ধৰ ঝাড়ু ধৰ ভাই Class 10 Assamese Chapter 14 Question Answer
ধৰ ঝাডু় ধৰ ভাই | |
বিষয় (Subject) | অসমীয়া (Assamese) |
কিতাপখনৰ নাম | অসমীয়া সাহিত্য চয়নিকা |
পাঠৰ নাম | ধৰ ঝাডু় ধৰ ভাই |
শ্ৰেণী (Class) | দশম (X) |
অধ্যায় (Chapter) | অধ্যায় 14 |
পাঠ্যক্ৰম (Syllabus) | ছেবা (SEBA) |
ধৰ ঝাডু় ধৰ ভাই Class 10 Question Answer
১) অম্বিকাগিৰী ৰায়চৌধুৰী কোন চনত ‘অসম সাহিত্য সভাৰ’ সভাপতি আছিল ?
ক) ১৮৮৫ চনত
খ) ১৯২১ চনত
গ) ১৯৫০ চনত
ঘ) ১৯৬৭ চনত
উত্তৰ: গ) ১৯৫০ চনত
২) অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিয় অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল ?
ক) দেশৰ স্বাধীনতা উদ্ধাৰ আৰু সমৃ্দ্ধিৰ কাৰণে
খ) দেশৰ সাহিত্য চৰ্চা কৰাৰ বাবে
গ) কাৰাবৰণ কৰিবলগীয়া হোৱা বাবে
ঘ) কবিতা ৰচনা কৰাৰ বাবে
উত্তৰ: ক) দেশৰ স্বাধীনতা উদ্ধাৰ আৰু সমৃ্দ্ধিৰ কাৰণে
৩) কবিয়ে বীৰ-বেশেৰে ঝাডু় ধৰিবলৈ কিয় কৈছে ?
ক) ভালদৰে জাবৰ সাৰিবলৈ
খ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ
গ) ঋণ ল’বৰ বাবে
ঘ) পৰৰ চৰণত পূজা দিবৰ বাবে
উত্তৰ: খ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ
৪) সাতাম পুৰুষীয়া শব্দটোৰ সমাৰ্থক শব্দ হ’ল-
ক) সুপ্ৰাচীন
খ) অধীনত থকা
গ) চুকে-কোণে
ঘ) খিয়লা-খিয়লি
উত্তৰ: ক) সুপ্ৰাচীন
৫) কৰিলিতো ইমান দিনে
পৰ ——- হীনে-ঘিণে।
উল্লিখিত কবিতাফাকি তলত দিয়া আনৰ অধীন অৰ্থ বুজোৱা শব্দেৰে সম্পূৰ্ণ কৰা-
ক) কাজল ছাই
খ) বিপ্লৱী
গ) গোলামি
ঘ) স্বাধীন
উত্তৰ: গ) গোলামি
ধৰ ঝাড়ু ধৰ ভাই Class 10 Question Answer
পাঠভিত্তিক প্রশ্নোত্তৰ :
ভাব বিষয়ক :
১। অতি চমুকৈ উত্তৰ দিয়া ।
(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’আখ্যা দিয়া হৈছিল।
(খ) সাতামপুৰুষীয়া ‘সােণৰ চোতালঘৰ’ কিহেৰে পােত খাই আছে বুলি কৰিয়ে কৈছে?
উঃ সাতামপুৰুষীয়া সােণৰ চোতাল-ঘৰ’যুগ যুগৰ ভূ অর্থাৎ জাৱৰ-জোঁথৰ, মলি, পৰাধীনতাৰ কালিমা আদিৰে পােত খাই আছে বুলি কবিয়ে কৈছে।
(গ) জাতিৰ জীৱন মনােহ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উঃ জাতিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাডু ধৰিবলৈ কৈছে।
(ঘ) কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উঃ চাই থাকোতে থাকোতে কবিয়ে মুখ কেবল কাজল-ছাইৰে ভৰি পৰিল বুলিছে।
২। ‘হ’ল এৰে তােৰ সময় হ’বৰ
জাতিৰ ঝাড়ুদাৰ যে ভাই।
-ইয়াত কবিয়ে কি কাৰণে জাতিৰঝাড়ুদাৰ’ হােৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?
