Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » পদার্থ ধাতু আৰু অধাতু Class 8 বিজ্ঞান – পাঠ ৪ প্ৰশ্ন উত্তৰ

পদার্থ ধাতু আৰু অধাতু Class 8 বিজ্ঞান – পাঠ ৪ প্ৰশ্ন উত্তৰ

পদার্থ ধাতু আৰু অধাতু
বিষয়  বিজ্ঞান Class 8
পাঠৰ নামপদার্থ ধাতু আৰু অধাতু প্ৰশ্ন উত্তৰ
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংপাঠ ৪
পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

ধাতু আৰু অধাতু Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন 1ঃ তলৰ কোনবােৰক পাতল পাতৰ আকাৰলৈ পিটিব পাৰি?
(ক) যিংক (খ) ফছফৰাছ (গ) গন্ধক (ঘ) অক্সিজেন
উত্তৰ: (ক) যিংক

প্রশ্ন 2ঃ তলত দিয়া কোনটো উক্তি শুদ্ধ?
(ক) সকলাে ধাতু নমনীয়
(খ) সকলাে অধাতু নমনীয়।
(গ) সাধাৰণতে ধাতুসমূহ নমনীয়
(ঘ) কিছুমান অধাতু নমনীয়
উত্তৰ: (গ) সাধাৰণতে ধাতুসমূহ নমনীয়।

প্রশ্ন : খালী ঠাই পূৰ কৰা।
(ক) ফছফৰাছ এবিধ অতি ___অধাতু।
(খ) ধাতুসমূহ তাপ আৰু ___পৰিবাহী।
(গ) তামতকৈ লাে ___সক্রিয়।
(ঘ) ধাতুসমূহে অম্নৰ সৈতে বিক্রিয়া কৰি ___গেছ উৎপন্ন কৰে।
উত্তৰ: (ক) সক্রিয়।
(খ) বিদ্যুতৰ, ভাল।
(গ) অধিক।
(ঘ) হাইড্রজেন।

Winter Sale

প্রশ্ন 4: উক্তিবােৰ শুদ্ধ হলে ‘শু’আৰু অশুদ্ধ হ’লে অ’ ৰে চিহ্নিত কৰিবা।
(ক) সাধাৰণতে, অধাতুসমূহে অম্নৰ সৈতে বিক্রিয়া কৰে।
(খ) ছ’ডিয়াম এবিধ বৰ সক্রিয় ধাতু।
(গ) যিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে যিংক অপসাৰিত কৰে।
(ঘ) কয়লা টানি তাৰৰ ৰূপ দিব পাৰি।।
উত্তৰঃ (ক) অশুদ্ধ।
(খ) শুদ্ধ।

(গ) অশুদ্ধ।

(ঘ) অশুদ্ধ।

প্রশ্ন 5ঃ তলৰ তালিকাখনত কিছুমান ধর্ম উল্লেখ কৰা হৈছে। এই ধর্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতু পার্থক্য লিখা।

ধর্মধাতুঅধাতু
১। বাহ্যিক ৰূপ
২। কঠিন
৩। ঘাতসহনীয়তা
৪। নমনীয়তা
৫। তাপ পৰিবাহিতা
৬। বিদ্যুৎ পৰিবাহিতা

উত্তৰঃ

ধর্মধাতুঅধাতু
১। বাহ্যিক ৰূপধাতৱীয় দ্যুতি আছে।অনুজ্জ্বল
২। কঠিনকঠিন, দৃঢ়কোমল।
৩। ঘাতসহনীয়তাঘাতসহনশীলঠুনুকা
৪। নমনীয়তানমনীয়অনমনীয়
৫। তাপ পৰিবাহিতাতাপৰ সুপৰিবাহী তাপৰ কুপৰিবাহী।
৬। বিদ্যুৎ পৰিবাহিতা বিদ্যুতৰ সুপৰিবাহীবিদ্যুৎ অপৰিবাহী।

