শক্তিৰ উৎসসমূহ – দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪

শক্তিৰ উৎসসমূহ

শক্তিৰ উৎসসমূহ
বিষয় (Subject)  বিজ্ঞান
মাধ্যম অসমীয়া
পাঠৰ নাম শক্তিৰ উৎসসমূহ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১৪
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪ শক্তিৰ উৎসসমূহ 

প্রঃ  শক্তিৰ ভাল উৎস কি ?
উঃ শক্তিৰ ভাল উৎস হৈছে→
(ক) এই উৎসক সহজে পাব লাগে।
(খ) ই পৰিৱেশ হিতৈষী হ’ব লাগে।
(গ) এইবােৰ মিতব্যয়ী হ’ব লাগে।
(ঘ) ইয়াক সহজতে সঞ্চয় আৰু পৰিবহণ কৰিব পৰা হ’ব লাগে।
(৬) একক আয়তনৰ ভৰত ই যথেষ্ট পৰিমাণে কার্যক্ষম হ’ব লাগে।

প্র : ভাল ইন্ধন কি?
উঃ ভাল ইন্ধনৰবাৰ হৈছে
(ক) জলনত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন হ’ব লাগে।
(খ) সহজতে, কম দামত পােৱা হ’ব লাগে।।
(গ) জ্বলােৱাৰ সময়ত হানিকাৰক গেছ উৎপন্ন হ’ব নালাগে।
(ঘ) দহনৰ পিছত ছাই আদিৰ দৰে অৱশিষ্ট থাকিব নালাগে।

প্রঃ  যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনাে শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো ব্যৱহাৰ কৰিবা। আৰু কিয় ?
উঃ এই ক্ষেত্ৰত আমি তৰলীকৃত পেট্রালিয়াম গেছ ব্যৱহাৰ কৰিম। কিয়নাে
(ক) ইয়াৰ কেলৰিমান অধিক, আৰু উৎপন্ন তাপৰ পৰিমাণ বেছি।
(খ) দহনত বােৱাৰ সৃষ্টি নহয় আৰু হানিকাৰক গেছৰ উৎপন্ন নকৰে।
(গ) পৰিবহণ অধিক সুবিধা।
(ঘ) ই মিতবায়ী।

প্রঃ জীৱাশ্মজাত ইন্ধনবিলাক কি ?
উঃ জীবাশ্মৰ দ্বাৰা সৃষ্টি হােৱা ইন্ধনেই হৈছে জীৱাশ্ম ইন্ধন। এইবােৰ অনবীকৰণযােগ্য শক্তিৰ উৎস।

প্রঃ জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?
উঃ জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হ’ল-
(ক) এইবােৰ অনবীকৰণযােগ্য। সেয়েহে এইবােৰ প্ৰকৃতিৰ বুকুৰ পৰা নাইকীয়া হৈ যাব পাৰে।
(খ) এইবােৰ ইন্ধন জ্বলালে উৎপন্ন হােৱা নাইট্রজেন, ছালফাৰ আৰু কার্বনৰ অম্লিক অক্সাইডে বায়ু প্ৰদূষণ কৰে।
(গ) জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কার্বন-ডাই-অক্সাইড উৎপন্ন হয়।

প্রঃ  আমি শক্তিৰ বিকল্প উৎস বিচাৰাে কিয়? 
উঃ শক্তিৰ মূল উৎস হৈছে জীৱাশ্ম ইন্ধন আৰু এইবােৰ সীমিত। এটা সময়ত এইবােৰ নিঃশেষ হৈ যাব। ইয়াৰােপৰি জীৱাশ্ম ইন্ধন দহন কৰিলে বায়ু প্ৰদূষিত
হয়। সেইবাবে আমি শক্তির বিকল্প উৎস বিচাৰাে।

প্র :  এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধাৰ বিষয়ে উল্লেখ কৰা 
উঃ এটা অপৰম্পৰাগত শক্তিৰ উৎস হ’ল সৌৰশক্তি।
ইয়াৰ দুটা সুবিধা হল- (i) সৌৰশক্তি প্রাকৃতিক। ইয়াক যথেষ্ট পৰিমাণে আহৰণ কৰাৰ উপৰিও পুনঃ ব্যৱহাৰ কৰিব পাৰি।
(ii) এই শক্তি আহৰণৰ বাবদ আমি, মূল্য পৰিশােধ কৰিব নালাগে।

প্র : আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে।
উঃ আমাৰ সুবিধাৰ বাবে বায়ুশক্তিক ব্যৱহাৰৰ উপযােগীকৈ বায়ুকল আৰু জশক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰাত গুৰুত্ব দিয়া হৈছে।

প্রঃ কেনেধৰণৰ দাপোণ-অৱতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট কি?

উঃ অবতল দাপােণ সৌৰ কুকাৰত ব্যৱহাৰ কৰা উৎকৃষ্ট। কাৰণ অৱতল দাপােণে যথেষ্ট পৰিমাণে সূৰ্যৰ পােহৰৰ ৰশ্মি প্রতিফলন কৰিব পাৰে আৰু ফ’কাছত যথেষ্ট পৰিমাণে তাপ শক্তি উৎপন্ন কৰে।

প্রঃ মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি?
উঃ মহাসমুদ্ৰৰ পৰা পােৱা শক্তিৰ সীমাবদ্ধতা হল-
(ক) জোৱাৰ ভাটাৰ পৰা পােৱা শক্তি স্থিৰ নহয়। কাৰণ পৃথিৱীৰ খুব কম সংখ্যক ঠাইতহে জোৱাৰৰ পৰা শক্তি লাভ কৰাৰ বাবে সাগৰত বান্ধ দিব পৰা যায়।
(খ) ঢৌৰ পৰা আহৰণ কৰা শক্তি সকলাে ঠাইতে একে নহয়। যিবিলাক ঠাইত ঢৌৰ তীব্রতা যথেষ্ট বেছি সেইবােৰ ঠাইতহে বেছি পৰিমাণে শক্তি আহৰণ হয়।
(গ) সাগৰীয়া, শক্তিৰ বিভৱ বহুত বেছি হ’লেও ব্যৱসায়িক ক্ষেত্ৰত এইবােৰৰ ব্যৱহাৰ সীমিত।

See also  বংশগতি আৰু ক্ৰমবিকাশ {গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৯

প্রঃ তাপীয় শক্তি কি?
উঃ ভূ-পৃষ্ঠৰ অভ্যন্তৰত শিলাস্তৰৰৰ পৰা শিলবােৰ ঠেকা খাই ওপৰলৈ উঠি আহি উষ্ণ অঞ্চল গঠন কৰে আৰু ভূ- গর্ভৰ পানী এই অঞ্চলবােৰলৈ আহিলে বাষ্পলৈ ৰূপান্তৰিত হয়। এই বাষ্প পাইপৰ জৰিয়তে টার্বাইনলৈ আনি বিদ্যুৎশক্তি উৎপাদনৰ ব্যৱস্থা কৰা হয়। ইয়াক তাপীয় শক্তি বােলে।

প্রঃ  নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?
উঃ নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ’ল-
(ক) কম পৰিমাণৰ নিউক্লীয় শক্তিৰ পৰাই প্ৰচুৰ পৰিমাণে শক্তি পাব পাৰি।
(খ) প্রকল্পৰ ৰিয়েক্টৰত এবাৰত নিউক্লীয় ইন্ধন ভৰালে ই অবিৰতভাৱে বহু দিনলৈ শক্তি উৎপাদন কৰি থাকে।
(গ) প্ৰদূষণৰ মাত্ৰা অতি কম।

প্রঃ শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ’ব পাৰেনে? কিয় পাৰে বা কিয় নােৱাৰে?
উঃ নােৱাৰে। কিয়নাে কোনাে উৎসই প্ৰদূষণমুক্ত নহয়। যিকোনাে শক্তিৰ উৎসৰ ব্যৱহাৰে কিবা নহয় কিবা প্ৰকাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়, কেৱল মাত্র উৎসভেদে প্ৰদূষণৰ মাত্ৰা আৰু প্রকৃতি ভিন্ন হয়।

প্রঃ  ৰকেটৰ ইন্ধন হিচাপে হাইড্রজেন ব্যৱহাৰ হয়। হাইড্রজেনক (CNG)তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?
উঃ হাউড্ৰজেনক চি এন জিতকৈ অধিক পৰিষ্কাৰ বুলি ধৰা হয়। কাৰণ হাইড্রজেন-দহন হলে পানী উৎপন্ন হয়, আৰু ই প্ৰদূষণ মুক্ত।

প্রঃ তুমি নৰীকৰণযােগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা। তােমাৰ পছন্দৰ কাৰণ দশোৱা।

উঃ নবীকৰণযােগ্য দুটা উৎসৰ নাম হ’ল
(ক) বতাহ শক্তি (খ) সৌৰ শক্তি। কাৰণ এই শক্তিসমূহ যথেষ্ট পৰিমাণে আহৰণ কৰাৰ উপৰিও পুনঃ পুনঃ ব্যৱহাৰ কৰিব পাৰি।

প্র  তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তােমাৰ পছন্দৰ কাৰণ দশা।
উঃ ক্ষয়িষ্ণু বুলি বিবেচনা কৰা দুটা উৎসৰ নাম হ’ল-
(ক) পেট্রলিয়াম আৰু (খ) কয়লা।
কয়লা আৰু পেট্রলিয়ামক ক্ষয়িষ্ণু বুলি বিবেচনা কৰা হয়। কিয়নাে জীৱাশ্ম ইন্ধনসমূহ উৎপন্ন হ’বলৈ নিযুত নিযুত বছৰৰ প্রয়ােজন হয়। এইবােৰ ইন্ধনৰ পৰিমাণ সীমিত। এই ইন্ধনৰবাৰ নিঃশেষ হৈ গ’লে কম সময়তে ঘূৰাই পােৱা নাযায়।

শক্তিৰ উৎসসমূহ 

প্রঃ  পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নােৱাৰা দিনটো হৈছে এটা-
(ক) বৌদ্রোজ্জ্বল দিন (খ) ডাৱৰীয়া দিন (গ) গৰম দিন। (ঘ)বতাহে কোবােৱা দিন।
উঃ (খ) ডাৱৰীয়া দিন।

প্রঃ তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?
(ক) খৰি (খ) গােবৰ গেছ, (গ) নিউক্লীয় শক্তি (ঘ) কয়লা।
উঃ (গ) নিউক্লীয় শক্তি।

প্রঃ আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎস শক্তি হ’ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?
(ক) ভূ-তাপীয় শক্তি (খ) বায়ুশক্তি (গ) নিউক্লীয় শক্তি (ঘ) জৈৱ উপাদান।
উ : (গ) নিউক্লীয় শক্তি।

প্রঃ তলৰ কোনটো নৰীকৰণ শক্তিৰ উৎস নহয় ?
(a) সূর্য। (b) বায়ু (c) জীবাশ্মজাত ইন্ধন। (d) পানী
উ : (c) জীৱাশ্মজাত ইন্ধন।

See also  এছিড ক্ষাৰক আৰু লৱণ {HSLC প্ৰশ্ন উত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

প্রঃ তলৰ কোনটো সৌৰশক্তিৰ আধাৰত নহয়-
(a) ভু-তাপীয় শক্তি (b) বায়ু শক্তি (c) নিউক্লীয় শক্তি (d) জৈৱ উপাদান।
উ: (c) নিউক্লীয় শক্তি।

প্রঃ শক্তি প্রত্যক্ষ উৎস হিচাপে জীবাশ্মজাত ইন্ধন আৰু সৌৰ শক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।
উঃ (ক) জীৱাশ্ম ইন্ধনৰােৰ সীমিত আৰু ইহঁত নবীকৰণযােগ্য নহয়।

আনহাতে, সৌৰ শক্তি কেতিয়াও শেষ নহয় আৰু ই নবীকৰণযােগ্য।
(খ) জীৱাশ্ম ইন্ধন দহনে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। আনহাতে, সৌৰ শক্তি প্রদূষণমুক্ত।
(গ) জীৱাশ্ম ইন্ধনৰ বাবে বাৰে বাৰে ব্যয় কৰিব লগা হয়। আনহাতে সৌৰ শক্তিত এবাৰেই ব্যয় হয়।
(ঘ) জীৱাশ্ম ইন্ধন সকলাে সময়তে পাব পাৰি কিন্তু বতৰ ডাৱৰীয়া থাকিলে সৌৰশক্তি পাব নােৱাৰি।।

প্রঃ শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।
উ : (ক) জৈব উপাদান কৃষি আৱৰ্জনৰ পৰা উৎপন্ন হয়। আনহাতে জলবিদ্যুৎ গতিশীল পানীৰ পৰা উৎপাদন কৰা হয়।
(খ) জৈৱ উপাদানত জৈৱ গেছৰ পাম স্থাপন কৰিব লগা হয় কিন্তু জলবিদ্যুতত বান্ধ নির্মাণ কৰিব লগা হয়।
(গ) জৈৱ উপাদান অতি মিতব্যয়ী আনহাতে জলবিদ্যুৎ ব্যয়বল।

প্রঃ  তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি?
(ক) বতাহ (খ) তৰংগ (গ) জোৱাৰ ভাটা
উ : (ক) বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা
(১) ই বায়ুৰ প্ৰবাহৰ ওপৰত নিৰ্ভৰশীল।
(২) বায়ুপ্রবাহ থকা অঞ্চলতহে উৎপাদন কৰিব পাৰি।
(৩) ই ব্যয়বহুল আৰু সঞ্চয়ৰ অযােগ্য।

(খ) তৰংগৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা
(১) সমুদ্ৰত অত্যধিক ঢৌ থাকিলেহে এই শক্তি আহৰণ কৰিব পাৰি।
(২) উপকূলীয় অঞ্চলতহে এই শক্তি আহৰণ সম্ভৱ।।
(৩) ই যথেষ্ট ব্যয়বহুল।

(গ) জোৱাৰ-ভাটাৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতা
(১) উৎপাদিত শক্তিৰ পৰিমাণ কম।
(২) ইয়াৰ বাবে বান্ধ নিৰ্মাণ কৰা ঠাই অতি সীমিত।
(৩) ই অতি ব্যয়বহুল।
(৪) সকলাে সময়তে এই শক্তি উৎপাদন কৰিব নােৱাৰি।

প্রঃ কি আধাৰত শক্তিৰ সসমূহ-
(ক) নবীকৰণযােগ্য আৰু অনবীণযােগ্য
(খ) ক্ষয়িষ্ণু যােৱা আৰু অক্ষয়িষ্ণু বুলি শ্রেণীভুক্ত কৰিবা ? (ক) আৰু (খ) ত উল্লেখ কৰা বাছনি একেই নে?
উঃ (ক) নবীকৰণযােগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে। যেনে-সৌৰ শক্তি, বায়ু শক্তি, জলশক্তি ইত্যাদি।
আনহাতে, অনবীকৰণযােগ্য শক্তি গঠন হওঁতে নিযুত নিযুত বছৰৰ প্ৰয়ােজন আৰু ই শেষ হলে কম সময়ৰ ভিতৰত ঘূৰাই পােৱা নাযায়।

(খ) সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তিৰ উৎস বােলে। যেনে—কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ আদি।
আনহাতে, যি শক্তি সহজে বা কেতিয়াও শেষ হৈ নাযায়। তেনেবােৰ শক্তিক অক্ষয়িষ্ণু শক্তিৰ উৎস বােলে। যেনে— বায়ু শক্তি, জলশক্তি আদি সেয়েহে (ক) আৰু (খ)ত উল্লেখ কৰা বাছনি একে।

প্র :   এটা আদর্শ শক্তি উৎসৰ গুণসমূহ কি কি?
উঃ এটা আদর্শশক্তি উৎসৰ গুণসমূহ হ’ল- (ক) এটা আদর্শগত ইন্ধনৰ দহনৰ ফলত প্রতি একক ভৰত যথেষ্ট তাপ শক্তি উৎপন্ন হয়।
(খ) এইবােৰ মিতব্যয়ী আৰু সহজে পােৱা যায়।
(গ) এইবােৰ সহজে পৰিবহণ কৰিব পাৰি।
(ঘ) এই ইন্ধন দহনত ক্ষতিকাৰক গেছৰ সৃষ্টি নহয় আৰু বায়ু প্ৰদূষণ নহয়।

See also  জীৱন প্ৰক্ৰিয়া {গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ} দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ৬

দশম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪

প্রঃ  সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ? এনে স্থান আছেনে য’ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত?
উঃ সৌৰ চুলাৰ সুবিধাসমূহ হ’ল-
(ক) ই প্ৰদূষণ মুক্ত।
(খ) ইয়াত কোনাে ধৰণৰ ইন্ধনৰ প্রয়ােজন নহয়।
(গ) ই মিতব্যয়ী আৰু সহজে ব্যৱহাৰ কৰিব পৰা বিধৰ।

সৌৰ চুলাৰ অসুবিধাসমূহ-
(ক) ৰাতি বা ডাৱৰীয়া বতৰত ইয়াক ব্যৱহাৰ কৰিব নােৱাৰি।
(খ) খাদ্য প্রস্তুত কৰাত বহুত সময়ৰ দৰকাৰ হয়। পৃথিৱীৰ সকলাে ঠাই তে সৌৰ কুকাৰ ফলপ্রসুভাৱে ব্যৱহাৰ কৰা নাযায়। বিশেষকৈ যিবােৰ অঞ্চলত বেছি বৰষুণ হয় আৰু সূৰ্যৰ পােহৰ কমকৈ পৰে। যেনে- মেৰু অঞ্চলত এইবােৰ ব্যৱহাৰ কৰিব নােৱাৰি।

প্রঃ  পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্দ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তি ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লােৱাৰ পৰামৰ্শ দিবা।
উঃ শক্তি বর্ধিত চাহিদাৰ ফলত জীবাশ্ম ইন্ধনৰ ব্যৱহাৰ অতিমাত্রা হয়। ইয়াৰ ফলত বায়ু প্ৰদূষণ হৈছে। জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে নিৰ্মাণ কৰা নদীবান্ধসমূহে পৰিস্থিতি তন্ত্ৰৰ প্রতিকূল প্ৰভাৱ পেলায়। নিউক্লীয় শক্তি প্রকল্প তেজস্ক্রিয় প্ৰদূষণৰ মূল কাৰণ। এনে প্ৰকল্পৰ পৰা নির্গত বিকিৰণ পৰিৱেশ বিনষ্ট কৰে।

শক্তিৰ ব্যয় কমােবাৰ বাবে শক্তিৰ নবীকৰণ অযােগ্য উৎসৰ ব্যৱহাৰ যথােচিত হ’ব লাগে। শক্তিৰ নবীণযােগ্য উৎস যেনে—সৌৰশক্তি, বতাহশক্তি, জৈৱ ভৰুৰ শক্তি আদি ব্যৱহাৰ কৰিব লাগে, পানীৰ টেপ ব্যৱহাৰৰ পিছত বন্ধ কৰিব লাগে। খাদ্য ৰন্ধাৰ বাৰে প্ৰেছাৰ কুকাৰ ব্যৱহাৰ কৰি শক্তি ৰাহি কৰিব পাৰি।

প্রঃ  তলৰ যি কোনাে এটাৰ চমুটোকা লিখা।
(i) জলশক্তি প্রকল্প
(ii) চলাৰ কুকাৰ

উঃ (i) জলশক্তি প্রকল্প : জলশক্তি প্রকল্পত অধােগামী পানীৰ স্থিতি শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। যিহেতু স্থিতি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পৰা জলপ্রপাতৰ সংখ্যা কম গতিকে জলশক্তি প্রকল্পসমূহ নদীবান্ধৰ সৈতে জড়িত।

(ii) চলাৰ কুকাৰঃ চলাৰ কুকাৰ হৈছে সৌরশক্তি সঞ্চয় কৰি ৰন্ধন ক্রিয়াত ব্যৱহাৰ কৰা এবিধ সঁজুলি। দাপােণৰ ব্যৱহাৰেৰে সৌৰ ৰশ্বিক অভিসাৰী কৰি চলাৰ কুকাৰত উষ্ণতা বৃদ্ধি কৰিব পাৰি। সৌৰ চুলাবােৰ কাঁচৰ পাতেৰে ঢাকি ৰখা হয়।

প্রঃ শক্তিৰ মূখ্য উৎসবােৰ কি কি?
উঃ কয়লা, পেট্রলিয়াম, প্রাকৃতিক গেছ অদিবােৰ শক্তিৰ মূখ্য উৎস।

প্রঃ এল পি জি কি?
উ : পেট্রলিয়ামৰ আংশিক পাতনৰ ফলত পােৱা আটাইতকৈ কম উতলাংকৰ অংশটোৱেই হৈছে এল পি জি। ইয়াৰ সম্পূর্ণ নাম তলীকৃত পেট্রলিয়াম গেছ।

প্রঃ গােবৰ গেছ কি কি কামত ব্যৱহাৰ কৰা হয়?
উঃ গােবৰ গেছ তাপ আৰু পােহৰৰ উৎস হিচাপে ব্যৱহাৰ কৰা হয়।

প্রঃ  দুবিধ গেছীয় ইন্ধনৰ নাম লিখা।
উঃ প্রাকৃতিক গেছ আৰু গােৰ গেছ।

প্রঃ সমুদ্ৰৰ পৰা উৎপন্ন শক্তিৰ উৎসবােৰ কি কি? যিকোনাে এটাৰ সীমাবদ্ধতা উল্লেখ কৰা।
উঃ সমুদ্ৰৰ পৰা উৎপন্ন হােৱা শক্তিবােৰ হ’ল-
(i) জোৱাৰ ভাটাৰ শক্তি। (ii) তৰংগ শক্তি।(iii) মহাসামুদ্রিক তাপীয় শক্তি।
ইয়াৰে যিকোনাে এটা শক্তি, জোৱাৰ ভাটাৰ শক্তিৰ সীমাবন্ধতা হল- এনে শক্তি উৎপন্ন কৰিব পৰা উপযুক্ত ঠাইৰ পৰিমাণ অতি কম। লগতে উৎপন্ন শক্তিৰ পৰিমাণে কম।

Leave a Comment