আমাৰ ছাৰ Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া দ্বাদশ শ্ৰেণী | Class 12 advance assamese lesson 11 question Answer | যোগেশ দাস
বিষয় | ঐচ্ছিক অসমীয়া |
পাঠৰ নাম | আমাৰ ছাৰ |
উপলব্ধ | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ |
পাঠ | 11 |
লেখক | যোগেশ দাস |
শ্ৰেণী | দ্বাদশ শ্ৰেণী |
পাঠ্যক্ৰম | অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) |
আমাৰ ছাৰ Class 12
প্র : যোগেশ দাসৰ এখন উপন্যাসৰ নাম লিখা ।
উ : যোগেশ দাসৰ এখন উপন্যাসৰ নাম হ’ল ‘ডাৱৰ আৰু নাই।’
প্র : হোমেন বৰগোহাঞিয়ে কোনখন গ্ৰন্থৰ বাবে ‘অসম প্ৰকাশন পৰিষদ’ বঁটা আৰু ‘সাহিত্য অকাডেমি’ বঁটাও লাভ কৰে।
উ : ‘পিতাপুত্র’ উপন্যাস গ্ৰন্থৰ বাবে ‘অসম প্ৰকাশন পৰিষদ’ বঁটা আৰু ‘সাহিত্য অকাডেমি’ বঁটাও লাভ কৰে।
প্র : যোগেশ দাসে সাহিত্য একাডেমী বঁটা লাভ কৰা গল্প সংকলখনৰ নাম কি?
উঃ যোগেশ দাসে “পৃথিৱীৰ অসুখ” নামৰ গল্পসংকলনৰ বাবে ১৯৮০ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে।
প্র : চাঞ্চটো ললোঁ, বেয়া নাপাবি।’ –সংলাপ ফাকিৰ বক্তা কোন? তেওঁ কি ‘চাঞ্চ’ লোৱাৰ কথা কৈছে?
উঃ সংলাপ ফাকিৰ বক্তাজন হ’ল মনোৰঞ্জন হাজৰা। বিয়াঘৰত উপস্থিত হোৱা ছাৰক কাৰেণ্ট নথকাৰ কাৰণে হাজৰাই বিচনীৰে বিচি দিছিল। ছাৰে তালৈ উভতি চাই কৈছিল মনোৰঞ্জন তই ভালেই কৰিছ দে, বৰ গৰম লাগি আহিছে। চাৰে তাক প্রশংসা কৰাত লগৰ কেইজন ক্ষোভিত হোৱা যেন অনুমান কৰি তেওঁলোকক উদ্দেশ্য কৰি চাৰক ভাল লগোৱাৰ ‘চাঞ্চ’ লোৱা বুলি কৈছে।
প্র : যোগেশ দাসে কোন চনত কি গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উঃ যোগেশ দাসে ১৯৮০ চনত তেওঁৰ গল্প সংকলন ‘পৃথিৱীৰ অসুখ’ নামৰ গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
প্র: যোগেশ দাসে কোন চনত অসম উপত্যকা বঁটা লাভ কৰিছিল?
উ: যোগেশ দাসে ১৯৯৪ চনত অসম উপত্যকা বঁটা লাভ কৰিছিল।
আমাৰ ছাৰ Class 12
প্র : ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম কি? কি কাৰণে ছাৰে গালি পাৰিছিল? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা।
উ : যোগেশ দাস ৰচিত ‘আমাৰ ছাৰ’ নামৰ গল্পটিৰ প্ৰধান চৰিত্ৰ ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম ধৰণীধৰ বৰুৱা। গল্পটিত তেওঁক এজন আদর্শ শিক্ষক হিচাপে, আদর্শ সামাজিক ব্যক্তি হিচাপে গল্পকাৰে উপস্থাপন কৰিছে। আচল নামটো ছাৰৰ ব্যৱহাৰ নহয়েই। সেই অঞ্চলৰ প্রায় সকলোখিনি শিক্ষিত লোকৰে ছাৰ কাৰণে সকলোৱে ‘আমাৰ ছাৰ’ বুলিয়েই কয় আৰু যিকোনো লোকে ‘আমাৰ ছাৰ’ বুলি ক’লে তেওঁকেই বুজিছিল। সেয়েহে তেওঁ হৈ পৰিছিল ‘সাৰ্বজনীন ছাৰ’।