উঃ পৰাধীন ভাৰতক স্বাধীন কৰিবলৈ মহাত্মা গান্ধীৰ নেতৃত্বত যি অহিংস আন্দোলন চলিছিল দেশজুৰি, কবি ৰায়চৌধুৰীও তাৰ অংশীদাৰ আছিল। ইংৰাজৰ গােলামি সহি থাকি অসমৰ ৰাইজৰ দুখ-দুর্দশা কুলাই-পাচিয়ে নধৰা হৈছিল। বছৰৰ পাছত বছৰ ধৰি হিংসা, ঘৃণা, স্বার্থ, ভেদাভেদে অসমীয়া জাতিৰ গৰিমাত কালিমা সানিছিল। পৰাধীনতাৰ গ্লানিয়ে জাতিটোক যেন মলিন কৰি তুলিছিল। নিজ মাটিৰ চোতাল। যেন আনৰ জাৱৰেৰে ভৰি পৰিছিল। এইবােৰ আঁতৰাই সকলাে একগােট হৈ যুঁজিলেহে পৰাধীনতা আঁতৰ হ’ব- – সেয়ে কবিয়ে সকলােকে ঝাড়ুদাৰৰ দৰে হ’বলৈ কৈছে। ঝাড়ুদাৰে সকলাে জাৱৰ সাৰি ঘৰ-চোতাল পৰিষ্কাৰ কৰাৰ দৰে অসমীয়া জাতিয়েও নিজৰ মাজত থকা বেয়াবােৰ আঁতৰােৱাৰ সময় হৈছে বুলি কবিতাফাকিৰ দ্বাৰা কবিয়ে সকীয়াই দিছে।
ধৰ ঝাড়ু ধৰ ভাই Class 10 Question Answer
৩। নহ’লে যে বিশ্ব সভাত
নহ’ব তােৰ বহাৰ ঠাই।
– বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নির্দেশ দিছে?
উঃ যুগ যুগ ধৰি অসম তথা ভাৰত ব্রিটিছৰ শাসনাধীন হৈ আছিল। পৰাধীনতাৰ কালিমাই অসমৰ ঐতিহ্যক হেচি ধৰিছিল। ইংৰাজৰ গােলামি খাটি খাটি অসমীয়া জাতিৰ সকলাে নষ্ট হৈ গৈছিল। শাসকীয় নীতিৰ কৱলত পৰি মানুহৰ নিজৰ মাজতে সৃষ্টি হৈছিল হিংসা-দ্বেষ, ঘৃণা, ভেদাভেদ আদি। এইবােৰে মানুহক পাহৰাই ৰাখিছিল স্বকীয় ঐতিহ্য, অস্তিত্ব উদ্ধাৰৰ কথা। কবি ৰায়চৌধুৰীয়ে এই কথা বুজিছিল আৰু ৰাইজক উদ্বুদ্ধ কৰিব বিচাৰিছিল। ৰাইজ জাগ্রত হলে, নিজ অধিকাৰ ৰক্ষাৰ প্ৰতি সচেতন হ’লেহে স্বাধীনতা ঘূৰি আহিব। ঝাড়ুদাৰে যিদৰে ঘৰৰ চুকে-কোণে থকা জাৱৰবােৰ সাৰি ঘৰ-চোতাল পৰিষ্কাৰ কৰি ৰাখে,একেদৰে অসমৰ লােকসকলেও জাৱৰবােৰ সাৰি ঘৰ-চোতাল পৰিষ্কাৰ কৰি ৰাখে, একেদৰে অসমৰ লােকসকলেও দেশৰ চৌদিশে থকা শাসক গােষ্ঠীক খেদিব পাৰিলেহে অসম জাতিষ্কাৰ হ’ব- এই কথাই তেওঁ ক’ব বিচাৰিছে। স্বকীয় ভাষা-সংস্কৃতিক সময় থাকোতেই অইনৰ পৰা সুৰক্ষিত কৰিব নােৱাৰিলে বিশ্বৰ অইন জাতি -জনগােষ্ঠীৰ মাজত অসমৰ নাথাকিব কোনাে অস্তিত্ব। কবিতাফাকিৰ দ্বাৰা কবিয়ে ইয়াকেই কৈছে আৰু নির্দেশ দিছে। যেন সময় থাকোঁতেই সকলােৱে বীৰৰ দৰে নিজ দেশ তথা জাতিৰ বাবে যুদ্ধ কৰে।
