হস্তিবিদ্যাৰ্ণৱ পুথি দ্বাদশ শ্ৰেণী গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

বিষয়  অসমীয়া
পাঠৰ নাম হস্তিবিদ্যাৰ্ণৱ পুথি
শ্ৰেণী  দ্বাদশ শ্ৰেণী
লেখক ড° সূর্য কুমাৰ ভূঞা
গােট গদ্যাংশ
পাঠৰ নং অধ্যায়-৯
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

হস্তিবিদ্যাৰ্ণৱ পুথি Class 12

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ হস্তি বিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্রহ কৰা হৈছে?
উঃ হস্তি বিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি যােগেন্দ্র নাৰায়ণ ভূঞা সম্পাদিত সূর্যকুমাৰ ভূঞাৰ ‘বিবিধ প্রবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

প্রঃ হস্তি বিদ্যার্ণৱ সাৰ সংগ্ৰহ পুথিখন কোনে কেতিয়া ৰচনা কৰিছিল?
উঃ হস্তি বিদ্যার্ণৱ সাৰ সংগ্ৰহ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ কোন আছিল?
উঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু ড° সূর্য কুমাৰ ভূঞা আছিল।

প্রঃ পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা।
উ : পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম হ’ল— (১) লৱ কুশৰ যুদ্ধ আৰু (২) ধর্মপুৰাণ।

প্রঃ হস্তিবিদ্যার্ণৱ পুথিৰ বিষয়বস্তুৰ এটি আভাষ দিয়া।
উ : অসমীয়া হাতে লিখা সচিত্র পুথিৰ ভিতৰত “হস্তিবিদ্যার্ণৱ” পুথি খনেই হৈছে শ্রেষ্ঠ পুথি। এই পুথিখনত হাতীৰ বিষয়ে লিখা হৈছে। স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশত ১৭৩৪ খৃষ্টাব্দত সুকুমাৰ বৰকাথে হস্তিবিদ্যার্ণৱ’ পুথিখন ৰচনা কৰিছিল। এই পুথিখনৰ ছবিবােৰ অংকন কৰে দিলৰ আৰু দোষায় নামৰ দুজন চিত্রকৰে। এই পুথিখনত গ্রন্থকাৰ, চিত্ৰকৰ দুগৰাকী, স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ চিত্ৰ অংকিত হৈছে। প্রাচীন অসমৰ চিত্রকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ এই পুথি চাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্র প্রসাদ আদি অনেক খ্যাতনামা ব্যক্তিয়ে প্রশংসা কৰিছিল। হস্তিবিদ্যার্ণৱ পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ। হস্তিবিদ্যার্ণৱ পুথিৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে- বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্ব্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্ৰাৰ কালত আৰু উভতি অহা বা পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে কর্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতীৰ, অন্য ৰজাৰ লগত অপ্রীতিবর্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ, মেদবৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হােৱাৰ নিয়ম, হস্তি বশ্য হােৱাৰ মন্ত্র।

লগতে পঢ়ক:   কাঠমিস্ত্রীৰ ঘৰ – সম্পূৰ্ণ প্ৰশ্নোত্তৰ দ্বাদশ শ্ৰেণী

হস্তিবিদ্যাৰ্ণৱ পুথি দ্বাদশ শ্ৰেণী

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্র : হস্তিবিদ্যার্ণৱ’ পুথিত কোনগৰাকী বৰকুৱৰীৰ ছবি পােৱা যায়?
উঃ হস্তিবিদ্যাৰ্ণৱ’ পুথিত বৰকুঁৱৰী অম্বিকা দেৱীৰ ছবি পােৱা যায়।

প্রঃ হস্তিবিদ্যাৰ্ণৱ’ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলােচনা কৰা?
উঃ সুকুমাৰ বৰকাথে ৰচনা কৰা হক্তিবিদ্যার্ণৱ পুথিখন সাহিত্যৰ অমূল্য সম্পদ। এই পুথিখন বিশুদ্ধ সাহিত্য নহ’লেও ইয়াৰ গদ্যশৈলীৰ কিছুমান বিশেষত্ব আছে। পুথিখনৰ ৰচনাশৈলী ওজঃগুণযুক্ত। এই পুথিখনৰ ভাষা গদ্য। পুথিখনৰ বাক্যৰ গঠনতাে সৰল অসমীয়া ভাষাৰ চানেকি পােৱা যায় যেনে- পাতালৰ জাতে যি হাতী আহিছে তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানীপৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপকৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাঁচ মাউতে ডাবি মাৰিব, তেৱে মূৰ দাঙ্গি যাব।”

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ কোন দেশৰ প্রাচীন নৃপতিসকলক “গজধৰজ” খিতাপেৰে বিভূষিত কৰা হৈছিল?
উ : কামৰূপৰ প্ৰাচীন নৃপতিসকলক “গজধ্বজ” খিতাপেৰে বিভূষিত কৰা হৈছিল।

প্রঃ ড° সূর্য কুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখা।
উ : ড° সূর্য কুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম হল- ‘Anglo-Assamese Relations’,

প্র : অসম সাহিত্য সভাৰ শিলং অধিৱেশনৰ (১৯৫৩) সভাপতি কোন আছিল?
উ : ড° সূর্যকুমাৰ ভূ এ অসম সাহিত্যসভাৰ শ্বিলং আধৱেশনৰ (১৯৫৩) সভাপতি আছিল।

