আলাে শুনা গােৱালেৰ জায়া – বৰগীত

বৰগীত

আলাে শুনা গােৱালেৰ জায়া

ৰাগ ।। ভাটিয়ালী

ধ্ৰুং– আলাে শুন গােৱালেৰ জায়া বােলয়ে গােপালে।

আহ্মাৰ গাৱে ধূলা দিলে তােমাৰ ছৱাল।।

পদ– কোনাে কালে কাৰাে আমি বােলা নাহি তই।

এতখানি বস্তু পাইলে বাটিয়া খাওঁ মই।।

মাগি আনি দধি-দুগ্ধ তাৰাে বন্টা খায়।

তথাপি তােমাৰ ছৱা ধূলা দিলে গায়।।

তােমাৰ ছৱা লৈয়া আমি মাৱৰ আগে যাইবো।

পৰৰ দোষে কেনে আমি আপুন মাৰণ থাইবো।।

তুমি সবে জানা ভালে আমাৰ মাৱৰ কথা।

শুনিয়া গােপীৰ বৰ লাগি গৈল বেথা ৷৷

ধূলা জাৰি তুলিয়া বুলিলা প্রিয় বাণী।

দধি দুগ্ধ লৱণু খাইবাৰ দিলা আনি।।

বুন্দা কৰি আনন্দে ভুঞ্জিলা পেট পূৰি।

কহয় ​ মাধৱ ওহি হৰিৰ চাতুৰী।।

Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top