বিষাদ যোগ Class 10 – দশম শ্ৰেণী সকলো প্রশ্নোত্তৰ

বিষাদ যোগ class 10

বিষাদ যোগ
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম বিষাদ যোগ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১৫
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

বিষাদ যোগ Class 10

প্র : ১। চমু উত্তৰ দিয়াঃ

(ক) কুলক্ষয় দোষ কি?
উঃ কুলমানে হৈছে বংশ বা জাতি। যি দোষত কুলধর্ম নষ্ট হয়, সেয়াই কুলক্ষয় দোষ। অর্থাৎ যেতিয়া নিজৰ সুখৰ বাবে নিজ বংশৰ মানুহক হত্যা বা বধ কৰা যায় তেনে দোষকেই কুলক্ষয় দোষ বুলি কোৱা হয়।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।
উঃ কৌৰৱৰ বিশিষ্ট্য সেনাপতিসকলৰ নাম হল- দ্রোণাচার্য, পিতামহ ভীষ্ম, কৃপ, কর্ণ, অশ্বত্থামা, বিকর্ণ, ভূৰিশ্ৰবা আদি।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী আনক আৰু গােমুখ আদি ৰণবাদ্যৰ মহাশব্দ হৈছিল।

(ঘ) আততায়ী কাক বােলে ?
উঃ যিজনে বিষ দিবলৈ চেষ্টা কৰে, অগ্নি দিয়ে, ধন সর্বস্ব হৰণ কৰে, ৰাজ্যভাৰ কাঢ়ি নিয়ে, ভার্যাক অপকাৰ কৰে, অস্ত্র লৈ যুদ্ধ দিয়ে এই ছয় দোষৰ দোষীকে আততায়ী বােলা হয়।

(ঙ) মহাৰথী কাক বােলে?
উঃ যিজনে অকলে দহ হাজাৰ ধনুর্ধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে, তেওঁকেই মহাৰথী বােলে।

(চ) অজুনে বজোৱা শঙ্খটোৰ নাম কি?
উঃ অর্জুনে বজোৱা শঙ্খটোৰ নাম হ’ল দেৱদত্ত শঙ্খ।

(ছ) কিহত উঠি শ্রীকৃষ্ণই দিব্য শঙ্খ বজাইছিল?
উঃ মহাৰথত উঠি শ্রীকৃষ্ণই দিব্য শঙ্খ বজাইছিল।

(জ) ভট্টদেৱৰ সম্পূর্ণ নাম কি?
উঃ বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচার্য।

(ঝ) বিষাদ যােগ পাঠটো ক’ৰ পৰা তুলি অনা হৈছে?
উঃ বিষাদ যােগ পাঠটো ‘কথাগীতাৰ পৰা তুলি অনা হৈছে।

প্রঃ ২। ভট্টদেৱে কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য উপাধি কিয় লাভ কৰে?
উঃ ভাগৱতত বিশেষ বুৎপত্তি আৰু শাস্ত্ৰৰ ব্যাখ্যাত অগাধ পাণ্ডিত্যৰ কাৰণে ভট্টদেৱে পণ্ডিতসমাজৰ পৰা কবিৰত্ন আৰু ভাগৱত ভট্টাচার্য উপাধি লাভ কৰে।

প্রঃ ৩। অর্জুনে শ্রীকৃষক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উঃ যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণ অর্জুনৰ ৰথৰ সাৰথি আছিল। অর্জুনে সেনানীসকলক দেখি তেওঁলােকৰ ৰথ দুয়ােপক্ষৰ মাজত ৰাখিবলৈ সাৰথিক নির্দেশ দিছিল। কাৰণ অর্জুনে জানিব বিচাৰিছিল যে যুঁজিবলৈ অহা বৰসকলে কোন পক্ষৰ যুদ্ধত অংশ ল’ব। ধূর্ত দুর্যোধনক ভাল লগাবলৈ যিসকল সেনানী যুদ্ধক্ষেত্ৰত সমৱেত হৈছিল সেইসকলক অর্জুনে এবাৰ চাই ল’বলৈ বিচাৰিছিল। সেয়েহে অর্জুনে এবাৰ প্ৰমাণ চাবৰ বাবে কৃষক তেওঁলােকৰ ৰথখন দুয়ােপক্ষৰ মাজত ৰাখিবলৈ কৈছিল।

বিষাদ যোগ class 10

প্রঃ ৪। তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধাৎসৱৰ বিষয়ে লিখা।
উ: কৌৰৱ আৰু পাণ্ডৱৰ মাজত ধর্মভূমিত কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল। কৌৰৱ আৰু পাণ্ডৱ দুয়াে পক্ষই যুদ্ধৰ বাবে সাজু হৈছিল। কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধৰ ক্ষেত্ৰত একোজনকৈ সেনাপতিয়ে প্রতিনিধিত্ব কৰিছিল। ধৃতৰাষ্ট্ৰই সঞ্জয়ক পাণ্ডৱসকলে কেনেদৰে যুদ্ধৰ প্রস্তুতি চলাইছিল সেই কথা যেতিয়া জানিবলৈ বিচাৰিলে তেতিয়া সঞ্জয়ে কৈছিল যে যুধিষ্ঠিৰে ধৃষ্টদুন্নৰ লগত বেহু আকাৰত প্রস্তুতি চলাইছিল। ভীম আৰু অৰ্জুনৰ দৰে মহা ধনুর্ধৰ বীৰসকল আছিল। সাত্যকি, বিৰাট, দ্রুপদ, কাশীৰাজ, অভিমন্যু, দ্রৌপদীৰ পাঁচ পুত্ৰ আদি সকলােবােৰ মহাৰথী আছিল। এই মহাৰথীসকলে যুদ্ধ জয়ৰ কাৰণে প্ৰৱল চেষ্টা কৰিছিল।

বগা ঘোঁৰাৰ গাড়ীত উঠি কৃষ্ণ আৰু অৰ্জুনে দিব্য শংখ বজাইছিল, কৃষ্ণই পাঞ্চজন্য নামৰ শংখ বজাইছিল, অর্জুনেও দেৱদত্ত শংখ বজাইছিল। ভীমে পৌণ্ড্রক নামৰ মহা শংখ বজাইছিল। অনন্ত নামৰ মহাশংখটো ধর্মধৰ যুধিষ্ঠিৰে বজাইছিল। নকুলে সুঘােষ আৰু সহদেৱে মুনিপুষ্পক শংখৰ ধ্বনি কৰিছিল। এই মহা শব্দই আকাশ পৃথিৱী প্রতিধ্বনি কৰি ধৃতৰাষ্ট্র পক্ষৰ সকলাে লােকৰে হৃদয় বিদাৰিছিল লগতে কৌৰৱ সৈন্যৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।

লগতে পঢ়ক:   জিকিৰ Class 10 দশম শ্ৰেণী অসমীয়া পাঠ ২

প্র : ৫। অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তােমাৰ নিজৰ কথাৰে লিখা।
উঃ অর্জুনে যুদ্ধ ক্ষেত্ৰলৈ গৈ দুয়ােপক্ষৰ সৈন্যৰ মাজত পিতামহ, আচার্য, পিতৃব্য, মােমায়েক, শহুৰ আদি তেওঁৰ আত্মীয়-স্বজনক দেখা পালে। নিজৰ আত্মীয়-স্বজনক যুদ্ধক্ষেত্ৰত দেখি অর্জুনৰমন বিষাদেৰে ভৰি পৰিল। তেওঁ সখা শ্রীকৃষ্ণক ক’লে যে। তেওঁৰ হাত-ভৰি কপিছে, মুখ শুকাই গৈছে, গাৰ নােম শিয়ৰি উঠিছে। চাৰিওপিনে অমঙ্গল হে দেখা পাইছে। প্রয়ােজন হলে কৌৰৱৰ পক্ষীয় সেনাই তেওঁক মাৰি পেলাওক তথাপি অজুনে নিজৰ আত্মীয় স্বজন তথা দ্রৌণাচাৰ্যৰ দৰে গুৰু আৰু ভীষ্মৰ দৰে পিতামহক বধ কৰি ৰাজ্য দখল কৰিবলৈ তেওঁৰ মনে কেতিয়াও নিবিচাৰে বুলি শ্রীকৃষক কৈছিল। এই যুদ্ধৰ পৰিণতিত সমগ্র বংশই কুলক্ষয় হৈ নৰকগামী হ’ব। তেওঁক ৰাজ্যও নালাগে, সুখখা নালাগে। এইদৰে কৈ অৰ্জুনে ৰথৰ ওপৰত থিয় হৈ থাকিব নােৱাৰি বহি পৰিল।

