SEBA Class 10 Science Chapter 3 Question Answer In Assamese | ধাতু আৰু অধাতু। Class 10 General Science Question and Answer Assam | দশম শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ ।
ধাতু আৰু অধাতু
পাঠভিত্তিক প্ৰশ্নোত্তৰ
পৃষ্ঠা নং – ৪০ (Page 40 in book)
প্ৰশ্ন ১: ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু
(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া।
(ii) কটাৰীৰে সহজে কাটিব পাৰি।
(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) তাপৰ কম পৰিবাহী।
উত্তৰ:
(i) পাৰা (mercury) সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে।
(ii) ছ’ডিয়াম, পটাছিয়াম, লিথিয়াম আদি ধাতু ইমান কোমল যে কটাৰীৰে সহজে কাটিব পাৰি।
(iii) ৰূপ (Silver) আৰু কপাৰ (Copper) তাপৰ আটাইতকৈ সুপৰিবাহী।
(iv) সীহ (Lead) আৰু পাৰা (Mercury) তাপৰ তুলনামূলকভাৱে কম পৰিবাহী।
প্ৰশ্ন ২: ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা।
উত্তৰ:
- ঘাতসহনীয়তা (Malleability): কিছুমান ধাতুক হাতুৰিৰে মৰিয়াই পাতল পাতত পৰিণত কৰিব পাৰি। ধাতুৰ এই ধৰ্মকে ঘাতসহনীয়তা বোলা হয়। সোণ আৰু ৰূপ আটাইতকৈ ঘাত সহনশীল ধাতু।
- নমনীয়তা (Ductility): ধাতুক টানি দীঘল তাঁৰলৈ পৰিৱৰ্তন কৰিব পৰা গুণকে নমনীয়তা বোলে। সোণ আটাইতকৈ নমনীয় ধাতু।
পৃষ্ঠা নং – ৪৬ (Page 46 in book)
প্ৰশ্ন ১: ছ’ডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়?
উত্তৰ: ছ’ডিয়াম আৰু পটাছিয়ামৰ দৰে ধাতুৱে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত ৰাখিলে জুই জ্বলি উঠে। দুর্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।
প্ৰশ্ন ২: তলৰ বিক্ৰিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা-
(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্ৰিয়া।
(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্ৰিয়া।
উত্তৰ:
(i) 3Fe(s) + 4H₂O(g) → Fe₃O₄(s) + 4H₂(g)
(ii) Ca(s) + 2H₂O(l) → Ca(OH)₂(aq) + H₂(g)
2K(s) + 2H₂O(l) → 2KOH(aq) + H₂(g) + তাপশক্তি
প্ৰশ্ন ৩: A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।
| ধাতু | আইৰন (II) ছালফেট | কপাৰ (II) ছালফেট | জিংক ছালফেট | ছিলভাৰ নাইট্রেট |
|---|---|---|---|---|
| A | বিক্ৰিয়া নহয় | প্ৰতিষ্ঠাপন | ||
| B | প্ৰতিষ্ঠাপন | বিক্ৰিয়া নহয় | ||
| C | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | প্ৰতিষ্ঠাপন |
| D | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় |
ওপৰৰ তালিকা ব্যৱহাৰ কৰি A,B,C,D ধাতু সম্বন্ধে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া।
(i) আটাইতকৈ সক্ৰিয় ধাতু কোনটো?
(ii) কপাৰ (II) ছালফেট লৱণত B ধাতু দিলে কি হ’ব?
(iii) A,B,C,D ধাতুক সক্ৰিয়তাৰ নিম্নক্ৰমত সজোৱা।
উত্তৰ:
(i) B আটাইতকৈ সক্ৰিয় ধাতু, কাৰণ ই আইৰন (II) ছালফেটৰ পৰা আইৰনক প্ৰতিষ্ঠাপন কৰিব পাৰিছে।
(ii) B ধাতুৱে কপাৰ (II) ছালফেট দ্ৰৱণৰ পৰা কপাৰক প্ৰতিষ্ঠাপন কৰিব, কাৰণ B ধাতু আইৰনতকৈও অধিক সক্ৰিয়।
(iii) সক্ৰিয়তাৰ ক্ৰম: B > A > C > D
প্ৰশ্ন ৪: লঘু হাইড্ৰ’ক্ল’ৰিক এছিডত (HCl) এটা সক্ৰিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H₂SO₄ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ: লঘু হাইড্ৰ’ক্ল’ৰিক এছিডত সক্ৰিয় ধাতু দিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয়।
আইৰন আৰু লঘু ছালফিউৰিক এছিডৰ বিক্ৰিয়াৰ সমীকৰণ:
Fe(s) + H₂SO₄(aq) → FeSO₄(aq) + H₂(g)
প্ৰশ্ন ৫: আইৰন (II) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্ৰিয়াটো লিখা।
উত্তৰ: যিংক আইৰনতকৈ অধিক সক্ৰিয় হোৱা বাবে ই আইৰন (II) ছালফেট দ্ৰৱণৰ পৰা আইৰনক অপসাৰণ কৰিব। দ্ৰৱণটোৰ সেউজীয়া ৰং নাইকিয়া হ’ব আৰু যিংক ছালফেট নামৰ বৰণহীন দ্ৰৱ এটা সৃষ্টি হ’ব।
বিক্ৰিয়াটো: Zn(s) + FeSO₄(aq) → ZnSO₄(aq) + Fe(s)
পৃষ্ঠা নং – ৪৯ (Page 49 in book)
প্ৰশ্ন ১:
(i) ছ’ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্ৰন বিন্দু গঠন (electron dot structure) লিখা।
(ii) ইলেক্ট্ৰন স্থানান্তৰৰ জৰিয়তে Na₂O আৰু MgO ৰ গঠন লিখা।
(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?