হস্তিবিদ্যাৰ্ণৱ পুথি Class 12 অতি চমু প্রশ্ন 

প্রঃ হস্তি বিদ্যার্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে কত প্রকাশ পাইছিল?
উ : হস্তি বিদ্যার্ণৱ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে শুক্লেশৰ বৰা সম্পাদিত জয়ন্তী নামৰ আলােচনীত’ প্রকাশ পাইছিল।

প্র : সুকুমাৰ বৰকাথে কাৰ আদেশত হস্তিবিদ্যার্ণৱ পুথিখন ৰচনা কৰিছিল?
উঃ সুকুমাৰ বৰকাথে আহােম স্বৰ্গদেউ শিৱসিংহ আৰু বৰ কুঁৱৰী অম্বিকাদেৱীৰ আদেশত হস্তিবিদ্যার্ণৱ পুথিখন ৰচনা কৰিছিল।

প্র : পালকাপ্য মুনিৰ হস্তি আয়ুর্বেদ কি ভাষাত ৰচিত?
উঃ পালকাপ্য মুনিৰ হস্তি আয়ুর্বেদ সংস্কৃত ভাষাত ৰচিত।

লগতে পঢ়ক:   আনন্দৰাম বৰুৱা দ্বাদশ শ্ৰেণীৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ

প্র : বৃহৎ সংহিতাৰ ৰচক কোন?
উ : বৃহৎ সংহিতাৰ ৰচক হ’ল—বৰাহমিহিৰ।

প্র : স্বৰ্গদেউসকলে শিৰবস্ত্র হিচাপে ব্যৱহাৰ কৰা বস্ত্রবিধৰ নাম কি?
উ : স্বৰ্গদেউসকলে শিৰবস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বস্ত্রবিধৰ নাম হ’ল ফচৌ।

প্রঃ হভিবিদ্যার্ণৱ পুথিৰ বিষয়ে প্রসংশা কৰা ভাৰতৰ তিনিজন খ্যাতনামা ব্যক্তিৰ নাম লিখা।
উ : (১) মহাত্মাগান্ধী (২) ডাঃ ৰাজেন্দ্র প্রসাদ আৰু (3) পণ্ডিত জৱাহৰলাল নেহৰু।

প্রঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবােৰ কোনে অংকন কৰিছিল?
উঃ হস্তিবিদ্যাৰ্ণৱ পুথিৰ চিত্ৰবােৰ দিলবৰ আৰু দোষায় নামৰ দুজন চিত্রকৰে অংকন কৰিছিল।

প্রঃ হস্তিবিদ্যার্ণৱ পুথিত’ কোনকেইজন লােকৰ চিত্র অংকিত হৈছে?
উ : হস্তিবিদ্যার্ণৱ পুথিত’ গ্রন্থকাৰ, দুজনা চিত্ৰকৰ, স্বৰ্গদেউ শিবসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উপসিংহ কোৱৰৰ ছবি অংকিত কৰা হৈছে।

প্রঃ মঙ্গলদায়ক হাতীৰ লক্ষণ সম্পর্কে হক্তিবিদ্যাৰ্ণৰ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।
উঃ গজশাস্ত্র বিশাৰদ সুকুমাৰ বৰকাথে ৰচনা কৰা হস্তিবিদ্যার্ণৱ পুথিত বিভিন্ন প্রকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ থকাৰ উপৰিও মঙ্গলদায়ক হাতীৰ লক্ষণ সম্পর্কেও উল্লেখ আছে। শ্যামবৰণৰ সুন্দৰ শৰীৰ আৰু দুই দাঁত দীঘল থাকিলে তেনে হাতীবােৰৰ পৰা মঙ্গল হয়। মঙ্গলদায়ক হাতীবােৰ সাধাৰণতে সমান ৰঙ্গ কৰা, আগলৈ চাপি যােৱা কালশিলি বর্ণ, অগ্রজোঙ্গা, নখবােৰ অল্পকলিয়া আৰু বলৱন্ত আক থাকে। তেনে হাতীৰ পৰা ৰজাৰ বহুত ধন উপার্জন হয়। এনে হাতীবােৰ মাউতৰ দ্বাৰা সহজে বশ কৰিব পাৰি।

প্রঃ ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন অসমীয়া ব্যৱহাৰিক পুথিৰ নাম লিখা।
উঃ ব্যৱহাৰিক জ্ঞানৰ বাবে লিখা সচিত্র পুথিবােৰকে ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয়। মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্ৰ-বাসস্থ অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয় হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবােৰক ব্যৱহাৰিক সাহিত্য’ বুলি কোৱা হয়। দুখন অসমীয়া ব্যৱহাৰিক পুথিৰ নাম হল— (১) হস্তি বিদ্যার্ণৱ সাৰ – সংগ্রহ, আৰু (২) ঘোঁৰা নিদান’।

প্রঃ হস্তিগ্রন্থ বুলিলে কি বুজা?
উ : হাতীৰ বিষয়ে লিখা পুথিকে হস্তিগ্রন্থ ‘বুলি কোৱা হয়। মধ্যযুগত ভালেকেইখন এনে ব্যৱহাৰিক গ্রন্থ ৰচনা হৈছিল। যেনে—শঙ্খচূড় বধ, ধর্মপুৰাণ, লৱ-কুশৰ যুদ্ধ, গীতগােবিন্দ, ‘বনমালীদেৱৰ চৰিত্ৰ আৰু সচিত্র ভাগৱত আদি। অসমীয়া হাতেলিখা পুথিৰ ভিতৰত হস্তিবিদ্যার্ণৱ’ পুথিখনকে শ্রেষ্ঠ বুলি কোৱা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top