প্রঃ ৭। কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে?
উ : কুলক্ষয় হলে কুলধর্ম নষ্ট হয়। কুলক্ষয় দোষৰ পৰিণতি বৰ ভয়লগা। জাতিধর্ম, কুলধর্ম নষ্ট হলে সেই বংশ নৰকলৈ যায়। সেয়েহে কুলক্ষয় দোষক মহাপাপ বােলা হৈছে।

প্রঃ ৮। “জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা………।” এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তােমাৰ কথাৰে লিখা।
উ : “জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে বহি বাক্য বুলি। ধনুশৰ এৰি কম্পিত হৈলা…. ” এইদৰে সঞ্জয়ে মহাৰাজ ধৃতৰাষ্ট্রৰ আগত কৈছিল। অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ সকলাে আত্মীয় স্বজনক দেখি হতাশাত ভাঙি পৰিছিল। সেয়েহে অর্জুনে কৃষ্ণৰ আগত ব্যক্ত কৰিলে যে আত্মীয় স্বজনক বধ কৰি তেওঁক ৰাজ্য নালাগে। অর্জুনে এই কথাষাৰ কৈ ৰথৰ ওপৰতে বহি পৰিল।

অর্থ লিখা :
অগ্রগনী→মুখ্য, প্রধান। অক্ষৌহিনী→এক অক্ষৌহিনীত ২১, ৮৭০ ৰথ আৰু হাতী, ৬৫,৬১০ ঘোৰা আৰু ১,০৯,৩৫০ পদাতিক বীৰ থাকে।
কপিধ্বজ→যাৰ ধ্বজ বা পতাকাত বান্দৰৰ প্রতীক আছে।
জনার্দন→দুষ্টজনক অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণ বা বিষ্ণুক জনার্দন বেলে।

জলাঞ্জলিহীন→যাৰ উদ্দেশ্য তর্পণ কৰা নহয়। ধানুকী→ধনুৰ বীৰ। পিতৃব্য→পিতৃৰ ভাই, খুড়া, সম্পর্কীয় বয়সীয়া পুৰুষ। বর্ণসঙ্কৰ →ভিন ভিন
জাতিৰ স্ত্ৰীপুৰুষৰ মিলনত জন্ম সন্তান। বর্ণাশ্রম ধর্ম→ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র এই চাৰি বর্ণ বা জাতিৰ ব্রহ্মচর্য গার্হস্থ্য, বানপ্রস্থ আৰু সন্যাস এই চাৰি আশ্ৰমৰ শাস্ত্রবিহিত ধর্ম। লুপ্তপিণ্ড→যাৰ পিণ্ড লােপ হয়। হৃষীকেশ→ইন্দ্ৰিয়ৰ গৰাকী, ইন্দ্ৰিয়ৰ অধিপতি। জিতেন্দ্রীয়।

বিষাদ যোগ Class 10

 

(ক) মহাৰথী কাক বােলে?
উঃ যিয়ে দহ হেজাৰ ধনুধাৰীৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বােলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখ।
উঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে— গুৰু দ্রোণাচাৰ্য, ভীষ্ম, কর্ণ, কৃপ অগ্রগণী, অশ্বত্থামা, বিকর্ণ আৰু সােমদত্তৰ পুত্ৰ ভূৰিবা।

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?
উঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শংখ,ভেৰী,আনক, গােমুখ আদিৰণবাদ্যৰ মহাশব্দ হৈছিল।

লগতে পঢ়ক:   অৰণ্য যাত্ৰা দশম শ্ৰেণী (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) Class 10 অসমীয়া

(ঘ) আততায়ী কাক বােলে?
উঃ যিয়ে বিষ দি, গৃহত অগ্নিসংযোেগ কৰি, ধন সম্পত্তি কাঢ়ি নি,ৰাজ্য কাঢ়ি নি, ভার্যাক অপকাৰ কৰি, অস্ত্র ধৰি প্ৰাণ নাশ কৰে তাকে আততায়ী বােলে।

(ঙ) কুলক্ষয় দোষ কি?
উঃ কুলক্ষয় দোষ মানে হ’ল কুলক্ষয় হলে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হলে বাকী থকা কুলকো অধর্মই চানি ধৰিব। অধর্মই চানি ধৰিলে কুলস্ত্রীসকল বিপথে যাব স্ত্রীসকল বিপথে গলেবর্ণসঙ্কৰ হ’ব। কুলনৰকত যাব। তেতিয়া পিতৃসকলৰলুপ্ত পিণ্ড জলাঞ্জলিহীন হৈ পৰিব। এই দোষত সকলাে জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মানুহবােৰ নৰকত বাস কৰিব।

তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।
উঃ কৌৰৱসকলৰ যুদ্ধ উৎসৱ ঘােষণাৰ লগে লগে পাণ্ডৱসকলেও যুদ্ধৰ উৎসৱ ঘােষণা কৰিলে। শুকুলা বৰণৰ ঘোঁৰাৰৰথত উঠি কৃষ্ণ অর্জুনে দিব্য শংখ ক্রমে পাঞ্চজন্য আৰু দেৱদত্ত বজালে। তাকে দেখি ভীমে পৌণ্ড্রক, যুধিষ্ঠিৰে অনন্ত, নকুলে সুঘােষ আৰু সহদেৱে মণিপুষ্পকনামৰশংখ বজালে। আনহাতে কাশীৰাজ, সাত্যকি, ধৃষ্টদ্যুম, বিৰাট, দ্রুপদ, দ্রৌপদীৰ পাঞ্চপুত্র, সুভদ্ৰাৰ পুত্ৰ অভিমন্যুহঁতেও নিজ নিজ শংখ বজালে। এই শংখৰ মহাশব্দ গােটেই পৃথিবীতে বিয়পি পৰিল। এই শব্দত কৌৰৱসকলৰ মনত এক ধৰণৰ ভয় ভাব জাগ্রত হ’বলৈ ধৰিছিল। এনেদৰেই যুদ্ধক্ষেত্ৰত পাণ্ডৱসকলে যুদ্ধ উৎসৱৰ আৰম্ভণি কৰিছিল।

অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰখন ৰাখিবলৈ কিয় কৈছিল?
উঃ অর্জুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰখন ৰাখিবলৈ কৈছিল। যিসকল লােকৰ সৈতে অর্জুনে যুদ্ধ কৰিবলৈ আহিছে তেওঁলােক নিজৰ আত্মীয়-স্বজন।গতিকে সেইসকলআত্মীয়-স্বজনৰ মুখবােৰ তেওঁ চাব বিচাৰিছিল।

অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােকক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তােমাৰ নিজৰ কথাৰে লিখা।
উঃ যুদ্ধক্ষেত্রলৈ গৈ অর্জুনে প্রথমে ভীষ্ম, দ্রোণক দেখিলে। তাৰ পাছত ক্রমে পিতৃব্য, পিতামহ, আচার্য, মাতুল, ভাতৃ, পুত্র পৌত্র, সখি, শহুৰ সুহৃদসকলক দেখা পালে। এইসকলে যুদ্ধৰ বাবে সাজু হােৱা দেখিতেওঁ আৱেগিক হৈ পৰিল। কৃষক ক’লে। যে এই জ্ঞাতি ভাইসকল যুদ্ধ কৰিবলৈ অহা দেখি তেওঁৰ হাত-ভৰি ভাঙি যাবলৈ ধৰিছে, মুখ শুকাই যাব ধৰিছে, শৰীৰ কঁপিছে আৰু নিজে লজ্জাবােধ কৰিছে।

কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে আলােচনা কৰা।
উঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হলে বাকী থকা কুলকো অধর্মই চানি ধৰিব। অধর্মই চানি ধৰিলে কুলৰ স্ত্ৰীসকল বিপথে যাব। স্ত্রী বিপথে গ’লে বর্ণসংকৰ হ’ব আৰুকুলনৰকত যাব। তেতিয়া আকৌ পিতৃসকলৰ লুপ্তপিণ্ডসমূহ জলাঞ্জলিহীন। হৈ পৰিব। এনে দোষৰ বাবে সকলাে জাতি-ধর্ম,  কুলধর্ম,বর্ণাশ্রম ধর্মনষ্ট হৈ মানুহবােৰ নৰকত বাস কৰিব লাগিব। সেয়ে কুলক্ষয় দোষক মহাপাপ বুলি কোৱা হৈছে।

“জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে বহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈলা …… এইদৰে কোনে কাক কৈছে? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল।
তােমাৰ কথাৰে লিখা।
উঃ উদ্ধৃত কথাফাকি সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। যুদ্ধক্ষেত্ৰত যেতিয়া অর্জুনে নিজৰ আত্মীয়স্বজনসকলৰ সৈতে যুদ্ধ কৰিব লগীয়াত পৰিছিল তেতিয়া তেওঁৰ মনত নানা প্রশ্নৰ অৱতাৰণা হৈছিল। তেওঁ আৱেগিক হৈ পৰিছিল। নিজৰ আত্মীয়স্বজনক বধ কৰি তেওঁ ৰাজ্যভাৰ আৰু মহাসুখবাগ কৰা নাছিল। যদিও কৌৰৱসকলে। আততায়ীৰূপ লৈছে, লােভত পৰি কুলক্ষয় দোষ কৰিছে, তথাপি যদি তেওঁলােকৰ সৈতে মই যুদ্ধ কৰোঁ ময়াে মহাপাপত পৰিম। তাতকৈ যুদ্ধক্ষেত্ৰত মই অস্ত্র নধৰি যৌন হৈ থাকিম। যদি দুর্যোধনে আহি অস্ত্র ধৰি মােক বধ কৰে সেয়াই মাে: ভাল হ’ব। অন্ততঃ এই মহাপাপ নহ’ব। এনেদৰে কৃষ্ণক অর্জুনে কৈ ধনুশৰ এৰি কপি কঁপি ৰথৰ ওপৰত বহি পৰিল।

লগতে পঢ়ক:   ইন্টাৰনেটৰ তিতা মিঠা Class 10 ( প্ৰশ্ন উত্তৰ ) দশম শ্ৰেণী

লগতে পঢ়ক: দৃশ্যান্তৰ কবিতা

বিষাদ যোগ Class 10

ভাষা বিষয়ক 

তলত দিয়া শব্দবােৰৰ একোটিকৈ সমার্থক শব্দ লিখা –
নিপুণ, সমীপ, বিস্তৰ, সহষ, সদৃশ, বাদ্য, কৰচৰণ, চর্ম, শ্রুতি, বিমঙ্গল, বান্ধৱ।

নিপুণ – পাকৈত
সমীপ – নিকট
বিস্তৰ- বহুত
সহস্ৰ – হাজাৰ
সদৃশ – একে
বাদ্য – বাজনা
কৰ  চৰণ – ভৰিত ধৰা
চৰ্ম – ছাল
শ্ৰুতি – বেদ
বিমঙ্গল- অমংগল
বান্ধব – মিত্ৰ

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা –
হুয়া, ক, চক্ষু, কৰিলা, চাঞা, মঞি, বুলিলা, খাস, ফুল্কিলা, বাইলা, ৰহিবে

উঃ

শব্দ আধুনিক ৰূপ
হুয়া হৈ
কৰিলো কৰিলে 
কহা কোৱা
চাঞো চাও
মঞি মই 
বুলিনা কলে
 খাস সহিপৰা
ফুঞ্চিলা ফুকিলে
বাইলা বজালে
 ৰহিবে ৰোৱা
ৰহো ৰৈ থকা

বিষাদ যোগ Class 10

অতি চমু প্রশ্নোত্তৰ

(ক) ধৃতৰাষ্ট্ৰই কাৰ পৰা কুৰুক্ষেত্র যুদ্ধৰ বিৰণ শুনিছিল?
উঃ ধৃতৰাষ্ট্ৰই সঞ্জয়ৰ মুখে কুৰুক্ষেত্ৰৰ যুদ্ধৰ বিৱৰণ শুনিছিল।
(খ) ধৃষ্টদ্যুম্ন কাৰ পুত্ৰ আছিল?
উঃ ধৃষ্টদ্যুম্ন দ্রুপদৰ পুত্ৰ আছিল।
(গ) সুভদ্ৰাৰ পুত্ৰৰ নাম কি আছিল?
উঃ সুভদ্ৰাৰ পুত্ৰৰ নাম আছিল অভিমন্যু।
(ঘ) ভট্টদেৱৰ সম্পূর্ণ নাম কি?
উঃ ভট্টদেৱৰ সম্পূর্ণ নাম হ’ল বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচাৰ্য্য।
(ঙ) অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা কোন?
উঃ অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা হ’ল ভট্টদেৱ বা বৈকুণ্ঠনাথ কবিৰত্ন ভাগৱত ভট্টাচার্য্য।
চ) “বিষাদ যােগ” পাঠটো ক’ৰ পৰা লােৱা হৈছে।
উঃ “বিষাদ যােগ” পাঠটো ভট্টদেৱৰ “কথা গীতা”পুথিখনৰ পৰা লােৱা হৈছে।
(ছ) পাণ্ডৱসকলৰ পিতৃ কোন আছিল?
উঃ পাণ্ডৱসকলৰ পিতৃ আছিল পাণ্ডু।
(জ) কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষই বজোৱা শংখটোৰ নাম কি আছিল?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধত কৃষ্ণই বজোৱা শংখটোৰ নাম আছিল পাঞ্চজন্য।
(ঝ) ভট্টদেৱৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা।
উঃ ভট্টদেৱৰৰচিত দুখন গ্ৰন্থৰনাম হ’ল –“কথা-গীতা”আৰু “কথা ভাগৱত”।
(ঞ) ভইদেৱে তেওঁৰ পাণ্ডিত্যৰ বাৰে কি কি উপাধি লাভ কৰিছিল ?
উঃ ভাইদেৱে তেওঁৰ পাণ্ডিত্যৰ বাবে “কবিৰত্ন”আৰু “ভাগৱত ভট্টাচাৰ্য্য উপাধি লাভ কৰিছিল।
(ক) কুরুক্ষেত্র যুদ্ধ কাৰ মাজত হৈছিল? এই যুদ্ধত পাণ্ডৰ পক্ষে যুঁজা বীৰসকল কোন কোন আছিল?
উঃ কুৰুক্ষেত্ৰৰ যুদ্ধ কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত সংঘটিত হৈছিল। এই যুদ্ধত পাণ্ডৱৰ পক্ষে যুঁজা বীৰসকল আছিল পঞ্চপাণ্ডৱ যুধিষ্ঠিৰ, ভীম, অর্জুন, নকুল আৰু সহদেৱৰ লগতে দ্রুপদৰ পুত্র ধৃষ্টদ্যুম্ন, সাত্যকি, বিৰাট, চেকিতান, কাশীৰাজ, পুৰুজিত, কুন্তীভােজ, যুধামন্য, দ্রৌপদীৰ পঞ্চপুত্র, সুভদ্ৰাৰ পুত্র অভিমন্যু।
(খ) অজুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কিয় কৈছিল?
উঃ অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ দুর্যোধনৰ কৌৰৱৰ পক্ষত যুঁজিবলৈ অহা বীৰসকলৰ মাজত নিজৰ পিতৃতুল্য পিতামহ ভীষ্ম, আচাৰ্য্য দ্রোণাচাৰ্য্য, ভাতৃ, মাতুল, পুত্র, সখি, শহুৰ, বন্ধুসকলক দেখা পাই তেওঁলােকৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হােৱাত শােকত মর্মাহত হৈ পৰিছিল। তেওঁৰ হাতৰ পৰা গাণ্ডীৱ খহি পৰিছিল। তেওঁ নিজৰ প্ৰাণৰাে প্ৰাণৰ আত্মীয়সকলক বধ কৰি যুদ্ধত জয়ী হৈ ৰাজ্য সুখ ভােগ কৰাৰ কোনাে বাঞ্চা কৰা নাছিল আৰু তেওঁৰ মনক এই যুদ্ধৰ বাবে প্রস্তুত কৰিব পৰা নাছিল। সেয়ে অর্জুনে যুদ্ধক্ষেত্ৰত উপস্থিত হৈ যুদ্ধ নকৰোঁ বুলি কৈছিল।

More Class 10 Assamese Lesson

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5