আজু গােপীনাথ পেখলোঁ আঁখি – বৰগীত

 বৰগীত

আজু গােপীনাথ পেখলোঁ আঁখি

ৰাগ – কামােদ

ধ্ৰুং– আজু গােপীনাথ পেখলো আখি।

যমুনাতীৰে ফিৰে ধেনু ৰাখি।

পদ– শ্যাম শৰীৰে পীতাম্বৰ শােহে।

লাৱণ্য কোটি মনমথ মােহে।।

সুচান্দ বয়নে ঈষত হাসি।

নয়ন ৰাতা উতপল পাসি।।

কপােলে চন্দন তিলক সাজে।

শােভন অলকা পান্তি বিৰাজে।।

মাথে জলমল ময়ূৰ চূড়া৷

কুসুমে ৰঞ্জয় মােহন জুড়া।।

কদম্ব কুসুম শ্ৰৱণ মূলে।

কম্বু কণ্ঠে মণি কৌস্তভ লুলে।।

গলে গুঞ্জামণি মুকুতা মালা।

কনক ভূষণে ভূষিত কালা।।

গােপদ-ৰেণু বিৰাজিত অঙ্গে।

বেণু বজাৱত অঙ্গ ত্রিভঙ্গে।।

সুস্বৰ উচ্চায়া পঞ্চম গাৱে।

বঙ্কিম নয়নে ভ্ৰূৱ দুলাৱে।।

নৱীন পীত ধটি কটি মাজে।

কনক মেখলা কিঙ্কিণী বাজে।।

নূপূৰ বাজে পদ অৰৱিন্দে।

কহয় মাধৱ গতি গােৱিন্দে।।

See also  Gopale Ki Goti Koile Borgeet Lyrics (গােপালে কি গতি কইলে)

Leave a Comment