Home » দ্বাদশ শ্ৰেণীৰ শিক্ষা » স্মৃতি আৰু বিস্মৃতি Class XII (প্রশ্নোত্তৰ) শিক্ষা অধ্যায় 5

স্মৃতি আৰু বিস্মৃতি Class XII (প্রশ্নোত্তৰ) শিক্ষা অধ্যায় 5

বিষয় শিক্ষা 2nd Year
পাঠৰ নামস্মৃতি আৰু বিস্মৃতি (ক)
শ্ৰেণী দ্বাদশ শ্ৰেণী
উপলব্ধপ্ৰশ্নৰ উত্তৰ
পাঠৰ নংঅধ্যায় 5
পাঠ্যক্ৰম অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

স্মৃতি আৰু বিস্মৃতি Class XII

(পাঠটোৰ পৰা ২০১৫ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ এজন ব্যক্তিয়ে বহুদিন লগ নােপােৱা এজন বন্ধুক চিনাক্ত কৰিছে। তেওঁ এই কামটো প্রত্যাভিজ্ঞাৰ সহায়ত কৰিছে।

প্রঃ স্মৰণৰ যি কোনাে দুটা সঞ্চয়ী পদ্ধতি চমুকৈ বর্ণনা কৰা।
উ : স্মৰণৰ দুটা সঞ্চয়ী পদ্ধতি হ’ল—
(১) যুক্তিপূর্ণ বা অর্থ পূর্ণশিক্ষণ পদ্ধতি: কোনাে কথা শিকিবলৈ যাওঁতে সেই বিষয়টোৰ অৰ্থ আৰু গভীৰতা ভালদৰে বুজি তাক মনত ৰাখিবলৈ চেষ্টা কৰিলেই সেই কথা বহুত দিনলৈ আমি সংৰক্ষণ কৰিব পাৰে। সেয়েহে শ্রেণীত শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠৰ বিষয় বস্তুৰ অৰ্থ ছাত্র-ছাত্রীৰ আগত ফহিয়াই দেখুৱাব লাগে।

Winter Sale

(২) অখণ্ড আৰু খণ্ড পদ্ধতি : অখণ্ড বা সমগ্র পদ্ধতিৰে শিকিবলৈ হ’লে শিক্ষণীয় বিষয়বস্তুৰ সামগ্রিক হিচাপে লৈ তাক আয়ত্ব কৰিবলৈ চেষ্টা কৰা হয়। উদাহৰণস্বৰূপে –এটা কবিতা এই পদ্ধতিৰে মুখস্থ কৰিবলৈ হ’লে প্রথম শাৰীৰ পৰা শেষৰ শাৰীলৈ মুখস্থ কৰিব লাগিব। দ্বিতীয় পদ্ধতি অনুসৰি গােটেই কবিতাটো কেইটামান অংশত ভাগ কৰি লৈ এটা এটা ভাগত মুখস্থ কৰিবলৈ যত্ন কৰা হয়। সময় আৰু পৰিস্থিতি অনুযায়ী দুয়ােবিধ পদ্ধতিয়ে সুফল দিয়া দেখা যায়।

প্রঃ স্মৃতি প্রক্রিয়াৰ লগত জড়িত চাৰিটা পর্যায় বা স্তৰৰ বিষয়ে লিখা। (F-2020) নাইবা স্মৃতি বা স্মৰণ প্রক্রিয়া কি? স্মৃতিৰ উপাদানসমূহ চমুকৈ আলােচনা কৰা। ( F-2018)
উঃ স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ পুনৰুদ্ধাৰ কাৰ্য। বিভিন্ন সময়ত বিভিন্ন মনােবিজ্ঞানীয়ে স্মৃতি সম্বন্ধে নিজৰ নিজৰ মতামত দাঙি ধৰিছে। মেকডুগলে স্মৃতিৰ সংজ্ঞা এইদৰে দিছে—“অতি সীমিত বা সংকীর্ণ অর্থত স্মৃতি বা স্মৰণ ক্রিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা।”

ৰাই বাৰ্ণৰ মতে, “অভিজ্ঞতা সঞ্চয়ণৰ আৰু অভিজ্ঞতা লাভৰ কিছু সময়ৰ বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা যি ক্ষমতা তাকেই স্মৃতি বুলি, কোৱা হয়।” জেমচ এচ ৰ’চৰ মতে, “স্মৃতি হৈছে পূর্ব অভিজ্ঞতাৰ প্রৱণতাৰ দ্বাৰা নিৰ্ধাৰিত এক নতুন অভিজ্ঞতা।

