Class 8 Assamese Chapter 14 Question Answer | অষ্টম শ্ৰেণী অসমীয়া পাঠ 14 প্ৰশ্ন উত্তৰ | সংস্কৃতি আৰু আমাৰ জীৱন class 8 question answer
সংস্কৃতি আৰু আমাৰ জীৱন Class 8 | |
শ্ৰেণী (Class) | অষ্টম শ্ৰেণী |
কবিতা (Lesson) | সংস্কৃতি আৰু আমাৰ জীৱন (14) |
সমাধান | পাঠভিত্তিক প্ৰশ্ন উত্তৰ |
বিষয় (Subject) | অসমীয়া |
মাধ্যম | অসমীয়া |
পাঠ্যক্ৰম |
NCERT |
সংস্কৃতি আৰু আমাৰ জীৱন Class 8
ক-পাঠভিত্তিক ক্রিয়াকলাপ
প্রশ্ন ১। উত্তৰ দিয়া :
(ক) সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্রয়ােজন হয় ?
উত্তৰঃ সংস্কৃতি গঢ়ি উঠিবলৈ এখন সমাজৰ প্ৰয়ােজন হয়।
(খ) সমাজ কাৰ দ্বাৰা গঠিত হয়?
উত্তৰঃ সমাজ মানুহৰ দ্বাৰা গঠিত হয়।
(গ) সংস্কৃতিৰ অন্যতম উপাদান কি?
উত্তৰ: সংস্কৃতিৰ অন্যতম উপাদান হ’ল আচাৰ-আচৰণ।
(ঘ) কৃষ্টিৰ উৰা পথাৰৰ পৰা কি বােটলা হয়?
উত্তৰ: কৃষ্টিৰ উৰা পথাৰৰ পৰা সংস্কৃতিৰ শই বােটলা হয়।
(ঙ) সং প্রবৃত্তিৰ লােক হ’বলৈ কি কৰিব লাগে ?
উত্তৰ: সৎ প্রবৃত্তিৰ লােক হ’বলৈ ভাল কাম আৰু সুচিন্তাৰ কৰ্ষণ কৰিব লাগে।
(চ) সংস্কৃতিৰ ৰূপ দুটা কি কি?
উত্তৰ : সংস্কৃতিৰ ৰূপ দুটা— এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ।
(ছ) মানুহৰ আৱেগ-অনুভূতিৰ মূল উৎস কি?
উত্তৰ মানুহৰ আৱেগ-অনুভূতিৰ মূল হ’ল— চৌপাশৰ বিনন্দীয়া প্রকৃতি।
(জ) কৃষ্টিৰ আধাৰ কি?
উত্তৰঃ কৃষ্টিৰ আধাৰ হ’ল কৃষি।
(ঝ) দখনা’ বা ‘চৌবন্দী’ মূলতঃ কোন কোন জনগােষ্ঠীৰ মহিলাৰ পােছাক?
উত্তৰঃ দখনা’বড়াে আৰু চৌবন্দী’ নেপালী জনগােষ্ঠীৰ মহিলাৰ পােছাক।
Class 8 Assamese Chapter 14 question answer
প্রশ্ন ২। চমু উত্তৰ দিয়া
(ক) ৰূপকোৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি?
উত্তৰঃ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি হ’ল যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰপৰা তুলি নি দিব্য প্রকৃতি দিয়ে এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ পূর্ণ আনন্দ পাবলৈ বাট দেখুৱায় মানুহৰ সেই কথা, সেই চিন্তা বা কামেই হৈছে সংস্কৃতি।
(খ) সাংস্কৃতিক বৈচিত্র্যৰ কাৰণ সমূহ কি কি?
উত্তৰঃসাংস্কৃতিক বৈচিত্র্যৰ কাৰণ সমূহ হ’ল-জলবায়ুৰ ভিন্নতা, খাদ্য ৰীতিৰ অভ্যাস বা জীৱন শৈলীৰ বৈশিষ্ট্য।
(গ) খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়?
উত্তৰ: খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিত বহলভাৱে প্ৰভাৱ পেলায়। কোনাে কোনাে সম্প্রদায়ে খাৰ খাই ভাল পায়, কোনাে সম্প্রদায়ে টেঙা খাই ভাল পায় আৰু কোনােৱে জ্বলা খাই ভাল পায়। অসমীয়া খাদ্য অসমীয়াৰ সংস্কৃতি, বঙালী খাদ্য বঙালীসকলৰ বঙালী সংস্কৃতি। সেইদৰে বিহাৰী, পাঞ্জাবী আদি লােকৰ খাদ্যও তেওঁলােকৰ সংস্কৃতি। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে বর্তমান সময়ত এই সকলাে শ্ৰেণীৰ লােক বিভিন্ন কাৰণত মিশ্ৰিতভাৱে একেলগে বসবাস কৰিবলৈ লােৱাত খাদ্যৰীতিও সংমিশ্ৰিত হৈছে। আৰু ইয়াৰ বৈচিত্র্যও প্রকাশ পাইছে।।
(ঘ) সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই থাকে ?
উত্তৰঃ সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন ওতঃপ্রােতভাৱে বান্ধ খাই থাকে। আচাৰ-আচৰণৰ মাজত মানুহৰ ব্যক্তিগত চিন্তা-ভাৱনা উন্মােচিত হােৱাৰ লগতে সামাজিক মনাে প্রতিফলিত হয়। ভিন্ন সামাজিক পৰিবেশৰ আচাৰ-আচৰণাে বিভিন্ন। মানুহে জীৱনৰ প্রথম প্রভাতৰে পৰা বিভিন্ন কার্যৰ লগত জড়িত হৈ পৰে আৰু সেই কার্য সম্পাদন কৰিবলৈ যাওঁতে নিজৰ ৰুচি, আচৰণ আদি প্রকাশ কৰে। এনেকৈয়ে লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে।
সংস্কৃতি আৰু আমাৰ জীৱন
প্রশ্ন ৩। বুজাই লিখা।
(ক) বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ।
উত্তৰঃ বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ মাজত থকা প্রভেদ তলর কথাখিনিৰ পৰা বুজিব পৰা যায়। নৃত্য এটি পৰিবেশন কৰোঁতে যি কলা-কৌশল তাৰ লগত যুক্ত সেইবােৰ বাহ্যিক ৰূপৰ অন্তৰ্গত; কিন্তু সেইনৃত্যৰৰসাস্বাদন কৰি লভা বিমল আনন্দই হ’ল আভ্যন্তৰীণ সংস্কৃতিৰ অংগ। ধুনীয়াকৈ সাজ-পােছাক পিন্ধা কার্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অসম উৎস। সেইবাবে ক’ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবােধসমূহ যথা উচিত-অনুচিত, ন্যায়-অন্যায়, কৰণীয়-অকৰণীয় আদি সংযুক্ত হৈ থাকে। বাহ্যিকভাৱে চিকুণটি হৈ থকা ব্যক্তি এগৰাকী যদি পেট-কপটীয়া হয়, তেন্তে তেওঁক সংস্কৃতিবান বুলি অভিহিত কৰা উচিত নহ’ব।
(খ) জলবায়ু আৰু খাদ্যৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেধৰণৰ সহায় কৰে?
উত্তৰ : সাংস্কৃতিক বৈশিষ্ট্যৰ কাৰণে জলবায়ুৰ ভিন্নতা আৰু খাদ্যৰীতিৰ ভিন্নতা বিশেষভাৱে মন কৰিবলগীয়া। জলবায়ু অনুসৰি মানুহৰ সাজ-পােছাক বেলেগ বেলেগ, খাদ্য-ৰীতিও বেলেগ বেলেগ। গৰম জলবায়ুত যিধৰণৰ সাজ-পােছাক পৰিধান কৰে সেই সাজ-পােছাক ঠাণ্ডা জলবায়ু অঞ্চলৰ বাবে মুঠেই উপযুক্ত নহয়। সেই কাৰণেই জলবায়ু অনুসৰি পৰিধান কৰা পােছাক পাতি সেই অঞ্চলৰ মানুহৰ বা সম্প্রদায়ৰ বা গােষ্ঠীৰ নিজস্ব সংস্কৃতিৰ পােচাক হৈ পৰে। আনহাতে খাদ্যৰীতিৰ ক্ষেত্ৰতাে নিজা দেশ তথা ৰাজ্যৰ কাৰণে বেলেগ বেলেগ দেখা যায়। অসমীয়াৰ খাদ্যই অসমীয়াৰ, বঙালীৰ খাদ্যই বঙালীৰ, বিহাৰী, পাঞ্জাবী আদি খাদ্যই সেই সেই লােকৰ সংস্কৃতি দাঙি ধৰে। অৱশ্যে বর্তমান সময়ত বিভিন্ন কাৰণত অসমীয়া বঙালী, বিহাৰী, পাঞ্জাবী আদি সকলাে লােক বহু ঠাইত মিশ্রিতভাৱে বসবাস কৰিবলৈ লােৱাত সাজ-পােছাক, খাদ্য-ৰীতিৰ সংমিশ্রণ ঘটাত এক বিশেষ ধৰণৰ সংস্কৃতি গঢ় লৈ উঠিছে। ইয়ে ঐক্য-সংহতি গঢ়াৰ লগতে সংস্কৃতিৰ বিকাশতাে বিশেষ ধৰণে সহায় কৰিছে।
সংস্কৃতি আৰু আমাৰ জীৱন
প্রশ্ন ৪। ব্যাখ্যা কৰা ।
(ক) সংস্কৃতি হ’ল জাতীয় জীৱনৰ চালিকা শক্তি।
উত্তৰঃ উদ্ধৃত কথাফাকি সংস্কৃতি আৰু আমাৰ জীৱন’ নামৰ পাঠটিৰ অন্তর্গত। সংস্কৃতিয়ে জাতীয় জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলায় সেই সম্পর্কে আলােচনা কৰিবলৈ যাওঁতে এই কথাফাকি উল্লেখ কৰা হৈছে।
সংস্কৃতি হ’ল যি কথা, যি কাম বা চিন্তাই মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্রকৃতি দিয়ে, এই পৃথিৱীখন ধুনীয়া কৰি মানুহক মানুহৰ জীৱনৰ সম্পূর্ণ আনন্দ পাবলৈ বাট দেখুৱায় সেই কথা, সেই কাম বা চিন্তাই হৈছে সংস্কৃতি। জাতীয় জীৱননা এই কথা, এই কাম বা চিন্তাৰ দ্বাৰাই অর্থাৎ সংস্কৃতিৰ দ্বাৰাই পৰিচালিত হয়। সংস্কৃতি বিহীন জাতি কেতিয়াও জাতি হিচাপে পৰিচয় দিব নােৱাৰে। যি জাতিৰ সংস্কৃতি যিমানেই উন্নত সেই জাতি সিমানেই উন্নত আৰু সভ্য।
Class 8 Assamese Chapter 14 Question Answer
(খ) সকলাে সুকুমাৰ চিন্তা, কাম আৰু গুণ ৰাশিয়েই হ’ল সংস্কৃতিৰ সােপান।
উত্তৰঃ উদ্ধৃত কথাফাকি ‘সংস্কৃতি আৰু আমাৰ জীৱন’ নামৰ পাঠটিৰ অন্তর্গত। সংস্কৃতি কি তাক বুজাবলৈ পাঠটিত এই কথাফাকিৰ অৱতাৰণা কৰিছে। সুকুমাৰ অৰ্থ অতি সুন্দৰ। সকলাে কথা, কাম, চিন্তা যদি মানুহৰ অতি সুন্দৰ হয় তেতিয়াই মানুহৰ মাজত সংস্কৃতি গঢ় লৈ উঠে। এই গুণে মানুহক বৰ্বৰ প্ৰকৃতিৰ পৰা তুলি নি দিব্য প্রকৃতি দিয়ে, পৃথিৱীখনক ধুনীয়া কৰি জীৱন আনন্দপূর্ণ কৰি তােলে। এনে গুণেই সংস্কৃতিক লাহে লাহে উন্নতৰ পৰা উন্নতমলৈ আগবঢ়াই লৈ যায়। তেতিয়াই মানুহৰ মাজত গঢ় লৈ উঠে উন্নত সভ্যতা। সেই কাৰণেই কোৱা হৈছে সকলাে সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ’ল সংস্কৃতিৰ সােপান।
(গ) মানুহৰ আৱেগ অনুভূতিৰ মূল উৎস হ’ল চৌপাশৰ বিনন্দীয়া প্রকৃতি।
উত্তৰঃ উদ্ধৃত কথাফাকি ‘সংস্কৃতি আৰু আমাৰ জীৱন’ নামৰ পাঠটিৰ অন্তৰ্গত। চৌপাশৰ বিনন্দীয়া প্রকৃতিয়ে মানুহৰ মনত কেনে আৱেগ-অনুভূতি জগাই তুলিব পাৰে তাৰে কথা কবলৈ যাওঁতে পাঠটিত এনেদৰে উল্লেখ কৰিছে। প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খােৰাক আহৰণ কৰোঁ। হৰিণ এটি ছন্দায়িত খােজেৰে যেতিয়া জপিয়াই আঁতৰি যায়, তাৰ মাজতেই শিল্পী-সাহিত্যিকে অনুপম সৃষ্টিৰ প্রেৰণা লাভ কৰে, উদ্বেলিত হৈ উঠে শিল্পী সত্তাৰ কল্পনা। আমাৰ বিভিন্ন নদ-নদী, সেউজীয়া পাহাৰ, গছ-লতা, পশু-পক্ষী আৰু ইয়াত বসবাস কৰা বিভিন্ন জনগােষ্ঠীৰ বিচিত্র জীৱন শৈলীয়ে মানুহৰ আৱেগ অনুভূতি সৃষ্টি কৰে, এইবােৰ সৃজনী শক্তি আধাস্বৰূপ।
খভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)
প্রশ্ন ৫। (ক) কৃষ্টি আৰু স্তুতি শব্দৰ শেষত টি, তি ধ্বনি মিল থকা শব্দ লিখা।
উত্তৰঃ স্তুতি, বৃষ্টি প্রতি, দৃষ্টি, নতি, সৃষ্টি, মতি,
(খ) সংস্কৃতি — সম + কৃতি, এনে ধৰণৰ শব্দৰ আগত ‘সম’ উপসর্গ যােগ কৰি সংস্কাৰ, সংযম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনে ধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত শব্দ লিখি বাক্য সাজা।
প্রতি, অৱ, অনু, বি, উৎ
উত্তৰঃ প্রতি – প্রতিবাদ : যিকোনাে কথাতে প্রতিবাদ কৰা বেয়া।
অৱ – অবজ্ঞা: ডাঙৰক অৱজ্ঞা কৰিব নাপায়।
অনু – অনুজ :অর্জুন যুধিষ্ঠিৰৰ অনুজ ভাতৃ আছিল।
বি – বিখ্যাত : ভাল কাম কৰি বিখ্যাত হ’বলৈ চেষ্টা কৰা।
উৎ – উদ্ধাৰ : বিপদৰ পৰা উদ্ধাৰ কৰোতাজনৰ প্রতি সদায় কৃতজ্ঞ হৈ থাকিব লাগে।
প্রশ্ন ৬। পাঠটোত থকা যুৰীয়া শব্দবােৰ বাছি উলিওৱা।
উত্তৰঃ বসবাস, যুগে যুগে, আচাৰ-আচৰণ, চিন্তা-ভাবনা, লাহে লাহে, ৰীতি-নীতি, খেতি-পথাৰ, আচাৰ-বিচাৰ, মেখেলা-চাদৰ, জাতি-জনগােষ্ঠী, কলা-কৌশল, সাজ-পােছাক, ন্যায়-অন্যায়, কৰণীয়-অকৰণীয়, পেট কপটীয়া, শিল্পী-সাহিত্যিক, গছ-লতা, পশু-পক্ষী, গীত-মাত, নাচ-গান, চিত্রকলা, উৎসৱ-পার্বণ, ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান,নীতি-নির্দেশনা ইত্যাদি।
প্রশ্ন ৭ অর্থ প্রকাশ হােৱাকৈ বাক্য ৰচনা কৰা।
আচাৰ-বিচাৰ, সাজ-পােছাক, পেট-পূজা, বিনন্দয়া, উৎসৱ-পাৰ্বণ।
উত্তৰ: আচাৰ-বিচাৰ: মানুহৰ আচাৰ-বিচাৰতে মানুহ কেনে বুজিব পাৰি।
সাজ-পােছাক: সকলােৱে ৰং বিৰঙৰ সাজ-পােছাক পিন্ধি ভাল নাপায়।
পেট-পূজা : নিজৰ পেটপূজা কৰিলেই নহয়, খাবলৈ নােপােৱা সকলৰ চিন্তাও কৰিব লাগে।
বিনন্দীয়া : প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখি সকলাে মােহিত হয়।
উৎসৱ-পাবণ: উৎসৱ-পাবণত মানুহৰ মনত আনন্দ লাগে।
সংস্কৃতি আৰু আমাৰ জীৱন
গ-জ্ঞান সম্প্রসাৰণ
প্রশ্ন ৮। তলৰ প্ৰশ্নৰােৰৰ উত্তৰ দিয়া।
(ক) কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ-উৎসৰ কেইটামানৰ নাম লিখা।
উত্তৰঃ কৃষিভিত্তিক সমাজত প্রচলিত আচাৰ উৎসৱ কেইটামান হ’ল– কৃষি ৰােপণ উৎসৱ, অর্থাৎ গুছি লােৱা উৎসৱ, খানৰ আগ অনা বা লখিমী আদৰা উৎসৱ, ন-খােৱা উৎসৱ, শীতলা পূজা, গাে-পূজা, বহাগ বিহু, কাতি বিহু, ভােগালী বিহু, মহৌখুন্দা বা ম’হ খেদা উৎসৱ, হৰিনি দিয়া উৎসৱ, সাউতীখােৱা উৎসৱ আদি।
(খ) শিল্পভিত্তিক সমাজ বুলিলে কি বুজা?
উত্তৰঃ শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলি কৰ পাৰি। উৎপাদন ব্যৱস্থাৰ বৈশিষ্ট্যৰ বাবে এনে সমাজৰ আচাৰ নীতি বা সাংস্কৃতিক উপাদান পৃথক ধৰণৰ হয়। কৃষিভিত্তিক সমাজৰ সৰল নীতি বা আচাৰৰ বিপৰীতে শিল্পভিত্তিক সমাজত ভাৱ-চিন্তা, মূল্যবােধাে বেলেগ ধৰণৰ।
প্রশ্ন ৯। একেটা অঞ্চলতে পৰিধান কৰা সাজ-পােছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবােধ প্রতিফলিত কৰে।
— নিজৰ নিজৰ সাজ-পােছাকে কেনেধৰণে এখন নির্দিষ্ট ঠাইৰ পৰিচয় দাঙি ধৰে। উদাহৰণৰ সৈতে বুজাই লিখা।
উত্তৰ: একেটা অঞ্চলতে পৰিধান কৰা সাজ-পােছাকে সেই অঞ্চলৰ মানুহৰ ৰুচিবােধ প্রতিফলিত কৰে। উদাহৰণস্বৰূপে একোটা জনগােষ্ঠী একোটা অঞ্চলত বা ঠাইত প্রায় একেলগে বাস কৰে। বড়াে অঞ্চলত বাস কৰা বড়ােসকলৰ পােছাক-পাতিয়ে, নেপালী সকলৰ পােছাক-পাতিয়ে, মুছলমানসকলৰ পােছাক-পাতিয়ে বা আন জনজাতীয় লােকৰ পােছাক-পাতিয়ে তেওঁলােকৰ নিজস্ব পৰিচয় দাঙি ধৰাৰ উপৰিও সাংস্কৃতিক আৰু ৰুচিবােধৰ পৰিচয় দিয়ে। মেখেলা-চাদৰ পৰিহিত মহিলা দেখিলে অসমীয়া মহিলা বুলি পৰিচয় পায়। এইদৰে নিজৰ নিজৰ সাজ-পােছাকে এখন নির্দিষ্ট ঠাইৰ বা জনগােষ্ঠীৰ পৰিচয় দাঙি ধৰে।
প্রশ্ন ১০। গীত-মাত, নাচ-বাদ্য, চিত্রকলা, স্থাপত্য-ভাস্কর্য আৰু উৎসৱ-পাৱণ আদিক আমাৰ সমাজ জীৱনৰ অপৰিহার্য অংগৰূপ বুলি কিয় কোৱা হয়? এইবােৰ উপাদানে সংস্কৃতি গঢ়ি তােলত কিদৰে সহায় কৰে বুলি তুমি ভাবা, বুজাই লিখা।
উত্তৰ : গীত-মাত, নাচ-বাদ্য, চিত্রকলা, স্থাপত্য-ভাস্কর্য আৰু উৎসৱ-পাৰ্বণ আদি আমাৰ সমাজ-জীৱনৰ অপৰিহার্য অংগ স্বৰূপ, কিয়নাে এইবােৰৰ মাধ্যমত আমাৰ সামগ্রিক ৰুচিবােধ, কল্পনাশক্তি আৰু জীৱনশৈলীৰ মহত্ব প্রতিফলিত হয়। এই সমূহ সুকুমাৰ কলাকে ধৰি সামাজিক ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান, শিষ্টাচাৰ আৰু নীতি-নির্দেশনা সকলাে কৃষ্টিভিত্তিক আৰু এইবােৰেই আমাৰ গৌৰৱময় সংস্কৃতিৰ উপাদান।
প্রশ্ন ১১। সংস্কৃতিৰ দুটা ৰূপ— এটা বাহ্যিক, আনটো আভ্যন্তৰীণ।
-পাঠটোত বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপৰ দুটা উদাহৰণ দিয়া হৈছে। পঢ়ি বুজি লােৱা আৰু তুমি নিজে ভাবি দুটা উদাহৰণ যুগুত কৰা।
উত্তৰ : সংস্কৃতিৰ বাহ্যিক আৰু আভ্যন্তৰীণ ৰূপ দুটাৰ উদাহৰণ এনেদৰে দিব পৰা যায়,প্রকৃতিৰ বিনন্দীয়া সৌন্দর্যই হ’ল বাহ্যিক ৰূপ আৰু এই বিনন্দীয়া সৌন্দর্য দেখি যি বিমল আনন্দ অনুভৱ কৰা যায় সেয়াই হ’ল আভ্যন্তৰীণ ৰূপ।
প্রশ্ন ১২। প্রশ্ন অনুসৰি ভাল কামবােৰৰ টোকা:
উত্তৰ : (ক) আনৰ প্রতি গুৰুত্ব দিয়া : আনৰ ভাল কাম আৰু ভাল কথাত গুৰুত্ব দিলে মৰম আৰু সন্মান কৰা হয়। ইয়ে দুয়াে পক্ষকে উৎসাহিত কৰে, সজ আচৰণত সহায় কৰে। ইয়াে এক জীৱনৰ সংস্কৃতি।
(খ) আনক সন্মান জনােৱা : আনক সন্মান জনাব পৰাটো, আনক স্বার্থহীনভাৱে ভাল পাব পৰাটো সাংস্কৃতিক মনৰ পৰিচায়ক। তাত আন্তৰিকতা আৰু বিনয়ভাৱ মিহলি হৈ থাকে। এইবােৰ সংস্কৃতিৰ উপাদান।
(গ) প্রয়ােজন অনুসৰি কথাকোৱা : প্রয়ােজন অনুসৰিহে কথা কব লাগে। ইয়াকে শালিনতা বােলে। অপ্রয়ােজনত কথা কোৱা, কে কেপাই থকা, প্রয়ােজন নহলেও আনৰ কথাত মাত মতা এইবােৰ সংস্কৃতিৰ পৰিপন্থী। শালিনতাই সংস্কৃতিৰ ৰূপ বঢ়ায়।
(ঘ) মধুৰ কথাৰে আনক সন্মান জনােৱা : বিনয় আৰু নম্রতা হ’ল সংস্কৃতিৰ উপাদান। ইয়াত কথাৰ মধুৰতা সংযোেগ হ’লে সংস্কৃতিৰ সৌন্দর্য বাঢ়ে। মধুৰ কথাৰে অভ্যাগতক আদৰি অনাটো জীৱনৰ এক সংস্কৃতি।
(ঙ) পথেৰে পাৰ হওঁতে সাৱধান হােৱা : পথেৰে পাৰ হওঁতে দুয়ােফালে ভালদৰে চাইহে নিষ্কণ্টক বুলি জানিলে পাৰ হ’ব লাগে। এইটো এটা ভাল অভ্যাস। ইয়াৰ দ্বাৰা নিজৰেই নহয়, আনৰ উপকাৰ হয়। ভাল অভ্যাস, ভাল কাম একোটা সংস্কৃতি।
(চ) আনৰ সুবিধা-অসুবিধালৈ লক্ষ্য কৰা : কেতিয়াও কোনােৱে কাকো অসুবিধা পেলােৱা, বেয়া পােৱা কাম কৰিব নালাগে। নিজৰ যিদৰে কিছুমান অসুবিধা থাকে, আনৰাে তেনে অসুবিধা থকাটো স্বাভাৱিক। গতিকে আনৰ অসুবিধা সুবিধা চাইহে কাম কৰাটো সুৰুচিপূর্ণ কাম। এনে সুৰুচিপূর্ণ কামেই সংস্কৃতি।