এক বৃহৎ শক্তিৰূপে মূৰ দাঙি উঠে। প্রথম মহাযুদ্ধত নিজৰ কোনো ক্ষয়ক্ষতি নোহোৱাকৈ অস্ত্র-শস্ত্ৰৰ নিৰ্যান আৰু ব্যৱসায় কৰিয়েই পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰয়ো নিজকে বহৎ শক্তিৰূপে ইতিমধ্যে প্রতিষ্ঠা লাভ কৰিছিল। এতিয়া ৰাছিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ভাবুকিৰ কাৰণ হৈ উঠিল। ইতিমধ্যে জাপান আৰু জাৰ্মানে বৃহৎ শক্তি পৰিগণিত হৈ উঠে। কমিউনিষ্ট ৰাছিয়াই সমাজবাদী ভাৱধাৰা সমগ্ৰ বিশ্বতে প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰয়ো পুঁজিবাদী ভাৱধাৰা প্ৰসাৰ কৰিবলৈ ধৰে। ইতিমধ্যে আমেৰিকা আৰু ৰাছিয়া দুয়োখন দেশেই আনৱিক শক্তিৰ অধিকাৰী হৈ উঠে। ফলত দুয়োখন দেশেই ক্ষমতাৰ বাবে শীতল যুদ্ধৰ সূচনা কৰে। ক্ষমতা বিস্তাৰৰ বাবে দুয়োখন দেশেই আন আন দেশৰ আভ্যন্তৰীণ বিষয়সমূহত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। দুয়োদেশৰ মাজত চলা মতাদর্শগত, অস্ত্ৰ, ৰাজনৈতিক কূটনৈতিক আদি বিষয়ৰ প্ৰতিযোগিতাক ৱাল্টাৰ হিপমেনে শীলতযুদ্ধ আখ্যা দিছে। ১৯৯১ চনত ৰাছিয়া খণ্ডিত হোৱাৰ পিছতহে শীতল যুদ্ধৰ অন্তপৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ যুক্তৰাষ্ট্ৰ বৃহত্তম শক্তিধৰ ৰাষ্ট্ৰ হৈ উঠে।
(খ) শীর্ষ ক্ষমতাৰ অধিকাৰী দেশ : প্রথম বিশ্বযুদ্ধৰ আগতে ব্রিটেইন, ফ্রান্স, জার্মানী আদি আছিল বিশ্বৰ বৃহৎ শক্তি। ব্রিটেইন আছিল শীর্ষ ক্ষমতাৰ অধিকাৰী। প্রথম বিশ্বযুদ্ধৰ অন্তত ব্ৰিটেইনৰ শক্তি আৰু ক্ষমতা কমি যায় আৰু ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বৃহৎ শক্তিৰূপে দেখা দিয়ে। প্রথম বিশ্বযুদ্ধত জার্মানী বিধস্ত হৈছিল যদিও দ্বিতীয় মহাযুদ্ধৰ আগে আগে জার্মানী পুনৰ শক্তিশালী হৈ উঠে। লগে লগে জাপান আৰু ইটালী বৃহৎ শক্তিৰ ৰূপত আবিৰ্ভাৱ হয়। দ্বিতীয় মহাযুদ্ধৰ অন্তত জাপান, জার্মানী আৰু ইটালী সম্পূর্ণ বিধস্ত হয়। আনহাতে ব্রিটেইন আৰু ফ্রান্সৰ শক্তি আৰু ক্ষমতা ক্রমাৎ কমি আহে। একে সময়তে আনৱিক শক্তি আহৰণ কৰি ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ শীৰ্ষ ক্ষমতাৰ অধিকাৰী হয়। ১৯৯১ চনত ছোভিয়েট ৰাছিয়া ক্ষমতাৰ দাবীদাৰ হৈ উঠে। ব্ৰিটেইন, ফ্রান্স, জাপান, জার্মানী, চীন, কানাডা, বেলজিয়াম, চুইজাৰলেণ্ড, ভাৰতবৰ্ষ আদি দেশো ইতিমধ্যে বৃহৎ ৰাষ্ট্ৰ হিচাবে পৰিগণিত হৈছে। তথাপিও অদ্যপি আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিয়েই আছে।
গ) হেৰী এছ ট্রুমেন : দ্বিতীয় বিশ্বযুদ্ধত জাপানত আমেৰিকাই আনৱিক বোমা নিক্ষেপৰ সিদ্ধান্ত লোৱা সময়ৰ পৰা ছেভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ চলি থকা সময়লৈকে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল হেৰী এছ টুমেন। বিশ্বত কমিউনিষ্ট ছোভিয়েট ৰাছিয়াৰ বাঢ়ি অহা প্ৰভাৱ উফৰাবলৈ ট্রুমেনে যিমান পৰি সিমান চেষ্টা চলাইছিল। উদাহৰণ স্বৰূপে গ্ৰীচ আৰু তুৰস্ক ৰাছিয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা বাবেই ট্রুমেনে চত সামৰিক হস্তক্ষেপ আৰম্ভ কৰে। ফলত শীলত যুদ্ধৰ চৰিত্ৰ সমুখ সমৰলৈ পৰিবর্তন হয়। ট্রুমেনে গ্ৰীচ আৰু তুৰস্কৰ পৰা কমিউনিষ্ট প্ৰভাৱ নাইকীয়া কৰিবলৈ ১৯৪৭চনৰ ১২ আগষ্টত ৪০০ মিলিয়ন ডলাৰ আৰ্থিক সাহায্য ঘোষণা কৰে। শীতল যুদ্ধৰ সময়ত কমিউনিষ্ট প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ লোৱা এই সামৰিক নীতি ট্রুমেন নীতি নামে জনাজত। আমেৰিকা যুক্তৰাষ্ট্ৰই বৈদেশিক নীতি হিচাবে ট্রুমেনৰ নীতিকেই গ্ৰহণ কৰে।
