ৰাষ্ট্ৰীয় মেধা বৃত্তি পৰীক্ষা 2021-22 – NMMS Scholarship Assam

ৰাষ্ট্ৰীয় মেধা বৃত্তি পৰীক্ষা

ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰনালয়ৰ (MHRD) অধীনৰ National Means Cum-Merit Scholarship Examination 2021-22 বাচনি পৰীক্ষাৰ বাবে আবেদন বিচৰা হৈছে ৷ এই বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্ধীয়ে বছৰি ১২,০০০/- (বাৰ হাজাৰ) টকাকৈ জলপানি ধন চাৰি বছৰৰ বাবে লাভ কৰিব। এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰনালয়ে জাৰি কৰা নীতি-নিৰ্দেশনা সমুহৰ পৰিপূৰক হব লাগিব আৰু উত্তীৰ্ণ হোবা শিক্ষাৰ্থী সকলে নিজৰ নাম যাবতীয় নথি-পত্ৰেৰে অনলৰ জৰিয়তে যথা সময়ত পঞ্জীয়নৰ লগতে আবেদন কৰিব লাগিব।

বৃত্তি পৰীক্ষা আবেদনৰ বাবে নিয়মাৱলীঃ
⇒ ছাত্ৰ-ছাত্ৰী অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকা হব লাগিব। (NMMS Level)

⇒ ছাত্ৰ-ছাত্ৰী দশম শ্ৰেণীত অধ্যয়ন কৰি থকা হব লাগিব। (NTS Level)
⇒ ছাত্ৰ-ছাত্ৰী অসম চৰকাৰৰ অধীনৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত অধ্যয়ন কৰি থকা হ’ব লাগিব।
⇒ ব্যক্তিগত বিদ্যালয়ৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বুদ্ধি বিকাশৰ বাবে এই পৰীক্ষাত অবতীৰ্ণ হবও পাৰে৷ কিন্ত তেনে ছাত্ৰ-ছাত্ৰীক জলপানিৰ বাবে বিবেচিত কৰা নহব।

বৃত্তি পৰীক্ষা আবেদনৰ বাবে কি প্ৰয়োজনীয়ঃ
⇒ পাচপোট ফটো আৰু স্বাক্ষৰৰ স্কেন কপি।
⇒ অনুসূচীত জাতি, জনজাতি, অন্যান পিছ পৰা আৰু অন্য ভাবে সক্ষম ছাত্ৰ-ছাত্ৰীসকলকৰ প্ৰমানপত্ৰৰ স্কেন কপি।

বৃত্তি পৰীক্ষা পৰীক্ষাৰ সবিশেষ

⇒ Multiple Choice Question (MCQ) আৰু OMR ভিত্তিত সম্পাদন কৰা এই পৰীক্ষাৰ প্ৰশ্নকাকত আতি উন্নত মান-দন্দ হয়।
⇒ ছাত্ৰ-ছাত্ৰীসকলে বিদ্য়াথী APPৰ জৰিয়তে বিগত দুই বৃছৰৰ প্ৰশ্নকাকত লাভ কৰিব পাৰিব।
⇒ লিখিত পৰীক্ষা অহা ডিচেম্বৰ / জানুৱাৰী মাহত অনুষ্ঠিত হব।

⇒ প্ৰশ্নকাকত কেৱল অসমীয়া আৰু ইংৰাজী মাধ্যমত উপলব্ধ হব। OMR ইংৰাজী মাধ্যমতে থাকিব।

দুই ভাগত বিভক্ত এই পৰীক্ষাৰ সূচী এনে ধৰনৰ হব –

প্ৰশ্নকাকত নং পৰীক্ষাৰ বিষয় মুঠ নম্বৰ
প্ৰথম প্ৰশ্নকাকত Mental Ability Test (MAT) ৯০ নম্বৰ
দ্বিতীয় Scholastic Aptitude Test (SAT) ৯০ নম্বৰ
See also  ঈশান উদয় স্কুলাশ্বিপৰ অনলাইন আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া

বৃত্তি পৰীক্ষা আসনৰ সংখ্যা আৰু সংৰক্ষণঃ

  • অসম প্ৰদেশৰ মুঠ আসনৰ সংখা ২৪১১
  • ইয়াৰে ১৫% আসন অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত।
  • ৭.৫% আসন অনুসূচীত জাতিৰ বাবে সংৰক্ষিত।
  • ৪% আসন অন্য ভাবে সক্ষম ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে সংৰক্ষিত।

প্ৰতি খন প্ৰশ্নকাকত উন্তীৰ্ণৰ বাবে প্ৰয়োজনীয়  নম্বৰ এনে ধৰনৰ –

  • সাধৰণ শ্ৰেণী: ৪০%,
  • অনুসূচীত জনজাতি – ৩২%,
  • অনুসূচীত জাতি- ৩২%,
  • অন্য ভাবে সক্ষম – ৩২%

বৃত্তি পৰীক্ষা আবেদনৰ তাৰিখ

⇒ আবেদনৰ প্ৰক্ৰিয়া ১ অক্টোবৰৰ পৰা উপলব্ধ হব।
⇒ আবেদনৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰৰ ২০২১।

বৃত্তি পৰীক্ষা আবেদনৰ মাচুল

⇒ সাধৰণ শ্ৰেণী আৰু অন্যান পিছ পৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০০ টকা।
⇒ অনুসূচীত জাতি আৰু জনজাতি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১৮০ টকা।
⇒ অন্য ভাবে সক্ষম ছাত্ৰ-ছাত্ৰীসকলকৰ বাবে ১৭৫ টকা।
⇒ আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ মাচুল প্ৰ-পত্ৰ পুৰণৰ সময়তে অনলাইন  যোগে পৰিশোধ কৰিব পাৰিব।

বৃত্তি পৰীক্ষাৰ আবেদন কেনেকৈ কৰিব লাগিবঃ
⇒ Play Storeত গৈ বিদ্যাৰ্থী (Bidyarthi App) ডাউনলোড কৰি তাৰ যোগেদি অতি সহজে আবেদন কৰিব পাৰিব।
⇒ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবচাইট www.madhyamik.assam.gov.in দ্বাৰাও online যোগে আবেদন কৰিব পাৰিব।

ই-এডমিত কাৰ্ডঃ
⇒ ই-এডমিত কাৰ্ড ’বিদ্যাৰ্থী’ App আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবচাইট যোগে উপলব্ধ হব।

পৰীক্ষাৰ ফলাফলঃ
⇒ পৰীক্ষাৰ ফলাফলসমূহ ২০২২বৰ্ষৰ জানুৱাৰী মাহৰ ভিতৰত ’বিদ্যাৰ্থী’ App আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবচাইট যোগে লাভ কৰিব পাৰিব।

পৰীক্ষা কেন্দ্রঃ
অসমৰ প্ৰতিখন জিলাৰ সদৰ, মহকুমা আৰু অন্যান্য স্থানত ৮১ টা পৰীক্ষা কেন্দ্র ২০২১-২২ বৰ্ষৰ বাবে ধার্য কৰা হৈছে।

বৃত্তি পৰীক্ষা আবেদনৰ গুৰুত্বপূৰ্ণ লিংকঃ

অধিসূচনা ডাউনলোড কৰিবৰ বাবে অষ্টম শ্ৰেণী || দশম শ্ৰেণী
 আবেদনৰ বাবে (দশম শ্ৰেণী) ইয়াত ক্লিক কৰক
আবেদনৰ বাবে (অষ্টম শ্ৰেণী) ইয়াত ক্লিক কৰক
প্ৰতিষ্ঠানৰ মুৰব্বীৰ ঘোষণা
ইয়াত ক্লিক কৰক
অসম ৱেব
ইয়াত ক্লিক কৰক
See also  ঈশান উদয় স্কুলাশ্বিপৰ অনলাইন আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া

Leave a Comment