কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11 Assamese Lesson 6

কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
বিষয়  অসমীয়া
পাঠৰ নাম কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান
লেখক
ড° হীৰেন গােহাঁই
শ্ৰেণী  একাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 6
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

অতি চমু প্রশ্ন

১। কে’ম্ব্রিজ বিশ্ববিদ্যালয় কোন নদীৰ উপত্যকাত অৱস্থিত ?
উত্তৰঃ ‘কেম’নদীৰ উপত্যকাত ।

২।কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ অধীনত কেইখন কলেজ আছে?
উত্তৰ : একত্ৰিশখন ।

৩। ড° হীৰেন গােহাঁয়ে অধ্যয়ন কৰা কেম্ব্রিজৰ কলেজখনৰ নাম লিখা।
উত্তৰ : ‘গনবিল এণ্ড কীইজ কলেজ’।

৪। গনবিল আৰু কীইজ কলেজ’খন কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰ : ‘গনবিল আৰু কীইজ কলেজ’খন ড° কীইজ নামৰ এজন চিকিৎসকে প্রতিষ্ঠা কৰিছিল।

৫। জর্জ ষ্টাইনাৰ কোন?
উত্তৰ : জর্জ ষ্টাইনাৰ আছিল এজন মার্কিন পণ্ডিত। তেওঁ এবাৰ কেম্ব্রিজ বিশ্ববিদ্যালয়ত বক্তৃতা দিবলৈ নিমন্ত্রণ পাইছিল।

Class 11 Assamese Lesson 6 চমু প্রশ্ন

১। ইউৰােপত মধ্যযুগত স্থাপন হােৱা চাৰিখন বিশ্ববিদ্যালয়ৰ নাম লিখা।
উত্তৰ : ইউৰােপত মধ্যযুগত স্থাপন হােৱা চাৰিখন বিশ্ববিদ্যালয় হ’ল : পেৰিছ, হাইডেলবার্গ, অক্সফোর্ড আৰু কেম্ব্রিজ।

২। টমাছ আকুৱাইনাছ আৰু পিয়েৰ আবে’লাৰ কোন আছিল ?
উত্তৰঃ টমাছআকুৱাইনাছআছিল মধ্যযুগৰ ইউৰােপৰএগৰাকী প্রখ্যাত দার্শনিক আৰু পিয়েৰ আবে’লাৰ আছিল মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী প্রখ্যাত দার্শনিক, পণ্ডিত আৰু কবি।

৩। ইংলণ্ডৰ গির্জাত পৰিস্ফূট হােৱা তিনি প্ৰকাৰৰ গথিক (Gothic) স্থাপত্য শৈলীৰ নাম লিখা।
উত্তৰ : ইংলণ্ডৰ গির্জাত পৰিস্ফূট হােৱা তিনি প্রকাৰৰ গথিক স্থাপত্য শৈলী হ’ল – কলন, ৰিম আৰু নটৰডাম।

৪। কেম্বিজ বিশ্ববিদ্যালয়ৰ কলেজ বোৰৰ অধ্যক্ষসকলক কিদৰে নির্বাচন কৰা হৈছিল ?
উত্তৰ : কলেজৰ ফেল’সকলে সিহঁতৰ মাজৰ পৰা অথবা বাহিৰৰ প্ৰখ্যাত পণ্ডিতক অধ্যক্ষ হিচাপে নির্বাচন কৰিছিল।

৫। আৰবী গ্রন্থত প্লেটো আৰু আৰিস্ততলক কি কি নামেৰে জনা যায় ?
উত্তৰ : আৰবী গ্রন্থত প্লেটোক ‘আফ্লাতুন’ আৰু আৰিস্ততলক আৰিস্তু’ নামেৰে জনা যায়।

কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান দীঘল প্রশ্ন

১। কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজৰােৰ কোনে কিদৰে প্রতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।
উত্তৰ : কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবােৰ পণ্ডিতসকলে প্রতিষ্ঠা কৰিছিল। তেওঁলােক আছিল গীর্জাৰ ধর্মমণ্ডলীৰ অন্তর্ভূক্ত । গীর্জাৰ পৰা দান দক্ষিণাৰ পােৱাৰ উপৰিও ধনী ব্যক্তি বা ব্যৱসায়ৰ সংঘৰ পৰা অর্থ সাহার্য লাভ কৰিছিল। পণ্ডিতসকলে কলেজ পৰিচালনাৰ বাবে প্ৰচুৰ ভূ-সম্পত্তিও সংগ্রহ কৰিছিল। কলেজৰ ফেল’সকলে এজন অধ্যক্ষ নির্বাচন কৰিছিল আৰু যুটিয়াভাৱে নিয়াৰিকৈ কলেজৰ প্রশাসন পৰিচালনা কৰিছল। কেতিয়াৱা বাহিৰৰ খ্যাতনামা পণ্ডিতকো অধ্যক্ষৰ পদ দিয়া হৈছিল। উপাচার্য। কোন, তাক লৈ কোনেও মূৰ ঘমােৱা নাছিল। ৰাজশক্তি ক্রমে প্রৱল আৰু কেন্দ্রীভূত হৈ উঠাৰ পিছতে বিশ্ববিদ্যালয়ে ৰজাঘৰৰ পৰা নিজা স্বতন্ত্র অধিকাৰৰ বাবে ৰাজপত্র লাভ কৰিছিল। ৰাজপত্ৰত ৰজা ঘৰে বিশ্ববিদ্যালয়ৰ অধিকাৰ আৰু আভ্যন্তৰীণ প্রশাসনত হস্তক্ষেপ নকৰাৰ প্রতিশ্রুতি দিছিল।এনেদৰে শিক্ষানুষ্ঠানসমূহে নির্ভয়ে স্বাধীন চিন্তাৰ অনুশীলন আৰু অনুসৰণ কৰাৰ অৱকাশ পাইছিল।

লগতে পঢ়ক:   বনকুঁৱৰী Class 11 Assamese Lesson 13 একাদশ শ্ৰেণী

২। য়ুৰোপৰ বিশ্ববিদ্যালয়বােৰত মেধা-চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল কিন্তু আৰব জগতৰ আহি আৰু প্ৰেৰণাৰ পৰা।’—– কথাষাৰ বুজাই লিখা।
উত্তৰ : ইউৰােপীয় পণ্ডিতসকলে প্রাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমাৰেখা নির্ধাৰণ কৰিছিল যদিও ইউৰােপৰ বিশ্ববিদ্যালয়বােৰত মেধা-শক্তিৰ অনুপ্ৰেৰণা আহিছিল আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা। খ্রীষ্টানসকলৰ পৱিত্র স্থান জেৰু’ জালেম উদ্ধাৰৰ বাবে এসময়ত কেথলিক ধর্মমণ্ডলীৰ প্ৰধান পােপৰ উৰ্গনিত বহু বছৰ ধর্মযুদ্ধ চলিছিল। ইয়াৰ ফলত ইউৰােপীয়সকলে আৰবসকলৰ উন্নত সভ্যতাৰ সংস্পৰ্শলৈ আহিছিল। আৰব পণ্ডিতসকলে আকৌ গ্রীক-ৰােমান সভ্যতাৰ গণিত, তর্কশাস্ত্র, ঈশ্বৰতত্ত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান দি জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। সেই আৰব পণ্ডিতসকলৰ মাজত বিন ৰুশ্বড, ইব চিনা আদি বহুত পণ্ডিতে প্ৰভাৱ বিস্তাৰ কৰিছিল। সিহঁতৰ লিখনিসমূহ বহুত বছৰ ইউৰােপৰ বিশ্ববিদ্যালয়বােৰত পাঠ্যপুথি হিচাপে পঢ়োৱা হৈছিল।