গোষ্ঠী নিৰপেক্ষ আন্দোলন Class 10
৩। ৰচনাধৰ্মী প্রশ্ন :
ক) শীতল যুদ্ধ কাক বোলে? কেতিয়া শীতল যুদ্ধৰ অৱসান ঘটিছিল।
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক ক্ষেত্ৰত শীতলযুদ্ধ বুলিলে দুটা সামৰিক শক্তিয়ে যুদ্ধত ৰত নোহোৱাকৈ অহৰহ ৰাজনৈতিক মতাদর্শগত সংগ্ৰামত লিপ্ত হোৱা আৰু নিজৰ প্ৰতিৰক্ষা শক্তিশালী কৰি বিৰোধী শক্তিক দ্ৰুতগতিত আক্রমণ কৰিব পৰাকৈ নতুন নতুন অস্ত্ৰ নিৰ্মাণ কৰি সামৰিক উত্তেজনা বৃদ্ধি কৰা আৰু অস্ত্র প্রতিযোগিতাত লিপ্ত হোৱাকে বুজায়। শীতলযুদ্ধ সম্পর্কে এই সূত্ৰটো দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত বিশ্বৰ পুঁজিবাদী ৰাষ্ট্ৰসমূহৰ বৰকাকাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনফালে কমিউনিষ্ট ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পূর্ব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰসমূহৰ মাজত গঢ়ি উঠা ৰাজনৈতিক মতাদৰ্শগত সংগ্ৰাম আৰু সামৰিক উত্তেজনাৰ ভিত্তিত জন্ম। ‘শীতল যুদ্ধ’ কথাষাৰৰ ব্যৱহাৰ পোন প্ৰথম ৱাল্টাৰ লিপমেন আৰু বাৰ্নাড মানেছ বাৰুছ নামৰ ব্যক্তি দুজনে কৰে বুলি জনা যায়।
দ্বিতীয় বিশ্বযুদ্ধত নাজী জার্মান, ফেছিষ্ট ইটালী আৰু জাপান জোঁটৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আন পুঁজিবাদী দেশবোৰে শক্তিশালী কমিউনিষ্ট ৰাষ্ট্ৰ ছেভিয়েট ৰাছিয়াক লগত লৈ মিত্রশক্তি জোঁট গঠন কৰিছিল যদিও ৰাছিয়া ভীতি কমা নাছিল। সেয়ে প্রাচ্যত ৰাছিয়াৰ অগ্ৰগতিক বাধা দিবলৈকে যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি টুমেনে জাপানৰ হিৰ’শ্বিমা আৰু নাগাচাকিত আনৱিক বোমা নিক্ষেপ কৰিছিল। য়াল্টা, তেহৰাণ, পোট’ছডাম আদিত হোৱা শীৰ্ষতান্মিলনত ৰাছিয়া আৰু আমেৰিকাই বহুক্ষেত্ৰত একমত হ’ব পৰা নাছিল। ১৯৪৫ চনৰ পৰা পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়াত প্ৰভাৱত কমিউনিষ্ট ৰাষ্ট্ৰলৈ পৰিণত হৈছিল। বিশেষকৈ গ্ৰীচ আৰু তুৰস্কত ৰাছিয়াৰ প্ৰভাৱ প্রতিহত কৰিবলৈ আমেৰিকাই সামৰিক হস্তক্ষেপ আৰম্ভ কৰাৰ লগে লগে শীতল যুদ্ধৰ সূচনা হয়। ১৯৪৫-৪৭ৰ কালছোৱাত শীতল যুদ্ধৰ সম্প্ৰসাৰণ ঘটে। ৰাছিয়াৰ প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ গ্ৰীচ আৰু তুৰস্কলৈ ৪০০ মিলিয়ন ডলাৰ আৰ্থিক সাহায্য আগবঢ়ায়। ১৯৪৯ চনৰ ৪ এপ্ৰিলৰ দিনা আমেৰিকাৰ নেতৃত্বত ৱাছিংটনত উত্তৰ আটলান্তিক সন্ধি সংগঠন গঠন হোৱাৰ পিছত ১৯৫৫ চনৰ ১৪ মে’ৰ দিনা পূব ইউৰোপৰ কমিউনিষ্ট ৰাষ্ট্ৰবোৰক লৈ ৰাছিয়াই ওৱাৰৰ্শ্ব শক্তি সংগঠনৰ গঢ় দিয়ে। ইফালে ১৯৪৯ চনত ৰাছিয়াই আনবিক বোমা তৈয়াৰ কৰাৰ পিছত ১৯৫২ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই হাইড্ৰজেন বোমা তৈয়াৰ কৰে। ১৯৫৩ চনত ৰাছিয়াও হাইড্ৰজেন বোমাৰ অধিকাৰী হয়। ১৯৯১ চনত ছোভিয়েট ৰাছিয়া খণ্ডিত হোৱাৰ পিছত ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰ্বাছেভ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বৰ মাজত এখন চুক্তি সম্পাদিত হয়। ১৯৯২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ য়েল্টচিন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে ৫০ বছৰ ধৰি চলা শীতল যুদ্ধৰ আনুষ্ঠানিক সমাপ্তি ঘোষণা কৰে।
কোন চনত চীনত কমিউনিষ্ট শাসন প্ৰৱৰ্তিত হৈছিল?
উত্তৰ : ১৯৪৯ চনত।
কিউবাত কমিউনিষ্ট শাসন প্ৰৱৰ্তন।
উত্তৰ : ১৯৬০ চনত।