‘আমাৰ ছাৰ’ বৰ খঙাল মাষ্টৰ আছিল। ডেকা বয়সত এছিষ্টেণ্ট হেডমাষ্টাৰ হৈ থাকোতেই তেওঁ ডিচিপ্লিন ৰক্ষা কৰিবৰ কাৰণে বিদ্যালয়ত অনেক নিয়ম উলিয়াইছিল। ইয়াৰ ব্যতিক্ৰম হ’লেই কঠোৰ শাস্তি দিছিল। এইক্ষেত্ৰত তেওঁ হেডমাষ্টাৰৰো হাক-বচন প্রায়ে নুশুনিছিল। তেওঁ হেডমাষ্টাৰ হোৱাৰ পিছত বিদ্যালয়খনৰ কাৰণে আতংকস্বৰূপ হৈ পৰিছিল। তেওঁৰ ভয়ত কোনো লৰাই বাৰাণ্ডাত থিয় দি থাকিব নোৱাৰিছিল। ছাত্র বা শিক্ষক পলমকৈ আহিলে বিদ্যালয়ত সোমাব নোৱাৰিছিল। ফাইনেল বেল পৰাৰ লগে লগে ছুটীৰ ঘণ্টা নপৰালৈকে চকীদাৰৰ হতুৱাই প্ৰকাণ্ড তলাটো গেটত লগাই থয়। ছাত্রই মলিয়ন কাপোৰ পিন্ধি আহিলে, কাৰোবাৰ গাত চিঞাহী পেলালে, হোমৱৰ্ক কৰি নিনিলে, লগৰ ল’ৰাৰ লগত কাজিয়া কৰিলে পৰীক্ষাত চুৰ কৰিলে, অফিচলৈ মতাই নি একোজনলৈ বেতৰ কোব দিছিল।
এহাতে কঠোৰ আছিল যদিও আনহাতে মৰমীয়াল হোৱাৰ বাবে শিক্ষক ছাত্ৰসকলে তেওঁক বেয়া পোৱা নাছিল। কোনোবা অভিভাৱকেই শিক্ষকজনৰ তেনে কামবোৰত এবাৰলৈকো আপত্তি কৰা নাছিল। পঢ়িব নোৱাৰিলে গালি পাৰিছিল বা কাণ চেপা দিছিল যদিওঁ তেওঁ কিন্তু ছাত্ৰসকলক মৰম আৰু সহানুভূতিৰে ছাত্ৰসকলে নোৱাৰা কথাবোৰ বাৰে বাৰে বুজাই দিবলৈ কেতিয়াও বেয়া নাপাইছিল। আনকি ছাত্ৰসকলক প্রায়ে দেওবাৰে তেওঁৰ ঘৰলৈ মাতি নি অংক আৰু ইংৰাজী শিকাইছিল। ইয়াৰ উপৰি তেওঁ ছাত্ৰৰ ঘৰলৈ গৈয়ো তেওঁলোকৰ পঢ়া-শুনাৰ খা-খবৰ লৈছিল আৰু নোৱাৰা অংক বা ইংৰাজী শিকাই দিছিল। অৱসৰৰ পিছতো তেওঁ ছাত্ৰসকলৰ লগত আগৰদৰেই সম্পৰ্ক ৰক্ষা কৰিছিল।
Class 12 advance assamese lesson 11
প্র : ‘আমাৰ ছাৰ’ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো লেখকে কেনেদৰে দাঙি ধৰিছে লিখা।
উঃ ‘আমাৰ ছাৰ’ নামৰ গল্পটিত লিখক যোগেশ দাসে সমসাময়িক গ্রাম্য সমাজ এখনত শিক্ষক আৰু ছাত্ৰৰ মাজত থকা মধুৰ সম্পৰ্কৰ বাস্তৱ চিত্র এখন দাঙি ধৰিছে। শিক্ষকজনৰ নাম ধৰণীধৰ বৰুৱা আছিল যদিও সকলোৱে তেওঁক ‘ছাৰ’ বুলিয়েই সম্বোধন কৰিছিল। তেওঁ সাৰ্বজনীন ছাৰ হৈ পৰিছিল। তেওঁ আদর্শবান, দায়িত্বশীল, কর্তব্যপৰায়ণ আৰু মৰমীয়াল আছিল। তেওঁৰ লগত অঞ্চলটোৰ সকলোৰে এক সুমধুৰ সম্পৰ্ক আছিল।
শিক্ষক হিচাপে তেওঁ কঠোৰ, সংযমী, খঙাল, নিয়মানুবর্তিতা, আৰু একেসময়তে বৰ মৰমীয়াল আছিল। কোনো ছাত্র লিখা-পঢ়াত অমনোযোগী হ’লে, বিদ্যালয়ত অনুপস্থিত থাকিলে আৰু স্কুলৰ নিয়ম ভংগ কৰিলে তেওঁ বৰ কঠোৰ হৈ পৰিছিল। কোনো ছাত্র দুর্বল হলে প্রয়োজন হ’লে অতিৰিক্ত সময়ত পঢ়ুৱাইছিল বা ঘৰত গৈয়ো তত্বাবধান লৈছিল। কাৰোবাৰ অসুখ-বিসুখ হ’লে তাৰো খবৰ কৰিছিল। তেওঁ সকলো ছাত্রকে নিজৰ সন্তানৰ দৰে মৰম কৰিছিল যদিও কোনো ছাত্রই বিদ্যালয়ৰ নিয়ম ভংগ কৰিলে শাস্তিও বিহিছিল। ছাত্র-ছাত্রীয়ে তেওঁক শ্রদ্ধা ভক্তিও কৰিছিল।
প্র: ‘আমাৰ ছাৰ’ গল্পটিত উল্লেখ কৰা বিয়াখন কাৰ আছিল? ছাৰ বিয়াঘৰত উপস্থিত হওঁতে কোনে, কেনেদৰে তেওঁক আদৰণি জনাইছিল বুজাই লিখা।
উ : ‘আমাৰ ছাৰ’ গল্পটিত উল্লেখ কৰা বিয়াখন ধৰণীধৰ বৰুৱা নামৰ শিক্ষকজনৰ একালৰ ছাত্ৰ পদ্মেশ্বৰৰ ছোৱালী মিনুৰ আছিল। পদ্মেশ্বৰৰ ঘৰৰ সন্মুখত পতা ৰভাতলিত ছাৰ যেতিয়া উপস্থিত হ’লহি, তেতিয়া লেখকে তেওঁৰ লগৰ কেইজনৰ সৈতে উৰি যোৱাদি গৈ তেখেতক আগবঢ়াই আনিলেগৈ। লেখকে চাইকেলখন ধৰি একাষে থ’লে। হেমন্ত বোলাজনে হাত দুখন মোহাৰি মোহাৰি বহা ঠাইলৈ আগবঢ়াই নিলে। নগেনে লৰ মাৰি গৈ ডাঙৰ কাঠৰ চকী এখন হাতেৰে মোহাৰি মোহাৰি চিঞৰিলে ‘আহক ছাৰ, ইয়ালৈ আহক। ছাৰেও তেওঁলোকৰ সম্ভাষণ অকাতৰে গ্ৰহণ কৰাৰ দৰে ৰ ৰ বৰ বেছি গোলমাল নকৰিবি’ বুলি কৈ নগেনে নিৰ্দিষ্ট কৰি দিয়া চকীখনত বহিলে।
আনহাতে, মনোৰঞ্জন হাজৰা নামৰ টেঙৰ ছাত্ৰজনে ক’ৰবাৰ পৰা বিচনী এখন বিচাৰি আনি পাছফালৰ পৰা ছাৰক বিচিবলৈ ধৰিলে। ছাৰৰ গৰম লাগি আছিল। মনোৰঞ্জন হাজৰাৰ এই কার্যত ছাৰে বৰ সন্তোষ প্রকাশ কৰি ক’লে অ’ তই মনোৰঞ্জন। ভালেই কৰিছ দে, বৰ গৰম লাগি আছিল, বুলি তেওঁক শলাগিছিল।
আমাৰ ছাৰ Class 12
প্র’: ‘আমাৰ ছাৰ’ কাৰ বিয়ালৈ গৈছিল? বিয়াত তেওঁ কি কি কাম কৰিছিল? বিৱৰি লিখা।
উঃ ‘আমাৰ ছাৰ’ অর্থাৎ ধৰণীধৰ বৰুৱা নামৰ শিক্ষকজন তেওঁৰে একালৰ ছাত্ৰ পদ্মেশ্বৰৰ ছোৱালী মিনুৰ বিয়া খাবলৈ গৈছিল। ধৰণীধৰ বৰুৱা দায়িত্বশীল আৰু মৰমীয়াল শিক্ষক আছিল। ৭৫ বছৰ বয়সতো তেওঁ ছাত্র পদ্মেশ্বৰৰ ছোৱালী মিনুৰ বিয়ালৈ গৈছিল। দায়িত্বশীল ব্যক্তি হিচাপে বিয়ালৈ গৈ নিমন্ত্ৰণ ৰক্ষা কৰাই নহয়, ইটো-সিটো কামো কৰিছিল। বিয়াৰ পায়েই তেওঁ পুৰণা ছাত্রকেইজনক লগ পাই সকলোৰে খবৰ বাতৰি সুধিছিল।
তেওঁ সকলোৰে আদৰ সন্মান পালেও ৰাইজৰ পৰা আঁতৰি অকলে জলপান খাবলৈ আপত্তি কৰিছিল। পদ্মেশ্বৰক দিহা পৰামৰ্শ আগবঢ়াই বিয়াখন যাতে সুকলমে সম্পন্ন হয় তাৰো তদাৰক কৰিছে। পদ্মেশ্বৰে যেতিয়া কন্যাৰ বিদায়ৰ সময়ত কান্দিছিল তেতিয়া তেওঁ নিজ অভিজ্ঞতাৰ কথা কৈ সাৰগর্ভ উপদেশ আৰু সান্তনা দিছিল।
প্র : চাঞ্চটো ললোঁ, বেয়া নাপাবি।’ –সংলাপ ফাকিৰ বক্তা কোন?
উঃ সংলাপ ফাকিৰ বক্তাজন হ’ল মনোৰঞ্জন হাজৰা।
প্র: যোগেশ দাসে কোন চনত অসম উপত্যকা বঁটা লাভ কৰিছিল?
উ: যোগেশ দাসে ১৯৯৪ চনত অসম উপত্যকা বঁটা লাভ কৰিছিল।
প্র : যোগেশ দাসে সাহিত্য একাডেমী বঁটা লাভ কৰা গল্প সংকলখনৰ নাম কি?
উঃ যোগেশ দাসে “পৃথিৱীৰ অসুখ” নামৰ গল্পসংকলনৰ বাবে ১৯৮০ চনত সাহিত্য একাডেমী বঁটা লাভ কৰে।