মনোযােগ আৰু আগ্রহ Class XII শিক্ষা (প্রশ্নোত্তৰ) অধ্যায় 6

বিষয়  শিক্ষা 2nd Year
পাঠৰ নাম মনোযােগ আৰু আগ্রহ (খ)
শ্ৰেণী  দ্বাদশ শ্ৰেণী
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠৰ নং অধ্যায় 6
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মনোযােগ আৰু আগ্রহ Class XII

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ আগ্ৰহৰ যিকোনাে এটা পৰিৱেশীয় কাৰক উল্লেখ কৰা।
উঃ পৰিৱেশৰ আকর্ষণীয় উদ্দীপক।

প্রঃ মনােযােগক কিয় মনৰ এক নির্বাচনধর্মী প্রক্রিয়া বুলি কোৱা হয়? (F-2012)
উ : মনােযােগক মনৰ নির্বাচনধর্মী কার্য বুলি কোৱা হয়। বাহ্য জগতৰ অনেক উদ্দীপকে আমাৰ মনত প্ৰভাৱ পেলায় যদিও সেই বিষয় বিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী উদ্দীপক বাচি লৈ তাৰ প্ৰতিহে মনােযােগ দিয়া হয়। আন আন উদ্দীপকে মনত এক সাধাৰণ চেতনা অনুভৱ কৰালেও শক্তিশালী উদ্দীপকেহে দেহ-মনত বিশেষভাৱে প্রতিক্রিয়াৰ সৃষ্টি কৰে। ফলত আমি সেই উদ্দীপকৰ প্রতি মনােযােগী হৈ পৰো । মনােযােগ প্রদানৰ বাবে মনে সদায় এক বিশেষ বিষয় বা বস্তু নির্বাচন কৰে।

প্রঃ শ্ৰেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনোযােগ কেনেকৈ বৃদ্ধি কৰিব পাৰে আলােচনা কৰা।
উ: শ্রেণীকোঠাৰ পৰিৱেশত এজন শিক্ষকে ছাত্ৰৰ মনােযােগ বৃদ্ধি কৰিবলৈ শিক্ষকে গুৰুত্বপূর্ণ ভূমিকা পালন কৰ্বি লগা হয়। তলত এই বিষয়ে আলােচনা কৰা হ’ল-
(১) পুৰস্কাৰ আৰু শাস্তি : শিক্ষানুষ্ঠানসমূহত শিক্ষার্থী শিক্ষণৰ প্রতি মনোযােগী বা আগ্রহান্বিত কৰিবলৈ দুই ধৰণৰ ব্যৱস্থাৰ সহায় লােৱা হয়। সেয়া হৈছে পুৰস্কাৰ আৰু শাস্তি। এইটো সত্য যে শিক্ষাক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিৰ ভূমিকা নুই কৰিব নােৱাৰি। এই ব্যৱস্থাই কিছু পৰিমাণে হ’লেও
মনোেযােগ আকৰ্ষণত ছাত্ৰ-ছাত্ৰীক সহায় কৰে। কিন্তু ইয়াৰ অতিমাত্রা প্রয়ােগ ক্ষতিকাৰক হয়। বিশেষকৈ দৈহিক শাস্তি অৱলম্বন কৰা অনুচিত।

(২) শিক্ষকৰ ব্যক্তিত্ব : শিক্ষকৰ ব্যক্তিত্ব, চাল-চলন, পিন্ধন-উৰণ, আচাৰ ব্যৱহাৰ আদিয়েও ছাত্র-ছাত্রীসকলক সাধাৰণতে প্ৰভাৱিত কৰে আৰু শিকাৰ প্রতি মনোেযােগ বঢ়ায়। সেয়েহে শিক্ষসকল ব্যক্তিত্বৰ প্রতি সজাগ হােৱা উচিত।

(৩) দৃষ্টান্তৰ ব্যৱহাৰ: ছাত্ৰ-ছাত্ৰীসকলৰ পাঠদানৰ সময়ত বিষয় বস্তুৰ লগত ৰজিতা খুৱাই দৃষ্টান্ত ব্যৱহাৰ কৰিব পাৰে। ফলত শিক্ষার্থীয়ে সহজে নতুন বিষয় এটা আয়ত্ব কৰিব পাৰে।

(৪) শ্ৰৱণ দর্শন সঁজুলিৰ ব্যৱহাৰ: শ্ৰেণীকোঠাত শিক্ষকে কোনাে বিষয়ত ছাত্ৰ-ছাত্ৰীৰ মনােযােগ আকষর্ণ কৰিবলৈ হ’লে আকর্ষণীয় দৃশ্য-শ্রাব্য সঁজুলি ব্যৱহাৰ কৰা ভাল।

(৫) কৌতুক বা ৰগৰ : হাঁহি মানুহৰ সর্বোত্তম ঔষধ। শ্ৰেণীকোঠাত শিক্ষকে হাস্যৰস প্রয়ােগৰ সহায়ত যিকোনাে বিষয়ৰ পাঠদান কৰােতে হাস্যৰস থকা উদাহৰণ ব্যৱহাৰ কৰি ছাত্র-ছাত্রীক আমােদৰ লগতে মনােযােগ আৰু আগ্রহ বৃদ্ধি কৰিব পাৰি।

(৬) পুনৰাবৃত্তিৰ বৰ্জনঃ একেখিনি বিষয়বস্তুক বাৰে বাৰে পুনৰাবৃত্তি কৰাৰ পৰা শিক্ষকসকল বিৰত থাকিব লাগে। সেয়েহে পুনৰাবৃত্তিৰ ক্ষেত্ৰত শিক্ষসকল সাৱধান হােৱা উচিত।

প্র : “ আগ্রহ মনােযােগৰ পূৰ্বচৰ্ত।” ব্যাখ্যা কৰা।
উঃ মনােযােগক মনৰ নির্বাচনীধর্মী কার্য বুলি কোৱা হয় আৰু ইয়াৰ লগত আগ্রহ ওতঃপ্রােতভাৱে জড়িত। শিক্ষাৰ ক্ষেত্ৰখনত বিশেষ গুৰুত্ব আৰু প্ৰয়ােজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মনােবিদসকলে মনােযােগ আৰু আগ্ৰহক শিক্ষণ প্রক্রিয়াৰ উপায় আৰু সমাপ্তি বুলি মন্তব্য কৰিছে। যি কোনাে ধৰণৰ ফলপ্রসূ শিক্ষণৰ বাবে ব্যক্তিৰ মানসিক সজাগতা আৰু ইচ্ছাৰ নিতান্তই দৰকাৰ। কেৱল মনোযােগ আৰু আগ্ৰহেৰে এনে মানসিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। মনোযােগৰ এটা প্ৰধান কাৰণ ৰা চৰ্ত হৈছে মনৰ অন্তর্নিহিত আগ্রহ। এই আগ্রহে মনােযোগ প্রদানৰ বাবছ ব্যক্তিক প্ৰেৰণা যােগায়। আগ্রহ ব্যক্তিৰ নানাধৰণৰ অনুভূতি জড়িত অভিজ্ঞতাৰ পৰা জন্ম হ’ব পাৰে। ব্যক্তিৰ আগ্রহেই মনােযােগৰ বিষয়বস্তু নির্ধাৰণ কৰে। সেয়েহে আগ্রহ অবিহনে মনোযােগ সম্ভৱ নহয় বুলি কোৱা হয়। কোনাে বিষয়ৰ প্রতি আগ্রহ থাকিলে স্বাভাৱিকতে মনােযোগৰ সৃষ্টি হয়। গতিকে আগ্রহ মনােযােগৰ পূর্ব চর্ত বুলিব পাৰি।

মনোযােগ আৰু আগ্রহ Class XII

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্ৰ: “ ঐচ্ছিক মনােযােগে আগ্রহ সৃষ্টি কৰে।” এটা উদাহৰণ দিয়া আৰু ব্যাখ্যা কৰা।
উঃ যেতিয়া আমি কোনাে উদ্দীপনাৰ প্রতি ইচ্ছা কৰি মনােযােগ দিওঁ তেতিয়া তাক ঐচ্ছিক মনােযােগ বােলা হয়। এই প্ৰকাৰৰ মনােযােগত মানসিক প্রচেষ্টা আৰু ইচ্ছাশক্তিৰ বিশেষ প্রয়ােজন হয়। উদাহৰণস্বৰূপে যিসকল বিদ্যার্থীৰ অধ্যয়নৰ প্রতি স্পৃহা আছে তেওঁলােকে বাধা-বিঘিনি থাকিলেও মনােযােগ দিব পাৰে।

