আজু সুপৰভাতে পেখলোঁ মাই – বৰগীত

বৰগীত

আজু সুপৰভাতে পেখলোঁ মাই

ৰাগ ।। কামােদ ।।

ধ্ৰুং– আজু গােপীনাথ পেখলো আখি।

যমুনাতীৰে ফিৰে ধেনু ৰাখি।

পদ– শ্যাম শৰীৰে পীতাম্বৰ শােহে।

লাৱণ্য কোটি মনমথ মােহে।।

সুচান্দ বয়নে ঈষত হাসি।
ৰাগ । আশােৱাৰী

ধ্ৰুং– আজু সুপৰভাতে পেখলোঁ মাই।

নয়নকু আনন্দ কুসুম কানাই।।

পদ- নৱ ঘনশ্যাম পীতাম্বৰ জ্যোতি।

কৌস্তুভ কণ্ঠে হাৰ গজমতি।।

শাৰদ চান্দ কৌটি বয়ন বিকাশে।

মদন চাপ জিনি ভ্ৰূৱ পৰকাশে।।

চান্দ জ্যোতি জিনি তিলক কপােলে।

কুণ্ডল জলমল অলকা বিলােলে।।

উতপল ৰাতা নয়ন যুগ শােহে।

ঈষত হাসি ৰসে জগজন মােহে।।

সুৱলিত চান্দ ময়ূৰপুচ্ছ শিৰে ৷

গঞ্জয় গজৰাজ গমন গম্ভীৰে।।।

ৰতন মঞ্জীৰ দোহো ঝুৰয় পাৱে।

নন্দনন্দন গতি মাধৱ গাৱে।।
নয়ন ৰাতা উতপল পাসি।।

কপােলে চন্দন তিলক সাজে।

শােভন অলকা পান্তি বিৰাজে।।

মাথে জলমল ময়ূৰ চূড়া৷

কুসুমে ৰঞ্জয় মােহন জুড়া।।

কদম্ব কুসুম শ্ৰৱণ মূলে।

কম্বু কণ্ঠে মণি কৌস্তভ লুলে।।

গলে গুঞ্জামণি মুকুতা মালা।

কনক ভূষণে ভূষিত কালা।।

গােপদ-ৰেণু বিৰাজিত অঙ্গে।

বেণু বজাৱত অঙ্গ ত্রিভঙ্গে।।

সুস্বৰ উচ্চায়া পঞ্চম গাৱে।

বঙ্কিম নয়নে ভ্ৰূৱ দুলাৱে।।

নৱীন পীত ধটি কটি মাজে।

কনক মেখলা কিঙ্কিণী বাজে।।

নূপূৰ বাজে পদ অৰৱিন্দে।

কহয় মাধৱ গতি গােৱিন্দে।।

See also  কমনে ৰময়া মন বিছুৰি ৰহু - বৰগীত

Leave a Comment