৪। ‘ধৰ ঝাড়ু ধৰ ভাই’-কবিতাটোৰ মূল ভাব লিখা।
উঃ সকলাে ধৰণৰ হিংসা-অসূয়া, গােলামি, পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগােট হােৱাৰ আহ্বানেই ‘ধৰ ঝাড়ু ধৰ ভাই’কবিতাটোৰ মূল ভাব। যুগ যুগ ধৰি অসম ইংৰাজৰ শাসনৰ অধীনত আছিল। সেই সময়ত অসমৰ নিজস্ব ঐতিহ্য, গৰিমা কালৰ বুকুত হেৰুওৱাৰ উপক্ৰম হৈছিল। জাতিটোৰ অস্তিত্ব বিপন্ন হৈছিল। তথাপি অসমৰ মানুহৰ জাতীয় চেতনা জাগ্রত হােৱা নাছিল। স্বার্থ ৰক্ষাৰ বাবে বহু লােকে ইংৰাজৰ তলত গােলামিহে খাটিছিল। ব্যক্তিগত লাভৰ বাবে এজন অসমীয়াই আন এজন অসমীয়াক হিংসা কৰিছিল।
ঘৃণাৰ জুয়ে জাতিটোক পুৰি মুখত ছাই সানিছিল। এনে এক পৰিৱেশ কবিয়ে সহিব পৰা নাছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ অংশীদাৰ আছিল কবি ৰায়চৌধুৰী। দেশ তথা জাতিক তেওঁ বজ্রকণ্ঠে আহ্বান জনাইছিল মুক্তিৰ বাবে যুঁজিবলৈ। নিজৰ মাজত থকা অসূয়া-অপ্রীতি দূৰ কৰি জাতিৰ অস্তিত্ব উদ্ধাৰৰ বাবে আগুৱাই আহিবলৈ কৈছিল। এই সংগ্ৰামত জনতাক বীৰ বেশেৰে উপস্থিত থাকিবলৈও তেওঁ নির্দেশ দিছিল।
নিজৰ মাজত থকা বেয়াখিনিক জাৱৰ জ্ঞান কৰি সেইবােৰ চাফা কৰি পেলাবলৈও দেশৰ মানুহক তেওঁ কৈছিল। এগৰাকী ঝাড়ুদাৰে যেনেদৰে ঘৰৰ চুক-কোণ সাৰি পুছি চিকুণাই ৰাখে, তেনেদৰে মানুহকো নিজৰ মাজত থকা ভেদাভেদ, ঘৃণা, হিংসা- বিদ্বেষ আদি আঁতৰাই একগােট হৈ দেশৰ স্বাধীনতাৰ হকে যুঁজিবলৈ উদাত্ত কণ্ঠেৰে আহ্বান জনাইছিল।
কবিয়ে ইয়াকো কৈছিল যে অসমীয়াই সকলাে ভেদ-ভাব আঁতৰাই সময় থাকোতেই ইংৰাজৰ বিৰুদ্ধে নুযুঁজিলে অসমৰ স্থান বিশ্বৰ চকুত অৱনমিত হ’ব।
কবিতাটো স্বদেশপ্রেমৰ ভাবেৰে ভৰি আছে। কবি ৰায়চৌধুৰীয়ে জাতিটোক স্বদেশ প্রেমেৰে উদ্বুদ্ধ কৰি দেশমাতৃৰ অস্তিত্ব সুৰক্ষিত কৰাৰ সংগ্ৰামখনত জয়ী হ’ব বিচাৰিছে। প্ৰতিগৰাকী পাঠকে নিজকে দেশৰ বাবে ঝাড়ুদাৰৰ ৰূপত কল্পনা কৰিব পাৰে কবিতাটো পঢ়ি আৰু ইয়াতেই কবিৰাে সার্থকতা।
ধৰ ঝাড়ু ধৰ ভাই Class 10 Question Answer
৫। বাখ্যা কৰা :
(ক) হিংসা-দ্বেষ, ভেদাভেদৰ,
ঘৃণা-ঘৃণি স্বার্থ ভেমৰ
কত যে কি মলি-মামৰ
