SEBA Class 10 General Science Question Paper 2025 (With Answers)
SEBA দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান প্ৰশ্নকাকত ২০২৫ (উত্তৰসহ)
সম্পূৰ্ণ নম্বৰ: ৯০ Full Marks: 9সময়: ৩ ঘণ্টা Time: 3 hours
ক-শাখা (SECTION-A)
(শুদ্ধ উত্তৰটো বাছি উলিওৱা / Choose the correct answer)
১। ধাতুৰ বৈদ্যুতিক সামগ্ৰীসমূহ সাধাৰণতে ভূমি-সংযোগী তাঁৰেৰে সংযোগ কৰা হয়। তাঁৰডাল ভূমি-সংযোগী কৰাৰ কাৰণ কি?
1. Metallic electrical appliances are generally connected with an earthing wire. What is the reason for earthing the wire?
(a) অতিৰিক্ত বিদ্যুৎ প্ৰতিৰোধৰ বাবে / For extra electrical resistance
(b) বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে / To prevent electrical leakage
(c) সামগ্ৰীলৈ অতিৰিক্ত বিদ্যুৎ প্ৰবাহৰ বাধাৰ বাবে / To prevent excess current flow to the appliance
(d) সামগ্ৰীলৈ উচ্চ-ৰোধ প্ৰতিৰোধ কৰিবৰ বাবে / To provide high resistance to the appliance
উত্তৰ / Answer: (b) বিদ্যুৎ অৱক্ষয় ৰোধৰ বাবে। / To prevent electrical leakage.
২। বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক কি বোলা হয়?
2. What is the device that produces electric current called?
(a) মটৰ / Motor
(b) এমিটাৰ / Ammeter
(c) গেলভেন’মিটাৰ / Galvanometer
(d) জেনেৰেটৰ / Generator
উত্তৰ / Answer: (d) জেনেৰেটৰ। / Generator.
৩। চাৰিটা মাধ্যম P, Q, R, S ৰ ক্ষেত্ৰত প্ৰতিসৰাংক ক্ৰমে 1.23, 1.5, 1.25 আৰু 2। কোনটো মাধ্যমত পোহৰৰ দ্রুতি সৰ্বাধিক হ’ব?
3. The refractive indices of four media P, Q, R, and S are 1.23, 1.5, 1.25, and 2 respectively. In which medium will the speed of light be maximum?
(a) P
(b) Q
(c) R
(d) S
উত্তৰ / Answer: (a) P। (যি মাধ্যমৰ প্ৰতিসৰাংক আটাইতকৈ কম, সেই মাধ্যমত পোহৰৰ দ্ৰুতি সৰ্বাধিক হয়। / The medium with the lowest refractive index will have the maximum speed of light.)
৪। কোনটো বিকল্পই সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত বেলিটো ৰঙা পৰাৰ সমৰ্থন কৰে?
4. Which option supports the reddening of the sun during sunrise and sunset?
(a) ৰঙা ৰংটো বায়ুমণ্ডলে বহুত বেছি বিক্ষেপণ কৰে / The red color is scattered the most by the atmosphere
(b) সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব হ্ৰাস পায় / The distance between the sun and the earth decreases
(c) ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য বেছি, সেয়েহে ই অধিক দূৰত্বলৈ চালিত হয় / Red light has a longer wavelength, so it travels a longer distance
(d) বগা ৰংটো সাতটা ৰঙলৈ বিচ্ছুৰণ হৈ মাত্ৰ ৰঙা ৰংটো বায়ুমণ্ডলত প্ৰৱেশ কৰে / White light disperses into seven colors, and only red light enters the atmosphere
উত্তৰ / Answer: (c) ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য বেছি, সেয়েহে ই অধিক দূৰত্বলৈ চালিত হয়। / Red light has a longer wavelength, so it travels a longer distance.
৫। তলৰ কোনখিনি আৱৰ্জনাৰ গোটক জীৱ অনিম্নিকৰণ গোট হিচাপে ভাগ কৰিব পাৰি?
5. Which of the following groups of waste can be classified as a non-biodegradable group?
(a) উদ্ভিদৰ আৱৰ্জনা, ব্যৱহৃত চাহৰ সৰু বেগ (tea bag) / Plant waste, used tea bags
(b) পলিথিন বেগ, প্লাষ্টিকৰ পুতলা / Polythene bags, plastic toys
(c) ব্যৱহৃত চাহৰ সৰু বেগ (tea bag), কাগজৰ সৰু পাইপ / Used tea bags, paper straws
(d) পুৰণা কাপোৰ, ফটা-চিঙা জোতা-চেণ্ডেল / Old clothes, torn shoes-sandals
উত্তৰ / Answer: (b) পলিথিন বেগ, প্লাষ্টিকৰ পুতলা। / Polythene bags, plastic toys.
৬। তলৰ কোনটো প্ৰক্ৰিয়াই সৌৰশক্তিৰ দ্বাৰা প্ৰজ্জ্বলিত বৈদ্যুতিক চাকিৰ ব্যাখ্যা কৰে?
6. Which of the following processes explains an electric lamp powered by solar energy?
(a) বৈদ্যুতিক শক্তিৰ পৰা সৌৰশক্তিৰ ৰূপান্তৰ / Conversion of electrical energy to solar energy
(b) সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ / Conversion of solar energy to electrical energy
(c) সৌৰশক্তিৰ পৰা গতিশক্তিৰ ৰূপান্তৰ / Conversion of solar energy to kinetic energy
(d) গতিশক্তিৰ পৰা সৌৰশক্তিৰ ৰূপান্তৰ / Conversion of kinetic energy to solar energy
উত্তৰ / Answer: (b) সৌৰশক্তিৰ পৰা বৈদ্যুতিক শক্তিৰ ৰূপান্তৰ। / Conversion of solar energy to electrical energy.
৭। অৱতল লেন্ছ এখনৰ ফ‘কাছ দৈৰ্ঘ্য 20 cm। লেন্ছখনৰ ক্ষমতা কিমান?
7. The focal length of a concave lens is 20 cm. What is the power of the lens?
(a) -5 ডায়’প্টাৰ / -5 Dioptre
(b) -0.05 ডায়’প্টাৰ / -0.05 Dioptre
(c) +0.05 ডায়’প্টাৰ / +0.05 Dioptre
(d) +5 ডায়’প্টাৰ / +5 Dioptre
উত্তৰ / Answer: (a) -5 ডায়’প্টাৰ। / -5 Dioptre. (ক্ষমতা P = 1/f (মিটাৰত)। f = -20 cm = -0.2 m। P = 1 / (-0.2) = -5 D)
৮। এটা বৈদ্যুতিক বাল্ব 200 V ৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে। প্ৰবাহৰ মান 0.4 A। বাল্বটোৰ ক্ষমতা কি হ‘ব?
8. An electric bulb is connected to a 200 V generator. The current is 0.4 A. What will be the power of the bulb?
(a) 100 W
(b) 90 W
(c) 80 W
(d) 110 W
উত্তৰ / Answer: (c) 80 W। (ক্ষমতা P = V × I = 200 V × 0.4 A = 80 W)
৯। তলত দিয়া উক্তিসমূহৰ পৰা শুদ্ধ উক্তিখিনি উলিওৱা।
9. Find the correct statement from the following.
(a) অ’জ’নক এক বিষাক্ত আৰু মাৰাত্মক গেছ হিচাপে ধৰা নহয়। / Ozone is not considered a toxic and deadly gas.
