এছিড ক্ষাৰক আৰু লৱণ Class 10 – বিজ্ঞান অধ্যায় ২

মাধ্যমঅসমীয়া (Assamese)
বিষয়সাধাৰন বিজ্ঞান (General Science)
পাঠৰ নামএছিড ক্ষাৰক আৰু লৱণ
শ্ৰেণীদশম (Class X)
অধ্যায়অধ্যায় 2 (Chapter 2)
পাঠ্যক্ৰমছেবা (SEBA)

এছিড ক্ষাৰক আৰু লৱণ Class 10


MCQ প্ৰশ্নোত্তৰ

প্রশ্ন ১. তিনিটা পৰীক্ষানলত পাতিত পানী, এছিড আৰু ক্ষাৰকীয় দ্ৰৱ থাকিলে ৰঙা লিটমাছ কাগজে কোনটোক নীলা কৰিব?
ক) পাতিত পানী
খ) এছিড দ্ৰৱ
গ) ক্ষাৰকীয় দ্ৰৱ
ঘ) কোনোটোৱেই নহয়
উত্তৰ: গ) ক্ষাৰকীয় দ্ৰৱ


প্রশ্ন ২. দৈ আৰু টেঙা খাদ্যবস্তু তামৰ পাত্ৰত কিয় ৰখা নহয়?
ক) ইয়াৰ সোৱাদ সলনি হয়
খ) বিষাক্ত যৌগ গঠন হয়
গ) পাত্ৰৰ ৰং সলনি হয়
ঘ) খাদ্যৰ পুষ্টি কমি যায়
উত্তৰ: খ) বিষাক্ত যৌগ গঠন হয়


প্রশ্ন ৩. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোন গেছ নিৰ্গত হয়?
ক) অক্সিজেন
খ) কার্বন ডাই অক্সাইড
গ) হাইড্ৰ’জেন
ঘ) ক্ল’ৰিন
উত্তৰ: গ) হাইড্ৰ’জেন


প্রশ্ন ৪. হাইড্ৰ’জেন গেছৰ উপস্থিতি কিদৰে পৰীক্ষা কৰা হয়?
ক) চুণপানী ঘোলা হয়
খ) জ্বলন্ত শলা নুমায়
গ) নীলা লিটমাছ ৰঙা হয়
ঘ) ৰঙা লিটমাছ নীলা হয়
উত্তৰ: খ) জ্বলন্ত শলা নুমায়


প্রশ্ন ৫. CaCO₃ আৰু HClৰ বিক্ৰিয়াত কোন গেছ উৎপন্ন হয়?
ক) হাইড্ৰ’জেন
খ) কার্বন ডাই অক্সাইড
গ) অক্সিজেন
ঘ) ক্ল’ৰিন
উত্তৰ: খ) কার্বন ডাই অক্সাইড


প্রশ্ন ৬. জলীয় দ্ৰৱত HCl আম্লিক ধৰ্ম দেখুৱায় কাৰণ ই—
ক) H⁺ আয়ন মুক্ত কৰে
খ) OH⁻ আয়ন মুক্ত কৰে
গ) কোনো আয়ন মুক্ত নকৰে
ঘ) পানীৰ সৈতে মিলিত নহয়
উত্তৰ: ক) H⁺ আয়ন মুক্ত কৰে


প্রশ্ন ৭. এছিডৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহণ কৰে কাৰণ—
ক) ইয়াত মুক্ত আয়ন থাকে
খ) ইয়াৰ গাঢ়তা বেছি
গ) ইয়াৰ ৰং সলনি হয়
ঘ) ই পানীৰ সৈতে মিলি যায়
উত্তৰ: ক) ইয়াত মুক্ত আয়ন থাকে


প্রশ্ন ৮. শুকান HCl গেছে লিটমাছৰ ৰং সলনি নকৰে কাৰণ—
ক) ইয়াত H⁺ আয়ন নাই
খ) ই পানীৰ সৈতে মিলিত নহয়
গ) ই গেছীয় অৱস্থাত থাকে
ঘ) ওপৰৰ সকলো
উত্তৰ: ক) ইয়াত H⁺ আয়ন নাই


প্রশ্ন ৯. এছিড লঘু কৰোঁতে পানীত এছিড যোগ কৰা হয় কিয়?
ক) তাপ শোষণৰ বাবে
খ) বিস্ফোৰণ ৰোধৰ বাবে
গ) গাঢ়তা বঢ়াবলৈ
ঘ) ৰং সলনিৰ বাবে
উত্তৰ: খ) বিস্ফোৰণ ৰোধৰ বাবে


প্রশ্ন ১০. এছিডৰ দ্ৰৱ লঘু কৰিলে H₃O⁺ আয়নৰ গাঢ়তা কি হয়?
ক) বাঢ়ে
খ) কমে
গ) একেই থাকে
ঘ) শূন্য হয়
উত্তৰ: খ) কমে


প্রশ্ন ১১. NaOH দ্ৰৱত অধিক ক্ষাৰক যোগ কৰিলে OH⁻ আয়নৰ গাঢ়তা কি হয়?
ক) বাঢ়ে
খ) কমে
গ) একেই থাকে
ঘ) শূন্য হয়
উত্তৰ: খ) কমে


প্রশ্ন ১২. pH ৪ থকা দ্ৰৱৰ তুলনাত pH ৬ থকা দ্ৰৱত H⁺ আয়নৰ গাঢ়তা কি হয়?
ক) বেছি
খ) কম
গ) সমান
ঘ) শূন্য
উত্তৰ: খ) কম


প্রশ্ন ১৩. ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকিলেও ই ক্ষাৰকীয় কিয়?
ক) OH⁻ আয়ন বেছি থাকে
খ) H⁺ আয়ন বেছি থাকে
গ) কোনো আয়ন নাথাকে
ঘ) পানীৰ পৰিমাণ বেছি
উত্তৰ: ক) OH⁻ আয়ন বেছি থাকে


প্রশ্ন ১৪. মাটিৰ এছিড প্ৰশমনৰ বাবে কি ব্যৱহাৰ কৰা হয়?
ক) কেলছিয়াম অক্সাইড
খ) কেলছিয়াম কার্বনেট
গ) কেলছিয়াম হাইড্ৰক্সাইড
ঘ) ওপৰৰ সকলো
উত্তৰ: ঘ) ওপৰৰ সকলো


প্রশ্ন ১৫. CaOCl₂ৰ সাধাৰণ নাম কি?
ক) বেকিং ছ’ডা
খ) ব্লিচিং পাউদাৰ
গ) কাপোৰ ধোৱা ছ’ডা
ঘ) প্লাষ্টাৰ অৱ পেৰিছ
উত্তৰ: খ) ব্লিচিং পাউদাৰ


প্রশ্ন ১৬. ব্লিচিং পাউদাৰ কোন যৌগৰ পৰা উৎপন্ন হয়?
ক) কেলছিয়াম কার্বনেট
খ) কেলছিয়াম হাইড্ৰক্সাইড
গ) ছ’ডিয়াম কার্বনেট
ঘ) ছ’ডিয়াম ক্ল’ৰাইড
উত্তৰ: খ) কেলছিয়াম হাইড্ৰক্সাইড


প্রশ্ন ১৭. কঠিন পানী কোমল কৰিবলৈ কোন যৌগ ব্যৱহাৰ হয়?
ক) NaCl
খ) Na₂CO₃
গ) NaOH
ঘ) NaHCO₃
উত্তৰ: খ) Na₂CO₃


প্রশ্ন ১৮. NaHCO₃ উত্তপ্ত কৰিলে কোন গেছ উৎপন্ন হয়?
ক) হাইড্ৰ’জেন
খ) অক্সিজেন
গ) কার্বন ডাই অক্সাইড
ঘ) ক্ল’ৰিন
উত্তৰ: গ) কার্বন ডাই অক্সাইড


প্রশ্ন ১৯. ৰঙা লিটমাছ নীলা কৰা দ্ৰৱৰ pH মান কিমান হ’ব পাৰে?
ক) ১
খ) ৪
গ) ৭
ঘ) ১০
উত্তৰ: ঘ) ১০


