আলাে ভাই গােকুলে আনন্দ জয় জয় – বৰগীত

বৰগীত

আলাে ভাই গােকুলে আনন্দ জয় জয়

ৰাগ – ভাটিয়ালী

ধ্ৰুং– আলাে ভাই, গােকুলে আনন্দ জয় জয়।

মিলিছে পৰম মহােদয়।।

পদ– যিটো নিগমৰ গুপ্ত বিত্ত।

হেন হৰি গােকুলে বিদিত।।

শুনিতে কৌতুক অনুপাম।

ব্রহ্মৰ বৰণ ঘনশ্যাম।।

পৰামাত্মা যিটো লক্ষীপতি।

হুয়া আছে গােপৰ সঙ্গতি।।

মিলিছে বৈকুণ্ঠ মহােৎসৱ।

সদায়ে আনন্দ হৰি-ৰৱ।।

গােকুলেৰ ভাগ্যৰ মহিমা।।

কোনে কহি কৰিবেক সীমা।।

কহয় মাধৱ মূঢ়মতি।

হৰি পাদপদ্মে মােৰ গতি।।

লগতে পঢ়ক:   উদ্ধৱ বন্ধু মধুৰিপু প্রাণ হামাৰি – বৰগীত

Leave a Comment