(b) তিনিটা অক্সিজেনৰ পৰমাণুৱে অ’জ’নৰ এটা অণু গঠন কৰে। / Three atoms of oxygen form one molecule of ozone.
(c) ছালৰ কৰ্কট ৰোগৰ কাৰণ হ’ল অ’জ’ন। / Ozone is the cause of skin cancer.
(d) অক্সিজেন আৰু অ’জ’ন উভয়ে শ্বাস-প্ৰশ্বাসত ব্যৱহৃত হয়। / Both oxygen and ozone are used in respiration.
উত্তৰ / Answer: (b) তিনিটা অক্সিজেনৰ পৰমাণুৱে অ’জ’নৰ এটা অণু গঠন কৰে। / Three atoms of oxygen form one molecule of ozone.
১০। তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয়?
10. Which of the following is not based on solar energy?
(a) বায়ু শক্তি / Wind energy
(b) নিউক্লীয় শক্তি / Nuclear energy
(c) ভূ-তাপীয় শক্তি / Geothermal energy
(d) জৈৱ গেছ / Biogas
উত্তৰ / Answer: (b) নিউক্লীয় শক্তি। / Nuclear energy.
১১। তলৰ কোনটোৱে নদীবান্ধৰ ব্যৱহাৰক ব্যাখ্যা কৰে?
11. Which of the following explains the use of river dams?
(a) ভূগৰ্ভস্থ পানী পুনৰ পূৰণ কৰিবলৈ / To replenish groundwater
(b) জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ / To provide irrigation and generate electricity
(c) পাহাৰীয়া অঞ্চলত স্থিৰ গতিত পানীৰ যোগান ধৰিবলৈ / To supply water at a steady rate in hilly areas
(d) বনাঞ্চল সংৰক্ষণত পানীৰ যোগান ধৰিবলৈ / To supply water for forest conservation
উত্তৰ / Answer: (b) জলসিঞ্চনৰ ব্যৱস্থা কৰা আৰু বিদ্যুৎ উৎপাদন কৰিবলৈ। / To provide irrigation and generate electricity.
১২। এডাল ধাতুৰ দণ্ড PQ এখন চৌম্বক ক্ষেত্ৰত ৰখা হৈছে। দণ্ডডালৰ দুই মেৰু এটা বেটাৰীৰ সৈতে সংযোগ কৰা হৈছে। দণ্ডডাল কোন দিশে ঘূৰিব?
12. A metal rod PQ is placed in a magnetic field. The two ends of the rod are connected to a battery. In which direction will the rod move?
(a) ওপৰ দিশে / Upwards
(b) তলৰ দিশে / Downwards
(c) ক্ষেত্ৰৰ ভিতৰলৈ / Into the field
(d) ক্ষেত্ৰৰ বাহিৰলৈ / Out of the field
উত্তৰ / Answer: (a) ওপৰ দিশে। / Upwards. (ফ্লেমিঙৰ বাওঁহাতৰ নিয়ম অনুসৰি / According to Fleming’s left-hand rule)
১৩। চলেনইড এটাৰ চৌম্বক বলৰেখা দণ্ড চুম্বক এডালৰ চৌম্বক বলৰেখাৰ লগত একে। কোনটো চিত্ৰই চলেনইড এটাক এডাল দণ্ড চুম্বকেৰে সূচাব?
13. The magnetic field lines of a solenoid are similar to those of a bar magnet. Which figure represents a solenoid as a bar magnet?
(a) [চিত্ৰ a]
(b) [চিত্ৰ b]
(c) [চিত্ৰ c]
(d) [চিত্ৰ d]
উত্তৰ / Answer: (a) [চিত্ৰ a]। (যিটো চিত্ৰত বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমোৱা দেখুওৱা হৈছে। / The figure where field lines emerge from the North pole and enter the South pole.)
১৪। তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নিদিয়ে?
14. Which of the following expressions does not represent electrical power?
(a) I²R
(b) V²/R
(c) VI
(d) IR²
উত্তৰ / Answer: (d) IR²।
১৫। পাইৰুভেট অণু ভাঙি কাৰ্বন ডাইঅক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক’ত সম্পাদিত হয়?
15. Where does the reaction of breaking down pyruvate to produce carbon dioxide, water, and energy take place?
(a) চাইট’প্লাজমত / In the cytoplasm
(b) মাইট’কণ্ড্ৰিয়াত / In the mitochondria
(c) ক্ল’ৰ’প্লাষ্টত / In the chloroplast
(d) কোষকেন্দ্ৰত / In the nucleus
উত্তৰ / Answer: (b) মাইট’কণ্ড্ৰিয়াত। / In the mitochondria.
১৬। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ?
16. Which of the following is a plant hormone?
(a) ইনচুলিন / Insulin
(b) চাইট’কাইনিন / Cytokinin
(c) থাইৰ’ক্সিন / Thyroxine
(d) অ’ৱেষ্ট্ৰোজেন / Oestrogen
উত্তৰ / Answer: (b) চাইট’কাইনিন। / Cytokinin.
১৭। অযৌন প্ৰজননৰ মুকুলোদ্গম ক‘ত সংঘটিত হয়?
17. In which organism does budding, a form of asexual reproduction, occur?
(a) ইষ্টত / In Yeast
(b) এমিবাত / In Amoeba
(c) লেইচ্মেনিয়াত / In Leishmania
(d) প্লাজম’ডিয়ামত / In Plasmodium
উত্তৰ / Answer: (a) ইষ্টত। / In Yeast.
১৮। সমসংস্থ অংগৰ উদাহৰণবোৰ হ‘ল –
18. The examples of homologous organs are –
(a) আলু আৰু ঘাঁহৰ শিপা / Potato and runners of grass
(b) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং / Our arm and a dog’s foreleg
(c) আমাৰ দাঁত আৰু হাতীৰ দাঁত / Our teeth and an elephant’s tusk
(d) ওপৰৰ আটাইকেইটা / All of the above
উত্তৰ / Answer: (b) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং। / Our arm and a dog’s foreleg.
১৯। বিৱৰ্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত?
19. Which of the following is generally associated with evolution?
(a) এজন চীনা স্কুলীয়া ছাত্ৰ / A Chinese schoolboy
(b) এটা মকৰা / A spider
(c) এটা চিম্পাঞ্জী / A chimpanzee
(d) এটা বেক্টেৰিয়া / A bacterium
উত্তৰ / Answer: (c) এটা চিম্পাঞ্জী। / A chimpanzee. (মানুহৰ সৈতে জিনীয় সাদৃশ্যৰ বাবে / Due to genetic similarity with humans)
২০। মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ?
20. The kidneys in human beings are a part of which system?
(a) ৰেচন / Excretion
(b) পৰিবহণ / Transportation
(c) পৰিপুষ্টি / Nutrition
(d) শ্বসন / Respiration
উত্তৰ / Answer: (a) ৰেচন। / Excretion.
২১। আমাৰ জিনীয় সাঁচৰ পৰা আমি আভাস পাওঁ –
21. Our genetic footprint gives us a hint of –
(a) এছিয়া মূলৰ / Asian origin
(b) আফ্ৰিকান মূলৰ / African origin
(c) ইউৰোপিয়ান মূলৰ / European origin
(d) আমেৰিকান মূলৰ / American origin
উত্তৰ / Answer: (b) আফ্ৰিকান মূলৰ। / African origin.
২২। নিষেচন নহ‘লে ডিম্বকোষটোৰ কি হয়?
22. What happens to the egg cell if it is not fertilized?
(a) তৎক্ষণাৎ মৰি যায় / It dies immediately
(b) প্ৰায় এদিন জীৱিত অৱস্থাত থাকে / It lives for about one day
(c) প্ৰায় এসপ্তাহ জীৱিত অৱস্থাত থাকে / It lives for about one week
(d) ওপৰৰ আটাইকেইটা / All of the above
উত্তৰ / Answer: (b) প্ৰায় এদিন জীৱিত অৱস্থাত থাকে। / It lives for about one day.
২৩। মানুহৰ ক্ষেত্ৰত সাধাৰণ চিষ্ট‘লিক চাপৰ মাত্ৰা প্ৰায় –
23. The normal systolic pressure in humans is about –
(a) 120 mm of Hg
(b) 100 mm of Hg
(c) 90 mm of Hg
(d) 105 mm of Hg
উত্তৰ / Answer: (a) 120 mm of Hg।
২৪। বাদুলী আৰু চৰাইৰ ডেউকা হ‘ল –
24. The wings of a bat and a bird are –
(a) সমসংস্থ অংগ / Homologous organs
(b) সমবৃত্তিক অংগ / Analogous organs
(c) অমেৰুদণ্ডী / Invertebrate
(d) হৰম’ন / Hormone
উত্তৰ / Answer: (b) সমবৃত্তিক অংগ। / Analogous organs.
২৫। তলৰ কোন প্ৰজাতিৰ জীৱৰ দেহৰ গঠন বিৱৰ্তনৰ দিশত উচ্চস্তৰৰ?
25. Which of the following species has a body design that is evolutionarily advanced?
(a) বেক্টেৰিয়াৰ / Of bacteria
(b) মকৰাৰ / Of a spider
(c) মাছৰ / Of a fish
(d) চিম্পাঞ্জীৰ / Of a chimpanzee
উত্তৰ / Answer: (d) চিম্পাঞ্জীৰ। / Of a chimpanzee.
২৬। জবা, সৰিয়হ, আদি, ফুলবোৰত পুংকেশৰ আৰু স্ত্রীকেশৰ দুয়োটা অংগই থাকে, সেয়েহে এইবোৰ –
26. Flowers like hibiscus, mustard, etc., possess both stamens and pistils, therefore they are –
(a) একলিংগী / Unisexual
(b) উভয়লিংগী / Bisexual
(c) জোৰা কলম / Grafting
(d) বিভংগন / Fission
উত্তৰ / Answer: (b) উভয়লিংগী। / Bisexual.
২৭। Fe₂O₃ + 2Al → Al₂O₃ + 2Fe – এই বিক্ৰিয়াটো কোন প্ৰকাৰৰ বিক্ৰিয়াৰ এটা উদাহৰণ?
27. Fe₂O₃ + 2Al → Al₂O₃ + 2Fe – This reaction is an example of which type of reaction?
(a) অপসৰণ বিক্ৰিয়া / Displacement reaction
(b) সংযোজন বিক্ৰিয়া / Combination reaction
(c) বিযোজন বিক্ৰিয়া / Decomposition reaction
(d) দ্বি-অপসৰণ বিক্ৰিয়া / Double displacement reaction
উত্তৰ / Answer: (a) অপসৰণ বিক্ৰিয়া। / Displacement reaction.
২৮। তলৰ কোনটো যৌগক ছ’ডা-এছিড অগ্নি নিৰ্বাপণ যন্ত্ৰত ব্যৱহাৰ কৰা হয়?
28. Which of the following compounds is used in soda-acid fire extinguishers?
(a) NH₄Cl
(b) Na₂CO₃
(c) NaCl
(d) NaHCO₃
উত্তৰ / Answer: (d) NaHCO₃ (ছ’ডিয়াম হাইড্ৰ’জেন কাৰ্বনেট / Sodium Hydrogen Carbonate)।
২৯। ৰাসায়নিক বিক্ৰিয়া নঘটে –
29. A chemical reaction does not occur in –
(a) মমবাতি জ্বলাত / Burning of a candle
(b) মমবাতি গলাত / Melting of a candle
(c) খাদ্য হজম হোৱাত / Digestion of food
(d) শ্বসনত / Respiration
উত্তৰ / Answer: (b) মমবাতি গলাত। / Melting of a candle. (ই এক ভৌতিক পৰিৱৰ্তন / It is a physical change)
৩০। এটা প্ৰশম দ্ৰৱৰ pH ৰ মান হ’ব –
30. The pH value of a neutral solution will be –
(a) 5
(b) 6
(c) 7
(d) 8
উত্তৰ / Answer: (c) 7।
৩১। যেতিয়া লঘু ছালফিউৰিক এছিড এটা গোটা X ৰ লগত মিহলোৱা হয়, এটা গেছ Y, গোটাটোৰ লৱণ গঠনৰ লগত উৎপন্ন হয়। এনেক্ষেত্ৰত X আৰু Y ক কি বুলি বিবেচনা কৰা হ’ব?
31. When dilute sulphuric acid is added to a solid X, a gas Y is produced along with the formation of a salt of the solid. In this case, what would X and Y be considered?
(a) X: হাইড্ৰ’ক্ল’ৰিক এছিড; Y: হাইড্ৰ’জেন / X: Hydrochloric acid; Y: Hydrogen
(b) X: ছ’ডিয়াম হাইড্ৰ’ক্সাইড; Y: হাইড্ৰ’জেন / X: Sodium hydroxide; Y: Hydrogen
(c) X: হাইড্ৰ’ক্ল’ৰিক এছিড; Y: কাৰ্বন ডাইঅক্সাইড / X: Hydrochloric acid; Y: Carbon dioxide
(d) X: ছ’ডিয়াম কাৰ্বনেট; Y: কাৰ্বন ডাইঅক্সাইড / X: Sodium Carbonate; Y: Carbon dioxide
উত্তৰ / Answer: (d) X: ছ’ডিয়াম কাৰ্বনেট; Y: কাৰ্বন ডাইঅক্সাইড। / X: Sodium Carbonate; Y: Carbon dioxide.
৩২। বেকিং ছ‘ডাৰ পৰা ছ’ডিয়াম কাৰ্বনেট কেনেকৈ পাব পাৰি?
32. How can sodium carbonate be obtained from baking soda?
(a) বেকিং ছ’ডাক গৰম কৰি / By heating baking soda
(b) বেকিং ছ’ডাত পানী মিহলাই / By adding water to baking soda
(c) বেকিং ছ’ডাক এছিডৰ লগত বিক্ৰিয়া কৰি / By reacting baking soda with acid
(d) বেকিং ছ’ডাক ক্ষাৰৰ লগত বিক্ৰিয়া কৰি / By reacting baking soda with a base
উত্তৰ / Answer: (a) বেকিং ছ’ডাক গৰম কৰি। / By heating baking soda.
৩৩। 4Fe(s) + 3O₂(g) → ? তলৰ কোনটো বিকল্পই ৰাসায়নিক বিক্ৰিয়াটোৰ সময়ত হোৱা উৎপাদিত যৌগক সূচাব?
33. 4Fe(s) + 3O₂(g) → ? Which of the following options indicates the product formed during the chemical reaction?
