উভতি নহাৰ কবিতা Class 12 সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

বিষয়  অসমীয়া
পাঠৰ নাম উভতি নহাৰ কবিতা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক নৱকান্ত বৰুৱা
গােট পদ্যাংশ
পাঠৰ নং অধ্যায় 7
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

উভতি নহাৰ কবিতা Class 12

প্রঃ কবিৰ জীৱনৰ জীয়াই থকাৰ মন্ত্র কি? (Final-15/16/17)
উঃ কবিৰ জীৱনৰ জীয়াই থকাৰ মন্ত্ৰ হৈছে-যন্ত্রণা।

প্রঃ কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা। (Final-15/20)
উঃ আধুনিক কবিয়ে ভাৱে যে এই পৃথিৱীৰ পৰা মানুহ এবাৰ গুচি গ’লে পুনৰ উভতি আহিব নােৱাৰে। আধুনিক কবি নৱকান্ত বৰুৱায়াে অন্য মানুহৰ দৰে (মৰাৰ পিছত) গুচি গ’লে আহিব নােৱাৰে বুলি বিশ্বাস কৰে। তেওঁৰ মতে মৃত্যু হ’ল মানুহৰ জীৱনৰ শেষ পৰিণতি। কবিয়ে কৈছে যে মৃত্যুৰ পিছত মানুহ এই পৃথিৱীলৈ উভতি আহিব নােৱাৰে মৃত্যু হল এক চিৰন্তন সত্য। এই পৃথিৱীলৈ আহিলে যাবই লাগিব জীয়াই থকা যন্ত্রণাটো এটা ধেমালিহে। কাৰণ খন্তেকীয়া জীৱনত মানুহে হাঁহি-ধেমালিৰে দিন কটালেও হঠাৎ এদিন জীৱনৰ বন্তি নুমাই যাবই। মৃত্যুৰ এনে যন্ত্রণাৰ পৰা কোনেও হাত সাৰিব নােৱাৰে। জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে। এই ফুল বুটলিবলৈ তেওঁ নাহে, আন কোনােবাই আহিলে আহিব বুলি কৈছে।

প্রঃ বকুল তলৰ ফুল কোনে বুটলিব বুলি কবিয়ে ভাবিছে? (Final-16)
উঃ কবিৰ মৃত্যুৰ পিছত নতুনকৈ পৃথিৱীলৈ আহিবলগীয়া কোনাে মানুহে বকুল তলৰ ফুল বুটলিব বুলি কবিয়ে ভাবিছে।

ব্যাখ্যা কৰাঃ
প্রঃ কোনােবা আহিব মােৰ দৰে কোনাে দিনা? (Final-16)

মােৰ তাত একো নাথাকে চিন।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি নৱকান্ত বৰুৱাৰ ৰচিত উভতি নহাৰ কবিতাৰ পৰা অনা হৈছে।
কবিয়ে পৃথিৱীক এৰি যােৱাৰ পাছত যে আকৌ নতুন মানুহ আহিব তাকে কবিতাফাকিৰ দ্বাৰা ক’ব বিচাৰিছে।
জন্ম মৃত্যুৰ লানি নিছিগা সোঁত পৃথিৱীত চলিয়েই থাকিব। কিয়নাে জন্ম আৰু মৃত্যু হল এক চিৰন্তন সত্য। কবিৰ মতে জীৱনৰ এই ধেমালিটো মাত্র এবাৰেই খেলিব পাৰি। কবিৰ মৃত্যুৰ পাছত নতুন মানুহ এই পৃথিৱীলৈ আহিব যদিও তেওঁলােকৰ নতুন চিন্তাত, নতুন ধাৰণাত কবিৰ লগত মিল নাথাকিব। তেওঁলােকৰ মাজত কবিৰ যেন একো চিন নাথাকিব। সেয়েহে হেৰাই যােৱাৰ দুখত কবিয়ে অকলেই হাঁহে। কবিয়ে জানে যে তেওঁৰ দৰে কোনাে মানুহে মৃত্যুৰ পিছত উভতি নাহে। কবিৰ জীৱন বীণাৰ দৰে তেওঁলােকৰ সুৰৰ একে হ’ব। কেৱল চিন্তা ধাৰণা নতুন হ’ব। তেওঁলােকো এদিন এই পৃথিৱী এৰি গুচি যােৱাৰ পাছত সেই সুৰতেই বাজিব আৰু এখনি নতুন বীণা।