৩। কেম্ব্রিজবিশ্ববিদ্যালয়ৰ পাঠদান কার্য সম্পর্কে চমুকৈ আলােচনা কৰা।
উত্তৰ : কেম্ব্রিজ বিশ্ববিদ্যালয়ত পাঠদান ব্যৱস্থা সুকীয়া প্ৰকৃতিৰ আছিল। প্রতিজন প্রবক্তাই এনেদৰে পাঠ দান কৰে। যাতে ছাত্র-ছাত্ৰীক বিষয়ৰ লগত পৰিচয় কৰি দিয়াৰ উপৰিও তেওঁ সেইবােৰ বক্তৃতাৰ ভিত্তিত পিছলৈ এখন গ্রন্থ ৰচনা। কৰিব পাৰে। মুঠতে বক্তৃতাবােৰ যথেষ্ট মৌলিক বিশ্লেষণ, ব্যাখ্যা আৰু অভিমত থকা হ’ব লাগিছিল।। শাসক বা ৰজাই বিশ্ববিদ্যালয়ৰ ভিতৰুৱা বিষয়ত হস্তক্ষেপ কৰা নাছিল। সেয়ে পণ্ডিতসকলে নির্ভয়ে জ্ঞান অন্বেষণ আৰু পাঠদান কার্যত ব্যস্ত হৈ থাকিব পাৰিছিল। শ্ৰেণীত ছাত্ৰসকলৰ উপস্থিতি বাধ্যতামূলক নাছিল যদিও বিখ্যাত পণ্ডিতৰ পাঠদান। কাৰ্য্যই ছাত্ৰক শ্ৰেণীৰ কোঠাত উপস্থিত থাকিবলৈ অনুপ্ৰাণিত কৰিছিল।

৪। ড° হীৰেন গােহাঁইৰ সাহিত্য প্রতিভা সম্পর্কে চমুকৈ আলােচনা কৰা।
উত্তৰ : ড° হীৰেন গােহাঁই অসমৰ এজন শিক্ষাবিদ, চিন্তাবিদ আৰু সাহিত্য সমালােচক। তেওঁৰ প্রায় তিনিকুৰিখন গ্রন্থ ৰচনা কৰিছে। তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ ভিতৰত উল্লেখযােগ্য কেইখনমান হ’ল : সাহিত্যৰ সত্য, সমাজ আৰু সমালােচনা, সাহিত্য আৰু সমাজ, সাহিত্য আৰু চেতনা, বিশ্বায়ন, বন্দৰৰ কাল, কালস্রোত, কাণ্ডাৰী, কবিতাৰ বিচাৰ আৰু নতুন সমালােচনা, কীর্তন পুথিৰ ৰস বিচাৰ, বতাহত ক’ৰ ধূলি গােপাল, হেঙুল আকাশ, কলা চাইেকেল আৰু এজন আৰােহী, সপােনৰ দিকচৌ বনত, অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা, লন্ত লাগিজ, ইমান তিতা সাগৰৰ পানী, উৰণীয়া হাঁহৰ মাত আদি। অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে (১৯৮৯)। তেওঁৰ গৱেষণা গ্রন্থখনৰ নাম Tradi- tion and Paradise Lost i তেওঁৰ গদ্য বলিষ্ঠ আৰু প্ৰতিটো বিষয় ব্যাখ্যা আৰু বিশ্লেষণেৰে সমৃদ্ধ।

লগতে পঢ়ক:   কিতাপৰ কথা Class 11 {প্ৰশ্ন উত্তৰ} একাদশ শ্ৰেণী অসমীয়া

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা :
“দেশ-বিদেশৰ মাজত জ্ঞান আৰু বিদ্যাৰ সহজ আৰু অব্যাহত যােগাযােগ আৰু বিনিময়েহে মানৱীয় জ্ঞান- বিজ্ঞানৰ উন্নতি সাধন কৰে। জ্ঞানক যেতিয়া কেৱল সম্পত্তিৰ ৰূপত চোৱা হয়, তেতিয়া আৰু সেইটো সম্ভৱ নহয়।”
উত্তৰঃ উদ্ধৃত কথাফাকি ‘সাহিত্য সৌভ’ৰ অন্তৰ্গত ড° হীৰেন গােহাঁইৰ দ্বাৰা ৰচিত ‘কে’ন্ত্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান’শীর্ষক পাঠটিৰ পৰা তুলি দিয়া হৈছে।

মানৱীয়জ্ঞান-বিজ্ঞানৰ উৎকর্ষ দেশ-বিদেশৰ জ্ঞান-বিজ্ঞানৰ বিনিময়ৰ যােগেদি যে সম্ভৱ সেয়া উক্ত কথাফাকি জৰিয়তে লিখকে বুজাব বিচাৰিছে। ইউৰােপীয় পণ্ডিতসকলে প্রাচ্য আৰু পাশ্চাত্যৰ সভ্যতাৰ মাজত কঠোৰ সীমাৰেখা নির্ধাৰণ কৰিছিল যদিও ইউৰােপৰ বিশ্ববিদ্যালয়বােৰত মেধা চৰ্চাৰ অনুপ্ৰেৰণা আহিছিল আৰব জগতৰ আৰ্হি আৰু প্ৰেৰণাৰ পৰা আৰবসকলে আকৌ গ্রীক আৰু ৰােমান সভ্যতাৰ পৰা মূলধন আহৰণ কৰি গণিত, তর্ক শাস্ত্র, ঈশ্বৰতত্ত্ব, দর্শন, চিকিৎসাবিদ্যা আদিত নতুন নতুন অৱদান যােগ দি জ্ঞানৰ ভঁৰাল চহকী কৰিছিল। অর্থাৎ বিভিন্ন সভ্যতাৰ মাজত জ্ঞানৰ যােগাযােগ হােৱা বাবে মধ্য যুগত জ্ঞান চর্চাৰ পথ সহজ হৈছিল। কিন্তু জ্ঞান যেতিয়া কোনাে এক দেশ বা সভ্যতাৰ নিজা সম্পত্তি হিচাপে চোৱা হয় তেতিয়া জ্ঞান-বিজ্ঞানৰ প্ৰচাৰ আৰু উন্নতি অসম্ভৱ হয়।

কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান প্রশ্ন-উত্তৰ

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া :
(ক) ড° হীৰেন গােহাঁইৰ এখন সাহিত্য সমালােচনামূলক গ্ৰন্থৰ নাম লিখা।
উত্তৰ : সাহিত্যৰ সত্য।

(খ) ড° হীৰেন গােহাঁইকোনখন কলেজৰ পৰা এম. এ. ডিগ্রী লাভ কৰে?
উত্তৰ : দিল্লী বিশ্ববিদ্যালয়ৰ পৰা।

(গ) প্রথমতে বিশ্ববিদ্যালয়বােৰক কি বােলা হৈছিল।
উত্তৰ : স্কুল।

(ঘ) চেইন্ট টমাছ আকুৱাইছে ৰচনা কৰা বিখ্যাত গ্রন্থখনৰ নাম কি?
উত্তৰ : ছুম্মা থিঅ’লজিকা।

(ঙ) কেম্ব্রিজ বিশ্ববিদ্যালয় কোন চনত স্থাপিত হৈছিল?,
উত্তৰ : ১২০৯ চনত।

(চ) ভাৰতত কেতিয়া প্রথম বিশ্ববিদ্যালয় স্থাপন হয়?
উত্তৰ : ১৮৫৭ চনত।

(ছ) নটৰর্ডাম’কি?
উত্তৰঃ নটৰর্ডাম’ হ’ল এবিধ স্থাপত্য কলা।

(জ) কোনখন গ্ৰন্থৰ বাবে ড° হীৰেন গােহাঁয়ে, সাহিত্য একাডেমীৰ বঁটা লাভ কৰে ?
উত্তৰ : ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰাগ্ৰন্থখনৰ বাবে হীৰেন গােহাঁয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে।

লগতে পঢ়ক:   ৰাৱণৰ বিভীষনৰ সজ উপদেশ Class 11 Assamese Lesson 10

(ঝ) কোনখন গৱেষণা গ্রন্থৰ জৰিয়তে ড° হীৰেন গোহাঁয়ে ডক্টৰেট ডিগ্রী লাভ কৰে?
উত্তৰ: Tradition and Paradise Lost নামৰ গ্ৰন্থখনৰ জৰিয়তে।

(ঞ) ড° হীৰেন গােহাঁইৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি ?
উত্তৰ : লন্ত লাগিজ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top