Home » একাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞান » বিকাশ Class 11 Political Science প্রশ্নোত্তৰ একাদশ শ্ৰেণী

বিকাশ Class 11 Political Science প্রশ্নোত্তৰ একাদশ শ্ৰেণী

বিষয় ৰাজনীতি বিজ্ঞান
পাঠৰ নামবিকাশ
শ্ৰেণী একাদশ শ্ৰেণী
গােটখ – শাখা
পাঠৰ নংঅধ্যায় – ১০
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বিকাশ Class 11

ক, অতি চম প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ১)

১। মেধা পাটেকাৰ কোনটো আন্দোলনৰ লগত জড়িত?
উত্তৰ: নর্মদা বাচাও আন্দোলন।

২। কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাৰ চিন্তা কোনে প্রথমে কৰিছিল ?
উত্তৰ : জার্মান চেঞ্চেলৰ বিছমার্কে।

Winter Sale

৩৷ বিকাশৰ এটা পৰিপাৰ্শ্বিক প্ৰভাৱ উল্লেখ কৰা।
উত্তৰ: গােলকীয় উষ্ণতা বৃদ্ধি।

৪। ৰাজনৈতিক অৱনতিৰ ধাৰণা কোনে আগবঢ়াইছিল?
উত্তৰ: চেমুৱেল পি হান্টিনটনে।

৫। ‘Aspects of Political Develop- ment’ গ্ৰন্থখন কোনে লিখিছিল?
উত্তৰ: লুচিয়ান পাই।

৬। ভাৰতৰ পৰিকল্পনা আয়ােগ কোন চনত গঠন কৰা হৈছিল?
উত্তৰ: ১৯৫১ চনত।

৭। বিকাশৰ এটা প্রত্যাহ্বান উল্লেখ কৰা।
উত্তৰ : নিৰক্ষতা।

৮। ইলেকট্রনিক আবর্জনাৰ এটা উদাহৰণ দিয়া।
উত্তৰ: মােবাইল ফোন।

৯। নবীকৰণ অযােগ্য শক্তি এটাৰ নাম লিখা।
উত্তৰ :পেট্ৰেলিয়াম।

Class 11 Political Science Chapter 20

খ, চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক -২)

১। বিকাশ মানে কি?
উত্তৰ : সাধাৰণ অৰ্থত বিকাশে আর্থ-সামাজিক উন্নয়নক বুজায়। বহল অর্থত বিকাশ শব্দটোৱে প্রগতি, সুস্থিৰতা, আক উন্নত জীৱন নিশ্চিতকৰণক বুজায়।

২। অর্থনৈতিক পৰিকল্পনা কি?
উত্তৰ: ৰাষ্ট্রৰ দ্বাৰা নিৰ্ধাৰিত নীতি অনুযায়ী আনৈতিক কার্যকলাপ নিয়ন্ত্রণ কৰি জীৱন নির্বাহৰ মান উন্নয়নৰ কাৰণে যি সুনির্দিষ্ট পৰিকল্পনা গ্রহণ কৰা হয় তাকে অর্থনৈতিক পৰিকল্পনা বােলে।

৩। মানুহৰ মৌলিক প্রয়ােজনসমূহ কি কি?
উত্তৰ : মানুহৰ জীৱনৰ নির্বাহৰ বাবে মৌলিক প্রয়ােজন তিনিটা যেনে ও অন্ন, বস্ত্ৰ আৰু বাসস্থান। ইয়াৰ উপৰিও বর্তমান বিশুদ্ধ খােৱা পানী, চিকিৎসা সেৱা, শিক্ষা আদিকো মৌলিক প্রয়ােজন বুলি বিবেচনা কৰা হয়।

৪। অর্থনৈতিক উন্নয়ন মানে কি?
উত্তৰ : অর্থনৈতিক উন্নয়ন হৈছে দেশৰ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি উৎপাদন ব্যৱস্থাৰ উন্নয়ন সাধন কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাকে বুজায়।

৫। বিকাশৰ এটি সংজ্ঞা দিয়া।
উত্তৰ : ৱেৰ্ডনাৰৰ মতে, ‘বিকাশ হ’ল জাতি গঠন, আর্থ-সামাজিক প্রগতি আৰু আধুনিকীকৰণৰ দিশত পৰিচালিত এক প্রক্রিয়া।

৬৷ ৰাজনৈতিক বিকাশ বুলিলে কি বুজা?
উত্তৰঃ ৰাজনৈতিক অনুষ্ঠান আৰু সংস্থাসমূহলৈ পদ্ধতিগত পৰিৱৰ্তন কঢ়িয়াই অনা প্রক্রিয়াটোক ৰাজনৈতিক বিকাশ’ বুলি ক’ব পাৰি।

বিকাশ Class 11 Question Answer

গ. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৪)

১। বিকাশৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : বিকাশৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) বিকাশ হ’ল অৱধাৰিতভাৱে পৰিৱৰ্তিত এক ধাৰণা।ইস্থিৰও নহয়, একমুখীও নহয়।
(খ) বিকাশ হ’ল লক্ষ্যকেন্দ্রিক এক প্রক্রিয়া।
(গ) বিকাশ আৰু আধুনিকীকৰণৰ মাজত ওচৰ সম্পর্ক আছে।
(ঘ) বিকাশ হ’ল এটা বহুমুখী প্রক্রিয়া। ইয়াৰ লগত কেইবাটাও উন্নয়নৰ দিশ জড়িত থাকে।
(ঙ) সুস্থিৰতা আৰু শান্তি-শৃঙ্খলা বজাই ৰখাটো বিকাশৰ আন এক বৈশিষ্ট্য।

২। ৰাজনৈতিক বিকাশ প্রক্রিয়াত সহায় কৰা তিনিটা উপাদান উল্লেখ কৰা।
উত্তৰ : ৰাজনৈতিক বিকাশ প্রক্রিয়াত সহায় কৰা কেইটামান উপাদান হল –
(১) গণ-সংযােগৰ মাধ্যম যেনে ঃ বাতৰি কাকাত, টেলিভিছন, কথাছবি আদিয়ে সামাজিক আৰুৰাজনৈতিক সচেতনতা বৃদ্ধি কৰি ৰাজনৈতিক বিকাশ লাভত সহায় কৰে।
(২) অর্থনৈতিক উন্নয়নেও ৰাজনৈতিক বিকাশ সম্ভৱ কৰি তােলে।
(৩) জনশিক্ষায়াে ৰাজনৈতিক বিকাশ প্রক্রিয়াত সহায় কৰে।

৩। চিপকো আন্দোলন কোন চনত হৈছিল ? ইয়াৰ মূল লক্ষ্য কি আছিল?
উত্তৰ : ১৯৭২ চনত চিপকো আন্দোলন হৈছিল। এই আন্দোলনৰ মূল নেতা আছিল মেধা পটেকাৰ। ইয়াৰ মূল লক্ষ্যসমূহ আছিল :
(১) অৰণ্যত গছ কটা ঠিকাধাৰী ব্যৱস্থাৰ বিলােপ সাধন কৰা। ইয়াৰ পৰিৱর্তে সমবায় আৰু গ্রাম্য প্রতিষ্ঠানৰ যােগেদি গছ কটা আৰু গছৰৰাপন কৰাৰ ব্যৱস্থা কৰা।
(২) বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কুৰি জীৱন নিৰ্বাহকৰা লােকসকলৰ দৈনন্দিন প্রয়ােজন অনুসৰিসম্পদ আহৰণৰ সুবিধা দিয়া।
(৩) সংবেদনশীল অৱবাহিকা অঞ্চলত বনানীকৰাণ কৰা আৰুগছ কটা বন্ধ কৰা।
(৪) বন বিভাগে বনাঞ্চলত ল’ব খােজা যিকোনাে প্রকল্প বা নির্মাণ কার্যৰূপায়ণ কৰাৰ আগতে তেনে কাৰ্যৰ দ্বাৰা পৰিস্থিতিতন্ত্রক কিদৰে প্ৰভাৱিত কৰিব পাৰে সেই বিষয়ে অধ্যয়ন কৰি তথ্য সংগ্রহ কৰা।

৪। গ্রীণ পিছ ইন্টাৰনেচনেলৰ মূল লক্ষ্যবােৰ কি কি?
উত্তৰ : গ্রীণ পিছ ইন্টাৰনেচনেলৰ মূল লক্ষ্যবােৰ
(ক) পৃথিৱীৰ জীৱমণ্ডল সংৰক্ষণ কৰা আৰু সম্ভৱ হলে পূর্বাৱস্থালৈ ঘূৰাই অনা।
(খ) পৰিবেশৰ ক্ষতিকাৰক কামৰ বিৰােধিতা কৰা আৰু শান্তিপূর্ণ আন্দোলন গঢ়ি তােলা।
(গ) পৰিবেশ ধ্বংসকাৰী পাৰমাণৱিক পৰীক্ষাৰােৰ বন্ধ কৰা।

৫। বিকাশৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক প্রতিক্রিয়া আলােচনা কৰা।
উত্তৰ : বিকাশৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক প্রতিক্রিয়া তলত চমুকৈ আলােচনা কৰা হ’ল।
(ক) বিকাশৰ সামাজিক প্ৰভাৱ: বিকাশৰ সামাজিক প্রভাৱ নিৰাশবাদী। ই সামাজিক জীৱনত
নিৰাপত্তাহীনতা আৰু বিশৃঙ্খলতা আনয়ন কৰিছে। বৃহৎ বান্ধ নির্মাণ, উদ্যোগিক কামকাজ, অন্যান্য প্রকল্প আদিৰ বাবে বহুতাে লােকে নিজ স্থানৰ পৰা স্থানচ্যুত হৈছে। বহুত লােক জীৱিকা উপার্জন কৰিবলৈ নানান ঠাইত ঘূৰি ফুৰিব লগা হৈছে। জীৱনৰ নিৰাপত্তা নােহােৱা হৈছে। গাওঁ অঞ্চলত দৰিদ্ৰ লােকৰ সংখ্যা বৃদ্ধি পাইছে। সিহঁতৰ সাংস্কৃতিক জীৱন ক্ষতিগ্রস্ত হৈছে।

(খ) পাৰিপাৰ্শ্বিক প্রতিক্রিয়া : বিকাশৰ কুপ্রভাৱ পৰিবেশৰ ওপৰতাে বহুলভাৱে পৰিছে। প্রাকৃতিক দুর্যোগ বৃদ্ধি পাইছে। গােলকীয় উষ্ণতা বৃদ্ধি পাই অনাগত প্ৰজন্মৰ জীৱন জটিল কৰি তুলিছে। বায়ুমণ্ডলত কার্বন দাই অক্সাইডৰ মাত্রা বাঢ়ি গৈ জীৱ জগতৰ বহু ক্ষতি সাধন কৰি আছে। ভূমিত কীটনাশক দ্রব্য প্রয়ােগ কৰাৰ ফলস্বৰূপে ভূমিৰ প্রাকৃতিক শক্তি হ্রাস পাইছে। এনেদৰে বিকাশৰ কুপ্রভাৱে মানৱ সভ্যতাত প্রতিক্ৰয়াৰ সৃষ্টি কৰি আছে।

 

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam