SEBA Class 10 Science Chapter 1 Question Answer In Assamese | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। Class 10 General Science Question and Answer Assam | দশম শ্ৰেণী প্ৰশ্ন আৰু উত্তৰ ।
| মাধ্যম | অসমীয়া (Assamese) |
|---|---|
| বিষয় | সাধাৰন বিজ্ঞান (General Science) |
| পাঠৰ নাম | ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions and Equations) |
| শ্ৰেণী | দশম (Class X) |
| অধ্যায় | অধ্যায় ১ (Chapter 1) |
| পাঠ্যক্ৰম | ছেবা (SEBA) |
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
তলত দশম শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম অধ্যায় “ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ” পাঠটিৰ সকলো প্ৰশ্নৰ উত্তৰ শুদ্ধ আৰু সুন্দৰকৈ লিখি দিয়া হ’ল।
পাঠৰ মাজত থকা প্ৰশ্নসমূহৰ উত্তৰ
পৃষ্ঠা নং: ৬ (Page No: 6)
প্ৰশ্ন ১: বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল’ব লাগে কিয়?
উত্তৰ: মেগনেছিয়াম (Mg) এবিধ অতি সক্ৰিয় ধাতু। ইয়াক বায়ুত মুকলিকৈ ৰাখিলে ই বায়ুৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি ইয়াৰ ওপৰত মেগনেছিয়াম অক্সাইডৰ (MgO) এটা তৰপ গঠন কৰে। এই তৰপটোৱে মেগনেছিয়ামৰ দহনত বাধা দিয়ে। সেয়েহে, দহনৰ আগতে ফিতাডাল বালি কাগজেৰে ঘঁহি পৰিষ্কাৰ কৰি লোৱা হয় যাতে ই সহজে বায়ুত জ্বলি উঠিব পাৰে।
প্ৰশ্ন ২: তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।
(i) হাইড্ৰ’জেন + ক্ল’ৰিন → হাইড্ৰ’জেন ক্ল’ৰাইড
উত্তৰ: H₂(g) + Cl₂(g) → 2HCl(g)
(ii) বেৰিয়াম ক্ল’ৰাইড + এলুমিনিয়াম ছালফেট → বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল’ৰাইড
উত্তৰ: 3BaCl₂(aq) + Al₂(SO₄)₃(aq) → 3BaSO₄(s) + 2AlCl₃(aq)
(iii) ছ’ডিয়াম + পানী → ছ’ডিয়াম হাইড্ৰ’ক্সাইড + হাইড্ৰ’জেন
উত্তৰ: 2Na(s) + 2H₂O(l) → 2NaOH(aq) + H₂(g)
প্ৰশ্ন ৩: তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
(i) বেৰিয়াম ক্ল’ৰাইড আৰু ছ’ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়।
উত্তৰ: BaCl₂(aq) + Na₂SO₄(aq) → BaSO₄(s) + 2NaCl(aq)
(ii) ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ (পানীত) হাইড্ৰ’ক্ল’ৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্ৰিয়া কৰি ছ’ডিয়াম ক্ল’ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।
উত্তৰ: NaOH(aq) + HCl(aq) → NaCl(aq) + H₂O(l)
পৃষ্ঠা নং: ১০ (Page No: 10)
প্ৰশ্ন ১: এটা পদাৰ্থ ‘X’ ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White washing) ব্যৱহাৰ কৰা হয়।
(i) পদাৰ্থ ‘X’ ৰ নাম আৰু সংকেত লিখা।
উত্তৰ: পদাৰ্থ ‘X’ ৰ নাম হ’ল কেলছিয়াম অক্সাইড (Calcium Oxide) বা পোৰা চূণ (Quicklime)। ইয়াৰ ৰাসায়নিক সংকেত হ’ল CaO।
(ii) পানীৰে সৈতে পদাৰ্থ ‘X’ এ কৰা বিক্ৰিয়াটো লিখা।
উত্তৰ: CaO(s) + H₂O(l) → Ca(OH)₂(aq) + তাপ
প্ৰশ্ন ২: কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।
উত্তৰ: কাৰ্যকলাপ 1.7 ত পানীৰ বিদ্যুৎ বিশ্লেষণ কৰা হৈছে। পানীৰ (H₂O) এটা অণুত দুটা হাইড্ৰ’জেন পৰমাণু আৰু এটা অক্সিজেন পৰমাণু থাকে। বিদ্যুৎ বিশ্লেষণৰ ফলত পানী হাইড্ৰ’জেন (H₂) আৰু অক্সিজেন (O₂) গেছলৈ বিযোজিত হয়।
সমীকৰণটো হ’ল: 2H₂O(l) → 2H₂(g) + O₂(g)
এই সমীকৰণৰ পৰা দেখা যায় যে উৎপন্ন হোৱা হাইড্ৰ’জেন গেছৰ পৰিমাণ অক্সিজেন গেছৰ পৰিমাণৰ দুগুণ। হাইড্ৰ’জেন গেছ কেথ’ডত আৰু অক্সিজেন গেছ এন’ডত জমা হয়। সেয়েহে, এটা পৰীক্ষানলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটোৰ দুগুণ হয়।
এই গেছটোৰ নাম হাইড্ৰ’জেন।
পৃষ্ঠা নং: ১৩ (Page No: 13)
প্ৰশ্ন ১: লোৰ গজাল এটা ডুবাই ৰাখিলে ক’পাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবৰ্তন ঘটে কিয়?