ভৰি জাতিৰ জীৱন যায়।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘ধৰ ঝাড়ু ধৰ ভাই’কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
পৰাধীনতাৰ শিকলিয়ে অসমীয়া জাতিৰ অস্তিত্ব কিদৰে নিঃশেষ কৰি পেলাইছিল তাকে ক’বলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
যুগ যুগ ধৰি অসম ইংৰাজৰ তলতীয়া হৈ আছিল। শাসনকাল যুগমীয়া কৰিবলৈ ইংৰাজে আশ্ৰয় লৈছিল বিভাজন নীতিৰ। মানুহৰ মাজত সৃষ্টি কৰিছিল হিংসা-অসূয়া, ভেদাভেদ আৰু ঘৃণা।ইংৰাজৰ প্রলােভনত ভােল গৈ স্বার্থান্বেষী হৈ পৰিছিল অসমৰ বহু জনগণ। নিজৰ জাতি তথা দেশৰ স্বকীয় অস্তিত্বৰ কথা পাহৰি মানুহে নিজ ভেম-অহংকাৰ ৰক্ষাত গুৰুত্ব দিছিল। ফলত সকলাে এৰি যুগৰ পাছত যুগ মানুহে গােলামি খাটিছিল ইংৰাজৰ বাবে। অসমৰ জনগণৰ জাতীয় চেতনাৰ অভাৱত জাতিটো মৃতপ্রায় অৱস্থাত উপনীত হৈছিল –ব্যাখ্যেয় কবিতাফাকিত এই কথাই স্পষ্টভাৱে প্ৰকাশ পাইছে।
(খ) ধৰ ঝাড়ু ধৰ ভাই।
আৰু চাবৰ সময় নাই
চাই থাকোতে মুখত কেৱল
ভৰিল কাজল-ছাই।
উঃ ব্যাখ্যেয় কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট অম্বিকাগিৰী ৰায়চৌধুৰীৰ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।
পৰাধীন অসমৰ মানুহক সজাগ কৰিবলৈ কবিয়ে ব্যাখ্যেয় কবিতাফাকিৰ অৱতাৰণা কৰিছে।
অসমক বহু বছৰ ধৰি শাসন কৰিছিল ব্রিটিছে। নিজৰ মাজত মিলা-প্রীতি নথকাৰ বাবে আৰু স্বার্থপৰ মনােবৃত্তিৰ বাবে জাতিটোৱে গােলামিৰ পৰা মুক্ত হ’ব পৰা নাছিল। নিজস্ব ঐতিহ্য, অস্তিত্ব ৰক্ষাৰ কথা পাহৰি অসমৰ মানুহ কেৱল ইংৰাজৰ তলত দিন কটাইছিল। ফলত অসম মৃত জাতি আৰু দেশত পৰিণত হােৱাৰ উপক্রম হৈছিল। তাকে দেখি কবিয়ে হাহাকাৰ কৰি উঠিছিল। দেশবাসীক আহ্বান জনাইছিল
দেশৰ হকে যুঁজ দিবৰ বাবে ওলাই আহিবলৈ। দেশৰ পৰাধীনতাক কবিয়ে কাজল-ছাইৰ লগত তুলনা কৰিছে আৰু সেই ছাই পৰিস্কাৰ কৰিবলৈ অসমবাসীক ঝাড়ুদাৰ হ’বলৈও নির্দেশ দিছে। ঝাড়ুদাৰে যিদৰে চোতাল-ঘৰৰ জাৱৰ সাৰি-পুছি চিকুণাই তােলে, একেদৰে সময় থাকোতেই অসমীয়ায়াে চৌপাশে থকা ইংৰাজ শাসকক খেদি অসমক জাতিষ্কাৰ কৰিবৰ হ’ল বুলি কবিতাফাকিৰ মাজৰে কবিয়ে কৈছে।
Class 10 Assamese Chapter 14 Question Answer
৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।
উঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মূল সুৰটোৱেই হৈছে স্বদেশপ্রেম।
কবি অম্বিকাগিৰী ৰায়চৌধুৰী জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিপুষ্ট লােক। জাতি তথা দেশৰ উন্নতিৰ বাবে তেওঁ সদা উন্মুখ হৈ আছিল। এটা সময়ত অসম ইংৰাজৰ শাসনৰ অধীনত আছিল, অসমীয়া জাতিয়ে ঐতিহ্যপূর্ণ পৰিচয় এৰি আনৰ গােলামি খাটিবলগীয়া হৈছিল। ইংৰাজে বিভেদৰ ৰাজনীতিৰে অসমৰ জনগণৰ মাজত বিয়পাই দিছিল ঘৃণা, অসূয়া, ভেদাভেদৰ ভাব। ফলত নিজৰ মাজতে অসমীয়া পৰ হৈছিল। স্বার্থপৰতাক প্রশ্রয় দি ইংৰাজৰ হকে কাম কৰি বহু অসমীয়াই এনে কাৰ্যৰে নিজৰ গাতে কালিমা সানিছিল।
কবি ৰায়চৌধুৰীৰ দেশপ্রেমিক মনে এইবােৰ কথা সহিব পৰা নাছিল। মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি চলা স্বাধীনতা আন্দোলনৰ তেওঁ আছিল অক্লান্ত কর্মী। আন্দোলন কৰি কাৰাবাস খটাৰ সময়ত ৰচনা কৰা কবিতাটোত সেয়ে তেওঁৰ দেশপ্রেম উজ্বলি উঠিছে। কবিয়ে উদাত্তকণ্ঠেৰে অসমীয়া জাতিক আহ্বান জনাইছে সকলাে বেয়া পৰিহাৰ কৰি দেশৰ স্বাধীনতাৰ হকে যুঁজিবলৈ। ঝাড়ুদাৰে যেনেকৈ ঘৰ-চোতালৰ চুক-কোণ সাৰি-পুছি পৰিষ্কাৰ কৰে, অসমৰ মানুহেও নিজৰ মাজত থকা হিংসা-ভেদবােৰক দলিয়াই পেলাব লাগে আৰু জাতিৰ অস্তিত্ব ৰক্ষাত আগভাগ ল’ব লাগে। নিজ জাতিটোক এনে আহ্বান কৰিয়ে জনাব পাৰিছিল কেৱল তেওঁৰ স্বদেশ প্রেমিক মনটোৰ বাবে। সমগ্র কবিতাটো কেৱল স্বদেশপ্ৰেমৰ ভাবেৰেই ঠাহ খাই আছে।
ভাষা বিষয়ক
১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্য ৰচনা কৰাঃ
(ক) হীনে-ঘিনে (খ) ধাৰে-ঋণে (গ) ঘৃণা-ঘৃণি (ঘ) জাহি-জাৰৰ (ঙ) সাৰি-পুছি (চ) মলি-মামৰ
উঃ (ক) হীনে-ঘিনে : এসময়ত অসমীয়া জাতিয়ে হীনে-ঘিণে ইংৰাজৰ গােলামি খাটিছিল।
(খ) ধাৰে-ঋণে : ধাৰে-ঋণে পােট গৈও ভায়েকক সি পঢ়ুৱাই মানুহ কৰিলে।
(গ) ঘৃণা-ঘৃণি : ঘৃণা-ঘৃণি নিজৰ মাজত থাকিলে শত্ৰুৱেহে লাই পায়।
(ঘ) জাহি-জাবৰঃ জাহি-জাবৰেৰে ঘৰৰ চৌহদটো ভৰি পৰিছে।
(ঙ) সাৰি-পুছি : মানুহ নথকা সত্ত্বেও চুবুৰীয়াই মধুহঁতৰ ঘৰৰ চৌহদটো সাৰি-পুছি চিকুণাই থৈছে।
(চ) মলি-মামৰ : মলি-মামৰ নলগা তলা এটাহে বজাৰৰ পৰা আনি দিবি দেই।
২। তলৰ শব্দবোৰত মূর্ধণ্য ‘ণ’ হােৱাৰ কাৰণ দশোৱাঃ
সােণ, ঘৃণা, ঋণ
উঃ সােণঃ স্বাভাৱিকতে মূর্ধণ্য ‘ণ’ হৈছে।
ঘৃণা :একেটা পদতে থকা ঋ, ৰ, য’ৰ পাছৰ দস্ত্য ‘ন’ মূর্ধণ্য ‘ণ হয়।
ঋণঃ‘একেটা পদতে থকা ঋ, ৰ, ষ’ৰ পাছৰ দন্ত্য ‘ন’ মুদ্ধণ্য ‘ণ’ হয়।
৩। বিপৰীত শব্দ লিখা :
(ক) ঋণা (খ) স্বার্থ। (গ) জীৱন (ঘ) বীৰ
উঃ ক) ঋণা
(খ) স্বার্থ – নিঃস্বার্থ
(গ) জীৱন
(খ) বীৰ -কাপুৰুষ
অসমীয়া class 10 পদ্য়াংশ | |
পাঠ ১ | বৰগীত |
পাঠ ২ | জিকিৰ |
পাঠ ৩ | প্ৰশস্তি |
পাঠ ৪ | মই অসমীয়া |
পাঠ ৫ | দৃশ্যান্তৰ |
পাঠ ৬ | ছাত্ৰ জীৱন আৰু সমাজ সেৱা |
পাঠ ৭ | ভাৰতীয় সংস্কৃতি |
পাঠ ৮ | অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি |
পাঠ ৯ | নিউটন আৰু সপ্তদশ শতিকাৰ বৌদ্ধিক বিপ্লৱ |
পাঠ ১০ | ইন্টাৰনেটৰ তিতা মিঠা |
পাঠ ১১ | অৰুণিমা সিনহা |
পাঠ ১২ | অৰণ্য যাত্ৰা |
পাঠ ১৩ | পাৰস্যত এভুমুকি |
পাঠ ১৪ | মুক্তি মঙ্গল ভটিমা |
পাঠ ১৫ | কানাইৰ চাতুৰী |
পাঠ ১৬ | ৰামসিংহৰ অসম আক্রমণ |
পাঠ ১৭ | বিষাদ যোগ |
FAQs
(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?
উঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’আখ্যা দিয়া হৈছিল।
(খ) সাতামপুৰুষীয়া ‘সােণৰ চোতালঘৰ’ কিহেৰে পােত খাই আছে বুলি কৰিয়ে কৈছে?
উঃ সাতামপুৰুষীয়া সােণৰ চোতাল-ঘৰ’যুগ যুগৰ ভূ অর্থাৎ জাৱৰ-জোঁথৰ, মলি, পৰাধীনতাৰ কালিমা আদিৰে পােত খাই আছে বুলি কবিয়ে কৈছে।
(গ) জাতিৰ জীৱন মনােহ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?
উঃ জাতিৰ জীৱন মনােহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাডু ধৰিবলৈ কৈছে।
(ঘ) কবিয়ে চাই থাকোতে থাকোতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?
উঃ চাই থাকোতে থাকোতে কবিয়ে মুখ কেবল কাজল-ছাইৰে ভৰি পৰিল বুলিছে।
Dhar jadu dhar bhai queation answe r dibo lage please…Please give me question answer…😢