মাটি – Class 7 Question Answer

মাধ্যমঅসমীয়া (Assamese)
বিষয়সাধাৰন বিজ্ঞান (General Science)
পাঠৰ নামমাটি 
শ্ৰেণীসপ্তম শ্ৰেণীৰ (Class VII)
অধ্যায়অধ্যায় 9 (Chapter 9)
পাঠ্যক্ৰমছেবা (NCERT)

মাটি Class 7


অনুশীলনী

১) শিলৰ টুকুৰাৰ উপৰি, মাটিত থাকে
ক) বায়ু আৰু পানী।
খ) পানী আৰু উদ্ভিদ।
গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।
ঘ) পানী বায়ু আৰু উদ্ভিদ।
উত্তৰঃ (গ) খনিজ লৱন জৈৱিক পদাৰ্থ, বায়ু আৰু পানী।

২) পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ’ল
ক) বালিচহীয়া মাটিৰ।
খ) আলতীয়া মাটিৰ।
গ) দোমোজা মাটিৰ।
ঘ) বালি আৰু জৈৱিক সাৰ থকা মাটিৰ।
উত্তৰঃ (খ) আলতীয়া মাটিৰ।


৩) স্তৰ ১ ৰ লগত স্তৰ ২ মিলোৱা

স্তৰ-১স্তৰ-২
ক) জীৱৰ বাসস্থানখ) সকলো প্ৰকাৰৰ মাটি
খ) মাটিৰ উপৰিভাগগ) ডাঠ ৰঙৰ
গ) বালিচহীয়া মাটিক) ডাঙৰ কণিকা
ঘ) মাটিৰ মধ্য তৰপঙ) কম পৰিমাণৰ হিউমাছ
ঙ) আলতীয়া মাটিঘ) সৰু কণিকা আৰু টানকৈ বন্ধা

৪) মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰি লিখা?
উত্তৰঃ
বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটিৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়াটোক বিচূৰ্ণীভৱন বোলে। মাটিৰ প্ৰকৃতি শিলৰ প্ৰকাৰ আৰু গছ-গছনিৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ স্তৰবোৰৰ উলম্ব ছেদনক মাটিৰ পাৰ্শ্ব-চিত্ৰ বোলে। সাধাৰণতে মাটিৰ ৪টা স্তৰ থাকে।


৫) আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী?
উত্তৰঃ
ইয়াৰ মিহি কণিকাই পানী ধৰি ৰাখে, সেয়েহে শস্যৰ বাবে আদৰ্শ। বায়ুৰ পৰিমাণ কম হোৱা স্বত্বেও পানী ধাৰণ ক্ষমতা বেছি।


৬) আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজৰ পাৰ্থক্যবোৰৰ তালিকা এখন কৰা।

আলতীয়া মাটিবালিচহীয়া মাটি
মিহি কণিকাডাঙৰ কণিকা
পানী ধাৰণ ক্ষমতা বেছিপানী ধাৰণ ক্ষমতা কম
বায়ুৰ পৰিমাণ কমবায়ুৰ পৰিমাণ বেছি

৭) মাটিৰ পাৰ্শ্ব-চিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা।
উত্তৰঃ
(স্ব-অনুশীলনী: ওপৰৰ স্তৰ (A), মধ্য স্তৰ (B), নিম্ন স্তৰ (C), শিলাস্তৰ (D) চিহ্নিত কৰিবা।)


৮) ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে ২০০ মি.লি. পানী অন্তঃস্ৰৱণ হ’বলৈ ৪০ মিনিট সময় লাগিছিল। পানীৰ অন্তস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা।
উত্তৰঃ
হাৰ = ২০০ মি.লি. / ৪০ মিনিট = ৫ মি.লি./মিনিট


৯) মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা।
উত্তৰঃ

  • প্ৰদূষণ ৰোধ: প্লাষ্টিক বৰ্জন, জৈৱিক সাৰ ব্যৱহাৰ, নৱীকৰণযোগ্য সামগ্ৰী ব্যৱহাৰ।
  • খহনীয়া ৰোধ: বৃক্ষৰোপণ, নদীৰ বান্ধ মজবুত কৰা, ঢালু ঠাইত সিঁচৰতি কৰা শস্য ৰোপন।

১০) শব্দ শৃংখল সমাধান:
থিয়কৈ:
১) দোমোজা
৩) হিউমাছ
৫) জৈৱিক পদাৰ্থ

পঠালিকৈ:
২) হিউমাছ
৪) মধ্য স্তৰ
৬) খনিজ পদাৰ্থ


Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top