মাধ্যম | অসমীয়া (Assamese) |
---|---|
বিষয় | সাধাৰন বিজ্ঞান (General Science) |
পাঠৰ নাম | উদ্ভিদৰ প্ৰজনন |
শ্ৰেণী | সপ্তম শ্ৰেণীৰ (Class VII) |
অধ্যায় | অধ্যায় 12 (Chapter 12) |
পাঠ্যক্ৰম | ছেবা (NCERT) |
উদ্ভিদৰ প্ৰজনন Class 7
অনুশীলনী
১) খালী ঠাই পূৰ কৰা:
ক) উদ্ভিদৰ অংগজ অংশৰ পৰা এজোপা নতুন উদ্ভিদৰ সৃষ্টি হোৱাকে __বোলে।
উত্তৰ: অংগজ বংশ বিস্তাৰ (উদ্ভিদৰ শিপা, কাণ্ড বা পাতৰ পৰা নতুন উদ্ভিদ সৃষ্টি হোৱা প্ৰক্ৰিয়া)
খ) এপাহ ফুলত পুং বা স্ত্ৰী জনন যিকোনো এটা অংগ থাকিলে এনেকুৱা ফুলক_ বোলে।
উত্তৰ: একলিংগ ফুল
গ) একে ধৰণৰ ফুল এপাহৰ পুং কেশৰৰপৰা পৰাগ ৰেনু একেপাহ বা এনেধৰণৰ আন এপাহৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰিক হোৱাকে_ বুলি জনা যায়।
উত্তৰ: পৰাগযোগ (পৰাগৰেণু স্থানান্তৰ হোৱা প্ৰক্ৰিয়া)
ঘ) পুং আৰু স্ত্ৰী জননকোষৰ মিলনক _ বোলে।
উত্তৰ: নিষেচন (যৌন প্ৰজননৰ শেষ পৰ্যায়)
ঙ) বীজৰ বিস্তাৰণ ,আৰু_ জৰিয়তে হয়।
উত্তৰ: বায়ু, পানী আৰু প্ৰাণী (বীজ বিস্তাৰণৰ প্ৰধান তিনিটা মাধ্যম)
২) অযৌন প্ৰজনন বিভিন্ন পদ্ধতিবোৰ বৰ্ণনা কৰাৰ লগতে উদাহৰণ দিয়া।
উত্তৰ:
১. অংগজ বংশ বিস্তাৰ: গোলাপৰ ডালৰ পৰা নতুন গছ
২. মুকুলন: ইষ্টৰ মুকুল সৃষ্টি
৩. বিভাজন: শেলাইৰ কোষ বিভাজন
৪. ৰেণু গঠন: ঢেঁকীয়াৰ ৰেণু
৩) যৌন প্ৰজনন বুলিলে কি বুজা বহলাই লিখা।
উত্তৰ: ফুলৰ পুংকেশৰ (পৰাগৰেণু) আৰু স্ত্ৰীকেশৰ (ডিম্বক)ৰ মিলনৰ দ্বাৰা নতুন উদ্ভিদ সৃষ্টি হোৱা প্ৰক্ৰিয়া। ইয়াত পৰাগযোগ আৰু নিষেচন ঘটে।
৪) অযৌন আৰু যৌন প্ৰজননৰ মাজৰ প্ৰধান পাৰ্থক্য়সমূহ বৰ্ণনা কৰা।
উত্তৰ:
অযৌন প্ৰজনন | যৌন প্ৰজনন |
---|---|
বীজ নোহোৱাকৈ হয় | বীজৰ দ্বাৰা হয় |
দ্ৰুত প্ৰক্ৰিয়া | ধীৰ প্ৰক্ৰিয়া |
জিনীয় বৈচিত্ৰ্য কম | জিনীয় বৈচিত্ৰ্য বেছি |
৫) এপাহ ফুলৰ প্ৰজনন অংশসমূহৰ চিত্ৰ অংকন কৰাঁ।
উত্তৰ:

৬) স্ব-পৰাগযোগ আৰু ইতৰ-পৰাগযোগৰ মাজত পাৰ্থক্য লিখাঁ?
উত্তৰ:
- স্বপৰাগযোগ: একে ফুলৰ ভিতৰত পৰাগ স্থানান্তৰ
- ইতৰপৰাগযোগ: বিভিন্ন ফুলৰ মাজত পৰাগ স্থানান্তৰ
৭) ফুলৰ নিষেচন প্ৰক্ৰিয়া কেনেকৈ ঘটে লিখাঁ?
উত্তৰ:
১. পৰাগৰেণু গৰ্ভমুণ্ডত পৰে
২. পৰাগনলী সৃষ্টি হয়
৩. পুংজনন কোষ ডিম্বকত প্ৰৱেশ কৰে
৪. নিষেচন সম্পন্ন হয়
৮) বীজৰ বিস্তাৰণৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা।
উত্তৰ:
১. বায়ু: মদাৰ (পাখিযুক্ত বীজ)
২. পানী: নদীপাৰৰ গছ
৩. প্ৰাণী: কাঁইটযুক্ত বীজ
৪. বিস্ফোৰণ: এৰা গুটি
৯) ১নং স্তম্ভৰ লগত ২নং স্তম্ভ মিলোৱা:
উত্তৰ:
ক-iii (ইষ্ট),
খ-iv (পাউৰুটী ভেঁকুৰ),
গ-ii (সৰ্পিল শেলাই),
ঘ-i (মেপল),
ঙ-vi (গোলাপ)
১০) শুদ্ধ উত্তৰটোত (✔) চিন দিয়া:
উত্তৰ:
ক) iv) ফুল ✔
খ) i) নিষেচন ✔
গ) iv) ফল ✔
ঘ) ii) পাউৰুটীৰ ভেঁকুৰ ✔
ঙ) ii) পাত ✔