বিজ্ঞান class 8 পাঠ ৪

প্রশ্ন 6ঃ কাৰণ দশোৱা—
(ক) খাদ্যসামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।
(খ) জুলীয়া পদার্থ তপবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবােৰ ধাতৱীয় পদার্থৰে নির্মিত।
(গ) তামে যিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নােৱাৰে।
(ঘ) ছ’ডিয়াম আৰু পটেছিয়ামক কেৰাচিনত ডুবাই ৰখা হয়।

উত্তৰঃ (ক) এলুমিনিয়াম অধিক ঘাতসহনশীল ধাতু। ইয়াক পিটি অতি পাতল কৰিব পাৰি। কাগজৰ দৰে পাতল কৰিলেও ই ফালি নাযায়। সেইবাবে খাদ্য সামগ্রী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়।

(খ) ধাতুবােৰ তাপ আৰু বিদ্যুতৰ সুপৰিবাহী ইহঁতৰ ৰােধ বেছি বাবে বিদ্যুৎ চালিত হ’লে গৰম হৈ পৰে। সেইবাবে জুলীয়া পদার্থ তপতাবলৈ ব্যৱহাৰ কৰা নিমজ্জন দণ্ডবােৰ ধাতৱীয় পদার্থৰে নির্মিত।

(গ) যিংক তামতকৈ ৰাসায়নিকভাৱে অধিক সক্রিয়। যিংকৰ লৱণৰ পৰা সেইবাৰে তামে যিংক অপসাৰণ কৰিব নােৱাৰে।
(ঘ) ছ’ডিয়াম আৰু পটাছিয়াম অধিক সক্রিয় ধাতু। ই বায়ুত থকা জলীয় ভাপৰ সংস্পৰ্শলৈ আহিলেই অক্সিজেনৰ লগত বিক্রিয়া কৰি জ্বলি যায়। গতিকে বায়ুৰ সংস্পৰ্শৰ পৰা আঁতৰত ৰাখিবলৈ ইহঁতক কেৰাছিনত ডুবাই ৰখা হয়।

প্রশ্ন 7ঃ তােমালােকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবানে? ব্যাখ্যা কৰা৷
উত্তৰঃ নােৱাৰি। কাৰণ নেমুটেঙাৰ ৰসে (চাইট্রিক এছিড যুক্ত) এলুমিনিয়াম ধাতুৰ লগত ৰাসায়নিক বিক্রিয়া ঘটায়।

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ 4

প্রশ্ন ৪ঃ স্তন্ত A ত থকা পদার্থসমূহক স্তম্ভ Bত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলােৱা।

AB
(i) সােণ
(ii) লাে
(iii) এলুমিনিয়াম
(iv) কার্বন
(v) তাম।
(vi) পাৰা।
(ক) থামমিটাৰ
(খ) বৈদ্যুতিক তাৰ
(গ) খাদ্য মেৰােৱা।
(ঘ) আ-অলংকাৰ।
(ঙ) যন্ত্রপাতি
(চ) ইন্ধন

উত্তৰঃ
(i) ↔(ঘ)
(ii) ↔(ঙ)

(iii) ↔(গ)
(iv)↔(চ)
(v)↔(খ)
(vi)↔(ক)

প্রশ্ন 9: কি ঘটিব যেতিয়া—
(ক) তামৰ প্লেটৰ ওপৰত লঘু ছালফিউৰিক এছিড ঢলা হয় ?
(খ) কপাৰ ছালফেট দ্ৰৱত লােৰ গজাল ৰখা হয়?
বিক্রিয়াসমূহৰ শব্দ-সমীকৰণ লিখা।
উত্তৰঃ (ক) কপাৰ ছালফেট (CuSO4) আৰু হাইড্রজেন গেছ উৎপন্ন হ’ব।
কপাৰ + ছালফিউৰিক এছিড় → কপাৰ ছালফেট + হাইড্রজেন গেছ।

(খ) লােৰ গজালৰ ওপৰত মুগা তৰপ পৰিব। কাৰণ আইৰণে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰ মুক্ত কৰাই তাৰ ওপৰত জমা কৰিব।
লাে (আইৰণ) + কপাৰ ছালফেট দ্ৰৱ → আইৰণ ছালফেট দ্ৰৱ + কপাৰ

প্রশ্ন 10ঃ শালনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰপৰা ওলােৱা গেছখিনি পৰীক্ষা নলী এটাত সংগ্ৰহ কৰিলে।
(ক) তেওঁ কেনেদৰে গেছটোৰ প্রকৃতি জানিব পাৰিব?
(খ) এই প্রক্রিয়াত সংঘটিত হােৱা সকলােবােৰ বিক্রিয়াৰ শব্দ সমীকৰণ লিখা।
উত্তৰ: (ক) শালনীয়ে এখিলা আর্দ্র লীটমাছ পেপাৰ গেছখিনিত সােমাই দিলে যদি গেছটোৱে নীলা লীটমাছ পেপাৰখনক ৰঙা কৰে, তেতিয়া গেছটো আম্লিক বুলি জানিব পাৰিব।
কার্বন + অক্সিজেন →কার্বন ডাই অক্সাইড
কার্বন ডাই অক্সাইড + পানী কার্বনিক এছিড

প্রশ্ন11: এদিনাখন ৰীতা মাকৰ লগত গহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সােণাৰীজনক এডাল পুৰণি সােণৰ গহনা পালিচ কৰিব দিলে। পাছদিনা, তেওঁলােকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া তেওঁলােকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্রাসৰ বাবে তােমালােকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবানে?
উত্তৰঃ গহনাডাল অপৰিষ্কাৰ হােৱা মানে সােণৰ বাহিৰত কিবা কিবি মলি জমা হৈছে। যেতিয়া সােণাৰীয়ে তাক চাফা কৰাৰ বাবে এছিডৰ দ্ৰৱত ডুবাই দিলে, তেতিয়া এছিডৰ লগত বাহিৰৰ মলিৰ বিক্রিয়া ঘটি মলিবােৰ আঁতৰি গ’ল আৰু পলিচ কৰাৰ সময়ত গহনাত থকা পলিচৰ লগতাে বিক্রিয়া ঘটিল। গতিকে গহনাডালৰ ওজন সামান্য পৰিমাণে কমিব।

Class 8 Science Chapter 4 question answer in assamese

প্রশ্ন 1ঃ কেইটামান সাধাৰণতে ব্যৱহাৰ কৰা ধাতু আৰু অধাতুৰ নাম লিখা।
উত্তৰঃ সাধাৰণতে পােৱা ধাতু হ’ল—
(i) লাে (iron), (ii) তাম (copper), (iii) এলুমিনিয়াম, (iv) যিংক, (v) ৰূপ (silver), (vi) সােণ (gold), (vii) পাৰা (mercury), (viii) নিকেল (nickel)
সাধাৰণতে পােৱা অধাতু হল—
(i) কার্বন, (ii) গন্ধক (sulphur), (iii) আয় ডিন, (iv) ক্ল’ৰিণ, (v) অক্সিজেন, (vi) নাইট্রজেন, (vii) আর্গন, (viii) নিয়ন।

প্রশ্ন 2ঃ তৰল ধাতুটোৰ নাম লিখা।
উত্তৰ: তৰল ধাতু হ’ল পাৰা বা মার্কাৰী।

প্রশ্ন 3ঃ ধাতুকল্প কাক বােলে? উদাহৰণ দিয়া।
উত্তৰ : ধাতু আৰু অধাতু উভয় গুণ সম্পন্ন মৌলসমূহক ধাতুকল্প বােলে। ছিলিকন, জার্মেনিয়াম, আৰ্চেনিক আদি হ’ল ধাতুকল্প।

প্রশ্ন 4 তলত দিয়াবােৰৰ সংজ্ঞা দিয়া (উদাহৰণ দিবা)।
(i) ঘাত সহনীয়তা আৰু (ii) নমনীয়তা
উত্তৰঃ (i) ঘাত সহনীয়তাঃ ধাতুক কোবাই (পিটি) প্ৰসাৰিত কৰি পাতল পাতৰ আকাৰত গঢ় দিব পৰা গুণকে ধাতুৰ ঘাত সহনীয়তা বােলে। এলুমিনিয়াম ধাতুক পিটি এলুমিনিয়ামৰ পাত বনােৱা হয়।
(ii) নমনীয়তা: ধাতুৰ যি ধৰ্মৰ বাবে ইয়াক টানি তাঁৰত পৰিণত কৰিব পাৰি তাকে তাৰ নমনীয়তা বােলে। লাে, এলুমিনিয়াম, সােণ, ৰূপ, তাম আদিক টানি তাৰ পৰা তাঁৰ বনােৱা হয়।

প্রশ্ন 5ঃ ঠাণ্ডা পানী সাধাৰণ গৰম পানী আৰু উতলা পানীৰ লগত বিক্রিয়া কৰা ধাতু নাম লিখা।
উত্তৰ: ঠাণ্ডা পানীৰ লগত বিক্রিয়া কৰা ধাতু হ’ল— আইৰণ বা লাে।
সাধাৰণ গৰম পানীৰ লগত বিক্রিয়া কৰা ধাতু হল— মেগনেছিয়াম।

প্রশ্ন 6ঃ ধাতুৱে এছিড বা লৱণঅৰ সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ উৎপন্ন কৰে। এটা উদাহৰণ দিয়া।
উত্তৰঃ যিংক ধাতুৱে লঘু ছালফিউৰিক এচিডৰ সৈতে বিক্রিয়া কৰি যিংক ছালফেট লৱণ আৰু হাইড্রজেন গেছ উৎপন্ন কৰে। ৰাসায়নিক বিক্রিয়াটো এনেধৰণৰ
জিংক + লঘু ছালফিউৰিক এছিড → জিংক ছালফেট + হাইড্রজেন।
প্রশ্ন 1ঃ তলত দিয়া ধাতুবােৰ সক্রিয়তাৰ উৰ্দ্ধক্ৰমত সজোৱা।
Fe, Zn, Mg, Na, Al, Cu, Ag
উত্তৰঃ সক্রিয়তাৰ উদ্ধক্ৰমত সজালে:
Ag < Cu< Al < Fe <Zn <Mg <Na

প্রশ্ন ৪ঃ ‘Cu’ অতকৈ ‘Zn’ অধিক সক্রিয় বুলি কিদৰে প্ৰমাণ কৰিবা ?
উত্তৰ: যদি Zn ৰ টুকুৰা এটা CuSO4 ৰ দ্ৰৱত ডুবাই দিয়া হয়, CuSO4 ৰ নীলা বৰণটো লাহে লাহে কমি যায় আৰু দ্ৰৱৰ তলত ৰঙচুৱা তামৰ গুড়ি জমা হয়। ইয়াৰ পৰা বুজিব পাৰি যে কপাৰতকৈ (Cu) জিংক অধিক সক্রিয়। ৰাসায়নিক সমীকৰণটো
এনেধৰণৰ Zn + CuS0. → ZnSO. + Cu অর্থাৎ জিংকে কুপাৰ ছালফেটৰ দ্ৰৱৰ পৰা Cu অপসাৰণ কৰি নিজে ছালফেটৰ লগত লগ হৈ জিংক ছালফেট লৱণ তৈয়াৰ কৰিছে।

প্রশ্ন 9ঃ পৰমাণু কাক বােলে ?
উত্তৰ পাৰ্থৰ (মৌলৰ) ক্ষুদ্রতম অবিভাজ্য কণাকে পৰমাণু বােলে।

প্রশ্ন 10ঃ মৌল কাক বােলে? প্রাকৃতিকভাবে পােৱা মৌলৰ সংখ্যা কিমান ?
উত্তৰ: একেবিধ মাত্ৰ পৰমাণুৰে গঠিত পদার্থক মৌল বােলে। প্রাকৃতিকভাৱে পােৱা মৌলৰ সংখ্যা হ’ল 94 টা। অধাতুৰ সংখ্যা 20 তকৈ কম।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam