বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ – Class 9 Geography Chapter 2 In Assamese

বায়ুমণ্ডল: গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
শ্ৰেণীনৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয়সামজ বিজ্ঞানৰ ভূগোল
অধ্যায়/ পাঠ02 (ভূগোল)
পাঠ্যক্ৰমছেবা

বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। বায়ুমণ্ডল কাক বােলে? ইয়াৰ গঠন সম্পর্কে চমুকৈ লিখা।
উত্তৰ: পৃথিৱীপৃষ্ঠৰ পৰা কিছু উচ্চতালৈ ইয়াৰ চাৰিওফালে নিৰৱচ্ছিন্নভাৱে গেছীয় তাৱস্থাত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বােলে।
গঠনঃ বায়ুমণ্ডল ভূ-পৃষ্ঠৰ পৰা ১০,০০০ কি. মি. ওপৰলৈ বিস্তৃত হৈ আছে আৰু এই বায়ুমণ্ডল বিভিন্ন গেছৰ সংমিশ্ৰণত গঠিত হৈছে। ভূ-পৃষ্ঠৰ পৰা ক্রমান্বয়ে ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য ভিন ভিন হােৱা দেখা যায়। উলম্ব দিশত বায়ুমণ্ডলৰ ঘনত্ব, চাপ, উত্তাপ, গেছবােৰৰ প্রাধান্যতা আৰু সিহঁতৰ ৰাসায়নিক গঠন পৰিবর্তন ঘটে। বায়ুমণ্ডল বিভিন্ন গেছ দ্বাৰা গঠিত। ইয়াৰ ভিতৰত নাইট্রজেন (৭৮.০৮%) আৰু অক্সিজেন (২০.৯৪%)ৰ প্রাধান্য বেছি। ইয়াৰ বাহিৰেও বায়ুমণ্ডলত আর্গন (০.৯৩%) আৰু কার্বন ডাই-অক্সাইড (০.০৩%) গেছ আছে। বায়ুমণ্ডলৰ অন্য গেছসমূহৰ ভিতৰত নিয়ন, হিলিয়াম, মিথেন, ক্রিপ্টন, নাইট্রাছ-অক্সাইড, হাইড্রজেন, জেনন আৰু অজন উল্লেখযােগ্য গেছ।

গেছৰ নামৰাসায়নিক সংকেতশতাংশ হিচাপে
অক্সিজেন0২০,৯৪
নাইট্রজেনN৭৮,০৮
আর্গনAr০.৯৩
কার্বন-ডাই-অক্সাইডCO০.০৩৬
অন্যান্য গেছNe, He, CH ০.০১৪

প্রশ্ন ২। গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি? লগতে এই স্তৰ কেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা।
উত্তৰঃ গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্রধানকৈ দুটা স্তৰত বিভক্ত কৰিব পাৰি (ক) হমস্ফিয়েৰ (খ) হেটেৰস্ফিয়েৰ
বৈশিষ্ট্যঃ

(ক) হমস্ফিয়েৰঃ ভূ-পৃষ্ঠৰ পৰা প্রায় ৮০ কিলােমিটাৰ উচ্চতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায়ে একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্নস্তৰটোক হমস্ফিয়েৰ বােলা হয়। উচ্চতা অনুসৰি থকা কিছুমান বৈশিষ্ট্য পার্থক্যৰ বাবে হমস্ফিয়েৰ স্তৰটোক পূনৰ ভূপৃষ্ঠৰ পৰা ক্ৰমে ট্ৰপস্ফিয়েৰ, ষ্ট্রেটস্ফিয়েৰ আৰু মেছ’স্ফিয়েৰ হিচাপে বিভক্ত ৰা হৈছে।

(খ) হেটেৰস্ফিয়েৰঃ হমস্ফিয়েৰৰ ৮০ কি.মি. উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠনৰ পৰিবর্তন ঘটে। গেছৰ ৰাসায়নিক গঠনৰ ভিন্নতাৰ বাবেই এই স্তৰটোক হেটেৰস্ফিয়েৰ বােলা হয়। এই স্তৰত গছবােৰে সিহঁতৰ আণৱিক ভৰ অনুসৰি অৱস্থান গ্রহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰিছে। এনেকুৱা চাৰিটা প্রধান গেছৰ তৰপ হেটেৰস্ফিয়েৰত পােৱা যায়। এই তৰপকেইটা হ’ল-নাইট্রজেনৰ তৰপ, অক্সিজেনৰ তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্রজেনৰ তৰপ

প্রশ্ন ৩। উচ্চতা আৰু উত্তাপৰ হ্রাস বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ উচ্চতা আৰু উত্তাপৰ হ্রাস-বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডল ৫ টা স্তৰত বিভক্ত কৰা হৈছে। এই স্তৰ কেইটা হৈছে—
(ক) ট্ৰপস্ফিয়েৰ (খ) ষ্ট্রেটস্ফিয়েৰ (গ) মেছ’স্ফিয়েৰ (ঘ) থাম’স্ফিয়েৰ (ঙ) এক্সস্ফিয়েৰ।

Class 9 social science chapter 2 geography

(ক) ট্ৰপস্ফিয়েৰ- ভূ-পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ট্ৰপস্ফিয়েৰ বা ট্ৰপ’মণ্ডল। এই স্তৰটোৰ গড় উচ্চতা প্রায় ১২ কি.মি.। অৱশ্যে অক্ষাংশ অনুসৰি এই স্তৰটোৰ উচ্চতা বেলেগ বেলেগ হয়। বিষুবীয় অঞ্চলত ইয়াৰ সর্বোচ্চ উচ্চতা ১৬ কি.মি, আৰু মেৰু অঞ্চলত ৮ কি.মি. হয়। বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুর্থাংশ আৰু প্রায় সম্পূর্ণ জলীয় বাষ্প আৰু ধূলিকণা কেৱল এই ট্ৰপস্ফিয়েৰ স্তৰতে আছে। বায়ুমণ্ডলৰ এই স্তৰটোৰ নিম্নভাগত উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্রমান্বয়ে হ্রাস পায়। বতৰৰ প্ৰায় সকলাে ধৰণৰ ক্ৰিয়া-কার্য (যেনেঃ মেঘ, বৰষুণ, ঘূর্ণীবতাহ, ধুমুহা, বৃষ্টি আদি) এই স্তৰতে সংঘটিত হয়। এই স্তৰটোৰ উৰ্ব্বসীমা টোক টুপ’পজ বােলা হয়। ই প্রায় ১৫ কি.মি, ডাঠ।

(খ) স্ট্রেট স্ফিয়েৰঃ ট্ৰপস্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল ষ্টেট স্ফিয়েৰ বা স্তৰমণ্ডল। ট্ৰপস্ফিয়েৰ আৰু ষ্টেট স্ফিয়েৰ ভৰ দুটাৰ মাজৰ সীমাটোক টুপ’পজ বুলি কোৱা হয়। বতৰৰ সকলােধৰণৰ কার্যকলাপ এই স্তৰত দেখা নাযায়। ডাৱৰবিহীন এই স্তৰটোত বতাহৰ গতি প্রায় অনুভূমিক বাবে এই স্তৰৰ মাজেদি আকাশী পথবােৰ আৱিষ্কাৰ কৰা হৈছে। বায়ুমণ্ডলৰ এই স্তৰটোতে অ’জন গেছৰ এটা স্তৰ আছে। অ’জন গেছৰ অণুবােৰে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শােষণ কৰে আৰু ইয়াৰ ফলত ষ্টেটস্ফিয়েত বায়ুৰ উষ্ণতা বৃদ্ধি পায়। ট্রপ’পজৰ পৰা ষ্ট্রেটস্ফিয়েৰ স্তৰটো প্রায় ৪০ কি.মি. ওপৰলৈ বিস্তৃত। ষ্ট্রেটস্ফিয়েৰৰৰ উর্ধসীমাটোক ষ্ট্রেট’পজ বােলা হয়।

(গ) মেছ’স্ফিয়েৰঃ ষ্টেটস্ফিয়েৰ বা ষ্টেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েৰ বােলা হয়। এই স্তৰটো ষ্ট্রেট’পজৰ পৰা প্রায় ৩০ কি. মি. উচ্চতালৈ বিস্তৃত হৈ আছে। এই স্তৰটোৰ প্রধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়। এইদৰে ওপৰলৈ ক্রমে উত্তাপ কমি গৈ যি সীমাত নিম্নতম হয় তাকে মেছ’পজ বােলা হয়। গতিকে মেছ’পজেই হৈছে মেছ’স্ফিয়েৰৰ উধ্বসীমা।

(ঘ) থার্ম স্ফিয়েৰঃ মেছ’স্ফিয়েৰ বা মেছ’পজৰ ঠিক ওপৰৰ স্তৰটোকে থার্ম স্মিয়েৰ বা তাপমণ্ডল বােলে। বায়ুমণ্ডলৰ এই স্তৰটো প্রায় ৮০ কি.মি. উচ্চতাত থকা মেছ’পজৰ পৰা প্রায় ৪০০ কি.মি. উচ্চতালৈ বিস্তৃত। এই স্তৰত উত্তাপ প্রায় ১৬৫০°ছেন্টিগ্রেড পর্যন্ত বৃদ্ধি হয় আৰু ইয়াৰ বায়ুৰ ঘনত্ব নিচেই নগণ্য। এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে। সেয়েহে এই তৰটোক আয়ন স্ফিয়েৰ বুলিও কোৱা হয়। পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅতৰংগও এই তৰপৰ পৰা প্রতিফলিত হয়।

প্রশ্ন ৪। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণবােৰ উদাহৰণসই আলােচনা কৰা।
উত্তৰঃ বায়ুমণ্ডলৰ আন আন উপাদানৰ দৰে চাপাে পৰিৱৰ্তনশীল। বায়ুমণ্ডলৰ চাপ স্থান আৰু সময়ভেদে পৰিৱৰ্তন হৈ থাকে। বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰণ দুটা হল- (ক) বায়ুৰ উষ্ণতা (খ) পৃথিৱীপৃষ্ঠৰ উচ্চতা।

(ক) বায়ুৰ উষ্ণতা: পৃথিৱী পৃষ্ঠত তাপৰ বিতৰণ সকলাে ঠাইতে সমান নহয়। তাপ বিতৰণৰ এনে তাৰতম্যৰ ফলত পৃথিৱীৰ কোনাে অঞ্চল গৰম হয়। তাপৰ এনে তাৰতম্যৰ বাবে পৃথিৱীৰ গাতে লাগি থকা বায়ুমণ্ডলৰ স্তৰত চাপৰাে তাৰতম্য ঘটে। উত্তাপ বৃদ্ধি পালে বায়ু সম্প্রসাৰিত হয় আৰু বায়ু সম্প্রসাৰিত হ’লে ইয়াৰ ঘনত্ব হ্রাস পায়। ঘনত্ব হ্রাস পালে বায়ু পাতল হৈ পৰে। এনে পাতল বায়ুৰ চাপাে কম হয়। আনহাতে উষ্ণ বা গৰম বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা বেছি জলভাগৰ পৰা জলীয় বাষ্প আহৰণ কৰি উষ্ণ বায়ু যেতিয়া আর্দ্র হৈ পৰে তেতিয়া তেনে আর্দ্র বায়ুৰ চাপ কম হয়। ইয়াৰ বিপৰীতে আর্দ্র বায়ুৰ জলীয় বাষ্প ধাৰণ ক্ষমতা কম আৰু জলীয় বাষ্প কম পৰিমাণে থকা শুষ্ক বায়ুৰ চাপ বেছি। মুঠতে উষ্ণতা বেছি হলে বায়ুৰ চাপ হ্রাস পায়। সেই কাৰণেই বিযুৱ অঞ্চলৰ পৰা দুই মেরু অঞ্চললৈ বায়ুৰ পৰিমাণ বৃদ্ধি হয়।

(খ) পৃথিৱীপৃষ্ঠৰ উচ্চতা:  সমুদ্রপৃষ্ঠৰ পৰা যিমানেই ওপৰলৈ যােৱা যায় সিমানেই বায়ুমণ্ডলৰ গভীৰতা বা বায়ুমণ্ডলত থকা গেছৰ পৰিমাণ কমি যায়। বায়ুমণ্ডলৰ গভীৰতা কমি গ’লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপাে কম হয়। সেয়েহে উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্রাস পায় আৰু যি ঠাইৰ উচ্চতা বেছি সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইৰ উচ্চতা তুলনামূলকভাৱে কম তাত বায়ুমণ্ডলৰ চাপ বেছি হয়। প্রতি ৯০০ ফুট উচ্চতাত বায়ুৰ চাপ ১ ইঞ্চি বা প্রায় ৩৪ মিলিবাৰ হাৰত কমি যায়। গতিকে ঠাইসমূহৰ মাজত থকা উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰ তাৰতম্য হয়। উত্তাপৰ এনে তাৰতম্যৰ বাবে আকৌ বায়ুমণ্ডলৰ চাপৰৰ হ্রাস-বৃদ্ধি হয়।

প্রশ্ন ৫। চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয়কেইটাৰ বৈশিষ্ট্য আলােচনা কৰা।
উত্তৰঃপৃথিৱীৰ সকলাে ঠাইত বায়ুৰ চাপ একে নাথাকে। কোনাে ঠাইত বায়ুৰ চাপ বেছি আৰু কোনাে ঠাইত বায়ুৰ চাপ কম। বায়ুৰ গতি সদায় বায়ুৰ চাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে বায়ুমণ্ডলৰ চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱীপৃষ্ঠত প্রধানকৈ চাৰিটা চাপবলয় বা চাপমণ্ডল চিনাক্ত কৰা হৈছে। এই চাপবলয় কেইটা হ’ল-
(ক) নিৰক্ষীয় নিম্নচাপ বলয় বা মণ্ডল। (খ) উপক্রান্তীয় উচ্চচাপ বলয় বা মণ্ডল। (গ) উপ-মেৰুদেশীয় নিম্নচাপ বলয় । (ঘ) মেৰদেশীয় উচচচাপ ।

Class 9 Social Science geography Chapter 2

(ক) নিৰক্ষীয় নিম্নচাপ বলয়ঃ বিষুৱ ৰেখাৰ উত্তৰে ১০° অক্ষাংশ আৰু দক্ষিণে ১০° অক্ষাংশৰ মাজৰ অঞ্চলখিনি নিৰক্ষীয় নিম্নচাপ বলয়ৰ অন্তৰ্গত। এইবিলয়ত প্রায় গােটেই বছৰ সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে বাবে বায়ু পাতল হৈ ঘনত্ব হ্রাস পায়। ফলত নিম্ন চাপৰ সৃষ্টি হয়। এইঅঞ্চলত জলভাগ বেছিকাৰণে জলীয় বাষ্প উত্তপ্ত হৈ উর্ধ্বগামী হয়। এই বলয়ত বতাহপ্রায় শান্ত অৱস্থাত থাকে।

(খ) উপক্রান্তীয় উচ্চচাপবলয়ঃবিযুৱ ৰেখাৰ উত্তৰে ২৫°-৩৫°অক্ষাংশআৰুদক্ষিণে ২৫°-৩৫°অক্ষাংশৰ মাজৰ অঞ্চলখিনি উপক্রান্তীয় উচ্চচাপ বলয়ৰ অন্তৰ্গত। নিৰক্ষীয় অঞ্চলত উধ্বগামী হােৱা আদ্ৰ আৰু পাতল বায়ু উত্তৰ আৰু দক্ষিণফালে অগ্ৰসৰ হয় আৰু লাহে লাহে চেষ্টা আৰু গধুৰ হবলৈ ধৰে। উত্তৰ কৰ্কট ক্রান্তি আৰু দক্ষিণ মকৰক্ৰান্তিৰ ওচৰত গধুৰ আৰু শীতল বায়ু মিলিত হৈ উচ্চচাপ বলয়ৰ সৃষ্টি কৰে। উপক্ৰান্তীয় অঞ্চলৰ এই উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ বুলিও কোৱা হয়। এই মণ্ডলটো ঋতুভেদে উৰ আৰু দক্ষিণলৈ প্ৰসাৰিত হয়।

(গ) উপমেৰুদেশীয় নিম্নচাপ বলয়ঃ এই বলয়টো উত্তৰ গােলার্ধৰ ৬০°- ৭০° অক্ষাংশ আৰু দক্ষিণে ৬০°-৭০° অক্ষাংশৰ মাজত অৱস্থিত। উত্তৰ আৰু দক্ষিণ
গােলার্ধত আৱৰ্তনৰ গতি দুই মেৰুতকৈ বেছি। ফলত উপমেৰু অঞ্চলৰ বায়ু উপক্রান্তীয় অঞ্চললৈ বিক্ষিপ্ত হৈ বয় আৰু তেতিয়া ই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ হ্রাস পাই নিম্নচাপৰ সৃষ্টি হয়। ঋতুভেদে এই মণ্ডলটো উত্তৰ আৰু দক্ষিণলৈ গতি কৰে।

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়ঃ দুই মেরু অঞ্চলত সূৰ্যৰ তাপনপৰা বাবে অতিপাত ঠাণ্ডা আৰু গােটেই অঞ্চল বৰফেৰে আবৃত। এই অঞ্চলত জলীয়বাষ্প প্রায় নাইয়েই। সেয়ে দুই মেৰুঅঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে।

 Class 9 Geography Chapter 2 In Assamese

৬| পৃথিৱীত অনুকুল প্রাকৃতিক পৰিবেশ সৃষ্টিত বায়ুমণ্ডলৰ গুৰুত্ব সম্পর্কে লিখা।
উঃ পৃথিৱীৰ অনুকূল প্রাকৃতিক পৰিবেশ সৃষ্টিৰ ক্ষেত্ৰত বায়ুমণ্ডলৰ এক গুৰুত্বপূর্ণ ভূমিকা আছে। বায়ুমণ্ডলে পৃথিৱীত জীৱজগত বৰ্তি থাকিবৰ বাবে নানান ধৰণৰ উদ্ভিদ,ফলমূল,শস্য, বায়ু, পানী আদিসৃষ্টি কৰি এক অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে। ইজীৱজগতৰ বাবে প্রয়ােজনীয় সকলাে ধৰণৰ গেছসমূহ যােগান ধৰে। বায়ুমণ্ডলে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মিক বাধা দিজীৱগজতক বর্তি থকাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু বতৰৰ পৰিৱর্তন হয়। এইদৰেই বায়ুমণ্ডলে পৃথিৱীত অনুকূল পৰিবেশৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক:   ভাৰতবৰ্ষৰ ভূগোল Class 9 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) ভূগোল অধ্যায় ৩

প্রশ্ন ৭ বায়ুপ্রবাহ কাক বােলে ? বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ আলােচনা কৰা।
উত্তৰঃ সাধাৰণতে বায়ুমণ্ডলত বায়ু কেতিয়াও একেবাৰে স্থিৰ অৱস্থাত নাথাকে। বায়ুৱে গতি কৰিলেই ইয়াক বতাহ বা বায়ুপ্রবাহ বােলা হয়। অর্থাৎ বায়ুৰ গতিশীল অৱস্থাই হল বতাহ। বায়ুপ্রবাহৰ উৎপত্তিৰ কাৰকসমূহ হ’ল—
(ক) বায়ুপ্রবাহৰ উৎপত্তিৰ প্রথম কাৰকটো হ’ল বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্রােতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ তাৰতম্য। বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চলৰ ফালে গতি কৰে।

(খ) দ্বিতীয়তে, বায়ুৰ উষ্ণতা বৃদ্ধি পালে ই পাতল হৈ ওপৰলৈ গতি কৰে আৰু সেই ঠাইত এক নিম্ন চাপ সৃষ্টি হয়। ফলত তুলনামূলকভাৱে কম উষ্ণতা বিৰাজ কৰা উচ্চ চাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বায়ু প্রবাহিত হয়। চাপৰ এনে তাৰতম্যৰ বাবে চাপনতিৰ সৃষ্টি হৈ বায়ুপ্রবাহৰ আৰম্ভ হয়। এই প্রবাহ সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ অর্থাৎ চাপনতিৰ দিশত গতি কৰে।

(গ) বতাহৰ গতিবেগ চাপনতিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। বিষুর অঞ্চলত ভূ-পৃষ্ঠৰ পৰা উষ্ণ বায়ু ওপৰলৈ উঠে আৰু ওপৰেদি উচ্চ অক্ষাংশৰ পিনে গতি কৰি মেৰু অঞ্চলত নিম্নগামী হয়। আকৌ সেই বায়ু বায়ুমণ্ডলৰ নিম্ন স্তৰেদি মেৰু অঞ্চলৰ পৰা বিষুর অঞ্চললৈ চেঁচা বায়ু হিচাপে গতি কৰে।

(ঘ) কোনাে এখন ঠাইৰ বায়ুপ্রবাহ আৰু ইয়াৰ বৈশিষ্ট্য বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। দৰাচলতে চাৰিটা প্রতিক্রিয়াশীল শক্তিয়ে বায়ুপ্রবাহক বিশেষভাৱে নিয়ন্ত্রণ কৰে। সেই কাৰক কেইটা হৈছে চাপনতি শক্তি, মাধ্যাকর্ষণ শক্তি, অপকেন্দ্রিক শক্তি, আৰু ঘর্ষণশক্তি।

প্রশ্ন ৮। বায়ুপ্রবাহৰ সৃষ্টিৰ মূল কাৰণটো কি? ইয়াৰ গতি আৰু দিশ নির্ধাৰণৰ কাৰকসমূহ চমুকৈ লিখা।
উত্তৰঃ বায়ুপ্রবাহ সৃষ্টিৰ মূল কাৰণটো হ’ল- বায়ুমণ্ডলৰ উত্তাপৰ তাৰতম্য আৰু ইয়াৰ লগত ওতঃপ্রােতভাৱে জড়িত বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে বতাহৰ উৎপত্তি হয়। বতাহ উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে।। বায়ুপ্রবাহৰ গতি আৰু দিশ নির্ধাৰণ কৰা শক্তি বা কাৰকসমূহ হ’ল-
(ক)চাপনতি শক্তি, (খ) মাধ্যাকর্ষণ শক্তি, (গ) অপকেন্দ্রিক শক্তি, (ঘ) ঘর্ষণ শক্তি।

(ক) চাপনতি শক্তি : ভূ-পৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে। ইয়াকে চাপনতি শক্তি বােলা হয়। আচলতে দুখন ঠাইৰ মাজৰ বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ হাৰকে চাপনতি বােলে। গতিকে চাপনতিৰ বাবে সৃষ্টি হােৱা শক্তিৰ মান নির্ভৰ কৰিব ঠাই দুখনৰ মাজত থকা চাপৰ পার্থক্য আৰু দূৰত্বৰ ওপৰত। ঠাই দুখনৰ মাজত চাপৰ পার্থক্য বেছি হ’লে বায়ুপ্রবাহ গতিবেগ বেছি হয়। কিন্তু দূৰত্ব বেছি হ’লে গতিবেগ হ্রাস পায়। আকৌ বায়ু সদায় উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ বলে, সেয়ে দুখন ঠাইৰ মাজত থকা চাপনতিয়ে বায়ুপ্রবাহৰ দিশাে নির্ণয় কৰে। যি দিশত চাপ হ্রাস পায়, সেই দিশতেই চাপনতিৰ জোখ লােৱা হয়। এখন অঞ্চলৰ চাপতি অধ্যয়ন কৰিলেই তাত বিৰাজ কৰা বতাহৰ দিশ আৰু গতিবেগ সম্পর্কে সহজে জানিব পাৰি।

(খ) মাধ্যাকর্ষণ শক্তি : বায়ুপ্রবাহৰ ক্ষেত্ৰত প্রত্যক্ষভাৱে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ কোনাে বিশেষ ভূমিকা নাই। কিন্তু সূৰ্যৰ দৰে পৃথিৱীৰ মাধ্যাকর্ষণেও বায়ুপ্রবাহত এক চালিকাশক্তিৰ কাম কৰে। দৰাচলতে পৃথিৱীৰ চাৰিওফালে আৱৰি থকা সমগ্র বায়ুমণ্ডল খনকেই মাধ্যাকর্ষণ শক্তিৰ ওপৰতেই নিৰ্ভৰ কৰে। ।

(গ) অপকেন্দ্রিক শক্তি : পৃথিৱীয়ে নিজ মেৰুদণ্ডক আশ্রয় কৰি ঘূৰি থকাৰ বাবে ইয়াৰ কেন্দ্ৰৰ পৰা বহিঃমুখী এক শক্তিৰ উদ্ভৱ হয়। ইয়াকে অপকেন্দ্রিক শক্তি বােলা হয়। এই অপকেন্দ্রিক শক্তিৰ প্ৰভাৱত বতাহৰ গতিৰ দিশৰ কিছু বিক্ষেপণ ঘটে। এনে পৰিঘটনাৰ কথা ১৮৪৪ চনত পােন প্রথমে গেপার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে উদ্ঘাটন কৰা বাবে এই শক্তিটো ‘কোৰিওলিচ বল’ হিচাপে জনাজাত।

(ঘ) ঘর্ষণশক্তিঃ বায়ুপ্রবাহত ঘর্ষণ শক্তিৰ প্ৰভাৱ অতি গুৰুত্বপূর্ণ। বিশেষকৈ আনুভূমিক বতাহ কেনে পৃষ্ঠৰ ওপৰেদি বলে তাৰ ওপৰতেই ঘর্ষণ শক্তিৰ মান নিৰ্ভৰ কৰে। অর্থাৎ যদি ভূ-পৃষ্ঠ পর্বত-পাহাৰ-ভৈয়ামৰ খলা-বমাৰে পূৰ্ণ বা গছ-গছনি, সুউচ্চ অট্টালিকা আদিৰে ভৰা হয়, তেতিয়া ঘর্ষণ শক্তি বেছি হয় আৰু তেনে পৃষ্ঠইদি বায়ুপ্রবাহ হ’লে গতিৰাে যথেষ্ট হ্রাস পায়। সেয়ে ভূ-পৃষ্ঠৰ কিছু ওপৰেদি বায়ু প্রবাহ হলে ঘর্ষণৰ মাত্রা যথেষ্ট হ্রাস পায় আৰু বতাহৰ গতিবেগ বাঢ়ে। সেইদৰে জলপৃষ্ঠ বা বৰফাবৃত ঠাইৰ ওপৰেদি বতাহ বলিলেও ইয়াৰ গতিবেগ ঘর্ষণশক্তিৰ প্ৰভাৱ যথেষ্ট কম হয়।

৯। কোৰিওলিচ বল’ বুলিলে কি বুজায়? বতাহৰ গতি নির্ধাৰণত ইয়াৰ ভূমিকা চিত্রসহ বর্ণনা কৰা।
উঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে বায়ুপ্রবাহত এক চালিকা শক্তি হিচাপে কাম কৰে। পৃথিৱীৰ চাৰিওফালে আবৰি থকা বায়ুমণ্ডলখন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখে। এই মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণ ভূ-পৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্রাস পায় ফলত বায়ুৰ চাপ বা ওজন ক্রমে হ্রাস পায়।

Class 9 social science geography chapter 2

১০। চাপনতি শক্তি’বুলিলেকি বুজায় ? বায়ুপ্রবাহত ইয়াৰ ভূমিকা কি?
উঃ বায়ুমণ্ডলত চাপৰ তাৰতম্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়ে বায়ুপ্রবাহৰ সৃষ্টি কৰে। এই শক্তিকে ‘চাপনতি শক্তি বলে। অর্থাৎ দুখন ঠাইৰ বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ হাৰকে ‘চাপনতি’ বােলে। এই হাৰ নিৰ্ভৰ কৰে ঠাই দুখনৰ চাপৰ পার্থক্য আৰু দূৰত্বৰ ওপৰত। এই চাপনতিৰ ফলত বায়ুমণ্ডলত প্রবাহিত বতাহৰ
গতিবেগ আৰু দিশৰ পৰিৱৰ্তন ঘটে।

১১। বায়ুপ্রবাহত পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ ভূমিকা চমুকৈ লিখা।

উঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে বায়ুপ্রবাহত এক চালিকা শক্তি হিচাপে কাম কৰে। পৃথিৱীৰ চাৰিওফালে আবৰি থকা সমগ্র বায়ুমণ্ডলখন পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে ধৰি ৰাখে। এই মাধ্যাকর্ষণ শক্তিৰ আকৰ্ষণ ভূ-পৃষ্ঠ আৰু সাগৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠাৰ লগে লগে হ্রাস পায় ফলত বায়ুৰ চাপ বা ওজন ক্রমে হ্রাস পায়।

১২। বতাহৰ নামকৰণ বুলিলে কি বুজায় ? এখন ঠাইৰ ওপৰেদি প্রবাহিত বায়ুৰ নামকৰণ কেনেকৈ কৰা হয়?
উঃ ভূ-পৃষ্ঠৰ বছৰৰ বিভিন্ন সময়ত, বিভিন্ন দিশৰ পৰা আৰু বিভিন্ন গতিবেগেৰে প্রবাহিত হােৱা বতাহক নামকৰণ কৰা হৈছে। সাধাৰণতে যি দিশৰ পৰা বতাহ বলে সেইদিশৰনাম অনুযায়ী বতাহৰ নামকৰণ কৰা হয়। যেনে- দক্ষিণ দিশৰ পৰা বলা বতাহক দক্ষিণা বতাহ, পশ্চিম দিশৰ পৰা প্ৰৱাহিত হােৱা বতাহক পশ্চিমা বতাহ বােলা হয়। আনহাতে যি ঠাই বা অঞ্চলৰ পৰা বতাহ প্রবাহিত হয় সেই ঠাইৰ নামেৰেও বতাহক কেতিয়াৱা নামকৰণ কৰা হয়। যেনেঃ সমুদ্রৰ ওপৰেদি প্রবাহিত বা সমুদ্ৰৰ পৰা অহা বতাহক সামুদ্রিক বতাহ বােলে। সেইদৰে মৰুভূমিৰ মাজেদি বৈ যােৱা বতাহক মৰু বতাহ বােলে।

১৩। বতাহৰ গতিবেগ কেনেকৈ নিৰ্ধাৰণ কৰা হয় ? ইয়াৰ গতিবেগৰ এককবােৰ কি কি?
উঃ এনিমমিটাৰ নামৰ যন্ত্ৰৰ দ্বাৰা বতাহৰ গতিবেগ জোখা হয়। আকৌ এনিম’গ্রাফ নামৰ যন্ত্ৰৰ দ্বাৰা স্বয়ংক্রিয়ভাৱে বতাহৰ দিশ আৰু গতিবেগ লিপিবদ্ধ কৰিব পৰা যায়। বতাহৰ গতিবেগ প্রকাশৰ একক হল— নট। ১ নট মানে প্রতি ঘন্টাত ১ নটিকেল মাইল। ১নটিকেল মাইল = ১.৮৫৪ কিলােমিটাৰ।

১৪। বতাহৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা হয়? উদাহৰণসহ চমুকৈ আলােচনা।
উঃ বিস্তৃতিৰ ওপৰত ভিত্তি কৰি বতাহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। যেনে— মুখ্য বা প্রাথমিক বায়ু প্রবাহ, গৌণ বায়ুপ্রবাহ আৰু স্থানীয় বায়ুপ্রবাহ।

১৫। প্রাথমিক বায়ুপ্রবাহ বুলিলে কি বুজায়? এখন চিত্ৰত প্রাথমিক বায়ুপ্রবাহৰ বিতৰণ দেখুওৱা।ইয়াৰপ্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উঃ ভূপষ্ঠত স্থায়ীভাৱে থকা চাপবলয়সমূহত সমগ্র পৃথিৱীজুৰি নিয়মিতভাৱে যি বায়ুৰ চলাচল হৈ আছে তাকে ‘প্রাথমিক বা মুখ্য বায়ু প্রবাহ’ বােলে।

Class 9 social science geography chapter 2 img2

এই প্রাথমিক বায়ু প্রবাহক নিয়মিত বতাহনিয়ত বতাহ বুলিও কোৱা হয়। এই স্থায়ী বতাহসমূহ অহৰহ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ দুয়ােটা গােলাৰ্ধৰ উপক্ৰান্তীয় আৰু মেৰুদেশীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় আৰু উপমেৰুদেশীয় নিম্নচাপ বলয়লৈ প্রবাহিত হৈ আছে। প্রাথমিক বায়ু প্রবাহত অন্তর্ভুক্ত তিনিবিধ বায়ু প্রবাহ হ’লঃ বাণিজ্য বতাহ, পছােৱা বতাহ আৰু মেৰুদেশীয় বতাহ।

১৬। গৌণ বতাহ কাক বােলে? উদাহৰণসহ এখন ঠাইৰজলবায়ুনির্ধাৰণত ইয়াৰ ভূমিকা বর্ণনাক।
উঃ ভূ-অৱয়বৰ প্রকৃতি, বিস্তৃতিৰ বিভিন্নতা, আঞ্চলিক আৰু ঋতুভিত্তিক চাপৰ তাৰতম্য আদিৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলত সৃষ্টি হােৱা বায়ু প্রবাহসমূহক ‘গৌণ বায়ুপ্রবাহ বােলে। ইয়াৰ অন্তৰ্গত বতাহবােৰ হ’লঃ ঘূর্ণীবতাহ, প্রদীপ ঘূর্ণীবতাহ, বায়ুৰাশি, বাতাগ্র, মৌচুমী বতাহআদি। এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত গৌণ বতাহৰ তাৎপর্য আছে। এই গৌণ বতাহৰ বাবে বতৰৰ পৰিৱর্তন হয়।

১৭৷ স্থানীয় বতাহ কাক বােলে? স্থানীয় বতাহে এখন ঠাইৰ বতৰ নিৰ্ধাৰণত কেনেদৰে প্ৰভাৱ পেলায়? উদাহৰণসহ চমুকৈ আলােচনা।
উঃ ভূ-অবয়ৱৰ বিভিন্নতা আৰু উচ্চতাৰ পার্থক্যৰ বাবে সীমিত অঞ্চল সামৰি যি বায়ু প্রবাহ সৃষ্টি হয় তাকে স্থানীয় বতাহ’ বােলে। ইয়াক অস্থায়ী বা অনিয়মিত বায়ু প্রবাহ বুলিও কোৱা হয়। কিছুমান স্থানীয় বতাহ হ’ল জলবতাহ, স্থলবতাহ, ভৈয়াম বতাহ, লু, চিনুক, ফ’ন আদি। পৃথিৱীৰ উপৰিভাগত স্থানীয় পর্যায়ত থকা ভূ-প্রকৃতিৰ পার্থক্য আৰু উত্তাপৰ তাৰতম্যৰ বাবে স্থানীয় বতাহপ্রবাহিত হয়। স্থানীয় বতাহে একোটা নির্দিষ্ট অঞ্চলৰ বতৰৰ পৰিৱৰ্তন ঘটায়।

১৮। ঘূর্ণী বতাহ’ কাক বােলে? ই কেই  প্ৰকাৰৰ আৰু কি কি? এখন ঠাইৰ বতৰ বা জলবায়ুত ইয়াৰ প্ৰভাৱসমূহ কেনেধৰণৰ চমুকৈ উল্লেখকৰা৷
উঃ বায়ুমণ্ডলৰ ক্রান্তীয় অঞ্চলত উৎপত্তি হােৱা কোনাে নিম্নচাপক কেন্দ্ৰ কৰিচাৰিওদিশৰ উচ্চচাপ অঞ্চলৰ পৰা তীব্র বেগত অহা গধুৰ বতাহেমুখামুখি সংগষত লিপ্ত হৈযি চক্রাকাৰ গতি লয় তাকে ‘ঘূর্ণী বতাহ বােলে। ঘূর্ণী বতাহ দুই প্রকাৰৰ, যেনেঃ ক্রান্তীয় ঘূণী বতাহ আৰু বহিঃক্রান্তীয় বা মধ্য অক্ষাংশীয় ঘূণী বতাহ। এখন ঠাইৰ বতৰ বা জলবায়ুত ঘূর্ণী বতাহে প্ৰভাৱ পেলায়। যেনেঃঘূর্ণীবতাহৰ ফলত ঘন ডাৱৰ আৰু ধাৰাষাৰ বৰষুণ হয়। উচ্চ স্তৰৰ বায়ু অতিপাত চেঁচা হলে শিলাবৃষ্টি আৰু বিজুলী ঢেৰেকনীসহধুমুহা বৰষুণ হয়। পিছত বৰষুণ নােহােৱাকৈয়ে আকাশখন মুকলি হয় আৰু ৰিব-ৰিব বতাহ চলি থাকে আৰু বতৰ ঠাণ্ডা হয়।

১৯। বায়ুৰাশি’ কাক বােলে? ইয়াক কেনেকৈ শ্রেণীবিভাজন কৰা হয়? এখন ঠাইৰ জলবায়ু নিৰ্ধাৰণত ইয়াৰ ভূমিকা কি?
উঃ উত্তাপ, আদ্রতা আদি গুণসম্পন্ন বৃহৎ আকাৰৰ একোটা বায়ুপুঞ্জকে বায়ুৰাশি’ বােলে। বায়ু দীর্ঘকাল স্থিৰ অৱস্থাত থাকিলে ইয়াৰ নিম্ন স্তৰৰ বায়ু নিম্নস্থ ভূমিৰ দ্বাৰা প্ৰভাৱিত হয় আৰু ভূমিৰ গুণ অনুসৰি বায়ুয়ে নির্দিষ্ট তাপ আৰু আর্দ্রতা আহৰণ কৰে। বায়ুৰাশিৰ উৎস স্থান আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক চাৰিটা শ্রেণীত ভাগ কৰা হৈছে। যেনেঃ
(ক) ক্রান্তীয় অঞ্চলৰ মহাদেশীয় বায়ুৰাশি
(খ) ক্রান্তীয় অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি
(গ) মেৰু অঞ্চলৰ মহাদেশীয় বায়ুৰাশি আৰু
(ঘ) মেৰু অঞ্চলৰ মহাসাগৰীয় বায়ুৰাশি।
এখন ঠাইৰ জলবায়ুনির্ধাৰণত বায়ুৰাশিয়ে যথেষ্ট প্রভাৱ পেলায়। যেনে যি অঞ্চলৰ মাজেদি বায়ুৰাশি গতি কৰে ই সেই অঞ্চলৰ ধর্মবােৰ গ্ৰহণ কৰে। সমুদ্র অঞ্চলৰ পৰা প্রবাহিত হােৱা বায়ুৰাশিয়ে প্রচুৰ পৰিমাণে জলীয় বাষ্প কঢ়িয়ায়। ফলত ইবৈ যােৱা অঞ্চলৰ বতৰ সেমেকা হয়। আনহাতে ক্রান্তীয় মৰুভূমিৰ ওপৰেদি বৈ যােৱা বায়ুৰাশি শুকান আৰু উষ্ণ হয়।

লগতে পঢ়ক:   মোৱামৰীয়া গণ বিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3 | Class 9 Social Science Chapter 3 question Answer In Assamese

২০।‘বাতাগ্র’ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়? জলবায়ু আৰু বাতাগ্ৰৰ সম্পর্ক চমুকৈ আলােচনা কৰা।
উঃ যেতিয়া উষ্ণতা, আদ্রর্তা, চাপ, ঘনত্ব আদিৰ তাৰতম্য থকা দুটা বিপৰীত গুণসম্পন্ন বায়ুৰাশি পৰস্পৰ সন্মুখীন হয় আৰু দুয়ােটাৰ মাজত লগে লগে মিশ্রণ নঘটি এক বিচ্ছেদক বায়ুপৃষ্ঠৰ বা ৰেখাৰ সৃষ্টি হয়, তাকে বাতাগ্র’ বােলা হয়। দুটা চর্তত বাতাগ্রৰ সৃষ্টি হয়। যেনেঃ (ক) বায়ুৰাশি এটা আনটোৰ তুলনাত শীতল আৰু গধুৰ হ’ব লাগিব। (খ) বায়ুপ্রবাহঅভিসাৰীহ’বলাগিব যাতে দুয়ােটাবায়ুবাশি বিপৰীত দিশৰ পৰা পৰম্পৰৰ অভিমুখে প্রবাহিত হয় আৰু উষ্ণ পাতলবায়ু, শীতলগধুৰ বায়ুৰ ওপৰত অৱস্থান কৰিসাম্য বা সুস্থিৰ অৱস্থাত থাকে।

বাতাগ্রৰ গুণাগুণ আৰু প্ৰকৃতিৰ ভিত্তিত ইয়াক চাৰিটা শ্ৰেণীত ভাগকৰা হৈছে। যেনেঃ শীতল বাতাগ্র, উষ্ণ বাতাগ্র, অচল বাতাগ্র আৰু অন্তপ্ত বাতাগ্র। বাতাগ্ৰ আৰু জলবায়ুৰ মাজত সম্পর্ক আছে। কাৰণ বাতাগ্ৰ অঞ্চলত চাপতি বিপৰীতমুখী হােৱাৰ ফলত বায়ুৰ অপসৰণ হয় আৰুবাতাগ্রঅগ্রসৰ হােৱাৰ লগে লগে সংশ্লিষ্ট বায়ুৰ উত্তপ আৰু আদ্রর্তাৰ পৰিৱৰ্তন হৈডাৱৰৰ সৃষ্টি হয় ফলত সেই অঞ্চলৰ জলবায়ু সেমেকা হয়। ফলত সেই অঞ্চলৰ জলবায়ু সেমেকা হয়।

২১। মৌচুমী বতাহ’ বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি? ইয়াৰপ্ৰভাৱ পৃথিৱীৰ কোনবােৰ অঞ্চলত স্পষ্ট?
উঃ ঋতুৰ ওপৰত নিৰ্ভৰ কৰি প্ৰবাহিত সাময়িক বায়ু প্রবাহকে ‘মৌচুমী বতাহ বােলে। মৌচুমী বতাহ হৈছে ক্রান্তীয় আৰুউপক্রান্তীয় অঞ্চলৰ এক আঞ্চলিক বায়ুপ্রবাহ। গ্রীষ্মকালত আৰব সাগৰ আৰু বঙ্গোপ সাগৰৰ পৰা প্রবাহিত দক্ষিণ-পশ্চিম আৰু দক্ষিণ-পূৱ মৌচুমীবতাহবয়। শীতকালত শুকান উত্তৰ-পূৱ মৌচুমী বতাহে’বঙ্গোপ সাগৰৰ পৰাজলীয় বাষ্প শােষণ কৰি পিছত দক্ষিণ ভাৰতৰ পিনে অগ্ৰসৰ হয়। গ্রীষ্মকালত মৌচুমী বতাহৰ ফলত মেঘালয়ৰ দক্ষিণ অংশ, অসমৰ পার্বত্য অঞ্চলৰ পাদভূমিত আৰু পশ্চিমঘাট পৰ্বতৰ পশ্চিম ঢালত যথেষ্ট বৰষুণ হয়।

Class 9 Geography Chapter 2 Question Answer In Assamese

২২। কাৰণ দশাই উত্তৰ লিখাঃ

(ক)ট্রপস্ফিয়েৰ স্তৰটোতে প্রধানকৈ বতৰৰ ক্রিয়াকলাপকিয় সংঘটিত হয়?
উঃ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্রপস্ফিয়েৰ। এই স্তৰটোৰ উচ্চতা সকলাে ঠাইতে সমান নহয়। এই স্তৰটোৰ গড় উচ্চতা ১২ কি. মি.। এই স্তৰটো ভূপৃষ্ঠৰ লগত লাগি থকাৰ বাবেইয়াৰ বায়ুত অধিক পৰিমাণে জলীয় বাষ্প থাকে। এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা বতাহৰ লগতে বতৰৰ ক্রিয়াকলাপ সংঘটিত হয়।

(খ) বায়ুমণ্ডলত কার্বনডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফল কি হ’ব?
উঃ বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি হলে জীৱ-জন্তুৰ বাবে শ্বাস-প্রশ্বাসত অসুবিধা আৰু জটিলতাই দেখা দিব। ফলত জীৱ-জগত ধ্বংসৰ গৰাহত পৰিব। পৃথিৱীৰ জলবায়ুৰ পৰিৱৰ্তন হ’ব আৰু ভূপৃষ্ঠৰ উষ্ণতা বাঢ়ি যাব।

(গ) আর্দ্র বায়ুতকৈশুষ্ক বায়ুচাপকিয় বেছি?
উঃজলভাগৰ পৰাজলীয় বাষ্প আহৰণ কৰিলে বায়ু আর্দ্র হয়। আর্দ্র বায়ুৰ চাপ কম । ইয়াৰ বিপৰীতে শীতল বায়ুৰ জলীয় বাষ্পৰ ধাৰণ ক্ষমতা কম। সেয়ে শুষ্ক বায়ুৰ চাপ বেছিহয়। মুঠতে উষ্ণতা বৃদ্ধিপালে বায়ুৰ চাপ হ্রাস পায়।

(ঘ) অ’জন গেছৰ তৰটোৰে কেনেকৈ জীবজগতৰ উপকাৰ সাধে?
উঃ অ’জন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শােষণ কৰে । এনেদৰে অ’জন গেছে অতি বেঙুনীয়া ৰশ্মিক বাধা দি পৃথিৱীৰ জীৱকুলক সুৰক্ষা দি আছে।

(ঙ) সাগৰ পৃষ্ঠত বায়ুৰ চাপকিয় আটাইতকৈ বেছি?
উঃ বায়ু স্বাভাৱিকতে সংকোচনশীল বাবেতলৰ স্তৰৰ বায়ু সংকোচনশীল হৈ পৰে। বায়ু সংকোচন হ’লে ঘনত্ব বাড়ে। ঘনত্ব বাঢ়িলে বায়ুৰ চাপ বাঢ়ে। সাগৰ পৃষ্ঠ
বায়ুমণ্ডলৰ নিম্নস্তৰ হােৱা বাবে সাগৰত বায়ুৰ চাপৰ মাত্রা অতি বেছি।

(চ) ট্রপস্ফিয়ে স্তৰৰ উলম্ব বিস্তৃতি আৰু মেৰু অঞ্চল আৰু বিষুবীয় অঞ্চলত কিয় বেলেগ বেলেগ?
উঃ বিষুৱ অঞ্চলত সূৰ্যৰ ৰশ্মি লম্বভাবে পৰে ফলত তাত উষ্ণতা সর্বাধিক হয়। আনহাতে মেৰু অঞ্চলৰ পিনে সূৰ্যৰ ৰশ্মি ক্রমান্বয়ে হেলনীয়াহৈ পৰে বাবে তাপ কম হয়।

(ছ) নিৰক্ষীয় নিম্নচাপ বলয়ত ভূ পৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয়?
উঃ নিৰক্ষীয় অঞ্চলত স্থায়ীভাবে বায়ুমণ্ডলৰ চাপ নিম্ন হৈ থাকে। কাৰণ ইয়াত জলীয় বাষ্প বেছিথাকে। নিৰক্ষীয় নিম্নচাপ অঞ্চলৰ বায়ু উত্তপ্ত হৈ উর্ধ্বগামী হয়। সেয়ে তাত সমান্তৰালভাবে বতাহবলা অনুভূত নহয়।

২৩| তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়াঃ

(ক)বায়ুমণ্ডল কিমান উচ্চতালৈcবিস্তৃত?
উঃবায়ুমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা ১০,০০০ কি.মি. উচ্চতালৈ বিস্তৃত।

(খ) ভূ-পৃষ্ঠৰ পৰা কিমান উচচতা পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্রায় একে থাকে?
উঃ ভূপষ্ঠৰ পৰা ৮০ কি.মি. উচ্চতালৈ বায়ুমণ্ডলৰ গেছসমূহৰাসায়নিক গঠন প্রায় একে থাকে।

(গ)হমস্ফিয়েৰআৰু হেটেস্ফিয়েৰৰ মাজৰ সীমাটোৰনাম কি?
উঃ হমস্ফিয়েৰ আৰু হেটেৰস্ফিয়েৰৰ মাজৰ সীমাৰেখাটোৰ নাম মেছ’পজ।

(ঘ) ফেৰেলৰ সূত্ৰটোকি?
উঃ পৃথিৱীৰ আৱর্তনৰ বাবে সৃষ্টি হােৱা শক্তিৰ বাবে উত্তৰ গােলার্ধত বায়ু সোঁফালে আৰু দক্ষিণ গােলার্ধত বায়ু বাওঁফালে সলনি হৈ প্রবাহিত হয়। ইয়াকে ‘ফেৰলৰ সূত্র’ বােলে।

(ঙ) বিউফর্ট স্কেল কি?উদাহৰণসহএই স্কেলৰ ব্যৱহাৰিতা সম্পর্কে চমুকৈ লিখা।
উঃ ব্রিটিছবিজ্ঞানী ফ্রেজিবিউফর্টে প্রস্তুত কৰা ০-১২ নম্বৰ স্কেলৰ সহায়তবতাহৰ গতিবেগৰ মান অনুযায়ী ইয়াৰ প্ৰকৃতি আৰু প্ৰভাৱ জানিব পাৰি। ইয়াকে ‘বিউফর্ট স্কেল’ বােলে।

(চ) লেপচ হাৰ কি চমুকৈ লিখা।
উঃ সাগৰ পৃষ্ঠৰ পৰা প্রতি কিলােমিটাৰ উচ্চতা বৃদ্ধিত ৬.৫ চেন্টিগ্রেডকৈ বায়ুৰউষ্ণতা হ্রাস পায়।ইয়াকে ‘লেপচ হৰ’ বােলে।

২৪। চমুটোকা লিখাঃ
(ক) হমস্ফিয়েৰ
উঃ ভূপৃষ্ঠৰ পৰা ৮০ কিলােমিটাৰ পর্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ গঠন প্রায় একেবাবে এইস্তৰটোক হ’মস্ফিয়েৰ বুলি কোৱা হয়।এইস্তৰটোক উত্তাপৰ ভিত্তিত তিনিটা ভাগত ভাগ কৰা হৈছে, যেনেঃট্রপস্ফিয়েৰ, স্ট্রেটস্ফিয়েৰ আৰু মেছ’স্পিয়েৰ। হমস্ফিয়েৰ আৰু হেটেৰস্ফিয়েৰৰ মাজৰ সীমাটোক মেছ’পজ’ বােলে।

(খ) হেটেৰস্ফিয়েৰ
উঃ মেছ’পজৰ ওপৰৰ স্তৰলৈ থকা বায়ুৰ আবৰণটোক হেটেৰস্ফিয়েৰ বুলি কোৱা হয়। মেছ’পজৰ পৰা যিমানে ওপৰলৈ যােৱা যায় সিমানে উত্তাপৰ মাত্রা দ্রুত হাৰত বাঢ়িবলৈ ধৰে। ইয়াৰ ফলত গেছবােৰৰ ৰাসায়নিক গঠন। সলনি হয়। এই স্তৰত গেছবােৰে সিহঁতৰ আনৱিক ভৰ অনুসৰি অৱস্থান গ্রহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে। এইতৰপবােৰ হৈছেনাইজেনৰ তৰপ, অক্সিজেনৰ তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্রজেনৰ তৰপ। নাষ্ট্র’জেনৰ তৰপটো ৮০ কিলােমিটাৰৰ পৰা ২০০ কিলােমিটাৰ উচ্চতালৈ আছে। অক্সিজেনৰ তৰপটো ১১২৫ কি. মি. আৰু হিলিয়ামৰ তৰপটো ৩৫৪০ কি. মি. উচ্চতালৈকে আছে। হাইড্রজেনৰ তৰপটো ১০০০০ কি.মি. পর্যন্ত বিয়পি আছে।

(গ) বায়ুৰ তাপ,ভূপৃষ্ঠৰ উচ্চতা আৰু বায়ুৰ চাপৰ সম্পর্ক
উঃ বায়ুৰ তাপ বৃদ্ধি পালে বায়ু সম্প্রসাৰিত হয় ফলত ইয়াৰ ঘনত্ব হ্রাস পায়। ভূপৃষ্ঠৰ পৰা উচ্চতা বৃদ্ধি পালে বায়ুমণ্ডলৰ চাপ হ্রাস পায়।

(ঘ) মেৰুদেশীয় উচ্চচাপ বলয়
উঃ মেৰু অঞ্চল বৰফেৰে আবৃত। এই অঞ্চল অতিপাতঠাণ্ডা।ইয়াত জলীয় বাষ্প প্রায়নাইবুলিবই পাৰি। সেয়ে মেৰু অঞ্চলত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে আৰু ইয়াৰ বায়ুৰ চাপক মেৰুদেশীয় উচ্চচাপ বলয়’ বােলে।

(ঙ) বায়ুপ্রবাহতন্ত্র।
উঃ বায়ুপ্রবাহবায়ুমণ্ডলত সংঘটিত বহু ক্রিয়াকলাপৰ মাধ্যম যিয়ে অহৰহ উত্তাপ, আদ্রতা আৰু বায়ুমণ্ডলৰ ভৌতিক গুণাগুণ এখন ঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই। নিয়াত সহায় কৰে।ইয়াক বায়ুপ্রবাহতন্ত্র’ বােল।

(চ) চাপনতি
উঃ ভূপৃষ্ঠত থকা বায়ুমণ্ডলীয় চাপৰ পাৰ্থক্যৰ বাবে উদ্ভৱ হােৱা শক্তিয়ে মূলতঃ বায়ুপ্রবাহৰ সৃষ্টি কৰে।ইয়াকে ‘চাপনতি” বােলে।

(ছ) বাণিজ্য বতাহ।
উঃ পৃথিৱীৰ ৩০° উত্তৰ আৰু ৩০° দক্ষিণ অক্ষাংশৰ উপক্রান্তীয় উচ্চচাপ বলয়ৰ পৰা নিৰক্ষীয় নিম্নচাপবলয়ৰ ফালে প্রবাহিত বায়ুক বাণিজ্য বতাহ বােলে।

(জ) অশ্ব অক্ষাংশ
উঃ পৃথিৱীৰ দুয়াে গােলার্ধৰ ৩০° অক্ষাংশৰ পৰা ৩৫° অক্ষাংশৰ মাজত অৱস্থিত অঞ্চলক অশ্ব অক্ষাংশ’ বােলে।

(ঝ) গর্জনমুখৰ চল্লিশ
উঃ দক্ষিণ গােলার্ধৰ বিশেষকৈ ৪০° ৰ পৰা ৬০° অক্ষাংশ অঞ্চল মহাসাগৰে আগুৰি আছেবাবে এইঅঞ্চলত পছােৱা বতাহৰ তীব্রতা অধিক হয়। সেয়ে এই অঞ্চলক ‘গর্জনমুখৰ চল্লিশ’ বুলি কোৱা হয়।

(ঞ) প্রতীপ ঘূর্ণিবতাহ
উঃ উচ্চচাপ কেন্দ্ৰ আৰু বহিঃ অংশৰ মাজত থকা চাপৰ তাৰতম্য বৰ বেছি নােহােৱা বাবে বতাহৰ গতিবেগ বেছিনহয় আনকিৰষুণৰ পৰিমাণে কম হয়,ইয়াকে প্রদীপ  ঘূর্ণীবতাহ’ বলে।

(ট) জেট প্রবাহ
উঃ ক্রান্তীয় অঞ্চলৰস্তৰেদি পশ্চিমা প্রবাহৰ দৰে এক তীব্রবেগী পূৱাল বতাহপ্রবাহিত হয়। ইয়াকেজেট প্রবাহ বােলে।

(ঠ) সমচাপ ৰেখা
উঃ চাপনতি একেবাৰে কম হলে তাত বায়ু প্রবাহ। প্রায় শূন্য হয় আৰু বায়ুমণ্ডলীয় অৱস্থাও শান্ত হয়। বহুঠাই জুৰি এনে অৱস্থা হলে তাকে সমচাপ ৰেখা’ বােলে।

(ড) ক্রান্তীয় ঘূর্ণিবতাহ
উঃ ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি চাৰিওফালৰ উচ্চচাপ অঞ্চলৰ পৰাতীব্রবেগীবতাহে যেতিয়া চক্রাকাৰে গতি কৰে তাকে ক্রান্তীয় ঘূর্ণী বতাহ বলে।

২৫। পার্থক্য লিখা

(ক) আনুভূমিক প্রবাহ আৰু উলম্বিত প্রবাহ
উঃ বায়ুয়ে যেতিয়া ভূপৃষ্ঠৰ সমান্তৰালভাৱে গতি কৰে তাকে ‘আনুভূমিক প্রবাহ বােলে। আনহাতে বায়ু যেতিয়া উর্ধমুখী গতি কৰি প্রবাহিত হয় তেতিয়া তাক উল্লম্বিত প্রবাহ বােলে।

লগতে পঢ়ক:   ভূ পৃষ্ঠৰ পৰিৱৰ্তন Class 9 (ভূগোল) প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ

(খ) বায়ুপ্রবাহ আৰু বায়ুৰাশি
উঃ বায়ু যেতিয়া গতি কৰে তাকে বায়ু প্রবাহ বােলে। আনহাতে বৃহৎ আকাৰৰ একো একোটা বায়ুপুক বায়ুৰাশি’ বােলে।

(গ) ক্রান্তীয় ঘূণীবতাহআৰু বহিঃক্রান্তীয় ঘূর্ণী বতাহ
উঃ ক্রান্তীয় অঞ্চলৰ যি নিম্নচাপক কেন্দ্ৰ কৰি উচ্চচাপ। অঞ্চলৰ পৰাতীব্রবেগী বতাহ চক্রাকাৰে ভয়ঙ্কৰৰূপ ধৰি প্রবাহিত হয় তাকে ক্রান্তীয় ঘূর্ণী বতাহ বােলে। আনহাতেনাতিশীতােষ্ণ আৰুউচ্চ অক্ষাংশ অঞ্চলত সৃষ্টি হােৱা ঘূর্ণী বতাহক বহিঃক্রান্তীয় ঘূর্ণী বতাহ’ বােলে।

(ঘ) জলবতাহআৰু স্থলবতাহ।
উঃ দিনৰ ভাগত জলভাগৰ পৰা স্থলভাগলৈ প্রবাহিত হােৱা বতাহক জলবতাহ বােলে। আনহাতে ৰাতি স্থলভাগৰ পৰাজলভাগলৈ প্রবাহিত হােৱা বতাহক ‘স্থলবতাহ বােলে।

(ঙ) পার্বত্য বতাহ আৰু ভৈয়ামৰ বতাহ
উঃ ৰাতিৰ ভাগত উচ্চ পর্বতৰ পৰা পৰ্বতৰ ঢালেদি যি চেচা বতাহ বয় তাকে পার্বত্য বতাহ’ বােলে। আনহাতে দিনৰ ভাগত ভৈয়ামৰ পৰা পৰ্বতৰ ঢালেদি প্রবাহিত হােৱা উর্ধমুখী বতাহক ‘ভৈয়াম বতাহ বােলে।

(চ) ঘূণীবতাহ আৰু প্রতীপঘূর্ণীবতাহ
উঃ বায়ুমণ্ডলীয় প্রৱাহৰ যি অৱস্থাত কোনাে নিম্নচাপক কেন্দ্ৰ কৰি তীব্ৰবেগীবতাহ চক্ৰাকাৰ গতিত প্রবাহিত হয় তাকে ‘ঘূর্ণীবতাহ’ বােলে।
কোনাে এক ব্যাপক অঞ্চলজুৰি উচ্চ চাপবলয়ৰ গঠন হৈ তাৰ কেন্দ্ৰৰ পৰা চক্রাকাৰে যি বায়ু প্রবাহিত হয় তাকে ‘প্রতীপ ঘূর্ণী বতাহ বােলে।

(জ) ট্রপস্ফিয়েৰ আৰু ষ্ট্রেট স্ফিয়েৰ
উঃ বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটো হৈছে ট্রপস্ফিয়েৰ। এই স্তৰটোৰ উচ্চতা সকলাে ঠাইতে সমান নহয়। এই স্তৰটোৰ গড় উচ্চতা ১২ কি. মি.। এই স্তৰটো ভূপৃষ্ঠৰ লগত লাগি থকাৰ বাবেইয়াৰ বায়ুত অধিকপৰিমাণে জলীয় বাষ্প থাকে। এই স্তৰটোত মেঘ, বৰষুণ, ধুমুহা বতাহৰ লগতে বতৰৰ ক্রিয়াকলাপ সংঘটিত হয়। আনহাতে, বায়ুমণ্ডলৰ ট্ৰপস্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোক স্ট্রেট স্ফিয়েৰ বুলি কোৱা হয়। এই দুয়ােটা স্তৰৰ মাজৰ সীমাটোক ট্রপ’পজ’বুলি কোৱা হয়। স্ট্রেটস্ফিয়েৰত বায়ুৰ উচ্চতাক্ৰমে বাঢ়ি যায়। এইভৰৰ নিম্নভাগত উত্তাপ প্রায় ৬০ ছেন্টিগ্রেড। এই উত্তাপ ক্রমে বাঢ়ি গৈ উচ্চ ভাগত প্রায় ৫ ছেন্টিগ্রেড হয়গৈ। এই স্তৰটোত অ’জন গেছৰ এটা ভৰ আছে। এই গেছৰ অণুয়ে সূর্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শােষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্রেট স্ফিয়েৰত উত্তাপৰ পৰিমাণ বাঢ়ি যায়। এই স্তৰৰ উর্ধসীমাটোক টেপ জ’ বােলে।

বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ চমু আৰু দীঘল প্রশ্নোত্তৰ

(ক) অ’জন গেছৰ স্তৰটো কত অৱস্থিত?
(১) ট্ৰপস্ফিয়েৰ (২) ষ্ট্রেট স্ফিয়েৰ (3) মেছ’স্ফিয়েৰ (৪) থামস্ফিয়েৰ
উত্তৰঃ (২) স্ট্রেট স্ফিয়ে।

(খ) বায়ুমণ্ডলত আয়তন হিচাপে অক্সিজেন কিমান থাকে?
(১) ২০.৯৪% (২) ২৯.০১% (৩) ৩২.৪৭% (৪) ৭৮.০৮%
উত্তৰঃ (১) ২০, ৯৪%,

(গ) বায়ুপ্রবাহৰ মূল কাৰণটো হ’ল-
(১) আতাৰ তাৰতম্য
(২) চাপৰ তাৰতম্য
(৩) মাধ্যাকর্ষণ শক্তি
(৪) অপকেন্দ্রিক বল
উত্তৰঃ (২) চাপৰ তাৰতম্য।

(ঘ) বতাহৰ গতিবেগ নির্ণয় কৰা যন্ত্ৰটো হ’ল-
(১) উইণ্ড ভেন।
(২) এনিম’মিটাৰ (৩) বিউফ’ৰ্ট স্কেল (৪) হাইড্ৰ’মিটাৰ
উত্তৰঃ (2) এনিমমিটাৰ।

(ঙ) বতাহৰ গতিবেগৰ এককটো হল-
(১) নট
(২) মিলিবাৰ।
(৩) শতাংশ (৪) ডিগ্রী
উত্তৰঃ (১) নট।

(চ) মৌচুমী বতাহ তলৰ কোন শ্রেণীৰ অন্তৰ্গত?
(১) স্থানীয় বতাহ (২) প্রাথমিক বতাহ (3) গৌণ বতাহ (৪) নিয়মিত বতাহ
উত্তৰঃ (৩) গৌণ বতাহ।

(ছ) প্রাচ্যৰ প্রশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূর্ণীবতাহৰ নামটো হ’ল-
(১) চাইক্লন (২) হাৰিকেন। (৩) উইলী-উইলী (৪) টাইফুন
উত্তৰঃ(২) হাৰিকেন।

বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ অতিচমু প্রশ্নোত্তৰ

Class 9 social science geography chapter 2 questions and answers in Assamese

প্রশ্ন ১। বায়ুমণ্ডলনাে কি ?
উত্তৰঃ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্রই হ’ল বায়ুমণ্ডল।

প্রশ্ন ২। কিহৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে?
উত্তৰঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাবেই বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে।

প্রশ্ন ৩। পৃথিৱীপৃষ্ঠৰ পৰা কিমান কি.মি. উচ্চতালৈ বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিৱর্তন হয় ?
উত্তৰঃ ১০,০০০ কি.মি.।

প্রশ্ন ৪। ট্ৰপস্ফিয়েৰৰ স্তৰটোৰ উৰ্ব্বসীমাটোৰ নাম কি?
উত্তৰঃ ট্রপ’পজ।

প্রশ্ন ৫। ট্ৰপস্ফিয়েৰ আৰু স্ট্রেট স্ফিয়েৰৰ মাজৰ সীমাটোক কি বােলে ?
উত্তৰঃ ট্রপ’পজ।

প্রশ্ন ৬। স্ট্রেট স্ফিয়েব ঊর্ধ্বসীমাটোৰ নাম কি?
উত্তৰঃ টে’পজ।

প্রশ্ন ৭। স্ট্রেট স্ফিয়েৰ আৰু মেছ’স্থিয়েৰৰ মধ্যসীমাটোৰ নাম কি ?
উত্তর : স্ট্রেট’পজ।

প্রশ্ন ৮। মেছ’স্ফিয়েৰৰ এটা উল্লেখয়ােগ্য বৈশিষ্ট্য লিখা ?
উত্তৰ : মেছস্ফিয়েৰৰ প্রধান বৈশিষ্ট্য হৈছে – ইয়াৰ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়।

প্রশ্ন ৯। মেছ’স্ফিয়েৰৰ নিম্নসীমাৰ নাম কি ?
উত্তৰঃ মেছ’পজ।

প্রশ্ন ১০। মেছ’স্ফিয়েৰৰ নিম্নসীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান?
উত্তৰঃ১০০° চেন্টিগ্রেড।

প্রশ্ন ১১। মেছ’স্ফিয়েৰৰ ঊর্ধ্বসীমাৰ নাম কি?
উত্তৰ ঃ থার্ম স্ফিয়েৰ বা তাপমণ্ডল।

প্রশ্ন ১২। বায়ুমণ্ডলৰ কোনটো স্তৰত অ’জন গেছ আছে?
উত্তৰঃ টেস্ফিয়েৰ।

প্রশ্ন ১৩। থার্মস্ফিয়েৰত কিমান চেন্টিগ্রেডলৈকে উত্তাপ বৃদ্ধি পায়?
উত্তৰঃ প্রায় ১৬৫০° চেণ্টিগ্রেডলৈকে।

প্রশ্ন ১৪। পৃথিৱীপৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ’ তৰংগ বায়ুমণ্ডলৰ কোনটো স্তৰত
প্রতিফলিত হয় ?
উত্তৰঃ থার্ম স্ফিয়েৰ স্তৰত

প্রশ্ন ১৫। বায়ুমণ্ডলৰ শীৰ্যতম স্তৰটোৰ নাম কি ?
উত্তৰঃ এক্সস্ফিয়েৰ।।

প্রশ্ন ১৬। এক্স স্ফিয়েৰ স্তৰটো ক’ৰ পৰা ক’লৈকে বিস্তৃত?
উত্তৰঃ বায়ুমণ্ডলৰ ৪০০ কি.মি, উচ্চতাৰ পৰা প্রায় ১০০০ কি.মি. উচ্চতালৈ বিস্তৃত।

প্রশ্ন ১৭। এক্সস্ফিয়েৰ স্তৰটোত উত্তাপ কিমান?
উত্তৰঃ প্রায় ৫৫৫০°চেন্টিগ্রেড়লৈকে বৃদ্ধি পায়।

প্রশ্ন ১৮ | চাপ মানে কি ?
উত্তৰঃ প্রতি একক ক্ষেত্রফলত বায়ুৱে প্ৰয়ােগ কৰা বলৰ মানেই হ’ল বায়ুমণ্ডলৰ চাপ।

প্রশ্ন ১৯। সাগৰপৃষ্ঠত বায়ুমণ্ডলৰ গড় চাপ কিমান ?
উত্তৰঃ সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে প্রতি বর্গ ইঞ্চিত ১৪.৭ পাউণ্ড বা প্রতি বর্গ চেণ্টিমিটাৰত প্রায় ১ কিলােগ্রাম।

প্রশ্ন ২০৷ বায়ুৰ চাপ কি যন্ত্ৰৰে জোখা হয় ?
উত্তৰঃ বেৰমিটাৰ (Barometer)।

প্রশ্ন ২১। সাগৰপৃষ্ঠত বায়ুৰ স্বাভাৱিক চাপ কিমান?
উত্তৰঃ সমুদ্রপৃষ্ঠত বায়ুমণ্ডলৰ স্বাভাৱিক চাপ বেৰ’মিটাৰ পাৰাস্তম্ভৰ উচ্চতা ২৯.৯২ ইঞ্চি বা ৭৬ চেণ্টিমিটাৰৰ সমান বুলি ধৰা হয়।

প্রশ্ন ২২। আজিকালি বায়ুৰ চাপ কি এককত প্রকাশ কৰা হয়।
উত্তৰঃ মিলিবাৰ এককত।

প্রশ্ন ২৩। সাগৰ পৃষ্ঠত ১৫° চেন্টিগ্রেড উষ্ণতাত ৰায়ুৰ গড় চাপ মিলিবাৰত কিমান?
উত্তৰ : ১০১৩.২ মিলিবাৰ।

প্রশ্ন ২৪। ১ ইঞ্চি উচ্চতাৰ পাৰাস্তম্ভৰ চাপৰ মান কিমান ?
উত্তৰঃ৩৩, ৯ মিলিবাৰ।

প্রশ্ন ২৫। প্রতি ৯০০ ফুট উচ্চতাত বায়ুৰ চাপ কি হাৰত কমে?
উত্তৰঃ প্রতি ৯০০ ফুট উচ্চতা বৃদ্ধিত বায়ুৰ চাপ ১ ইঞ্চি, অর্থাৎ প্রায় ৩৪ মিলিবাৰ হাৰত হ্রাস পায়।

প্রশ্ন ২৬। পৃথিৱীৰ বিভিন্ন অঞ্চল বা ঠাইৰ সাধাৰণতে কেইপ্ৰকাৰৰ বায়ুৰ চাপ দেখা যায়।
উত্তৰঃ দুই প্ৰকাৰৰ— (ক) উচ্চচাপ, (খ) নিম্নচাপ।

প্রশ্ন ২৭। কোন অঞ্চলক অশ্ব অক্ষাংশ কোৱা হয়?
উত্তৰঃ উপক্ৰান্তীয় অঞ্চলৰ উচ্চচাপ বলয়ক অশ্ব অক্ষাংশ কোৱা হয়।

প্রশ্ন ২৮। বতাহৰ গতিবেগ কোনটো শক্তিৰ ওপৰত নিৰ্ভৰশীল।
উত্তৰঃ চাপতি শক্তিৰ ওপৰত।

প্রশ্ন ২৯। দুখন ঠাইৰ মাজত চাপনতিৰ বাবে সৃষ্টি হােৱা শক্তিৰ মান কিহৰ ওপৰত নির্ভৰ কৰে?
উত্তৰঃ দুখন ঠাইৰ মাজত চাপনতিৰ বাবে সৃষ্টি হােৱা শক্তিৰ মান ঠাই দুখনৰ মাজত থকা চাপৰ পার্থক্য আৰু দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে।

প্রশ্ন ৩০। “এখন ঠাইৰ পৰা আন এখন ঠাইলৈ প্রবাহিত বায়ুৰ গতি সৰলৰৈখিক নহৈ কিছু বক্রাকাৰ হয়।” কিয়?
উত্তৰঃ মাধ্যাকর্ষণ শক্তিৰ বাবে।

প্রশ্ন ৩১। কোৰিওলিচ বলৰ মান বিষুব আৰু মেৰু অঞ্চলত কেনেকুৱা হয়?
উত্তৰঃ কোৰিওলিচ বলৰ মান বিযুৱ অঞ্চলত শূন্য আৰু মেৰু অঞ্চলত সর্বোচ্চ হয়।

প্রশ্ন ৩২। পশ্চিমা বতাহ কোন দিশৰ পৰা প্রবাহিত হয় ?
উত্তৰঃ পশ্চিম দিশৰ পৰা প্রবাহিত বায়ুক পশ্চিমা বত বােলে।

প্রশ্ন ৩৩। উত্তৰ-পূৰ বতাহ কোন দিশৰ পৰা প্রবাহিত হয় ?
উত্তৰঃ উত্তৰ-পূব দিশৰ পৰা প্রবাহিত বায়ুক উত্তৰ-পূব বর্তাহ বােলে।

প্রশ্ন ৩৪। কি যন্ত্ৰেৰে বতাহৰ সঠিক দিশ নির্ণয় কৰিব পাৰি?

উত্তৰ : উইণ্ড ভেন (Wind Vane)

প্রশ্ন ৩৫। বতাহৰ গতিবেগ প্রতি ঘণ্টাত কিমান কিলােমিটাৰ হ’লে এক নট হ’ব ?
উত্তৰঃ বতাহৰ গতিবেগ এক নট মানে প্রতি ঘণ্টাত ১ নটিকেল মাইল অর্থাৎ প্রতি। ঘণ্টাত ১.৮৫৪ কি.মি. হ’ব।

প্রশ্ন ৩৬া প্রাথমিক বায়ুপ্রবাহতন্ত্ৰৰ অন্তৰ্গত দুবিধ বতাহৰ নাম লিখা।
উত্তৰঃ বাণিজ্য বতাহ আৰু পছােৱা বতাহ।

প্রশ্ন ৩৭। গৌণ প্রবাহৰ অন্তৰ্গত দুবিধ বতাহৰ নাম লিখা।
উত্তৰঃ ঘূর্ণীবতাহ আৰু প্রতীপ ঘূর্ণীবতাহ।

প্রশ্ন ৩৮। পচোৱা বতাহ ক’ৰ পৰা কলৈ যায় ?
উত্তৰঃ উপক্ৰান্তীয় উচ্চ চাপবলয়ৰ পৰা উচ্চ অক্ষাংশীয় উপমেৰুৰ ফালে থকা নিম্ন চাপ অঞ্চললৈ যায়।

প্রশ্ন ৩৯। মেৰুদেশীয় বতাহক মেৰুদেশীয় পূর্ব বতাহ বা পূবালী বতাহ বুলিও কিয় কোৱা হয় ?
উত্তৰঃ পৃথিৱীৰ দুয়ােটা গােলার্ধতে মেৰু বায়ুপ্রবাহ পূব দিশৰ পৰা বলে বাবে ইয়াক মেৰুদেশীয় পূবালী বতাহ বুলিও কোৱা হয়।

প্রশ্ন ৪০। ক্রান্তীয় ঘূর্ণীবতাহৰ গতিবেগ কিমান?
উত্তৰঃ প্রতি ঘণ্টাত ১২০ ৰ পৰা ২৮০ কিলােমিটাৰ পর্যন্ত হয়।

প্রশ্ন ৪১। ক্রান্তীয় ঘূর্ণীৰতাহৰ উৎপত্তি কোন ঋতুত হয়?
উত্তৰঃ গ্রীষ্ম ঋতুত।

প্রশ্ন ৪২। কি ঘূর্ণীবতাহৰ বাবে নাতিশীতােষ্ণ অঞ্চলৰ বতৰ সঘনে পৰিবর্তন হয়?
উত্তৰঃ বহিঃক্ৰাষ্ট্ৰীয় ঘূর্ণীবতাহ।

প্রশ্ন ৪৩। নাতিশীতােষ্ণ ঘূর্ণীবতাহৰ ব্যাস কিমান?
উত্তৰঃ প্রায় ৩০০ কি.মি. ৰ পৰা ১৫০০ কি.মি. পর্যন্ত হয়।

প্রশ্ন ৪৪। স্থানীয় বায়ু প্রবাহৰ অন্তৰ্গত দুবিধ বতাহৰ নাম লিখা।
উত্তৰঃ জল বতাহ আৰু স্থলবতাহ।

প্রশ্ন ৪৫। অশ্ব অক্ষাংশৰ অক্ষাংশ বিস্তৃতি কিমান?
উত্তৰঃ পৃথিৱীৰ দুয়ােটা গােলার্ধৰ ৩০ৰ পৰা ৩৫°অক্ষাংশৰ মাজলৈকে বিস্তৃত।

প্রশ্ন ৪৬। কোৰিওলিচ বল’ কোনে উদঘাটন কৰিছিল।
উত্তৰঃ ১৮৪৪ পােন প্রথমে গেচপার্ড ডি কোৰিওলিচ নামৰ ফৰাচী গণিতজ্ঞ এজনে কোৰিওলিচ বল’ উদঘাটন কৰিছিল।

Also Read: চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ class 9

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top