(a) 4FeO₃(s)
(b) 12FeO(s)
(c) 3Fe₄O₂(s)
(d) 2Fe₂O₃(s)
উত্তৰ / Answer: (d) 2Fe₂O₃(s) (ফেৰিক অক্সাইড / Ferric oxide)।
৩৪। চোৰাত পাতত থকা শুং দুৰ্ঘটনাবশতঃ বিন্ধিলে কষ্টকৰ বিষ-বেদনা হয়। ইয়াৰ কাৰণ হ‘ল শুংবোৰৰ পৰা নিঃসৃত হোৱা –
34. Accidental stinging by nettle leaves causes painful stinging. This is due to the secretion of –
(a) হাইড্ৰ’ক্ল’ৰিক এছিড / Hydrochloric acid
(b) মেথানয়িক এছিড / Methanoic acid
(c) লেক্টিক এছিড / Lactic acid
(d) ছাইট্ৰিক এছিড / Citric acid
উত্তৰ / Answer: (b) মেথানয়িক এছিড। / Methanoic acid.
৩৫। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, ইয়াৰ কাৰণ –
35. Food cans are coated with tin and not with zinc because –
(a) জিংক টিনতকৈ অধিক সক্ৰিয় / Zinc is more reactive than tin
(b) জিংক টিনতকৈ কম সক্ৰিয় / Zinc is less reactive than tin
(c) টিনতকৈ জিংক দামী / Zinc is costlier than tin
(d) জিংকৰ গলনাংক টিনতকৈ বেছি / The melting point of zinc is higher than tin
উত্তৰ / Answer: (a) জিংক টিনতকৈ অধিক সক্ৰিয়। / Zinc is more reactive than tin.
৩৬। 24 কেৰেট বিশুদ্ধ সোণ বৰ কোমল। ইয়াক টান কৰিবলৈ (22 কেৰেট সোণ) 2 ভাগ _ সংকৰিত কৰা হয়।
36. 24-carat pure gold is very soft. To make it hard (22-carat gold), 2 parts of _ are alloyed.
(a) ছিলভাৰ বা কপাৰ দি / With silver or copper
(b) কপাৰ বা টিন দি / With copper or tin
(c) ছিলভাৰ বা জিংক দি / With silver or zinc
(d) কপাৰ বা এলুমিনিয়াম দি / With copper or aluminium
উত্তৰ / Answer: (a) ছিলভাৰ বা কপাৰ দি। / With silver or copper.
৩৭। লঘু এছিডৰ পৰা অধাতুৱে হাইড্ৰ‘জেন প্ৰতিষ্ঠাপিত কৰিব নোৱাৰে। ইহঁতে হাইড্ৰ’জেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে?
37. Non-metals cannot displace hydrogen from dilute acids. What do they produce by reacting with hydrogen?
(a) অক্সাইড / Oxides
(b) হাইড্ৰাইড / Hydrides
(c) কাৰ্বনেট / Carbonates
(d) পানী / Water
উত্তৰ / Answer: (b) হাইড্ৰাইড। / Hydrides.
৩৮। ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক‘লা পৰে, কিয়নো –
38. The bottom of the cooking vessel gets blackened on the outside during cooking because –
(a) ইন্ধনটো সিক্ত / The fuel is wet
(b) খাদ্য ভালদৰে নিসিজিল / The food is not cooked properly
(c) ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয় / The fuel is not burning completely
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় / The fuel is burning completely
উত্তৰ / Answer: (c) ইন্ধনটো সম্পূৰ্ণৰূপে দহন নহয়। / The fuel is not burning completely.
৩৯। পৰ্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধৰ্মী হ‘ব বুলি অনুমান কৰিব পাৰি? (Ga, Ge, As, Se)
39. Considering their position in the periodic table, which of the following elements can be predicted to be the most metallic? (Ga, Ge, As, Se)
(a) Ga
(b) Ge
(c) As
(d) Se
উত্তৰ / Answer: (a) Ga (গেলিয়াম / Gallium)।
৪০। ব‘ৰণ এটা অধাতু আৰু ইয়াৰ স্থান বৰ্গ-13 আৰু পৰ্যায়-2। তেন্তে ব’ৰণে কেনেকৈ বেলেগ মৌলৰ সৈতে বান্ধনি গঠন কৰে?
40. Boron is a non-metal and is placed in group-13 and period-2. Then how does boron form bonds with other elements?
(a) 5টা ইলেকট্ৰনৰ ভাগ-বতৰা কৰি / By sharing 5 electrons
(b) 3টা ইলেকট্ৰনৰ ভাগ-বতৰা কৰি / By sharing 3 electrons
(c) 2টা ইলেকট্ৰনৰ ভাগ-বতৰা কৰি / By sharing 2 electrons
(d) 1টা ইলেকট্ৰনৰ ভাগ-বতৰা কৰি / By sharing 1 electron
উত্তৰ / Answer: (b) 3টা ইলেকট্ৰনৰ ভাগ-বতৰা কৰি। / By sharing 3 electrons.
৪১। আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়ৰ দিশে যোজ্যতাৰ প্ৰৱণতা কি?
41. What is the trend of valency across a period in the modern periodic table?
(a) ই বাওঁফালৰ পৰা সোঁফাললৈ বাঢ়িব / It increases from left to right
(b) ই সোঁফালৰ পৰা বাওঁফাললৈ কমিব / It decreases from right to left
(c) ই বাঢ়িব আৰু পিছত কমিব / It increases and then decreases
(d) ই কমিব আৰু পিছত বাঢ়িব / It decreases and then increases
উত্তৰ / Answer: (c) ই বাঢ়িব আৰু পিছত কমিব। / It increases and then decreases.
৪২। এজন ছাত্ৰই 10 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণেৰে এটা অনুশীলন কৰিছে। তেওঁ এটা লক্ষ্যবস্তু দাপোণখনৰ পৰা 15 cm দূৰত্বত ৰাখিলে, প্ৰতিবিম্ব ক’ত গঠন হ’ব পাৰে?
42. A student is performing an experiment with a concave mirror of focal length 10 cm. If he places an object at a distance of 15 cm from the mirror, where is the image likely to be formed?
(a) দাপোণৰ পিছফালৰ 6 cm দূৰত্বত / At 6 cm behind the mirror
(b) দাপোণৰ পিছফালৰ 30 cm দূৰত্বত / At 30 cm behind the mirror
(c) দাপোণৰ সন্মুখৰ 6 cm দূৰত্বত / At 6 cm in front of the mirror
(d) দাপোণৰ সন্মুখৰ 30 cm দূৰত্বত / At 30 cm in front of the mirror
উত্তৰ / Answer: (d) দাপোণৰ সন্মুখৰ 30 cm দূৰত্বত। / At 30 cm in front of the mirror. (দাপোণৰ সূত্ৰ 1/v + 1/u = 1/f ব্যৱহাৰ কৰি / Using the mirror formula 1/v + 1/u = 1/f)
৪৩। এজন লোকৰ স্বাস্থ্য পৰীক্ষাৰ সময়ত গম পোৱা গ‘ল যে তেওঁৰ চকুৰ লেন্সৰ ভাঁজ ব্যাসাৰ্ধ প্ৰসাৰিত হৈছে। চকুৰ বিকাৰ হ’ব –
43. During a health check-up, it was found that the curvature of a person’s eye lens has increased. The eye defect will be –
(a) মায়’পিয়া / Myopia
(b) কেটেৰেক্ট / Cataract
(c) প্ৰেছবায়’পিয়া / Presbyopia
(d) হাইপাৰমেট্ৰ’পিয়া / Hypermetropia
উত্তৰ / Answer: (a) মায়’পিয়া। / Myopia.
৪৪। এজন লোকে এটা বস্তু 2 m ৰ দূৰত্বৰ ওপৰত ৰাখিলে ভালদৰে দেখা নাপায়। চকুৰ এই বিকাৰ নাইকিয়া কৰিবৰ বাবে কিমান ক্ষমতাৰ লেন্স ব্যৱহাৰ কৰিব লাগিব?
44. A person cannot see an object clearly when placed beyond 2 m. What power of lens should be used to correct this eye defect?
(a) – 0.5 D
(b) + 0.5 D
(c) – 0.2 D
(d) + 0.2 D
উত্তৰ / Answer: (a) – 0.5 D। (ব্যক্তিজন মায়’পিয়াত ভুগিছে। দূৰ বিন্দু = 2 m। f = -2 m। P = 1/f = 1/(-2) = -0.5 D)
৪৫। ওমৰ সূত্ৰ (V=IR) অধ্যয়ন কৰি প্ৰস্তুত কৰা তালিকাখনত X আৰু Y ৰ মান ক্ৰমে কি হ’ব?
45. What will be the values of X and Y respectively in the table prepared by studying Ohm’s law (V=IR)?
| V (in volt) | 0.4 | 0.8 | 1.2 | Y |
| I (in ampere) | 0.1 | 0.2 | X | 0.5 |
(a) 0.3 আৰু 2 / 0.3 and 2
(b) 0.1 আৰু 0.4 / 0.1 and 0.4
(c) 0.3 আৰু 1.6 / 0.3 and 1.6
(d) 0.4 আৰু 1.8 / 0.4 and 1.8
উত্তৰ / Answer: শুদ্ধ উত্তৰটো হ’ব X = 0.3 আৰু Y = 2.0, যিটো বিকল্পত নাই। / The correct answer is X = 0.3 and Y = 2.0, which is not in the options. (R = V/I = 0.4/0.1 = 4 Ω। X = 1.2/4 = 0.3। Y = 0.5 * 4 = 2.0)
খ-শাখা (SECTION-B)
৪৬। তলৰ বিক্ৰিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। (১+১=২)
46. Identify the substances that are oxidized and reduced in the following reactions. (1+1=2)
(a) 4Na(s) + O₂(g) → 2Na₂O(s)
(b) CuO(s) + H₂(g) → Cu(s) + H₂O(l)
উত্তৰ / Answer:
(a)
- জাৰিত পদাৰ্থ (Substance oxidized): Na (ছ’ডিয়াম / Sodium)
- বিজাৰিত পদাৰ্থ (Substance reduced): O₂ (অক্সিজেন / Oxygen)
(b) - জাৰিত পদাৰ্থ (Substance oxidized): H₂ (হাইড্ৰ’জেন / Hydrogen)
- বিজাৰিত পদাৰ্থ (Substance reduced): CuO (কপাৰ অক্সাইড / Copper oxide)
৪৭। তলৰ ৰাসায়নিক সমীকৰণসমূহ সমতুলন কৰা। (১+১+১=৩)
47. Balance the following chemical equations. (1+1+1=3)
(a) BaCl₂ + H₂SO₄ → BaSO₄ + HCl
(b) NaCl + AgNO₃ → AgCl + NaNO₃
(c) HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + H₂O
উত্তৰ / Answer:
(a) BaCl₂ + H₂SO₄ → BaSO₄ + 2HCl
(b) NaCl + AgNO₃ → AgCl + NaNO₃ (এই সমীকৰণটো ইতিমধ্যে সমতুলিত / This equation is already balanced)
(c) 2HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + 2H₂O
৪৮। (a) হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব যেতিয়া এটা এছিডৰ দ্ৰৱ লঘুকৃত কৰা হ’ব আৰু (b) হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিৱৰ্তিত হ’ব যেতিয়া ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱত অধিক ক্ষাৰ দ্ৰৱীভূত কৰা হ’ব? (১+১=২)
48. (a) How will the concentration of hydronium ions (H₃O⁺) change when a solution of an acid is diluted, and (b) how will the concentration of hydroxide ions (OH⁻) change when more base is dissolved in a solution of sodium hydroxide? (1+1=2)
উত্তৰ / Answer:
(a) যেতিয়া এটা এছিডৰ দ্ৰৱ লঘুকৃত কৰা হয় (অৰ্থাৎ পানী যোগ কৰা হয়), দ্ৰৱৰ একক আয়তনত হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ সংখ্যা কমি যায়। সেয়েহে, H₃O⁺ আয়নৰ গাঢ়তা হ্ৰাস পাব।
When a solution of an acid is diluted (i.e., water is added), the number of hydronium ions (H₃O⁺) per unit volume of the solution decreases. Therefore, the concentration of H₃O⁺ ions will decrease.
(b) যেতিয়া ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱত অধিক ক্ষাৰ দ্ৰৱীভূত কৰা হয়, দ্ৰৱত হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ পৰিমাণ বৃদ্ধি পায়। সেয়েহে, OH⁻ আয়নৰ গাঢ়তা বৃদ্ধি পাব।
When more base is dissolved in a solution of sodium hydroxide, the amount of hydroxide ions (OH⁻) in the solution increases. Therefore, the concentration of OH⁻ ions will increase.
৪৯। কেঁচা গাখীৰৰ pH ৰ মান 6; ই দৈ-ত পৰিণত হ’লে pH কেনেকৈ সলনি হ’ব, ব্যাখ্যা কৰা। (২)
49. The pH of fresh milk is 6; how will the pH change when it turns into curd? Explain. (2)
উত্তৰ / Answer: কেঁচা গাখীৰৰ pH ৰ মান 6, অৰ্থাৎ ই সামান্য আম্লিক। যেতিয়া গাখীৰ দৈ-লৈ ৰূপান্তৰিত হয়, তেতিয়া গাখীৰত থকা লেক্ট’জ শৰ্কৰা লেক্ট’বেচিলাছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা কিন্বন (fermentation) প্ৰক্ৰিয়াৰে লেক্টিক এচিডলৈ পৰিৱৰ্তিত হয়। এই এচিড গঠন হোৱাৰ ফলত দ্ৰৱটোৰ আম্লিকতা বৃদ্ধি পায়। সেয়েহে, দৈ-ত পৰিণত হ’লে গাখীৰৰ pH ৰ মান 6 তকৈ কমি যাব।
The pH of fresh milk is 6, meaning it is slightly acidic. When milk turns into curd, the lactose sugar present in the milk is converted into lactic acid by the process of fermentation by bacteria called Lactobacillus. Due to the formation of this acid, the acidity of the solution increases. Therefore, when it turns into curd, the pH of the milk will decrease to a value less than 6.
৫০। প্ৰশমন বিক্ৰিয়া কি? ইয়াৰ দুটা উদাহৰণ দিয়া। (১+২=৩)
50. What is a neutralization reaction? Give two examples. (1+2=3)
উত্তৰ / Answer:
প্ৰশমন বিক্ৰিয়া (Neutralization Reaction): যি ৰাসায়নিক বিক্ৰিয়াত এছিড আৰু ক্ষাৰে পৰস্পৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সেই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বোলা হয়।
The chemical reaction in which an acid and a base react with each other to produce salt and water is called a neutralization reaction.
উদাহৰণ (Examples):
- হাইড্ৰ’ক্ল’ৰিক এছিড (HCl) আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইড (NaOH) ৰ বিক্ৰিয়া:
Reaction of Hydrochloric acid (HCl) and Sodium hydroxide (NaOH):
HCl (এছিড/Acid) + NaOH (ক্ষাৰ/Base) → NaCl (লৱণ/Salt) + H₂O (পানী/Water) - ছালফিউৰিক এছিড (H₂SO₄) আৰু পটাছিয়াম হাইড্ৰ’ক্সাইড (KOH) ৰ বিক্ৰিয়া:
Reaction of Sulphuric acid (H₂SO₄) and Potassium hydroxide (KOH):
H₂SO₄ (এছিড/Acid) + 2KOH (ক্ষাৰ/Base) → K₂SO₄ (লৱণ/Salt) + 2H₂O (পানী/Water)
৫১। ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na₂O আৰু MgO ৰ গঠন লিখা। (১+১=২)
51. Write the formation of Na₂O and MgO by the transfer of electrons. (1+1=2)
উত্তৰ / Answer:
- Na₂O ৰ গঠন (Formation of Na₂O):
দুটা ছ’ডিয়াম (Na) পৰমাণুৱে এটাকৈ ইলেক্ট্ৰন (e⁻) ত্যাগ কৰি দুটা Na⁺ আয়ন গঠন কৰে। অক্সিজেন (O) পৰমাণুৱে সেই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি O²⁻ আয়ন গঠন কৰে। এইদৰে Na₂O গঠিত হয়।
Two sodium (Na) atoms lose one electron (e⁻) each to form two Na⁺ ions. An oxygen (O) atom gains those two electrons to form an O²⁻ ion. Thus, Na₂O is formed.
2Na → 2Na⁺ + 2e⁻
O + 2e⁻ → O²⁻
2Na⁺ + O²⁻ → Na₂O - MgO ৰ গঠন (Formation of MgO):
মেগনেছিয়াম (Mg) পৰমাণুৱে দুটা ইলেক্ট্ৰন (e⁻) ত্যাগ কৰি Mg²⁺ আয়ন গঠন কৰে। অক্সিজেন (O) পৰমাণুৱে সেই দুটা ইলেক্ট্ৰন গ্ৰহণ কৰি O²⁻ আয়ন গঠন কৰে। এইদৰে MgO গঠিত হয়।
A magnesium (Mg) atom loses two electrons (e⁻) to form an Mg²⁺ ion. An oxygen (O) atom gains those two electrons to form an O²⁻ ion. Thus, MgO is formed.
Mg → Mg²⁺ + 2e⁻
O + 2e⁻ → O²⁻
Mg²⁺ + O²⁻ → MgO
৫২। চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা? (২)
52. What is meant by the power of accommodation of the eye? (2)
উত্তৰ / Answer: চকুৰ ছিলেৰী পেশীৰ সহায়ত চকুৰ লেন্সখনে নিজৰ ফ’কাছ দৈৰ্ঘ্য সলনি কৰিব পৰা ক্ষমতাকে চকুৰ উপযোজন ক্ষমতা বোলা হয়। এই ক্ষমতাৰ বাবেই আমি ওচৰৰ আৰু দূৰৰ বস্তু স্পষ্টকৈ দেখিবলৈ পাওঁ।
The ability of the eye lens to adjust its focal length with the help of ciliary muscles is called the power of accommodation. Due to this ability, we can see nearby and distant objects clearly.
৫৩। প্ৰত্যক্ষ প্ৰবাহৰ দুটা উৎসৰ নাম লিখা। (২)
53. Name two sources of direct current. (2)
উত্তৰ / Answer: প্ৰত্যক্ষ প্ৰবাহৰ (Direct Current, DC) দুটা উৎস হ’ল:
Two sources of direct current (DC) are:
- বৈদ্যুতিক কোষ বা বেটাৰী (যেনে- টৰ্চ লাইটত ব্যৱহৃত বেটাৰী) / Electric cell or battery (e.g., battery used in a flashlight)
- ডি.চি. জেনেৰেটৰ (DC Generator)
৫৪। তুমি নৱীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তোমাৰ পছন্দৰ এটা কাৰণ দৰ্শোৱা। (২)
54. Name two sources of energy that you would consider to be renewable. Give a reason for your choice. (2)
উত্তৰ / Answer: নৱীকৰণযোগ্য শক্তিৰ দুটা উৎস হ’ল:
Two sources of renewable energy are:
- সৌৰ শক্তি (Solar Energy): ই এক অফুৰন্ত শক্তিৰ উৎস আৰু ই পৰিৱেশ প্ৰদূষণ নকৰে। / It is an inexhaustible source of energy and it does not pollute the environment.
- বায়ু শক্তি (Wind Energy): বায়ু প্ৰবাহ প্ৰাকৃতিকভাৱে অবিৰতভাৱে চলি থাকে আৰু ইয়াৰ পৰা শক্তি উৎপাদন কৰিলে কোনো ধৰণৰ প্ৰদূষণ নহয়। / Wind flow is naturally continuous, and generating energy from it does not cause any pollution.
৫৫। এজন ছাত্ৰ শেষৰ বেঞ্চত বহিলে ব‘ৰ্ডখন দেখাত অসুবিধা পায়। ছাত্ৰজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? (১+১=২)
55. A student has difficulty seeing the blackboard while sitting on the last bench. What could be the defect the student is suffering from? How can it be corrected? (1+1=2)
উত্তৰ / Answer:
- বিকাৰ (Defect): ছাত্ৰজন মায়‘পিয়া (Myopia) বা হ্ৰস্ব-দৃষ্টি বিকাৰত ভুগিছে। এই বিকাৰত ওচৰৰ বস্তু স্পষ্টকৈ দেখিলেও দূৰৰ বস্তু অস্পষ্ট দেখা যায়।
The student is suffering from Myopia or near-sightedness. In this defect, a person can see nearby objects clearly but finds it difficult to see distant objects. - সংশোধন (Correction): উপযুক্ত ক্ষমতাৰ অৱতল লেন্স (Concave lens) যুক্ত চছমা ব্যৱহাৰ কৰি এই বিকাৰ সংশোধন কৰিব পাৰি।
This defect can be corrected by using spectacles with a concave lens of suitable power.
৫৬। এটা বৈদ্যুতিক হিটাৰৰ দুই প্ৰান্তৰ বিভৱভেদ 60 V আৰু ই উৎসৰ পৰা 4 A প্ৰবাহ আহৰণ কৰে। বিভৱভেদ 120 V লৈ বঢ়ালে হিটাৰটোৱে কিমান প্ৰবাহ ল’ব? (২)
56. An electric heater draws a current of 4 A from a source when the potential difference is 60 V. How much current will the heater draw if the potential difference is increased to 120 V? (2)
উত্তৰ / Answer:
প্ৰথমে, ওমৰ সূত্ৰ (V = IR) ব্যৱহাৰ কৰি হিটাৰটোৰ ৰোধ (R) উলিয়াওঁ।
First, let’s find the resistance (R) of the heater using Ohm’s law (V = IR).
V = 60 V, I = 4 A
R = V / I = 60 / 4 = 15 Ω
এতিয়া, বিভৱভেদ 120 V লৈ বঢ়ালে, ৰোধ একেই থাকিব। গতিকে নতুন প্ৰবাহ (I’) হ’ব:
Now, if the potential difference is increased to 120 V, the resistance will remain the same. So, the new current (I’) will be:
I’ = V’ / R = 120 / 15 = 8 A
গতিকে, হিটাৰটোৱে 8 A প্ৰবাহ ল’ব।
Therefore, the heater will draw 8 A of current.
৫৭। (a) ৰাতিপুৱা সূৰ্যক ৰঙচুৱা দেখি কিয়? ব্যাখ্যা কৰা। (১½)
(a) Why does the sun appear reddish in the morning? Explain. (1½)
(b) কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ দেখুৱাবলৈ ৰেখা চিত্ৰ অংকন কৰা। (১½)
(b) Draw a ray diagram to show the dispersion of white light by a glass prism. (1½)
উত্তৰ / Answer:
(a) ৰাতিপুৱা আৰু গধূলি সূৰ্য দিগন্তৰ ওচৰত থাকে। সেই সময়ত সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ মাজেৰে অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়। বায়ুমণ্ডলত থকা ধূলিকণা আৰু গেছৰ অণুবোৰে কম তৰংগদৈৰ্ঘ্যৰ নীলা পোহৰক বেছিকৈ বিক্ষিপ্ত কৰে, কিন্তু অধিক তৰংগদৈৰ্ঘ্যৰ ৰঙা পোহৰ কমকৈ বিক্ষিপ্ত হয়। ফলত আমাৰ চকুত কেৱল ৰঙা পোহৰ আহি পৰে, যাৰ বাবে সূৰ্যক ৰঙচুৱা দেখা যায়।
In the morning and evening, the sun is near the horizon. At that time, sunlight has to travel a longer distance through the atmosphere. The dust particles and gas molecules in the atmosphere scatter the blue light of shorter wavelength more, but the red light of longer wavelength is scattered less. As a result, only the red light reaches our eyes, which is why the sun appears reddish.
(b) [বিচ্ছুৰণৰ ৰেখা চিত্ৰ / Ray diagram for dispersion]
(চিত্ৰটোত এটা প্ৰিজম আঁকিব লাগিব, যাৰ এটা ফালে বগা পোহৰৰ ৰশ্মি আহি পৰিছে আৰু আনটো ফালৰ পৰা পোহৰৰ সাতোটা ৰঙৰ (বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা) পটি ওলাই যোৱা দেখুৱাব লাগিব। বেঙুনীয়া ৰং আটাইতকৈ বেছি বেঁকা হ’ব আৰু ৰঙা ৰং আটাইতকৈ কম বেঁকা হ’ব।)
(A diagram of a prism must be drawn, where a ray of white light enters from one side and a band of seven colors (Violet, Indigo, Blue, Green, Yellow, Orange, Red) emerges from the other side. The violet light will be bent the most, and the red light will be bent the least.)
৫৮। বহুকেইটা বৈদ্যুতিক বাল্ব 220V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সৰ্বোচ্চ প্ৰবাহ 5A হয়, তেনেহ’লে কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ দুটা তাঁৰৰ লগত সংযোগ কৰিব লাগিব? (৩)
58. Several electric bulbs designed to be used on a 220V line are rated 10 W. How many bulbs can be connected in parallel with each other across the two wires of a 220 V line if the maximum allowable current is 5A? (3)
উত্তৰ / Answer:
প্ৰতিটো বাল্বৰ মাজেৰে যোৱা প্ৰবাহ (I) উলিয়াওঁ: P = V × I
Let’s find the current (I) drawn by each bulb: P = V × I
I = P / V = 10 W / 220 V = 1/22 A
ধৰা হ’ল, ‘n’ টা বাল্ব সমান্তৰালভাৱে সংযোগ কৰিব পাৰি।
Let ‘n’ be the number of bulbs that can be connected in parallel.
সৰ্বোচ্চ প্ৰবাহ (Maximum current) = 5 A
মুঠ প্ৰবাহ (Total current) = n × (প্ৰতিটো বাল্বৰ প্ৰবাহ / current of each bulb)
5 = n × (1/22)
n = 5 × 22 = 110
গতিকে, 110 টা বাল্ব সংযোগ কৰিব লাগিব।
Therefore, 110 bulbs can be connected.
অথবা (OR)
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংস্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়?
(a) Why are filaments mostly made of tungsten in electric circuits?
(b) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
(b) Why are copper and aluminium wires generally used for electrical transmission?
উত্তৰ / Answer:
(a) টাংস্টেনৰ ফিলামেন্ট ব্যৱহাৰ কৰা হয় কাৰণ:
Filaments are made of tungsten because:
- উচ্চ গলনাংক (High Melting Point): ইয়াৰ গলনাংক অতি উচ্চ (প্ৰায় 3380°C), যাৰ ফলত ই নগলাকৈ উচ্চ উষ্ণতাত থাকি পোহৰ দিব পাৰে। / It has a very high melting point (approx. 3380°C), which allows it to glow at high temperatures without melting.
- উচ্চ ৰোধাংক (High Resistivity): ইয়াৰ ৰোধাংকও উচ্চ, যাৰ বাবে ই সহজে উত্তপ্ত হয়। / It also has high resistivity, which causes it to heat up easily.
(b) তাম আৰু এলুমিনিয়াম তাঁৰ ব্যৱহাৰ কৰা হয় কাৰণ:
Copper and aluminium wires are used because:
- বিদ্যুৎৰ সুপৰিবাহী (Good Conductors of Electricity): ইহঁত বিদ্যুৎৰ সুপৰিবাহী, অৰ্থাৎ ইহঁতৰ ৰোধাংক অতি কম। / They are good conductors of electricity, meaning they have very low resistivity.
- নমনীয় (Ductile): ইহঁত নমনীয় আৰু সহজে তাঁৰলৈ ৰূপান্তৰ কৰিব পাৰি। / They are ductile and can be easily drawn into wires.
- সহজলভ্য আৰু কম খৰচী (Readily Available and Less Expensive): তুলনামূলকভাৱে ইহঁত সহজলভ্য আৰু কম খৰচী। / Comparatively, they are readily available and less expensive.
৫৯। বন আৰু বন্যপ্ৰাণীসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? তিনিটা কাৰণ দিয়া। (৩)
59. Why should we conserve forests and wildlife? Give three reasons. (3)
উত্তৰ / Answer: বন আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ তিনিটা কাৰণ হ’ল:
Three reasons to conserve forests and wildlife are:
- পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা (To Maintain Ecological Balance): প্ৰতিটো জীৱ খাদ্য-শৃংখলৰ অংশ। কোনো এটা প্ৰজাতি বিলুপ্ত হ’লে পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্য নষ্ট হয়। / Every organism is part of a food chain. If any species becomes extinct, the balance of the ecosystem is disturbed.
- জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ (To Conserve Biodiversity): জৈৱ-বৈচিত্ৰ্যই প্ৰাকৃতিক পৰিৱেশ সুস্থিৰ কৰি ৰাখে। বিভিন্ন উদ্ভিদ আৰু প্ৰাণীৰ পৰা আমি খাদ্য, ঔষধ আৰু অন্যান্য লাগতিয়াল সামগ্ৰী পাওঁ। / Biodiversity keeps the natural environment stable. We get food, medicine, and other essential materials from various plants and animals.
- জলবায়ু নিয়ন্ত্ৰণ (To Control Climate): বনাঞ্চলে কাৰ্বন ডাইঅক্সাইড শোষণ কৰি গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰে, বৰষুণ নিয়ন্ত্ৰণ কৰে আৰু মাটিৰ খহনীয়া ৰোধ কৰে। / Forests absorb carbon dioxide to prevent global warming, control rainfall, and prevent soil erosion.
৬০। জৈৱ অনুঘটক কি? মানুহৰ লালটি গ্ৰন্থিয়ে নিঃসৰণ কৰা লালটিত কি উৎসেচক থাকে? (১+১=২)
60. What is a biocatalyst? What enzyme is present in the saliva secreted by human salivary glands? (1+1=2)
উত্তৰ / Answer:
- জৈৱ অনুঘটক (Biocatalyst): জীৱৰ দেহত ৰাসায়নিক বিক্ৰিয়াৰ হাৰ বৃদ্ধি বা হ্ৰাস কৰা অথচ নিজে অপৰিৱৰ্তিত হৈ থকা জৈৱ ৰাসায়নিক পদাৰ্থবোৰক জৈৱ অনুঘটক বা উৎসেচক (enzyme) বোলা হয়।
The biochemical substances that increase or decrease the rate of a chemical reaction in a living body while remaining unchanged themselves are called biocatalysts or enzymes. - লালটিত থকা উৎসেচক (Enzyme in saliva): মানুহৰ লালটিত ছেলাইভেৰী এমাইলেজ (Salivary amylase) বা টায়েলিন (Ptyalin) নামৰ উৎসেচক থাকে, যি শ্বেতসাৰক সৰল শৰ্কৰালৈ ৰূপান্তৰ কৰে।
The saliva in humans contains an enzyme called salivary amylase or ptyalin, which converts starch into simple sugar.
৬১। উদ্ভিদৰ দুবিধ দেহবৃদ্ধিকাৰক হৰম‘নৰ নাম লিখা আৰু সেইকেইটাৰ সঠিক কাৰ্য ব্যক্ত কৰা। (১+½+½=২)
61. Name two growth-promoting hormones in plants and state their precise functions. (1+½+½=2)
উত্তৰ / Answer:
উদ্ভিদৰ দুবিধ বৃদ্ধিকাৰক হৰম’ন হ’ল:
Two growth-promoting hormones in plants are:
- অক্সিন (Auxin): ই কোষৰ দীঘলীকৰণত সহায় কৰে, যাৰ ফলত কাণ্ড আৰু মূলৰ বৃদ্ধি হয়। ই পোহৰৰ দিশত কাণ্ডৰ গতিক (phototropism) নিয়ন্ত্ৰণ কৰে।
It helps in cell elongation, which results in the growth of the stem and root. It controls the movement of the stem towards light (phototropism). - জিব্বেৰেলিন (Gibberellin): ই কাণ্ডৰ দৈৰ্ঘ্য বৃদ্ধিত সহায় কৰে, বীজৰ অংকুৰণ ঘটায় আৰু ফুল ফুলাত সহায় কৰে।
It helps in the elongation of the stem, promotes seed germination, and helps in flowering.
৬২। আমাৰ তেজত এড্রিনেলিনৰ নিঃসৰণ ঘটিলে কি হয়? (২)
62. What happens when adrenaline is secreted into our blood? (2)
উত্তৰ / Answer: এড্রিনেলিন হৰম’নক ‘জৰুৰীকালীন হৰম’ন’ বুলি কোৱা হয়। যেতিয়া আমি ভয়, খং বা উত্তেজনা অনুভৱ কৰোঁ, তেতিয়া ই তেজত নিঃসৃত হয়। ইয়াৰ ফলত:
Adrenaline is called the ’emergency hormone’. When we feel fear, anger, or excitement, it is secreted into the blood. As a result:
- হৃদস্পন্দনৰ হাৰ বাঢ়ে। / The heart rate increases.
- ৰক্তচাপ বৃদ্ধি পায়। / Blood pressure increases.
- যকৃতত সঞ্চিত গ্লাইক’জেন গ্লুক’জলৈ ৰূপান্তৰিত হৈ তেজত মিহলি হয়, যাৰ ফলত শৰীৰে অধিক শক্তি লাভ কৰে। / Stored glycogen in the liver is converted to glucose and released into the blood, providing more energy to the body.
- শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। / The breathing rate increases.
৬৩। বাষ্পমোচন কি? ই কিদৰে পানী, খনিজ লৱণ, আদি, শিপাৰ পৰা এজোপা গছৰ পাতলৈ শোষণ আৰু উৰ্ধমুখী গতি লাভ কৰাত সহায় কৰে? (১+২=৩)
63. What is transpiration? How does it help in the absorption and upward movement of water, minerals, etc., from the roots to the leaves of a plant? (1+2=3)
উত্তৰ / Answer:
- বাষ্পমোচন (Transpiration): উদ্ভিদৰ বায়ৱীয় অংশ, বিশেষকৈ পাতৰ পত্ৰৰন্ধ্ৰৰ (stomata) মাজেৰে পানী ভাপ আকাৰে ওলাই যোৱা প্ৰক্ৰিয়াকে বাষ্পমোচন বোলে।
The process of loss of water in the form of vapor from the aerial parts of the plant, especially through the stomata of the leaves, is called transpiration. - সহায় (Help): বাষ্পমোচনৰ ফলত পাতৰ কোষত পানীৰ পৰিমাণ কমি যায়, যাৰ ফলত এক শোষণ চাপৰ (suction pull) সৃষ্টি হয়। এই চাপে শিপাৰ পৰা জাইলেম কলাৰ মাজেৰে পানী আৰু খনিজ লৱণ পাতলৈ টানি অনাত সহায় কৰে। এইদৰে বাষ্পমোচনে পানী আৰু খনিজ লৱণৰ শোষণ আৰু উৰ্ধমুখী পৰিবহণত মুখ্য ভূমিকা পালন কৰে।
Due to transpiration, the amount of water in the leaf cells decreases, which creates a suction pull. This pull helps in drawing water and minerals from the roots up to the leaves through the xylem tissue. Thus, transpiration plays a major role in the absorption and upward movement of water and minerals.
৬৪। ৰেণুধানী বা স্প‘ৰেঞ্জিয়াবোৰ কি কি? কোনো জীৱৰ প্ৰজননৰ সৈতে এইবোৰ জড়িত নে? একোটা নতুন জীৱৰ বিকাশৰ বাবে এই ৰেণুধানীবোৰে কি বহন কৰে? (১+১+১=৩)
64. What are sporangia? Are they involved in the reproduction of any organism? What do these sporangia carry for the development of a new organism? (1+1+1=3)
উত্তৰ / Answer:
- ৰেণুধানী (Sporangia): ৰেণুধানী হ’ল কিছুমান উদ্ভিদ (যেনে- ভেঁকুৰ, ঢেকীয়া) আৰু কিছুমান প্ৰটিষ্টাৰ দেহত সৃষ্টি হোৱা মোনাৰ দৰে অংগ, যাৰ ভিতৰত ৰেণু (spores) উৎপন্ন হয়।
Sporangia are sac-like structures found in some plants (e.g., fungi, ferns) and some protists, inside which spores are produced. - প্ৰজননত ভূমিকা (Role in Reproduction): হয়, এইবোৰ অযৌন প্ৰজননৰ (asexual reproduction) সৈতে জড়িত।
Yes, they are involved in asexual reproduction. - কি বহন কৰে (What they carry): ৰেণুধানীবোৰে ৰেণু (spores) বহন কৰে। অনুকূল পৰিৱেশত এই ৰেণুবোৰৰ পৰাই অংকুৰিত হৈ একোটা নতুন জীৱৰ বিকাশ হয়।
Sporangia carry spores. Under favorable conditions, these spores germinate to develop into a new organism.
