বৰগীত
কদম্ব তলে সই শ্যাম সাজে
ৰাগ ।। ভাটিয়ালী
ধ্ৰুং – কদম্ব তলে সই শ্যাম সাজে।
বয়ন হেৰি চান্দ সূৰুজ লাজে।।
পদ – নীল কুন্তলে বান্ধিছে জুড়া।
চৌভিতি লুলে ময়ূৰপুচ্ছ চূড়া।।
মালতী মালা চাৰু শােভিত মাথে।
গেণ্ডুৱা লুম্ফি লুম্ফি ধৰয় হাতে।।
বলাইৰ হাতৰ খসি গেণ্ডুৱা পৰে।
হাসিৰ খলখলি অধিকে চৰে।।
পানীৰে যাইতে সই দেখিলো গৈয়া।
কৌতুকে হিন্দোল পাৰে হামাৰ হিয়া।।
অমিয়া ঝুৰে ধাৰে কানাইৰ পাৱে।
কতনা মাধুৰী আছে কালিয়াৰ গাৱে।।
হামাৰ কৰ্মৰ ফলে মিলাইল বিধি।
কহয় মাধৱ হৰি প্রেমেৰ নিধি।।