উত্তৰ: লো (Fe) ক’পাৰতকৈ (Cu) অধিক সক্ৰিয় ধাতু। সেয়েহে, যেতিয়া লোৰ গজাল এটা ক’পাৰ ছালফেট (CuSO₄) দ্ৰৱত ডুবাই ৰখা হয়, তেতিয়া লোৱে ক’পাৰ ছালফেটৰ পৰা ক’পাৰক অপসাৰণ কৰি আইৰন ছালফেট (FeSO₄) উৎপন্ন কৰে। এই বিক্ৰিয়াটোক অপসৰণ বিক্ৰিয়া বোলা হয়।
Fe(s) + CuSO₄(aq) → FeSO₄(aq) + Cu(s)
ক’পাৰ ছালফেট দ্ৰৱৰ ৰং নীলা, কিন্তু বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা আইৰন ছালফেটৰ ৰং পাতল সেউজীয়া। সেয়েহে দ্ৰৱটোৰ নীলা ৰং পাতল হৈ পৰে।
প্ৰশ্ন ২: কাৰ্যকলাপ 1.10 ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া।
উত্তৰ: যেতিয়া ছিলভাৰ নাইট্ৰেট (AgNO₃) দ্ৰৱত ছ’ডিয়াম ক্ল’ৰাইড (NaCl) দ্ৰৱ যোগ কৰা হয়, তেতিয়া ছিলভাৰ ক্ল’ৰাইডৰ (AgCl) বগা অধঃক্ষেপ আৰু ছ’ডিয়াম নাইট্ৰেট (NaNO₃) দ্ৰৱ উৎপন্ন হয়। ই এটা দ্বিঅপসৰণ বিক্ৰিয়াৰ উদাহৰণ।
AgNO₃(aq) + NaCl(aq) → AgCl(s) + NaNO₃(aq)
প্ৰশ্ন ৩: তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা।
(i) 4Na(s) + O₂(g) → 2Na₂O(s)
উত্তৰ: ইয়াত ছ’ডিয়াম (Na) অক্সিজেন লাভ কৰি জাৰিত হৈছে, আৰু অক্সিজেন (O₂) বিজাৰিত হৈছে।
(ii) CuO(s) + H₂(g) → Cu(s) + H₂O(l)
উত্তৰ: ইয়াত ক’পাৰ অক্সাইডে (CuO) অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে, আৰু হাইড্ৰ’জেনে (H₂) অক্সিজেন লাভ কৰি জাৰিত হৈছে।
অনুশীলনীৰ প্ৰশ্নোত্তৰ
(পৃষ্ঠা নং: ১৪-১৫ / Page No: 14-15)
প্ৰশ্ন ১: তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ?
2PbO(s) + C(s) → 2Pb(s) + CO₂(g)
উত্তৰ: (i) (a) আৰু (b)
প্ৰশ্ন ২: Fe₂O₃ + 2Al → Al₂O₃ + 2Fe, ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ –
উত্তৰ: (d) এটা অপসৰণ বিক্ৰিয়াৰ
প্ৰশ্ন ৩: কি ঘটে যেতিয়া লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুড়িত যোগ কৰা হয়?
উত্তৰ: (a) হাইড্ৰ’জেন গেছ আৰু আইৰন ক্ল’ৰাইড উৎপন্ন হয়।
প্ৰশ্ন ৪: সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে?
উত্তৰ: যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা সমান থাকে, তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে।
ভৰৰ নিত্যতা সূত্ৰ (Law of Conservation of Mass) অনুসৰি, কোনো ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ নহয়। অৰ্থাৎ, বিক্ৰিয়কৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ সমান হ’ব লাগে। এই সূত্ৰটো মানি চলিবলৈ ৰাসায়নিক সমীকৰণবোৰ সন্তুলিত কৰা হয়।
প্ৰশ্ন ৫: তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা।
উত্তৰ:
(a) 3H₂(g) + N₂(g) → 2NH₃(g)
(b) 2H₂S(g) + 3O₂(g) → 2H₂O(l) + 2SO₂(g)
(c) 3BaCl₂(aq) + Al₂(SO₄)₃(aq) → 3BaSO₄(s) + 2AlCl₃(aq)
(d) 2K(s) + 2H₂O(l) → 2KOH(aq) + H₂(g)
প্ৰশ্ন ৬: তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তলন কৰা।
উত্তৰ:
(a) 2HNO₃ + Ca(OH)₂ → Ca(NO₃)₂ + 2H₂O
(b) 2NaOH + H₂SO₄ → Na₂SO₄ + 2H₂O
(c) NaCl + AgNO₃ → AgCl + NaNO₃ (এইটো ইতিমধ্যে সন্তুলিত)
(d) BaCl₂ + H₂SO₄ → BaSO₄ + 2HCl
প্ৰশ্ন ৭: তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।
উত্তৰ:
(a) Ca(OH)₂(aq) + CO₂(g) → CaCO₃(s) + H₂O(l)
(b) Zn(s) + 2AgNO₃(aq) → Zn(NO₃)₂(aq) + 2Ag(s)
(c) 2Al(s) + 3CuCl₂(aq) → 2AlCl₃(aq) + 3Cu(s)
(d) BaCl₂(aq) + K₂SO₄(aq) → BaSO₄(s) + 2KCl(aq)
প্ৰশ্ন ৮: তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা।
উত্তৰ:
(a) 2KBr(aq) + BaI₂(aq) → 2KI(aq) + BaBr₂(s) ; প্ৰকাৰ: দ্বিঅপসৰণ বিক্ৰিয়া
(b) ZnCO₃(s) → ZnO(s) + CO₂(g) ; প্ৰকাৰ: বিযোজন বিক্ৰিয়া
(c) H₂(g) + Cl₂(g) → 2HCl(g) ; প্ৰকাৰ: সংযোজন বিক্ৰিয়া
(d) Mg(s) + 2HCl(aq) → MgCl₂(aq) + H₂(g) ; প্ৰকাৰ: অপসৰণ বিক্ৰিয়া
প্ৰশ্ন ৯: তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।
উত্তৰ:
তাপবৰ্জী বিক্ৰিয়া (Exothermic Reaction): যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ শক্তিও উৎপন্ন হয়, সেইবোৰক তাপবৰ্জী বিক্ৰিয়া বোলে। উদাহৰণ: CH₄(g) + 2O₂(g) → CO₂(g) + 2H₂O(g) + তাপ।
তাপগ্ৰাহী বিক্ৰিয়া (Endothermic Reaction): যিবোৰ বিক্ৰিয়াত তাপ শক্তি শোষণ হয়, সেইবোৰক তাপগ্ৰাহী বিক্ৰিয়া বোলে। উদাহৰণ: CaCO₃(s) + তাপ → CaO(s) + CO₂(g)।
প্ৰশ্ন ১০: শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।
উত্তৰ: আমি জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন, যি আমি খাদ্যৰ পৰা পাওঁ। হজম প্ৰক্ৰিয়াত খাদ্য সৰল পদাৰ্থলৈ ভাঙে, যেনে কাৰ্ব’হাইড্ৰেট ভাঙি গ্লুক’জ হয়। এই গ্লুক’জ আমাৰ দেহৰ কোষত অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে। যিহেতু এই প্ৰক্ৰিয়াত শক্তি নিৰ্গত হয়, সেয়েহে শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়।
C₆H₁₂O₆(aq) + 6O₂(aq) → 6CO₂(aq) + 6H₂O(l) + শক্তি
প্ৰশ্ন ১১: বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা।
উত্তৰ: সংযোজন বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ গঠন কৰে। আনহাতে, বিযোজন বিক্ৰিয়াত এটা বিক্ৰিয়ক ভাঙি দুই বা ততোধিক সৰল পদাৰ্থ উৎপন্ন কৰে। সেয়েহে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয়।
- সংযোজন: 2H₂(g) + O₂(g) → 2H₂O(l)
- বিযোজন: 2H₂O(l) –(বিদ্যুৎ)–> 2H₂(g) + O₂(g)
প্ৰশ্ন ১২: তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা।
উত্তৰ:
- তাপ: CaCO₃(s) –(তাপ)–> CaO(s) + CO₂(g)
- পোহৰ: 2AgCl(s) –(পোহৰ)–> 2Ag(s) + Cl₂(g)
- বিদ্যুৎ: 2H₂O(l) –(বিদ্যুৎ)–> 2H₂(g) + O₂(g)
প্ৰশ্ন ১৩: অপসৰণ আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি?
উত্তৰ:
- অপসৰণ বিক্ৰিয়া: ইয়াত এটা অধিক সক্ৰিয় মৌলে আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ দ্ৰৱৰ পৰা অপসাৰিত কৰে। উদাহৰণ: Fe + CuSO₄ → FeSO₄ + Cu
- দ্বিঅপসৰণ বিক্ৰিয়া: ইয়াত দুটা যৌগৰ মাজত আয়নৰ আদান-প্ৰদান ঘটে। উদাহৰণ: Na₂SO₄ + BaCl₂ → BaSO₄ + 2NaCl
প্ৰশ্ন ১৪: ছিলভাৰৰ পৰিশোধনত ছিলভাৰ নাইট্ৰে’ট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে ক’পাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্ৰিয়াটো লিখা।
উত্তৰ: Cu(s) + 2AgNO₃(aq) → Cu(NO₃)₂(aq) + 2Ag(s)
প্ৰশ্ন ১৫: অধঃক্ষেপণ বিক্ৰিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰ:যি বিক্ৰিয়াত দুটা জলীয় দ্ৰৱ মিহলি কৰিলে এটা অদ্ৰাব্য গোটা পদাৰ্থ (অধঃক্ষেপ) উৎপন্ন হয়, তাক অধঃক্ষেপণ বিক্ৰিয়া বোলে। উদাহৰণ: Na₂SO₄(aq) + BaCl₂(aq) → BaSO₄(s) + 2NaCl(aq)। ইয়াত BaSO₄ হ’ল বগা অধঃক্ষেপ।
প্ৰশ্ন ১৬: অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰ:
- (a) জাৰণ: যি বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন লাভ কৰে, তাক জাৰণ বোলে। উদাহৰণ: 2Cu + O₂ → 2CuO; C + O₂ → CO₂।
- (b) বিজাৰণ: যি বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেন হেৰুৱায়, তাক বিজাৰণ বোলে। উদাহৰণ: CuO + H₂ → Cu + H₂O; ZnO + C → Zn + CO।
প্ৰশ্ন ১৭: এটা উজ্জ্বল মুগা ৰঙৰ মৌল ‘X’ ক বায়ুত গৰম কৰাত ক’লা হৈ পৰিল। মৌল ‘X’ আৰু উৎপন্ন হোৱa ক’লা ৰঙৰ যৌগটোৰ নাম লিখা।
উত্তৰ: মৌল ‘X’ হ’ল ক’পাৰ (Cu)। উৎপন্ন হোৱা ক’লা ৰঙৰ যৌগটো হ’ল ক’পাৰ (II) অক্সাইড (CuO)।
প্ৰশ্ন ১৮: লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিও কিয়?
উত্তৰ: লোৰ বস্তুক মামৰে ধৰাৰ (ক্ষয়ীভৱন) পৰা বচাবলৈ ৰঙৰ প্ৰলেপ দিয়া হয়। ৰঙৰ প্ৰলেপে লোৰ পৃষ্ঠভাগক বায়ু আৰু জলীয় বাষ্পৰ সংস্পৰ্শলৈ অহাত বাধা দিয়ে, যাৰ ফলত মামৰ ধৰা প্ৰক্ৰিয়াটো বন্ধ হয়।
প্ৰশ্ন ১৯: তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰ’জেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?
উত্তৰ: তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু বায়ুত থকা অক্সিজেনৰ সংস্পৰ্শলৈ আহিলে জাৰিত হৈ দুৰ্গন্ধযুক্ত হয়। এই প্ৰক্ৰিয়াটোক দুৰ্গন্ধিতা (Rancidity) বোলে। নাইট্ৰ’জেন এবিধ নিষ্ক্ৰিয় গেছ যিয়ে জাৰণ প্ৰক্ৰিয়াত বাধা দিয়ে। সেয়েহে, খাদ্যবস্তুক দুৰ্গন্ধিতাৰ পৰা বচাবলৈ নাইট্ৰ’জেন গেছৰ পৰিবেশত পেকেটত ভৰোৱা হয়।
প্ৰশ্ন ২০: এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা।
উত্তৰ:
(a) ক্ষয়ীভৱন (Corrosion): যেতিয়া কোনো ধাতু বায়ু, জলীয় বাষ্প, এছিড আদিৰ সংস্পৰ্শলৈ আহে, তেতিয়া ইয়াৰ পৃষ্ঠভাগ লাহে লাহে ক্ষয় যায়। এই প্ৰক্ৰিয়াটোক ক্ষয়ীভৱন বোলে। উদাহৰণ: লোত মামৰে ধৰা।
(b) চৰ্বিৰ দুৰ্গন্ধিতা (Rancidity): তেল বা চৰ্বিযুক্ত খাদ্যবস্তু বায়ুত বহুদিন ৰাখিলে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি জাৰিত হয়, যাৰ ফলত ইয়াৰ গোন্ধ আৰু সোৱাদ সলনি হৈ যায়। এই পৰিঘটনাটোক দুৰ্গন্ধিতা বোলে। উদাহৰণ: পুৰণি তেলত ভজা চিপচৰ গোন্ধ সলনি হোৱা।
ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ
MCQ আৰু উত্তৰ
প্রশ্ন ১. মেগনেছিয়ামৰ ফিটা এডাল বায়ুত জ্বলোৱাৰ আগতে পৰিষ্কাৰ কৰাৰ প্রয়োজন কিয়?
ক) ইয়াক চিকচিকীয়া কৰিবলৈ
খ) অক্সাইডৰ স্তৰ আঁতৰাবলৈ, যিয়ে বিক্ৰিয়াৰ গতি কমায়
গ) ইয়াৰ ওজন বঢ়াবলৈ
ঘ) ইয়াক অবিক্ৰিয়াশীল কৰিবলৈ
উত্তৰ: খ) অক্সাইডৰ স্তৰ আঁতৰাবলৈ, যিয়ে বিক্ৰিয়াৰ গতি কমায়
প্রশ্ন ২. হাইড্ৰ’জেন আৰু ক্ল’ৰিনৰ মাজত হোৱা বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ কি?
ক) H₂ + Cl₂ → HCl
খ) H₂ + Cl₂ → 2HCl
গ) 2H₂ + Cl₂ → 2HCl
ঘ) H₂ + 2Cl₂ → 2HCl
উত্তৰ: খ) H₂ + Cl₂ → 2HCl
প্রশ্ন ৩. BaCl₂ + Na₂SO₄ → BaSO₄ + 2NaCl বিক্ৰিয়াত BaSO₄ৰ অৱস্থা কি?
ক) কঠিন (s)
খ) তৰল (l)
গ) জলীয় (aq)
ঘ) গেছ (g)
উত্তৰ: ক) কঠিন (s)
প্রশ্ন ৪. বগা ৰং সানিবলৈ ব্যৱহৃত কলিচুণৰ সংকেত কি?
ক) Ca(OH)₂
খ) CaCO₃
গ) CaO
ঘ) CaSO₄
উত্তৰ: গ) CaO
প্রশ্ন ৫. পানীৰ বিদ্যুৎ বিশ্লেষণত সংগ্ৰহ কৰা হাইড্ৰ’জেন গেছৰ পৰিমাণ অক্সিজেনৰ দুগুণ কিয়?
ক) অক্সিজেন বেছি সক্ৰিয়
খ) পানীত হাইড্ৰ’জেন পৰমাণু অক্সিজেনৰ দুগুণ
গ) অক্সিজেন দ্ৰুত ওলাই যায়
ঘ) হাইড্ৰ’জেন ঘন
উত্তৰ: খ) পানীত হাইড্ৰ’জেন পৰমাণু অক্সিজেনৰ দুগুণ
প্রশ্ন ৬. লোৰ গজাল এটা ক’পাৰ ছালফেট দ্ৰৱত ডুবালে দ্ৰৱৰ ৰং কি হয়?
ক) সেউজীয়া
খ) নীলা থাকে
গ) ৰঙা
ঘ) বৰণহীন
উত্তৰ: ক) সেউজীয়া
প্রশ্ন ৭. তলৰ কোনটো দ্বিঅপসাৰণ বিক্ৰিয়াৰ উদাহৰণ?
ক) Zn + CuSO₄ → ZnSO₄ + Cu
খ) 2H₂ + O₂ → 2H₂O
গ) Na₂CO₃ + CaCl₂ → CaCO₃ + 2NaCl
ঘ) CaCO₃ → CaO + CO₂
উত্তৰ: গ) Na₂CO₃ + CaCl₂ → CaCO₃ + 2NaCl
প্রশ্ন ৮. 4Na + O₂ → 2Na₂O বিক্ৰিয়াত কোনটো জাৰিত হৈছে?
ক) O₂
খ) Na
গ) Na₂O
ঘ) কোনোটো নহয়
উত্তৰ: খ) Na
প্রশ্ন ৯. 2PbO + C → 2Pb + CO₂ বিক্ৰিয়াৰ বাবে কোনটো উক্তি অশুদ্ধ?
ক) লেড বিজাৰিত হৈছে
খ) কার্বন ডাই অক্সাইড জাৰিত হৈছে
গ) কার্বন জাৰিত হৈছে
ঘ) লেড অক্সাইড বিজাৰিত হৈছে
উত্তৰ: খ) কার্বন ডাই অক্সাইড জাৰিত হৈছে
প্রশ্ন ১০. Fe₂O₃ + 2Al → Al₂O₃ + 2Fe বিক্ৰিয়াটো কোন প্রকাৰৰ?
ক) সংযোজন বিক্ৰিয়া
খ) দ্বিঅপসাৰণ বিক্ৰিয়া
গ) বিযোজন বিক্ৰিয়া
ঘ) অপসাৰণ বিক্ৰিয়া
উত্তৰ: ঘ) অপসাৰণ বিক্ৰিয়া
প্রশ্ন ১১. লঘু হাইড্ৰ’ক্ল’ৰিক এছিড লোৰ গুড়িৰ সৈতে যোগ কৰিলে কোন গেছ উৎপন্ন হয়?
ক) ক্ল’ৰিন
খ) অক্সিজেন
গ) হাইড্ৰ’জেন
ঘ) কার্বন ডাই অক্সাইড
উত্তৰ: গ) হাইড্ৰ’জেন
প্রশ্ন ১২. ৰাসায়নিক সমীকৰণ সন্তুলিত কৰাৰ প্রয়োজন কিয়?
ক) সুন্দৰ দেখাবলৈ
খ) ভৰ সংৰক্ষণৰ নীতি পালন কৰিবলৈ
গ) বিক্ৰিয়াৰ গতি বঢ়াবলৈ
ঘ) বিকাৰকৰ সংখ্যা কমাবলৈ
উত্তৰ: খ) ভৰ সংৰক্ষণৰ নীতি পালন কৰিবলৈ
প্রশ্ন ১৩. হাইড্ৰ’জেন ছালফাইড বায়ুত দাহিলে কি হয়, সঠিক সমীকৰণ কোনটো?
ক) H₂S + O₂ → H₂O + SO₂
খ) 2H₂S + 3O₂ → 2H₂O + 2SO₂
গ) H₂S + 2O₂ → H₂O + SO₂
ঘ) 2H₂S + O₂ → H₂O + SO₂
উত্তৰ: খ) 2H₂S + 3O₂ → 2H₂O + 2SO₂
প্রশ্ন ১৪. তলৰ কোনটো বিযোজন বিক্ৰিয়াৰ উদাহৰণ?
ক) ZnCO₃ → ZnO + CO₂
খ) H₂ + Cl₂ → 2HCl
গ) BaCl₂ + K₂SO₄ → BaSO₄ + 2KCl
ঘ) Mg + 2HCl → MgCl₂ + H₂
উত্তৰ: ক) ZnCO₃ → ZnO + CO₂
প্রশ্ন ১৫. তলৰ কোনটো তাপবর্জী বিক্ৰিয়া?
ক) N₂ + O₂ → 2NO
খ) C + O₂ → CO₂
গ) 2H₂O → 2H₂ + O₂
ঘ) CaCO₃ → CaO + CO₂
উত্তৰ: খ) C + O₂ → CO₂
প্রশ্ন ১৬. শ্বসনক তাপবর্জী বিক্ৰিয়া বুলি কিয় কোৱা হয়?
ক) ই তাপ শোষে
খ) ই কার্বন ডাই অক্সাইড নিৰ্গত কৰে
গ) ই তাপশক্তি নিৰ্গত কৰে
ঘ) ই অক্সিজেনৰ উপস্থিতিত হয়
উত্তৰ: গ) ই তাপশক্তি নিৰ্গত কৰে
প্রশ্ন ১৭. তলৰ কোনটো পোহৰৰ দ্বাৰা সংঘটিত বিযোজন বিক্ৰিয়া?
ক) CaCO₃ → CaO + CO₂
খ) 2AgCl → 2Ag + Cl₂
গ) 2H₂O → 2H₂ + O₂
ঘ) H₂ + Cl₂ → 2HCl
উত্তৰ: খ) 2AgCl → 2Ag + Cl₂
প্রশ্ন ১৮. ছিলভাৰৰ পৰিশোধনত ক’পাৰৰ দ্বাৰা অপসাৰণত ছিলভাৰৰ সৈতে কি উৎপন্ন হয়?
ক) CuSO₄
খ) Cu(NO₃)₂
গ) CuCl₂
ঘ) CuO
উত্তৰ: খ) Cu(NO₃)₂
প্রশ্ন ১৯. তলৰ কোনটোৱে বিক্ৰিয়াত বগা অধঃক্ষেপ গঠন কৰে?
ক) NaCl
খ) AgCl
গ) NaNO₃
ঘ) CuSO₄
উত্তৰ: খ) AgCl
প্রশ্ন ২০. তেল আৰু চৰ্বিযুক্ত খাদ্য নাইট্ৰ’জেনৰ পৰিবেশত পেকেটত কিয় ভৰোৱা হয়?
ক) সোৱাদ বঢ়াবলৈ
খ) জাৰণ আৰু দুৰ্গন্ধতা ৰোধ কৰিবলৈ
গ) ওজন বঢ়াবলৈ
ঘ) খৰচ কমাবলৈ
উত্তৰ: খ) জাৰণ আৰু দুৰ্গন্ধতা ৰোধ কৰিবলৈ
নতুন MCQ প্ৰশ্নোত্তৰ
প্রশ্ন ১. ৰাসায়নিক বিক্ৰিয়াত কোনটো পৰিৱৰ্তন সাধাৰণতে দেখা যায়?
ক) বৰণৰ পৰিৱৰ্তন
খ) ওজনৰ পৰিৱৰ্তন
গ) গঠনৰ পৰিৱৰ্তন
ঘ) কঠিনতাৰ পৰিৱৰ্তন
উত্তৰ: ক) বৰণৰ পৰিৱৰ্তন
প্রশ্ন ২. জঁকা সমীকৰণৰ পৰা কি বুজা যায়?
ক) বিক্ৰিয়াৰ তাপ
খ) বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ চিহ্ন
গ) বিক্ৰিয়াৰ সময়
ঘ) বিক্ৰিয়াৰ অনুঘটক
উত্তৰ: খ) বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ চিহ্ন
প্রশ্ন ৩. ৰাসায়নিক সমীকৰণৰ এটা সীমাবদ্ধতা কি?
ক) বিক্ৰিয়াৰ তাপ শোষণ বা নিৰ্গমন জনা নাযায়
খ) বিক্ৰিয়কৰ নাম জানিব পাৰি
গ) পৰমাণুৰ সংখ্যা জানিব পাৰি
ঘ) বিক্ৰিয়াৰ গতি জানিব পাৰি
উত্তৰ: ক) বিক্ৰিয়াৰ তাপ শোষণ বা নিৰ্গমন জনা নাযায়
প্রশ্ন ৪. মামৰ গঠনৰ বাবে কোনটো অত্যাৱশ্যকীয়?
ক) নাইট্ৰ’জেন
খ) জলীয় বাষ্প আৰু অক্সিজেন
গ) কার্বন ডাই অক্সাইড
ঘ) হাইড্ৰ’জেন
উত্তৰ: খ) জলীয় বাষ্প আৰু অক্সিজেন
প্রশ্ন ৫. ক্ষয়ীভৱনৰ এটা উদাহৰণ কি?
ক) ছিলভাৰৰ কলা চামনি
খ) তামৰ সেউজীয়া আৱৰণ
গ) লোৰ মৰিছা
ঘ) ওপৰৰ সকলো
উত্তৰ: ঘ) ওপৰৰ সকলো
প্রশ্ন ৬. ৰাসায়নিক সমীকৰণৰ প্ৰয়োজনীয়তা কি?
ক) বিক্ৰিয়াৰ সময় জানিবলৈ
খ) মৌলৰ অনুপাত জানিবলৈ
গ) পদাৰ্থৰ ওজন জানিবলৈ
ঘ) বিক্ৰিয়াৰ গতি জানিবলৈ
উত্তৰ: খ) মৌলৰ অনুপাত জানিবলৈ
প্রশ্ন ৭. বিক্ৰিয়ক পদাৰ্থ কাক বোলে?
ক) বিক্ৰিয়াৰ ফলত উৎপন্ন পদাৰ্থ
খ) বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থ
গ) বিক্ৰিয়াৰ অনুঘটক
ঘ) বিক্ৰিয়াৰ মধ্যস্থিত পদাৰ্থ
উত্তৰ: খ) বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থ
প্রশ্ন ৮. ভৰৰ নিত্যতা সূত্ৰ অনুসৰি কি সত্য?
ক) ভৰৰ সৃষ্টি হয়
খ) ভৰৰ ধ্বংস হয়
গ) ভৰ অপৰিৱৰ্তিত থাকে
ঘ) ভৰ কমি যায়
উত্তৰ: গ) ভৰ অপৰিৱৰ্তিত থাকে
প্রশ্ন ৯. দ্বিঅপসাৰণ বিক্ৰিয়াৰ এটা বৈশিষ্ট্য কি?
ক) এটা মৌল আন এটা মৌলক অপসাৰণ কৰে
খ) আয়নৰ বিনিময় ঘটে
গ) এটা যৌগ বিভক্ত হয়
ঘ) দুটা পদাৰ্থ মিলিত হয়
উত্তৰ: খ) আয়নৰ বিনিময় ঘটে
প্রশ্ন ১০. ৰেডক্স বিক্ৰিয়াত কি ঘটে?
ক) কেৱল জাৰণ হয়
খ) কেৱল বিজাৰণ হয়
গ) জাৰণ আৰু বিজাৰণ একেলগে হয়
ঘ) কোনো পৰিৱৰ্তন নহয়
উত্তৰ: গ) জাৰণ আৰু বিজাৰণ একেলগে হয়
প্রশ্ন ১১. ক’পাৰ পাউডাৰ গৰম কৰিলে ইয়াৰ ৰং কি হয়?
ক) সেউজীয়া
খ) ক’লা
গ) মুগা
ঘ) বগা
উত্তৰ: খ) ক’লা
প্রশ্ন ১২. ছিলভাৰ ক্ল’ৰাইড সূৰ্যৰ পোহৰত ৰাখিলে কি ৰং হয়?
ক) বগা
খ) মটীয়া
গ) ক’লা
ঘ) নীলা
উত্তৰ: খ) মটীয়া
প্রশ্ন ১৩. ইথানলৰ জাৰণত কি উৎপন্ন হয়?
ক) ইথানয়িক এছিড
খ) কার্বন ডাই অক্সাইড
গ) হাইড্ৰ’জেন
ঘ) পানী
উত্তৰ: ক) ইথানয়িক এছিড
প্রশ্ন ১৪. তাপবর্জী বিক্ৰিয়াৰ এটা উদাহৰণ কি?
ক) CaO + H₂O → Ca(OH)₂
খ) 2AgBr → 2Ag + Br₂
গ) N₂ + O₂ → 2NO
ঘ) CaCO₃ → CaO + CO₂
উত্তৰ: ক) CaO + H₂O → Ca(OH)₂
প্রশ্ন ১৫. তাপগ্ৰাহী বিক্ৰিয়াত কি ঘটে?
ক) তাপ নিৰ্গত হয়
খ) তাপ শোষিত হয়
গ) তাপ অপৰিৱৰ্তিত থাকে
ঘ) তাপ কমি যায়
উত্তৰ: খ) তাপ শোষিত হয়
প্রশ্ন ১৬. প্রতিষ্ঠাপন বিক্ৰিয়াৰ উদাহৰণ কোনটো?
ক) NaOH + HCl → NaCl + H₂O
খ) CuSO₄ + Zn → ZnSO₄ + Cu
গ) 2H₂ + O₂ → 2H₂O
ঘ) CaCO₃ → CaO + CO₂
উত্তৰ: খ) CuSO₄ + Zn → ZnSO₄ + Cu
প্রশ্ন ১৭. চৰ্বিৰ দুৰ্গন্ধতা কিয় হয়?
ক) অক্সিজেনৰ সৈতে জাৰণৰ বাবে
খ) পানীৰ সৈতে বিক্ৰিয়াৰ বাবে
গ) নাইট্ৰ’জেনৰ সৈতে মিলনৰ বাবে
ঘ) তাপৰ প্ৰভাৱত
উত্তৰ: ক) অক্সিজেনৰ সৈতে জাৰণৰ বাবে
প্রশ্ন ১৮. ছিলভাৰ ক্ল’ৰাইডৰ বিযোজনত কি গেছ উৎপন্ন হয়?
ক) হাইড্ৰ’জেন
খ) অক্সিজেন
গ) ক্ল’ৰিন
ঘ) কার্বন ডাই অক্সাইড
উত্তৰ: গ) ক্ল’ৰিন
প্রশ্ন ১৯. ক’পাৰ অক্সাইডৰ ৰং কি?
ক) সেউজীয়া
খ) ক’লা
গ) মুগা
ঘ) বগা
উত্তৰ: খ) ক’লা
প্রশ্ন ২০. জাৰণ বিক্ৰিয়াত পদাৰ্থই কি লাভ কৰে?
ক) হাইড্ৰ’জেন
খ) অক্সিজেন
গ) ইলেক্ট্ৰন
ঘ) কার্বন
উত্তৰ: খ) অক্সিজেন