প্ৰ: ‘মনােযােগৰ অনুপস্থিতিয়ে আগ্রহৰ অনুপস্থিতিক বুজায়’। আলোচনা কৰা।
উঃ মনােযােগৰ অনুপস্থিতিয়ে আগ্ৰহৰ অনুপস্থিতিক সূচায়। কিয়নাে মনােযােগ আগ্রহৰ এক সক্রিয় অৱস্থা বােলা হয়। আকৌ আগ্রহকে মনােযােগৰ এক সুপ্ত অৱস্থা বুলিও কোৱা হয়। যেতিয়ালৈকে আমাৰ মনত মনােযােগ নিস্কর্ম বা সুপ্ত অৱস্থাত থাকে সেই অৱস্থাক মনােবিজ্ঞানী মেকভুগেলে ‘আগ্রহ বুলি কৈছে। যি মুহূর্ততে সুপ্ত আগ্রহ পৰিৱেশৰ কোনাে কাৰকৰ ফলত জাগ্ৰত হৈ পৰে তেনে অৱস্থাক মনোেযােগ বােলে। মেকাডুগেলৰ মতে আগ্রহ মনােযােগৰ এক প্ৰধান কাৰণ। মনােবিদ ‘Stout’ৰ মতে মনােযােগ আৰু আগ্রহক এটা মুদ্ৰৰ দুটা পিঠি বুলি অভিহিত কৰিছে। মনােযােগ যেতিয়া প্রকাশ্য হৈ থাকে তেতিয়া আগ্রহ লুকাই থাকে। যেতিয়া কোনাে বিষয়ৰ প্রতি আগ্রহ প্রকাশ কৰা হয় তেতিয়া বিষয়টোৰ প্রতি মনোেযােগ দিয়াকে বুজায়। আধুনিক মনােবিদসকলৰ মতে শিক্ষাক্ষেত্ৰত ছাত্র- ছাত্ৰীসকলক যথাসম্ভৱ স্ব-শিক্ষাৰ বাবে অভিপ্রায়িত কৰিব লাগে। এনে কৰিলে স্বাভাৱিকতেই শিক্ষা লাভৰ প্ৰতি শিক্ষার্থীৰ মনোযােগ আৰু আগ্রহ বাঢ়ে। তাৰােপৰি নানাধৰণৰ শিক্ষণ পদ্ধতি, নন আকর্ষণীয় শিক্ষা সঁজুলি আদি বাৱহাৰ কৰি শিক্ষকে শিক্ষা লাভৰ প্রতি ছাত্র-ছাত্রীৰ মনােযােগ, আগ্রহ বঢ়াই তুলিব পাৰে। কাৰণ মনােযােগ, আগ্রহ অবিহনে গ্রহণ কৰা শিক্ষা ফলপ্রসূ নহয়। সেয়েহে এইক্ষেত্ৰত শিক্ষকৰ এক বিশেষ ভূমিকা আছে। কেৱল ছাত্র-ছাত্রীৰ মনােযােগ আৰু আগ্রহৰ বিকাশৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে।

লগতে পঢ়ক:   শিক্ষণ Class 12 Education শিক্ষা (প্রশ্নোত্তৰ) অধ্যায় 4

প্রঃ মনােযােগক কিয় এক অনুসন্ধানমূলক প্রক্রিয়া বুলি বিবেচনা কৰা হয়?
উ : মনােযােগ মনৰ কোনাে শক্তি নহয়, ই এক মানসিক ক্রিয়াহে। মনােযোগৰ সহায়ত মানুহৰ কৌতুহল পুৰণ হয়। কিয়নাে ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে। গভীৰ মনোযােগে আমাক কোনাে বিষয়ৰ তথ্য উদ্ঘাটন কৰাত বা কোনাে বস্তুক স্পষ্টকৈ বুজাত সহায় কৰে। আমাৰ পাঁচ ইন্দ্রিয়ক,প্ৰভাৱিত কৰা সকলাে বিষয়ৰ প্রতি মনােযােগ প্রদান কৰা নহয়। মনােযােগ এটা সময়ত এক বিশেষ বস্তু বা বিষয়ৰ ওপৰতহে নিবদ্ধ হৈ থাকে। মনােযােগৰ সহায়ত মানুহৰ কৌতুহল পূৰণ হয়। কাৰণ ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে। সেই কাৰণে অনুসন্ধানী ধর্ম মনােযােগৰ এটা প্রক্রিয়া বুলি গণ্য কৰা হয় ।