স্মৃতিৰ উপাদানসমূহ হ’ল—

(১) শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ : শিক্ষণ স্মৃতি লাভৰ ক্ষেত্ৰত সবাতােকৈ প্রয়ােজনীয় আৰু প্রথম পর্যায়। এই প্রাথমিক স্তৰত ব্যক্তিয়ে পঞ্চেন্দ্ৰিয়ৰ সহায়েৰে পৰিৱেশ বা চাৰিওফালৰ পৰিস্থিতিৰ পৰা বিভিন্ন জ্ঞান-অভিজ্ঞতা আহৰণ কৰে। শিক্ষণ অভিজ্ঞতা অবিহনে মানুহৰ মন উকা কাগজৰ দৰে। গতিকে স্মৃতি পাবলৈ সংবেদন আৰু সংবােধনৰ জৰিয়তে অভিজ্ঞতা লাভ অতিশয় প্রয়ােজনীয় কিয়নাে ইয়াৰ অবিহনে স্মৃতি লাভ অসম্ভৱ।

(২) সংৰক্ষণ: স্মৃতি প্রক্রিয়াত অন্তর্নিহিত দ্বিতীয় প্রয়ােজনীয় পর্যায়টো হৈছে লাভ কৰা শিক্ষণ আৰু অভিজ্ঞতাৰে প্রতিৰূপসমূহ মনত সঞ্চয় কৰি ৰখা। আমি জীৱনত বিভিন্ন বিষয়ৰ শিক্ষা লাভ কৰিয়েই ক্ষান্ত নাথাকে। সেই অভিজ্ঞতা আৰু শিক্ষা মনৰ মাজত সংৰক্ষণ কৰি ৰাখাে৷ যিকোনাে বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয়, তেনেহলে সি সহজে পাহৰণিৰ গৰ্ভত লীন যাব। গতিকে মনৰ এই সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি লাভ সম্ভৱ নহয়।

(৩) পুনঃস্মৰণ : সংৰক্ষিত অতীত অভিজ্ঞতাক চেতন‌‌ মনত প্রয়ােজন অনুযায়ী পুনৰুদ্ধাৰ কৰাকেই পুনঃস্মৰণ বুলি কোৱা হয়। অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱর্তন নােহােৱাকৈ অর্থাৎ হুবহু পুনঃস্মৰণ কৰিবলৈ মনে যত্ন কৰে ।গতিকে পুনঃস্মৰণ অতীত অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ ক্রিয়া বুল ক’ব পাৰি ।

(৪) প্রত্যাভিজ্ঞা: অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ’লেই স্মৰণকার্য সম্পূর্ণ হ’ল বুলি ধৰিব নােৱাৰি। সেই অভিজ্ঞতাৰ প্রতিৰূপবিলাক আমি পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্ত কৰণেই হ’ল প্রত্যাভিজ্ঞা। এই কার্য স্মৰণ কার্যতকৈ সহজ আৰু চমু।

স্মৃতি আৰু বিস্মৃতি Class XII

(পাঠটোৰ পৰা ২০১৬ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ সাঁতােৰা অভ্যাস স্মৃতিৰ বাবে সম্ভৱ হয়।

প্ৰ: নীতাই তাইৰ কিতাপৰ পৰা প্ৰথম কবিতা এটা শিকিলে। কিন্তু দ্বিতীয় কবিতাটো শিকাৰ পিছত তাই প্রথম কবিতাটো পাহৰি গ’ল। মনােবৈজ্ঞানিক যুক্তি প্রদান কৰা।
উঃ আমি যেতিয়া এটা পাঠ শিকাৰ পাছতেই আন এটা পাঠ‌ শিকিবলৈ যাওঁ তেতিয়া প্রথম পাঠটোৰ বহু কথা পাহৰি যাওঁ। ইয়াকে পশ্চাৎমুখী প্রতিৰােধ বােলা হয়। নীতাই এই পশ্চাৎমুখী প্রতিৰােধৰ বাবে দ্বিতীয় কবিতাটো শিকাৰ পিছত প্রথম কবিতাটো পাহৰি গ’ল। অর্থাৎ স্মৃতিটো বিস্মৃতিলৈ পৰিণত হ’ল।

প্র : স্মৃতিত সৃজনশীলতাৰ কোনাে স্থান নাই।” ব্যাখ্যা কৰা ।
উ : অতীত অভিজ্ঞতাক অবিকল পুনৰুদ্রেক কৰাৰ যি মানসিক শক্তি তাকে স্মৃতিশক্তি বােলে। কোনাে বস্তুৰ স্মৃতি লাভ কৰিবলৈ হ’লে প্ৰথমতে শিক্ষা লাভ, তাৰ পিছত সংৰক্ষণ আৰু পিছত তাক পুনঃস্মৰণ কৰিব লাগে। সেয়েহে স্মৃতি প্রক্রিয়াত এই তিনিটা বিশেষ উপাদান থাকে। সেয়েহে ব্যক্তিয়ে কোনাে নতুনকৈ সৃষ্টি কৰাৰ কথা ইয়াত নাহে। অর্থাৎ স্মৃতি শক্তি কোনাে সৃষ্টিশীলতাৰ ঠাই নাই।

প্ৰঃ বিস্মৃতি মানে কি ? ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা। (F-2020)
উ: অভিজ্ঞতাক মনত স্মৰণ কৰাৰ অক্ষমতাই হৈছে বিস্মৃতি বা পাহৰণি । অর্থাৎ বিস্মৃতি হ’ল স্মৃতিৰ বিপৰীতধর্মী গুণ। বিস্মৃতি কেৱল স্মৃতি লাভৰ বাবে নহয়, মানুহৰ মানসিক স্বাস্থ্য অটুট ৰাখিবলৈও ইয়াৰ প্ৰয়ােজন। মনােবৈজ্ঞানিক সকলৰ মতে বিস্মৃতি হ’ল স্মৃতিৰ সহায়ক আৰু স্মৃতিশক্তি হ’ল বিস্মৃতিৰ ওপৰত নিৰ্ভৰশীল।বিস্মৃতিৰ বৈশিষ্ট্যসমূহ হ’ল–

(১) বিস্মৃতি এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলা সম্ভৱ নহয়। মনত সঞ্চিত প্রতিৰূপসমূহৰ পুনঃস্মৰণৰ অসামর্থতাই হৈছে বিস্মৃতি।

(২) বিস্মৃতি এক স্বাভাৱিক প্রক্রিয়া আৰু ই মনক স্বাভাৱিক অৱস্থাত ৰাখে বাবে ইয়াক মনৰ প্ৰতিৰক্ষা বােলা হয়।

(৩) বিস্মৃতি অনাৱশ্যক নহয়। কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেইবােৰৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণৰ ক্ষেত্ৰত পৰােক্ষভাৱে যথেষ্ট সহায় কৰে।

(৪) শিক্ষণক বহু সময়ত যুক্তিযুক্ত পাহৰণি কার্য বুলি কোৱা হয়। কিয়নাে ই মনৰ পৰা অপ্রয়ােজনীয় আৰু অপ্রাসংগিক প্রতিৰূপসমূহ দূৰ কৰি নতুন প্রতিৰূপ সংৰক্ষণত সহায় কৰে।

(৫) শিক্ষণ বা অভিজ্ঞতা লাভৰ প্রথম কেইঘণ্টামান সময়ৰ ভিতৰত ইয়াৰ প্রকোপ বেছি হয় আৰু সময় পাৰ হােৱাৰ লগে লগে কমি আহে।

(পাঠটোৰ পৰা ২০১৭ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ স্মৰণতকৈ প্ৰত্যাভিজ্ঞা কিয় সহজ? (F-2014)
উ : প্রত্যাভিজ্ঞাৰ ক্ষেত্ৰত শিক্ষণৰ বিষয়বস্তু আমাৰ চকুৰ সন্মুখত থাকে। সেইবাবে স্মৰণতকৈ প্ৰত্যাভিজ্ঞা সহজ।

প্রঃ প্রকৃত স্মৃতি আৰু অভ্যাস স্মৃতিৰ মাজত পার্থক্য দেখুওৱা।
উ : প্রকৃত স্মৃতি সম্পূর্ণভাৱে মনত সঞ্চিত স্মৃতি। এইবিধ স্মৃতি লাভৰ বাবে অতীত অভিজ্ঞতা বা শিক্ষণৰ প্ৰতিৰূপসমূহ মনত সঞ্চিত হােৱা প্রয়ােজন। এই স্মৃতি লাভ কৰিবলৈ এজন মানুহৰ বিভিন্ন মানসিক গুণ যেনে উচ্চখাপৰ বুদ্ধি, শৃজনাত্মক ক্ষমতা, কল্পনা শক্তিৰ অতি প্রয়ােজন।‌যিকোনাে ক্ৰিয়াৰ যান্ত্রিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত লাভ কৰা হয় বাবে ইয়াক অভ্যাস স্মৃতি বােলা হয়।‌ অর্থাৎ কোনাে শিক্ষণীয় বস্তু বাৰে বাৰে অনুশীলন কৰাৰ মূৰত যেতিয়া সি অভ্যাসত পৰিণত হয় তেতিয়া সেই বস্তুটো স্মৰণ কৰাকে অভ্যাস স্মৃতি বােলে। প্রকৃত স্মৃতিৰ দৰে অভ্যাস স্মৃতিত কোনাে উচ্চমান বিশিষ্ট বৌদ্ধিক ক্ষমতাৰ প্ৰয়ােজন নাই। অভ্যাস স্মৃতিৰ তুলনাত প্রকৃত স্মৃতি স্থায়ী।

প্রঃ’ স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়ােজন ‘–কাৰণ দৰ্শোৱা। (F-2019) নাইবা

বিস্মৃতি এক আশীর্বাদ’– এই কথাষাৰ ব্যাখ্যা কৰা। (F-2014)
উ : বিস্মৃতিক এক আশীর্বাদ বুলি কোৱা হয়। কিছুমান ক্ষেত্ৰত বিস্মৃতি আমাৰ বাবে অনিষ্টকাৰী যদিও বহু ক্ষেত্ৰত ই আশীর্বাদ হৈ পৰে। বিস্মৃতি ভাল মানসিক স্বাস্থ্যৰ বাবে প্রয়ােজন। বিস্মৃতিয়ে পুৰণি পুৰণি, অপ্রয়ােজনীয় প্রতিৰূপসমূহ অচেতন মনৰ গভীৰ স্থলীলৈ ঠেলি পঠিওৱাৰ ফলস্বৰূপে সচেতন মনে নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমর্থ হয়। সেয়েহে বিস্মৃতি স্মৃতিৰ বাবেই প্রয়ােজনীয় বুলি কোৱা হয়। বিস্মৃতিয়ে ব্যক্তিজীৱনৰ কৰুণ আৰু অশান্তিকৰ ঘটনাবােৰ পাহৰাই ৰাখি এক স্বাভাৱিক জীৱন যাপন‌ কৰাত সহায় কৰে।

(পাঠটোৰ পৰা ২০১৮ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধনে? তােমাৰ উত্তৰৰ সমৰ্থনত যুক্তি আগবঢ়োৱা।
উ :স্মৃতি সদায় অতীতমুখী বুলি কোৱা কথাটো শুদ্ধ। কাৰণ অতীতত নিশিকাকৈ কোনাে বিষয়ৰ শিক্ষণ সম্ভৱ নহয়।

প্রঃ পশ্চাৎমুখী প্ৰতিৰােধ আৰু পূর্বমুখী প্রতিৰোধৰ পার্থক্য লিখা।
উ : ‘পশ্চাৎমুখী প্রতিৰোধ আৰু পূর্বমুখী প্রতিৰােধৰ পার্থক্য হ’ল- কোনাে এটা বিষয় শিকাৰ পিছত সময়ৰ অলপাে ব্যৱধান নৰখাকৈ লগে লগে আন এটা পৃথক আৰু সম্বন্ধহীন বিষয় শিকা হ’লে প্রথমে শিকা বিষয়ৰ স্মৃতিৰক্ষাত প্রতিৰোধ বা প্রতিবন্ধকতা স্বৰূপে কাম কৰে। ইয়াক পশ্চাৎমুখী প্রতিৰোধ বুলি জনা যায়। এনেক্ষেত্ৰত দ্বিতীয়বিধে প্রথম শিক্ষণৰ স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰে।

আনহাতে, কোনাে এটা বিষয় শিকাৰ পিছত সময়ৰ ব্যৱধান নৰখাকৈ লগে লগে আন এটা পৃথক আৰু সম্বন্ধহীন বিষয় শিকা হ’লে সি দ্বিতীয়তে শিকা বিষয়ৰ স্মৃতিৰক্ষাত প্রতিৰোধ হিচাপে কাম কৰে। ইয়াক পূর্বমুখী প্রতিৰোধ বােলে। এনেক্ষত্ৰত প্রথমবিধে দ্বিতীয়বিধ শিক্ষণৰ স্মৃতি ৰক্ষাত বাধাৰ সৃষ্টি কৰে।

প্রঃ বিস্মৃতিৰ চাৰিটা মানসিক কাৰণ বর্ণনা কৰা।
উ : বিস্মৃতিৰ চাৰিটা মানসিক কাৰণ হ’ল—
(১) আগ্রহবিহীন শিক্ষণ: আগ্রহৰ অভাৱ বিস্মৃতিৰ এক প্রধান কাৰণ। শিক্ষণ অভিজ্ঞতা যদি আগ্রহ সহকাৰেগ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সােনকালে ‘হেৰাই যায়। গতিকে মনােবিদসকলৰ মতে আগ্রহবিহীনভাৱে আয়ত্ব কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী।

(২) দমন কার্য : আমাৰ মনৰ এক দমন অৱদমনৰ ক্ষমতা আছে। এইবিধ এক জটিল মানসিক ক্রিয়া। যাৰ দ্বাৰা জীৱনৰ অসম্পূর্ণ কামান-বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি, অচেতন মনক দমন কৰি ৰাখে।

(৩) আবেগিক আলােড়ন: আবেগসমূহ প্রবৃত্তিৰ লগত জন্মলব্ধ। সকলে ব্যক্তিয়েই বিভিন্ন আবেগ যেনে মৰম- ভালপােৱা, ভয়, ক্রোধ, ঈর্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে প্ৰভাৱিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আবেগিক আলােড়নত ভুগিব পাৰে। ইয়ে বিস্মৃতিত সহায় কৰে।

(8) শিক্ষণৰ সমাপ্তিকৰণ: শিক্ষণ এবিধ সক্রিয় মানসিক‌ ক্রিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ দৰে স্মৃতিও জড়িত। যেতিয়ালৈকে কোনাে এটা বিষয় শিক্ষণৰ লাভ কৰি থকা হয়, তেতিয়ালৈকে স্মৃতিও সক্রিয়া হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হােৱাৰ পাছত বিস্মৃতি আৰম্ভ হ’বলৈ ধৰে।

প্রঃ ভাল স্মৃতিৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা। (F-2014/16)
উ :ভাল বা উত্তম স্মৃতিৰ চাৰিটা বৈশিষ্ট্য হৈছে–

(১) অলপ আয়াসতে কোনাে কথা শিকা আৰু মনত ৰখাৰ ক্ষমতাঃ যিবিলাক ল’ৰা-ছােৱালীৰ স্মৃতি প্রখৰ সিহঁতে অতি কম সময়তে কোনাে কথা শিকিব আৰু মনত ৰাখিব পাৰে।
(২) দীর্ঘকাল অভিজ্ঞতা সংৰক্ষণৰ ক্ষমতাঃ অভিজ্ঞতা বিলাক বহুদিনলৈ মনত ধৰি ৰখাৰ ক্ষমতাও হল উত্তম স্মৃতিৰ লক্ষণ।
(৩) দ্রুত উদ্রেকঃ শিক্ষা গ্রহণ দ্রুত আৰু সহজ কৰাৰ ক্ষমতাইয়াে প্রখৰ স্মৃতিৰ কথা সূচায়। পূর্বে শিকা কোনাে কথা প্রয়ােজন হ’লেই অতি সােনকালে স্মৰণ কৰিব পৰাটো উত্তম স্মৃতিৰ চিন।
(৪) সঠিক পুনঃ স্মৰণ : অতীত অভিজ্ঞতাক দ্রুত পুনঃস্মৰণ কৰিব পৰাটো ভাল স্মৃতিৰ লক্ষণ হিচাপে ধৰা হয় যদিও এই পুনঃস্মৰণ সঠিক হয় নে নহয় সেই কথা বিচাৰ কৰা যুগুত। যি ছাত্ৰৰ স্মৃতি অতি প্ৰখৰ সিহঁতে অতি সঠিককভাৱে পূর্ব স্মৃতি সুৱৰিব পাৰে, কিন্তু ক্ষীণ স্মৃতি সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে এই ক্ষেত্ৰত ব্যর্থ হয়।

স্মৃতি আৰু বিস্মৃতি Class XII

(পাঠটোৰ পৰা ২০১৯ বৰ্ষত অহা প্ৰশ্নসমূহ)

কোন প্রকাৰৰ স্মৃতি লিখা—
(ক) পিয়ানাে বজাওঁতে।
উঃ অভ্যাস স্মৃতি।
(খ) শ্ৰুতলিপি লিখোঁতে।
উ : তৎকালীন স্মৃতি।
(গ) পিনৰ খোঁচ অনুভৱ কৰোঁতে।
উঃ সংবেদনাত্মক স্মৃতি।

(পাঠটোৰ পৰা ২০২০ বৰ্ষত অহা প্ৰশ্নসমূহ)

প্রঃ বিস্মৃতিৰ চাৰিটা শাৰীৰিক বা দৈহিক কাৰণ লিখা।
উ : বিস্মৃতিৰ চাৰিটা শাৰীৰিক কাৰণ হ’ল—(১) বৃদ্ধাৱস্থা (২) মগজুৰ আঘাট (৩) শাৰীৰিক ক্লান্তি বা ভাগৰ (৪) ৰাগিয়াল দ্রব্য।

প্র : ভাল স্মৃতিৰ দুটা লক্ষণ লিখা।
উঃ ভাল স্মৃতিৰ লক্ষণ দুটা হল—১) দ্রুত আৰু সহজভাৱে শিক্ষাগ্রহণৰ ক্ষমতা আৰু (২) দীর্ঘ সংৰক্ষণ।

প্র: যুক্তিপূর্ণ বা যৌক্তিক স্মৃতি আৰু মুখস্থ স্মৃতি কি?
উঃ যি কোনাে বিষয়বস্তু ভালদৰে শিকি, হৃদয়ংগম কৰি যি স্মৃতি লাভ কৰা হয় তাকে ‘যুক্তিপূর্ণ স্মৃতি’ বােলে। উদাহৰণস্বৰূপে শিক্ষার্থীসকলে গণিতৰ সমস্যা সমাধান কৰােতে, কম্পিউটাৰ শিকোতে বা বিজ্ঞানাগাৰত নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষা চলাওঁতে এইবিধ স্মৃতিৰ প্ৰয়ােগ কৰে। আনহাতে, কোনাে বিষয়বস্তু বুজি মনত ৰখাৰ বিপৰীতে কেৱল মুখস্থৰ ওপৰত নিৰ্ভৰ কৰি যি স্মৃতি লাভ কৰা হয় তাকেই মুখস্থ স্মৃতি বুলি কোৱা হয়। মুখস্থ স্মৃতি যুক্তিপূর্ণ স্মৃতিৰ বিপৰীতধর্মী। ইয়াত কেৱল মৌখিকভাৱে পুনৰাবৃত্তি কৰি কোনাে শিক্ষণ বা অভিজ্ঞতৰ ছাপ মনত ৰাখি তাৰ স্মৃতি পাবলৈ যত্ন কৰা হয়। এনেদৰে মৌখিক পুনৰাবৃত্তিৰ ওপৰত নিৰ্ভৰশীল বাবে এই স্মৃতিক ‘মৌখিক বা মুখস্থ স্মৃতি’ বােলা হয়।

Class 12 Education Chapter 5 Assamese

প্র : তলৰ পৰিস্থিতিসমূহত কোন প্ৰকাৰৰ স্মৃতি ক্রিয়াশীল লিখা। (F-2013)
(ক) টেলিফোন ডায়েৰীৰ পৰা এটা টেলিফোন নম্বৰ ব্যৱহাৰ কৰােতে।
উ : তাৎক্ষণিক স্মৃতি।
(খ) অতীত ঘটনা এটা বর্ণনা কৰােতে। উ : প্রকৃত স্মৃতি।
(গ) ১৫ আগষ্ট দিনা মহাত্মা গান্ধীলৈ মনত পৰােতে।
উঃ অনুষংগমূলক স্মৃতি।

খালী ঠাই পূৰণ কৰাঃ
(ক) অতীত অভিজ্ঞতাক চেতন মনৰ প্ৰতিৰূপ সহায়ত পুনৰুত্থাপিত কৰাৰ মানসিক প্রক্রিয়াক স্মৃতি বােলে। (F-2012)
(খ) স্মৃতিৰ তিনিটা ভিন্ন তথা পৰস্পৰ সম্বন্ধযুক্ত উপাদান আছে। এই কেইটা হ’ল শিক্ষণ, সংৰক্ষণ আৰু প্রত্যভিজ্ঞা
(গ) সময়ৰ ব্যৱধান হৈছে বিস্মৃতিৰ কাৰণ।
(ঘ) বাৰ্গচনৰ মতে স্মৃতি দুবিধ, এবিধ হ’ল যথার্থ স্মৃতি আৰু আনবিধ অভ্যাস স্মৃতি।
(ঙ) স্মৃতিৰ ক্ষেত্ৰত অচেতন মনৰ গুৰুত্বপূর্ণ ভূমিকা আছে।
(চ) স্মৃতিৰ বাবে পুনৰাবৃত্তিৰ প্রয়ােজন।
(ছ) স্মৃতি লাভৰ ব্যর্থতাই হৈছে বিস্মৃতি

প্রঃ এটা মানসিক প্রক্রিয়াৰ নাম লিখা যিটো অতীতৰ অভিজ্ঞতাৰ সহায়ত সৃষ্টি হয় ?

উঃ স্মৃতি।

প্র: প্রত্যাভিজ্ঞা কি?
উ : অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ’লেই স্মৰণকার্য সম্পূর্ণ হ’ল বুলি ধৰিব নােৱাৰি। সেই অভিজ্ঞতাৰ প্ৰতিৰূপবিলাকক আমি পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হল প্রত্যাভিজ্ঞা।

প্রঃ স্মৃতিৰ চাৰিটা বৈশিষ্ট্য লিখা।
ড’: স্মৃতিৰ চাৰিটা বৈশিষ্ট্য হল- (১) ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰ প্রয়ােজন। (২) সুস্থ মানসিক স্বাস্থ্যৰ আৱশ্যকতা। (৩) অচেতন মনৰ ভূমিকা (৪) পুনৰাবৃত্তিৰ প্রয়ােজন।

প্রঃ স্মৃতিৰ কেইটামান ভাগৰ নাম লিখা।
উ : স্মৃতিৰ কেইটামান ভাগৰ নাম হ’ল—(১) প্রতিৰূপ স্মৃতি (২) অভ্যাস স্মৃতি (৩) দীর্ঘকালীন স্মৃতি (৪) তৎকালীন স্মৃতি (৫) যুক্তিপূর্ণ স্মৃতি (৬) মুখস্থ স্মৃতি (৭) অনুসংগমূলক স্মৃতি।

প্র : দুখদায়ক অভিজ্ঞতাসমূহক সজ্ঞান মনৰ পৰা অচেতন মনলৈ পঠাই দিয়া প্রক্রিয়াটোক কি বােলে?
উঃ অৱদমন।

প্র : “ বিস্মৃতি স্মৰণৰ এক চর্ত”- ব্যাখ্যা কৰা। (F-2012)
উ : বিস্মৃতি স্মৃতিকাৰ্যৰ বাবে অতি লাগতিয়াল। কাৰণ ব্যক্তিৰ মনত অতীত অভিজ্ঞতা সংৰক্ষণৰ সাধাৰণতে এক সীমাবদ্ধতা থাকে। সেইবাবে বিখ্যাত মনেবিশ্লেষক ফ্রয়েদে বিস্মৃতিক ভাল মানসিক স্বাস্থ্যৰ বাবে অতি প্রয়ােজনীয় বুলি মত প্রকাশ কৰিছে। তেখেতৰ মতে বিস্মৃতি মনৰ এক প্ৰতিৰক্ষা কবছ সদৃশ। ব্যক্তিক জীৱনৰ কৰুণ আৰু অশান্তিকৰ ঘটনাবােৰ পাহৰাই ৰাখি এক স্বাভাৱিক জীৱন যাপন কৰাত সহায় কৰে। গতিকে স্মৃতিৰ দৰে বিস্মৃতিও সকলােৰে বাবে প্রয়ােজনীয়। দৈনন্দিন জীৱনৰ অভিজ্ঞতাবােৰৰ অনাৱশ্যকীয় আৰু আমনিদায়ক অংশ বিস্মৃতিৰ যােগে চেতন মনৰ পৰা আঁতৰ কৰা হয়। ইয়াৰ ফলত নতুন অভিজ্ঞতাই মনত ঠাই পায়। সকলাে পুৰণি অভিজ্ঞতাই ব্যক্তিৰ মনত জুমুৰি দি ধৰিলে বাস্তৱ সমস্যাসমূহ চিন্তা-চৰ্চা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হ’ব পাৰে। গতিকে এই দৃষ্টিৰ পৰা মনােবিজ্ঞানীসকলে কৈছে যে বিস্মৃতি স্মৃতিৰ এক চর্ত।

প্রঃ স্মৰণ আৰু প্ৰত্যাভিজ্ঞাৰ মাজত পার্থক্য দেখুওৱা। (F-2012)
উ : অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ হ’লেই স্মৰণকার্য সম্পূর্ণ হ’ল বুলি ধৰিব নােৱাৰি। সেই অভিজ্ঞতাৰ প্রতিৰূপবিলাক আমি পূর্ব অভিজ্ঞতাৰ প্ৰতিৰূপ বুলি চিনাক্ত কৰিব পাৰিব লাগিব। এই চিনাক্তকৰণেই হ’ল প্রত্যাজ্ঞিতা। এই কার্য স্মৰণ কার্যতকৈ সহজ আৰু চমু। ব্যক্তিৰ পূর্ব প্রতিৰূপ সংৰক্ষণ ক্ষমতাৰ ওপৰত ই একান্ত নিৰ্ভৰশীল নহয়। অতীতত শিকা কোনাে কথা মস্তিষ্কই সংৰক্ষণ কৰাৰ পাছত তাক স্মৰণ কৰাই হ’ল পুনঃস্মৰণ। ই এক কঠিন আৰু উচ্চ পর্যায়ৰ স্মৃতি-ক্রিয়া। এইবিধ স্মৃতিত বৰ্তমানৰ ইন্দ্রিয় অভিজ্ঞতাৰ কোনাে সহায় নাথাকে। ব্যক্তিৰ পূর্ব অভিজ্ঞতাৰ সাঁচ মনত যিমানে গধুৰ হয় পুনঃস্মৰণ কৰাত সি সিমানেই সহজ হয়।

স্মৃতি আৰু বিস্মৃতি Class XII Question Answe

প্র : ‘ পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত—ব্যাখ্যা (F-2013)
উঃ পুনৰাবৃত্তিয়ে স্মৃতিত যথেষ্ট সহায় কৰে। মানুহে কোনাে এটা কাম যিমান বাৰ পুনৰাবৃত্তি কৰে সেই কাম সিমানেই মনত গাঢ় হয়। অর্থাৎ যিকোনাে শিক্ষণ বা অভিজ্ঞতা পুনঃ পুনৰ কৰিলে সেইকাম বা শিক্ষা মনৰ পৰা আঁতৰি নাযায় সি স্মৰণত ৰৈ যায় । স্মৰণত কোনাে কার্য ৰৈ যােৱা নােযােৱা নিৰ্ভৰ কৰে সেই কাম মানুহজনে কিমানবাৰ কৰিছে তাৰ ওপৰত। যিকোনাে শিক্ষণ বা অভিজ্ঞতা লাভৰ পাছত যদি পুনৰাবৃত্তি কৰা নহয়, তেনেহ’লে সেই শিক্ষণ পাহৰণিত পৰিণত হয়। সেয়েহে পুনৰাবৃত্তি স্মৰণ কাৰ্যৰ এক আৱশ্যক চর্ত।

প্ৰ : স্মৃতিৰ পৰিসৰ কি? (F-2014)
উঃ ব্যক্তিয়ে একে সময়তে প্রদান কৰা স্মৰণীয় উপাদানসমূহৰ ভিতৰত কিমান সংখ্যক বস্তু মনত ৰাখিব পাৰে এই সম্বন্ধে মনােবিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰিছিল। ইয়াৰ দ্বাৰা প্রমাণিত হয় যে মানুহে এবাৰকৈ দেখা বা শুনা বস্তু মনত ৰাখিব পৰা এক নির্দিষ্ট ক্ষমতা আছে। ব্যক্তি বিশেষে থকা স্মৃতিৰ এনে সীমাবদ্ধ ক্ষমতকেই স্মৃতি পৰিসৰ বােলা হয়।

প্র : বিস্মৃতিৰ চাৰিটা ব্যক্তিনিষ্ঠ কাৰণ সম্পর্কে আলােচনা কৰা। (F-2016/14)
উ : (১) আগ্রহবিহীন শিক্ষণ: শিক্ষণ অভিজ্ঞতা যদি আগ্রহ সহকাৰে গ্ৰহণ কৰা নহয় তেতিয়া সেইসমূহৰ চাপ মনৰ পৰা সােনকালে হেৰাই যায়। গতিকে মনােবিদসকলৰ মতে আগ্রহবিহীন ভাৱে আয়ত্ব কৰা শিক্ষণ অভিজ্ঞতা ক্ষণস্থায়ী।

(২) দমন কার্যঃ আমাৰ মনত একদমন অৱদমনৰ ক্ষমতা আছে। ই এক জটিল মানসিক ক্রিয়া, যাৰদ্বাৰা জীৱনৰ অসম্পূর্ণ কামনা-বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞত আদি মনে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখে।

(৩) আবেগিক আলােড়ন : আবেগসমূহ প্রবৃত্তিৰ লগত জন্মলব্ধ। সকলো ব্যক্তিয়েই বিভিন্ন আবেগ, যেনে মৰম- ভালপােৱা, ভয়, ক্রোধ, ঈর্ষা, হিংসা আদিৰ দ্বাৰা সময়ে সময়ে।‌‌ প্ৰভাৱিত হয়। কেতিয়াবা কিবা বিশেষ কাৰণ বা বিৰূপ পৰিস্থিতিৰ বাবে ব্যক্তিয়ে আবেগিক আলােড়নত ভুগিব পাৰে। এনে আবেগিক আলােড়নে বিস্মৃতিত সহায় কৰে।

(৪) শিক্ষণৰ সমাপ্তিকৰণ : শিক্ষণ এবিধ সক্রিয় মানসিক ক্রিয়া। ইয়াৰ লগত আন আন মানসিক গুণৰ দৰে স্মৃতিও জড়িত। যেতিয়ালৈকে কোনাে এটা বিষয় শিক্ষণ লাভ কৰি থকা হয়, তেতিয়ালৈকে স্মৃতিও সক্রিয় হৈ থাকে। কিন্তু বিষয়টোৰ শিক্ষণ সমাপ্ত হােৱাৰ পাছত বিস্মৃতি আৰম্ভ হ’বলৈ ধৰে।

1 thought on “স্মৃতি আৰু বিস্মৃতি Class XII (প্রশ্নোত্তৰ) শিক্ষা অধ্যায় 5”

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam