বৰ্জিত পানীৰ কথা – Class 7 Science

মাধ্যমঅসমীয়া (Assamese)
বিষয়সাধাৰন বিজ্ঞান (General Science)
পাঠৰ নামবৰ্জিত পানীৰ কথা 
শ্ৰেণীসপ্তম শ্ৰেণীৰ (Class VII)
অধ্যায়অধ্যায় 18 (Chapter)
পাঠ্যক্ৰমছেবা (NCERT)

বৰ্জিত পানীৰ কথা Class 7


প্ৰশ্ন ১: খালী ঠাই পূৰ কৰা- (ক) পানী-শোধন কৰাটো হৈছে _ আঁতৰকৰণ প্ৰক্ৰিয়া। (খ) ঘৰবোৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক বোলে।
(গ) শুকান পদাৰ্থক হিচাপে ব্যবহাৰ কৰা হয়। (ঘ) নৰ্দমাবোৰ _
আৰু চৰ্বীজাতীয় বস্তু দ্বাৰা বন্ধ হৈ পৰিব পাৰে।

উত্তৰ:
(ক) মলিয়ন
(খ) পূতিজল
(গ) সাৰ
(ঘ) তেল

প্ৰশ্ন ২: নলাৰে ওলাই যোৱা পূতিজল কি? নদী বা সাগৰলৈ পূতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা।
উত্তৰ: নলাৰে ওলাই যোৱা পূতিজল হৈছে বৰ্জিত পানী য’ত মলিয়ন, জৈৱ-অজৈৱ অশুদ্ধি, ৰোগজীৱাণু থাকে। ইয়াক নদী/সাগৰলৈ এৰি দিলে পানী প্ৰদূষিত হয় আৰু পানীজনিত ৰোগ (যেনে- ক’লেৰা, টাইফয়েড) বিয়পায়।

প্ৰশ্ন ৩: তেল আৰু চৰ্বীজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয়?
উত্তৰ: তেল-চৰ্বী নৰ্দমাত পেলালে টান হৈ নলাবোৰ বন্ধ কৰে, মাটিৰ পানী শোষণ ক্ষমতা হ্ৰাস কৰে। ইয়াক ডাষ্টবিনত পেলাব লাগে।

প্ৰশ্ন ৪: বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা।
উত্তৰ:
১. প্ৰতিবন্ধক বেৰ: ডাঙৰ আবৰ্জনা (প্লাষ্টিক, কাপোৰ) আঁতৰোৱা।
২. বালি আঁতৰোৱা টেংকি: সৰু শিল-বালি তলত জমা হয়।
৩. গেদ পৃথকীকৰণ: মল-বিষ্ঠা তলত পৰে, তেল ওপৰত ভাহে।
৪. জৈৱিক শোধন: বেক্টেৰিয়াই অপ্ৰয়োজনীয় পদাৰ্ষ শোষণ কৰে।

প্ৰশ্ন ৫: মলিয়ন বোকা/গেদ কি? ইয়াক কেনেদৰে শোধিত কৰা হয়?
উত্তৰ: গেদ হৈছে মল-বিষ্ঠাৰ গোটা পদাৰ্থ। ইয়াক প্ৰথমে চোঁচনীৰে আঁতৰাই, তাৰপিছত বেক্টেৰিয়াৰে পচাই শুকান সাৰত ৰূপান্তৰ কৰা হয়।

লগতে পঢ়ক:   উদ্ভিদৰ প্ৰজনন – Class 7 Science

প্ৰশ্ন ৬: “নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল-মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক।“ ব্যাখ্যা কৰা।
উত্তৰ: মুকলিত মল ত্যাগ কৰিলে পানী (কুঁৱা, নদী) প্ৰদূষিত হয় আৰু ক’লেৰা, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি হয়।

প্ৰশ্ন ৭: পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা।
উত্তৰ: ক্ল’ৰিন, অ’জ’ন।

প্ৰশ্ন ৮: মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি?
উত্তৰ: ই এবিধ ফিল্টাৰ য’ত ডাঙৰ আবৰ্জনা (যেনে- প্লাষ্টিক, কাঠ) আঁতৰোৱা হয়।

প্ৰশ্ন ৯: অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা।
উত্তৰ: অনাময়ৰ অভাৱত দূষিত পানী/খাদ্যৰ দ্বাৰা ৰোগ (যেনে- টাইফয়েড, পলিঅ’) হয়।

প্ৰশ্ন ১০: এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি?
উত্তৰ: মুকলি নৰ্দমা ঢাকিবলৈ উদ্যোগ লোৱা, আবৰ্জনা ডাষ্টবিনত পেলোৱা, সমাজক সজাগ কৰা।

প্ৰশ্ন ১১: শব্দ শৃংখলৰ উত্তৰ:

থিয়কৈপথালিকৈ
১. বায়োগেছ৩. গেদ
২. টাইফয়েড৪. নাইট্ৰজেন
৫. এৰ’চেণ্ট্ৰিক৭. প্ৰদূষণ
৬. ক্ল’ৰিন

প্ৰশ্ন ১২: অ’জনৰ বিষয়ে শুদ্ধ উত্তৰ বাছি উলিওৱা:
উত্তৰ: (খ) পানীৰ বীজাণুনাশ কৰিবলৈ ইয়াক ব্য়ৱহাৰ কৰা হয়।


Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5