প্রশ্ন ২০. অজীৰ্ণতাৰ চিকিৎসাৰ বাবে কোন ধৰণৰ ঔষধ ব্যৱহাৰ হয়?
ক) এন্টিবায়টিক
খ) বেদনানাশক
গ) অম্লনাশক
ঘ) বীজাণুবাৰক
উত্তৰ: গ) অম্লনাশক


পাঠভিত্তিক প্রশ্নোত্তৰ


লগতে পঢ়ক:   শক্তিৰ উৎসসমূহ – দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪

প্ৰশ্ন ১: তোমাক পাতিত পানী, এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ থকা ক্ৰমে A, B, C তিনিটা পৰীক্ষা নল দিয়া হৈছে। যদি তোমাক কেৱল নীলা লিটমাছ কাগজ দিয়া হয় তেন্তে তুমি কেনেকৈ পৰীক্ষা নলত থকা দ্ৰৱসমূহ চিনাক্ত কৰিবা?
উত্তৰ:

  • নীলা লিটমাছ কাগজ তিনিওটা পৰীক্ষা নলত দিয়া হ’ল।
  • যি নলত নীলা লিটমাছ ৰঙা হ’ল, সেই দ্ৰৱ আম্লিক।
  • বাকী দুটা নলত এই ৰঙা লিটমাছ ডুবাই দিলে, য’ত পুনৰ নীলা হয়, সেই দ্ৰৱ ক্ষাৰকীয়।
  • শেষৰ নলত পাতিত পানী থকা বুলি চিনাক্ত কৰা হ’ব।

প্ৰশ্ন ২: দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়?
উত্তৰ:

  • দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে।
  • এই এছিডে পিতল আৰু তামৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।
  • ফলত বিষাক্ত যৌগ গঠন হ’ব পাৰে, সেয়েহে ইহঁতক এই পাত্ৰত থোৱা নহয়।

প্ৰশ্ন ৩: এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কেনেকৈ পৰীক্ষা কৰিবা?
উত্তৰ:

  • এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ (H₂) উৎপন্ন কৰে।
  • উদাহৰণ: 2Na (s) + 2HCl (aq) → 2NaCl (aq) + H₂ (g)
  • পৰীক্ষা পদ্ধতি: জ্বলন্ত কাঠি এডাল গেছৰ কাষত ধৰিলে নীলা শিখাৰে জ্বলে, যিয়ে হাইড্ৰ’জেনৰ উপস্থিতি প্ৰমাণ কৰে।

প্ৰশ্ন ৪: এটা ধাতৱ যৌগ লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।
উত্তৰ:

  • গেছটো CO₂ (কাৰণ ই জ্বলি থকা মম নুমুৱায়)।
  • ধাতৱ যৌগ: CaCO₃ (কেলছিয়াম কার্বনেট)।
  • সন্তুলিত সমীকৰণ: CaCO₃ (s) + 2HCl (aq) → CaCl₂ (aq) + CO₂ (g) + H₂O (l)

প্ৰশ্ন ৫: জলীয় দ্ৰৱত HCl, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়?
উত্তৰ:

  • HCl, HNO₃ জলীয় দ্ৰৱত আয়নিত হৈ H⁺ আয়ন মুক্ত কৰে, সেয়েহে আম্লিক ধৰ্ম দেখুৱায়।
  • এলক’হল আৰু গ্লুক’জ আয়নিত হৈ H⁺ আয়ন মুক্ত নকৰে, সেয়েহে আম্লিক ধৰ্ম নেদেখুৱায়।

প্ৰশ্ন ৬: এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?
উত্তৰ:

  • জলীয় দ্ৰৱত এছিড আয়নিত হৈ H⁺ আয়ন সৃষ্টি কৰে।
  • এই মুক্ত আয়নৰ বাবে বিদ্যুৎ পৰিবহণ হয়।

প্ৰশ্ন ৭: শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়?
উত্তৰ:

  • শুকান HCl গেছে পানীৰ অভাৱত H⁺ আয়ন উৎপন্ন কৰিব নোৱাৰে।
  • সেয়েহে লিটমাছৰ ৰং সলনি নহয়।

প্ৰশ্ন ৮: এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?
উত্তৰ:

  • এছিডত পানী যোগ কৰিলে অত্যধিক তাপ উৎপন্ন হয়, যাৰ ফলত বিস্ফোৰণ বা জুইৰ আশংকা থাকে।
  • পানীত এছিড লাহে লাহে যোগ কৰিলে তাপ নিয়ন্ত্ৰণ হয় আৰু দুৰ্ঘটনা এৰাই চলা যায়।

প্ৰশ্ন ৯: এছিড এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H₃O⁺)ৰ গাঢ়তা কিদৰে পৰিবৰ্তন হয়?
উত্তৰ:

  • পানী মিশ্ৰালে H₃O⁺ আয়নৰ প্ৰতি একক আয়তনৰ মান হ্ৰাস পায়।
  • ফলত এছিড লঘু হয়।

প্ৰশ্ন ১০: ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়নৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হ’ব?
উত্তৰ:

  • অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে OH⁻ আয়নৰ গাঢ়তা বৃদ্ধি পায়।

প্ৰশ্ন ১১: তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ। Aৰ pHৰ মান ৬ আৰু Bৰ pHৰ মান ৪। কোনটো দ্ৰৱত হাইড্ৰ’জেন (H₃O⁺) আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?
উত্তৰ:

  • দ্ৰৱ B (pH = ৪)ত H₃O⁺ আয়নৰ গাঢ়তা বেছি।
  • দ্ৰৱ B আম্লিক আৰু দ্ৰৱ A ক্ষাৰকীয়।

প্ৰশ্ন ১২: দ্ৰৱ এটাৰ প্ৰকৃতিৰ ওপৰত H⁺ (aq) আয়নৰ গাঢ়তাৰ কি প্ৰভাৱ আছে?
উত্তৰ:

  • H⁺ আয়নৰ গাঢ়তা বেছি হ’লে দ্ৰৱ আম্লিক।
  • H⁺ আয়নৰ গাঢ়তা কম হ’লে দ্ৰৱ ক্ষাৰকীয়।
লগতে পঢ়ক:   মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী দশম শ্ৰেণী

প্ৰশ্ন ১৩: ক্ষাৰকীয় দ্ৰৱত H⁺ (aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয়?
উত্তৰ:

  • হয়, ক্ষাৰকীয় দ্ৰৱত H⁺ আয়ন থাকে।
  • কিন্তু OH⁻ আয়নৰ পৰিমাণ বেছি হোৱাৰ বাবে ই ক্ষাৰকীয় হয়।

প্ৰশ্ন ১৪: মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চুণ (কেলছিয়াম হাইড্ৰ’ক্সাইড) বা চক (কেলছিয়াম কার্বনেট) প্ৰয়োগ কৰিব বুলি তোমালোকে ভাবা?
উত্তৰ:

  • শস্যক্ষেত্ৰত এছিডৰ পৰিমাণ বৃদ্ধি পালে:
  • পোৰা চূণ (CaO), শিথিলিত চুণ (Ca(OH)₂), বা চক (CaCO₃) প্ৰয়োগ কৰি এছিড হ্ৰাস কৰা হয়।

প্ৰশ্ন ১৫: যৌগ CaOCl₂ৰ সাধাৰণ নামটো কি?
উত্তৰ:

  • ব্লিচিং পাউদাৰ

প্ৰশ্ন ১৬: ক্ল’ৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।
উত্তৰ:

  • চূণ পানী (Ca(OH)₂)

প্ৰশ্ন ১৭: ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয়? বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ:

  • উত্তপ্ত কৰিলে Na₂CO₃, CO₂ আৰু H₂O উৎপন্ন হয়।
  • সমীকৰণ: 2NaHCO₃ → Na₂CO₃ + CO₂ + H₂O

প্ৰশ্ন ১৯: এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত pH হ’ব পাৰে—
(a) 1
(b) 4
(c) 5
(d) 10
উত্তৰ:

  • (d) 10

প্ৰশ্ন ২০: এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণ পানী ঘোলা কৰে। দ্ৰৱটোত থাকে—
(a) NaCl
(b) HCl
(c) LiCl
(d) KCl
উত্তৰ:

  • (b) HCl

প্ৰশ্ন ২১: NaOH দ্ৰৱ এটাৰ 10 mLএ HCl দ্ৰৱ এটাৰ 8 mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20 mL লওঁ তেন্তে এই প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ’ব—
(a) 4 mL
(b) 8 mL
(c) 12 mL
(d) 16 mL
উত্তৰ:

  • (d) 16 mL

প্ৰশ্ন ২২: অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
(a) এন্টিবায়টিক
(b) বেদনানাশক
(c) অম্লনাশক
(d) বীজাণুবাৰক
উত্তৰ:

  • (c) অম্লনাশক

প্ৰশ্ন ২৩: সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—
(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্ৰিয়া কৰে।
(c) লঘু ছালফিউৰিক এছিডে এলুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে।
(d) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্ৰিয়া কৰে।
(e) Zn + CuSO₄
উত্তৰ:

ক্ৰমশব্দ সমীকৰণসন্তুলিত সমীকৰণ
(a)যিংক + ছালফিউৰিক এছিড → যিংক ছালফেট + হাইড্ৰ’জেন গেছZn (s) + H₂SO₄ (aq) → ZnSO₄ (aq) + H₂ (g)
(b)মেগনেছিয়াম + হাইড্ৰ’ক্ল’ৰিক এছিড → মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছMg (s) + 2HCl (aq) → MgCl₂ (aq) + H₂ (g)
(c)এলুমিনিয়াম + ছালফিউৰিক এছিড → এলুমিনিয়াম ছালফেট + হাইড্ৰ’জেন গেছ2Al (s) + 3H₂SO₄ (aq) → Al₂(SO₄)₃ (aq) + 3H₂ (g)
(d)লো + হাইড্ৰ’ক্ল’ৰিক এছিড → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছFe (s) + 2HCl (aq) → FeCl₂ (aq) + H₂ (g)
(e)যিংক + কপাৰ ছালফেট → যিংক ছালফেট + কপাৰZn (s) + CuSO₄ (aq) → ZnSO₄ (aq) + Cu (s)

প্ৰশ্ন ২৪: এলক’হল আৰু গ্লুক’জৰ দৰে যৌগবোৰতো হাইড্ৰ’জেন থাকে। কিন্তু সিহঁতক এছিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই। ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰ:

  • পদ্ধতি:
  • এটা বিকাৰত গ্লুক’জৰ দ্ৰৱ লৈ দুটা গজাল স্থাপন কৰা হ’ল।
  • গজালৰ মূৰত ৬ ভল্টৰ বেটাৰী, বাল্ব আৰু চুইচ সংযোগ কৰা হ’ল।
  • চুইচ অন কৰাৰ পিছত একে পৰীক্ষা এলক’হলৰ সৈতে কৰা হ’ল।
  • পৰ্যবেক্ষণ: বাল্ব জ্বলা নাই।
  • সিদ্ধান্ত: গ্লুক’জ আৰু এলক’হল H⁺ আয়ন মুক্ত নকৰে, সেয়েহে এছিড নহয়।

প্ৰশ্ন ২৫: পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়?
উত্তৰ:

  • পাতিত পানীত H⁺ আয়ন নাথাকে, সেয়েহে বিদ্যুৎ পৰিবহণ নকৰে।
  • বৰষুণৰ পানীত H⁺ আয়ন থাকে, সেয়েহে বিদ্যুৎ পৰিবহণ কৰে।

প্ৰশ্ন ২৬: পানীৰ অনুপস্থিতিত এছিডে এছিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?
উত্তৰ:

  • পানীৰ অভাৱত এছিড আয়নিত হৈ H⁺ আয়ন সৃষ্টি নকৰে।
  • সেয়েহে এছিডৰ ধৰ্ম প্ৰদৰ্শন নহয়।
লগতে পঢ়ক:   ধাতু আৰু অধাতু Class 10 {সকলো প্ৰশ্ন উত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৩

প্ৰশ্ন ২৭: পাঁচটা দ্ৰৱ A, B, C, D আৰু Eক সাৰ্বজনীন সূচকেৰে পৰীক্ষা কৰাত pHৰ মান ক্ৰমে ৪, ১, ১১, ৭ আৰু ৯ দেখুৱাইছিল। কোনটো দ্ৰৱ—
(a) প্ৰশম
(b) তীব্ৰ ক্ষাৰকীয়
(c) তীব্ৰ আম্লিক
(d) মৃদু আম্লিক
(e) মৃদু ক্ষাৰকীয়
হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pHৰ মানবোৰ সজোৱা।
উত্তৰ:

ধৰণদ্ৰৱpH মান
(a) প্ৰশমD
(b) তীব্ৰ ক্ষাৰকীয়C১১
(c) তীব্ৰ আম্লিকB
(d) মৃদু আম্লিকA
(e) মৃদু ক্ষাৰকীয়E
  • H⁺ আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰম: ১১ < ৯ < ৭ < ৪ < ১

প্ৰশ্ন ২৮: পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল Aত হাইড্ৰ’ক্ল’ৰিক এছিড (HCl) আৰু পৰীক্ষানল Bত এচিটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰণি ওলাব আৰু কিয়?
উত্তৰ:

  • পৰীক্ষানল A (HCl)ত বেছি বেগেৰে বুৰবুৰণি ওলাব।
  • কাৰণ: HCl এচিটিক এছিড (CH₃COOH)তকৈ তীব্ৰ, আৰু বিক্ৰিয়াৰ বেগ বেছি।

প্ৰশ্ন ২৯: কেঁচা গাখীৰৰ pHৰ মান ৬। ই দৈত পৰিণত হ’লে pH সলনি হ’বনে? ব্যাখ্যা কৰা।
উত্তৰ:

  • হয়, pH কমি যায়।
  • দৈত পৰিণত হ’লে লেক্টিক এছিড উৎপন্ন হয়, যাৰ ফলত আম্লতা বাঢ়ে।

প্ৰশ্ন ৩০: এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে।
(a) কিয় তেওঁ কেঁচা গাখীৰৰ pHৰ মান ৬ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ল’লে?
(b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়?
উত্তৰ:

  • (a) বেকিং ছ’ডা যোগ কৰিলে গাখীৰ ক্ষাৰকীয় হয় আৰু নষ্ট হোৱাৰ পৰা ৰক্ষা পায়।
  • (b) লেক্টিক এছিড বেকিং ছ’ডাৰ সৈতে প্ৰশমিত হয়, ফলত দৈত ৰূপান্তৰ হ’বলৈ বেছি সময় লাগে।

প্ৰশ্ন ৩১: প্লাষ্টাৰ অৱ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থ’ব লাগে কিয়? ব্যাখ্যা কৰা।
উত্তৰ:

  • জলীয় বাষ্পৰ সংস্পৰ্শত প্লাষ্টাৰ অৱ পেৰিছ জীপছামলৈ ৰূপান্তৰিত হয়।
  • ফলত ই কঠিন হৈ ব্যৱহাৰৰ অনুপযোগী হয়।

প্ৰশ্ন ৩২: প্ৰশমন বিক্ৰিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।
উত্তৰ:

  • প্ৰশমন বিক্ৰিয়া: এছিড আৰু ক্ষাৰৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয়।
  • উদাহৰণ:
  • HCl (aq) + NaOH (aq) → NaCl (aq) + H₂O (l)
  • 2NaOH (aq) + H₂SO₄ (aq) → Na₂SO₄ (aq) + 2H₂O (l)
  • কাপোৰ ধোৱা ছ’ডাৰ ব্যৱহাৰ:
  • গ্লাছ, চাবোন, কাগজ তৈয়াৰীত।
  • পানীৰ খৰতা আঁতৰোৱাত।
  • বেকিং ছ’ডাৰ ব্যৱহাৰ:
  • বেকাৰীত।
  • অগ্নি-নিৰ্বাপক যন্ত্ৰত।

প্ৰশ্ন ৩৩: এলকালি কাক বোলে?
উত্তৰ:

  • যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয়, তাক এলকালি বোলে।

প্ৰশ্ন ৩৪: এছিড কাক বোলে?
উত্তৰ:

  • জলীয় দ্ৰৱত আয়নিত হৈ H⁺ আয়ন মুক্ত কৰা পদাৰ্থক এছিড বোলে।

প্ৰশ্ন ৩৫: দুবিধ প্ৰাকৃতিক আৰু দুবিধ কৃত্ৰিম সূচকৰ নাম লিখা।
উত্তৰ:

  • প্ৰাকৃতিক সূচক: লিটমাছ, হালধী।
  • কৃত্ৰিম সূচক: মিথাইল অৰেঞ্জ, ফেন’লফথেলিন।

প্ৰশ্ন ৩৬: লিটমাছ দ্ৰৱ কি? প্ৰশম অৱস্থাত ইয়াৰ ৰং কেনেকুৱা?
উত্তৰ:

  • লিটমাছ হ’ল লাইকেন উদ্ভিদৰ পৰা নিষ্কাষিত ৰঞ্জক পদাৰ্থ।
  • প্ৰশম অৱস্থাত ইয়াৰ ৰং বেঙুনীয়া।

প্ৰশ্ন ৩৭: পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰা দুবিধ অক্সাইডৰ নাম লিখা।
উত্তৰ:

  • মেগনেছিয়াম অক্সাইড (MgO)
  • কেলছিয়াম অক্সাইড (CaO)

প্ৰশ্ন ৩৮: ক্ষাৰকৰ দুটা ধৰ্ম উল্লেখ কৰা।
উত্তৰ:

  • ক্ষাৰকৰ সোৱাদ তিতা বা কেহা।
  • ৰঙা লিটমাছ নীলা কৰে।

প্ৰশ্ন ৩৯: এছিড বৰষুণ কি?
উত্তৰ:

  • বৰষুণৰ পানীৰ pH ৫.৬তকৈ কম হ’লে তাক এছিড বৰষুণ বোলে।

প্ৰশ্ন ৪০: ব্লিচিং পাউদাৰ প্ৰস্তুতিত ঘটা বিক্ৰিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা।
উত্তৰ:

  • সমীকৰণ: Ca(OH)₂ + Cl₂ → CaOCl₂ + H₂O
  • ব্যৱহাৰ:
  • বস্ত্ৰ আৰু কাগজ শিল্পত বিৰঞ্জক হিচাপে।
  • খোৱাপানী বিশুদ্ধকৰণ আৰু বীজাণুনাশক হিচাপে।

প্ৰশ্ন ৪১: প্লাষ্টাৰ অৱ পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।
উত্তৰ:

  • প্লাষ্টাৰ অৱ পেৰিছ হ’ল কেলছিয়াম ছালফেট হেমিহাইড্ৰেট (CaSO₄·½H₂O)।
  • প্ৰস্তুতি: জীপছাম (CaSO₄·2H₂O)ক ১০০°Cত উত্তপ্ত কৰি।
  • ব্যৱহাৰ: ভগা হাড় জোৰা লগোৱাত।

প্ৰশ্ন ৪৩: pH কি?
উত্তৰ:

  • pH হ’ল এছিড আৰু ক্ষাৰৰ গাঢ়তা জোখাৰ স্কেল।

প্ৰশ্ন ৪৪: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ’ডিয়াম যৌগটোৰ নাম লিখা।
উত্তৰ:

  • ছ’ডিয়াম কার্বনেট (Na₂CO₃)

প্ৰশ্ন ৪৫: বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়? ৰাসায়নিক সমীকৰণ লিখা।
উত্তৰ:

  • ৰাসায়নিক নাম: ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট (NaHCO₃)
  • প্ৰস্তুতি: ছ’ডিয়াম ক্ল’ৰাইডক কেঁচামাল হিচাপে ব্যৱহাৰ কৰি।
  • সমীকৰণ: NaCl + H₂O + CO₂ + NH₃ → NH₄Cl + NaHCO₃

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5