অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি প্রশ্নোত্তৰ নৱম শ্ৰেণীৰ – Class 9 Social Science Chapter 5 question Answer In Assamese

অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ সামজ বিজ্ঞান অধ্যায় 5 অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ || Class 9 social science chapter 5 question Answer In Assamese Language

অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি
শ্ৰেণীনৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয়সামজ বিজ্ঞানৰ ইতিহাস
অধ্যায়/ পাঠ5
পাঠ্যক্ৰমছেবা

অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি Class 9

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। ব্রিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্র সিংহ/ গােবিন্দ চন্দ্র/তিৰুৎ সিঙক চিলেটলৈ নির্বাসন দিছিল।
উত্তৰঃ ব্রিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্র সিংহক চিলেটলৈ নির্বাসন দিছিল।

প্রশ্ন ২। অসমৰ শেষ আহােম ৰজা আছিল চন্দ্রকান্ত সিংহ/কমলেশ্বৰ সিংহপুৰন্দৰ সিংহ/ যােগেশ্বৰ সিংহ।
উত্তৰঃ অসমৰ শেষ আহােম ৰজা আছিল চন্দ্রকান্ত সিহ।

প্রশ্ন ৩। তিৰৎ সিং খাচী/মণিপুৰী/জয়ন্তীয়া দেশপ্রেমিক আছিল।
উত্তৰঃ তিৰৎ সিং খাচী দেশপ্রেমিক আছিল।

প্রশ্ন ১। গােবিন্দ চন্দ্র কোন ৰাজ্যৰ ৰজা আছিল ?
উত্তৰঃ কাছাৰ ৰাজ্যৰ ৰজা আছিল।

প্রশ্ন ২। ডেভিদ স্কট কোন আছিল ?
উত্তৰঃ এজন সুদক্ষ ইংৰাজ প্রশাসক আছিল।

প্রশ্ন ৩। ডেভিদ স্কটৰ পৰৱর্তী কমিছনাৰ কোন আছিল ?
উত্তৰঃ ৰবাৰ্টচন।।

প্রশ্ন ৪। তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল ?
উত্তৰঃ খাচী ৰাজ্যৰ।।

প্রশ্ন ৫। মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
উত্তৰঃ বৰসেনাপতি।

প্রশ্ন ৬। জেনকিন্সৰ পৰামর্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল ?
উত্তৰঃ পুৰন্দৰ সিংহই।

প্রশ্ন ৭। জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল ?
উত্তৰঃ গােৱালপাৰা, দৰং আৰু কামৰূপ।
প্রশ্ন ৮। ব্রিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল ?
উত্তৰঃ গােৱিন্দ চন্দ্রক।

Also Read: মানৰ অসম আক্ৰমণ প্রশ্ন উত্তৰ

Class 9 social science chapter 5 question Answer In Assamese Language

অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি ৰচনাধর্মী প্রশ্ন

প্রশ্ন ১। ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল?
উত্তৰঃ ডেভিদ স্কটে নামনি অসম আৰু উজনি অসমৰ বাবে পৃথক পৃথক ৰাজহৰ ব্যৱস্থা কৰিছিল। নামনি অসমত তেওঁ ৰাজহ সংগ্রহৰ পদ্ধতিৰ বিশেষ কোনাে সাল-সলনি কৰা নাছিল। এই অঞ্চলতআগৰ দৰেই চৌধুৰীৰ পৰিচালনাত পৰগণা বা ৰাজহ অঞ্চল ৰখা হয়। কৰ বা খাজনা সংগ্রহ কৰাৰ বাবে চিৰস্তাদাৰ, পাটোৱাৰী, ঠাকুৰীয়া আদি বিষয় নিয়ােগ কৰা হয়। কিন্তু নগাঁও আৰু ৰহ অঞ্চলৰ ৰাজহআদায়ৰ বাবে এটা বেলেগ গােট তৈয়াৰ কৰা হয়। এই গােটটো গুৱাহাটীৰ অধীনত ৰখা হৈছিল। ৰাজহ সংগ্ৰহৰ বাবে মাটিসমূহ বস্তী অঞ্চল, শালি খেতি অঞ্চল, আহু ধান, সৰিয়হ খেতি আদি ভাগত ভাগ কৰা হৈছিল। আফিং খেতি কৰা মাটিত অধিক কৰ ধার্য কৰা হৈছিল। উজনি অসমত পাইক প্রথা উঠাই দি তাৰ বিনিময়ত প্রত্যেকজন লােকৰ পৰা তিনি টকা হাৰত খাজনা আদায় কৰিছিল। পুৰণি খেলসমূহৰ বিষয়াসকলক ৰাজহ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল। খেলৰ বিষয়াসকলক সহায় কৰিবৰ কাৰণে হাজৰিকা, শইকীয়া, বৰুৱা আদি পদৱীধাৰী বিষয়াসকল আছিল। পিছলৈ ৰাজহ অঞ্চলসমূহক কেতবােৰ জিলা আৰু মৌজাত বিভক্ত কৰি একোজন বিষয়াক কৰ সংগ্ৰহৰ দায়িত্ব দিয়া হৈছিল।

লগতে পঢ়ক:   ভাৰতৰ ৰাজনৈতিক দল Class 9 প্ৰশ্ন উত্তৰ (ৰাজনৈতি বিজ্ঞান)

প্রশ্ন ২। ডেভিদস্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ?
উত্তৰঃডেভিদ স্কটৰ প্ৰশাসন কালত দেৱানী আৰু ফৌজদাৰী গােচৰসমূহ নিষ্পত্তিৰ বাবে স্থানীয় লােকেৰে গঠিত কেতবোেৰ পঞ্চায়ত গঠন কৰা হৈছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নােহােৱাসকলে কমিছনাৰৰ সহকাৰীবিষয়াসকলৰ ওচৰত আপীল কৰিব পাৰিছিল। ডেভিদ স্কটে উজনি অসমত দেৱানী বিচাৰৰ ভাৰলম্বােদৰবৰফুকনৰ্ক দিছিল। ফৌজদাৰী বিচাৰৰ দায়িত্ব ব্রিটিছ বিষয়াৰ হাতত ৰখা হৈছিল। নামনি অসমত দেৱানী বিচাৰৰ বাবে দুখন আৰু ফৌজদাৰী বিচাৰৰ বাবে এখন আদালত স্থাপন কৰা হৈছিল।

প্রশ্ন ৩। ৰবাৰ্টচনৰ দিনত ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল?
উত্তৰঃ ৰবাৰ্টচনৰ দিনত অসমৰ ৰাজহ ব্যৱস্থাৰ কিছু সংস্কাৰ সাধন কৰা হৈছিল। মাটিৰ গুনাগুণৰ ওপৰত ভিত্তি কৰি খাজনাৰ পৰিমাণ নির্ধাৰণ কৰা হৈছিল। খাজনা সংগ্রহত যাতে কোনাে অনিয়ম নহয় তাৰ বাবে কৃষকৰ অধীনত থকা মাটিৰ গুণাগুণ, মাটিৰ পৰিমাণ আৰু মাটিৰ মালিক সম্পূর্ণ ঠিকনা আদিতথ্য লিপিবদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছিল। ঘৰ কৰ, কোৰ কৰ, নাঙল কৰ আদিৰ পৰিমাণ একেইৰখা হৈছিল।

ৰাজহকর্মচাৰী সকলৰ দুর্নীতি ৰােধ কৰিবলৈৰবাৰ্টচনে ভূমি, ঘৰ-বাৰী, বনাঞ্চল আদিৰ বিৱৰণী সংগ্রহ কৰি সেইমতে কৰ নিৰ্ধাৰণ কৰা হৈছিল। ৰায়তক, মাটিৰ পট্টা আৰু ৰাজহৰ ৰচিদ দিয়া হৈছিল। ৰবাৰ্টচনৰ এনে সংস্কাৰৰফলত ৰায়তৰ উপকাৰ সাধন হৈছিল আৰু ৰাজহৰ পৰিমাণে বৃদ্ধি পাইছিল।

প্রশ্ন৪। মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল ?
উঃ মেজৰ জেনকিন্সে অসমৰ বাবে ভালেমান জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল। তেওঁ অসমৰ সৈতে বংগৰ পােনপটীয়া ব্যৱসায়ৰ ক্ষেত্রত সীমান্ত চকীসমূহে প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি কান্দাহাৰ আৰু অন্যান্য চকীসমূহ উঠাই দিছিল। যােগাযােগৰ সুবিধাৰ বাবে জেনকিন্সে ব্রহ্মপুত্র নদীত প্রথম ভাপ জাহাজ চলাচলৰ কৰাৰ ব্যৱস্থা কৰিছিল। জেনকিন্সনে শিক্ষাৰ প্রতিও কিছুআধুনিক পদ্ধতি গ্রহণ কৰি গুৱাহাটীত আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল। তেওঁ অসমত বংগদেশৰ আমােলা নিযুক্তিৰ বিৰােধিতা কৰি স্থানীয় লােকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছিল। জেনকিন্সে অসমৰ বাট-পথৰ উন্নতিৰ প্ৰতিও মনােযােগ দিছিল। এনেদৰে মেজৰ জেনকিন্সে, অসমৰ বাবে জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল।

প্রশ্ন ৫। জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল?
উত্তৰঃ মেজৰ জেনকিন্সে ব্রহ্মপুত্র উপত্যাকাক চাৰিটা জিলাত ভাগ কৰিছিল। যেনে — গােৱালপাৰা, কামৰূপ, দৰ আৰু নগাওঁ। পূৱে বৰনদী আৰু পশ্চিমে মানাহ নদীক সীমা নির্ধাৰণ কৰি ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে থকা অঞ্চলক লৈ কামৰূপ জিলা গঠন কৰা হৈছিল। আগতে দৰঙৰ ৰজাৰ অধীনত থকা অঞ্চলক লৈ দৰং জিলাখন গঠন কৰা হৈছিল। ইয়াৰ ৰাজধানী আছিল মঙ্গলদৈ। পিছলৈ ৰাজধানী তেজপুৰলৈ স্থানান্তৰিত কৰা হয়। গােৱালপাৰাক ৰংপুৰৰ পৰা আতঁৰাই আনি নতুন জিলা হিচাপে গঠন কৰে। কাছাৰ দখল কৰাৰ পিছত ইংৰাজে ইয়াক এখন জিলা কৰে আৰু ইয়াৰ ৰাজধানী হয় শিলচৰ পিছত শিৱসাগৰ আৰু লক্ষীমপুৰকো জিলা কৰা হয়। প্রতিখন জিলাৰ বিষয়াক ডেপুটি কমিছৰ আখ্যা দিয়া হয়। এনেদৰে জেনকিন্সে অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল।

৬। তিৰৎ সিং কোন আছিল? তেওঁ কিয় ব্রিটিছৰ বিৰােধী হৈছিল?
উঃ তিৰৎ সিং আছিল খাচী পাহাৰৰ চিয়েম। ইংৰাজসকলে য়াণ্ডাবু সন্ধিৰ চৰ্তমতে অসমখন লাভ কৰাৰ পিচত সিহঁতে খাচী পাহাৰৰ মাজেৰে অসমৰ ব্ৰহ্মপুত্র উপত্যকাক সুৰমা উপত্যকাৰ সৈতে সংযােগ কৰিব বিচাৰিছিল। সেই উদ্দেশ্যে ৰাণী ৰাজ্যৰ পৰা ইংৰাজে এই পথ নির্মাণৰ অনুমতি পাইছিল। পথটোৰ কিছুঅংশ নির্মাণ হােৱাৰ পিছত খাচীমুখীয়াল সকলে সিহঁতৰ স্বাধীনতা খর্ব হােৱা বুলি আশংকা কৰি ইয়াৰ বিৰােধিতাকৰে। ইতিমধ্যে তিৰৎ সিং আৰু ৰাণীৰ মাজত হােৱা যুদ্ধত ইংৰাজসকলে তিৰৎসিক সহায়নকৰাত ১৮২৮ চনত তিৰৎসিঙে এক বাহিনী লৈ ইংৰাজৰ ওপৰত আক্রমণ চলায়। ১৮৩৩ চনলৈ এই যুঁজ বাগৰ চলি থকাৰ পিছত খাচীসকল পৰাজিত হৈ আত্মসমর্পন কৰিবলৈ বাধ্য হয় আৰু খাচী পাহাৰ ব্রিটিছৰ অধীনলৈ যায়।

লগতে পঢ়ক:   মোৱামৰীয়া গণ বিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস অধ্যায় 3 | Class 9 Social Science Chapter 3 question Answer In Assamese

প্রশ্ন ৬ : চমুটোকা লিখা ?
(১) পুৰন্দৰ সিংহ  (২) গােমধৰ কোঁৱৰ (৩) ব্রিটিছৰ জয়ন্তীয়া ৰাজ্য দখল

(১) পুৰন্দৰ সিংহঃ পুৰন্দৰ সিংহ আছিল ব্রজনাথ গােহাঁইৰ পুত্ৰ। তেওঁ পিতৃ ব্রজনাথৰ সৈতে ১৮০৯ চনৰ পৰা ইংৰাজ শাসিত চিমলাত আশ্ৰয় লৈ আছিল। ১৮১৮ চনত মানসকলে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি অসম দখল কৰি পুৰন্দৰ সিংহক অসমৰ ৰজা পাতে।

(২) গােমধৰ কোঁৱৰঃ গােমধৰ কোঁৱৰ আছিল স্বৰ্গদেউ চুহুংমুঙ্খ বংশধৰ ফেনা কোঁৱৰৰ পুত্ৰ। তেওঁ অসমৰ স্বতন্ত্রতা উদ্ধাৰ কৰাৰ বাবে নিজকে স্বৰ্গদেউ বুলি ঘােষণা কৰি বিদ্রোহ আৰম্ভ কৰে। এই বিদ্রোহত তেওঁৰ সহযােগী আছিল-ধনঞ্জয়বৰগোঁহাই,হৰনাথ, পিয়লি ফুকন, দহা ফুকন আৰু বহুতাে। ১৮২৮ চনত গােমধৰে ইংৰাজসকলক অসম ত্যাগ কৰিবলৈ আবেদন জনায়। কিন্তু ইংৰাজ চৰকাৰে কোনাে ধৰণৰ সঁহাৰি নিদিয়াত তেওঁৰ সহযােগীসকলক লৈ গােমধৰে মৰিয়ণিৰ ফালে অগ্ৰসৰ হয়। কিন্তু ইংৰাজ সেনাবিষয়া লেফটেনেন্টফৰ্ডৰহাতত পৰাভূত হৈ বহুকেইজন বিদ্রোহীয়ে আত্মসমর্পণ কৰে। গােমধৰে কেইজনমান সতীর্থক লৈ নগা পাহাৰলৈ পলাই। যায়। পিছত মাকৰ প্ৰচেষ্টাত ইংৰাজ চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰে। বিচাৰত তেওঁক সাত বছৰৰ কাৰাদণ্ড বিহা হয়। ইমানতে গােমধৰ কোঁৱৰৰ বিদ্ৰোহৰ অন্ত পৰে।

(৩) ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল:   ইংৰাজসকলে মানসকলৰ পৰা অসমখন লাভ কৰাৰ পিছত জয়ন্তীয়াৰজা ৰাজেন্দ্র সিঙে ব্রিটিছৰ লগত চুক্তি কৰি ৰাজনৈতিক সু- সম্পর্ক স্থাপন কৰিছিল। কিন্তু পিছত জয়ন্তীয়াসকলে পৰগণা সীমান্তইদি ইংৰাজ শাসিত অঞ্চলত উপদ্ৰৱ কৰাত ১৮৩৫ চনত ইংৰাজে জয়ন্তীয়া ৰাজ্য দখল কৰে আৰু জয়ন্তীয়া ৰজা ৰাজেন্দ্র সিঙ্ক চিলেটলৈ নির্বাসন দিয়ে।

অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। আহােমসকলে অসমত কোন সময়ছােৱাত ৰাজত্ব কৰিছিল?
উত্তৰঃ তেৰ শতিকাৰ পৰা উনৈশ শতিকাৰ প্ৰথমছােৱালৈকে অসমত আহােমসকলে ৰাজত্ব কৰিছিল।
প্রশ্ন ২। আহােম ৰাজবংশৰ প্রতিষ্ঠাতা কোন আছিল ?
উত্তৰঃ চুকাফা।
প্রশ্ন ৩। আহােমসকলে অসমত কিমান বছৰকাল ৰাজত্ব কৰিছিল ?
উত্তৰঃ ছশ বছৰ।
প্রশ্ন ৪। ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা কোন হয় ?
উত্তৰ : গম্ভীৰ সিও।
প্রশ্ন ৫ কিমান খ্রীষ্টাব্দত ডেভিদ স্কটে ব্ৰহ্মপুত্র উপত্যকা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল ?
উত্তরঃ ১৮২০ খ্রীষ্টাব্দত।
প্রশ্ন ৬। নামনি অসমৰ মাটিৰ জৰীপ কোন ইংৰাজ বিষয়াৰ শাসনকালত হৈছিল?
উত্তৰঃ ডেভিদ স্কটৰ দিনত কেপ্তেইন মেথিউজৰ তত্ত্বাৱধানত।
প্রশ্ন ৭। লম্বােদৰ বৰফুকন কোন আছিল ?
উত্তৰঃ উজনি অসমৰ দেৱান আছিল।
প্রশ্ন ৮ | ডেভিদ স্কটৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰ ঃ ১৮৩১ চনত।
প্রশ্ন ৯ ৰবাৰ্টচনৰ পিছত অসমৰ কমিছনাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰঃ ১৮৩৪ চনত গৱৰ্ণৰ জেনেৰেল মেজৰ জেনকিন্সক।
প্রশ্ন ১০। কোন ইৰাজ বিষয়াৰ প্ৰচেষ্টাতব্ৰহ্মপুত্ৰ নৈত প্রথম ভাপ জাহাজ প্রচলন হৈছিল ?
উত্তৰ : মেজৰ জেনকিন্সৰ প্ৰচেষ্টাত।।
প্রশ্ন ১১। জেনকিন্সে অসম সম্বন্ধে লিখা আলােচনীখনৰ নাম কি ?
উত্তৰঃ এছিয়াটিক ছ’চাইটি অব বেঙ্গল।
প্রশ্ন ১২। জেনকিন্সে কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল ?
উত্তৰঃ ১৮৫৮ চনত।
প্রশ্ন ১৩। জেনকিন্সে কিমান চনত আয়কৰ কৰ প্ৰৱৰ্তন কৰিছিল ?
উত্তৰঃ ১৮৬০ চনত।
প্রশ্ন ১৪। কিমান চনত দাস প্রথা নিষিদ্ধ কৰা হৈছিল ?
উত্তৰঃ ১৮৪৩ চনত।
প্রশ্ন ১৫। কোনে ইংৰাজৰ শাসন কালত নিজকে স্বৰ্গদেউ বুলি ঘােষণা কৰিছিল ?
উত্তৰঃ গােমধৰ কোৱৰে।

লগতে পঢ়ক:   ভাৰতবৰ্ষৰ ভূগোল Class 9 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) ভূগোল অধ্যায় ৩

Class 9 Social Science History Chapter 5 Questions And Answers In Assamese

প্রশ্ন ১৬। পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক কেতিয়া ফঁাচী দিয়া হয় ?
উত্তৰঃ ১৮৩০ চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত।
প্রশ্ন ১৭। কিমান চনত আৰু ক’ত কোম্পানিৰ হকে ৰবাৰ্টচনে পুৰন্দৰ সিংহৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে ?
উত্তৰঃ ১৮-৩৩ চনত ।
প্রশ্ন ১৮। কিমান চনত পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰা হয় ?
উত্তৰঃ ১৮৩৮ চনত।
প্রশ্ন ১৯। মটক ৰাজ্যৰ ৰাজধানী কি আছিল?
উত্ৰৰ ৰঙাগড়।
প্রশ্ন ২০। কিমান চনত শদিয়াখােৱা গােহাঁইৰ মৃত্যু হৈছিল ?
উত্তৰঃ ১৮৩৫ চনত।
প্রশ্ন ২১। চিংফৌসকল কত বাস কৰিছিল ?
উত্তৰঃমটক ৰাজ্যৰ পূবত থকানদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল বাস কৰিছিল।
প্রশ্ন ২২। চিংফৌসকলৰ মুখিয়ালজনক কি বােলা হৈছিল ?
উত্তৰঃ গাম।
প্রশ্ন ২৩। কিমান চনত তিং সিঙে খাচী সৈন্য-সামন্ত লৈ কোম্পানিৰ ওপৰত আক্ৰমণ কৰিছিল ?
উত্তৰঃ ১৮২৯ চনত।
প্রশ্ন ২৪। জয়ন্তীয়াসকলৰ ৰজাজনৰ নাম কি ?
উত্তৰ ৰাজেন্দ্র সিংহ।
প্রশ্ন ২৫। কিমান চনত কেপ্তেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে?
উত্তৰঃ ১৮৩৫ চনত।
প্রশ্ন ২৬। গােবিন্দ চন্দ্ৰৰ মৃত্যু কেতিয়া হৈছিল ?
উত্তৰঃ ১৮৩০ চনত।
প্রশ্ন ২৭। কিমান চনত ব্রিটিছে নগা পাহাৰ দখল কৰে ?
উত্তৰঃ ১৮৬৬ চনত।
প্রশ্ন ২৮ | আহােম ৰাজ্যৰ পৰিসমাপ্তি কেতিয়া ঘটিছিল?
উত্তৰঃ মানৰ অসম আক্ৰমণৰ পিছত।
প্রশ্ন ২৯। ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?
উত্তৰঃ মান আৰু ইংৰাজসকলৰ মাজত।
প্রশ্ন ৩০ | মানসকলক প্রতিবাদ জনােৱা ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
উত্তৰঃ আৰ্মহাষ্ট

প্রশ্ন ৩১। মণিপুৰৰ ৰজাজনৰ নাম কি ?
উত্তৰঃ জয়সিংহ।
প্রশ্ন ৩২। মানৰ আক্ৰমণৰ ফলত কাছাৰৰ ৰজা গােবিন্দ চন্দ্রই ক’ত আশ্ৰয় লৈছিল?
উত্তৰঃ চিলেটত।
প্রশ্ন ৩৩। কোনজন ইংৰাজ বিষয়াৰ নেতৃত্বত ইংৰাজসকল গুৱাহাটীত উপস্থিত হৈছিল ?
উত্তৰঃ কর্ণেল ৰিছাৰ্ডচনৰ নেতৃত্বত।
প্রশ্ন ৩৪। নামনি অসমৰ প্রশাসনত ডেভিদ স্কটক কোনে সহায় কৰিছিল?
উত্তৰঃ কেপ্তেইন আদাম হােৱাইটে।
প্রশ্ন ৩৫। উজনি অসমৰ সদৰ ঠাই ৰংপুৰৰ পৰা ক’লৈ স্থানান্তৰিত কৰা হৈছিল?
উত্তৰঃ যােৰহাটলৈ।
প্রশ্ন ৩৬। উজনি অসমৰ প্ৰতিজন লােকে কিমান টকাকৈ খাজনা দিব লগা হৈছিল?
উত্তৰঃ তিনি টকাকৈ।
প্রশ্ন ৩৭। কোনজন আহােম বিষয়ক উজনি অসমৰ ৰাজহসংগ্ৰহৰ দায়িত্ব অর্পণ কৰিছিল?
উত্তৰ জনার্দন বৰবৰুৱাক।
প্রশ্ন ৩৮। ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল ?
উত্তৰঃ ব্ৰুেকট।
প্রশ্ন ৩৯। ডেভিদ স্কটে কাক উজনি অসমত বিচাৰৰ বাবে দেৱানী ভাৰ দিছিল?
উত্তৰঃ লম্বােদৰ ফুকনক।
প্রশ্ন ৪০। ডেভিদ স্কটৰ পিছত অসমলৈ অহা স্থায়ী কমিছনাৰজনৰ নাম কি?
উত্তৰঃ ৰবাৰ্টচন।
প্রশ্ন ৪১।বাচনে কিমান চনৰ পৰা কিমান চনলৈকে অসমত কার্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰঃ ১৮-৩২ চনৰ পৰা ১৮৩৪ চনলৈকে।
প্রশ্ন ৪২। ৰবাৰ্টচনৰ দিনত অসমত কিমানখন জিলা স্থাপন কৰা হৈছিল ?
উত্তৰঃ পাঁচখন।
প্রশ্ন ৪৩। ডেভিদ স্কটে উঠাই দিয়া সীমান্ত চকীখনৰ নাম কি ?
উত্তৰঃ কান্দাহাৰ চকী।
প্রশ্ন ৪৪। জেনকিন্সে জিলাসমূহক কি নামৰ ৰাজহ গােটত ভাগ কৰিছিল?
উত্তৰঃ টাংগনি।
প্রশ্ন ৪৫। নগাঁও জিলাৰ পুৰণি নাম কি আছিল ?
উত্তৰঃ খাগৰিজান।
প্রশ্ন ৪৬। খাগৰিজানৰ সদৰ ঠাই কি আছিল?
উত্তৰঃনগাঁও ।।
প্রশ্ন ৪৭। কামৰূপ জিলাৰ সদৰ ঠাই ক’ত আছিল?
উত্তৰঃ গুৱাহাটী।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top