Class 12 Education Chapter 6 Question Answer In Assamese

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ মনোযােগৰ বস্তুনিষ্ঠ কাৰকৰ বৰ্ণনা কৰা।‌ (F-2013)
উঃ মনােযােগৰ বস্তুনিষ্ঠ কাৰক হ’ল–
(১) আকাৰ বা আকৃতি: সৰু আকাৰৰ বস্তুতকৈ ডাঙৰ আকাৰৰ বস্তু সদায় সহজতে চকুত পৰে। সেই কাৰণে ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজ্ঞাপন, পােষ্টাৰ আদি ঠায়ে ঠায়ে আঁৰি দিয়া হয়। গতিকে বস্তুৰ আকাৰেও মনােযােগৰ ওপৰত প্ৰভাৱ পেলায়।

(২) পুনৰাবৃত্তি : কোনাে এটা বিষয় বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকিলেও আমাৰ মনােযােগ তাত নিবদ্ধ হৈ পৰে। শ্ৰেণীত প্রথমবাৰ মনােযােগ দিব নােৱাৰা ছাত্র-ছাত্রীৰ প্রতি সেয়েহে শিক্ষকে পুনৰাবৃত্তি কৰি থাকিলে তেনে ছাত্ৰ-ছাত্ৰীয়ে মনােযােগ দি উঠিব পাৰে।

(৩) উজ্জ্বলতা : উজ্জ্বল বস্তুৰ প্ৰতি স্বাভাৱিকতেই মন আকর্ষিত হােৱা দেখা যায়। সেইবাবে সৰু ল’ৰা-ছােৱালীৰ কিতাপত বিভিন্ন ধৰণৰ উজ্জ্বল ৰঙৰ ছবি ব্যৱহাৰ কৰা হয়।

(৪) নতুনত্ব : নতুন বস্তু বা বিষয়ৰ প্রতি সদায়েই মনোযােগ আকর্ষিত হয়। সেয়েহে কোনাে অভিনৱ সৃষ্টিৰ প্রতি নতুন কিতাপৰ প্রতি আমাৰ মন সহজে আকর্ষিত হয়।

(৫) তীব্রতা : শক্তিশালী উদ্দীপকৰ প্রতি আমাৰ মনােযােগ সহজেই আকর্ষিত হয়। আকৌ ক্ষীণ আৰু উচ্চ এই দুই স্তৰৰ ভিতৰত উচ্চ স্বৰৰ প্রতি আমাৰ মনােযােগ আকর্ষিত হয়। শিক্ষকৰ মধুৰ মাতে ছাত্ৰ-ছাত্ৰীৰ মনােযােগ আকর্ষিত কৰে।

(৬) গতিশীলতা : স্থিতিশীল বস্তুতকৈ গতিশীল বস্তুৰ মন আকর্ষণ কৰিব পৰা ক্ষমতা বেছি। সেই বাবে ৰৈ থকা গাড়ীখনতকৈ গৈ থকা গাড়ীখনে আমাক অধিক মনােযােগী কৰি তােলে।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ ঐচ্ছিক মনােযােগত উদ্দীপকৰ কোনাে প্ৰভাৱ নাথাকে।

প্র: আগ্রহ কি? আগ্রহৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উ : আগ্রহ হৈছে মনােযােগৰ এক আনুষংগিক বিষয়। ই হ’ল, ব্যক্তিমনৰ সুপ্ত আৰু অন্তর্নিহিত অৱস্থা। আগ্রহ বা Interestশব্দটো লেটিন ভাষাৰ পৰা আহিছে যাৰ অৰ্থ হ’ল কোনাে বিষয়ৰ লগত জড়িত হৈ থকা। অর্থাৎ যিটো বিষয়ৰ লগত আমি জড়িত হৈ থাকো সেই বিষয়টোৰ প্রতি আমাৰ আগ্রহ জন্মে। মনােবিজ্ঞানীসকলৰ মতে মনােযােগক অর্থপূর্ণভাৱে বাস্তৱত পুনৰাবৃত্তি প্রচেষ্টাকে আগ্রহ বােলে। আগ্রহৰ বৈশিষ্ট্যসমূহ হল—
(১) ই সহজাত প্রবৃত্তি, মূল প্ৰেৰণা আৰু অভিপ্রায়ৰ লগত জড়িত।
(২) ই ব্যক্তিৰ সুপ্ত মানসিক অৱস্থা।
(3) কিছুমান আগ্রহ জন্মগত আৰু কিছুমান আর্জিত।
(৪) ই হ’ল এক গতিশীল মনোেভাৱ।

লগতে পঢ়ক:   স্বাধীনােত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা দ্বাদশ শ্ৰেণী

মনোযােগ আৰু আগ্রহ Class XII

প্রঃ “ প্রবৃত্তি মনােযােগৰ এটা গুৰুত্বপূৰ্ণ চর্ত”- ব্যাখ্যা কৰা।
উ : প্রবৃত্তি হৈছে সহজাত জৈৱিক প্ৰৱণতা যাৰ তাড়নাত ব্যক্তিয়ে আভ্যন্তৰীণভাৱে মনােযােগ দিয়ে। এইবিধ মনােযােগ হৈছে জৈৱিক প্রয়ােজনভিত্তিক। দৈহিক প্রয়ােজনত ক্ষুধা অনুভৱ কৰা বাবে খাদ্যৰ প্রতি আমি মনােযােগী হৈ উঠো। মানসিক প্রয়ােজনত কৌতুহল অনুভৱ কৰা বাবে নতুন জ্ঞানৰ প্রতি আমি মনােযােগী হওঁ। সেয়েহে কোৱা হয় প্রবৃত্তি মনােযােগৰ এটা গুৰুত্বপূর্ণ চর্ত।

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্ৰ: উচ্চ শব্দ বা হুলস্থুল আৰু জিকিমিক পােহৰে আমাৰ মনােযােগ তৎক্ষণাৎ আকর্ষণ কৰে কাৰণ দৰ্শোৱা।
উ : শক্তিশালী উদ্দীপকৰ প্রতি আমাৰ মনােযােগ তৎক্ষণাৎ আকর্ষিত হয়। ক্ষীণ আৰু উচ্চ এই দুটা স্তৰৰ ভিতৰত উচ্চ স্বৰৰ প্ৰতিহে আমাৰ মনােযােগ সহজে আকর্ষিত হয়। মনােযােগৰ বাহ্যিক বা বস্তুনিষ্ঠ দিশৰ বাবে উচ্চ শব্দৰ প্রতি স্বাভাৱিকতে মন আকর্ষিত হয়।

প্রঃ মনােযােগ আৰু আগ্রহ একেটা মুদ্ৰাৰ দুটা পিঠি’— কথাষাৰ ব্যাখ্যা কৰা। (F-2017)
উ : মনােবিদ জে. এম. ৰ’চে আগ্রহ আৰু মনােযােগ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি বুলি মন্তব্য কৰিছিল। মনােযােগৰ অর্থ হ’ল পৰিৱেশৰ কোনাে বিষয় বা বস্তুৰ ওপৰত মনৰ সচেতনতা আৰােপ কৰা। আগ্রহ মনােযােগৰ প্রধান স্বর্ত বা আভ্যন্তৰীণ কাৰণ। এই দুয়ােবিধ কার্যৰে শিক্ষাক্ষেত্ৰত যথেষ্ট গুৰুত্ব আছে। মনােযােগ আৰু আগ্ৰহৰ মাজত ওতঃপ্রােত সম্বন্ধ আছে। ইয়াৰ পৰাই প্ৰকৃতাৰ্থত আগ্রহক মনােযােগৰ পূর্বচর্ত বুলি ব্যাখ্যা কৰিব পাৰি। আগ্রহ নাথাকিলে কোনাে বিষয়ত মনোযােগ দিয়াটো মনােযােগৰ সম্ভৱ নহয়। আগ্রহ স্বাভাৱিক হ’লে মনােযােগৰ কাম সহজ হয়; নহলে প্রথমে সৃষ্টি কৰিলেহে মনােযােগত প্রবৃত্ত হ’ব পৰা যায়। মনােযােগৰ এনে সম্বন্ধৰ কথা উপলব্ধি কৰিয়েই মেকভুগেলে কৈছে যে, আগ্রহ হ’ল সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল আগ্রহৰ সক্রিয় ৰূপ । আমি কিতাপ এখন পঢ়াৰ আগ্রহ প্রকাশ কৰাৰ মুহূর্ততে কিতাপখনৰ প্রতি মনােযােগ দিয়া বুজায় আৰু সম্পূর্ণ মনোযােগেৰে কিতাপখন পঢ়াৰ অৰ্থ হ’ল আমাৰ কিতাপ পঢ়াৰ প্ৰতি থকা আগ্রহক সক্রিয় ৰূপ দিয়া। গতিকে মনােযােগ আৰু আগ্রহ ইটোৰ পৰা সিটোক বিচ্ছিন্ন কৰা নাযায়। শিক্ষাক্ষেত্ৰত মনােযােগ আৰু আগ্রহৰ এক বিশেষ ভূমিকা আছে। কাৰণ ছাত্র-ছাত্রীৰ শৈক্ষিক জীৱনৰ কৃতকার্যতা ঘাইকৈ মনােযােগ আৰু আগ্ৰহৰ ওপৰতে নিৰ্ভৰশীল । সেয়েহে মনােযােগ আৰু আগ্রহক ‘মনােযােগ আৰু আগ্রহ একেটা মুদ্ৰাৰ দুটা পিঠি বুলি কোৱা হৈছে।

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ কোনাে এজন ব্যক্তিয়ে আনৰ হস্তক্ষেপ নাহােৱাকৈ ইচ্ছাকৃতভাৱে পৰিৱেশৰ কোনাে বস্তু বা বিষয়লৈ প্রদান কৰা মনােযােগক ঐচ্ছিক বা ইচ্ছাকৃত মনােযােগ বোলা হয়।

প্রঃ মনােযােগ আৰু আগ্ৰহৰ মাজত থকা সম্পর্ক ব্যাখ্যা কৰা
উ : মনােযােগ আৰু আগ্রহ দুবিধ অতি প্রয়ােজনীয় মানসিক কার্য। মনােবৈজ্ঞানিক সকলৰ মতে আগ্রহ হৈছে মনােযােগৰ এটা অপৰিহার্য অংগ। মনােযােগে সদায় আগ্রহৰ বাহনৰূপে কাম কৰে। আগ্রহৰ দ্বাৰা মনােযােগৰ সৃষ্টি হয় আৰু মনােযােগে আগ্রহ প্রকাশ কৰে । আগ্রহ নাথাকিলে কোনাে বিষয়ত মনােযােগ দিয়াটো মনােযােগ প্রকৃত সত্য নহয় । আগ্রহ স্বাভাৱিক হলে মনােযােগ কার্য সহজ হয়। নহ’লে প্রথমে আগ্রহ সৃষ্টি কৰি লৈহে মনোযােগত প্রবৃত্ত হ’ব পাৰি। মনােযোগৰ আৰু আগ্ৰহৰ এনে গভীৰ সম্বন্ধৰ প্রতি লক্ষ্য ৰাখি বিখ্যাত মনােবৈজ্ঞানিক মেকভুগেলে তেখেতৰ গ্ৰন্থ “An Outline of Pshychology”ত এনেধৰণে মন্তব্য আগবঢ়াইছে- “আগ্রহ সুপ্ত মনােযােগ আৰু মনােযােগ আগ্রহৰ সক্রিয়তা”অথবা “আগ্রহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্রহৰ সক্রিয় অৱস্থা মাথােন।” ইয়াৰ দ্বাৰা, তেখেতে হয়াকে বুজাব খুজিছে যে মনােযােগ আগ্রহৰ এনে ওতঃপ্রােত সম্বন্ধ যে এবিধ আনবিধৰ পৰা পৃথক কৰিব নােৱৰি। যেতিয়ালৈকে আমাৰ মনত মনােযােগ নিষ্কর্ম বা সুপ্ত অৱস্থাত থাকে সেই অৱস্থাক মেকডুগলে আগ্রহ বুলি কৈছে। যি মূহুর্ততে সুপ্ত আগ্রহ পৰিৱেশৰ কোনাে কাৰকৰ ফলত জাগ্ৰত হৈ পৰে তেনে অৱস্থাক মনোেযােগ বােলা হয়। গতিকে মেকভুগেলৰ মতে আগ্রহ মনােযােগৰ এক প্ৰধান কাৰণ। আগ্রহে যি দৰে মনােযােগৰ জন্ম দিয়ে সেইদৰে মনােযােগেও ব্যক্তিমনত আগ্রহ ওপজাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। এই দুয়ােটাৰ গাঢ় সম্বন্ধৰ প্রতি লক্ষ্য ৰাখি মনােবিদ জে. এম. ৰ’চে আগ্রহ আৰু মনোযােগ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰিছে। শিক্ষাৰ ক্ষেত্ৰখনতাে মনোযােগ আৰু আগ্ৰহৰ এক বিশেষ ভূমিকা আছে। কিয়নাে ছাত্র-ছাত্রীৰ শৈক্ষিক জীৱনৰ সফলতা-বিফলতা ঘাইকৈ মনােযােগ-আগ্রহৰ ওপৰতে নিৰ্ভৰ কৰে। সেয়েহে মনােবিদসকলে এই দুবিধক শিক্ষণ প্রক্রিয়াৰ উপায় আৰু সমাপ্তি বুলি অভিহিত কৰিছে। আগ্রহ আৰু মনােযােগৰ সম্বন্ধ অবিচ্ছেদ্য। এটাক আনটোৰ পৰা পৃথক হিচাপে বিবেচনা কৰা অর্থহীন। আগ্রহে যিদৰে মনােযােগৰ সৃষ্টি কৰে, মনােযােগেও ব্যক্তিমনত আগ্রহৰ জন্ম দিব পাৰে।

লগতে পঢ়ক:   অগতানুগতিক শিক্ষা Class 12 (প্রশ্নোত্তৰ) Education Chapter 2

মনোযােগ আৰু আগ্রহ Class XII

খালীঠাই পূৰ কৰাঃ
প্রঃ মনােযােগ হৈছে মানসিক প্রস্তুতি।
প্র : আগ্রহ মনােযােগৰ প্ৰধান কাৰক।
প্রঃ ৰাতিপুৱাৰ দৈনিক বাতৰি কাকতৰ প্ৰতি থকা আমাৰ আগ্রহ হৈছে ক্ষণস্থায়ী আগ্রহ।
প্রঃ উদ্দীপকৰ তীব্রতা মনোযােগৰ বস্তুনিষ্ঠ বা বাহ্যিক কাৰণ।
প্রঃ যি আগ্রহ প্রবৃত্তিৰ পৰা উদ্ভৱ হয় তাকেই সুপ্ত আগ্রহ বােলে।
প্রঃ আগ্রহ বা Interest শব্দটো লেটিন শব্দৰ পৰা উৎপত্তি হৈছে।
প্রঃ যি মনোেযােগ উদ্দীপকৰ আকর্ষণীয়তাৰ বাবে দিয়া হয় তাক অনৈচ্ছিক মনােযােগ বােলে। (F-2013)

শুদ্ধনে অশুদ্ধ লিখা।
প্র : আগ্রহে মনোযােগৰ সৃষ্টি কৰে কিন্তু মনােযােগে আগ্রহ সৃষ্টি নকৰে। (F-2013)
উ : অশুদ্ধ।
প্র : আগ্রহে বিষয় বা বস্তুৰ লগত এক মানসিক সম্বন্ধ স্থাপিত কৰে।
উ : শুদ্ধ।
প্রঃ মনােযােগ এক নিয়ন্ত্রণমূলক ক্রিয়া।
উঃ শুদ্ধ।
প্রঃ শক্তিশালী উদ্দীপকৰ প্রতি আমাৰ মনােযােগ সহজে আকর্ষিত হয়।
উঃ শুদ্ধ।

প্র : “মনােযােগ আৰু আগ্রহ দুটাই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি।” কোনে কৈছিল?
উঃ জে, এম. ৰচে কৈছিল।

প্রঃ মনােযােগ আকর্ষণ কৰা দুটা কাৰণ লিখা।
উ : মনােযােগক আকর্ষণ কৰা দুটা কাৰণ হ’ল—(১) বাহ্যিক বা বস্তুনিষ্ঠ কাৰণ আৰু (২) আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ কাৰণ।

প্র : ‘আগ্রহ হ’ল সুপ্ত মনােযােগ আৰু মনােযােগ হ’ল ক্রিয়াশীল আগ্রহ।’কথাষাৰ কোনে কৈছিল? (F-2012)
উঃ মেকডুগেলে কৈছিল।

প্র : মনােযােগৰ এটা ব্যক্তিনিষ্ঠ কাৰণ উল্লেখ কৰা।
উঃ মনােযােগৰ এটা ব্যক্তিনিষ্ঠ কাৰণ হ’ল আগ্রহ।

প্র : ইচ্ছাকৃত মনােযােগ ভাগ দুটা কি কি?
উ : ইচ্ছাকৃত মনােযােগ ভাগ দুটা হ’ল “স্পষ্ট মনোযােগ আৰু অস্পষ্ট বা অনুমিত মনোযােগ।

মনোযােগ আৰু আগ্রহ Class XII

প্রঃ সুপ্ত আগ্রহ কাক বােলে?
উঃ যি আগ্রহ প্রবৃত্তিৰ পৰা উদ্ভৱ হয় তাকে সুপ্ত আগ্রহ বােলে। যেনে— খাদ্যৰ প্রতি আগ্রহ।

প্রঃ মনােযােগ কাক বােলে? ইয়াৰ চাৰিটা বৈশিষ্ট্য লিখা।(F-2020)
উঃ মনােযােগ হৈছে এটা মানসিক শক্তি। এই শক্তিৰ সহায়ত আমি বহু উদ্দীপকৰ মাজৰ পৰা এটা বিশেষ উদ্দীপক বাচি তাৰ প্রতি সঁহাৰি জনাওঁ। সেয়েহে মনােযােগক এটা নির্বাচনী প্রক্রিয়া বুলিও ক’ব পাৰি। মনােযােগৰ চাৰিটা বৈশিষ্ট্য হল—

(১) মনােযােগ এটা মানসিক ক্রিয়া ই মনৰ শক্তি নহয়।
(২) মনােযােগ গতিশীল। এটা বস্তু বা বিষয়ৰ ওপৰত মনােযােগ বেছি সময় ধৰি ৰাখিব নােৱাৰি। ই এটা বিষয়ৰপৰা অন্য এটা বিষয়লৈ ক্ষীপ্র গতিৰে সঞ্চাৰিত হয়।
(৩) মনােযােগৰ সহায়ত মানুহৰ কৌতুহল পূৰণ হয়। ই ব্যক্তিক অনুসন্ধান কার্যত সহায় কৰে। (৪) নির্বাচনধর্মী হৈছে মনােযােগৰ এটা বিশেষ বৈশিষ্ট্য। মনােযােগ প্রদানৰ বাবে মনে সদায় এটা বিশেষ বিষয় বা বস্তু নির্বাচন কৰে।

প্র : আৰােপিত আৰু স্বতঃস্ফূর্ত মনােযােগৰ মাজত পার্থক্য দেখুওৱা। (F-2012)

উ : আৰােপিত মনােযােগ ব্যক্তিয়ে ইচ্ছাকৃতভাৱে প্রদান নকৰে, বৰং মনােযােগ দিবলৈ বাধ্য হয়। যেতিয়া পৰিৱেশৰ কোনাে বিষয় বা বস্তু অতিশয় শক্তিশালী বা আকর্ষণীয় হয়, তেতিয়া উদ্দীপকৰ প্ৰভাৱৰ ফলতেই ব্যক্তিয়ে মনােযােগ দিবলৈ বাধ্য হয়। এনেধৰণৰ মনােযােগক অনৈচ্ছিক আৰােপিত মনােযােগ বােলা হয়। আৰােপিত মনােযােগ একপ্ৰকাৰ বলপূর্বক বল ক’ব পাৰি। যেনে—কোনাে চকুত চমক লগােৱা পােহৰ বা ৰং। কিন্তু স্বতঃস্ফূর্ত মনােযােগত কোনাে আগ্রহৰ বিষয়বস্তুৰ প্ৰতি ব্যক্তিয়ে আপােনা-আপুনি বা স্বতঃস্ফূর্তভাৱে মনােযােগ প্রদান কৰে। উদাহৰণস্বৰূপে এজন ক্রিকেট প্রেমীৰ খেলৰ প্রতি মনোেযােগ আগ্রহক স্বতঃস্ফূর্ত মনোেযােগ বুলিব পাৰি।

প্র : এখন বগা বেৰত থকা সৰু দাগ এটাত আমি মনােযােগ দিও। ইয়াৰ কাৰণ কি? (F-2014)
উ : মনােযােগৰ বস্তুনিষ্ঠ কাৰণ বৈসাদৃশ্যৰ বাবেই আমি বগা বেৰত থকা সৰু দাগ এটাত মনোযােগ দিওঁ।

প্র: ক্ষণস্থায়ী আগ্রহ কি? এটা উদাহৰণ দিয়া। (F-2014)
উ : অস্থায়ী আগ্রহকে ক্ষণস্থায়ী আগ্রহ বােলা হয়। ক্ষণস্থায়ী আগ্রহ হঠাতে উদয় হয় বা বৃদ্ধি হয় আৰু সময়ৰ লগে লগে সলনিও হয়। উদাহৰণস্বৰূপে ৰাতিপুৱা বাতৰি কাকতখন পঢ়াৰ প্ৰতি যিমান আগ্রহ থাকে দুপৰীয়া তাৰ প্ৰতি সেই আগ্রহ নাথাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top