উভতি নহাৰ কবিতা

প্রঃ নৱকান্ত বৰুৱাৰ দুখন উল্লেখযােগ্য উপন্যাসৰ নাম লিখা। (Final-17)
উঃ নৱকান্ত বৰুৱাৰ দুখন উল্লেখযােগ্য উপন্যাসৰ নাম হ’ল— (১) কপিলী পৰীয়া সাধু’আৰু (২) ককাদেউতাৰ হাড়।

প্রঃ তামীঘৰ শব্দটোৰ অর্থ লিখা। (Final-17)
উঃ তামীঘৰ’ শব্দটোৰ অৰ্থ হ’ল—তম্ভ।

প্রঃ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা। (Final-17)
উ : নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হ’ল- (১) হে অৰণ্য হে মহানগৰ। (২) দলঙত তামী ঘৰা। (৩) এটি দুটি এঘাৰটি তৰা।

প্রঃ উভতি নহাৰ কবিতা কোন শ্রেণীৰ কবিতা? (Final-17)
উঃ উভতি নহাৰ কবিতা আধুনিক শ্ৰেণীৰ কবিতা।

প্রঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযােগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযােগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল (১) শিয়ালী পালেগৈ ৰতন পুৰ আৰু (২) ভত উকাৰে ভু।

প্রঃ নৱকান্ত বৰুৱাই কোন চনত জন্ম গ্রহণ কৰিছিল? (Final-19)
উঃ নৱকান্ত বৰুৱাই ১৯২৬ চনত গুৱাহাটীত জন্ম গ্রহণ কৰিছিল।

প্র: নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত কোনখন আলােচনীৰ অৱদান স্মৰণীয়? (Final-12/19)
উ: নৱকান্ত বৰুৱাৰ কাব্য-চৰ্চাত ৰামধেনু আলোচনীৰ অৱদান স্মৰণীয়।

লগতে পঢ়ক:   বিশ্ব খনিকৰ দ্বাদশ শ্ৰেণী কবিতা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

প্র: কবি নৱকান্ত বৰুৱাৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হ’ব? (Final-19)
উ: কবি নৱকান্ত বৰুৱাদেৱে উভতি নহাৰ কবিতাটিত উল্লেখ কৰা মতে এই পৃথিৱীলৈ আহিলে এদিন সকলােৱে পৃথিৱী এৰি যাবই লাগিব। এটা চাম পৃথিৱীৰ পৰা গুচি গ’লে নতুন এচাম মানুহ পৃথিৱীলৈ আহিব। তেওঁলােক হ’ব নতুন। মানুহ এটা নতুন প্রজন্ম। এই নতুন প্রজন্মটোৱে কবিক অনুকৰণ কৰি হয়তাে সেই একেই কামবােৰ কৰিব, কিন্তু নতুন যুগৰ ন -মানুহ হিচাপে তেওঁলােকৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণাবােৰাে নতুন হ’ব যত পুৰণি চিন্তা-চৰ্চা তথা ধ্যান-ধাৰণাসমূহ গুৰুত্বহীন হৈ পৰিব। নতুন দিনৰ নতুন পৃথিৱীখনত কবিৰ হয়তাে কোনাে চিনেই নাথাকিব।

Class 12 Assamese Chapter 7 question answer

প্রঃ প্রসংগ-সংগতি দশাই ব্যাখ্যা কৰাঃ
(ক) যন্ত্রণা মোেৰ জীয়াৰ মন্ত্র…..
এবাৰেই খেলি গলো।। (Final-14)
উ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তর্গত নৱকান্ত বৰুৱাই ৰচনা কৰা উভতি নহাৰ কবিতাৰ পৰা অনা হৈছে।
ইয়াৰ দ্বাৰা যন্ত্রণাক জীয়াই থকাৰ মন্ত্ৰ বুলি কৈ দুখ- যন্ত্রণাৰ মাজতাে কবিয়ে যে পৃথিৱীখনক ভাল পায় তাকে ক’ব বিচাৰিছে।
কবিয়ে জীৱনত বহুতাে দুখ-যন্ত্রণা আদি পাইছে যদিও তাৰ মাজতেই তেওঁ জীয়াই থকাৰ প্ৰেৰণাও পাইছে।কবিয়ে প্রাণভৰি পৃথিৱীখনক ভাল পায়। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্রণাময় ধেমালি। মানুহৰ জীৱন সৰলৰেখাৰ দৰে পােন নহয়। মনুষ্য জীৱন যিহেতু সংঘাতেৰে পৰিপূৰ্ণ আৰু কচু পাতৰ পানীৰ দৰে ক্ষন্তেকীয়া। এই ধুনীয়া পৃথিৱীখনলৈ দুনাই উভতি নাহে বুলি জানিও পৃথিৱীখনৰ প্ৰতি থকা অকপট ভাল পােৱাৰ কথা কবিয়ে বাৰে বাৰে দোহাৰিছে। মানৱ জীৱনটো ক্ষন্তেকীয়া বাবে এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ এদিন মৰি যাব আৰু দুনাই এইখন পৃথিৱীলৈ উভতি নাহে বুলি জানে। কবিয়ে তেওঁৰ সকলাে খেল এবাৰতেই খেলি গল অর্থাৎ তেওঁ যন্ত্রণা
সহি হলেও এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভােগ কৰি গল।

প্রঃ নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধনে? (Final-20)
উ: নৱকান্ত বৰুৱাৰ ৰত্নাকৰ এখন উপন্যাস কথাষাৰ শুদ্ধ নহয় ৰত্নাকৰ কাব্যগ্রন্থহে।

প্রঃ মই নাহোঁ মই নাহোঁ পৃথিৱী, তােমাক ভাল পাই গলাে তথাপিও মই নাহোঁ।
উ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তর্গত কবি নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা ৰচিত “উভতি নহাৰ কবিতা” শীর্ষক কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
এই পৃথিৱীৰ পৰা এবাৰ গুচি গ’লে যে পৃথিৱীৰ প্রতি থকা হাজাৰ ভালপােৱায়াে মানুহক আৰু ঘূৰাই আনিব নােৱাৰে, তাকে ক’বলৈ যােৱা প্ৰসংগতে কবিতাফকিৰ অৱতাৰণা কৰা হৈছে।
পৃথিৱীলৈ কবি পুনৰ ঘূৰি নাহে। অকল তেৱৈই নহয়, এই পৃথিৱীৰ পৰা এবাৰ গুচি যােৱাৰ পিছত কোনাে মানুহেই আৰু পুনৰ ঘূৰি নাহে। পৃথিৱীখনক কবিয়ে প্রাণভৰি ভাল পায়। সেই ভালপােৱাৰ কথা কবিয়ে বিভিন্ন ভাৱ আৰু ভাষাৰে প্ৰকাশ কৰিছে। পৃথিৱীক প্রাণভৰি ভালপােৱা কবিয়ে পৃথিৱী এৰি যাব লাগিব বুলি দুখ নকৰি হাঁহি হাঁহি সেই দুখ- যন্ত্রণাক পাহৰি ধেমালিৰে জীয়াই থকাৰ কথা ভাবিছে। তেওঁৰ জীৱন যে চিৰস্থায়ী নহয়, তেওঁ এদিন পৃথিৱী এৰি যাবই লাগিব। কিন্তু তেওঁ জানে যে, তেওঁ গুচি গ’লেও এই পৃথিৱীখন ভৰাই ৰাখি নতুন জীৱনৰ পাতনি মেলিবলৈ ইয়ালৈ আৰু বহুজন আহিল। নতুন দিনত কবিয়ে নিজৰ একো চিনেই নাথাকিব বুলি দুখ প্রকাশ কৰিছে যদিওঁ তাৰ মাজতাে কিন্তু পৃথিৱীৰ প্ৰতি থকা তেওঁৰ গভীৰ ভালপােৱা তিলমানাে
কমি যােৱা নাই।

উভতি নহাৰ কবিতা Class 12

প্রঃ উভতি নহৰ কবিতাটি কৰ পৰা সংগ্ৰহ কৰা
উ :  উভতি নহাৰ কবিতাটি ‘দলঙত তামীঘৰ’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।

লগতে পঢ়ক:   চিঠি Class 12th (চুটি গল্প) দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্রঃ নৱকান্ত বৰুৱাৰ দুখন উল্লেখযােগ্য কাব্য গ্রন্থৰ নাম লিখা
উঃ নৱকান্ত বৰুৱাৰ দুখন উল্লেখযােগ্য কাব্য গ্রন্থৰ নাম হল- (১) ৰাৱণ’ আৰু (২) “সম্রাট।

প্রঃ কবিয়ে বকুল তলৰ ফুল কোনে বুটলিব বুলি ভাবিছে?
উ: কবিয়ে বকুল তলৰ ফুল কোনােবাই বুটলিব বুলি ভাবিছে।

প্রঃ কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ?
উঃ ককাদেউতাৰ হাড় নামৰ উপন্যাসখনৰ বাবে নৱকান্ত বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।