উত্তৰ:
(i) ছ’ডিয়াম (Na): Na•
অক্সিজেন (O): :Ö:
মেগনেছিয়াম (Mg): Mg:
(ii) Na₂O ৰ গঠন:
2Na → 2Na⁺ + 2e⁻
O + 2e⁻ → O²⁻
MgO ৰ গঠন:
Mg → Mg²⁺ + 2e⁻
O + 2e⁻ → O²⁻
(iii) Na₂O ত থকা আয়নসমূহ হ’ল ছ’ডিয়াম আয়ন (Na⁺) আৰু অক্সাইড আয়ন (O²⁻)। MgO ত থকা আয়নসমূহ হ’ল মেগনেছিয়াম আয়ন (Mg²⁺) আৰু অক্সাইড আয়ন (O²⁻)।
প্ৰশ্ন ২: আয়নীয় যৌগৰ গলনাংক কিয় বেছি?
উত্তৰ: আয়নীয় যৌগবোৰত ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত প্ৰবল আন্তঃআয়নীয় আকৰ্ষণ বল থাকে। এই শক্তিশালী আকৰ্ষণ বল ভাঙিবলৈ যথেষ্ট পৰিমাণৰ তাপ শক্তিৰ প্ৰয়োজন হয়, সেয়েহে ইহঁতৰ গলনাংক উচ্চ হয়।
পৃষ্ঠা নং – ৫৩ (Page 53 in book)
প্ৰশ্ন ১: তলত দিয়াবোৰৰ সংজ্ঞা লিখা।
(i) মণিক (mineral) (ii) আকৰ (ore) (iii) খনিজ মল (gangue)
উত্তৰ:
(i) মণিক (mineral): পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বুলি কোৱা হয়।
(ii) আকৰ (ore): কিছুমান খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদাৰ্থবিধক ধাতুটোৰ আকৰিক বা আকৰ বুলি কোৱা হয়।
(iii) খনিজ মল (gangue): খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে। এই অশুদ্ধি বা অপদ্ৰব্যবোৰক খনিজ মল বোলে।
প্ৰশ্ন ২: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।
উত্তৰ: গ’ল্ড (সোণ), ছিলভাৰ (ৰূপ), প্লেটিনাম।
প্ৰশ্ন ৩: অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়?
উত্তৰ: অক্সাইডৰ পৰা ধাতু পাবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। উদাহৰণস্বৰূপে, যিংক অক্সাইডক কাৰ্বনৰ লগত উত্তপ্ত কৰি ধাতৱ যিংকলৈ বিজাৰিত কৰা হয়।
পৃষ্ঠা নং – ৫৫ (Page 55 in book)
প্ৰশ্ন ১: যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।
কোনবিলাক ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?
উত্তৰ:
| ধাতু | জিংক | মেগনেছিয়াম | কপাৰ |
|---|---|---|---|
| যিংক অক্সাইড | বিক্ৰিয়া নহয় | প্ৰতিষ্ঠাপন | বিক্ৰিয়া নহয় |
| মেগনেছিয়াম অক্সাইড | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় | বিক্ৰিয়া নহয় |
| কপাৰ অক্সাইড | প্ৰতিষ্ঠাপন | প্ৰতিষ্ঠাপন | বিক্ৰিয়া নহয় |
প্ৰশ্ন ২: কোনবোৰ ধাতু সহজে ক্ষয় নহয়?
উত্তৰ: সোণ আৰু প্লেটিনামৰ দৰে কম সক্ৰিয় ধাতুবোৰ সহজে ক্ষয় নহয়।
প্ৰশ্ন ৩: সংকৰ ধাতু কি?
উত্তৰ: সংকৰ ধাতু হ’ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আৰু এটা অধাতুৰ সমসত্ব মিশ্ৰণ।
অনুশীলনী
পৃষ্ঠা নং – ৫৬-৫৭ (Page 56-57 in book)
প্ৰশ্ন ১: তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?
উত্তৰ: (d) AgNO₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু।
প্ৰশ্ন ২: লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?
উত্তৰ: (c) যিংকৰ প্ৰলেপ দি।
প্ৰশ্ন ৩: এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো –
উত্তৰ: (a) কেলছিয়াম।
প্ৰশ্ন ৪: খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো—
উত্তৰ: (c) যিংক টিনতকৈ অধিক সক্ৰিয়।
প্ৰশ্ন ৫: তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল।
(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?
(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।
উত্তৰ:
(a) হাতুৰীৰে ধাতুৰ ঘাতসহনীয়তা আৰু অধাতুৰ ভঙ্গুৰতা পৰীক্ষা কৰিব পাৰি। বেটাৰী, তাঁৰ আৰু ছুইচেৰে বৰ্তনী সাজি বিদ্যুৎ পৰিবাহিতা পৰীক্ষা কৰিব পাৰি।
(b) এই পৰীক্ষাবোৰ ধাতু আৰু অধাতুৰ মৌলিক ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি কৰা হয়, সেয়েহে এইবোৰ চিনাক্তকৰণৰ বাবে অতি উপযোগী।
প্ৰশ্ন ৬: উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।
উত্তৰ: যিবোৰ ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, সিহঁতক উভধর্মী অক্সাইড বোলে। উদাহৰণ: এলুমিনিয়াম অক্সাইড (Al₂O₃) আৰু জিংক অক্সাইড (ZnO)।
প্ৰশ্ন ৭: দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।
উত্তৰ:
অপসাৰণ কৰে: জিংক (Zn) আৰু আইৰন (Fe)।
অপসাৰণ নকৰে: কপাৰ (Cu) আৰু ছিলভাৰ (Ag)।
প্ৰশ্ন ৮: M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি ল’ব লাগিব?
উত্তৰ:
- এন’ড: অশুদ্ধ ধাতু M
- কেথ’ড: বিশুদ্ধ ধাতু M ৰ পাতল পাত
- বিদ্যুৎবিশ্লেষ্য: ধাতু M ৰ দ্ৰৱণীয় লৱণৰ দ্ৰৱ।
প্ৰশ্ন ৯: প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো এটা পৰীক্ষানলী ওভোতাকৈ ধৰি সংগ্ৰহ কৰিলে।
উত্তৰ:
(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত বিক্ৰিয়া নহয়। (ii) সিক্ত নীলা লিটমাচ কাগজ ৰঙা হ’ব।
(b) S(s) + O₂(g) → SO₂(g)
প্ৰশ্ন ১০: লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা।
উত্তৰ: (i) ৰং কৰা (ii) দস্তালেপন।
প্ৰশ্ন ১১: অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?
উত্তৰ: অধাতুৱে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি আম্লিক বা প্ৰশম অক্সাইড উৎপন্ন কৰে।
প্ৰশ্ন ১২: কাৰণ দৰ্শোৱা।
উত্তৰ:
(a) প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ কম সক্ৰিয় আৰু দ্যুতিসম্পন্ন হোৱা বাবে গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম অতি সক্ৰিয় হোৱা বাবে বায়ুৰ সংস্পৰ্শত জ্বলি উঠে, সেয়েহে তেলত ডুবাই ৰখা হয়।
(c) এলুমিনিয়ামৰ ওপৰত অক্সাইডৰ অক্ষয় আৱৰণ পৰাৰ বাবে ইয়াক ৰন্ধনৰ বাচন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(d) অক্সাইডৰ পৰা ধাতু নিষ্কাশন কৰাটো সহজ বাবে কাৰ্বনেট আৰু ছালফাইড আকৰক অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।
প্ৰশ্ন ১৩: চেকালগা কপাৰৰ পাত্র নেমু বা তেতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় বাৱহাৰ কৰে?
উত্তৰ: কপাৰৰ পাত্ৰত পৰা ক্ষাৰকীয় কপাৰ কাৰ্বনেটৰ সেউজীয়া আৱৰণটো নেমু বা তেতেলীত থকা এছিডে দ্ৰৱীভূত কৰি আঁতৰাই দিয়ে।
প্ৰশ্ন ১৪: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা।
উত্তৰ: ধাতু বিদ্যুৎ ধনাত্মক, ক্ষাৰকীয় অক্সাইড গঠন কৰে আৰু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰে। অধাতু বিদ্যুৎ ঋণাত্মক, আম্লিক বা প্ৰশম অক্সাইড গঠন কৰে আৰু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ নকৰে।
প্ৰশ্ন ১৫: এজন ভণ্ড মানুহ…
উত্তৰ: মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো আছিল অম্লৰাজ (aqua regia)।
প্ৰশ্ন ১৬: গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়?
উত্তৰ: কপাৰে গৰম পানীৰ লগত বিক্ৰিয়া নকৰে, কিন্তু ষ্টিলে কৰে।


