বৰগীত
আলাে ভাই চল আইস যাই বৃন্দাবনে
ৰাগ – ভাটিয়ালী
ধ্ৰুং– আলাে ভাই চল আইস যাই বৃন্দাবনে।
দেখো গৈয়া আনন্দ নয়নে।।
পদ – সকল বিৰিন্দাবন ছানি।
জয় জয় ৰামকৃষ্ণ ধ্বনি।।
সুৰভি তেজয় হাম্বা ৰাৱে।
বিনােদ মিলিছে ঠাৱে ঠাৱে।।
ৰঙ্গে বায় শিঙ্গা শঙ্খ বেণু।
নাচে হাসে গাৱে চাৰে ধেনু।।
যি ৰস মিলিছে বৃন্দাবনে।
এ সুখ নাহিকে ত্রিভুৱনে।।
ৰাম কৃষ্ণ নােহন্ত মানুষ।
আৰা দুই পৰম পুৰুষ।।
ব্ৰজেৰ প্ৰজাৰ ভাগ্য বৰে।
কহয় মাধৱ ওহি দৰে।।