প্রঃ নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম লিখ।
উ: নৱকান্ত বৰুৱাই কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নাম হ’ল জগন্নাথ বৰুৱা মহাবিদ্যালয় আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়।

প্রঃ ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পাথক্য লিখা।
উঃ ৰােমাণ্টিক কবিতাই পুনৰ জন্মত বিশ্বাস কৰে। অন্যহাতে আধুনিক কবিতাই পুনৰ জন্মত বিশ্বাস নকৰে।

প্রঃ উভতি নহৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপােৱা কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।
ডঃ পৃথিৱীখনক কুবিয়ে যন্ত্রণা পালেও বহুত ভাল পায়। জন্ম হ’লে মৃত্যু হ’বই লাগিব কাৰণ মৃত্যু হল এক চিৰন্তন সত্য। কিয়নো মানৱ জীৱন ক্ষন্তেকীয়া আৰু পৃথিৱীৰ পৰা গুচি যােৱাৰ পিছত কোনাে মানুহ উভতি আহিব নােৱাৰে কবিৰ মতে পৃথিৱীক ভালপােৱাৰ বাবে মানুহে জীয়াই থাকি যন্ত্রণা ভােগ কৰে। ভাৰতীয় দর্শনত বিশ্বাস আছে যে এই পৃথিৱীলৈ মানুহে কামনা-বাসনা পূর্ণ নােহােৱালৈকে বাৰে বাৰে আহে। আধুনিক কবি নৱকান্ত বৰুৱাই সেই ধাৰণাৰ বিপৰীতে কৈছে যে জীয়াই থকাৰ ধেমালিটো এবাৰেই কৰা যায়। সেয়েহে কবিয়ে আক্ষেপ কৰি কৈছে, যে তেওঁ পৃথিৱীক ভাল পালেও উভতি আহিব নােৱাৰে। তেওঁ এবাৰেই জীৱনৰ বকুল বুটলিছে। তেওঁৰ মৃত্যুৰ পাছত হয়তাে জীৱনৰ বকুল পাহ বুটলিবলৈ নতুন মানুহ এই পৃথিৱীলৈ আহিব। তেতিয়া এই নতুন পৃথিৱীত কবিৰ একো চিন নাথাকিব। হেৰাই যােৱাৰ দুখত কবিয়ে যেন অকলে হাঁহে। কবিয়ে কৈছে যে পৃথিৱীক ভাল পালেও তেওঁ উভতি আহিব নােৱাৰে। কবিৰ এনে চিন্তাৰ মাজত পৃথিৱীৰ প্ৰতি ভালপােৱা সুন্দৰভারে প্রকাশ পাইছে।

প্রঃ কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে বুজাই লিখা।
উঃ জন্ম হলে মৃত্যু হ’বই লাগিব কিয়নাে মৃত্যু হল এক চিৰন্তন সত্য। পৃথিৱীৰ পৰা এবাৰ গুচি যােৱাৰ পিছত কোনাে মানুহ উভতি আহিব নোৱাৰে। পৃথিৱীক ভালপােৱাৰ বাবে মানুহে জীয়াই থাকি যন্ত্রণা ভােগ কৰে। কবিৰ মতে জীয়াই থকাৰ ধেমালিটো এবাৰেই কৰা হয় । সেয়েহে পৃথিৱীক ভাল পালেও তেওঁ উভতি আহিব নােৱাৰে। হয়তাে জীৱনৰ বকুল পাহ বুটলিবলৈ নতুন মানুহ এই পৃথিৱীলৈ আহিব। কিন্তু তেওঁলােকৰ চিন্তাৰ লগত কবিৰ চিন্তাৰ মিল নাথাকিব। নতুন পৃথিৱীত কবিব একোচিন নাথাকিব। হেৰাই যােৱাৰ দুখত কবিয়ে যেন অকলেই হাঁহে। তেওঁ পৃথিৱীখনক ভাল পালেও
উভতি নাহে।

প্রঃ কবিয়ে জীয়াই থকাৰ ধেমালিটো কি বুলি ভাবিছে?
উঃ কবিয়ে জীয়াই থকাটো এটা ধেমালি বুলি ভাবিছে। কাৰণ কবিয়ে জীয়াই থকাৰ ধেমালিটো মাত্র, এবাৰহে খেলিছে। জীৱনৰ বকুল পাহ’ কবিয়ে এবাৰহে বুটলিছে। এই জীৱনটো সৰু ল’ৰাই সজা বালি ঘৰৰ দৰে ক্ষন্তেকীয়া। এই জীৱনৰ কোনাে অস্তিত্ব নাই। মৃত্যুৰ পিছত এই পৃথিৱীলৈ আৰু কোনাে মানুহ উভতি নাহে। কবিৰ মতে জীৱনৰ সৌন্দর্য, এবাৰেই পাব পাৰি।

প্রঃ উভতি নহাৰ কবিতাটিৰ মূলভাৱ লিখা।

মূলভাৱঃ কবি নৱকান্ত বৰুৱাদেৱে আলফুলীয়া শব্দৰ সমাৱেশৰে ৰচনা কৰা এই কবিতাটিৰ মাজেদি প্রতিফলিত হৈছে, এই ধুনীয়া পৃথিৱীখনৰ প্ৰতি থকা কবিৰ অকপট ভালপােৱাৰ অতুলনীয়, নিদর্শন। জন্মান্তৰবাদত বিশ্বাস নকৰা আধুনিক কবিজনাই মৃত্যুৰ পিছত যে পৃথিৱীলৈ তেওঁ পুনৰ ঘূৰি নাহে এই কথা সুঁৱৰি শােকত ম্রিয়মাণ হৈ পৰিছে। সেয়ে কবিয়ে’ পৃথিৱীখনৰ প্ৰতি থকা গভীৰ ভালপােৱাৰ কথা বাৰে বাৰে দোহাৰিছে। মানুহৰ জীৱন সংঘাতেৰে ভৰা।-জীৱন মানেই হাঁহি-কান্দোনৰ মিশ্রিত সমাহাৰ। তথাপি কবিয়ে পৃথিৱীক ভাল পায়। সেয়ে দুখ- যন্ত্রণাৰে পিষ্ট হলেও কোনােৱেই স্ব-ইচ্ছাই জীৱনলৈ মৃত্যুক আমন্ত্রণ নজনায় । সকলােৱেই দূখ-যন্ত্রণাক অৱধাৰিত বুলিয়ে গ্রহণ কৰে। আলিৰ কাষত থকা বকুলৰ সুবাস ল’বলৈ কবি পৃথিৱীলৈ ঘূৰি নাহে। পিছৰ প্ৰজন্মৰ আন কোনােবাই সেই সুগন্ধি বকুলৰ সুবাস ল’ব। জন্ম- নিৰৱচ্ছিন্ন প্রক্রিয়াত পৃথিৱীলৈ অহা নৱপ্ৰজন্মই ও কবিৰ জীৱন বীণাৰ সুৰতেই সুৰ মিলাব। কিন্তু তেওঁলোেক হ’ব নতুন মানুহ। তাত নাথাকিব কবিৰ কোনাে অস্তিত্ব। সেয়ে দৰদী কবিজনাৰ বুকুভেদি নির্গত হৈছে পৃথিৱীখনলৈ পুনৰ ঘুৰি আহিব নােৱাৰাৰ মর্মান্তিক বেদনা আৰু লগতে ধুনীয়া পৃথিৱীখনৰ ভালপােৱাৰ মধুৰ অনুভূতি।

প্রঃ কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।

উঃ আধুনিক কবিয়ে ভাৱে যে এই পৃথিৱীৰ পৰা মানুহ এবাৰ গুচি গ’লে পুনৰ উভতি আহিব নােৱাৰে। আধুনিক কবি নৱকান্ত বৰুৱায়াে অন্য মানুহৰ দৰে (মৰাৰ পিছত) গুচি গ’লে আহিব নােৱাৰে বুলি বিশ্বাস কৰে। তেওঁৰ মতে মৃত্যু হ’ল মানুহৰ জীৱনৰ শেষ পৰিণতি। কবিয়ে কৈছে যে মৃত্যুৰ পিছত মানুহ এই পৃথিৱীলৈ উভতি আহিব নােৱাৰে মৃত্যু হল এক চিৰন্তন সত্য। এই পৃথিৱীলৈ আহিলে যাবই লাগিব জীয়াই থকা যন্ত্রণাটো এটা ধেমালিহে। কাৰণ খন্তেকীয়া জীৱনত মানুহে হাঁহি-ধেমালিৰে দিন কটালেও হঠাৎ এদিন জীৱনৰ বন্তি নুমাই যাবই। মৃত্যুৰ এনে যন্ত্রণাৰ পৰা কোনেও হাত সাৰিব নােৱাৰে। জীৱনৰ বকুল পাহ কবিয়ে এবাৰেই বুটলিছে। এই ফুল বুটলিবলৈ তেওঁ নাহে, আন কোনােবাই আহিলে আহিব বুলি কৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top